"সকলো সম্প্ৰদায়ে সামৰ্থ্য অনুসৰি তেওঁলোকৰ ভূমিকা পালন কৰে আৰু সমাজৰ বাবে তেওঁলোকৰ ভূমিকা পালন কৰাত পাতিদাৰ সম্প্ৰদায়ে কেতিয়াও পিছ পৰি নাথাকে"
প্ৰধানমন্ত্ৰীয়ে কয়, "ষ্টেচু অব ইউনিটীৰ জৰিয়তে ভাৰতে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে"
"খাদ্যৰ অভাৱতকৈ খাদ্যৰ বিষয়ে জ্ঞানৰ অভাৱৰ পৰিণামতহে পুষ্টিহীনতাত ভোগা দেখা যায়"
"গুজৰাটে উদ্যোগ ৪.০ ৰ মানদণ্ড স্পৰ্শ কৰাৰ ক্ষেত্ৰত দেশক নেতৃত্ব দিয়া উচিত, কিয়নো এনে কৰাৰ সামৰ্থ্য আৰু শক্তি আছে ৰাজ্যখনৰ"

নমস্কাৰ

জয় মা অন্নপূৰ্ণা

জয়-জয় মা অন্নপূৰ্ণা

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেন্দ্ৰ ভাই পেটেল আৰু সংসদত মোৰ সতীৰ্থ তথা গুজৰাট ভাজপাৰ অধ্যক্ষ শ্ৰী চি আৰ পাটিল, অন্নপূৰ্ণা ধাম ট্ৰাষ্টৰ অধ্যক্ষ, সংসদত মোৰ সতীৰ্থ নৰহৰি অমীন, অন্য বিষয়াসকল, জনপ্ৰতিনিধিসকল, সমাজৰ জ্যেষ্ঠ সংগী, ভগ্নী আৰু ভাতৃসকল…

মা অন্নপূৰ্ণাৰ এই পৱিত্ৰ ধামত আস্থা, আধ্যাত্ম আৰু সামাজিক দায়িত্বৰে জড়িত বৃহৎ অনুষ্ঠানসমূহৰ সৈতে মোক সংযুক্ত কৰাৰ যি নিৰন্তৰ সুযোগ পাই আছো, মন্দিৰৰ ভূমি পূজনেই হওক, মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাই হওক, হোষ্টেলৰ ভূমি পূজনেই হওক আৰু আজি উদ্ঘাটন হৈ আছে। মাৰ আশীৰ্বাদত প্ৰতিবাৰেই মই কিবা নহয় কিবা প্ৰকাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ পাইছো। আজি শ্ৰী অন্নপূৰ্ণা ধাম ট্ৰাষ্ট, অডালজ কুমাৰ হোষ্টেল আৰু এডুকেশ্যন কমপ্লেক্সৰ উদ্ঘাটনৰ লগতে জন সহায়ক ট্ৰাষ্ট হিৰামণি আৰোগ্য ধামৰ ভূমি পূজনো হৈছে। শিক্ষা, পোষণ আৰু আৰোগ্যৰ ক্ষেত্ৰত সমাজৰ বাবে গুজৰাটৰ স্বভাৱ আছে। যাৰ যিমান শক্তি, প্ৰত্যেক সমাজে কিবা নহয় কিবা সামাজিক দায়িত্ব পালন কৰে আৰু তাত পাটিদাৰ সমাজো কেতিয়াও পিছপৰি নাথাকে। আপোনালোক সকলো সেৱাৰ এই যজ্ঞত মা অন্নপূৰ্ণাৰ আশীৰ্বাদত আৰু অধিক সমৰ্থ হওক, আৰু অধিক সমৰ্পিত হওক আৰু অধিক সেৱাৰ উচ্চতাবিলাক আহৰণ কৰি যাওক। এনেকৈয়ে মা অন্নপূৰ্ণাই আপোনালোকক আশীৰ্বাদ দিয়ক। মোৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত অভিনন্দনো। বহুত বহুত শুভকামনাও।

বন্ধুসকল, সমৃদ্ধি আৰু ধন ধানৰ দেৱী মা অন্নপূৰ্ণাৰ প্ৰতি আমাৰ অগাধ আস্থা আছে। পাটিদাৰ সমাজ তো ধৰিত্ৰী আইৰ সৈতে পোনপটীয়াকৈ সংযুক্ত। মাৰ প্ৰতি এই অগাধ শ্ৰদ্ধাৰ কাৰণেই কেইমাহমানৰ আগতে মা অন্নপূৰ্ণাৰ মূৰ্তিক আমি কানাডাৰ পৰা ওভতাই কাশীলৈ লৈ আহিলো। মাতাৰ এই মূৰ্তিটো কেইবা দশকৰ আগতে কাশীৰ পৰা চুৰ কৰি নি বিদেশ পোৱাইছিল গৈ। নিজৰ সংস্কৃতিৰ এনেকুৱা কেইবা ডজন প্ৰতীক যোৱা সাত-আঠ বছৰত বিদেশৰ পৰা ওভতাই অনা হৈছে।

