IICC would reflect India’s economic progress, rich cultural heritage, and our consciousness towards environment protection: PM Modi
Our Government has begun a series of unprecedented projects for the nation’s development: PM Modi
Our Government does not shy away from taking tough decisions in national interest: PM Modi
All round progress has happened in the last four years only because national interest has been kept supreme: PM Modi

মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান সুৰেশ প্ৰভু ডাঙৰীয়া, শ্ৰীমান হৰদ্বীৰ সিং পুৰী ডাঙৰীয়া, শ্ৰী চি আৰ চৌধুৰী ডাঙৰীয়া, সচিব ডিআইপিপি শ্ৰী ৰমেশ অভিষেক ডাঙৰীয়া, ইয়াত উপস্থিত উদ্যোগ আৰু ব্যৱসায় জগতৰ সৈতে জড়িত মোৰ ভাতৃ–ভগ্নীসকল৷

সমগ্ৰ দেশ গণপতি উৎসৱত ব্যস্ত৷ সকলোৰে ঘৰলৈ গণপতি বাপ্পাৰ আগমন হৈছে৷ আৰু সকলো শুভ কাৰ্য মংগলময় কৰিবলৈ ভগবান গণেশক সমৰ্পন কৰি আগবাঢ়িছে৷ ভব্য আৰু দিব্য ভাৰতৰ এই বৃহৎ প্ৰতীক নতুন ভাৰতৰ এক গুৰুত্বপূৰ্ণ চেণ্টাৰ নিৰ্মাণৰ আজি শ্ৰী গণেশ কৰিবলৈ অতিশয় উপযুক্ত সময়৷

দেশৰ আৰ্থিক উন্নতি, সাংস্কৃতিক সমৃদ্ধি, প্ৰকৃতিৰ প্ৰতি আমাৰ সংবেদনশীলতা আৰু তাৰ চিনাক্তকৰণ ইণ্ডিয়া ইণ্টাৰনেচনেল ক’নভেনচন এণ্ড এক্সপ’ চেণ্টাৰ অৰ্থাৎ আইচিচি, ইয়াত আমি ভালকৈয়ে অনুধাৱন কৰিব পাৰিম৷ এই সেৱা এশ পঁচিশ কোটি দেশবাসীৰ এই ভাৱনাৰ বাস্তৱায়ন, যি বিশ্বত আজি ভাৰতৰ যি স্থান নিৰ্মিত হৈছে তাৰে অনুৰূপ হিচাপে বিবেচিত হৈছে৷

প্ৰায় ২৬ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই চেণ্টাৰ এই দেশৰ ৮০ কোটি যুৱ প্ৰজন্মৰ আচৰণ আৰু শক্তিৰ এক চেণ্টাৰ হিচাপে সিদ্ধ হ’ব৷ এই চৰকাৰ সেই দৃষ্টিভংগীৰ অংশ যাৰ কেন্দ্ৰত বিশ্বমানৰ আন্তঃগাঁথনি আৰু ইজ অৱ ডুয়িং বিজনেছ আছে আৰু যিদৰে এতিয়া আমি এক ফিল্মৰ মাধ্যমত আৰু বাহিৰত ৩ডি মডেলৰ মাধ্যমেৰেও বিস্তাৰিত ভাৱে বৰ্ণনা কৰিলো যে এয়া কেৱল এক সন্মিলন কেন্দ্ৰ অথবা বাণিজ্য কেন্দ্ৰই নহয়, দেশ আৰু বিশ্বৰ ব্যৱসায়ৰ এক জীৱন্ত ভাইব্ৰেণ্ট কেন্দ্ৰ হ’ব৷

ই এক প্ৰকাৰে দিল্লীৰ ভিতৰত এক মিনি চিটিৰ দৰে হ’ব৷ এটা প্ৰাংগনতেই সন্মিলন কক্ষ, এক্সপ’ কক্ষ, মিটিং কক্ষ, হোটেল, বজাৰ,কাৰ্যালয়, বিনোদন এনেকুৱা অনেক সুবিধা এটা স্থানতেই বিকশিত হ’ব৷

