About 5 crore beneficiaries are getting the benefit ofPMGKAY in the state
Government of India and entire country is standing with Madhya Pradesh during floods and rain: PM
In the strategy for dealing with the Corona crisis, India accorded the highest priority to the poor: PM
Not only more than 80 crore citizens are getting free ration but more than 8 crore poor families got free gas cylinder
30 thousand crore rupees were directly transferred to the Jan-Dhan accounts of more than 20 crore women.
Thousands of crore rupees were transferred to the accounts of laborers and farmer, next instalment day after
In ‘Double-Engine governments’, state governments supplement and improve the schemes of the central government and increase their power: PM
Under the leadership of Shri Shivraj Singh Chouhan, Madhya Pradesh has shed the image of BIMARU state long ago: PM

নমস্তে জী!

মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মোৰ বহুদিনীয়া চিনাকী শ্ৰী মংগুভাই পেটেল, যিগৰাকী ব্যক্তিয়ে নিজৰ সম্পূৰ্ণ জীৱন আদিবাসীসকলৰ কল্যাণৰ বাবে, জনজাতীয় সমাজৰ উত্কৰ্ষ সাধনৰ উদ্দেশ্যে সম্পূৰ্ণ জীৱন উত্সৰ্গা কৰিলে, তেনে এগৰাকী ব্যক্তি মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মান মংগুভাই। মুখ্য মন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, বিধায়ক বন্ধুসকল আৰু মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা ভাই-ভনীসকল!

‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ জৰিয়তে সম্পন্ন হোৱা এই অন্ন বিতৰণৰ কাৰ্যক্ৰমৰ বাবে আপোনালোক আটাইকে অভিনন্দন জ্ঞাপন কৰিছো। প্ৰায় ৫ কোটি হিতাধিকাৰীক আজি মধ্য প্ৰদেশত এই যোজনাৰ দ্বাৰা একেলগে অন্ন যোগানৰ বৃহত্ অভিযান চলি আছে। এই যোজনা নিশ্চয় নতুন নহয়, ক’ৰোনা আৰম্ভ হোৱাৰ পিচত আজিৰ পৰা এক-ডেৰ বছৰ আগতে দেশৰ ৮০কোটিৰো অধিক দুখীয়া-দৰিদ্ৰৰ ঘৰলৈ বিনামূলীয়াকৈ খোৰাকী প্ৰেৰণৰ বাবে এই আঁচনিৰ সূচনা কৰা হৈছিল। পিচে, দুখীয়া-দৰিদ্ৰসকলৰ মাজলৈ গৈ তেওঁলোকৰ মনৰ খবৰ লোৱাৰ সুযোগ মই কেতিয়াও পোৱা নাই। আজি মধ্য প্ৰদাশ চৰকাৰে মোক আপোনালোকক দৰ্শন কৰাৰ বাবে এক সুযোগ প্ৰদান কৰিছে। আজি মই দূৰৰ পৰাই হ’লেও মোৰ দুখীয়া ভাই-ভনীসকলক চাব পাৰিছো, তেওঁলোকৰ আশীৰ্বাদ পোৱাৰ সুবিধা পাইছো আৰু তাৰ কাৰণে মই দুখীয়া-দৰিদ্ৰজনৰ বাবে কিবা নহয় কৰি থকাৰ বাবে মনত শক্তি উপলব্ধি কৰিব পাৰিছো। আপোনালোকৰ আশীৰ্বাদৰে মই মনত শক্তি লাভ কৰো আৰু সেয়ে কাৰ্যক্ৰমতো এনেই এক-ডেৰ বছৰ ধৰি চলি আছে, কিন্তু আজিহে আপোনালোকৰ দৰ্শনৰ বাবে মই অহাৰ সুযোগ পালো। এতিয়া মই আমাৰ মধ্য প্ৰদেশৰ কেইগৰাকীমান ভাই-ভনীৰে কথা-বতৰা পাতি আছিলো। মই সুধিছিলো এই সংকটকালত তেওঁলোকে যে চৰকাৰৰ পৰা বিনামূলীয়াকৈ খাদ্য সামগ্ৰী লাভ কৰিছে সেয়াই প্ৰতিটো পৰিয়ালৰ বাবে বহুত সকাহ দান কৰা নাইনে? তেওঁলোকৰ কথাত মই একধৰণৰ সন্তুষ্টি প্ৰত্যক্ষ কৰিছিলো, এক ধৰণৰ বিশ্বাসৰ ভাব দেখিবলৈ পাইছিলো। অৱশ্যে, এয়া নিতান্তই দুখজনক হয় যে এতিয়া জীৱন আৰু জীৱিকা নিৰ্বাহ এই দুয়োটা প্ৰক্ৰিয়াই প্ৰভাৱিত হৈছে। সংকটৰ এই মুহূৰ্তত ভাৰত চৰকাৰ আৰু সমগ্ৰ দেশ, মধ্য প্ৰদেশৰ কাষত থিয় দিছেহি। শিৱৰাজ জী আৰু তেওঁৰ গোটেই দলটোৱেও এই সময়ত নিজেই উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ কাৰ্যত উঠি পৰি লাগিছে। ‘এনডিআৰএফ’-য়েই হওক, কেন্দ্ৰীয় বাহিনী অথবা আমাৰ বায়ুসেনাৰ জোৱানে, এইধৰণৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ৰাজ্য চৰকাৰক যি প্ৰয়োজন সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱাই আহিছে।