বন্ধুসকল, আমাৰ সংস্কৃতিত আমাৰ পৰম্পৰাত ভোজন, আৰোগ্য আৰু শিক্ষাৰ ওপৰত সদায়েই বহুত জোৰ দিয়া হৈছে। আজি আপোনালোকে এই তত্বসমূহকে মা অন্নপূৰ্ণা ধামত বিস্তাৰ কৰিছে। এই যি নতুন সুবিধাৰাজি বিকশিত হৈছে, ইয়াত যি আৰোগ্য ধাম হ'বলৈ গৈ আছে, ইয়াৰ ফলত গুজৰাটৰ সাধাৰণ মানুহৰ বহুত বেছি লাভ হ'ব। বিশেষকৈ একে সময়তে বহুত মানুহৰ ডাইলিছিছ আৰু ২৪ ঘণ্টা ব্লাড ছাপ্লাইৰ সুবিধাৰ ফলত অনেক ৰোগীৰ বহুত ডাঙৰ সেৱা হ'ব। কেন্দ্ৰীয় চৰকাৰে জিলা হাস্পতালসমূহত বিনামূলীয়া ডাইলিছিছৰ যি সুবিধা আৰম্ভ কৰিছে, সেই অভিযানক আপোনালোকৰ এই প্ৰয়াসে আৰু শক্তিৰ যোগান ধৰিব। এই সকলো মানৱীয় প্ৰয়াসৰ বাবে, সেৱা ভাবৰ বাবে, সমৰ্পণ ভাবৰ বাবে আপোনালোক সকলো প্ৰশংসাৰ পাত্ৰ। গুজৰাটৰ মানুহৰ ওচৰলৈ যেতিয়াই আহো, তেতিয়াই মোৰ এনে লাগে যেন অলপ কথা গুজৰাটীতো পাতি লোৱা যাওক। কেইবা বছৰৰ পৰা আপোনালোকৰ মাজত আছো। এক প্ৰকাৰে যদি কওঁ, তেন্তে শিক্ষা-দীক্ষা সকলো আপোনালোকেই কৰাইছে আৰু আপোনালোকে যি সংস্কাৰ দিছে, যি শিক্ষা দিছে, ইয়াক লৈ আজি দেশৰ যি দায়বদ্ধতা অৰ্পণ কৰা হৈছে, তাক সম্পূৰ্ণ কৰাতেই লাগি আছো। ইয়াৰ পৰিণাম স্বৰূপেই নৰহৰিৰ বহুত আগ্ৰহ থকা সত্বেও মই সোঁ-শৰীৰে আহিব পৰা নাই। যদি মই সোঁ-শৰীৰে আহিলো হেঁতেন, তেন্তে মই বহুত পুৰণি মহানুভৱৰ সৈতে লগ হোৱাৰ সুযোগ পালো হেঁতেন। সকলোৰে সৈতে আনন্দ লাগিল হেঁতেন, কিন্তু এতিয়া টেকনলজিৰ মাধ্যম লৈ আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ মই এৰিব নোৱাৰো, সেয়ে ইয়াৰ পৰাই আপোনালোক সকলোকে দৰ্শন কৰি আছো। আপোনালোক সকলোকে বন্দনা কৰি আছো।

আমাৰ নৰহৰি ভাতৃৰ যথেষ্ট বিশেষত্ব আছে, তেওঁ মোৰ পুৰণা মিত্ৰ। নৰহৰিভাইৰ বিশেষত্ব হৈছে এইটোৱেই যে তেওঁৰ যি সাৰ্বজনীন জীৱন সেয়া আন্দোলনৰ গৰ্ভৰ পৰা জন্ম। সেয়া নৱনিৰ্মাণ আন্দোলনৰ পৰা জন্ম, কিন্তু আন্দোলনৰ পৰা জন্ম হোৱা জীৱ ৰচনাত্মক প্ৰবৃত্তিৰ সৈতে মিলি যোৱাটো বাস্তৱতে সন্তোষৰ কথা, আনন্দৰ কথা। আৰু নৰহৰিভাই আন্দোলনৰ পৰা ওলোৱা জীৱ, ৰাজনীতিত থাকিও এনেধৰণৰ ৰচনাত্মক কাৰ্য কৰে আৰু মই ভাবো ইয়াৰ যথেষ্ট ডাঙৰ মহত্ব আছে। ঘনশ্যাম ভাইও কো-অপাৰেটিভত সম্পূৰ্ণৰূপে সমৰ্পিত। এয়া এক প্ৰকাৰে ক'বলৈ গ'লে পৰিয়ালৰ সম্পূৰ্ণ সংস্কাৰ এনেকুৱা, যে এনেকৈ কিবা নহয় কিবা ভাল কাম কৰি থাকে। আৰু ইয়াৰ বাবে তেওঁলোকৰ আৰু তেওঁলোকৰ পৰিয়ালৰ লোককো, এতিয়া তো নৰহৰিভাইৰ এটা নতুন প্ৰজন্ম প্ৰস্তুত কৰি আছে, সেয়ে তেওঁকো মোৰ শুভকামনা।