এতিয়া দেশৰ ৰাজধানীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ আয়োজনৰ বাবে আমি বাৰে বাৰে চিন্তা কৰিব লাগে যে কৰিম নে নকৰিম, বিশ্বৰ জনতাক মাতিম নে নামাতিম, সেই দোধোৰ–মোধোৰ অৱস্থাৰ পৰা আমি বাহিৰলৈ আহিম৷ ইয়াত নিৰ্মাণ হ’বলগীয়া ক’নভেনচন হল এনেকুৱা এটা স্থানত নিৰ্মাণ হৈছে যে য’ত দহ হাজাৰ লোকে একেলগে বহিবলৈ সুবিধা পাব৷ বহাৰ সামৰ্থৰ ফালৰ পৰা বিশ্বৰ ভিতৰত শীৰ্ষৰ পাঁচ আৰু এচিয়াৰ শীৰ্ষৰ তিনি নম্বৰ স্থানৰ বাবে ই প্ৰসিদ্ধ হ’ব৷

সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে বিগত চাৰিটা বৰ্ষত যি সকলোতকৈ ডাঙৰ কাম কৰাৰ পৰম্পৰা বিকশিত হৈছে সেই পৰম্পৰাক ই বিস্তাৰিত কৰিব৷ ই ভাৰতৰ সকলোতকৈ বৃহৎ ক’নভেন আৰু এক্সপ’ চেণ্টাৰ হিচাপে প্ৰসিদ্ধ হ’ব৷

বন্ধুসকল, এই চৰকাৰে দেশৰ বিকাশক বাবে অভূতপূৰ্ব যোজনাসমূহৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে৷ সকলোতকৈ দীঘল সুৰংগ নিৰ্মাণৰ কাম অথবা সকলোতকৈ দীঘল গেছ পাইপ লাইন বহোৱাৰ কাম, অথবা সাগৰৰ ওপৰত সকলোতকৈ দীঘল দলং বনোৱাৰ কাম অথবা সকলোতকৈ ডাঙৰ ম’বাইল নিৰ্মাণ কাৰখানা বনোৱাৰ কাম, দেশৰ প্ৰতিখন গাঁৱলৈ ব্ৰডবেণ্ড সংযোগ যোগানৰ কাম, দেশৰ প্ৰতিখন গাঁও আৰু প্ৰতিটো পৰিয়াললৈ বিদ্যুৎ যোগানৰ কাম, সকলোতকৈ ডাঙৰ বিত্তীয় সমাপনৰ আন্দোলন, গ্ৰামীণ ক্ষেত্ৰৰ সকলোতকৈ ডাঙৰ বেংকিং নেটৱৰ্ক, ইণ্ডিয়া পোষ্ট পে’মেণ্ট বেংকৰ কাম, জিএছটিৰ ৰূপত সকলোতকৈ ডাঙৰ পৰোক্ষ কৰৰ কাম,স্বচ্ছ ভাৰতৰ ৰূপত সকলোতকৈ ডাঙৰ জন আন্দোলন কৰাৰ কাম, আৰু এতিয়া দেশ তথা বিশ্বৰ সকলোতকৈ ডাঙৰ স্বাস্থ্য সেৱা আঁচনি আয়ুষ্মান ভাৰতৰ কাম এই চৰকাৰে কৰিছে৷

এইসমূহ উদাহৰণ কেৱল দেশৰ কায়িক আৰু সামাজিক আন্তঃগাঁথনিক নতুন দিশ প্ৰদান কৰা প্ৰকল্পই নহয়, একবিংশ শতিকাৰ ভাৰত, নতুন ভাৰতৰ দ্ৰুতি, স্কেল আৰু দক্ষতাৰো প্ৰতীক৷

বন্ধুসকল, আজি দেশৰ প্ৰতিটো অংশ যি বিশ্বমানৰ ব্যৱস্থা প্ৰৱৰ্তন হৈছে, সেইসমূহৰ মাজত আইআইচিচিৰ নামো জড়িত হ’বলৈ গৈ আছে৷ প্ৰতিটো আধুনিক প্ৰযুক্তিৰে সমগ্ৰ পৰিসৰত দেশ–বিশ্বৰ ব্যৱসায়িক নেতাৰ বাবে সকলো সুবিধা ইয়াত প্ৰাপ্ত হ’ব যাৰ আশা তেওঁলোকে বিশ্বৰ ষষ্ঠ সকলোতকৈ বৃহৎ অৰ্থ ব্যৱস্থাৰ পৰা কৰিছে৷ সেই অৰ্থ ব্যৱস্থা যি ৮ শতাংশ গতিৰে বিকশিত কৰি আছে৷ যি অনাগত ৫–৭ বছৰত ৫ ত্ৰিলিয়ন আৰু অনাগত এক–ডেৰ দশকত ১০ ত্ৰিলিয়ন ডলাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰি দ্ৰুত গতিৰে ধাৱমান হৈছে৷