ভাই-ভনীসকল,

বিপদ যিয়েই নহওক কিয়, তাৰ প্ৰভাৱ কিন্তু নিতান্তই ব্যাপক হয়, সুদূৰ প্ৰসাৰী হয়। ক’ৰোনাৰ ৰূপততো সমগ্ৰ মানৱতাৰ ওপৰত শত বছৰৰ সকলোতকৈ ডাঙৰ দুৰ্যোগে চানি ধৰিছেহি। যোৱাটো বছৰৰ আৰম্ভণীতে যেতিয়া পৃথিৱীৰ কোনো এখন দেশেই এনে পৰিস্থিতি দেখা নাছিল যোৱাটো বছৰৰ আৰম্ভণিতে যেতিয়া ক’ৰোনাৰ সংক্ৰমণ বাঢ়িবলৈ ধৰিছিল, তেতিয়া সমগ্ৰ পৃথিৱীৰে দৃষ্টি তত্ক্ষণিক ভাবে নিজৰ স্বাস্থ্য সা-সুবিধাৰ প্ৰতি নিবদ্ধ হ’বলৈ ধৰিছিল। প্ৰত্যেকেই নিজৰ চিকিত্সা সা-সুবিধাসমূহক শক্তিশালী কৰাত লাগি গৈছিল। কিন্তু ইমান অধিক জনসংখ্যাৰ দেশ হিচাপে আমাৰ ভাৰতৰ বাবে বিশ্বৰ অন্য দেশৰ তুলনাত প্ৰত্যাহ্বান অধিক বুলি ভাবিবই লাগিব, কিয়নো আমাৰ জনসংখ্যা সঁচায়ে বহুত। ক’ৰোনাৰ পৰা বচাৰ লগতে ইয়াৰ নিৰাময়ৰ বাবে আমাৰ চিকিত্সা আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰয়োজন আছিলেই, এই সংকটৰ পৰা জন্ম হোৱা আন সমস্যাৱলীৰ সমাধানো বিচাৰিবলগীয়া হৈছিল। ক’ৰোনাৰ পৰা বাচিবৰ বাবে পৃথিৱী জুৰি কাম-বন বন্ধ কৰি দিবলগীয়া হৈছিল, আহ-যাহত প্ৰতিবন্ধকতা আৰোপ কৰিবলগীয়া হৈছিল। এনেবোৰ উপায় অৱলম্বন কৰিবলৈ গৈ ভাৰতে আৰু অনেক সমস্যাৰ মুখামুখী হবলগীয়াত পৰিছিল। এনে সংকটৰ ক্ষেত্ৰতো ভাৰতে, আমি সকলোৱে একেলগে মিলি কাম কৰিছিলো। আমি কোটি কোটি মানুহলৈ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰি আহিছো, যাতে অনাহাৰে কটোৱাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়। আমাৰ বহু সংখ্য সতীৰ্থ গাঁৱৰ পৰা কাম-কাজ বিচাৰি চহৰলৈ যায়। আমি তেওঁলোকৰ খোৱা-বোৱা, থকা-মেলাৰ সকলো ব্যৱস্থা কৰিবলগীয়া হৈছিল আৰু গাঁৱলৈ ওভতাৰ পিচত তেওঁলোকৰ বাবে উচিত কৰ্ম সংস্থাপন সুনিশ্চিত কৰিবলগীয়া হৈছিল। এই সকলো সমস্যা একে সময়তে হিন্দুস্থানৰ সকলো প্ৰান্ততে আমি সন্মুখীন হ’বলগীয়া হৈছিল যিয়ে পৃথিৱীৰ অন্য প্ৰান্তৰ তুলনাত ভাৰতৰ যুঁজক আৰু ভাৰতৰ সন্মুখত জন্ম হোৱা প্ৰত্যাহ্বানক বহু গুণে অধিক প্ৰত্যাহ্বানপূৰ্ণ কৰি তুলিছিল।

