For me, Rising India means the rise of 125 crores Indians: PM Modi
In many countries it is believed that government leads change. But now common citizens lead change and government follows: PM at #News18RisingIndia Summit
#SwachhBharatMission has become a public revolution. The country's people have accepted digital payments and made it their weapon: PM at #News18RisingIndia
India is the fastest growing country to make digital payments at large: PM Modi at #News18RisingIndia
The transformational shift in India is due to people and their will power: PM at #News18RisingIndia Summit
The #UjjwalaYojana is not only changing the face of kitchens, but also face of the nation: PM Modi at #News18RisingIndia summit
Our Govt is focused on Act East and India Act Fast for East: PM Modi at #News18RisingIndia summit
Isolation to Integration, is the only way to a ‘Rising India.’ And we have adopted this mantra: PM at #News18RisingIndia summit
This Government is focused on the mantra – No Silos, only Solution: PM Narendra Modi at #News18RisingIndia summit
We now have nearly 80% sanitation coverage in the country: PM Modi at #News18RisingIndia Summit
Yoga has become a mass movement today: PM Modi at #News18RisingIndia summit
It’s very important to have affordable and easily accessible healthcare. Government has opened Jan Aushadhi Kendras that provide medicines at affordable prices: PM Modi at #News18RisingIndia summit
We aim to bring health wellness in every panchayat and make healthcare affordable to people. We have reduced prices of heart stents and knee implants: PM at #News18RisingIndia summit
We have launched #NationalNutritionMission. This will have a positive impact on health of mother and child: PM Modi at #News18RisingIndia summit
The power sector is undergoing transformation to fight power shortage: PM Narendra Modi at #News18RisingIndia summit
India is moving from power shortage to power surplus, network failure to exporter. We have also moved towards 'One Nation One Grid': PM Modi at #News18RisingIndia Summit
India is spearheading solar revolution in the world. In the last 4 years, India's influence on world stage has increased consistently: PM at #News18RisingIndia Summit
India is working towards eradicating TB by 2025, which is fine years ahead of global aim: PM Modi at #News18RisingIndia Summit
India helped 48 countries during the crisis in Yemen. Our motto of 'Sabka Saath, Sabka Vikas' is not just restricted to our country, but covers the world: PM Modi at #News18RisingIndiaSummit
India has contributed massively to world economy. Our contribution has increased by 7 times: PM Modi at #News18RisingIndia Summit
India is today among the top two emerging economies and one of the most popular FDI destinations: PM Modi at #News18RisingIndia Summit

নেটৱৰ্ক ১৮ৰ গ্ৰুপ এডিটৰ-ইন-চীফ ৰাহুল জোশী মহোদয়, দেশ-বিদেশৰ অতিথিগণ, ইয়াত উপস্থিত থকা সংবাদ মাধ্যমৰ বন্ধুসকল, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল,

পোন প্ৰথমে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আপোনালোকে মোক ৰাইজিং ইণ্ডিয়া সন্মিলনত সন্মিলিত হ’বলৈ অৱকাশ প্ৰদান কৰিছে৷

বন্ধুসকল, যেতিয়া আমি ৰাইজিং বুলি উল্লেখ কৰোঁ তেতিয়া প্ৰথম আন্ধাৰৰ পৰা প্ৰকাশলৈ অহা কথাটো মনলৈ আহে৷ আমি য’ত আছিলোঁ, যি স্থিতিত আছিলোঁ, তাতকৈ আগুৱাই যাবলৈ, সুন্দৰ ভৱিষ্যতলৈ আগুৱাই যোৱাৰ কথা মনলৈ আহে৷

এই ৰাইজ কৰা, উদয় হোৱা, যেতিয়া আমি দেশৰ সন্দৰ্ভত এই বিষয়ে কওঁ, তেতিয়া ইয়াৰ বিস্তাৰ বহু ব্যাপক হয়৷ তেতিয়া প্ৰশ্ন উদয় হয় যে ৰাইজিং ইণ্ডিয়া কি? কেৱল সুদৃঢ় অৰ্থব্যৱস্থাৰ ৰাইজিং ইণ্ডিয়া হয়, ছেনছেক্সৰ অভিলেখ ভংগ হোৱাটো ৰাইজিং ইণ্ডিয়া হয়, বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত অভিলেখ স্থিতিত থকাটো ৰাইজিং ইণ্ডিয়া হয় নে অভিলেখ সংখ্যক বিদেশী নিৱেশ হোৱাটো ৰাইজিং ইণ্ডিয়া হয়?
বন্ধুসকল, মোৰ বাবে ৰাইজিং ইণ্ডিয়াৰ অৰ্থ হ’ল দেশৰ ডেৰশ কোটি নাগৰিকৰ স্বাভিমানৰ ৰাইজ হোৱা, দেশৰ আত্মগৌৰৱৰ ৰাইজ হোৱা৷ যেতিয়া এই ডেৰশ কোটি নাগৰিকৰ ইচ্ছাশক্তি একত্ৰিত হয়, এওঁলোকৰ সংকল্প এক হয়, তেতিয়া অনুশীলনো সম্ভৱ হৈ উঠে, অসম্ভৱো সম্ভৱ হৈ উঠে৷

একত্ৰিত হোৱা এই ইচ্ছাশক্তিয়ে আজি নতুন ভাৰতৰ সংকল্প পূৰণ কৰি আছে৷
ভাতৃ আৰু ভগ্নীসকল, বহুতো দেশত এয়া অৱধাৰণা আছে যে চৰকাৰৰ বিকাশ হওক, পৰিৱৰ্তনক নেতৃত্ব দিয়ক আৰু নাগৰিকে সেয়া অনুসৰণ কৰক৷ বিগত চাৰিটা বৰ্ষত আমি ভাৰতত এই স্থিতি পৰিৱৰ্তন কৰিছে৷ এতিয়া নাগৰিকে নেতৃত্ব লয় আৰু চৰকাৰে সেয়া অনুসৰণ কৰে৷

আপোনালোকে নিজে দেখা পাইছে যে কিদৰে ইমান কম সময়ৰ ভিতৰত স্বচ্ছ ভাৰত অভিযান এক জন আন্দোলনলৈ পৰিৱৰ্তিত হৈছে৷ সংবাদ মাধ্যমে এই ক্ষেত্ৰত সহযোগীৰ ভূমিকা পালন কৰিছে৷

কলাধন আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে হোৱা যুঁজত দেশৰ নাগৰিকসকলে ডিজিটেল পে’মেণ্টক নিজৰ সুদৃঢ় হাথিয়াৰ কৰিছে৷ ভাৰত আজি ডিজিটেল পে’মেণ্ট কৰা ক্ষীপ্ৰ উত্তৰণ হোৱা বজাৰসমূহৰ মাজত নিজৰ স্থান চিহ্নিত কৰিছে৷
ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপত যিদৰে জনসাধাৰণৰ সমৰ্থন প্ৰাপ্ত হ’ব ধৰিছে, এয়া জনসাধাৰণে দেশৰ অন্তঃভাগৰ দুৰ্নীতিসমূহৰ পৰা মুক্তি দিবলৈ কৰা পদক্ষেপৰ সাক্ষী স্বৰূপ সিদ্ধ হৈছে৷

আমাৰ ৰাজনৈতিক বিৰোধীসকলে যিয়েই নকওক, দেশৰ নাগৰিকৰ এই প্ৰেৰণাৰ ফলস্বৰূপেই চৰকাৰে এই ডাঙৰ সিদ্ধান্তটো ল’ব পাৰিলে আৰু ইয়াক প্ৰণয়ন কৰি দেখুৱালে৷ যি সিদ্ধান্তৰ কথা দশক পূৰ্বে লোৱা হৈছিল, কিন্তু সেই ফাইলত বন্ধ কৰি থোৱা হৈছিল, যি আইন দশক পূৰ্বে পাচ হৈছিল কিন্তু ভ্ৰষ্টতন্ত্ৰৰ বাবে প্ৰণয়ন কৰিব পৰা হোৱা নাছিল, তাকো এই চৰকাৰে প্ৰণয়ন কৰিলে আৰু এই আইনৰ আধাৰতেই বৃহৎ স্থিতিত পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

বন্ধুসকল, ভাৰতত যি পৰিৱৰ্তনশীল স্থিতি আহিছে, সেয়া আমাৰ নিজৰ নাগৰিকসকলৰ বাবে হৈছে, তেওঁলোকৰ ইচ্ছাশক্তিৰ ফলত হৈছে৷ এই ইচ্ছাশক্তি দেশৰ নাগৰিকৰ মাজত, দেশৰ ক্ষেত্ৰসমূহত অসন্তুলনৰ ভাৱ হ্ৰাস কৰি আছে৷

ভাতৃ আৰু ভগ্নীসকল, দেশৰে উদয় হওক, অথবা কোনো সমাজ বা ব্যক্তিৰেই উদয় হয়, যদি সমতাৰ ভাৱ নাহে, তেন্তে না সংকল্প সিদ্ধ হ’ব, না সমাজ৷ সেইবাবে যদি এটা দৃষ্টিকোণৰ পৰা লক্ষ্য কৰা হয় তেন্তে আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় স্তৰত অসন্তুলনৰ এই ভাৱ নোহোৱা কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আছে৷

ইয়াৰ পৰিণাম কি হয়, মই নেটৱৰ্ক ১৮ৰ দৰ্শকসকলক এটা ভিডিঅ’ৰ মাধ্যমেৰে অনুভৱ কৰাব বিচাৰিছোঁ৷
বন্ধুসকল, উজ্বলাই কেৱল ৰান্ধনিশালতে নহয়, কোটি কোটি পৰিয়ালৰ দৃশ্যপট পৰিৱৰ্তন কৰিছে৷ ই আমাৰ সামাজিক ব্যৱস্থাত এটা বৃহৎ অসন্তুলন নোহোৱা কৰি আছে৷

বন্ধুসকল, আজি ইয়ালৈ অহাৰ পূৰ্বে মই গোটেই দিনটো মণিপুৰ আছিলোঁ৷ বিজ্ঞান কংগ্ৰেছৰ উদঘাটন, তাৰ পিছত ক্ৰীড়া বিশ্ববিদ্যালয়ৰ শিলান্যাস, উত্তৰ পূবৰ বাবে অনেক আঁচনিৰ শুভাৰম্ভ আজি কৰা হৈছে৷ প্ৰধানমন্ত্ৰী হিচাপে উত্তৰ পূবলৈ এয়া মোৰ ২৮তম অথবা ২৯তম ভ্ৰমণ আছিল৷

আপোনালোকে ভাবক, আচলতে এয়া কিয়? কিয় আমাৰ চৰকাৰে পূব ভাৰত, উত্তৰ পূব ভাৰতত ইমান শক্তি প্ৰয়োগ কৰি আছে৷ যিসকলে এয়া আমি ভোটৰ কাৰণে কৰি আছোঁ বুলি ভাবিছে, তেওঁলোক দেশৰ ভূমিৰ পৰাই নহয়, নাগৰিকৰ হৃদয়ৰ পৰাও বিতাৰিত হৈছে৷

বন্ধুসকল, পূব ভাৰতৰ আবেগিক সংবদ্ধকৰণ আৰু ভৌগোলিক বিশিষ্টতাৰ প্ৰতি ধ্যান দিয়াটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছে৷

সেইবাৰে আমাৰ চৰকাৰ ‘Act East And Act Fast For India’s East’ মন্ত্ৰত গতি কৰি আছে৷ আৰু যেতিয়া মই ‘Act East’ বুলি কওঁ তেতিয়া ইয়াৰ বিস্তাৰ কেৱল উত্তৰ পূবৰ ৰাজ্যতেই সীমিত নহয়৷ ইয়াত পূব উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, উৰিষ্যাও অন্তৰ্ভুক্ত হয়৷

এই অংশটো দেশৰ এনেকুৱা এটা অংশ যি বিকাশৰ দৌৰত পিছ পৰি গৈছিল৷ ইয়াৰ এটা ডাঙৰ কাৰণ আছিল যে সেই স্থানত বিকাশক লৈ উদাসীনতা প্ৰকাশ কৰা হৈছিল৷ এই ক্ষেত্ৰত হয়তো এশটা প্ৰকল্প আৰম্ভই হোৱা নাই অথবা দশক জুৰি মাজতেই ওলমি ৰৈছে৷ আমাৰ চৰকাৰে এই অসন্তুলন সমাপ্ত কৰিবলৈ আৰু আধৰুৱা পৰিযোজনা অথবা ওলমি ৰোৱা পৰিযোজনাসমূহ সম্পূৰ্ণ কৰিবলৈ কাম আৰম্ভ কৰিছে৷

• আপুনি এয়া জানি আচৰিত হ’ব য়ে অসমৰ মহত্বপূৰ্ণ গেছ ক্ৰেকাৰ প্ৰকল্প ৩১ বছৰজুৰি পৰি আছিল৷ আমাৰ চৰকাৰ অহাৰ পিছত এই পৰিযোজনাত পুনৰ কাম আৰম্ভ কৰা হ’ল৷

• আজি যথেষ্ট ক্ষীপ্ৰতাৰে উত্তৰ প্ৰদেশৰ গোৰখপুৰ, বিহাৰৰ বাৰাউনি আৰু ঝাৰখণ্ডৰ সিন্ধ্ৰীত বৰ্ষজুৰি বন্ধ হৈ থকা সাৰ কাৰখানৰ কাম কৰা হৈছে৷

• এই কাৰখানাসমূহৰ বাবে প্ৰয়োজনীয় গেছ, জগদীশপুৰৰ পৰা হালদিয়ালৈ বিস্তাৰিত গেছ পাইপলাইনৰ পৰা প্ৰাপ্ত হ’ব৷ এই পাইপলাইনেই পূব ভাৰতৰ প্ৰধান চহৰসমূহত গেছ পাইপলাইন নিৰ্ভৰিত উদ্যোগসমূহৰ সম্পূৰ্ণ পৰিৱেশতন্ত্ৰও বিকশিত কৰিব৷

• এয়া আমাৰেই চৰকাৰৰ প্ৰয়াসৰ ফলত উৰিষ্যাৰ পাৰাদ্বীপ তেল শোধনাগাৰৰ কামত ক্ষীপ্ৰতা আহিল আৰু এতিয়া পাৰাদ্বীপ বিকাশৰ দ্বীপ হ’বলৈ অগ্ৰসৰ হৈছে৷
• এয়াও আমাৰ চৰকাৰৰেই প্ৰয়াসৰ ফলত অসম আৰু অৰুণাচল সংযোগী তথা ৰণনীতিৰ ফালৰ পৰা মহত্বপূৰ্ণ ঢলা-শদিয়াৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন হ’ল৷

• পথ ক্ষেত্ৰই হওক অথবা ৰে’ল ক্ষেত্ৰই হওক, সকলোপিনৰ পৰা পূব ভাৰতত আন্তঃগাঁথনি বিকশিত কৰাৰ বাবে বল প্ৰয়োগ কৰা হৈছে৷ চৰকাৰে জলপথ বিকশিত কৰাৰ বাবে কাম কৰি আছে৷ বাৰাণসী আৰু হালদিয়াৰ মাজৰ জলপথৰ বিকাশে ইয়াৰ ঔদ্যোগিক পৰিবহণক পৰিৱৰ্তিত কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব৷
• সংযোগ ব্যৱস্থাক বিকশিত কৰাৰ বাবে উৰণ যোজনাৰ অন্তৰ্গত পূব ভাৰতত ১২টা নতুন বিমান বন্দৰৰ নিৰ্মাণ কৰি থকা হৈছে৷ ইয়াৰে ৬ টা উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ হৈ আছে৷ কিছু দিন পূৰ্বে আপোনালোকে দেখিলে যে ছিক্কিমত প্ৰথমবাৰলৈ বাণিজ্যিক বিমানে অৱতৰণ কৰিলে৷

• যেতিয়া নতুন All India Institute of Medical Sciencesৰ কথা ওলাল, যেতিয়া নতুন Indian Agricultural Research Instituteৰ কথা ওলাল, তেতিয়া আমাৰ চৰকাৰে পূব ভাৰতক অগ্ৰাধিকাৰ দিলে৷
• মহাত্মা গান্ধীজীৰ কৰ্মভূমি পূব চম্পাৰণ- মোতিহাৰীত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্থাপনাও এই চৰকাৰে কৰিলে৷

বন্ধুসকল, চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা যোজনাসমূহৰ ফলত এই অঞ্চলসমূহত নিয়োজনৰ লক্ষাধিক পথ মুকলি হৈছে৷
‘দিল্লী দূৰ’ৰ অৱধাৰণাৰ পৰা আঁতৰি গৈ আমি দিল্লী পূব ভাৰতৰ দুৱাৰমুখলৈ লৈ আনিছোঁ৷ আমি সকলোৰে সৈতে-সকলোৰে বিকাশ মূলমন্ত্ৰৰ সৈতে দেশৰ প্ৰতিটো ভূ-ভাগক বিকাশৰ মুখ্য ধাৰাৰ সৈতে সংযুক্ত কৰিছোঁ৷
বন্ধুসকল, মই আপোনালোকক এখন মানচিত্ৰ প্ৰদৰ্শন কৰিবলৈ বিচাৰিম৷ এই মানচিত্ৰ ইয়াৰ সাক্ষী যে বিগত চাৰিটা বছৰত কিদৰে দেশৰ এক বৃহৎ অসন্তুলন সমাপ্ত হৈছে আৰু পূব ভাৰতৰ গাঁওসমূহ বিকশিত হৈছে৷

মই প্ৰায়েই কওঁ যে স্বতন্ত্ৰতাৰ পিছত দেশত ১৮ হাজাৰখন এনেকুৱা গাঁও আছিল য’ত বিজুলীৰ ব্যৱস্থা নাছিল৷ আপোনালোকে জানি আচৰিত হ’ব যে ইয়াৰ প্ৰায় ১৩ হাজাৰখন গাঁও পূব ভাৰতৰ আছিল৷ এই ১৩ হাজাৰ গাঁৱৰো ৫ হাজাৰখন উত্তৰ পূৰ্বাঞ্চলৰ৷ এই গাঁওসমূহত বিজুলীৰ ব্যৱস্থা প্ৰদান কৰা কাৰ্য সমাপ্তিৰ পথত৷

আনকি এতিয়া প্ৰতিখন ঘৰকে বিজুলীৰ সংযোগ প্ৰদান কৰিবলৈ আমাৰ চৰকাৰে সৌভাগ্য যোজনা আৰম্ভ কৰিছে৷ ইয়াত চৰকাৰে ১৬ হাজাৰ কোটিৰো অধিক অৰ্থ ব্যয় কৰি আছে৷

পূব ভাৰতৰ নাগৰিকৰ জীৱনলৈ অহা এই উজ্বলতা, Isolation to Integrationৰ এই পথে ৰাইজিং ইণ্ডিয়াক অধিক চমকিত তথা প্ৰখৰ কৰিব৷

বন্ধুসকল, কৰ্প’ৰেট পৃথিৱীৰ এষাৰ প্ৰচলিত কথা হ’ল You can’t Manage what You can’t Measure. ৷ আমি এই মন্ত্ৰ কেৱল কাৰ্যপদ্ধতিতেই প্ৰয়োগ কৰাই নহয়, আনকি ইয়াক আমি আগলৈ লৈ গৈ কৈছোঁ- Measure to Manage and Manage to Create Mass Movement.

যেতিয়া Mass Movement হয়, যেতিয়া ব্যাপক স্তৰত চৰকাৰ আৰু জনতাৰ সহযোগিতা হয়, তেতিয়া তাৰ ফলাফলো উৎকৃষ্ট হয়, সুদূৰপ্ৰসাৰী হয়৷ মই আপোনালোকক আমাৰ দেশৰ স্বাস্থ্য খণ্ডৰ উদাহৰণ দিম৷

আমি স্বাস্থ্য খণ্ডক বহুক্ষেত্ৰীয় ধৰণে অগ্ৰসৰ কৰি ইয়াৰ চাৰিটা স্তম্ভৰ প্ৰতি ধ্যান দিছোঁ৷

• প্ৰতিৰোধী স্বাস্থ্য,

• ব্যয়সাধ্য স্বাস্থ্যৰ যত্ন,

• সৰবৰাহী হস্তক্ষেপ

• অভিযানকেন্দ্ৰিক হস্তক্ষেপ

আমি এই চাৰিটা বিষয়ত একেলগে বল প্ৰয়োগ কৰিছোঁ৷ দেশত স্বাস্থ্য সেৱাৰ বাবে কেৱল স্বাস্থ্য মন্ত্ৰালয় আছে আৰু এওঁলোকে অকলে কাম কৰি থাকিলে কেৱল silosৰ সৃষ্টি হয়, সমাধান নোলায়৷ আমি প্ৰয়াস কৰিছোঁ- No Silos, Only Solutions.

জনতা-জনাৰ্দনৰ সৈতে জড়িত এই অভিযানক স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে জড়িত এই বিষয়সমূহ অন্য মন্ত্ৰালয় যেনে স্বচ্ছতা মন্ত্ৰালয়, আয়ুস মন্ত্ৰালয়, ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়, উপভোক্তা মন্ত্ৰালয় আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰালয়ৰ সৈতেও সংযুক্ত কৰা হৈছে৷ এই ধৰণে আম সকলোৰে সৈতে লগ হৈ নিৰ্ধাৰিত লক্ষ্যক আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছোঁ৷
যদি মই প্ৰথম স্তম্ভ অৰ্থাৎ প্ৰতিৰোধী স্বাস্থ্যৰ কথা কওঁ তেন্তে ই সকলোতকৈ সস্তা আৰু সকলোতকৈ সহজো৷

আমি সকলোৱে জানো যে স্বাস্থ্যকৰ জীৱনৰ বাবে স্বচ্ছতাৰ আৱশ্যক প্ৰথমে হয় আৰু ইয়াৰ ওপৰত বল প্ৰয়োগ কৰি আমি পেয়জল তথা স্বচ্ছতা মন্ত্ৰালয়ক সক্ৰিয় কৰিলো৷ ইয়াৰ পৰিণাম চাওক যে ২০১৪ লৈ সমগ্ৰ ভাৰততে ৬.৫ কোটি পৰিয়ালত শৌচালয় আছিল কিন্তু এতিয়া ১৩ কোটি পৰিয়ালত শৌচালয় আছে অৰ্থাৎ দুগুণ বৃদ্ধি হ’ল৷

আজি দেশৰ অনাময় সীমা ৩৮ শতাংশৰ পৰা বৃদ্ধি হৈ ৮০ শতাংশ হৈছেগৈ৷ ই বৃদ্ধিতকৈও দুগুণ অধিক৷ স্বচ্ছতা অভিযানৰ সৈতে এই বাৰ্তাও ঘৰে ঘৰে প্ৰাপ্ত হৈছে যে অপৰিষ্কাৰে নিজৰ সৈতে ৰোগ কঢ়িয়াই আনে, আনহাতে স্বচ্ছতাই ৰোগসমূহ বিদূৰ কৰে৷

প্ৰতিৰোধী স্বাস্থ্যৰ ৰূপত যোগে নতুন ৰূপেৰে নিজৰ পৰিচয় স্থাপিত কৰিছে৷ আয়ুস মন্ত্ৰালয় সক্ৰিয় হোৱা বাবে আজি যোগ সমগ্ৰ বিশ্বতে এক গণ আন্দোলনৰ ৰূৰ লৈছে৷

এই বাজেটত আমি কল্যাণমূলক কেন্দ্ৰ লৈ আনিছোঁ৷ চৰকাৰৰ এয়া প্ৰয়াস যে দেশৰ প্ৰতিটো ডাঙৰ পঞ্চায়তক স্বাস্থ্য কল্যাণ কেন্দ্ৰত পৰিণত কৰিব লাগে৷

ৰোগ প্ৰতিৰোধী কাৰ্যসূচীত আমি বিশেষ বল প্ৰদান কৰিছোঁ৷ আমাৰ চৰকাৰ অহাৰ পূৰ্বে দেশত টীকাকৰণৰ বৃদ্ধি কেৱল ১ শতাংশ আছিল, যি আজি বৃদ্ধি হৈ ৬.৭ শতাংশ হৈছে৷

বন্ধু সকল, প্ৰতিৰোধী স্বাস্থ্য যত্নৰ সৈতে স্বাস্ব্য যত্নও ব্যয়সাধ্য হোৱা প্ৰয়োজনীয়৷ স্বাস্থ্য যত্ন ব্যৱহাৰযোগ্য হওক আৰু ব্যয়সাধ্যও হওক, জনসাধাৰণৰ বাবে সস্তা আৰু সূলভ হওক, ইয়াৰ বাবে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ৷
আমি ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়কো সক্ৰিয় কৰিলো যি এই ক্ষেত্ৰত কাম কৰি আছে৷ দেশত ৩০০০ত কৈও অধিক জন ঔষধি কেন্দ্ৰ খোলা হৈছে য’ত ৮০০ত কৈও অধিক ঔষধ কম মূল্যত উপলব্ধ কৰোৱা হৈছে৷
হৃদৰোগীয়ে ষ্টেণ্ট কম মূল্যত প্ৰাপ্ত কৰক, ইয়াৰ বাবে আমি উপভোক্তা মন্ত্ৰালয়ক সক্ৰিয় কৰিছোঁ আৰু তেওঁলোকে এই ক্ষেত্ৰত প্ৰদান কৰা মনোযোগৰ পৰিণাম স্বৰূপে আজি হাৰ্ট ষ্টেণ্টৰ মূল্য প্ৰায় ৮৫ শতাংশ হ্ৰাস হৈছে৷ ইয়াৰ সৈতে Knee implantsৰ মূল্যও নিয়ন্ত্ৰিত কৰা হৈছে, ফলত ইয়াৰ দাম ৫০%ৰ পৰা ৭০% লৈ হ্ৰাস হৈছে৷
এই বাজেটত আমি আৰু এটা ডাঙৰ যোজনাৰ কথা ঘোষণা কৰিছোঁ, আৰু সেয়া হ’ল আয়ুস্মান ভাৰত৷ আয়ুস্মান ভাৰত যোজনাৰ ফলত দেশৰ দাৰিদ্ৰতম ব্যক্তিজনেও যথেষ্ট সকাহ পাব৷ প্ৰায় ১০ কোটি পৰিয়াল অৰ্থাৎ ৪৫ৰ পৰা ৫০ কোটি নাগৰিক চিকিৎসাৰ চিন্তাৰ পৰা মুক্ত হৈ যাব৷ যদি তেওঁৰ পৰিয়ালৰ কোনোবা ৰোগাক্ৰান্ত হয় তেতিয়া এবছৰত ৫ লাখ টকাৰ খৰচ ভাৰত চৰকাৰ আৰু বীমা কোম্পানীয়ে মিলি বহন কৰিব৷

বন্ধুসকল, স্বাস্থ্যখণ্ডৰ তৃতীয়টো ডাঙৰ স্তম্ভ হ’ল সৰবৰাহী হস্তক্ষেপ৷ স্বাস্থ্যৰ সৈচে যি আৱশ্যকীয় সুবিধা জড়িত হৈ আছে, সেয়াও সুনিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰয়াস কৰি আছে৷

দেশত আৰু বিশেষকৈ গাঁৱত চিকিৎসকৰ অভাৱ অনুভূত হয়৷ ইয়াক মোকাবিলা কৰিবলৈ আমাৰ চৰকাৰে মেডিকেলৰ আসন বৃদ্ধি কৰিছে৷

বন্ধুসকল, ২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিল, তেতিয়া মেডিকেলত ৫২ হাজাৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু ৩০ হাজাৰ স্নাতকোত্তৰ আসন আছিল৷ এতিয়া দেশত ৮৫ হাজাৰতকৈ অধিক আণ্ডাৰ গ্ৰেজুৱেট আৰু ৪৬ হাজাৰতকৈও অধিক স্নাতকোত্তৰ আসন আছে৷

ইয়াৰোপৰি দেশত নতুন এইমছ আকু আয়ুৰ্বেদ বিজ্ঞান সংস্থাৰ স্থাপন কৰা হৈছে৷ তাৰোপৰি প্ৰতি তিনি সংসদীয় আসনৰ মাজত এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ আঁচনি গ্ৰহণ কৰা হৈছে৷
এই প্ৰয়াসসমূহৰ প্ৰত্যক্ষ লাভ আমাৰ যুৱ প্ৰজন্মৰ সৈতে দেশৰ দাৰিদ্ৰ জনতাইও প্ৰাপ্ত কৰি পাৰিব৷ নাৰ্ছিং আৰু পেৰামেডিকেলৰ ক্ষেত্ৰতো মানৱ সম্পদ উত্তৰণৰ বাবে কাম কৰা হৈছে৷ মেডিকেল পেচাদাৰী বৃদ্ধি হ’লে ব্যয়সাধ্য তথা ব্যৱহাৰযোগ্যতাও বৃদ্ধি হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, স্বাস্থ্য ক্ষেত্ৰৰ বাবে চতুৰ্থটো আৰু সবাতোকৈ মহত্বপূৰ্ণ স্তম্ভটো হ’ল অভিযানকেন্দ্ৰিক হস্তক্ষেপ৷
কিছুমান প্ৰত্যাহ্বান এনেকুৱা হয় যাৰ বাবে অভিযান ভিত্তিত কাম কৰাটো প্ৰয়োজন হয় আৰু তেতিয়া সেই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত সহায় পোৱা হয় তথা ইয়াৰ পৰিমাণ দেখিবলৈ পোৱা যায়৷

দেশৰ মাতৃসকল তথা শিশুসকলৰ স্বাস্থ্য উন্নত হওক, তেওঁলোক ৰোগমুক্ত হওক, স্বাস্থ্যৱান আৰু সশক্ত হওক, ইয়াৰ বাবে আমি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ক সক্ৰিয় কৰিলো৷ ইয়াৰ অধীনত আজি বহু কাৰ্যসূচী চলি আছে৷
প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত মাতৃ আৰু শিশুৰ উচিত পোষণ সুনিশ্চিত কৰা হৈছে৷

যোৱা সপ্তাহত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত ৰাষ্ট্ৰীয় পোষণ অভিযানৰ আৰম্ভ কৰা হৈছে৷ দেশৰ স্বাস্থ্য নিৰ্মাণৰ ক্ষেত্ৰত এয়া সকলোতকৈ নতুন আৰু বৃহৎ পদক্ষেপ৷ যেতিয়া মাতৃসকল আৰু শিশুসকলে সম্পূৰ্ণ পুষ্টি প্ৰাপ্ত কৰিব পাৰিব তেতিয়াই তেওঁলোকৰ উন্নত স্বাস্থ্যও সুনিশ্চিত হ’ব৷

মই মানি লৈছোঁ যে সকলো বাবে একে আকৃতি খাপ নাখাবও পাৰে৷ সেয়ে আমাৰ চৰকাৰে এয়া সুনিশ্চিত কৰি আছে যে প্ৰতিটো ক্ষেত্ৰ, প্ৰতিটো অংশৰ অনন্য বিকাশ মডেল স্থাপিত হওক৷
বন্ধুসকল, মই আপোনালোকক এক ভিডিঅ’ৰ মাধ্যমেৰে, দেশৰ সুখৰ অংশীদাৰ কৰিব বিচাৰিছোঁ৷

আপোনালোকে জনসাধাৰণৰ মুখত হাঁহি দেখিছে, সেয়াই মোৰ বাবে ৰাইজিং ইণ্ডিয়া হয়৷
এই পৰিৱৰ্তন কিদৰে আহিল?

আপোনালোকৰ মনত আছে, ৬ বছৰ পূৰ্বে জুলাই গ্ৰীড ব্যৰ্থ হোৱা বাবে দেশ আন্ধাৰত নিমজ্জিত হৈছিল৷ যি হৈছিল, সেয়া এক ব্যৱস্থাৰ, শাসনতন্ত্ৰৰ ব্যৰ্থতা আছিল৷

Silosৰ স্থিতি এনেকুৱা আছিল যি সেই সময়ত শক্তি মন্ত্ৰালয়ে কয়লা মন্ত্ৰালয়ৰ ৰোডমেপ কি সেয়া নাজানিছিল৷ নতুন আৰু পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ শক্তি মন্ত্ৰালয়ৰ সৈতে কোনো সমন্বয় নাছিল৷

Silos ভংগ কৰি সমাধান উলিওৱাৰ কাৰ্য দেশৰ শক্তি ক্ষেত্ৰতো ব্যাপক ধৰণে হৈ আছে৷
আজি ভাৰতৰ শক্তি সুৰক্ষাৰ শ্ৰেষ্ঠতম সমাধানৰ বাবে শক্তি মন্ত্ৰালয়, পুনৰ নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় আৰু কয়লা মন্ত্ৰালয় একগোট হৈ কাম কৰি আছে৷

কয়লাৰ পৰা আমি শক্তি নিৰাপত্তা প্ৰাপ্ত কৰি আছোঁ, তেন্তে পুনৰ নৱীকৰণযোগ্য শক্তিয়ে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ উন্নত ভৱিষ্যত নিৰ্মাণৰ বাবে আমাক বহনক্ষম শক্তি প্ৰদান কৰিব পাৰে৷ এই কাৰণে আমি শক্তি হ্ৰাসৰ পৰা শক্তিৰ উপলব্ধতাৰ পিনে, নেটৱৰ্ক ব্যৰ্থতাৰ পৰা নেট ৰপ্তানিকাৰীৰ দিশলৈ আগবাঢ়ি আছোঁ৷ চৰকাৰৰ এই প্ৰয়াসৰ ফলত এক ৰাষ্ট্ৰ-এক গ্ৰীডৰ সপোন বাস্তৱায়িত হৈছে৷

বন্ধুসকল, হাৰ-হতাশা-নিৰাশাৰ বাতাৱৰণে কেতিয়াও দেশক আগবঢ়াই নিব নোৱাৰে৷ আপোনালোকে দেখিছে যে বিগত চাৰিটা বৰ্ষত দেশৰ জনসাধাৰণৰ মাজত, দেশ চলোৱা ব্যৱস্থাসমূহত কিদৰে উৎসাহ জাগ্ৰত হৈছে, এটা বিশ্বাস আহিছে৷ যি পৰিৱৰ্তন আমি সন্মুখত প্ৰত্যক্ষ কৰিছোঁ, নিজৰ জীৱনত দেখিছোঁ, ইয়াৰ দ্বাৰা প্ৰতিজন ভাৰতীয়ৰ মাজত এই বিশ্বাস আহিছে যে ২১ শতিকাৰ ভাৰতে নিজৰ দুৰ্বলতাসমূহ পৰিহাৰ কৰি, নিজৰ শিকলিৰ বান্ধোনৰ ছিঙি আগবাঢ়িব পাৰে, এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ সপোন বাস্তৱায়িত কৰিব পাৰে৷ জনসাধাৰণৰ এই প্ৰবল বিশ্বাসেই ৰাইজিং ইণ্ডিয়াৰ আধাৰ হয়৷
ভাতৃ আৰু ভগ্নীসকল, এই কাৰণেই আজি সমগ্ৰ বিশ্ব, ভাৰতৰ এই উত্থানক, ৰাইজিং ইণ্ডিয়াক স্বীকৃতি প্ৰদান কৰিছে, সন্মান প্ৰদান কৰিছে৷ পূৰ্বৰ চৰকাৰৰ দহটা বৰ্ষত যিমানবোৰ ৰাষ্ট্ৰাধক্ষ্য তথা ৰাষ্ট্ৰপ্ৰমুখ্য ব্যক্তি ভাৰতলৈ আহিছিল, আৰু যিমানসকল বিগত চাৰিটা বৰ্ষত ভাৰতলৈ আহিছে, তাৰ তুলনাই স্বয়ংভাৱে বহু কথা কয়৷ পূৰ্বৰ চৰকাৰৰ সময়ছোৱাত মুঠ যিমানসকল বিশ্বৰ বৃহৎ নেতা ভাৰতলৈ আহিছিল, তাৰে প্ৰায় দুগুণ ৰাষ্ট্ৰাধক্ষ্য আৰু ৰাষ্ট্ৰপ্ৰমুখ্য ব্যক্তি প্ৰতি বছৰে ভাৰতলৈ আহিছে৷ এয়াই ৰাইজিং ইণ্ডিয়াৰ এক দৃশ্যপট, যাৰ বাবে আপোনালোক সকলোৱে গৰ্ব কৰিব পাৰে৷
বন্ধুসকল, ভাৰতে কেৱল নিজৰেই নহয়, সমগ্ৰ বিশ্বৰে বিকাশক এক নতুন দিশ প্ৰদান কৰিছে৷ আজি ভাৰত সমগ্ৰ বিশ্বতে সৌৰ ক্ৰান্তিৰ নেতৃত্ব প্ৰদান কৰিছে৷ আপোনালোকে দেখিছে যে পাঁচ দিন পূৰ্বে আন্তঃৰাষ্ট্ৰী সৌৰ মৈত্ৰীৰ এক সফলতাপূৰ্বক আয়োজন কৰা হৈছিল৷ এই সন্মিলনত মুকলি কৰা Delhi Solar Agenda প্ৰণয়ন কৰাৰ বাবে ৬০খনতকৈও অধিক দেশে নিজৰ সন্মতি প্ৰদান কৰিছে৷ জলবায়ু পৰিৱৰ্তনৰ দৰে এই বিষয়ত ভাৰতৰ এই প্ৰয়াস ২১শতিকাৰ সম্পূৰ্ণ মানৱতাৰ সকলোতকৈ বৃহৎ সেৱাসমূহৰ ভিতৰতে অনন্য বুলি পৰিচিত হৈছে৷

বন্ধুসকল, বিগত চাৰিটা বৰ্ষত যিদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ প্ৰভাৱ বৃদ্ধি হ’বলৈ ধৰিছে, তাৰ বাবে এক বুজাপৰা ৰণনীতিৰ অন্তৰ্গত নিৰন্তৰভাৱে কাৰ্য কৰা হৈ আছে৷ ভাৰতে পৃথিৱীবাসীক শান্তি, বিকাশ আৰু বহনক্ষম বিকাশৰ বাৰ্তা প্ৰদান কৰিছে৷

ভাৰতে বৃহৎ সংঘসমূহ যেনে সংযুক্ত ৰাষ্ট্ৰই হওক অথবা জি-২০য়েই হওক, তেওঁলোকৰ সন্মুখত এনেকুৱা বিষয় উত্থাপন কৰিছে যি সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে৷ সন্ত্ৰাসবাদ কেৱল এখন দেশৰ অথবা এখন ক্ষেত্ৰৰ সমস্যা নহয়, সমগ্ৰ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান, এই কথাটোক ভাৰতেই আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰিছে৷

বিভিন্ন দেশত ক’লাধনৰ প্ৰবাহ আৰু ভ্ৰষ্টাচাৰ কিদৰে বিশ্বৰ বিকাশত বাধকস্বৰূপ হৈ পৰে, কাৰ্যকৰী বিত্তীয় শাসনৰ বাবে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে, এই বিষয়টোও ভাৰতে কঠোৰভাৱে উত্থাপন কৰিছে৷

বন্ধুসকল, এয়া ভাৰতৰেই আত্মবিশ্বাস যে সমগ্ৰ বিশ্বই ২০৩০ পৰ্যন্ত যক্ষ্মা নিঃশেষ কৰাৰ বাবে কাম কৰি আছে, আমি ইয়াতকৈও ৫ বছৰ পূৰ্বে অৰ্থাৎ ২০২৫ পৰ্যন্ত এই ৰোগৰ পৰা মুক্তি পাবলৈ দৃঢ়প্ৰতিজ্ঞ হৈছোঁ৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে ভাৰতে ২০২৫ পৰ্যন্ত সমগ্ৰ বিশ্বকে এই লক্ষ্য প্ৰাপ্ত কৰি দেখুৱাব৷

ভাতৃ আৰু ভগ্নীসকল, বিশ্বৰ বাবে আজি ইণ্ডিয়া ৰাইজিং কেৱল দুটা শব্দ নহয়৷ এই দুটা শব্দ ডেৰশ কোটি ভাৰতীয়ৰ সেই শক্তিৰ প্ৰতীক যাক আজি সমগ্ৰ বিশ্বই সন্মান কৰে৷ এয়াই কাৰণ যে যিবোৰ সংস্থাৰ সদস্যতাৰ বাবে ভাৰতে বছৰজুৰি প্ৰয়াস কৰি আছিল, সেয়া এতিয়া প্ৰাপ্ত হ’বলৈ ধৰিছে৷

Missile Technology Control Regimeত ভাৰতে সদস্যভুক্ত হোৱাৰ পিছত ‘বাসেনাই অৰেঞ্জমেণ্ট’ আৰু ‘অষ্ট্ৰেলিয়া গ্ৰুপ’তো অন্তৰ্ভুক্ত হৈছে৷ International Tribunal for the Law of the Seaৰ নিৰ্বাচনত, International Maritime Organizationৰ নিৰ্বাচনত, United Nations Economic and Social Councilৰ নিৰ্বাচনত ভাৰতে বিজয় প্ৰাপ্ত কৰিছে৷ Intenational Court of Justice ত যিদৰে ভাৰতৰ বিজয় প্ৰাপ্ত হ’ল সেয়াতো সমগ্ৰ বিশ্বতে চৰ্চাৰ বিষয় হৈ পৰিল৷

বন্ধুসকল, এয়া ভাৰতৰ বিকশিত হোৱা প্ৰভাৱৰ কাৰণে যেতিয়া য়েমেনত সংকটৰ পৰিস্থিতিৰ সৃষ্টি হ’ল, ভাৰতে নিজৰ নাগৰিকসকলক তাৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনাৰ মুহূৰ্তত অন্য দেশেও ভাৰতক সহায় কৰাৰ বাবে আবেদন জনাইছিল৷ আপুনি এয়া শুনি গৌৰন্বান্বিত হ’ব যে সেই সংকটৰ মুহূৰ্তত ভাৰতে ৪৮খন দেশৰ লোকক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনিছিল৷

কূটনীতিত মানৱীয় মূল্যক সবাতোকৈ বেছি অগ্ৰাধিকাৰ দিয়া আমাৰ নীতিসমূহৰ জৰিয়তে ভাৰতে কেৱল নিজৰ হিতৰ বাবেই নহয়, বৈশ্বিক হিতৰ বাবেও যে কাম কৰে এয়া সমগ্ৰ বিশ্বকে অনুভূত কৰালে৷ সকলোৰে সৈতে-সকলোৰে বিকাশৰ আমাৰ এই মন্ত্ৰ কেৱল দেশৰ সীমাতেই সীমাৱদ্ধ হৈ থকা নাই৷

আজি আমি আয়ুস্মান ভাৰতৰ বাবে নহয়, আনকি আয়ুস্মান বিশ্বৰ বাবেও কাম কৰি আছোঁ৷ যোগ আৰু আয়ুৰ্বেদক লৈ সমগ্ৰ বিশ্বতে জাগৰণৰ সৃষ্টি হৈছে, এয়াও ৰাইজিং ইণ্ডিয়াৰেই এক প্ৰতিবিম্ব৷

বন্ধুসকল, যদি অৰ্থ ব্যৱস্থাৰ কথা কওঁ তেন্তে যোৱা তিনি-চাৰিটা বৰ্ষত ভাৰতে নিজেই সমগ্ৰই বিশ্বৰ অৰ্থনৈতিক উত্তৰণৰ শ্ৰীবৃদ্ধি কৰিছে৷ যি দেশ বিশ্বৰ জিডিপিৰ ৩ শতাংশৰ অংশীদাৰ, আজি সি বিশ্বৰ অৰ্থনৈতিক উত্তৰণত ৭ গুণ বেছি অৰিহণা প্ৰদান কৰিছে৷

যিমান মেক্ৰ’-ইকন’মিকৰ পেৰামিটাৰ আছে, Inflation, CurrentAccount Deficit, Fiscal Deficit,GDP Growth,Interest rate,FDI Inflow সকলোতে ভাৰতে ভাল প্ৰদৰ্শন কৰি আছে৷

আজি বিশ্বত ভাৰত সন্দৰ্ভত যিবোৰ কথা উত্থাপন হয়, সেয়া আশা আৰু বিশ্বাসৰ সৈতে হয়, সম্পূৰ্ণ বিশ্বাসৰ সৈতে হয়৷ এই কাৰণতেই মূল্যায়ন সংস্থাসমূহে ভাৰতৰ মূল্যায়ন ঊৰ্ধগামী কৰি আছে৷

• আজি সমগ্ৰ বিশ্বৰ শীৰ্ষৰ তিনিখন অৰ্থনৈতিকভাৱে ঊৰ্ধগামী দেশৰ ভিতৰত ভাৰতম নাম লোৱা হৈছে৷
• FDI Confidence Indexত ভাৰতক শীৰ্ষৰ দুটা উদ্ভাসিত বজাৰ দক্ষতাৰ ভিতৰত এখন হিচাপে জনা যায়৷
• World Investment Report তো ভাৰত বিশ্বৰ favourite FDI destinations হিচাপে জনাজাত৷
• বিশ্ব বেংকৰ Ease of Doing Business ৰ মূল্যায়নত আমি তিনি বছৰৰ ভিতৰত ৪২তম স্থানলৈ ঊৰ্ধগামী হৈ আছে৷

• ২০১৭-১৮ৰ তৃতীয়টো ত্ৰিমাসিকত ভাৰতে ৭.২ শতাংশৰ বিকাশদৰ প্ৰাপ্ত কৰিছে৷ অৰ্থ ব্যৱস্থাই এয়া জনাইছে যে এই গতি আৰু বৃদ্ধি হ’ব৷

বন্ধুসকল, ২০১৪ৰ পূৰ্বে দেশৰ কৰ ব্যৱস্থা বিনিয়োগকাৰীৰ বাবে অনিশ্চিত আছিল, অস্বচ্ছ আছিল৷ এতিয়া পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে৷ জিএছটিয়ে ভাৰতক সবাতোকৈ বৃহৎ অৰ্থনৈতিক বজাৰসমূহৰ ভিতৰত নিজকে স্থাপিত কৰিছে৷
বন্ধুসকল, চৰকাৰে দুখীয়া, নিম্ন মধ্য বৰ্গ, মধ্য বৰ্গৰ প্ৰত্যাশাসমূহ বুজি সাৰ্বিক পদক্ষেপ হিচাপে কাম কৰি আছে৷
• এই বাজেটত আমি Revitalising Infrastructure and Systems in Education অৰ্থাৎ RISE নামৰ এটা যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছোঁ৷ ইয়াৰ অন্তৰ্গত আমাৰ চৰকাৰে অনাগত চাৰিটা বৰ্ষত দেশৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে ১ লাখ কোটি টকা খৰচ কৰিবলৈ গৈ আছে৷

• চৰকাৰে দেশত বিশ্ব মানৰ 20 Institute Of Eminence নিৰ্মাণ কৰাৰ বাবেও কাম কৰি আছে৷ উচ্চ শিক্ষাৰ সৈতে জড়িত ব্যক্তিগত আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ সৈতে লগ হৈ কাম কৰি আছে৷ এই অভিযানৰ অন্তৰ্গত ৰাজহুৱা খণ্ডৰ পৰা নিৰ্বাচিত কৰা ১০ টা সংস্থাক ১০ হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব৷

• সেইদৰে দেশৰ যুৱপ্ৰজন্মৰ মাজত স্ব নিয়োজন তথা বিশেষভাৱে MSME ক্ষেত্ৰত কাম কৰি থকা উদ্যমীসকলক উৎসাহ প্ৰদান কৰাৰ বাবে ষ্টেণ্ড আপ ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া, স্কিল ইণ্ডিয়া অভিযানৰ দৰে কাৰ্যসূচী পালন কৰি থকা হৈছে৷

• বিশেষভাৱে প্ৰধানমন্ত্ৰী মুদ্ৰ যোজনাৰ দ্বাৰা যুৱপ্ৰজন্ম আৰু মহিলাসকলক সশক্তিকৰণৰ এক বৃহৎ মাধ্যম নিৰ্মাণ হৈ আছে৷ যেতিয়াৰ পৰা এই যোজনা আৰম্ভ হৈছে তেতিয়াৰ পৰা এতিয়ালৈ ১১ কোটিতকৈ অধিক ঋণ আমাৰ চৰকাৰে স্বীকৃত প্ৰদান কৰিছে৷ জনসাধাৰণক গেৰাণ্টী অবিহনে ৫ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে৷ এই বৰ্ষৰ বাজেটতো আমি ৩ লাখ কোটি টকাৰ মুদ্ৰা ঋণ দিয়াৰ পৰিকল্পনা কৰিছোঁ৷

মই আশা কৰিছোঁ যে বিকাশৰ মুখ্যধাৰাত পিছ পৰি থকা কোনো ব্যক্তিয়েই হওক অথবা ক্ষেত্ৰস যেতিয়া এয়া তীব্ৰ গতিত আগবাঢ়িব, তাৰ শক্তি, সংসাধনৰ সৈতে ন্যায় হ’ব, ইয়াৰ দ্বাৰা ৰাইজিং ইণ্ডিয়াৰ গাঁথাও সশক্ত হ’ব৷***

শেষত, মই আপোনালোকৰ সংবাদ মাধ্যমৰ গোটসমূহক ২০২২ আৰু সংকল্পৰ দ্বাৰা সিদ্ধিৰ যাত্ৰাৰ বিষয়ে মই পুনৰ স্মৰণ কৰাব বিচাৰিছোঁ৷ আপোনালোকৰ গোটে কিবা সংকল্প লৈছে নে? কিবা ৰোডমেপ প্ৰস্তুত কৰিছে নে? এই বিষয়ে কিবা ভাবিছে নে কি আমি এনেকুৱা কি কাম কৰিলে ২০২২ত নতুন ভাৰতৰ সপোন পূৰণ কৰাত সহায়ক হ’ব?
মই বহুত সুখী হ’ম যদি আপোনাৰ গোটে কিবা প্ৰত্যাহ্বান গ্ৰহণ কৰে, নিজৰ সংকল্প নিজৰ চেনেলত প্ৰদৰ্শিত কৰে, তাৰ পালনো দেখায়৷

বন্ধুসকল, ডেৰশ কোটি দেশবাসী ঈশ্বৰৰ স্বৰূপ৷ আৰু দেশৰ প্ৰত্যেক সংস্থাক, বিভিন্ন ধৰণে ৰাষ্ট্ৰৰ কল্যাণৰ বাবে, ৰাষ্ট্ৰৰ নিৰ্মাণৰ বাবে, বিকাশৰ যাত্ৰা আগুৱাই লৈ যাবলৈ সংকল্পবদ্ধ হৈ কাম কৰাৰ আৱশ্যকতা আছে৷

আপুনি যিয়েই সংকল্প গ্ৰহণ কৰিছে, তাৰবাবে মই অশেষ শুভকামনা জনাইছোঁ৷

পুনৰবাৰ আপোনালোক সকলোকে অশেষ ধন্যবাদ !!!

Read Full Presentation Here

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Sabka Saath, Sabka Vikaas': Minority Enrolment In Schools Highest In Past 5 Years Under Modi Govt

Media Coverage

'Sabka Saath, Sabka Vikaas': Minority Enrolment In Schools Highest In Past 5 Years Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves 'Samudra Manthan' (National Offshore Exploration Scheme) with an outlay of Rs.84,084 crore
July 31, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi has approved 'Samudra Manthan' – the National Offshore Exploration Scheme, a Central Sector Scheme of the Ministry of Petroleum & Natural Gas with an approved outlay of Rs.84,084 crore for implementation up to FY 2030–31.

The Scheme translates the Prime Minister's vision, articulated from the Red Fort on Independence Day 2025, of a modern-day Samudra Manthan to unlock India's vast offshore energy potential. It marks a landmark step towards strengthening India's energy security, accelerating domestic exploration and production, promoting technological leadership, and advancing the vision of Viksit Bharat.

The Scheme encompasses a comprehensive set of interventions across the offshore exploration value chain. It provides for large-scale acquisition, processing and interpretation of high-quality seismic data, accelerated deepwater and ultra-deepwater exploratory drilling, scientific drilling in frontier basins, development of common offshore production and evacuation infrastructure, and establishment of an integrated Oil & Gas Manufacturing and Services Zone. It also includes dedicated provisions for digital programme management, capacity building, technology adoption, stakeholder engagement and international outreach, creating an integrated ecosystem to accelerate offshore exploration and production in the country.

Samudra Manthan is expected to catalyse reserve accretion of over 600 Million Metric Tons of Oil Equivalentv(MMTOE), substantially increase offshore exploration activity, promote higher domestic oil and gas production, generate large-scale employment, strengthen indigenous manufacturing under Make in India and Atmanirbhar Bharat, and foster a globally competitive ecosystem for offshore technologies and services. The Scheme is also expected to stimulate significant investments across the exploration and production value chain, creating long-term opportunities for industry, innovation and economic growth.

As India progresses towards becoming a developed nation, Samudra Manthan represents a transformational national initiative that will unlock the country's offshore energy resources, strengthen long-term energy security, deepen technological capabilities, and create enduring value for the economy and future generations.

Over the past decade, the Government has undertaken transformative reforms across the upstream sector, including opening almost the entire offshore acreage for exploration, modernising the legislative and contractual framework, and strengthening the National Data Repository. Building on these reforms, Samudra Manthan will usher in a new era of accelerated offshore exploration through strategic public investment, cutting-edge technologies and world-class infrastructure.