মই এয়া জানি সুখী হৈছোঁ যে এই পৰিসৰ যাতায়াতৰ আধুনিক সুবিধাৰ দ্বাৰা ভালকৈয়ে সংযোজিত হ’ব৷ হাই স্পীড মেট্ৰ’ৰ পৰা বিমানবন্দৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযোজিত হ’ব৷ মিটিং হওক, বিজনেছ ইনকিউবেচন চেণ্টাৰ হওক, ইভেণ্ট মেনেজমেণ্ট সেৱা হওক, মনোৰঞ্জন হওক, শ্ব’পিং হওক অথবা পৰ্যটনৰ সৈতে জড়িত ব্যৱস্থা, সকলো এটা স্থানতে উপলব্ধ হ’ব৷

এই প্ৰকল্প চৰকাৰৰ সেই সংকল্পৰ অংশ যাৰ দ্বাৰা ভাৰতৰ বিকাশৰ ধাৰাৰ সৈতে জড়িত সকলো আন্তঃগাঁথনিক শক্তিশালী কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, আমি বিশ্বৰ য’তেই নাযাওঁ কিয়, প্ৰায়েই দেখা পাঁও যে সৰু সৰু দেশতো বৃহৎ বৃহৎ সন্মিলন অনুষ্ঠিত হয়৷ এই ধৰণৰ আধুনিক ব্যৱস্থাৰ নিৰ্মাণৰ বাবে বহুতো দেশ সন্মলিন পৰ্যটনৰ কেন্দ্ৰ হিচাপে প্ৰসিদ্ধ হৈছে৷ কিন্তু আমাৰ ইয়াত ইমান বছৰে এই দিশত একো চিন্তা কৰা হোৱা নাছিল৷ বৃহৎ বৃহৎ সন্মিলন অথবা আমাৰ বাণিজ্য মেলা অনুষ্ঠিত কৰিবলৈ সাধাৰণতে ঘূৰি–পৰি আমাৰ সেই একেটাই স্থান, প্ৰগতি ময়দান; সকলো তাতেই সীমাৱদ্ধ হৈছিল৷ আৰু সি নিজৰ শক্তি হেৰুৱাই পেলাইছিল৷ এতিয়া এই চিন্তাৰ পৰিৱৰ্তন হৈছে৷ আৰু তাৰ পৰিণাম স্বৰূপেই ইয়াৰ আয়োজন কৰা হৈছে৷

দেশৰ ৰাজধানী দিল্লীতেই নহয়, আনকি অন্য ৰাজ্যতো আইআইচিচিৰ দৰে চেণ্টাৰৰ নিৰ্মাণে ব্যৱসায়িক সংস্কৃতিৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ পক্ষক শক্তিশালী কৰিব৷ আমাৰ দেশত সন্মিলন পৰ্যটনৰ এক পৰিৱেশ তন্ত্ৰ বিকশিত হ’ব৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন, ডাঙৰ ডাঙৰ উদ্যোগৰ বাৰ্ষিক সাধাৰণ সভা, চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যসূচী, এই ধৰণৰ চেণ্টাৰত সহজেই আয়োজন কৰিব পৰা হ’ব৷ এই আধুনিক ক’নভেচন কেন্দ্ৰই এক প্ৰকাৰে ইজ অৱ লিভিঙো সহজ কৰি তুলিব৷ পেণ্ডেলৰ চিন্তা নাই, পানী–বিজুলীৰ চিন্তা নাই, বতৰৰ চিন্তা নাই, এক ৰেডি টু ইউজ ব্যৱস্থা হ’ব য’ত অধিকতম লোকৰ ব্যৱহাৰৰ বাবে সহজেই উপলব্ধ হ’ব৷

ব্যৱসায়িক কাৰ্যকলাপেই হওক, সাংস্কৃতিক কাৰ্যকলাপেই হওক, যেতিয়া চহৰত এই কাৰ্যসূচীৰসমূহৰ বাবে কেন্দ্ৰ থাকিব তেতিয়া সমগ্ৰ চহৰে ইয়াৰ সুবিধা পাব৷ এই ক’নভেনচন কেন্দ্ৰ চহৰসমূহৰ পৰিচয় হৈ উঠিব৷

