"যোৱা বছৰ ভাৰতত, মোবাইল পৰিশোধে প্ৰথমবাৰৰ বাবে এটিএমৰ পৰা নগদ ধন উলিওৱাৰ সংখ্যা অতিক্ৰম কৰিছে"
"ডিজিটেল ইণ্ডিয়াৰ অধীনত পৰিৱৰ্তনমূলক পদক্ষেপসমূহে শাসনত প্ৰয়োগ কৰিবলগা উদ্ভাৱনীমূলক ফিনটেক সমাধানৰ বাবে দুৱাৰ মুকলি কৰিছে"
"এতিয়া এই ফিনটেক পদক্ষেপবোৰক ফিনটেক বিপ্লৱলৈ ৰূপান্তৰিত কৰাৰ সময় আহি পৰিছে। এক বিপ্লৱ যি দেশৰ প্ৰতিজন নাগৰিকৰ বিত্তীয় সৱলীকৰণ প্ৰাপ্ত কৰাত সহায় কৰে"
"বিশ্বাসৰ অৰ্থ হৈছে যে আপুনি নিশ্চিত কৰিব লাগিব যে মানুহৰ স্বাৰ্থ সুৰক্ষিত হয়। ফিনটেক সুৰক্ষা উদ্ভাৱন অবিহনে ফিনটেক উদ্ভাৱন অসম্পূৰ্ণ হ'ব"
"আমাৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি সমাধানে সমগ্ৰ বিশ্বৰ নাগৰিকৰ জীৱন উন্নত কৰিব পাৰে"
"গিফ্ট চিটি কেৱল এক আধাৰ নহয়, ই ভাৰতক প্ৰতিনিধিত্ব কৰে। ই ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ, চাহিদা, জনগাঁথনি আৰু বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে। ই ধাৰণা, উদ্ভাৱন আৰু বিনিয়োগৰ প্ৰতি ভাৰতৰ মুক্ততাক প্ৰতিনিধিত্ব কৰে"
"বিত্ত হৈছে এক অৰ্থনীতিৰ জীৱন ৰক্ত আৰু প্ৰযুক্তি হৈছে ইয়াৰ বাহক। অন্ত্যোদয়া প্ৰাপ্ত কৰাৰ বাবে দুয়োটা সমা

মহামহিম,

বিশিষ্ট সতীৰ্থবৃন্দ,

প্ৰযুক্তি আৰু বিত্ত জগতৰ মোৰ দেশবাসী, ৭০খনৰো অধিক দেশৰ পৰা অহা প্ৰতিনিধিসকল,

নমস্কাৰ!

বন্ধুসকল,

‘ইন-ফিনিটী ফ’ৰাম’ৰ উদ্বোধন কৰিবলৈ পাই, আপোনালোক সকলোকে ইয়ালৈ আদৰণি জনাবলৈ পাই মোৰ আনন্দ লাগিছে। ভাৰতত যে ‘ফিন-টেক’ৰ অপাৰ সম্ভাৱনা আছে ‘ইন-ফিনিটী ফ’ৰাম’য়ে সেই কথাকে প্ৰতীয়মান কৰে। ইয়ে এই কথাকো প্ৰতীয়মান কৰে যে সমগ্ৰ পৃথিৱীখনৰে কল্যাণ সাধনৰ ক্ষেত্ৰত ভাৰতৰ ‘ফিন-টেক’ৰ অপাৰ ক্ষমতা আছে।

