Today, India is inspiring to become a 5 trillion dollar economy: PM Modi
India’s innovation is a great blend of Economics and Utility. IIT Madras is born in that tradition: PM
We have worked to create a robust ecosystem for innovation, for incubation for research and development in our country: PM

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বানৱাৰীলাল পুৰোহিত ডাঙৰীয়া, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এডাপাড্ডি কে. পালানিস্বামী ডাঙৰীয়া, মোৰ সহকৰ্মী ৰমেশ পখৰিয়াল ‘নিশাংকজী’, উপ মুখ্যমন্ত্ৰী অ’ পনীৰছেলভাম ডাঙৰীয়া, আই আই টি মাদ্ৰাছৰ অধ্যক্ষ, প্ৰশাসনৰ সদস্যসকল, সঞ্চালক, এই মহান শিক্ষানুষ্ঠানখনৰ শিক্ষকমণ্ডলী, সন্মানীয় অতিথিসকল আৰু মোৰ যুৱ বন্ধুসকল যি সোণালী ভৱিষ্যতৰ দুৱাৰডলিত থিয় দি আছে৷ আজি ইয়াত উপস্থিত হৈ যথেষ্ট সুখী অনুভৱ কৰিছো৷

বন্ধুসকল,

মই সন্মুখত এখন ক্ষুদ্ৰ ভাৰত আৰু নতুন ভাৰতৰ সত্বা দেখিবলৈ পাইছো৷ ইয়াত আছে শক্তি, উদ্দীপনা আৰু ধনাত্মক ভাৱ৷ মই আপোনালোকক ডিগ্ৰীসমূহ প্ৰদান কৰাৰ মুহূৰ্তত আপোনালোকৰ চকুত ভৱিষ্যতৰ সপোন দেখিবলৈ পাইছো৷ মই আপোনালোকৰ চকুত ভাৰতৰ ভাগ্য দেখিবলৈ পাইছো৷

বন্ধুসকল,

মই স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলৰ পিতৃ–মাতৃকো অভিনন্দন জনাইছো৷ তেওঁলোকৰ গৌৰৱ আৰু আনন্দ অনুভূত কৰিবলৈ পাৰিছো৷ তেওঁলোকে কষ্ট কৰিছে, তেওঁলোকে আপোনালোকক এই জীৱন প্ৰদান কৰিবলৈ ত্যাগ স্বীকাৰ কৰিছে৷ তেওঁলোকে আপোনালোকৰ সপোনক ডেউকা প্ৰদান কৰিছে যাতে আপোনালোকে উৰিব পাৰে৷ এই গৌৰৱ আপোনালোকৰ শিক্ষকসকলৰ চকুতো প্ৰদৰ্শিত হৈছে৷ তেওঁলোকে নিৰলস প্ৰয়াসেৰে কেৱল এজন সু অভিযন্তাই নহয়, এজন সু নাগৰিকো সৃষ্টি কৰিছে৷

এই ক্ষেত্ৰত মই আন কৰ্মীসকলৰ ভূমিকাৰ বিষয়েও আলোকপাত কৰিবলৈ বিচাৰিছো৷ তেওঁলোকে নীৰৱে আপোনালোকৰ বাবে খাদ্য প্ৰস্তুত কৰিছে, শ্ৰেণীকোঠা পৰিষ্কাৰকৈ ৰাখিছে, হোষ্টেল পৰিষ্কাৰকৈ ৰাখিছে৷ আপোনালোকৰ সফলতাত তেওঁলোকেও ভূমিকা গ্ৰহণ কৰিছে৷ আগলৈ যোৱাৰ প্ৰাক্ মুহূৰ্তত মই মোৰ শিক্ষাৰ্থী বন্ধুসকলক আহ্বান জনাইছো যে তেওঁলোকে যাতে থিয় হৈ হাত চাপৰিৰে শিক্ষক, অভিভাৱক আৰু সমৰ্থন কৰ্মীসকলৰ সন্মানাৰ্থে অভিবাদন জনায়৷