বন্ধুসকল, আইচিচি ভাৰতৰ প্ৰত্যয়জনক ধাৰাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চমক প্ৰদান কৰাৰ এক সুন্দৰ মাধ্যম হিচাপে বিবেচিত হ’ব৷ মই আশা প্ৰকাশ কৰিছোঁ যে যেতিয়া ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব তেতিয়া সন্মিলন পৰ্যটন, এমআইচি অৰ্থাৎ meeting incentive conferences and exhibition ৰ এক গুৰুত্বপূৰ্ণ লক্ষ্যস্থানৰ ৰূপত ভাৰতৰ পৰিচয় শক্তিশালী হ’ব৷

আইআইচিচিৰ ৰূপত দেশৰ ব্যৱসায়ী, উদ্যোগীসকল আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰিবলৈ, তেওঁলোকৰ পৰিচয় স্থাপন কৰিবলৈ সহজ সাধনো হ’ব৷ বিশেষকৈ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যমীসকলে নিজৰ প্ৰচাৰৰ বাবে ইমান খৰচ কৰিব নোৱাৰে৷ তেওঁলোকৰ বাবে এয়া গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে প্ৰসিদ্ধ হ’ব৷ তেওঁলোকে ইয়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু বিক্ৰেতাৰ সৈতে প্ৰত্যক্ষভাৱে মিলিত হ’ব পাৰিব৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তিৰ বিষয়ে সহজে গম পাব আৰু নিজৰ উদ্যোগ সেই অনুৰূপত কাৰ্যকৰী কৰিব পাৰিব৷

এই সুবিধাই চৰকাৰৰ সেইসমূহ প্ৰয়াসক বল প্ৰদান কৰিব যাৰ অধীনত এমএচএমই অৰ্থাৎ মজলীয়া আৰু ক্ষুদ্ৰ দক্ষতাক সৱলীকৰণ কৰা হ’ব৷ এয়াই নহয়, ষ্টাৰ্ট আপৰ বাবেও ব্যাপক সুবিধাৰ সৃষ্টি হ’ব৷ ষ্টাৰ্ট আপৰ বাবে ডাঙৰ সমস্যাটো হ’ল নিজৰ বিচাৰ ধাৰা বিনিয়োগকাৰীক উপস্থাপন কৰাটো৷ দেশৰ উদ্ভাৱনী তৰুণ প্ৰজন্মৰ বাবে ই এক বৃহৎ প্লেটফ’ৰ্মৰ ৰূপত প্ৰসিদ্ধ হ’ব৷ ইয়াত বিচাৰ ধাৰা আৰু উদ্ভাৱনৰ আলোচনাৰ পৰা আৰম্ভ কৰি বিনিয়োদ আৰু ব্ৰেণ্ডিঙৰ মাৰ্কেটিঙলৈ সকলোখিনি সহজেই কৰিব পৰা হ’ব৷

এয়া এই কাৰণেও গুৰুত্বপূৰ্ণ কিয়নো আজি ভাৰত ষ্টাৰ্ট আপৰ ক্ষেত্ৰত বিশ্বত সকলোতকৈ বৃহৎ পৰিৱেশ তন্ত্ৰ হিচাপে প্ৰসিদ্ধ হৈছে৷

আজি আমাৰ যুৱ প্ৰজন্মই ১০ হাজাৰতকৈও অধিক ষ্টাৰ্ট আপৰ ওপৰত কাম কৰি আছে৷ এনে ক্ষেত্ৰত এই আধুনিক ব্যৱস্থাই সমাজৰ প্ৰতিটো বৰ্গ, প্ৰতিটো শ্ৰেণীক লাভান্বিত কৰিব৷ ডাঙৰ কথা এয়ে যে এই চেণ্টাৰে দেশৰ পাঁচ লাখ যুৱ প্ৰজন্মক নিয়োজনৰ সুবিধা প্ৰদান কৰিব৷ এয়া কেৱল দেশৰ আৰ্থিক আৰু সাংস্কৃতিক শক্তিৰ প্ৰদৰ্শনেই নহয়, এই স্থান লক্ষাধিক দুখীয়া, মধ্যবিত্ত পৰিয়াৰ জীৱনত নতুন দিশ প্ৰদান কৰিবলগীয়া প্ৰকল্প হয়৷ দেশৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান, দক্ষতা কেন্দ্ৰ অথবা কোনো বিদ্যালয়–মহাবিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীৰ আকাংক্ষা পৰিৱৰ্তন কৰিব পৰাৰ শক্তি ইয়াৰ আছে৷

ভাতৃ আৰু ভগ্নীসকল, আইআইচিচি আন্তঃগাঁথনিক সেই বৃহৎ প্ৰকল্পসমূহৰ বাস্তৱায়ন যাক মাজৰ চাৰিটা বৰ্ষত ভূমিত অৱতৰণ কৰা হৈছে৷ এনে প্ৰকল্পই লক্ষাধিক যুৱকৰ বাবে নিয়োজনৰ সুবিধাৰ সৃষ্টি কৰিব৷ চাকৰিয়েই হওক, কৃষি অথবা নিক্মাণ; সকলো ক্ষেত্ৰতে বৃহৎ মাত্ৰাত নিয়োজনৰ সুবিধা সৃষ্টি হৈ আছে৷ প্ৰতিবেদনে কয় যে দেশৰ তথ্য প্ৰযুক্তি খণ্ডতো নিয়োজন সৃষ্টিত সাংঘাটিক বিকাশ হোৱা পৰিলক্ষিত হৈছে৷

ৰিটেইল ক্ষেত্ৰত অভূতপূৰ্ব অৱকাশৰ সৃষ্টি হৈছে৷ অকলে ই–কমাৰ্চ ক্ষেত্ৰই ৫০ নিযুত ডলাৰতকৈও অধিক ৰাজহ সৃষ্টি কৰি আছে৷ যিমানেই ই ব্যাপক হৈ আছে সিমানেই অধিক নিয়োজনো প্ৰদান কৰি আছে৷

বন্ধুসকল, চাকৰিৰ লগতে নিৰ্মাণ ক্ষেত্ৰও আজি মেক ইন ইণ্ডিয়াৰ শক্তিৰে আগবাঢ়িছে৷ ভাৰত আজি ম’বাইল নিৰ্মাণৰ কেন্দ্ৰ হৈছে, যাৰ দ্বাৰা দেশৰ চাৰি–চাৰে চাৰি লাখতকৈও অধিক যুৱ প্ৰজন্মই বিগত চাৰিটা বৰ্ষত নিয়োজনৰ সুবিধা লাভ কৰিছে৷ আজি এনে পৰ্যায় আহি পৰিছে যে আমি ম’বাইল ৰপ্তানিও কৰিছো লগতে ৮০ শতাংশ ম’বাইল ফোন দেশত নিৰ্মাণ হৈ আছে৷ ইয়াৰ দ্বাৰা বিদেশী মুদ্ৰাৰ ৰূপত তিনি লাখ কোটি টকা দেশৰ ৰাহি হৈছে৷

বন্ধুসকল, বিগত চাৰিটা বৰ্ষত দেশৰ স্বচ্ছ আৰু মেৰিট বেছ ব্যৱসায়ৰ পৰিৱেশ সৃষ্টি হৈছে৷ আজি দেশৰ টেলিকম খণ্ড, ৫০০ বৰ্ষ পূৰ্বৰ অন্ধকাৰৰ পৰা বাহিৰলৈ আহিছে৷ আজি এয়া দেশৰ সকলোতকৈ বিকশিত খণ্ডত অন্তৰ্ভুক্ত হৈছে৷ দেশে এতিয়া ৫জি নেটৱৰ্ক আন্তঃগাঁথনিৰ দিশলৈ ধাৱমান হৈছে৷ পাৰদৰ্শী টেণ্ডাৰিং ব্যৱস্থা আৰু ডিজিটেল ইণ্ডিয়াৰ অভিযানৰ দ্বাৰা ই অতুলনীয় গতি প্ৰাপ্ত কৰিছে৷ আজি ভইচ কল প্ৰায় বিনামূলীয়া আৰু এক জিবি ৪জি ডাটা ২৫০–৩০০ টকাৰ পৰা হ্ৰাস হৈ ১৯–২০ টকা হৈছে৷ দেশৰ সাধাৰণ ব্যক্তিয়ে ইণ্টাৰনেটৰ সুবিধা পাইছে অৰ্থাৎ উদ্যোগটোৱে ব্যৱসায়ৰ এক নতুন অৱকাশ প্ৰাপ্ত কৰিছে৷

টেলিকমৰ সৈতে দেশৰ পৰ্যটন ক্ষেত্ৰও নিৰন্তৰ বিকাশৰ নতুন কীৰ্তিমান স্থাপন কৰিছে৷ দেশত নিয়োজনৰ লক্ষাধিক অৱকাশ নিৰ্মাণ হৈছে৷

বন্ধুসকল, দেশ প্ৰণালীৰ মাধ্যমেৰে চলে, সংস্থাসমূহৰ দ্বাৰা আগবাঢ়ে আৰু ই দুই–চাৰি মাহত, দুই–চাৰি বছৰত নিৰ্মাণ নহয়, এয়া বৰ্ষজুৰি সামূহিক বিকাশৰ পৰিণামৰ ফলতহে হয়৷ আৰু ইয়াত গুৰুত্বপূৰ্ণ কথা এয়ে যে সিদ্ধান্ত সময়ত গ্ৰহণ কৰিব লাগে আৰু ইয়াক পেলাই নথৈ শীঘ্ৰে প্ৰণয়ন কৰিব লাগে৷

এতিয়া এই ক্ষুদ্ৰ বেংকৰ একত্ৰীকৰণৰ সিদ্ধান্তকেই লওক, ইমানবোৰ চৰকাৰী বেংকৰ কি আৱশ্যকতা আছে৷ ইয়াকে লৈ আমি বৰ্ষজুৰি তৰ্ক কৰি আহিছোঁ৷ প্ৰায় আঢ়ৈ দশক পূৰ্বে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰাৰ কথা আৰম্ভ হৈছিল৷ কিন্তু এই দিশত আগবঢ়াৰ সাহস,পূৰ্বতেও ইয়াৰ চৰ্চা হৈছিল, কিন্তু কোনেও সাহস কৰা নাছিল৷ কিন্তু বিগত ৫০ মাহ এই কথাৰ সাক্ষী যে এনডিএৰ এই ৰাষ্ট্ৰ চৰকাৰে ৰাষ্ট্ৰৰ হিতৰ বাবে কঠোৰ সিদ্ধান্ত লোৱাত কেতিয়াও পিছ নোহোহকে৷ বৰ্ষজুৰি ওলমি থকা সিদ্ধান্তসমূহৰ সম্পূৰ্ণ শক্তিৰ সৈতে ভূমিত অৱতৰণ কৰা হৈছে৷ পূৰ্বে ভাৰতীয় ষ্টেট বেংকৰ সৈতে ক্ষুদ্ৰ বেংকসমূহ একত্ৰীকৰণ কৰা হ’ল আৰু এতিয়া তিনিটা বেংকক একত্ৰীকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ আৰু মোৰ মনত আছে, তিনি –চাৰি বছৰ পূৰ্বে যেতিয়া সংশোধনীৰ চৰ্চা হৈছিল তেতিয়া কিছুমান লোকে বঢ়াই মিলি লিখিছিল যে যদি মোদীয়েই বেংকসমূহ একত্ৰীকৰণ কৰি দেখুৱাব পাৰে তেন্তে আমি মানিম যে মোদীয়ে কিবা এটা কৰিছে৷ এতিয়া এয়া যেতিয়া হ’বলৈ ধৰিছে, কি জানো হ’ল তেওঁলোকৰ কলমসমূহ নিটাল হৈ পৰিল, স্তব্ধ হৈ গ’ল৷

জিএছটিয়েই হওক, বিমুদ্ৰাকৰণেই হওক, বেনামী সম্পত্তিৰ আইনেই হওক, ইনছলভেন্সী কোডেই হওক, পলৰীয়া আৰ্থিক অপৰাধীৰ সৈতে জড়িত আইনেই হওক– তিনি লাখতকৈও অধিক সন্ধিগ্ধ উদ্যোগৰ পঞ্জীয়ন ৰদ কৰাই হওক, এই সকলো সিদ্ধান্ত ন্যায়পূৰ্বকভাৱে আৰু পাৰদৰ্শী ব্যৱসায়িক পৰিৱেশ সৃষ্টি কৰাৰ বাবে চৰকাৰৰ এই প্ৰতিবদ্ধতাৰ জাগ্ৰত উদাহৰণ৷

বন্ধুসকল, দেশত বিগত চাৰিটা বৰ্ষত চাৰিও দিশত বিকাশ এই বাবেই সম্ভৱ হ’ল, সেই সংসাধনসমূহৰ দ্বাৰাই চৰকাৰে উন্নত কাম এই বাবেই কৰিব পাৰিলে কাৰণ ৰাষ্ট্ৰৰ হিত সৰ্বোপৰি কৰা হ’ল৷ ব্যৱস্থাসমূহক উপযুক্ত দিশৰ পিনে পোনোৱা হ’ল৷

বন্ধুসকল, মই আপোনালোকক বিশ্বাস প্ৰদান কৰিব বিচাৰিছোঁ যে জনহিতৰ অৰ্থে কঠিনত কৈও কঠিন সিদ্ধান্ত লোৱাৰ পৰিৱেশ বাহাল থাকিব৷ আজি দেশত প্ৰত্যাহ্বানৰ পিছতো ভাৰতৰ অৰ্থ ব্যৱস্থাৰ ভেঁটি দিনে দিনে সুদৃঢ় হ’বলৈ ধৰিছে৷ মৌলিক আন্তঃগাঁথনি শক্তিশালী হৈছে, সমাপনৰ বাবে নিৰন্তৰ প্ৰয়াস কৰা হৈছে৷ অনাগত সময়ত বিশ্ব বাণিজ্যক জিডিপিৰ ৪০ শতাংশ পৰ্যন্ত কৰিবলৈ যি লক্ষ্যক লৈ আমি আগবাঢ়িছোঁ তাত এক ত্ৰিলিয়ন ডলাৰ নিৰ্মাণ আৰু কৃষিৰ খণ্ডৰ বাবে হওক, এয়া প্ৰয়াস কৰা হৈছে৷

এয়া চৰকাৰ প্ৰচেষ্টাৰ ফলতেই ইজ অৱ ডুয়িং বিজনেছত ৰেংকিঙত ভাৰতে চাৰিটা বৰ্ষত ৪২ অংক পৰ্যন্ত আগবাঢ়িছে৷ এয়াও এক প্ৰকাৰৰ অভিলেখ৷ এতিয়া ৰাজ্যসমূহৰ মাজতো এক প্ৰতিযোগিতাৰ সৃষ্টি হৈছে যে কোনে নিজৰ ৰেংকিং সংশোধন কৰিব পাৰে৷ ইজ অৱ ডুয়িং বিজনেছৰ এই প্ৰতিযোগিতাই জনসাধাৰণৰ ইজ অৱ লিভিঙৰ মান বৃদ্ধি কৰিছে৷

ৰূপান্তৰণৰ আমাৰ এয়া যি প্ৰয়াস, এতিয়া এয়া জিলা, তহচীল পৰ্যায়লৈ প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে৷ আজি জিলা পৰ্যায়তো ইজ অৱ ডুয়িং বিজনেছৰ পদক্ষেপসমূহৰ ওপৰত ধ্যান দিয়া হৈছে৷ ইয়াৰ বাবে এক সম্পূৰ্ণ এক্সেল পৰিকল্পনাত কাম চলিব ধৰিছে৷ চৰকাৰে এয়া প্ৰয়াস কৰি আছে যে অনাগত সময়ত জিলাৰ জিডিপিত ২ৰ পৰা ৩ শতাংশ বৃদ্ধি কিদৰে হওক, তাৰ প্ৰণালী কি হ’ব, পদক্ষেপ কি হ’ব,অগ্ৰাধিকাৰ কি হ’ব৷ চৰকাৰৰ এয়াই চিন্তা যে যদি ৰূপান্তৰণক স্থায়ী কৰিব লাগে তেন্তে এই ভূমিত তাৰ প্ৰভাৱসমূহ পৰিলক্ষিত হ’ব লাগে৷

বন্ধুসকল, আমাৰ দেশ যিমান ডাঙৰ, আমাৰ দেশত যিমান তৰুণ প্ৰজন্ম আছে, সিমানেই ডাঙৰ সপোনৰ অধিকাৰ এই দেশৰ আছে,সেই সপোন দেখাৰ অধিকাৰ আছে৷ সেই সপোনসমূহক বাস্তৱায়িত কৰাৰ অধিকাৰ আছে৷ ইয়াক বাস্তৱায়িত কৰাত সহায় কৰা দায়িত্ব চৰকাৰৰ সৈতে দেশৰ উদ্যোগ জগতৰো হয়৷ আপোনালোক সকলোৰে হয়৷

মোৰ বিশ্বাস যে আমি সকলোৱে মিলি নতুন ভাৰতৰ যুৱ আকাংক্ষাসমূহক বাস্তৱায়িত কৰাত সম্পূৰ্ণ শক্তিৰে সৈতে কাম কৰিম৷ অনাগত এক ডেৰ বৰ্ষৰ ভিতৰত আইআইচিচিৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হৈছে৷ ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত আৰু ইয়াৰ সৈতে জড়িত লোকক মই অলেখ অভিনন্দন জ্ঞাপন কৰিছোঁ৷ আৰু মোক কোৱা হৈছে এতিয়া এই পৰিসৰত প্ৰায় আঢ়ৈ হাজাৰ লোকে ইতিমধ্যেই কাম কৰি আছে৷ অৰ্থাৎ আধাৰশিলা স্থাপনৰ পূৰ্বেই কামৰ সম্পূৰ্ণ পৰিকাঠামো প্ৰস্তুত কৰি আগবাঢ়িছে৷

মোৰ বিশ্বাস যে যি সপোনক লৈ আমি আগবাঢ়িছোঁ আৰু পৰিৱৰ্তনীয় বিশ্বত, বিশ্বজনীন অৰ্থনীতিৰ যুগত ভাৰতে নিজকে কেৱল প্ৰাসংগিকেই নহয়, এক নেতাৰ ৰূপত নিজকে প্ৰস্তত কৰাৰ সামৰ্থ লৈ আগবাঢ়িছে৷ এই সপোনৰ বাবেই সকলোৱে একেলগে আগবাঢ়িব লাগিব৷ মই পুনৰ বাৰ সম্পূৰ্ণ টীমটোক এই কামটোক সময়মতে উত্তম প্ৰকাৰে, উত্তম নিৰ্মাণৰ সৈতে, উত্তম গতি প্ৰদান কৰাৰ বাবে মোৰ শুভকামনা যাচিলোঁ৷

বহুত বহুত ধন্যবাদ৷       

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism

Media Coverage

India's manufacturing outlook remains resilient despite global headwinds; machine tools, metals and auto lead optimism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves a Road Construction project in Uttar Pradesh worth Rs.7145.14 crore
July 01, 2026

The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, today has approved the construction of 117.7 km Kanpur–Kabrai Access-Controlled Greenfield Highway, a four-lane access-controlled corridor with structures designed for future six-laning, forming a key segment of the Bhopal–Kanpur Economic Corridor under the National Highways (O) Programme. With an estimated total capital cost of Rs.7145.14 crore, the project will be implemented by the National Highways Authority of India (NHAI) on BOT (Toll) mode, together with the operation and maintenance of the existing Kanpur-Kabrai section of NH-34.

The project will provide seamless, high-speed connectivity between Kanpur and Kabrai, while strengthening onward connectivity to Sagar, Bhopal and other parts of Madhya Pradesh, thereby creating a modern access controlled economic corridor linking the industrial and commercial centres of Uttar Pradesh with mineral-rich, manufacturing and agricultural regions of Madhya Pradesh thereby improving.

Designed for operating speeds of 80–100 kmph, the corridor will reduce travel time between Kanpur and Kabrai from 3.5 hours to 1.5 hours (58%), while improving road safety, reducing vehicle operating costs and facilitating efficient movement of passenger and freight traffic. The project will also provide strategic connectivity with NH-34, NH-35, the Bundelkhand Expressway, Kanpur Ring Road, and State Highways SH-46, SH-91, SH-10B and SH-42, thereby strengthening integration with the regional highway network. The corridor further strengthen connectivity to the Kabrai mining belt, improving the movement of minerals, industrial goods, construction materials and agricultural produce, thereby enhancing logistics efficiency, supply chain resilience and regional economic development.

Aligned with the PM GatiShakti National Master Plan, the project will improve connectivity to 16 Economic Nodes, including the Unnao, Banther, Pankhi, Rania, Jainpur, Rooma, Chakeri, Sumerpur and Bhuragarh Industrial Areas, Trans Ganga Integrated Township, Growth Centre Jaipur, Kanpur Nagar Node and Bengal Chemicals & Pharmaceuticals Ltd. It will also strengthen connectivity to 9 Social Nodes, namely Fatehpur, Mahoba, Kanpur Zoological Park, Buddha Park, J.K. Temple & Garden, Radha Krishna Temple, Siddheshwar Mahadev Temple, Gopeshwar Mandir and Mahoba Tourist Place, and 10 Logistics Nodes, including Kanpur, Ghatampur, Hamirpur, Mahoba, Kabrai, Bharwa Sumerpur and Banda Railway Stations, together with Kanpur, Chakeri and Khajuraho Airports.

Overall, improve logistics competitiveness, industrial development and economic growth across Bundelkhand and adjoining regions of Uttar Pradesh and Madhya Pradesh, while advancing the objectives of PM GatiShakti.

The project is expected to generate approximately 11,188 direct and 13,985 indirect person-days of employment per lane per km during construction and is projected to carry an Annual Average Daily Traffic (AADT) of about 18,069 Passenger Car Units (PCUs) by FY 2028, underscoring its long-term economic, logistics and transport significance. The proposed project will thus generate close to 1.2 Crore person-days of direct employment and indirect employment.

Map of Corridor: