A new India is being built, powered by the talented youth: PM Modi
Youth are at the forefront when it comes to making India a startup hub: PM Modi
This decade of the 21st century has brought great fortune for India, most of India's population is below 35 years of age: PM

লক্ষ্ণৌত সমবেত হোৱা মোৰ যুৱ বন্ধুসকলক নমস্কাৰ জনাইছো৷ আপোনালোক সকলোকে, দেশৰ যুৱচামক, ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অভিনন্দন জনাইছো৷ আজিৰ এই দিনটো প্ৰতিজন যুৱ ভাৰতীয়ৰ বাবে অতিশয় প্ৰেৰণাদায়ক দিন, নতুন সংকল্প গ্ৰহণ কৰাৰ দিন৷ আজিৰ দিনটোতেই স্বামী বিবেকানন্দৰ ৰূপত ভাৰতে এনে এক শক্তি লাভ কৰিছিল যিয়ে আজিও আমাৰ দেশক শক্তিশালী কৰি ৰাখিছে৷ এনে শক্তি যি নিৰন্তৰে আমাক প্ৰেৰণা দি থাকে, আমাক আগুৱাই যোৱাৰ পথ প্ৰদৰ্শিত কৰে৷

বন্ধুসকল, স্বামী বিবেকানন্দই ভাৰতৰ যুৱচামক নিজৰ গৌৰৱশালী অতীত আৰু বৈভৱশালী ভৱিষ্যতৰ এক শক্তিশালী ভূমিকাত কল্পনা কৰিছিল৷ বিবেকানন্দই কৈছিল যে সকলো শক্তি তোমালোকৰ ভিতৰত আছে, সেই শক্তিক প্ৰকট কৰা, ইয়াৰ ওপৰত বিশ্বাস ৰাখা যে তুমি কিবা এটা কৰিব পাৰা৷ আত্মবিশ্বাসৰ দ্বাৰা অসম্ভৱ যেন লগা কাম এটাও সম্ভৱ কৰি তোলাৰ এই বাৰ্তা আজিও দেশৰ যুৱচামৰ বাবে সমানেই প্ৰাসংগিক আৰু মই সুখী যে আজি ভাৰতৰ যুৱচামে এই কথা ভালদৰেই অনুধাৱন কৰিব পাৰিছে, আত্মবিশ্বাসেৰে আগবাঢ়িছে৷

আজি উদ্ভাৱন, উষ্মায়ন আৰু ষ্টাৰ্ট-আপৰ নতুন ধাৰাৰ নেতৃত্ব ভাৰতত কোনে দিছে? আপোনালোকেইতো কৰি আছে, আমাৰ দেশৰ যুৱচামে কৰি আছে৷ আজি যদি ভাৰত বিশ্বৰ ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰত শীৰ্ষৰ তিনিখন দেশৰ ভিতৰত নাম উজ্বলাব পাৰিছে, ইয়াৰ অন্তৰালত কাৰ পৰিশ্ৰম আছে? আপোনালোকৰ, আপোনালোকৰ দৰে দেশৰ যুৱচামৰ৷ আজি ভাৰত বিশ্বত ইউনিকৰ্ণ প্ৰস্তুত কৰা এক বিলিয়ন ডলাৰতকৈও অধিক নতুন উদ্যোগ নিৰ্মাণ কৰিব পৰা তৃতীয় বৃহত্তম দেশ হিচাপে পৰিগণিত হৈছে৷ ইয়াৰ অন্তৰালত কাৰ শক্তি আছে? আপোনালোকৰ, আপোনালোকৰ দৰে মোৰ দেশৰ যুৱচামৰ৷

বন্ধুসকল, ২০১৪ চনৰ পূৰ্বে আমাৰ দেশত গড়ে চাৰি হাজাৰ পেটেণ্ট আছিল৷ আজি ইয়াৰ সংখ্যা বৃদ্ধি হৈ ১৫ হাজাৰতকৈও অধিক হৈছে, অৰ্থাৎ প্ৰায় চাৰিগুণ বৃদ্ধি হৈছে৷ ইয়াৰ অন্তৰালত কাৰ পৰিশ্ৰম আছে? বন্ধুসকল, মই পুনৰ দোহাৰিছো, আপোনালোকৰ দৰে যুৱবন্ধুসকলৰ শক্তিৰ ফলতেই এনে হৈছে৷

বন্ধুসকল, ২৬ হাজাৰ নতুন ষ্টাৰ্ট-আপ মুকলি কৰা বিশ্বৰ যিকোনো দেশৰ বাবে এক সপোন৷ এই সপোন আজি ভাৰতত বাস্তৱায়িত হৈছে৷ ইয়াৰ অন্তৰালত আছে ভাৰতৰ যুৱচামৰ শক্তি, তেওঁলোকৰ সপোন৷ আৰু ইয়াতকৈও ডাঙৰ কথা এয়ে যে ভাৰতৰ যুৱচামে নিজৰ সপোনক দেশৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত কৰিছে, দেশৰ আশা-আকাংক্ষাৰ সৈতে জড়িত কৰিছে৷ দেশ নিৰ্মাণৰ কাম মোৰ, মোৰ বাবে আৰু মইয়েই কৰিব লাগিব৷ এই ভাৱনা আজি ভাৰতৰ যুৱচামৰ মানসপটত জিলিকি উঠিছে৷

বন্ধুসকল, আজি দেশৰ যুৱচামে নতুন নতুন এপ সৃষ্টি কৰিছে৷ যাতে জীৱন সৰল হৈ পৰে আৰু দেশবাসীয়েও সকাহ পায়৷ আজি দেশৰ যুৱচামে হেকাথনৰ জৰিয়তে, প্ৰযুক্তিৰ জৰিয়তে দেশৰ সহস্ৰাধিক সমস্যাৰ সমাধান সন্ধান কৰি আছে আৰু সমাধান প্ৰদানো কৰিছে৷ আজি দেশৰ যুৱচামে পৰিৱৰ্তিত কৰ্মৰ প্ৰক্ৰিয়াৰ লগে লগে নতুন নতুন ভেনচাৰ (venture) আৰম্ভ কৰিছে, নিজে কাম কৰিছে, ৰিস্ক (risk) লৈছে, সাহস কৰিছে আৰু আনৰো সহায়ক হৈছে৷

আজি দেশৰ যুৱচামে কোনে যোজনা আৰম্ভ কৰিছে সেয়া চোৱাৰ পৰিৱৰ্তে নিজে নেতৃত্ব লৈ আগবাঢ়িছে৷ মই স্বচ্ছ ভাৰত অভিযানৰ কথা যদি কও, তাৰো নেতৃত্ব আমাৰ যুৱচামে লৈছে৷ আজি দেশৰ যুৱচামে নিজৰ আশে-পাশে, ঘৰ, চহৰ, সমুদ্ৰতটৰ পৰা আৱৰ্জনা-প্লাষ্টিক আঁতৰোৱাৰ কামত অগ্ৰসৰ হৈছে৷

বন্ধুসকল, আজি দেশৰ যুৱচামে নিজৰ সামৰ্থৰ জৰিয়তে নতুন ভাৰতৰ নিৰ্মাণ কৰাৰ দিশত ধাৱমান হৈছে৷ এক এনে নতুন ভাৰত য’ত ইজ অব্ ডুয়িং বিজনেছো থাকিব আৰু ইজ অব্ লিভিঙো থাকিব৷ এক এনে নতুন ভাৰত য’ত ৰঙা লাইটৰ সংস্কৃতি নাথাকিব, য’ত সকলো লোকে সম অধিকাৰ পাব, য’ত মানৱীয়তাই গুৰুত্ব পাব৷ এক এনে নতুন ভাৰত য’ত অৱকাশো থাকিব আৰু তাক উৰোৱাৰ বাবে সমগ্ৰ আকাশো থাকিব৷

বন্ধুসকল, আজি একবিংশ শতিকাৰ এই কালখণ্ডই, একবিংশ শতিকাৰ এই দশকে ভাৰতৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে৷ আমি ভাগ্যশালী যে ভাৰতৰ অধিকতম আবাদীৰ বয়স ৩৫ত কৈ কম৷ আমি এই অৱকাশৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ বাবে বিগত বৰ্ষসমূহত ভাৰতত এনে ধৰণৰ গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, অনেক নীতি প্ৰস্তুত কৰা হৈছে৷ যুৱশক্তিক প্ৰকৃতাৰ্থতেই ৰাষ্ট্ৰশক্তিলৈ ৰূপান্তৰিত কৰাৰ ব্যাপক প্ৰয়াস আজি দেশত দেখিবলৈ পোৱা হৈছে৷ দক্ষতা বিকাশৰ পৰা আৰম্ভ কৰি মুদ্ৰা ঋণলৈ সকলো ক্ষেত্ৰতে যুৱচামক সহায় কৰা হৈছে৷ ষ্টাৰ্ট-আপ ইণ্ডিয়াই হওক বা ফিট ইণ্ডিয়া অভিযানেই হওক অথবা খেলো ইণ্ডিয়াই হওক, সকলো যুৱকেন্দ্ৰিক কৰি তোলা হৈছে৷

বন্ধুসকল, সিদ্ধান্ত গ্ৰহণৰ নেতৃত্বত যুৱচামৰ সক্ৰিয় অংশগ্ৰহণতো আমি গুৰুত্ব প্ৰদান কৰিছো৷ আপোনালোকে বোধহয় শুনিছে যে অলপতে ডিআৰডিঅ’ গৱেষণাৰ সৈতে জড়িত পাঁচটা যুৱ বিজ্ঞানী গৱেষণাগাৰৰ উদঘাটন কৰাৰ সৌভাগ্য মই লাভ কৰিছিলো৷ এই গৱেষণাগাৰত গৱেষণাৰ পৰা আৰম্ভ কৰি ব্যৱস্থাপনালৈ সমগ্ৰ নেতৃত্ব ৩৫ বছৰতকৈও কম বয়সৰ বৈজ্ঞানিকক প্ৰদান কৰা হৈছে৷ আপোনালোকে এনে কথা কেতিয়াও শুনা নাই যে এনে গুৰুত্বপূৰ্ণ গৱেষণাগাৰৰ দায়িত্ব ৩৫ বছৰতকৈও কম বয়সৰ বৈজ্ঞানিকক প্ৰদান কৰা হৈছে৷ কিন্তু এয়াই আমাৰ চিন্তাধাৰা, আমাৰ অভিগমন৷ আমি এই পৰ্যায়ত সকলো ধৰণৰ প্ৰয়োগ পুনৰাবৃত্তি কৰাৰ দিশত নিৰন্তৰে কাম কৰি আছো৷

বন্ধুসকল, যুৱচামৰ ক্ষমতা অদ্ভুত, সমস্যা সমাধানৰ নতুন দিশ ওলোৱাত তেওঁলোক পাকৈত৷ এই যুৱ চিন্তাধাৰাই আমাক এনে নিৰ্ণয় ল’বলৈ অনুপ্ৰাণিত কৰে যিবোৰৰ বিষয়ে ভবাটোও অসম্ভৱ৷ যুৱ চিন্তাধাৰাই আমাক সমস্যাক মোকাবিলা কৰিবলৈ, সেইসমূহ সমাধান কৰিবলৈ অনুপ্ৰাণিত কৰে৷ আজি জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বিলোপন কৰা হৈছে, ৰাম জন্মভূমিৰ শ বছৰ ধৰি চলি অহা বিবাদ মীমাংলা কৰা হৈছে, তিনি তালাকৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছে, নাগৰিকত্ব (সংশোধনী) আইন আজি এক সত্যলৈ ৰূপান্তৰিত হৈছে৷ দেশত কিছুমানে এনেদৰেও ভাবে যে সন্ত্ৰাসবাদীৰ আক্ৰমণত আমি নিশ্চুপ হৈ ৰ’ম৷ এতিয়া আপোনালোকে ছাৰ্জিকেল ষ্ট্ৰাইকো দেখিছে, এয়াৰ ষ্ট্ৰাইকো দেখিছে৷

বন্ধুসকল, আমাৰ চৰকাৰ যুৱচামৰ সৈতে আছে, যুৱ উদ্দীপনা, যুৱ সপোনৰ সৈতে আছে৷ আপোনালোকৰ সফলতাই সশক্ত, সক্ষম আৰু সমৃদ্ধ ভাৰতৰ সংকল্পও পূৰণ কৰিব৷ আৰু আজি এই উপলক্ষে মই আপোনালোকক এটা আহ্বান জনাব বিচাৰিছো৷ আৰু মই এয়া আপোনালোকক এইবাবে কৈছো কিয়নো আপোনালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷ মই আপোনালোকৰ নেতৃত্বত দেশক এয়া সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বিশেষ আগ্ৰহ প্ৰকাশ কৰিছো আৰু বিবেকানন্দ জয়ন্তীত এই সংকল্প আপোনালোকৰ দায়িত্বও হৈ পৰে৷

আপোনালোক সকলোৱে জানে যে ২০২২ চনত আমাৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ পূৰণ হ’ব৷ দেশৰ স্বাধীনতাকামী লোকসকলে সমৃদ্ধ ভাৰতৰ সপোন ৰচিছিল আৰু নিজৰ যৌৱন দেশৰ বাবে আহুতি দিছিল৷ সেই মহাপুৰুষসকলৰ সপোন পূৰণৰ বাবে অনেক প্ৰকাৰৰ কাম আমি কৰিব লাগিব৷ তাৰে ভিতৰত এটা কামৰ বাবে মই আজি আপোনালোকক আহ্বান জনাইছো, যুৱচামক আহ্বান জনাইছো, আপোনালোকৰ জৰিয়তে সমগ্ৰ দেশত এক জন আন্দোলনৰ আশা কৰিছো৷ আমি ২০২২ চনলৈ, বাকীখিনি পিছত দেখা যাব, ২০২২ চনলৈ যিমান সম্ভৱ সিমান স্থানীয় সামগ্ৰী ক্ৰয় কৰিব পাৰোনে? এনে কামৰ জৰিয়তে আপোনালোকে অজানিতে বহু যুৱ সহযোগীক সহায় কৰিব পাৰিব৷ আপোনালোকে নিজৰ লক্ষ্যত সফল হওক, নিজৰ জীৱনত সফল হওক, এই কামনাৰ সৈতে মই মোৰ ভাষণ সামৰিছো৷

পুনৰবাৰ ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আপোনালোকক অনেক শুভকামনা জনাইছো আৰু ভাৰত মাতাৰ মহান পুত্ৰ স্বামী বিবেকানন্দজীৰ শ্ৰীচৰণত শিৰ দোৱাইছো৷

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-UK social security pact to benefit 90-95% of Indian professionals working in Britain

Media Coverage

India-UK social security pact to benefit 90-95% of Indian professionals working in Britain
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights growing global engagement and investment in India
June 19, 2026

The Prime Minister, Shri Narendra Modi today highlighted India’s readiness to contribute towards a better planet and noted that the world is engaging with and investing in India with hope and enthusiasm.

The Prime Minister stated that thanks to the 140 crore people of India, the world looks at India with hope and enthusiasm. He added that this is also why the world is engaging with India and investing in India.

The Prime Minister highlighted these observations under #12YearsOfIndiaFirst.

The Prime Minister wrote on X;

“India is always ready to do whatever is possible to contribute towards a better planet. At the same time, thanks to the 140 crore people of India, the world looks at India with hope and enthusiasm. That is also why the world is engaging with India and investing in India.

#12YearsOfIndiaFirst”