বন্ধুসকল,

এইখন এখন উল্লেখযোগ্য প্ৰতিষ্ঠান৷ মোক কোৱা হৈছে যে ইয়াত পৰ্বত গতিশীল হয় আৰু নদী স্থিতিশীল হৈ পৰে৷ আমি তামিলনাডু ৰাজ্যত উপস্থিত আছো যাৰ এক বিশেষ পৰিচয় আছে৷ ই বিশ্বৰ সবাতোকৈ পুৰণি ভাষা–তামিলৰ গৃহভূমি৷ আৰু ভাৰতৰ সবাতোকৈ নতুন ভাষা –আই আই টি মাদ্ৰাছ ভাষাৰ গৃহভূমি৷ ইয়াত বহু বস্তু আছে যিবোৰৰ অভাৱ আপোনালোকে অনুভূত কৰিব৷ আপোনালোকে নিশ্চয়কৈ সাৰংগ আৰু শাস্ত্ৰৰ অভাৱ অনুভূত কৰিব৷ আপোনালোকে আপোলোকৰ উইং–মেটৰ অভাৱ অনুভূত কৰিব৷ কিন্তু এনে কিছুমান বস্তুও আছে যাৰ অভাৱ আপোনালোকে অনুভূত নকৰে৷ বিশেষকৈ এতিয়াৰে পৰা কোনো ভয় নোহোৱাকৈ আপোনালোকে উন্নত গুণগতমানৰ জোতা কিনিব পাৰিব৷

বন্ধুসকল,

আপোনালোক অতিশয় ভাগ্যৱান৷ আপোনালোকে এনে এক সময়ত এই উল্লেখযোগ্য প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হৈ ওলাইছে যিটো সময়ত সমগ্ৰ বিশ্বই ভাৰতক অনন্য সুযোগৰ স্থান হিচাপে প্ৰত্যক্ষ কৰি আছে৷  মই অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰি আহি ঘৰ পাইছোহি৷ সেই ভ্ৰমণৰ সময়চোৱাত মই বিভিন্ন দেশৰ মুৰব্বী, ব্যৱসায়িক নেতা, উদ্ভাৱক, উদ্যমী, বিনিয়োগকাৰীৰ সৈতে সাক্ষাৎ কৰিছো৷ আমাৰ আলোচনাত এটা কথাৰ মিল আছিল৷ সেয়া হ’ল– নতুন ভাৰতৰ বিষয়ে আশাবাদ৷ আৰু ভাৰতৰ যুৱ প্ৰজন্মৰ সামৰ্থ সন্দৰ্ভত বিশ্বাস৷

বন্ধুসকল,

ভাৰতীয় সম্প্ৰদায়ে বিশ্বৰ বিভিন্ন প্ৰান্তত নিজৰ সুকীয়া পৰিচয় স্থাপন কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত৷ এইসমূহ কোনে চলাই আছে? ইয়াৰে অধিকাংশই হ’ল আপোনালোকৰ আই আই টিৰ জ্যেষ্ঠসকল৷ আপোনালোকে বিশ্বজনীনভাৱে ব্ৰেণ্ড ইণ্ডিয়াক প্ৰতিষ্ঠাপিত কৰিছে৷ অলপতে মই ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা যুৱ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিছিলো৷ আই আই টি স্নাতকৰ সংখ্যাই আপোনালোক আৰু মোক আচৰিত কৰিব! ইয়াৰ জৰিয়তে আপোনালোকে ভাৰতক অধিক বিকশিত দেশলৈ পৰিণত কৰিছে৷ উদ্যোগ জগতলৈও লক্ষ্য কৰিলে দেখা পাব যে তাৰেও বহু লোকে আই আই টিত অধ্যয়ন কৰিছে৷ সেয়ে আপোনালোকে ভাৰতক অধিক উন্নত দেশলৈ পৰিণত কৰিছে৷

বন্ধুসকল,

মই একবিংশ শতিকাৰ ভেঁটি তিনিটা গুৰুত্বপূৰ্ণ স্তম্ভ– উদ্ভাৱন, দলীয় কৰ্ম আৰু প্ৰযুক্তিৰ ওপৰত অৱস্থিত হোৱা দেখিবলৈ পাইছো৷ পৰস্পৰে পৰস্পৰক সমৃদ্ধ কৰিছে৷

বন্ধুসকল,

মই অলপতে ছিংগাপুৰ–ইণ্ডিয়া হেকাথনৰ পৰা আহিছো৷ তাত ভাৰত আৰু ছিংগাপুৰৰ উদ্ভাৱকসকলে একত্ৰিত হৈ কাম কৰি আছে৷ তেওঁলোকে সদৃশ প্ৰত্যাহ্বানসমূহৰ সমাধান সন্ধান কৰি আছে৷ তেওঁলোকে নিজৰ সম্পূৰ্ণ শক্তি এটা দিশত সমৰ্পিত কৰিছে৷ এই উদ্ভাৱকসকল বিভিন্ন পৃষ্ঠভূমিৰ পৰা আহিছে৷ তেওঁলোক সকলোৰে অভিজ্ঞতা ভিন্ন৷ কিন্তু তেওঁলোকে এনে এক সমাধানৰ দিশত অগ্ৰসৰ হৈছে যিয়ে কেৱল ভাৰত আৰু ছিংগাপুৰকে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বকে সমৃদ্ধ কৰিব৷ এয়াই হ’ল উদ্ভাৱন, দলীয় কৰ্ম আৰু প্ৰযুক্তিৰ শক্তি৷ ই কেৱল কেইজনমানক নহয়, সকলোকে উপকৃত কৰিব৷

আজি ভাৰত ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশলৈ পৰিণত হোৱাৰ দিশত আগবাঢ়িছে৷ আপোনালোকৰ উদ্ভাৱন, প্ৰত্যাশা আৰু প্ৰযুক্তিৰ কাৰ্যই ইয়াক নিশ্চয়কৈ ইন্ধন যোগাব৷ ই ভাৰতক সবাতোকৈ প্ৰতিদ্বন্ধী অৰ্থনীতিৰ দিশত অগ্ৰসৰ কৰাত সহায় কৰিব৷

বন্ধুসকল,

পুৰণি এখন প্ৰতিষ্ঠান কিদৰে একবিংশ শতিকাৰ প্ৰত্যাশাৰ সৈতে ফেৰ মাৰিব পৰাকৈ ৰূপান্তৰিত হ’ব পাৰে তাৰ এটা উৎকৃষ্ট উদাহৰণ হ’ল আই আই টি মাদ্ৰাছ৷ কিছুক্ষণ আগেয়ে মই এই কেম্পাছৰ গৱেষণা উদ্যানলৈ গৈছিলো৷ ই দেশৰ ভিতৰতে সৰ্বপ্ৰথম এনেধৰণৰ প্ৰয়াস৷ মই তাত এক অসাধাৰণ ষ্টাৰ্ট–আপৰ পৰিবেশ তন্ত্ৰ স্থাপিত হোৱা দেখিবলৈ পালো৷ মোক কোৱা হৈছে, তাত প্ৰায় ২০০টা ষ্টাৰ্ট–আপৰ উন্মেষণ হ’ব৷ সেয়া প্ৰত্যক্ষ কৰিবলৈ পোৱাটো মোৰ সৌভাগ্য৷ মই তাত বৈদ্যুতিক ম’বিলিটী, ইণ্টাৰনেট অব্ থিংছ, স্বাস্থ্য সেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু বহুতো প্ৰয়াস দেখিবলৈ পালো৷ এই সকলোবোৰ ষ্টাৰ্ট–আপে অনন্য ভাৰতীয় ব্ৰেণ্ড সৃষ্টি কৰা উচিত যিয়ে ভৱিষ্যতে বিশ্বৰ বজাৰত তেওঁলোকক প্ৰতিষ্ঠাপিত কৰিব পাৰিব৷

বন্ধুসকল,

ভাৰতৰ উদ্ভাৱন অৰ্থনীতি আৰু সামগ্ৰীৰ এক প্ৰধান উপাদান৷ আই আই টি মাদ্ৰাছ সেই পৰম্পৰাৰ ফলস্বৰূপেই জন্ম গ্ৰহণ কৰিছিল৷ ইয়াত শিক্ষাৰ্থী আৰু গৱেষণাকাৰীসকলে কঠিন সমস্যাসমূহ সমাধান কৰি সেয়া সকলোৰে বাবে ব্যৱহাৰযোগ্য তথা কৰ্মশীল কৰি তোলে৷ মোক কোৱা হৈছে, ইয়াৰ শিক্ষাৰ্থীসকলে ষ্টাৰ্ট–আপৰ সৈতে ইণ্টাৰ্ণ কৰে, তেওঁলোকৰ কোঠালিৰ পৰা আহাৰ–নিদ্ৰা অবিহনে কোড লিখে৷ সেই ভোক আৰু নিদ্ৰাবিহীনতা অংশটো বাদ দি মই আশা কৰিছো যে আগন্তুক সময়তো যাতে উদ্ভাৱন আৰু উৎকৃষ্টতা প্ৰাপ্তিৰ সেই সত্বা যাতে অব্যাহত থাকে৷

বন্ধুসকল,

আমি দেশত উদ্ভাৱন, গৱেষণা আৰু বিকাশৰ বাবে ইনকিউবেচনৰ পৰিবেশ তন্ত্ৰ স্থাপনৰ বাবে কাম কৰিছো৷ এতিয়া বিদ্যালয় পৰ্যায়তে মেচিন লাৰ্ণিং, কৃত্ৰিম বুদ্ধিমত্তা, ৰ’বটিকছ, ষ্টেট–অব্–আৰ্ট প্ৰযুক্তি আদি বিষয়সমূহৰ সৈতে শিক্ষাৰ্থীসকলক পৰিচিত কৰোৱা হৈছে৷ আমি সমগ্ৰ দেশতে অটল টিংকাৰিং লেব স্থাপন কৰাৰ বাবে কাম কৰি আছো৷

আপোনালোকৰ দৰে প্ৰতিষ্ঠানৰ পৰা কোনো শিক্ষাৰ্থীয়ে উদ্ভাৱন সম্পৰ্কীয় কাম কৰিবলৈ বিচাৰিলে বিভিন্ন প্ৰতিষ্ঠানত স্থাপন কৰা অটল ইনকিউবেচন চেণ্টাৰত কাম কৰিব পাৰে৷ ইয়াৰ পিছৰ প্ৰত্যাহ্বানটো হ’ল বজাৰ সন্ধান কৰা; ষ্টাৰ্ট–আপ বিকশিত কৰা৷ ষ্টাৰ্ট–আপ ভাৰত কাৰ্যসূচী আপোনালোকৰ এই প্ৰত্যাহ্বানসমূহত সহায় কৰিবলৈ সজ্বিত কৰা হৈছে৷ এই কাৰ্যসূচীয়ে উদ্ভাৱনকাৰীসকলক বজাৰ সন্ধান কৰাত সহায় কৰিব৷ তাৰোপৰি দেশত গৱেষণা আৰু বিকাশৰ উত্তৰণৰ বাবে আমি প্ৰধানমন্ত্ৰী গৱেষণা ফেল’ আঁচনিও প্ৰস্তুত কৰিছো৷

বন্ধুসকল,

এই সমূহ পদক্ষেপৰ ফলতেই ভাৰত আজি শীৰ্ষৰ তিনিটা ষ্টাৰ্ট–আপ অনুকূল পৰিবেশ তন্ত্ৰত উপনীত হ’বলৈ সক্ষম হৈছে৷ ষ্টাৰ্ট–আপত ভাৰতৰ সবাতোকৈ শ্ৰেষ্ঠতম পদক্ষেপটোৰ বিষয়ে আপোনালোকে জানে নে? এয়া হ’ল টায়াৰ–২, টায়াৰ–৩ চহৰ আনকি গ্ৰামীণ ভাৰতৰ পৰা উদ্ভাসিত লোকৰ শক্তি৷ ষ্টাৰ্ট–আপৰ বিশ্বত আপোনালোকে কোৱা ভাষাতকৈ আপোনালোকে লিখা কোডৰ প্ৰাধান্য অধিক৷ আপোনালোকৰ উপাধিৰ শক্তি ইয়াত অসাৰ৷ ইয়াত আপোনালোকে নিজে নিজৰ নাম সৃষ্টি কৰাৰ সুযোগ পায়৷ প্ৰতিভাত প্ৰাধান্য পায়৷

বন্ধুসকল,

আপোনালোকৰ মনত আছেনে কেনেদৰে আপোনালোকে আই আই টিৰ বাবে প্ৰস্তুতি চলাইছিল? মনত কৰক, কেনে কঠিন আছিল৷ কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰমে অসম্ভৱকো সম্ভৱ কৰি তুলিছে৷ আপোনালোকৰ বাবে বহু সুযোগে অপেক্ষা কৰি আছে, আটাইবোৰ সহজো নহয়৷ কিন্তু আজি অসম্ভৱ যেন লগা বস্তুটো আপোনালোকৰ প্ৰথমটো খোজৰ বাবে অপেক্ষা কৰি আছে৷ হতাশ নহ’ব৷ পৰ্যায়ক্ৰমত চিন্তা কৰিব৷ পৰ্যায়ক্ৰমে আগবাঢ়ি যোৱাৰ লগে লগে আপোনালোকে দেখিব যে সমস্যাবোৰ এটাৰ পিছত এটাকৈ সমাধান হ’ব ধৰিছে৷ মানুহৰ প্ৰয়াসৰ সৌন্দৰ্য এই সম্ভাৱনীয়তাতেই লুকাই আছে৷ সেয়ে কেতিয়াও সপোন দেখিবলৈ নেৰিব আৰু নিজকে প্ৰতিদ্বন্ধী কৰি ৰাখিব৷ এইদৰেই আপোলোকৰ উত্তৰণ হ’ব আৰু নিজৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব উদ্ভাসিত হ’ব৷

বন্ধুসকল,

মই জানো যে আপোনালোকে এই প্ৰতিষ্ঠান এৰাৰ পিছতে আপোনালোকৰ বাবে এক আকৰ্ষণীয় সুযোগে অপেক্ষা কৰি আছে৷ সেয়া সদ্ব্যৱহাৰ কৰক৷ কিন্তু মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছো৷ য’তেই আপোনালোকে কাম নকৰক কিয়, য’তেই আপোনালোকে বাস নকৰক কিয়, সদায়েই আপোনালোকৰ মাতৃভূমি ভাৰতৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখিব৷ আপোনালোকৰ কাম, উদ্ভাৱন আৰু গৱেষণাই ভাৰতৰ জনসাধাৰণক কিদৰে উপকৃত কৰিব পাৰে সেয়া চিন্তা কৰিব৷ এয়া কেৱল আপোনালোকৰ সামাজিক দায়িত্বই নহয়, ইয়াৰ জৰিয়তে ব্যৱসায়িক সত্বাও জাগ্ৰত হ’ব৷

আপোনালোকে আমাৰ ঘৰ, কাৰ্যালয়, উদ্যোগসমূহত পানীৰ পুনৰ ব্যৱহাৰৰ কম খৰচী আৰু উদ্ভাৱনী পথ সন্ধান কৰিব পাৰিবনে যাতে সতেজ পানীৰ নিষ্কাশন আৰু ব্যৱহাৰ হ্ৰাস হয়? আজি, সমাজ হিচাপে আমি এবাৰ ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ ঊৰ্ধলৈ আগুৱাব বিচাৰিছো৷ ইয়াৰ বাবে পৰিবেশ অনুকূল আন কি বিকল্প হ’ব পাৰে যি সদৃশ উপযোগীয়েই হ’ব কিন্তু ইয়াৰ অসুবিধাসমূহ নাথাকিব? ইয়াৰ বাবে আমি আপোনালোকৰ দৰে তৰুণ উদ্ভাৱনকাৰীসকলৰ পৰা আশা কৰিছো৷

অনাগত ভৱিষ্যতত বহু ৰোগে জনসাধাৰণৰ বিশাল অংশক আক্ৰান্ত কৰিব যি পৰম্পৰাগত ৰোগ নহ’ব৷ এয়া হ’ব লাইফষ্টাইল ৰোগ যেনে হাইপাৰ টেনচন, টাইপ–২ ডায়েবেটিছ, মেদবহুলতা আৰু উদ্বিগ্নতা৷ তথ্য বিজ্ঞান আৰু এই ৰোগ সম্পৰ্কীয় তথ্যৰ সহায়ত প্ৰযুক্তিবিদসকলে ইয়াৰ সমাধান সন্ধান কৰিব পাৰে৷

যেতিয়া প্ৰযুক্তি তথ্য বিজ্ঞান, চিকিৎসা, আচৰণগত বিজ্ঞান আৰু ঔষধৰ সৈতে সংবদ্ধ হয় তেতিয়া আকৰ্ষণীয় উদ্ভাৱনৰ সৃষ্টি হয়৷ এই ৰোগসমূহৰ প্ৰসাৰ বিপৰীতমুখী কৰাৰ কিবা উপায় আছে নে? ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা উপায় আছে নে? প্ৰযুক্তিয়ে ইয়াৰ উত্তৰ দিব পাৰিব নে? আই আই টিৰ শিক্ষাৰ্থীসকলে এই দায়িত্ব গ্ৰহণ কৰিব নে?

মই ফিটনেছ আৰু স্বাস্থ্য সেৱাৰ বিষয়ে কথা কও কিয়নো আপোনালোকৰ দৰে উত্তম পাৰদৰ্শীসকলে কামত ব্যস্ত হৈ থকাৰ বাবে স্বাস্থ্যক আওকাণ কৰে৷ মই আপোনালোকক ফিট ইণ্ডিয়া অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো যাতে ব্যক্তিগত ফিটনেছো অটুট থাকক আৰু স্বাস্ব্য সেৱাতো নতুন উদ্ভাৱন হওক৷

বন্ধুসকল,

আমি দুই ধৰণৰ লোক দেখা পাইছো যিয়ে জীৱন নিৰ্বাহ কৰে আৰু যাৰ কেৱল অস্তিত্বহে আছে৷ এয়া আপোনালোকৰ সিদ্ধান্ত যে আপোনালোকে কেৱল অস্তিত্ব হৈ থাকিব নে জীৱনটো সম্পূৰ্ণ উদযাপন কৰিব? এটা ম্যাদ উকলা ঔষধৰ বটলৰ কথা বিবেচনা কৰক৷ অৱশ্যে এটা বৰ্ষইও ইয়াৰ ম্যাদ হেৰুৱায়৷ বটলটো আছে৷ পেকেজিঙো দেখাত আকৰ্ষণীয় হ’ব পাৰে৷ ইয়াৰ ভিতৰত ঔষধো আছে কিন্তু ইয়াৰ কাম কি, জীৱনো এনে হ’ব পাৰে নে? জীৱন ৰঙীণ আৰু উদ্দেশ্যভিত্তিক হ’ব লাগে৷ আৰু জীৱন সম্পূৰ্ণভাৱে উদযাপন কৰিবলৈ উত্তম ৰেচিপিটো হ’ল শিকা, বুজা আৰু আনৰ বাব জীয়াই থকা৷

বিবেকানন্দই ঠিকেই কৈছে, ‘‘যিয়ে আনৰ বাবে জীয়াই তেওঁ অকলে জীয়াই’’৷

বন্ধুসকল,

আপোনালোকৰ অভিৱৰ্তনে আপোনালোকৰ শেহতীয়া অধ্যয়ন শেষ হোৱাৰ ইংগিত দিছে৷ কিন্তু আপোনালোকৰ শিক্ষা সমাপ্ত হোৱা নাই৷ শিক্ষা আৰু অধ্যয়ন নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া৷ যিমানদিন আমি জীয়াই থাকিম সিমান দিনেই শিকিও থাকিম৷ মই পুনৰবাৰ আপোনালোক সকলোকে উজ্বল ভৱিষ্যতৰ বাবে, মানৱতাৰ কল্যাণৰ প্ৰতি উৎসৰ্গাৰ বাবে অভিনন্দন জনাইছো৷ ধন্যবাদ৷

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's airport passenger handling capacity crosses 580 million: Govt

Media Coverage

India's airport passenger handling capacity crosses 580 million: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