 

আমাৰ মুখ্যমন্ত্ৰী কঠোৰ আৰু কোমল। গুজৰাটে এজন এনেকুৱা নেতৃত্ব লাভ কৰিছে, মোৰ বিশ্বাস আছে যে অহা দিনবোৰত গুজৰাটক নতুন উচ্চতালৈ লৈ যাবৰ বাবে তেওঁৰ আধুনিক বিচাৰধাৰা আৰু আধাৰভূত কামৰ দায়বদ্ধতাৰ সমান্তৰালকৈ বাস্তৱত আমাৰ ৰাজ্যৰ বাবে তেওঁৰ ফালৰ পৰা বহুত ডাঙৰ নেতৃত্ব পাই আছে আৰু আজি তেওঁ যিমান কথা কৈছে আৰু ইয়াত মোৰ অনুমান সকলো লোককে বিশেষকৈ স্বামী নাৰায়ণ সম্প্ৰদায়ৰ ভাতৃসকলক মই আহ্বান জনাওঁ যে য'তেই আমাৰ হৰি ভক্ত আছে, তাত প্ৰাকৃতিক খেতি কৰিবলৈ আমি আগবাঢ়িব লাগে। এই ধৰিত্ৰী আইক বচাবলৈ আমি যিমান সম্ভৱ সিমান চেষ্টা কৰিব লাগে। আপোনালোকে চাব তিনি চাৰি বছৰত তাৰ ফল এনেকৈ দেখিবলৈ পাব, মাতাৰ শক্তি ইমান হ'ব যে আমি সকলো ফুলে-ফলে জাতিস্কাৰ হৈ থাকিম। আৰু ইয়াৰ বাবে আমি সকলোৱেই নিশ্চিতভাৱে কাম কৰিব লাগিব।

 

গুজৰাট দেশৰ বিকাশৰ বাবে আৰু মোৰ মনত আছে মই যেতিয়া কাম কৰিছিলো, তেতিয়া আমাৰ এটা মন্ত্ৰ আছিল যে ভাৰতৰ বিকাশৰ বাবে গুজৰাটৰ বিকাশ। আৰু আমি গুজৰাটৰ বিকাশৰ বাবে এনেধৰণৰ মাপকাঠি স্থাপন কৰিব লাগে। যি গুজৰাটৰ সমৃদ্ধ পৰম্পৰা, সেই সমৃদ্ধ পৰম্পৰাক ভূপেন্দ্ৰ ভাইৰ নেতৃত্বত আমি সকলো লগ হৈ আগবঢ়াই নিম। মই আনন্দিত যে দুই-চাৰি দিনৰ আগতে মোলৈ কোনোবাই ভিডিঅ' পঠিয়াইছিল, য'ত মা অম্বাজীৰ এনেকৈ ভূপেন্দ্ৰ ভাইয়ে কায়াকল্প কৰি আছে, কিয়নো অম্বাজীৰ সৈতে মোৰ বিশেষ সম্পৰ্ক আছে। সেয়ে মোৰ অধিক আনন্দ হয় আৰু গব্বৰৰ তেওঁলোকে যেনেদৰে নতুন কলেবৰ ধাৰণ কৰে, ভূপেন্দ্ৰ ভাইয়ে নিজৰ ভিজনক আৰু সাকাৰ কৰি আছে। আৰু যেনেদৰে মা অম্বাৰ স্থানৰ বিকাশ হৈ আছে, যেনেদৰে ষ্টেচ্যু অফ ইউনিটিৰ দ্বাৰা চৰ্দাৰ চাহাবক গুজৰাটে ইমান ডাঙৰ শ্ৰদ্ধাঞ্জলি দিছে। সমগ্ৰ পৃথিৱীত আজি চৰ্দাৰ চাহাবৰ নাম সকলোতকৈ ওপৰত আছে আৰু স্বাধীনতাৰ ইমান বছৰৰ পিছত হৈছে। আৰু এনেকৈ মোৰ বিশ্বাস আছে যে অম্বাজীত যেতিয়া মই আছিলো তেতিয়া ৫১ শক্তিপীঠৰ কল্পনা কৰিছিল। যদি অম্বাজীলৈ কোনো আহে তেন্তে তাৰ মূল স্বৰূপ আৰু তাৰ মূল ৰচনা কোনো ভক্ত আহিলে, তেন্তে তেওঁৰ ৫১ শক্তিপীঠৰ দৰ্শন কৰাৰ সুযোগ প্ৰাপ্ত হয়। আজি ভূপেন্দ্ৰ ভাইয়ে সেই কাম আগবঢ়াইছে। সম্পূৰ্ণ মান মৰ্যাদাৰে জনসাধাৰণক সমৰ্পিত কৰিলে আৰু তেনেকৈ গব্বৰ, য'ত বহুত কম মানুহ গব্বৰেৰে গৈছিল। আজি গব্বৰকো মা অম্বাৰ স্থানত যিমানেই মহত্ব দি আৰু নিজে তালৈ গৈ যিদৰে মাই গব্বৰৰ দিশত নিজৰ ধ্যান আকৰ্ষণ কৰিছে। তাৰ কাৰণে উত্তৰ গুজৰাটত টুৰিজম বাঢ়িছে। এতিয়া মই দেখিলো যে নড়া বেটত যেনেকৈ হিন্দুস্তানৰ শেষ গাঁও প্ৰয়োগ কৰা হৈছে। ভূপেন্দ্ৰ ভাইৰ নেতৃত্বত সমগ্ৰ উত্তৰ গুজৰাটতো টুৰিজমৰ সম্ভাৱনা বহুত বাঢ়ি গৈছে আৰু আমাৰ সকলোৰে দায়িত্ব আছে যে যিহেতু এনেকৈ সকলো ঠাইৰ বিকাশ হৈ আছে, সেয়ে আমি স্বচ্ছতাৰ দিশত সম্পূৰ্ণ মনোযোগ দিব লাগে আৰু আৰোগ্যৰ কাম হাতত লৈছো, সেয়ে স্বচ্ছতা তাৰ মূলত আছে। তাৰ মূলত আছে পোষণ, আৰু মা অন্নপূৰ্ণা য'ত বিৰাজমান, তাত নিজৰ গুজৰাটত কুপোষণ কেনেকৈ হ'ব পাৰে আৰু কুপোষণত পোষণৰ অভাৱতকৈ বেছি পোষণৰ অজ্ঞানতা ইয়াৰ কাৰণ হয় আৰু এই অজ্ঞানতাৰ কাৰণে গম নাপায় যে শৰীৰক কি বস্তুৰ প্ৰয়োজন, কি খোৱা উচিত? কি বয়সত খোৱা উচিত? শিশুৱে মাকৰ গাখীৰত যি শক্তি লাভ কৰে আৰু অজ্ঞানতাৰ কাৰণে যদি আমি সেই কামৰ পৰা বিমুখ হৈ যাওঁ, তেন্তে সেই শিশুক আমি কেতিয়াও শক্তিশালী কৰি তুলিব নোৱাৰিম। আধাৰভূত উদ্দেশ্যে যিহেতু আমি মাতা অন্নপূৰ্ণাৰ সান্নিধ্যত বহি আছো সেয়ে আমি তেওঁক স্মৰণ কৰিম আৰু মোৰ বিশ্বাস আছে যে এই টাইমিং হলে ৬০০ মানুহক খাদ্য তো দিবই লগতে নৰহৰি জীক আজি এটা নতুন কাম সঁপি আছো যে তাত এটা ভিডিঅ' ৰাখক, আমাৰ ডাইনিং হলত য'ত খাই থাকোতে সকলো লোকে স্ক্ৰীণত ভিডিঅ' চাই থাকিব, যি ভিডিঅ'ত  কেৱল এইটোৱেই দেখুৱাব লাগে যে কি খাব লাগে আৰু কি খাব নালাগে। কি খালে শৰীৰৰ লাভ হ'ব, কোনবিধ তত্ত্ব শৰীৰক লাগে, তাৰ জ্ঞান ভিডিঅ'ত দিব লাগে যাতে খাওঁতে তেওঁলোকৰ মনত পৰে যে মাতাৰ প্ৰসাদৰ সৈতে মই এই জ্ঞান লগত লৈ যাব লাগিব আৰু ঘৰলৈ গৈ তাক মানিব লাগিব। আজি কালিতো এইবিলাক কথা জানিবলৈ মানুহ বৃহৎ সংখ্যাত একত্ৰিত হয়।

 

আপোনাৰ এক নতুন প্ৰকাৰৰ ডাইনিং হল প্ৰসিদ্ধ হৈ যাব আৰু এই মিডিয়াৰ মানুহে যেতিয়া আপোনাৰ এই ভিডিঅ' দেখুৱাব, আপোনাৰ ডাইনিং হল দেখা যাব, আৰু মোৰ বিশ্বাস আছে যে মই আজিলৈকে নৰহৰি ভাইক যিমান পৰামৰ্শ দিছো, আজিলৈকে কোনো পৰামৰ্শৰ অনাদৰ কৰা নাই, সেয়ে এইটোও তেওঁ নিশ্চয় মনত ৰাখিব আৰু আমাৰ ইয়াত তো শাস্ত্ৰত এষাৰ ভাল কথা কৈছে আৰু চাওক আমাৰ পূৰ্বজে কিমান ভাল কাম কৰি গৈছে। তাত কৈছে

দেয়ং ৱৈশজম আৰ্তস্য, পৰিশ্ৰান্তস্য চ আসনম্। তৃষি তশ্যাশ্চ পানী য়ঃ, সুধি তশ্যাশ্চ ভোজনম্।