কিন্তু বন্ধুসকল,

প্ৰত্যাহ্বান যিমানেই ডাঙৰ নহওক কিয়, যেতিয়া দেশে একত্ৰে তাৰ সন্মুখীন হ’বলৈ আগবাঢ়ি যায়, তেতিয়া পথ নিজে নিজেই ওলাই, সমস্যাৰ সমাধানো হৈ যায়। ক’ৰোনাৰ পৰা জন্ম হোৱা সংকট নিৰ্মূলৰ বাবে ভাৰতে গ্ৰহণ কৰা ৰণনীতিত দুখীয়াসকল সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰিছিল। ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ই হওক অথবা ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ ৰোজগা’ৰ যোজনাই হওক, প্ৰথমটো দিনৰ পৰাই দুখীয়া আৰু শ্ৰমিকসকলৰ বাবে ভোজন আৰু ৰোজগাৰৰ চিন্তা কৰা হৈছিল। এই সমগ্ৰ কালছোৱাত ৮০কোটিৰো অধিক দেশবাসীক বিনামূলীয়া ৰেচন যোগান ধৰা হৈছে। কেৱল ঘেহু, চাউল আৰু দাইলেই নহয় বৰঞ্চ ‘লকডাউন’ৰ সময়ছোৱাত আমাৰ ৮কোটিৰো অধিক দুখীয়া পৰিয়াললৈ গেছ চিলিণ্ডাৰো বিনামূলীয়াকৈ প্ৰেৰণৰ দিহা কৰা হৈছিল। ৮০কোটি লোকক খাদ্য সামগ্ৰী, ৮কোটি পৰিয়ালক গেছ। কেৱল এয়াই নহয়, প্ৰায় ২০কোটি বাই-ভনীৰ ‘জনধন একাউণ্ট’ত প্ৰায় ৩০হাজাৰ কোটি টকা প্ৰত্যক্ষ ভাবে জমা কৰাৰ ব্যৱস্থা কৰা হৈছিল। শ্ৰমিক আৰু কৃষকসকলৰ বেংক একাউণ্টতো বহু হাজাৰ কোটি টকা জমা কৰাৰ দিহা কৰা হৈছিল। এতিয়া ২দিনৰ পিচতে ৯আগষ্টতো প্ৰায় ১০-১১ কোটি কৃষকৰ পৰিয়ালৰ ‘বেংক একাউণ্ট’ত পুনৰ হাজাৰ কোটি টকা প্ৰত্যক্ষ ভাবে জমা কৰাৰ ব্যৱস্থা কৰা হ’ব।