বন্ধুসকল,

মুদ্ৰাৰ ক্ষেত্ৰত যে দুৰ্বাৰ গতিত ধাৰাবাহিক বিকাশ সম্পাদিত হৈছে সেই কথা ইয়াৰ ইতিহাসে প্ৰকট কৰি আহিছে। মানুহৰ যেনেকৈ ধাৰাবাহিক বিকাশ হৈছে, সেই দৰেই আমাৰ লেন-দেনৰ স্বৰূপৰো বিকাশ সম্পাদিত হৈছে। বস্তুৰ বিনিময়ৰ পৰা ধাতু পৰ্যন্ত, তাৰপিচত নয়া পইচাৰ পৰা নোটলৈ, তাৰপিচত চেকৰ পৰা কাৰ্ডৰ হাত ধৰি আজি আমি এই অৱস্থাত উপনীত হৈছোহি। আগতে বিকাশে সমগ্ৰ পৃথিৱীকে সামৰি ল’বলৈ বহু দশকৰৰ প্ৰয়োজন হৈছিল, পিচে গোলকীকৰণৰ এই যুগত এনে আৰু নহয়। প্ৰযুক্তিয়ে বিত্তীয় জগতখনলৈ বহুত ডাঙৰ পৰিৱৰ্তনৰ ধাৰা প্ৰবাহিত কৰিলে। ভাৰতত বিগত বছৰত প্ৰথমবাৰৰ বাবে মোবাইলৰে কৰা লেন-দেনে ‘এটিএম’ৰ পৰা সংগ্ৰহ কৰা নগদ ধনৰ সীমা অতিক্ৰম কৰিছিল। আক্ষৰিক অৰ্থতে বেংকৰ কোনো শাখা নথকাকৈয়ে সম্পূৰ্ণ ৰূপে ‘ডিজিটেল’ প্ৰযুক্তি সঞ্চালিত বেংক এতিয়া তেনেই বাস্তৱ, আৰু এটা দশকৰো কম সময়তে এয়া তেনেই সাধাৰণ কথা হিচাপেই পৰিগণিত হ’বগৈ।

বন্ধুসকল,

প্ৰযুক্তিক আঁকোৱালি লোৱা কিম্বা ইয়াৰ উদ্ভৱনশীলতাৰ ক্ষেত্ৰত ভাৰতযে কোনো গুণে কম নহয় সেই কথা পৃথিৱীৰ আগত ইতিমধ্যেই সাব্যস্ত কৰি দেখুৱাইছে ভাৰতে। ‘ডিজিটেল ইণ্ডিয়া’ৰ অধীনত গ্ৰহণ কৰা পৰিৱৰ্তনশীল পদক্ষেপসমূহে শাসনব্যৱস্থাত প্ৰয়োগৰ ক্ষেত্ৰত অভিনৱ ‘ফিন-টেক’ সমাধানসমূহৰ বাবে দুৱাৰ মুকলি কৰিছে। প্ৰযুক্তিয়ে বিত্তীয় অন্তৰ্ভুক্তিক গতি প্ৰদান কৰিছে। ২০১৪ চনত ৫০শতাংশতকৈয়ো কম ভাৰতীয়ৰহে বেংক একাউণ্ট আছিল, কিন্তু বেংক একাউণ্টক সকলোৰে বাবে সুলভ কৰি তোলা হ’ল আৰু বিগত সাতোটা বছৰত ৪৩০নিযুত ‘জনধন একাউণ্ট’ খোলা হৈছে। এই পৰ্যন্ত ৬৯০নিযুত ‘ৰূ-পে কাৰ্ড’-ও বিতৰণ কৰা হৈছে। ‘ৰূ-পে কাৰ্ড’ৰ দ্বাৰা বিগত বৰ্ষসমূহত ১.৩ বিলিয়ন লেন-দেন সম্পাদিত হৈছে। ‘ইউপিআই’-ৰ মাধ্যমেৰে বিগত মাহতে প্ৰায় ৪.২ বিলিয়ন টকাৰ লেন-দেন সম্পাদিত হয়।

প্ৰতি মাহত প্ৰায় ৩০০নিযুত বিল ‘জিএছটি প’ৰ্টেল’ত আপলোড কৰা হৈছে।  ১২ মিলিয়ন আমেৰিকান ডলাৰৰো অধিক দেনা প্ৰতিটো মাহতে কেৱল ‘জিএছটি প’ৰ্টেল’ৰ জৰিয়তে কৰা হৈছে। মহামাৰী স্বত্বেও, প্ৰায় ১.৫ নিযুত ৰে’লৰ টিকট প্ৰতিদিনে ‘অনলাইন’ৰে বুক কৰাৰ পৰম্পৰা চলি আছে। যোৱাটো বছৰত ‘ফাষ্টেগ’-য়ে ১.৩ বিলিয়ন বাধাহীন লেন-দেন সম্পাদিত কৰিছিল। ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ৰ সুবাদত সমগ্ৰ দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ঋণদানৰ ব্যৱস্থা সুগম কৰি তোলা হৈছে। ‘ই-ৰূপী’য়ে কোনো ধৰণৰ হৰণ-ভগন নোহোৱাকৈয়ে বিশিষ্ট সেৱাসমূহৰ লক্ষ্য নিৰ্দ্ধাৰিত আপূৰ্তি সম্ভৱ কৰি তুলিছে। এনে আৰু উদাহৰণ মই উল্লেখ কৰি যাব পাৰো, কিন্তু ভাৰতত ‘ফিন-টেক’ৰ সম্ভাৱনা আৰু ক্ষমতাৰ এয়া কেতবোৰ উদাহৰণ মাত্ৰ।

বন্ধুসকল,

বিত্তীয় অন্তৰ্ভুক্তিয়ে ‘ফিন-টেক আন্দোলন’ক গতি প্ৰদান কৰিছে। ‘ফিন-টেক’ চাৰিটা স্তম্ভত আধাৰিত, সেয়া হৈছে: ‘আয়’, ‘বিনিয়োগ’, ‘বীমা’ আৰু ‘প্ৰতিষ্ঠানিক ঋণ’। যেতিয়া আয় বাঢ়ে, তেতিয়া বিনিয়োগ সম্ভৱ হয়। বীমা ‘ক’ভাৰেজ’ৰে ডাঙৰ বিপদকো অতিক্ৰম কৰা আৰু বিনিয়োগ কৰাৰ ক্ষমতা বৃদ্ধি পায়। প্ৰতিষ্ঠানিক ঋণৰে সম্প্ৰসাৰণক গতি প্ৰদান কৰে আৰু আমি ইয়াৰ প্ৰতিটো স্তম্ভকে কামত লগাইছো। যেতিয়া এই চাৰিওটা ঘটকেই একেলগ হ’লেই বিত্তীয় ক্ষেত্ৰখনত হঠাতে বহুত মানুহে কাম কৰিবলৈ আগবাঢ়ি অহা আপোনালোকে দেখিবলৈ পাব। বিস্তৃত বুনিয়াদ ‘ফিন-টেক’ উদ্ভাৱনৰ বাবে উত্তম আধাৰ। ভাৰতত ‘ফিন-টেক উদ্যোগ’ উদ্ভাৱনৰে সংলগ্ন হয় যাতে প্ৰতিগৰাকী ব্যক্তিয়ে বিত্ত আৰু আনুষ্ঠানিক ঋণ প্ৰণালীৰ কাষ চাপিবগৈ পাৰে। এই ‘ফিন-টেক’ পদক্ষেপক ‘ফিন-টেক আন্দোলন’লৈ ৰূপান্তৰিত কৰাৰ এতিয়া সময় সমাগত হৈছে। এনে এটা আন্দোলন যিয়ে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বিত্তীয় সবলীকৰণত সহায় কৰিব।

বন্ধুসকল,

‘ফিন-টেক’ৰ পৰিসৰ বাঢ়ি গৈ থকা কথাটো আমি প্ৰত্যক্ষ কৰিছো, সেয়ে কেতবোৰ বস্তুৰ প্ৰতি বিশেষ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন আছে। ‘ফিন-টেক’ উদ্যোগ বিশাল পৰিসৰত বিস্তাৰিত হৈছে, আৰু বিশাল পৰিসৰৰ অৰ্থ হল যে জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰে ব্যক্তিসকল ইয়াৰ উপভোক্তা হৈছে। জনতাৰ মাজত ‘ফিন-টেক’ৰ গ্ৰহণযোগ্যতা দৰাচলতেই এক অনন্য বিশেষত্ব। এই বিশেষত্ব হৈছে ভৰসা। সাধাৰণ ভাৰতীয়ই ‘ডিজিটেল’ দেনা আৰু এনে প্ৰযুক্তিক আদৰি আমাৰ ‘ফিন-টেক’ ইক’-পদ্ধতিৰ ওপৰত যে বহুত ভৰসা কৰাৰ ইংগিত প্ৰদান কৰিছে। এই ভৰসা এক দায়বদ্ধতা। ভৰসাৰ অৰ্থ হ’ল ৰাইজৰ হিত সুৰক্ষিত কৰাৰ দিহা কৰা। ‘ফিন-টেক’ সুৰক্ষা ‘ফিন-টেক’ সুৰক্ষাৰ উদ্ভাৱন অবিহণে আধাডুখৰীয়া হৈ ৰ’ব।