ইয়াৰ অৰ্থ হৈছে এনেকুৱা যে পীড়িতক ঔষধি, ভাগৰুৱা মানুহক আসন, তৃষ্ণাতুৰ মানুহক পানী আৰু ক্ষুধাৰ্ত মানুহক ভোজন দিয়া দৰকাৰ। এয়া আমাৰ শাস্ত্ৰত কোৱা হৈছে। এই কাম মাতা অন্নপূৰ্ণাৰ সান্নিধ্যত যি কামৰ পৰামৰ্শ দিয়া হৈছিল, আৰম্ভ হৈ আছে আৰু মোৰ বাবে গৌৰৱৰ কথা। আপুনি আৰু সকলো সতীৰ্থই মোৰ কথা শিৰত উঠাই পৰিপূৰ্ণ কৰিছে, সেয়ে মোৰ উৎসাহ আৰু বাঢ়ি গৈছে আৰু সেই দুটা নতুন কথা কোৱাৰো ইচ্ছা হয়। ভোজন, আৰোগ্যৰ সবাতোকৈ প্ৰথম চিড়ি, আৰু সেয়ে পোষণ অভিযান আমি সমগ্ৰ দেশত চলাবলৈ আৰম্ভ কৰি দিছো। মই আজিও কওঁ যে ভোজনৰ অভাৱৰ কাৰণে কুপোষণ আহে, এনেকুৱা নহয়। ভোজনৰ অজ্ঞানতাৰ কাৰণে কুপোষণ অহাৰ সম্ভাৱনা অধিক বাঢ়ি যায়।

 

আজি আপোনালোকে জানে যে যোৱা তিনি বছৰ, দুই আঢ়ৈ বছৰ ধৰি, যেতিয়া এই কৰোণা আহিল তেতিয়াৰ পৰা গুজৰাটত দুখীয়া মানুহ ভোকাতুৰ পেটেৰে থকা নাই। দুখীয়াৰ ঘৰত গধুলী চৌকা নজ্বলিব, এনেকুৱা স্থিতি আমি হ'বলৈ নিদিওঁ। আৰু সমগ্ৰ পৃথিৱীয়ে অনুভৱ কৰিছে যে কেনেকৈ দুই আঢ়ৈ বছৰলৈকে সম্পূৰ্ণ ৮০ কোটি মানুহে বিনামূলীয়াকৈ খাদ্য পাই থাকিল এই কথা পৃথিৱীৰ বাবে আশ্বৰ্যৰ। সমগ্ৰ বিশ্বত যি উত্থান পতনৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, কোনেও কোনো বস্তু পাই থকা নাই, য'ৰ পৰা আমি পেট্ৰল পাই আছো, তেল পাই আছো, ফাৰ্টিলাইজাৰ পাই আছো, সেই সকলো দুৱাৰ বন্ধ হৈ গ'ল।

 

যুদ্ধৰ এনেকুৱা পৰিৱেশ হৈ গ'ল যে সকলোৱে নিজক চম্ভালি বহি আছে। এনে অৱস্থাত এটা নতুন বিপদ পৃথিৱীৰ সন্মুখলৈ আহিল যে অন্নৰ ভাণ্ডাৰ কম হ'বলৈ ধৰে। কালি যেতিয়া মই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰি আছিলো, তেতিয়া তেওঁকো কওঁ যে আমাৰ ইয়াত যদি বিশ্ব বাণিজ্য সংস্থাই আহ্বান জনায় তেন্তে অলপ সকাহ দিয়া হ'ব যে ভাৰতত যি ভাণ্ডাৰ আছে, তাক যদি বাহিৰলৈ পঠিয়াব পাৰি তেন্তে আমি সেয়া কাইলৈকে পঠিয়াবলৈ সাজু। আমি ভাৰতক তো খুৱাইছোৱেই, আমাৰ অন্নপূৰ্ণা মাতাৰ আশীৰ্বাদত আমাৰ দেশৰ কৃষকে যেন আগৰেপৰাই পৃথিৱী চিন্তিত তেনে ভাবত প্ৰস্তুতি কৰিলে। কিন্তু এতিয়া পৃথিৱীৰ আইন কানুনত থকা দৰকাৰ। সেয়ে নাজানো কেতিয়া ডব্লিউ টি অ'ই ইয়াত সংশোধন কৰিব।

 

আপুনি চাওক গুজৰাটৰ শক্তি আৰোগ্যৰ ক্ষেত্ৰত কিমান। সমগ্ৰ পৃথিৱীত যি দ্ৰুতগতিত আমি কৰোণাৰ সন্মুখত ভেকচিনেচনৰ অভিযান চলালো, আৰু মই ভূপেন্দ্ৰ ভাইক এই ক্ষেত্ৰতো অভিনন্দন দিব বিচাৰো যে গুজৰাটত ভেকচিনেচনৰ কাম বহুত দ্ৰুতগতিত কৰিছে। বহুত উত্তম উপায়েৰে কৰিছে আৰু তেনেকৈয়ে গুজৰাটক ৰক্ষা কৰিলে। ইমান ডাঙৰ কাম কৰা বাবে ভূপেন্দ্ৰ ভাই আৰু তেওঁৰ চৰকাৰ অভিনন্দনৰ পাত্ৰ। আৰু এতিয়া তো শিশুৰ বাবেও আমি টীকাকৰণৰ বাবে আগবাঢ়িছো আৰু আমাৰ পাটীদাৰ ভাইসকল বহুবাৰ বিদেশলৈ যাবলগীয়া হৈছে, ডায়মণ্ড থকাসকল যাবলগীয়া হৈছে। গুজৰাটৰ মানুহ বেপাৰ বাণিজ্যৰ বাবে যাবলগীয়া হয়, এনেকুৱাত যদি কোনোবা বাহিৰলৈ যায়, তেওঁক কোনোবাই সোধে যে আপুনি প্ৰিকশ্যন ড'জ ল'লে নে নাই, যিহেতু আমাৰ এনেকুৱা সুবিধা আছে যে এতিয়া আমি যিকোনো হাস্পতাললৈ গৈ ড'জ ল'ব পাৰো আৰু ওলাই যাব পাৰো। চিন্তাৰ কোনো দৰকাৰ নাই। সেয়ে যিয়েই আৱশ্যকতা আছে, তাক সম্পূৰ্ণ কৰিবলৈ আমি প্ৰায় সকলো প্ৰকাৰে চেষ্টা চলাইছো আৰু এতিয়া যি সময়, এই ক্ষেত্ৰত মই সমাজৰ লোকক আহ্বান জনাওঁ যে নিজৰ শিশুৰ দক্ষতা বিকাশৰ বাবে আমি কিমান অগ্ৰাধিকাৰ দিওঁ। আৰু স্কিল ডেভেলপমেন্টো সেই পুৰণি দিনৰ নহয়, এতিয়া এই সময়ত কোনো চাইকেল ৰিপেয়াৰিঙৰ স্কিল ডেভেলপমেন্ট নহয়। এতিয়া পৃথিৱী সলনি হৈছে। যিসময়ত ইণ্ডাষ্ট্ৰী ৪.০ হৈ আছে, সেই সময়ত স্কিল ডেভেলপমেন্টো ইণ্ডাষ্ট্ৰী ৪.০ অনুসৰি হ'ব লাগিব। এতিয়া গুজৰাটৰ ইণ্ডাষ্ট্ৰীয়ে ৪.০ৰ স্কিল ডেভেলপমেন্টৰ বাবে জাঁপ দিব লাগিব আৰু গুজৰাটে এই কাৰ্যত হিন্দুস্তানৰ নেতৃত্ব বহন কৰিব লাগিব। গুজৰাটৰ উদ্যোগ জগতৰ অগ্ৰণী, যি প্ৰফেশ্যনেল, যি এণ্টাৰপ্ৰাইজৰ মানুহ, তেওঁলোকৰ সহজ প্ৰভাৱত গুজৰাট আছে আৰু গুজৰাটে তো অতীত কালত এনেকুৱা কৰি কৈছে। মই আপোনালোকক এটা উদাহৰণ দিওঁ। আমাৰ উপৰিপুৰুষে গুজৰাটত এখন ফাৰ্মাচী কলেজ আৰম্ভ কৰিছিল। তাৰ আজি ৫০-৬০ বছৰ সম্পূৰ্ণ হ'ল। সেই সময়ত নগৰ সেঠ আৰু মহাজনৰ মানুহে হিন্দুস্তানত প্ৰথম ফাৰ্মাচী কলেজ আৰম্ভ কৰিছিল, কিন্তু তেওঁলোকে কলেজ আৰম্ভ কৰিছিল আৰু তাৰ পৰিণাম স্বৰূপে আজি ফাৰ্মাচীৰ ক্ষেত্ৰত পৃথিৱীত গুজৰাটৰ ডংকা বাজি আছে আৰু গুজৰাটৰ ঔষধ বনোৱা কোম্পানীৰ নাম সমগ্ৰ পৃথিৱীত বিয়পি পৰিছে আৰু দুখীয়াই সস্তাত ঔষধ পোৱাৰ চিন্তা আমাৰ মানুহে কৰিবলৈ ধৰিছে। ৫০-৬০ বছৰৰ আগতে এখন ফাৰ্মাচী কলেজ হ'ল আৰু তাৰ ফলত যি বিদ্যাৰ্থীৰ বাবে পৰিৱেশ আৰু ইক'-ছিষ্টেমৰ নিৰ্মাণ হ'ল তাৰ কাৰণে আজি ফাৰ্মাচী উদ্যোগে গুজৰাটক জকমকীয়া কৰি তুলিলে।

 

এনেদৰেই ইণ্ডাষ্ট্ৰী ৪.০, আধুনিক আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ লগতে টেকনলজিযুক্ত আমাৰ যুৱক স্কিল ডেভেলপমেন্টত সাজু হ'লে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে, ইয়াৰ নেতৃত্বও আমি কৰিব পাৰিম আৰু গুজৰাটৰ সামৰ্থ্য আছে যে এই সকলো কাম যথেষ্ট সহজেই কৰিব পাৰিব। এই দিশত আমি যিমান আগবাঢ়িম, সিমান লাভ হ'ব। আজি যেতিয়া আৰোগ্যৰ আলোচনা হৈ আছে, আমি জানো যে যেতিয়া মই আহিছিলো তেতিয়া মোৰ সন্মুখত যথেষ্ট সমস্যা আছিল। কিডনিৰ ৰোগী বাঢ়ি আছিল, ডায়ালিছিছ বাঢ়ি আছিল, আৰু মানুহ পুৱাই ঘৰৰ পৰা ওলাইছিল, ২০০-২৫০ টকাৰ ভাৰা ভৰিছিল, ডাঙৰ হাস্পতাললৈ গৈছিল, যাক সপ্তাহত ডায়ালিছিছ কৰিবলগীয়া হৈছিল, তেওঁ দুমাহত চাঞ্চ পাইছিল, এইবোৰ পৰিস্থিতিৰ বাবে যথেষ্ট চিন্তা হৈছিল। আৰু আমাৰ অপৰ্যাপ্ত সাধনৰ মাজতো আমি এটা অভিযান আৰম্ভ কৰিলো যে হিন্দুস্তানত ডায়ালিছিছৰ সুবিধা উপলব্ধ হওক আৰু সেয়াও বিনামূলীয়া হওক, যাতে যাকেই ডায়ালিছিছৰ দৰকাৰ হয় তেওঁ যাতে ডায়ালিছিছৰ সুবিধা পায় সেই চিন্তা কৰিলো আৰু আজি আমি সফলতাৰে আগবাঢ়ি আছো আৰু এনেধৰণৰ ৰোগীয়ে এই সহায় পাই আছে। আমি বহুত মহত্বৰ কাম কৰিলো, তাৰ আলোচনা যথেষ্ট কম হয়।

 

বাতৰিকাকতত তো মই বেছি দেখা নাই, কিয়নো তেওঁলোকে বাকী সকলো কামৰ মাজত সময় কেতিয়া পায়, কিন্তু আমি এটা বহুত মহত্বৰ কাম কৰিলো, আমি দেশৰ মধ্যম আৰু গৰীব শ্ৰেণীক আমি সবাতোকৈ বেছি লাভ দিছো। এয়া জন ঔষধি কেন্দ্ৰ, যদি কোনো ঘৰত কোনোবা ডাঙৰৰ ডায়াবিটিছ হয় তেতিয়া সেই পৰিয়ালৰ হাজাৰ দুহাজাৰ খৰছ হয়। যদি মধ্যম শ্ৰেণীৰ ব্যক্তিৰ ওপৰত ঔষধৰ খৰছৰ বোজা পৰে তেন্তে তেওঁ বিপদত পৰে যে এইবোৰ কেনেকৈ কৰা যাব, কিন্তু এতিয়া চিন্তা নাই। আমি জন ঔষধি, জন ঔষধি ঔষধত কোনো আপোচ কৰা নাই, তথাপিও যি ঔষধ ১০০ টকাত পোৱা যায় সেই ঔষধ জন ঔষধি কেন্দ্ৰত ১০-১২ বা ১৫ টকাত পোৱা যায়। আমি যিমানেই জন ঔষধি কেন্দ্ৰৰ প্ৰচাৰ কৰিম আৰু আমাৰ মধ্যম শ্ৰেণীৰ মানুহে জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ কিনিবলৈ লাগিব তেওঁলোকৰ যথেষ্ট ৰাহি হ'ব। দুখীয়াই সহায় পাব।  বহুবাৰ এনেকুৱা হয় যে দুখীয়া মানুহে ঔষধ নলয়, তাৰ ফলত তেওঁলোকৰ দুশ্চিন্তা হয়। তেওঁলোকে বিল দিব নোৱাৰে। জন ঔষধিৰ ফলত সাধাৰণ মানুহেও ঔষধ কিনিব পাৰে, নিজৰ শুশ্ৰূষা কৰিব পাৰে, এনেকৈ আমি চিন্তা কৰি আছো।

 

স্বচ্ছতাৰ অভিযানেই হওক, ডায়ালিছিছৰ কামেই হওক, পোষণৰ কামেই হওক বা জন ঔষধিৰ দ্বাৰা সস্তাত ঔষধৰ কথাই হওক, আমি চিন্তা কৰিছো। এতিয়া আমি হৃদয় ৰোগৰ ৰোগীৰ ষ্টেণ্টৰ পইচা কম কৰিবৰ বাবে অভিযান চলাইছো। অপাৰেচনৰ পইচা কম কৰিবলৈ অভিযান চলাইছো। এনেকুৱা বহুত কাম আছে, যাতে সাধাৰণ মানুহৰ কষ্ট নহওক। আৰু সবাতোকৈ ডাঙৰ কাম কৰিছো, আয়ুষ্মান ভাৰত যোজনা। আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে, হিন্দুস্তানৰ সাধাৰণ মানুহক প্ৰতি বছৰে তেওঁলোকৰ পৰিয়ালক ৫ লাখলৈকে ৰোগৰ চিকিৎসাৰ ব্যয় চৰকাৰে দি আছে আৰু মই দেখিছো যে অনেক, য'ত বিশেষকৈ আমাৰ মাতৃসকলৰ যদি গুৰুতৰ ৰোগ হয়, তেন্তে আগতে নিজৰ সন্তানক নকৈছিল, কিয়নো ভাবিছিল যে যদি সন্তানে দুখ পায়, সেয়ে তেওঁলোকে কষ্ট সহি আছিল। যেতিয়া কথা বিষম হয় আৰু অপাৰেচনৰ কথা আহে তেতিয়া মাতৃয়ে কৈছিল যে মই তহঁতক ঋণত পেলাব নোখোজো, এনেয়েও মই কিমান দিন জীয়াই থাকিম, আৰু জীৱনত কষ্ট সহিছিল। এনে অৱস্থাত মাতৃসকলৰ চিন্তা কোনে কৰে। য'ত মা অম্বাৰ ধাম আছে, মা কালীৰ ধাম আছে, য'ত মা খোড়িয়াৰ আছে, মা ঊমিয়া আছে, য'ত মা অন্নপূৰ্ণা আছে, তাত মাৰ চিন্তা কোনে কৰে আৰু আমি নিৰ্ণয় কৰিলো যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে আয়ুষ্মান ভাৰত যোজনাৰে ৫ লাখ টকালৈকে চিকিৎসা ভালৰো ভাল হাস্পতালত কৰাৰ দায়িত্ব চৰকাৰে ল'ব। লাগে তেওঁলোকৰ অপাৰেচন কৰিবলগা হওক, তেওঁলোকৰ কিডনিৰ বেমাৰ হওক, সকলোৰে ব্যয় বহন কৰিব। ইমানেই নহয়, আহমদাবাদতেই হওক আৰু তেওঁ মুম্বাইত যদি বেমাৰত পৰে তেওঁৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে ল'ব। তেওঁৰ অপাৰেচন কৰিবলগীয়া হওক, ইমাৰ্জেঞ্চী চিকিৎসা হওক, ইমানেই নহয়, আহমদাবাদৰ এই লোকজন যদি মুম্বাইলৈ যায় তেন্তে তাত তেওঁ মুনাফা পাব, হায়দৰাবাদলৈ যদি যায় তাতো পাব। এক প্ৰকাৰৰ আৰোগ্যৰ বাবে যিমানেই সুৰক্ষা কৱচ সম্ভৱ, আৰোগ্যৰ ৰক্ষাৰ বাবে যিমান পাৰি, সেই সকলো কামৰ বাবে আমি চেষ্টা চলাই আছো আৰু গুজৰাটৰ তো বিশেষত্ব আছে যে গুজৰাট সদায়েই সকলোৰে লগত আগবঢ়া ৰাজ্য।

 

আমাৰ ইয়াত যেতিয়া কেতিয়াবা আপত্তি আহে আৰু ফুড পেকেট দিবলগীয়া হ'লে চৰকাৰে দৌৰাদৌৰি কম কৰিবলগীয়া হয়। ইয়াত স্বামী নাৰায়ণ সংস্থালৈ এটা ফোন কৰি দিম, সন্তৰাম সংস্থালৈ এটা ফোন কৰি দিম তেন্তে ফটাফট গুজৰাটত ফুড পেকেট আহি পায়। কোনো লঘোনত নাথাকে। এয়া সকলো মাতা অন্নপূৰ্ণাৰ আশীৰ্বাদত হয়। এই আৱশ্যকতা গুজৰাটৰ আৰু ইয়াৰ আধাৰতে আমি গুজৰাটক প্ৰগতিৰ পথত আগবঢ়াই আছো। শিক্ষণৰ বাবে, আৰোগ্যৰ বাবে বহুত ভাল ব্যৱস্থা কৰা হৈছে আৰু আধ্যাত্মৰো চিন্তা কৰি আছো। ত্ৰিবেণী মিলিত হৈছে, সেয়ে মোৰ আপোনালোক সকলোলৈ বহুত শুভকামনা।

 

বহুত বহুত ধন্যবাদ

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to address the 57th Convocation Ceremony of IIT Delhi on 8th August
August 07, 2026
PM to present Institute's Highest Honours to Meritorious Students
PM to inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at Sonipat Campus of IIT Delhi

Prime Minister Shri Narendra Modi will participate in the 57th Convocation Ceremony of the Indian Institute of Technology (IIT) Delhi as the Chief Guest on 8 August 2026 at 11 AM. He will address over 3000 graduating students including 587 Ph.D. scholars who will be conferred their degrees during the ceremony.

Recognizing outstanding academic excellence, Prime Minister will present the Institute's most prestigious honours, including the President's Gold Medal, Director's Gold Medal, Shankar Dayal Sharma Gold Medal, and Perfect Ten Gold Medals to the meritorious students.

Further emphasising India's commitment to advancing cutting-edge research and artificial intelligence, Prime Minister will inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at the Sonipat Campus of IIT Delhi. The state-of-the-art facility is expected to significantly enhance the institute's capabilities in AI, data science, advanced computing, and interdisciplinary research.