বন্ধুসকল,

এই সকলো ব্যৱস্থাৱলীৰ লগতে ভাৰতে ‘মে’ড ইন ইণ্ডিয়া’ প্ৰতিষেধকৰ ওপৰতে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। সেই কাৰণেই আজি ভাৰতৰ হাতত নিজে প্ৰস্তুত কৰা প্ৰতিষেধক আছে। এই প্ৰতিষেধক প্ৰভাৱশালীতো হয়েই, সুৰক্ষিতও হয়। কালি মাত্ৰ ভাৰতে ৫০কোটি পালি প্ৰতিষেধক প্ৰদান কৰি অতিকে গুৰুত্বপূৰ্ণ এক লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। পৃথিৱীত এনে বহুত দেশ আছে, যাৰ সৰ্বমুঠ জনসংখ্যাতকৈয়ো অধিক পালি প্ৰতিষেধক ভাৰতে এটা সপ্তাহতে প্ৰদান কৰি আছে। এয়াই নতুন ভাৰতৰ, আত্মনিৰ্ভৰ হোৱা ভাৰতৰ নতুন সামৰ্থ্য হয়। কেতিয়াবা আমি পৃথিৱীতকৈ পিচুৱাই যাবলগীয়া হৈছিল। কিন্তু আজি আমি পৃথিৱীতকৈ কেবা খোজো আগত আছো। আহিবলগীয়া দিনবোৰত টীকীকৰণৰ এই গতি আমি আৰু অধিক দ্ৰুত কৰিব লাগিব।

বন্ধুসকল,

ক’ৰোনাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে ভাৰতে আজি যিমানবোৰ মঞ্চত একেলগে মোকাবিলা কৰিবলগীয়া হৈছে সেয়াই আমাৰ দেশৰ সামৰ্থ্যকে প্ৰতিবিম্বিত কৰে। আজি বেলেগ ৰাজ্যত কাম কৰি থকা শ্ৰমিকসকলৰ সুবিধাৰ বাবে ‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’ৰ সুবিধা প্ৰদান কৰা হৈছে। বৃহত চহৰসমূহত শ্ৰমিকসকল যাতে জুপুৰীত বসবাস কৰিবলগীয়া নহয়, ইয়াৰ বাবে উচিত ভাড়াৰ যোজনা বলবত্ কৰা হৈছে। আমাৰ ৰিক্সা-থেলা চলোৱা ভাই-ভনীসকল, আমাৰ এইসকল মিত্ৰই যাতে কাম-কাজ পুনৰাই কৰিব পাৰে, তাৰবাবে ‘পিএম স্বনিধি’ৰ জৰিয়তে তেওঁলোকক বেংকৰ পৰা সস্তা আৰু সহজ ঋণ উপলব্ধ কৰোৱাৰ দিহা কৰা হৈছে। আমাৰ ‘কনষ্ট্ৰাকশ্যন ছেক্টৰ’, ‘ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰ’, ৰোজগাৰৰ এক বহু ডাঙৰ মাধ্যম। সেয়ে সম্পূৰ্ণ দেশত আন্তঃগাঁথনিৰ প্ৰকল্পৰ ক্ষেত্ৰত নিৰন্তৰ দ্ৰুত গতিত কাম চলি আছে। জীৱিকাৰ ওপৰত পৃথিৱী জুৰি অহা এই সকংটৰ সময়ত ভাৰতে যাতে যিমান পাৰি কম লোকচানৰ সন্মুখীন হ’ব পাৰে সেই কথা সুনিশ্চিত কৰা হৈছে। ইয়াৰ বাবে বিগত বছৰটোত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু সেই প্ৰয়াস অব্যাহত ৰখা হৈছে। ক্ষুদ্ৰ, লঘূ আৰু সৰু উদ্যোগ স্থাপন কৰাৰ কাম অব্যাহত ৰখাৰ বাবে লাখ কোটি টকাৰ সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। কৃষি আৰু ইয়াৰ সৈতে জড়িত সকলো যাতে কাম-কাজ সুচাৰুৰূপে চৰকাৰে এই কথাৰ প্ৰতিও লক্ষ্য ৰাখিছে। ইয়াৰ বাবে কৃষকসকললৈ সহযোগিতা আগবঢ়োৱাৰ বাবে নতুন নতুন সমাধান সূত্ৰ আৱিষ্কাৰ কৰক। মধ্য প্ৰদেসেও এই ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰিছে। মধ্য প্ৰদেশৰ কৃষকসকেও অভিলেখ পৰিমাণৰ উত্পাদন কৰিছে, সেইদৰে চৰকাৰেও অভিলেখ পৰিমাণত ‘এমএছপি’-ৰ বিপৰীতে ক্ৰয়ো নিশ্চিত কৰিছে। মধ্য প্ৰদেশে নিজৰ ১৭ লাখৰো অধিক খেতিয়কৰ পৰা ঘেহু ক্ৰয় কৰাৰ বিপৰীতে তেওঁলোকলৈ প্ৰত্যক্ষ ভাবে ২৫ হাজাৰ কোটিৰো অধিক টকা প্ৰেৰণ কৰিছে।

ভাই-ভনীসকল,

‘ডবল ইঞ্জিন’ চৰকাৰৰ সকলোতকৈ লাভ এয়াই। কেন্দ্ৰীয় চৰকাৰৰ যোজনাসমূহক ৰাজ্য চৰকাৰে আৰু প্ৰয়াস প্ৰদান কৰাৰ ফলত সেইসমূহৰ শক্তি আৰু বাঢ়ি যায়। মধ্য প্ৰদেশত যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ হওক, স্বাস্থ্য আন্তঃগাঁথনি নিৰ্মাণ হওক, ডিজিটেল আন্ত-গাঁথনি নিৰ্মাণ হওক, ৰে’ল-পথ সংযোগেই হওক সকলোতে গতি ত্বৰান্বিত কৰাৰ বাবে কাম কৰি থকা হৈছে। শিৱৰাজ জীৰ নেতৃত্বত মধ্য প্ৰদেশে নিশকতীয়া ৰাজ্যৰ পৰিচিতিক বহুদিন আগতেই পিচ পেলাই থৈ আহিছে। নহ’লে মোৰ মনত আছে ‘এমপি’-ৰ পথসমূহৰ অৱস্থা এটা সময়ত কি আছিল। ইয়াৰ পৰা কিমান ডাঙৰ ডাঙৰ কেলেংকাৰীৰ খবৰ আহি থাকিছিল।  আজি ‘এমপি’ৰ চহৰ স্বচ্ছতা আৰু বিকাশৰ নতুন নিদৰ্শন হিচাপে পৰিগণিত হৈছে।

ভাই-ভনীসকল,

আজি যদি চৰকাৰৰ আঁচনিসমূহ দ্ৰুতগতিত বাস্তৱায়িত হৈছে, ৰূপায়িত হৈছে, তেন্তে ইয়াৰ নেপথ্যত চৰকাৰৰ কাম-কাজলৈ অহা পৰিৱৰ্তনে কাম কৰিছে। পূৰ্বৰ চৰকাৰী ব্যৱস্থাত এক বিকৃতি আছিল। তেওঁলোকে গৰীবসকলৰ সম্পৰ্কত প্ৰশ্নও নিজেই কৰিছিল আৰু উত্তৰো নিজেই দিছিল। যিসকলক লাভান্বিত কৰাৰ প্ৰয়োজন আছিল, তেওঁলোকৰ বিষয়ে আগতে চিন্তাই কৰা হোৱা নাছিল। কিমান মানুহে ভাবিছিল, দুখীয়া-দৰিদ্ৰক পথ-ঘাটৰনো কি প্ৰয়োজন, তেওঁলোককতো প্ৰথমে ভাত-ৰুটীৰহে প্ৰয়োজন। কিমান মনুহেতো এয়াও কৈছিল যে দুখীয়সকলকনো গেছৰ কি প্ৰয়োজন, আহাৰতো খৰিৰে জুহালতো ৰান্ধিব পাৰি। এনে এক চিন্তাও আছিল যে যাৰ হাতত জমা ৰাখিবলৈ পইচাই নাই, তেওঁলোকেনো বেংক একাউণ্টৰে কৰিব কি! বেংক একাউণ্টৰ পিচতনো লাগি আছে কিয়! দুখীয়াক ঋণ দিবলৈ ওলাইছা যে তেওঁলোকেনো ঋণ ঘূৰাব কেনেকৈ? দশক জুৰি এনেবোৰ প্ৰশ্ন নাগৰিকসকলক সা-সুবিধাৰ পৰা নিলগত ৰাখিছিল। এয়া এক প্ৰকাৰে একোকে নকৰি থকাৰ ডাঙৰ অজুহাত হৈ উঠিছিল। না দুখীয়াই পথ-ঘাটৰ সুবিধা লাভ কৰিছিল, না দুখীয়াই গেছ লাভ কৰিছিল, না বিজুলী, না দুখীয়াই থাকিবলৈ পকা ঘৰ পাইছিল, না বেংক একাউণ্ট খুলিব পাৰিছিল, না পানী পাইছিল দুখীয়াই। পৰিণাম এনে হৈছিল যে দুখীয়া-দৰিদ্ৰসকলে বুনিয়াদী সা-সুবিধাসমূহৰ পৰা দশক ধৰি বঞ্চিত হৈ থাকিবলগীয়া হ’ল আৰু  সৰু সৰু প্ৰয়োজনীয়তাসমূহৰ বাবেও দিনটো ধৰি প্ৰচণ্ড পৰিশ্ৰম কৰিবলগীয়াত পৰিব লগা হৈছিল, এতিয়া এইবোৰ আমি কি বুলি ক’ম কওকচোন? মুখৰেতো দিনটোত ১০০বাৰ দুখীয়া শব্দ আওৰাই, দৰিদ্ৰৰ গান গাই থাকে, দুখীয়াজনৰ গীত জোৰে। কিন্তু আচৰণ এনে আছিল, এনে বস্তুক আমাৰ দেশত ‘পাষণ্ড’ বুলি কোৱা হয়, ‘পাষণ্ড’! এওঁলোকেতো সুবিধা নিদিছিলেই কিন্তু দুখীয়াজনক ভুৱা সহানুভূতি নিশ্চিত ভাবেই প্ৰদৰ্শন কৰিছিল। কিন্তু মাটিৰ মানুহ আমিবোৰে, যিসকল আপোনালোকৰ মাজৰ পৰা আহিছো, আপোনালোকৰ সুখ-দুখক তেনেই কাষৰ পৰা অনুভৱ কৰিছো, আমি আপোনালোকৰ মাজৰ পৰাই আহিছো আৰু সেয়ে আমি আপোনালোকৰ দৰে মানুহৰ কাম কৰাৰ পদ্ধতি বেলেগকৈ ৰাখিছো। আমিতো এনেয়ো ব্যৱস্থাসমূহৰ আতিশয্য সহন কৰি কৰিয়েই ডাঙৰ হৈছিলো। সেয়ে বিগত বছৰসমূহত দুখীয়-দৰিদ্ৰসকলক শক্তি দিয়াৰ বাবে, প্ৰকৃতাৰ্থত সবলীকৰণৰ বাবে প্ৰয়াস অব্যাহত ৰখা হৈছে। আজি দেশৰ গাঁৱে গাঁৱে যি পথ নিৰ্মাণ কৰি থকা হৈছে, তাৰ জৰিয়তে নতুন ৰোজগাৰ তৈয়াৰ হৈছে, বজাৰ পৰ্যন্ত কৃষকৰ ফচল প্ৰেৰণৰ ব্যৱস্থা সহজ হৈছে, ৰোগ-ব্যাধিৰ পৰিস্থিতিত দুখীয়া-দৰিদ্ৰজনে সঠিক সময়ত হাস্পটাললৈ যাব পৰা হৈছে। দেশত দুখীয়া-দৰিদ্ৰৰ যি জনধন একাউণ্ট খোলা হৈছে, সেই একাউণ্ট খোলাৰ ফলত দুখীয়াসকল বেংকিং ব্যৱস্থাৰে জড়িত হ’ব পাৰিছে। আজি তেওঁলোকে মধ্যভোগী দালালৰ পৰা পৰিত্ৰাণ পাইছে, চৰকাৰী আঁচনিৰ লাভ পোণপতীয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছে, সহজ ঋণৰ সুযোগ পাইছে। পকাঘৰ, বিজুলী, পানী, গেছ আৰু শৌচালয়ৰ সুবিধাই দুখীয়াসকলক সন্মান প্ৰদান কৰিছে, আত্মবিশ্বাস দিছে, অপমান আৰু পীড়াৰ পৰা মুক্তি দিছে। এই দৰেই ‘মুদ্ৰা ঋণ’ৰ পৰা আজি কেৱল কোটি কোটিজনে জীৱিকা নিৰ্বাহ কৰাই নহয়, বৰঞ্চ তেওঁলোকে আনকো জীৱিকাৰ সম্বল দিবলৈ সক্ষম হৈছে।

বন্ধুসকল,

যিসকলে কৈছিল দুখীয়াজনৰ ‘ডিজিটেল ইণ্ডিয়া’ৰ পৰা, সুলভ ডাটাৰ পৰা, ইণ্টাৰনেটৰ পৰা কোনো লাভ-লোকচান নহয়। তেওঁলোকেই আজি ‘ডিজিটেল ইণ্ডিয়া’ৰ শক্তি কিমান সেয়া অনুভৱ কৰি আছে।

ভাই-ভনীসকল,

গাঁও, দুখীয়া, আদিবাসীসকলক সবল কৰ তুলিব পৰা আৰু এক বৃহত্ অভিযান দেশত চলাই থকা হৈছে। এই অভিযানে আমাৰ হস্তশিল্পক, হস্ততাঁতক, কাপোৰৰ আমাৰ কাৰিকৰীক  প্ৰোত্সাহিত কৰিব। এই অভিযান ‘স্থানীয় নিবাসীসকলৰ প্ৰতি সৰৱ হোৱা’ৰ, ‘ভোকেল ফৰ লোকেল’ হোৱাৰ। এই চিন্তাৰেই আজি দেশে ‘ৰাষ্ট্ৰীয় হস্ততাঁত শিল্প দিৱস’- ‘নেশ্যেনল হেণ্ডলুম ডে’’ উদযাপন কৰি আছে আৰু আমি যেতিয়া দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উদযাপন কৰি আছো, ‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ উদযাপন কৰি আছো তেতিয়া ৭ আগষ্টৰ মহত্ব আৰু অধিক হৈ উঠিছে। আজি আমি সকলোৱে মনত ৰখা উচিত আজিৰ এই ৭ আগষ্টতে ১৯০৫চনত ‘স্বদেশী আন্দোলন’ৰ শুভাৰম্ভ হৈছিল। এই ঐতিহাসিক দিনটোৰ পৰাই প্ৰেৰণা লৈ ৭আগষ্টৰ দিনটোক ‘হস্ততাঁত শিল্প দিৱস’ৰ নামত উতসৰ্গা কৰা হৈছে। এয়া গাঁৱে গাঁৱে, আদিবাসী অঞ্চলে অঞ্চলে আমাৰ অদ্ভুত শিল্পী, অদ্ভুত কলাকাৰসকলৰ প্ৰতি সন্মান জনোৱা আৰু নিজৰ উতপাদিত সামগ্ৰীক বিশ্বস্তৰৰ মঞ্চ প্ৰদানৰ দিন।

ভাই-ভনীসকল,

মই এই বুলিও ক’ম যে উত্সৱৰ উতসাহৰ মাজত আমি ক’ৰোনাকো পাহৰি যাব নালাগিব। ক’ৰোনাৰ তৃতীয়টো লহৰ আহিলে আমিয়েই ৰুধিব লাগিব, আৰু ৰুধিবই লাগিব। ইয়াৰ বাবে আমি সকলোৱে মিলি কাম কৰিব লাগিব। মাস্ক, প্ৰতিষেধক আৰু দুগজৰ ব্যৱধান মানি চলাটো খুবেই জৰুৰী। আমি ‘সুস্থ ভাৰত’ৰ সংকল্প গ্ৰহণ কৰিব লাগিব, ‘সমৃদ্ধ ভাৰত’ৰ সংকল্প ল’ব লাগিব। আকৌ এবাৰ পুনৰ আপোনালোক আটাইকে বহুত বহুত শুভ কামনা জনালো। আৰু আজি সমগ্ৰ মধ্য প্ৰদেশত ২৫হাজাৰতকৈয়ো অধিক বিনামূলীয়া ৰেচনৰ দোকানত কোটি কোটি নাগৰিক একত্ৰিত হৈছে, মই তেওঁলোকক প্ৰণাম জনাইছো আৰু মই আশ্বস্ত কৰিব খুজিছো যে সমগ্ৰ মানৱ জাতি, সমগ্ৰ পৃথিৱীয়েই এই সংকটত পতিত হৈছে। ক’ৰোনাই সকলোকে জৰ্জৰিত কৰি ৰাখিছে। আমি সকলোৱে মিলি এই ৰোগৰ পৰা মুক্তি পোৱাৰ পথ উলিয়াম। সকলোকে বচাম, আমি মিলি-জুলি বচাম, সকলো নিয়ম পালন কৰি এই বিজয় সাব্যস্ত কৰিম। আপোনালোক আটাইলৈকে মোৰ শুভকামনা জনায় সামৰিছো। ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Prime Minister’s State Visit to Uzbekistan
August 30, 2026

MoUs and Agreements

Sl. No.

Title

1.

Cultural Exchange Programme between the Government of the Republic of India and the Government of the Republic of Uzbekistan for the years 2026-30.

2.

Letter of Intent between the Ministry of External Affairs of the Republic of India and the Cultural Heritage Agency of the Republic of Uzbekistan for the conservation and restoration of ancient buddhist sites of Fayaz Tepa and KaraTepa located in Termez, Uzbekistan.

3.

Memorandum of Understanding on Cooperation in the field of archival work between the National Archives under the Ministry of Culture of India and the Agency "Uzarchive" under the Ministry of Justice of the Republic of Uzbekistan.

4.

Memorandum of Understanding between the Government of the Republic of India and the Government of the Republic of Uzbekistan on cooperation in the field of Ayurveda and other traditional systems of medicine.

5.

Memorandum of Understanding between the Ministry of Mines of the Republic of India and Ministry of Mining Industry and Geology of the Republic of Uzbekistan on Cooperation in the fields of Geology and Mineral Resources.

6.

Partnership Program on cooperation between the Ministry of Tourism of the Republic of India and the Tourism Committee of the Republic of Uzbekistan in the field of tourism for 2026-28.

7.

Memorandum of Understanding between The Sushma Swaraj Institute of Foreign Service, Ministry of External Affairs, Republic of India and the Diplomatic Academy at the University of World Economy and Diplomacy, Ministry of Foreign Affairs of the Republic of Uzbekistan.

8.

Memorandum of Understanding (MoU) between the Ministry of Finance of the Republic of India and the Ministry of Economy and Finance of the Republic of Uzbekistan for an Economic and Financial Dialogue.

9.

Agreement between the Ministry of Environment and Forest and Climate Change of the Republic of India and National Committee on Ecology and Climate Change of the Republic of Uzbekistan on cooperation in the field of environmental protection.

10.

Memorandum of Understanding between the Government of the Republic of India and the Government of the Republic of Uzbekistan on Cooperation in the Field of Higher Education and Scientific Research.

11.

Cooperation Agreement between the Gujarat state of the Republic of India and the Samarkand region of the Republic of Uzbekistan of establishment of partnership relations.

Announcements

Sl. No.

Title

1.

Elevating the India-Uzbekistan Strategic Partnership to a Comprehensive Strategic Partnership

2.

Grant of USD 1 million for afforestation in the Aral Sea region

3.

 Lal Bahadur Shastri Scholarship for Hindi Language (100 Scholarships)

4.

ICCR Sanskrit Chair at Tashkent State University of Oriental Studies

5.

Commercial Agreement between NPCI International Payments Ltd (NIPL) with National Interbank Processing Centre JSC (NIPC), Uzbekistan to enable UPI Apps of India to scan national QR - UZQR for making merchant payments in Uzbekistan.