QuoteGovt's social security schemes help cope with uncertainties of life: PM Modi
QuoteBanking the unbanked, funding the unfunded and financially securing the unsecured are the three aspects our Government is focused on: PM Modi
QuoteThe Jan Suraksha Schemes have very low premium which helps people of all age groups, especially the poor: PM
QuoteWith Pradhan Mantri Jeevan Jyoti Bima Yojana, one can get coverage of upto Rs. 2 lakhs by paying a premium of just Rs. 330 per year: PM
QuoteFive and half crore people have benefitted from Pradhan Mantri Jeevan Jyoti Bima Yojana: PM
QuoteWith Pradhan Mantri Suraksha Bima Yojana, one can get coverage of upto Rs. 2 lakhs by paying a premium of just Rs. 12 per year: PM
QuoteOur Government is committed to serve the elderly. That is why we have launched Pradhan Mantri Vaya Vandana Yojana; 3 lakh elderly people have been benefitted till now: PM

এয়া তেওঁলোক যিসকলে সময় থাকোতেই বুদ্ধিমতাৰে পদক্ষেপ গ্ৰহণ কৰিলে আৰু জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ বাবে নিজকে প্ৰস্তুত কৰিলে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে আজি যি কথা কোৱা হ’ব সেয়া দেশৰ কোটি কোটি লোকক প্ৰেৰণা প্ৰদান কৰিব৷ আমি সকলোৱে জানো যে জীৱনত এটা কথা সম্পূৰ্ণ নিশ্চিত, সেয়া হ’ল জীৱনৰ অনিশ্চয়তা৷ আমাৰ মাজৰ কোনেও নাজানে যে আহিবলগীয়া দিন, আহিবলগীয়া সময়ে আমাৰ জীৱনলৈ কি লৈ আনিব?

সামাজিক সুৰক্ষা যোজনা জীৱনৰ অনিশ্চয়তা আৰু পৰিস্থিতিসমূহৰ সৈতে যুঁজিবলৈ আৰু সেই যুঁজত জিকিবলৈ সাহস প্ৰদান কৰে৷ আৰু এই সাহস দেশৰ কোটি সংখ্যক লোকলৈ প্ৰেৰিত হয়৷ সেয়া লাগিলে প্ৰধানমন্ত্ৰী জীৱন বীমা যোজনাই হওক, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাই হওক,অটল পেন্সন যোজনা অথবা প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনাই হওক৷

জন সুৰক্ষা যোজনা সাধাৰণ লোক আৰু বিশেষকৈ আৰ্থিকভাৱে পিছপৰা লোকক শক্তি প্ৰদান কৰিছে৷ যাৰ দ্বাৰা সংকটৰ সময়ত যাতে তেওঁলোকে শক্তিশালীভাৱে থিয় হৈ থাকিব পাৰে, জীৱনত যাতে নাহাৰে৷ যেতিয়া আমাৰ চৰকাৰ গঠন হ’ল, আমি শাসনভাৰলৈ আহিলো তেতিয়া আৰ্থিক সাহায্য দূৰৰে কথা, দুখীয়া লোকৰ নিজাকৈ এটা বেংক একাউণ্টো নাছিল৷

আমি তিনিটা কথাত জোৰ দিলো– দলিত, পীড়িত, শোষিত, বঞ্চিত, আদিবাসী, মহিলা; এই সকলোৰে সৱলীকৰণ কৰাৰ বাবে বেংকিং সুবিধাৰ পৰা বঞ্চিত জনসাধাৰণক বেংকৰ সুবিধা প্ৰদান কৰা৷ লঘূ উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায়ীক বিত্তীয় সাহায্য প্ৰদান কৰা আৰু বিত্তীয়ভাৱে অসুৰক্ষিত লোকক আৰ্থিক সুৰক্ষা প্ৰদান কৰা, অৰ্থাৎ বেংকিং আৰু অ–বেংকিং, বিত্ত পোষিত আৰু বিত্ত–অপোষিত তথা বিত্তীয় ভাৱে সুৰক্ষিত আৰু অসুৰক্ষিত৷

আৰু আপোনালোক জানি সুখী হ’ব যে বিশ্ব বেংকৰ ফিনটেক্স প্ৰতিবেদনত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী জন ধন যোজনা এক সফল বিত্তীয় সমাপন কাৰ্যসূচী আছিল য’ত তিনিটা বৰ্ষত ২০১৪ৰ পৰা ২০১৭ৰ কালচোৱাত ২৮ কোটি নতুন বেংক একাউণ্ট খোলা হৈছে৷ এই সংখ্যা এই সময়চোৱাৰ ভিতৰত সমগ্ৰ বিশ্বতে খোলা একাউণ্টৰ সংখ্যাৰ ৫৫ শতাংশ–আধাতকৈও অধিক৷ প্ৰথমে আমাৰ ইয়াত কোৱা হৈছিল– এফালে ৰাম, এফালে গাঁও অৰ্থাৎ এফালে সমগ্ৰ হিন্দুস্তান আৰু এফালে সমগ্ৰ বিশ্ব৷

ইয়াৰোপৰি প্ৰতিবেদনত কোৱা হৈছিল যে ভাৰতত বেংক একাউণ্ট খোলা লোকৰ সংখ্যা ২০১৪ত অৰ্থাৎ আমাৰ চৰকাৰ গঠন হোৱাৰ পূৰ্বে প্ৰায় ৫০–৫২ শতাংশ আছিল৷ এতিয়া এই তিনি বছৰত ৮০ শতাংশ অতিক্ৰম কৰিছে৷ আৰু বিশেষভাৱে মহিলাৰ বেংক একাউণ্টৰ সংখ্যা বৃদ্ধি হৈছে৷ বৰ্ষজুৰি এই কথা কোৱা হৈছে যে বিভিন্ন দেশত সামাজিক সুৰক্ষাৰ ব্যৱস্থা আছে, কিন্তু ভাৰতত নাই৷ 

যেতিয়া আমি চৰকাৰ গঠন কৰিছিলো তেতিয়া অৱস্থা এনে আছিল যে দেশৰ জনসাধাৰণ সামাজিক সুৰক্ষাৰ পৰা বঞ্চিত আছিল৷ এয়া সত্য যে ভাৰতত পৰম্পৰাগত ৰূপত যৌথ পৰিয়ালৰ ব্যৱস্থা আছিল৷ এটা এটা পৰিয়ালত ২০–২০, ২৫–২৫, ৩০–৩০ জন লোক একেলগে আছিল, সেয়ে সামাজিক ব্যৱস্থা সুৰক্ষিত আছিল৷ কিন্তু এতিয়া পৰিয়াল সৰু হ’ল, বৃদ্ধ মা–দেউতা পৃথককৈ থকা হ’ল, সন্তান পৃথক হ’ল৷ সামাজিক ব্যৱস্থা পৰিৱৰ্তন হ’ল৷

আমি এই স্থিতি পৰিৱৰ্তন কৰাৰ বাবে, এই নতুন পৰিস্থিতিত সুৰক্ষা প্ৰদান কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত জীৱন সামৰি ল’বলৈ ৰুপে’ কাৰ্ড, দুৰ্ঘটনা ক’ভাৰৰ জৰিয়তে বীমাৰ সুবিধা উপলদ্ধ কৰোৱা হৈছে৷ ইয়াৰ সৈতে সামাজিক সুৰক্ষাৰ অধীনত দুটা বীমা আৰু এটা পেন্সন যোজনা আৰম্ভ কৰা হৈছে৷  

ইয়াৰ ফলস্বৰূপে ২০১৪ত  য’ত চৰকাৰৰ বীমা যোজনাৰ অধীনত কেৱল ৪ কোটি ৮০ লাখ অৰ্থাৎ ৫ কোটিতকৈও কম হিতাধিকাৰী আছিল, আজি সামাজিক সুৰক্ষাৰ অন্তৰ্গত এই সংখ্যা দহ গুণতকৈও অধিক বৃদ্ধি হৈ প্ৰায় ৫০ কোটি হিতাধিকাৰী অতিক্ৰম কৰিছে৷

সামাজিক সুৰক্ষাৰ অন্তৰ্গত আৰম্ভ কৰা যোজনা ভিন্ন ভিন্ন পৰিস্থিতিৰ বাবে হয়৷ আৰু বহু কম প্ৰিমিয়ামত আৰম্ভ কৰা হৈছে৷ যাতে দেশত প্ৰতিটো ক্ষেত্ৰত সকলো বয়সৰ লোকে ইয়াৰ লাভ প্ৰাপ্ত কৰিব পাৰে৷

মই আজি যিসকল লোকৰ সৈতে কথা পাতিম– মই জানো যে এই যোজনা এনেকুৱা যে যাৰ সৈতে দুখজনক পৰিস্থিতি হৈছে, কিন্তু তেওঁলোকে এই সংকটৰ মুহূৰ্তত ধৈৰ্য সহকাৰে অতিক্ৰম কৰিছে, তেওঁলোকে এই যোজনাৰ দ্বাৰা লাভান্বিত হৈছে৷ যেতিয়া তেওঁলোকৰ কথা আমাৰ দেশৰ সহজ–সৰল দুখীয়া নাগৰিকে শুনে তেতিয়া তেওঁলোকৰ বিশ্বাস বৃদ্ধি হৈ এনেকুৱা অনুভৱ হয় যে, এই যোজনাৰ পৰা মোৰো লাভ হ’ব লাগে৷ আৰু সেইবাবে এক প্ৰকাৰ দুখক বাৰে বাৰে সম্বৰণ কৰিলেও দুখ প্ৰাপ্ত হয়, কিন্তু কেতিয়াবা কেতিয়াব কোনো ব্যক্তিৰ দুখত, কঠিন সময়ত যি সাহায্য প্ৰাপ্ত হয়, সেয়াঅন্য মানুহে গম পালে তেওঁলোকে সাম্ভাৱ্য সংকটৰ পৰা হাত সৰাৰ উপায় বিচাৰিব পাৰে৷

মোৰ মৰমৰ দেশবাসী! আপোনালোকে দেখিছে যে এই ঘটনাসমূহ শুনি আমাৰ সকলোৰে কিমান দুখ লাগে কিন্তু কোনো ব্যক্তিৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালৰ যি ক্ষতি হয় সেয়া ক্ষতিপূৰণ কোনেও কৰিব নোৱাৰে৷ স্বয়ং ভগৱানেও কৰিব নোৱাৰে৷ কিন্তু এনেকুৱা কঠিন পৰিস্থিতিত পৰিয়ালক আৰ্থিক সম্বল প্ৰদানৰ বাবে যদি তেওঁ কিছু সময় টলকিব পাৰে তেন্তে নিজৰ পথ নিৰূপণ কৰিব পাৰে৷ আৰু এই উদ্দেশ্যেই প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰম্ভ কৰা হৈছে৷

এই যোজনাৰ অধীনত কেৱল, মই বুজি পাওঁ, দেশবাসীয়েও এই কথাষাৰ বুজি পাওক, যে কেৱল ৩৩০ টকা, ইয়াৰ দ্বাৰা ২ লাখ টকাৰ বীমাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰি৷ প্ৰতি বছৰে ৩৩০ টকা, এদিনত এটকাত কৈও কম৷ অৰ্থাৎ ইমান কম টকাত আজি বজাৰত একো নাপায়৷ এই সময়ত ইয়াৰ লাভ কিদৰে প্ৰাপ্ত কৰিব পাৰি৷ এই যোজনাৰ দ্বাৰা এতিয়া পৰ্যন্ত পাঁচ কোটি লোকে ইয়াৰ সুবিধা লাভ কৰিছে আৰু দুৰ্যোগৰ সময়ত লোকে কোটি টকাৰ দাবীও প্ৰাপ্ত কৰিছে৷ আহক, কিছু লোক আমাৰ সৈতে জড়িত আছে৷ আমি তেওঁলোকৰ কাষলৈ যাওঁ, তেওঁলোকৰ কথা শুনো৷

আমি সকলোৱে জানো যে বিপদ আগজাননী দি নাহে৷ কেতিয়াও বাৰ্তা দি দুৰ্যোগ নাহে আৰু দুৰ্যোগ আপুনি ধনী হ’লে আহিব, দুখীয়া হ’লে নাহে আৰু দুখীয়া হ’লে আহিব আৰু ধনী হ’লে নাহে, এনেকুৱা নহয়৷ এয়া যেতিয়াই তেতিয়াই আহিব পাৰে৷ কিন্তু আমি এই দুৰ্যোগৰ সন্মুখীন হ’বলৈ নিজকে প্ৰস্তুত ৰাখিব পাৰোঁ, আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰিব পাৰোঁ৷

প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এই উদ্দেশ্যৰে কৰা হৈছিল৷ ইয়াৰ অধীনত ১২ টকা অৰ্থাৎ প্ৰতিমাহত ১ টা প্ৰিমিয়ামত ২ লাখ টকাৰ বীমাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰি৷ এতিয়ালৈ এই যোজনাত প্ৰায় ১৩–১৪ কোটিতকৈও অধিক লোক জড়িত হৈছে৷ এই সংখ্যা অৰ্থাৎ ১৩–১৪ কোটি, যদি বিশ্বত আমি মেক্সিক’ দেশ প্ৰত্যক্ষ কৰোঁ অথবা জাপান দেশ প্ৰত্যক্ষ কৰোঁ তেন্তে সেই দেশৰ মুঠ জনসংখ্যা যিমান, তাতকৈও অধিক আমাৰ বীমাকৃত লোকৰ সংখ্যা৷ ইমান ব্যাপক কভাৰেজ আৰু ইমান কম সময়ত ইমান সংখ্যক লোক ইয়াৰ সৈতে জড়িত হোৱাই এয়া প্ৰদৰ্শিত কৰে যে জনসাধাৰণৰ মাজত বীমা আৰু সেইসমূহৰ লাভক লৈ যথেষ্ট আগ্ৰহ বৃদ্ধি পাইছে৷

যেতিয়া কোনো ব্যক্তিৰ সৈতে কোনো সংকট হয় তেন্তে তেওঁৰ সম্পূৰ্ণ পৰিয়াললৈ সংকট নামি আহে৷ সকলো সপোন বিধ্বস্ত হৈ পৰে৷ সকলো আঁচনি বিনষ্ট হৈ পৰে৷ ইয়াৰ পিছতো দেখা গৈছে যে বহু লোকে বীমাক অৱজ্ঞা কৰে৷ কেতিয়াবা এনেকুৱাও হয় যে বীমা কৰিম, বহু সময় আছে, প্ৰয়োজন কি,এনেধৰণৰ ঘটনা ঘটে৷ আজি সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে আৰু মই বিচাৰিছোঁ যে বীমাক লৈ থকা এনে মানসিকতা পৰিত্যাগ কৰক৷ অধিকতম লোত সামাজিক সুৰক্ষাৰ যোজনাৰ সৈতে সংবদ্ধ হওক৷

কিছু বৰ্ষ পূৰ্বে দৈনিক উপাৰ্জন কৰা লোক আৰু দৈনিক উপাৰ্জন কৰি খোৱা লোকৰ বীমাৰ বাবে কোনেও চিন্তা কৰা নাছিল আৰু ইয়াৰ কাৰণ আছিল বীমাৰ প্ৰিমিয়ামৰ প্ৰয়োজনীয় ধনৰাশি৷ তেওঁ দৈনিক উপাৰ্জনৰে আজিৰ দিনটোৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নে ভৱিষ্যতৰ চিন্তাত ব্যয় কৰিব সেই লৈ দুঃচিন্তাত পৰিছল৷ যিসকল লোকে শাক–পাচলিৰ ঠেলা চলাইছিল, অটো ৰিক্সা চলাইছিল অথবা শ্ৰম কৰিছিল তেওঁলোকৰ বাবে বীমাৰ কথা চিন্তা কৰাটো অসম্ভৱ আছিল৷

আজি সেই অসম্ভৱ সম্ভৱলৈ পৰিণত হ’ল আৰু মোৰ দলিত, পীড়িত, শোষিত, বঞ্চিত, দুখীয়া, আমাৰ ভনী–কন্যা তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হ’ল৷ কেৱল প্ৰতিমাহত এক টকাৰে জনসাধাণৰলৈ বীমাৰ সুবিধা প্ৰদান কৰা হ’ল৷ এই পৰ্যন্ত সমাজৰ যিসকল লোকে ভগৱানৰ ভৰসাত চলি আছিল আজি তেওঁলোকে বীমাৰ ওপৰত ভৰসা কৰিব পাৰিছে৷ আহক আমি কিছু লোকৰ সৈতে কথা হওঁ৷

চাওক, বৃদ্ধাৱস্থা জীৱনৰ এক গুৰুত্বপূৰ্ণ সময়৷ ই এক এনে সময় যে আমি বহু ক্ষেত্ৰত অন্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ সেই সময়ত আৰ্থিক ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ’বলৈ, পেন্সনৰ পৰিকল্পনা সেই উদ্দেশ্যত কৰা হৈছে৷ বয়োবৃদ্ধৰ আশীৰ্বাদ সদায়েই প্ৰাপ্ত হওক আৰু তেওঁলোকৰ আশীৰ্বাদৰ ফলতেই আমি দেশক আগুৱাই লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰিছোঁ৷ এই চৰকাৰ আমাৰ জ্যেষ্ঠজনৰ বাবে প্ৰতিবদ্ধ চৰকাৰ আৰু চৰকাৰে তেওঁলোকৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ আৰ্থিক পৰিস্থিতিৰ সকলো সুবিধা সৰল কৰাৰ বাবে কাম কৰিছে৷

বৃদ্ধাৱস্থাপ সৈতে সম্বন্ধীয় সমস্যাসমূহৰ গভীৰতা অনুভৱ কৰি ইয়াক মোকাবিলা কৰিবলৈ বিগত চাৰিটা বৰ্ষত বহু নীতি আৰু যোজনা প্ৰণয়ন কৰা হৈছে৷ যোৱা বৰ্ষত চৰকাৰে প্ৰধানমন্ত্ৰী বয় বন্দনা যোজনা আৰম্ভ কৰিছে৷ এই যোজনাৰ অধীনত ৬০ৰ ঊৰ্ধৰ নাগৰিকক ১০বছৰ পৰ্যন্ত আঠ শতাংশৰ সুনিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰা হৈছে৷ সুত ঊৰ্ধগামী–নিম্নগামী হ’লেও ইয়াৰ পৰিমাণত কোনো প্ৰভাৱ নপৰে৷

যদি ৰিটাৰ্ণ আঠ শতাংশতকৈ কম হয় তেন্তে চৰকাৰে স্বয়ং নিজৰ ৰাজকোষৰ পৰা সেয়া ক্ষতিপূৰণ কৰিব৷ এই আঁচনিৰ অধীনত জ্যেষ্ঠ নাগৰিকে মাহিলী, ত্ৰিমাসিক, ছমাহত অথবা বাৰ্ষিক ভিত্তিত ৰিটাৰ্ণৰ বিকল্প নিৰ্বাচন কৰিব পাৰে৷ এই যোজনাৰ অধীনত জ্যেষ্ঠ নাগৰিতে ১৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷ এই পৰ্যন্ত তিনি লাখতকৈও অধিক লোক এই যোজনাৰ দ্বাৰা লাভ প্ৰাপ্ত কৰিছে৷ ইয়াৰোপৰি চৰকাৰে জ্যেষ্ঠ নাগৰিকক কৰ সাহায্যও প্ৰদান কৰি আছে৷ তেওঁলোকৰ বাবে উপাৰ্জনত কৰ ৰেহাইৰ মূল সূমা আঢ়ৈ লাখৰ পৰা বৃদ্ধি কৰি তিনি লাখ পৰ্যন্ত কৰা হৈছে৷ ইয়াৰ সৈতে সুত কটাৰ সীমা যি পূৰ্বে ১০ হাজাৰ আছিল সেয়া বৃদ্ধি কৰি ৫০ হাজাৰ কৰা হৈছে৷ অৰ্থাৎ এতিয়া সকলো জমা পৰিমাণৰ পৰা প্ৰাপ্ত ৫০ হাজাৰ টকা পৰ্যন্ত সুতৰ কৰ ৰেহাই দিয়া হৈছে৷

সেইদৰে জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ বাবে যিসমূহ আঁচনি প্ৰণয়ন কৰা হৈছিল, সেইসমূহৰ লাভ কি হ’ল, যদি ইয়াক আমি অংকৰ হিচাপত চাওঁ তেন্তে ধৰি লওক যে এজন জ্যেষ্ঠ নাগৰিকৰ মুঠ আয় ৫ লাখ হয়, তেন্তে ২০১৩–১৪ত, আমি অহাৰ পূৰ্বে তেওঁৰ প্ৰায় ১৩– চাৰে ১৩ হাজাৰ ৩৯০ টকাৰ কৰ দিবলগীয়া হৈছিল৷ কিন্তু যেতিয়াৰ পৰা আমাৰ চৰকাৰ গঠন হ’ল আমি সেই সকলো ফৰ্মূলা পৰিৱৰ্তন কৰিলো৷

২০১৮–১৯ত কেৱল দুহেজাৰ ছশ থাকি গ’ল৷ অৰ্থাৎ ১৩ হাজাৰতকৈও অধিক এতিয়া ২৬০০ অৰ্থাৎ এক তৃতীয়াংশ হৈ পৰিল৷ কিমান বৃহৎ পৰিৱৰ্তন আহিল৷ কেৱল আৰ্থিক ক্ষেত্ৰতেই নহয়, জ্যেষ্ঠ নাগৰিক আৰু তেওঁলোকৰ কল্যাণৰ সৈতে জড়িত অন্য পৰিক্ষেত্ৰসমূহতো চৰকাৰে যোজনাৱদ্ধভাৱে কাম কৰিছে৷

আমি সকলোৱে জানো যে বয়য় বৃদ্ধিৰ লগে লগে স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ উদ্ভৱ হোৱা আৰম্ভ হয়৷ দৰৱ আৰু শুশ্ৰূষাৰ খৰচ বৃদ্ধি হয়৷ ইয়াক গুৰুত্ব প্ৰদান কৰি জন ঔষধি যোজনা আৰম্ভ কৰা হৈছে যাতে ঔষধ সস্তাতে উপলব্ধ হয়৷ ইয়াৰ জৰিয়তে সঁজুলিসমূহৰ দামো কম হৈ পৰিল৷ আঁঠুৰ অস্ত্ৰোপচাৰ পূৰ্বৰ তুলনাত সস্তা আৰু কম খৰচী হৈ পৰিছে৷

পূৰ্বতে জ্যেষ্ঠ নাগৰিকসকলে নিজে জীয়াই থকাৰ প্ৰমাণ নিজে গৈ দিবলগীয়া হৈছিল৷ কিন্তু ইয়াক সৰক কৰি লাইফ ছাৰ্টিফিকেটৰ জীৱন প্ৰমাণৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে৷ আমাৰ সম্পূৰ্ণ প্ৰয়াস যে জ্যেষ্ঠ নাগৰিকসকলে বিভিন্ন সুবিধা সৰল আৰু সহজভাৱে প্ৰাপ্ত কৰক, তেওঁলোকৰ নিকটতেই প্ৰাপ্ত হওক যাতে তেওঁলোকে দৌৰাদৌৰি কৰিবলগীয়া নহয়৷ তেওঁলোক স্বাস্থ্যৱান হৈ থাকক আৰু স্বাভিমানৰ সৈতে জীৱন নিৰ্বাহ কৰক৷ আমি এয়া সুনিশ্চিত কৰাৰ দিশত কাম কৰিছোঁ৷

বৃদ্ধাৱস্থাত আৰ্থিক ৰূপত কাৰো ওপৰত নিৰ্ভৰ হ’ব নলগীয়াটো জীৱনৰ বাবে গৌৰৱপূৰ্ণ কথা৷ পেন্সনৰ ৰূপত এক নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰাপ্ত হওক৷ চৰকাৰে এয়া সুনিশ্চিত কৰাৰ বাবে অটল পেন্সন যোজনা আৰম্ভ কৰিলে৷ এই যোজনাৰ অধীনত এই পৰ্যন্ত এক কোটিতকৈও অধিক হিতাধিকাৰী আছে য’ত প্ৰায় ৪০ শতাংশ আমাৰ অৰ্চনা ভগ্নীৰ দৰে ভগ্নীসকল আছে৷ ইয়াত এতিয়ালৈ চাৰি হাজাৰ কোটি টকাতকৈও অধিক টকা জমা কৰা হৈছে৷

সকলো মিলাই দেখা যাব যে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা আৰু অটল পেন্সন যোজনা, এই তিনিটা যোজনাৰ জৰিয়তে কেৱল তিনিটা বৰ্ষত প্ৰায় ২০ কোটি লোকক বীমা যোজনাৰ সুৰক্ষিত নেটৱৰ্কৰ অধীনলৈ অনা হৈছে৷ আৰু ইয়াৰ মাজত ৫২ শতাংশ–৫০ শতাংশতকৈও অধিক লোক আমাৰ গাঁৱৰ লোক, গ্ৰামীণ ক্ষেত্ৰৰ লোক৷

সকলো যোজনাৰ মূলতে দুটা গুৰুত্বপূৰ্ণ কথা থাকে– প্ৰথমটো হ’ল সকলোৱে যাতে বীমাৰ সুবিধা লাভ কৰে আৰু ন্যূনতম প্ৰিমিয়ামত প্ৰাপ্ত কৰে যাতে দাৰিদ্ৰতম লোকেও ইয়াৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে৷ আমাৰ চৰকাৰ দুখীয়াৰ প্ৰতি সংবেদনশীল, দুখীয়াৰ কল্যাণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে আৰু তেওঁলোকক সৱলীকৰণ কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰে৷

আমি এতিয়া বিভিন্ন যোজনাৰ হিতাধিকাৰীসকলৰ পৰা শুনিলো যে কিদৰে দুৰ্যোগৰ সময়ত তেওঁলোকৰ পৰিয়ালে আৰ্থিক সাহায্য প্ৰাপ্ত কৰিলে৷

মই জানো যে তেওঁলোকৰ কাহিনী আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ স্ৰোত হয়৷ এয়া প্ৰদৰ্শিত হৈছে যে বীমা সুৰক্ষা সকলোৰে বাবে কিমান প্ৰয়োজনীয়৷ মোৰ সকলোৰে প্ৰতি অনুৰোধ যে আপোনালোক সকলোৱে এই বীমা যোজনাৰ লাভ প্ৰাপ্ত কৰক আৰু লগতে আপোনালোকৰ ঘৰৰ কাষৰ ব্যক্তিয়েই হওক, আপোনালোকৰ কাৰ্যালয়ৰ কোনো ব্যক্তি হওক, আপুনি তেওঁলোককো এই যোজনাসমূহৰ বিষয়ে কওক, ইয়াৰ লাভ প্ৰাপ্ত কৰিবলৈ উৎসাহিত কৰক৷

যিমান হিতাধিকাৰীৰ ইয়াত আছে, আপোনালোক এই উদাহৰণসমূহৰ জীৱন্ত উদাহৰণ হয়, মই আপোনালোক সকলোকে আহ্বান কৰিছোঁ যে আপোনালোকে নিকটৱৰ্তী লোকক ইয়াৰ বাবে উৎসাহিত কৰক৷ মই আপোনালোকক কওঁ যে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনাৰ আপুনি যিকোনো বেংক অথবা ডাকঘৰলৈ গৈ নিজকে পঞ্জীকৃত কৰিব পাৰে৷

অটল পেন্সন যোজনাৰ বাবে আপুনি যিকোনো বেংকৰ শাখালৈ গৈ নিজকে পঞ্জীকৃত কৰিব পাৰে৷ আৰু প্ৰধানমন্ত্ৰী বয় বন্দনাৰ বাবে দেশৰ যিকোনো এলআইচি কাৰ্যালয়লৈ কগৈ আপুনি ইয়াৰ লাভ প্ৰাপ্ত কৰিব পাৰে৷

মই এটা কথা আৰু ক’ব বিচাৰিছোঁ যে জ্যেষ্ঠ নাগৰিকসকলে সন্মানপূৰ্বক জীৱন অতিবাহিত কৰাৰ যোজনা উপলব্ধ আছে৷ কিন্তু মোৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকলো ইমান সন্মানত জীৱন অতিবাহিত কৰে যে ইয়াৰ পৰা প্ৰেৰণা প্ৰাপ্ত হয়৷ আপোনালোকে বোধহয় গম নাপাব, ইয়াৰ চৰ্চা বৰ্তমান বাহিৰত হোৱা নাই৷ যেতিয়া মই দেশবাসীক লালকিল্লাৰ পৰা কৈছিলোঁ যে গেছৰ সাহায্যৰ কি প্ৰয়োজন, ইয়াক ত্যাগ কৰক৷ আৰু দেশৰ এক কোটি–পসত্তৰ হাজাৰ লোকে গেছৰ সাহায্য পৰিত্যাগ কৰিছিল৷

এতিয়া ৰে’লৱেত আমাৰ যি জ্যেষ্ঠ নাগৰিকে টিকেটত কিছু টকা ৰেহাই পায়, কিন্তু ৰে’লৱেৰ লোকে আবেদন পত্ৰখনত এইদৰে লিখিছে যে যে আপোনালোকে এই সাহায্য পৰিত্যাগ কৰিব বিচাৰিছে নেকি? আপুনি টিকেটৰ সম্পূৰ্ণ টকা পৰিশোধ কৰিব বিচাৰিছে নেকি?

আমাৰ এই বিষয়ত গৰ্ব হয় যে দেশৰ লক্ষাধিত জ্যেষ্ঠ নাগৰিক, যিয়ে এই লাভ প্ৰাপ্ত কৰিছিল, ৰে’লৱেৰ টিকেটত কম টকা দি যাত্ৰা কৰিছিল কিন্তু দেশৰ বাবে লক্ষাধিক এনে জ্যেষ্ঠ নাগৰিকে এয়া গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰিলে৷ কোনো ঢোল বজোৱা নহ’ল, কোনো আপীল কৰা নগ’ল৷ মইয়ো কেতিয়াও চৰ্চা নকৰিলো৷ কেৱল আবেদন পত্ৰত লিখা আছিল৷ কিন্তু তেওঁলোকে, সন্মানীয় জীৱন অতিবাহিত কৰা জ্যেষ্ঠ নাগৰিকে ইমান বৃহৎ ত্যাগ কৰিলে, এয়া দেশৰ বাবে সৰু খবৰ নহয়৷

আৰু যেতিয়া মোৰ দেশৰ জনসাধাৰণে ইমান কৰিব পাৰে, মোৰ জ্যেষ্ঠ নাগৰিকসকলে ইমান কৰিব পাৰে, আমাৰো আপোনালোকৰ বাবে কিবা এটা কৰিবলৈ ইচ্ছা হয়, কিবা এটা ভাল কৰিবলৈ মন যায়৷ আহক, আমি সকলোৱে মিলি আমাৰ দেশৰ দুখীয়াৰ কল্যাণৰ বাবে, আমাৰ মাতৃ–ভগ্নীৰ কল্যাণৰ বাবে, আমাৰ বয়োবৃদ্ধসকলে গৌৰৱপূৰ্ণ জীৱন অতিবাহিত কৰাৰ বাবে প্ৰয়াস কৰোঁ৷ মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ

ধন্যবাদ৷

  • sidhdharth Hirapara January 17, 2024

    namo
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
From Playground To Podium: PM Modi’s Sports Bill Heralds A New Era For Khel And Khiladi

Media Coverage

From Playground To Podium: PM Modi’s Sports Bill Heralds A New Era For Khel And Khiladi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 79th Independence Day highlights the collective progress of our nation and the opportunities ahead: PM
August 14, 2025

Prime Minister Shri Narendra Modi today shared the thoughtful address delivered by President of India, Smt. Droupadi Murmu, on the eve of 79th Independence Day. He said the address highlighted the collective progress of our nation and the opportunities ahead and the call to every citizen to contribute towards nation-building.

In separate posts on X, he said:

“On the eve of our Independence Day, Rashtrapati Ji has given a thoughtful address in which she has highlighted the collective progress of our nation and the opportunities ahead. She reminded us of the sacrifices that paved the way for India's freedom and called upon every citizen to contribute towards nation-building.

@rashtrapatibhvn

“स्वतंत्रता दिवस की पूर्व संध्या पर माननीय राष्ट्रपति जी ने अपने संबोधन में बहुत ही महत्वपूर्ण बातें कही हैं। इसमें उन्होंने सामूहिक प्रयासों से भारत की प्रगति और भविष्य के अवसरों पर विशेष रूप से प्रकाश डाला है। राष्ट्रपति जी ने हमें उन बलिदानों की याद दिलाई, जिनसे देश की आजादी का सपना साकार हुआ। इसके साथ ही उन्होंने देशवासियों से राष्ट्र-निर्माण में बढ़-चढ़कर भागीदारी का आग्रह भी किया है।

@rashtrapatibhvn