বন্ধুসকল,

পৃথিৱীৰ সৈতে অভিজ্ঞতা আৰু বিশেষজ্ঞতাৰ ভাগ-বাটোৱাৰা কৰাৰ লগতে পৃথিৱীৰ পৰা শিকাৰ ক্ষেত্ৰত ভাৰতে সদায়ে উতসাহ প্ৰদৰ্শন কৰি আহিছে। আমাৰ ‘ডিজিটেল’ আন্তঃগাঁথনিয়ে সমগ্ৰ পৃথিৱীৰ মানুহৰ জীৱনকে উন্নত কৰিব পাৰিব। ‘ইউপিআই’ আৰু ‘ৰূ-পে’-ৰ দৰে উপকৰণে প্ৰতিখন দেশকে নজিৰবিহীন সুযোগ প্ৰদান কৰে। এনে এক সুযোগ, যি কম ব্যয়সাপেক্ষ আৰু বিশ্বাসযোগ্য বাস্তৱিক সময়ত দেনা পদ্ধতি প্ৰদান কৰাৰ লগতে ‘স্বদেশী কাৰ্ড যোজনা’ তথা ‘নিধি প্ৰেষণ পদ্ধতি’ও প্ৰদান কৰে।

বন্ধুসকল,

‘গিফ্ট-চিটী’ কেৱল এক প্ৰাংগণেই নহয়, বৰঞ্চ সেয়াই ভাৰতক প্ৰতিশ্ৰুতিকো প্ৰতিনিধত্ব কৰে। সেয়াই ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্য, চাহিদা, বিভিন্ন জন-সম্প্ৰদায় আৰু বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে। সেয়াই বিচাৰ, উদ্ভাৱন আৰু বিনিয়োগৰ প্ৰতি ভাৰতৰ মুক্ত মনোভাৱকো প্ৰতিনিধিত্ব কৰে। ‘গিফ্ট চিটী’ত ‘আইএফএছচি’-য়ে এই দৃষ্টিকোণৰে জন্ম লৈছিল যে বিত্ত আৰু প্ৰযুক্তিৰ সংগম ভাৰতৰ আগন্তুক বিকাশৰ এক গুৰুত্বপূৰ্ণ অংগ হ’ব। আমাৰ লক্ষ্য কেৱল ভাৰতকে নহয়, বৰং সমগ্ৰ পৃথিৱীকে উত্তম আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱাসমূহ প্ৰদান কৰা।

বন্ধুসকল,

অৰ্থব্যৱস্থাৰ বাবে বিত্ত জীৱনদায়িনী ৰক্ত আৰু প্ৰযুক্তি তাৰ ধমনী। ‘অন্তোদ্যয়’ আৰু ‘সৰ্বোদ্যয়’ প্ৰাপ্ত কৰাৰ বাবে দয়োটাই সমানে গুৰুত্বপূৰ্ণ। আমাৰ ধ্বজাবাহী ‘ইন-ফিনিটী ফ’ৰাম’ সেই প্ৰয়াসৰ অংশ, যিয়ে এই উদ্যোগৰ অনন্ত ভৱিষ্যতক গঢ়ি তোলাৰ বাবে বিশ্ব ‘ফিন-টেক উদ্যোগ’ৰ সকলো গুৰুত্বপূৰ্ণ অংশীদাৰক একত্ৰিত কৰিব। এই প্ৰসংগত মাইক ব্লুমবাৰ্গ সৈতে হোৱা আমাৰ আলোচনাৰ কথা মোৰ মনলৈ আহিছে, আমি যেতিয়া মিলিত হৈছিলো, মই তেওঁলোকে আগবঢ়োৱা সমৰ্থনৰ বাবে ধন্যবাদ জনাইছিলো। ‘ইন-ফিনিটী ফ’ৰাম’ এক বিশ্বাসৰ মঞ্চ, এনে বিশ্বাস যি উদ্ভাৱনৰ আত্মাৰ প্ৰতি তথা কল্পনা শক্তিৰ প্ৰতি উত্সৰ্গিত। এনে বিশ্বাস, যি যুৱ-প্ৰজন্মৰ উত্সাহৰ প্ৰতি উতসৰ্গিত হোৱাৰ লগতে পৰিৱৰ্তনৰ প্ৰতি উতসৰ্গিত হয়। পৃথিৱীক উত্তম স্থান হিচাপে গঢ়ি তোলাৰ বিশ্বাস। আহক, আমি সকলোৱে মিলি, সমগ্ৰ পৃথিৱীত মূৰ দাঙি উঠিব খোজা জৰুৰী বিষয়সমূহৰ সমাধান কৰাৰ বাবে ‘ফিন-টেক’ত নতুন চিন্তাৰ অন্বেষণ কৰো, ইয়াক আগবঢ়াই নিও।

ধন্যবাদ!     

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress