This decade will be for Indian entrepreneurs: PM
Our approach is to ’Reform with intent, Perform with integrity, Transform with intensity’, says PM
Our focus is on governance that is professional and process driven: PM

আপোনাক সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিলো৷ কিৰ্লোস্কাৰ গ্ৰুপৰ বাবে এয়া দুগুণ আনন্দৰ সময়৷ ৰাষ্ট্ৰ নিৰ্মাণৰ সহযোগিতাৰো এশ বছৰ পূৰ্ণ হৈছে আৰু সেইবাবে কিৰ্লোস্কাৰ গ্ৰুপক মই অভিনন্দন জনাইছো৷

বন্ধুসকল, কিৰ্লোস্কাৰ গ্ৰুপৰ সফলতা হ’ল ভাৰতীয় উদ্যম আৰু ভাৰতীয় উদ্যমীসকলৰ সফলতাৰ এক পৰিচয়৷ সিন্ধু সভ্যতাৰ সময়ৰ পৰা আজি পৰ্যন্ত ভাৰতীয়সকলৰ উদ্যমিতা সত্বাই দেশৰ বিকাশক এক নতুন শক্তি, নতুন গতি প্ৰদান কৰিছে৷ যেতিয়া দেশ দাসত্বৰ বান্ধোনত শৃংখলিত হৈ আছিল তেতিয়া লক্ষ্মণ ৰাও কিৰ্লোস্কাৰ মহোদয় আৰু তেওঁৰ দৰে বহু উদ্যমীয়ে ভাৰতৰ এই সত্বাক জীয়াই ৰাখিছিল; কোনো পৰিস্থিতিতে ইয়াক কম হ’বলৈ দিয়া নাছিল৷ এই ভাৱনাৰ ফলতেই স্বতন্ত্ৰতাৰ পিছতো দেশে আগবাঢ়িবলৈ সক্ষম হৈ উঠিছিল৷ আজিৰ এই দিনটো লক্ষ্মণ ৰাও কিৰ্লোস্কাৰ মহোদয়ৰ চিন্তা আৰু তেওঁৰ সপোনক উদযাপিত কৰাৰ দিন, লগতে উদ্যমীসকলৰ বাবে উদ্ভাৱন আৰু উৎসৰ্গাৰ প্ৰেৰণা লাভৰো এক অনন্য অৱকাশ হিচাপে বিবেচিত হৈছে৷ আজি লক্ষ্মণ ৰাও মহোদয়ৰ জীৱনী– যান্ত্ৰিকী যাত্ৰা, মুকলি কৰাৰ সৌভাগ্য লাভ কৰিছো৷ মোৰ বিশ্বাস যে তেওঁৰ যাত্ৰাৰ উল্লেখযোগ্য দিশসমূহে ভাৰতৰ যুৱচামক উদ্ভাৱন আৰু উদ্যমী সত্বাৰ বাবে অনুপ্ৰেৰিত কৰিব৷

বন্ধুসকল, কিবা এটা নতুন কাম কৰাৰ বাসনা, কষ্ট কৰাৰ বাসনা, নতুন নতুন ক্ষেত্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ বাসনাই হ’ল প্ৰতিজন ভাৰতীয়ৰ পৰিচয়৷ ভাৰতৰ উদ্যমীসকল দেশৰ বিকাশৰ বাবে, নিজৰ ক্ষমতা তথা সফলতাৰ প্ৰসাৰণৰ বাবে অধীৰ৷ আপুনি চিন্তা কৰিছে চাগে যে আজি বিশ্ব অৰ্থনীতি আৰু আমাৰ অৰ্থব্যৱস্থাৰ গতিক লৈ বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশৰ সময়তে মই ইমান দৃঢ়তাৰে কেনেদৰে এই কথা ক’ব পাৰিছো৷

বন্ধুসকল, ভাৰতীয় উদ্যোগ জগতৰ ওপৰত, আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে৷ পৰিস্থিতি পৰিৱৰ্তন হোৱাৰ বাবে, প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ বাবে যি ইচ্ছাশক্তিৰ প্ৰয়োজন হয়, সেয়া ভাৰতীয় উদ্যোগ জগতৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে৷ আৰু সেইবাবে আজি আমি নতুন বছৰত ভৰি থোৱাৰ মুহূৰ্তত, নতুন দশকত প্ৰৱেশ কৰাৰ মুহূৰ্তত, এই দশক ভাৰতীয় উদ্যমীসকলৰ হ’ব বুলি ক’বলৈ অকণো দ্বিধাবোধ হোৱা নাই৷

বন্ধুসকল, এই দশকত পাঁচ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হোৱাটো কেৱল এটা পদক্ষেপহে৷ আমাৰ সপোন অধিক বৃহৎ, আমাৰ আশা অধিক বিশাল, আমাৰ লক্ষ্য অধিক মহান৷ ২০১৪ চনৰ পিছত দেশত ভাৰতীয় উদ্যোগ জগতৰ সপোনে, তেওঁলোকৰ প্ৰসাৰণে যাতে বাধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে নিৰন্তৰে প্ৰয়াস কৰি থকা হৈছে৷ এই পৰিপ্ৰেক্ষিতত যিমানবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, সেই প্ৰতিটো সিদ্ধান্তৰ অন্তৰালত ভাৰতত কাম কৰা উদ্যমীসকলে যাতে কোনো ধৰণৰ বাধাৰ সন্মুখীন হ’বলগীয়া নহয়, তেওঁলোকৰ বাবে যাতে এক উন্নত ব্যৱসায়িক পৰিবেশৰ সৃষ্টি হয়, সেই উদ্দেশ্য পৰিলক্ষিত হৈছে৷

বন্ধুসকল, দেশৰ জনতাৰ প্ৰকৃত সামৰ্থ তেতিয়াহে উদ্ভাসিত হয় যেতিয়া চৰকাৰে ভাৰত, ভাৰতীয় আৰু উদ্যোগসমূহৰ সন্মুখত বাধা হিচাপে নহৈ সহযোগীৰ ৰূপত অৱতীৰ্ণ হয়৷ বিগত বৰ্ষসমূহত দেশে এই পথেৰেই আগবাঢ়িছে৷ বিগত বৰ্ষসমূহত দেশত reform with intent, perform with integrity, transform with intern city, process driven and professional governance প্ৰদান কৰাৰ বাবে ব্যাপক প্ৰয়াস হ’ব ধৰিছে৷ উদ্যোগ জগতৰ সমস্যাসমূহ অনুধাৱন কৰা হৈছে, সেইসমূহ দূৰ কৰাৰ বাবে প্ৰয়াস কৰা হৈছে৷

বন্ধুসকল, আজিকালি ইনছলভেন্সী আৰু বেংক্ৰাপচী কোড আইবিচিৰ ইমান চৰ্চা হ’বলৈ ধৰিছে, কিন্তু ই কেৱল– ইমান টকা আহিল, সিমান টকা আহিল– তাতেই সীমাৱদ্ধ হৈ থকা নাই৷ ই তাতোকৈও ঊৰ্ধলৈ আগুৱাই গৈছে৷ আপোনালোক সকলোৱে ভালদৰে জানে যে কিছুমান পৰিস্থিতিত কোনো ব্যৱসায়ৰ পৰা ওলাই অহাটোৱেই সমীচিন বুলি ভবা হয়৷ সকলো উদ্যোগেই যে সফল হ’ব, সকলো উদ্যোগৰ অন্তৰালত যে কোনো ষড়যন্ত্ৰ থাকিব, কোনো অনৈতিক সিদ্ধান্ত থাকিব, এয়া আৱশ্যকীয় নহয়৷ দেশত এনেধৰণৰ উদ্যমীসকলৰ বাবে এটা পথ নিৰূপণ কৰাটো প্ৰয়োজন আছিল আৰু আইবিচিয়ে সেই আধাৰ প্ৰস্তুত কৰিলে৷ আজি নতুবা কাইলৈ, ইয়াৰ ওপৰত নিশ্চয়কৈ অধ্যয়ন হ’ব যে আইবিচিয়ে কিমানজন ভাৰতীয়ৰ ভৱিষ্যত ৰক্ষা কৰিলে, তেওঁক নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰিলে৷

বন্ধুসকল, ভাৰতৰ কৰ ব্যৱস্থাত পূৰ্বে কিহৰ অভাৱ আছিল সেয়া আপোনালোকে ভালদৰেই জানে৷ আৰক্ষীৰাজ, কৰ নীতিসমূহৰ সৈতে জড়িত ভ্ৰম আৰু ভিন্ন ভিন্ন ৰাজ্যত কৰৰ জালে যে ভাৰতীয় উদ্যোগ জগতৰ গতিত ৰোধক হৈ পৰিছিল৷ দেশৰ পৰা এতিয়া এই ৰোধক নোহোৱা কৰা হৈছে৷ আমাৰ কৰ ব্যৱস্থাত স্বচ্ছতা, দক্ষতা আৰু দায়িত্ব বৃদ্ধি কৰিবলৈ তথা কৰদাতা আৰু কৰ বিভাগৰ মাজত মানৱ হস্তক্ষেপ সমাপ্ত কৰিবলৈ এক নতুন ব্যৱস্থা প্ৰণয়ন কৰা হৈছে৷ আজি দেশত ঔদ্যোগিক কৰ আৰু ঔদ্যোগিক কৰ হাৰ যিদৰে হ্ৰাস কৰা হৈছে সেয়া পূৰ্বে কেতিয়াও কৰা হোৱা নাছিল৷

বন্ধুসকল, পণ্য সামগ্ৰী আৰু সেৱা কৰ সংশোধনী অথবা ৰাজহুৱা খণ্ডৰ বেংকৰ সংশোধনী, এই দাবী বহু সময় ধৰি উত্থাপিত হৈ আহিছিল৷ আজি এয়া সত্যলৈ ৰূপান্তৰিত হোৱাৰ মূল কাৰণেই হ’ল যে ভাৰতীয় উদ্যোগখণ্ডই যাতে কোনো ধৰণৰ বাধাৰ সন্মুখীন হ’বলগীয়া নহয়, তেওঁলোকে যাতে সম্প্ৰসাৰণৰ সুযোগ লাভ কৰিব পাৰে৷

বন্ধুসকল, কিছুমান লোকে এয়া কল্পনা কৰি সময় অতিবাহিত কৰে যে ভাৰত চৰকাৰে উদ্যমীসকলৰ পিছে পিছে লাঠী লৈ ঘূৰি ফুৰিছে৷ কিছু ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাক ভাৰতীয় উদ্যোগ জগতৰ প্ৰতি কঠোৰতা প্ৰদৰ্শনৰ ৰূপ দিয়াটো এক প্ৰকাৰৰ অপপ্ৰচাৰ৷ ভাৰতীয় উদ্যোগে যাতে এক কাৰ্যকৰী পৰিবেশত, বিনা ভয়ে, বিনা বাধাই আগবাঢ়িব পাৰে, সম্পদ সৃষ্টি কৰিব পাৰে, নিজৰ বাবে সম্পদ সৃষ্টি কৰিব পাৰে তাৰবাবে আমি সদায়েই প্ৰয়াস কৰি আহিছো৷ ভাৰতীয় উদ্যোগ জগতে যাতে আইনী মেৰপেচৰ পৰা মুক্ত হ’ব পাৰে তাৰবাবে নিৰন্তৰে প্ৰয়াস কৰা হৈছে৷ দেশত ডেৰ হাজাৰতকৈও অধিক পুৰণি আইন বিলোপ কৰা হৈছে৷ উদ্যোগ আইনৰ সৈতে জড়িত সৰু সৰু কাৰিকৰী ভুলৰ বাবে উদ্যমীসকলৰ ওপৰত কিদৰে অপৰাধমূলক মোকৰ্দমা চলোৱা হৈছিল, সেয়া মই সবিস্তাৰে ক’বলৈ নাযাও৷ এতিয়া এনে বহু ভুলক অপৰাধবিহীন হিচাপে গণ্য কৰা হৈছে৷ যিসমূহ শ্ৰম আদালতত কাম চলি আছে, তাতেও শ্ৰম অভিযোগক সৰলীকৰণ কৰাৰ প্ৰক্ৰিয়া চলি আছে, যাৰ লাভ উদ্যোগ আৰু কৰ্মশক্তি, শ্ৰমিক উভয়ে পাব৷

বন্ধুসকল, ভাৰতীয় অৰ্থব্যৱস্থাক শক্তিশালী কৰাৰ বাবে দেশত তৎকালীন উপায়ৰ সৈতে দীৰ্ঘকালীন সমাধানৰ ওপৰতো কাম কৰা হৈছে৷ দেশত আগন্তুক প্ৰজন্ম লাভান্বিত হোৱা ধৰণে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

বন্ধুসকল, বিগত পাঁচ বছৰত দেশত নিষ্ঠাৰে কাম কৰা, পাৰদৰ্শিতাৰে কাম কৰাৰ পৰিবেশ আজি সৰ্বত্ৰ পৰিলক্ষিত হৈছে৷ এই পৰিবেশে দেশক বৃহৎ লক্ষ্য নিৰ্ধাৰিত কৰাত আৰু নিৰ্ধাৰিত সময়ত সেয়া প্ৰাপ্ত কৰাৰ উৎসাহ প্ৰদান কৰিছে৷ ভাৰতত একবিংশ শতিকাৰ আন্তঃগাঁথনিৰ বাবে ১০০ লাখ কোটি টকাতকৈও অধিক টকা বিনিয়োগ হওক, জনতাৰ ইজ অব্ লিবিঙৰ বাবে প্ৰতিটো স্তৰত যোজনা প্ৰণয়ন হওক, দেশৰ মানৱ সম্পদত বিনিয়োগ কৰা; এনেধৰণৰ প্ৰতিটো দিশতে কাম হ’ব ধৰিছে আৰু পূৰ্বৰ তুলনাত অধিক গতিৰে কাম হ’বলৈ ধৰিছে৷

বন্ধুসকল, মই যি transforming with intensity ৰ কথা  আপোনালোকক কৈছো সেয়া সংখ্যাৰ দিশৰ পৰাও পৰিলক্ষিত হৈছে৷ তৃণমূল পৰ্যায়ত দ্ৰুত গতিত কাম কৰাৰ সুবিধাটো এয়েই যে কেৱল পাঁচ বছৰতে ইজ অব্ ডুয়্ং বিজনেছৰ সূচাংকত ৭৯টা স্থানৰ সংশোধন হৈছে৷ উদ্ভাৱনক উদগনি দিয়াৰ বাবে দেশত যি দ্ৰুত গতিত নীতি প্ৰৱৰ্তন কৰা হৈছে, সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, তাৰ ফলস্বৰূপে কেৱল পাঁচ বছৰতেই বিশ্ব উদ্ভাৱন সূচাংকত ২০টা স্থানৰ অগ্ৰগতি লাভ কৰিব পৰা হৈছে৷ নিৰৱচ্ছিন্নভাৱে কেইবাটাও বৰ্ষজুৰি এফডিআইক আকৰ্ষিত কৰিব পৰা বিশ্বৰ শীৰ্ষৰ ১০খন দেশত নিজৰ স্থান অন্তৰ্ভুক্ত কৰিব পৰাটোও ভাৰতৰ অন্যতম এক অভিজ্ঞতা৷

বন্ধুসকল, বিগত কিছু বৰ্ষত দেশত আন এক পৰিৱৰ্তন পৰিলক্ষিত হৈছে৷ এই পৰিৱৰ্তন হৈছে যুৱ উদ্যমীসকলৰ সংখ্যাত৷ আজি দেশৰ যুৱ উদ্যমীসকলে নতুন চিন্তাধাৰা, নতুন ব্যৱসায়িক মডেল প্ৰস্তুত কৰিবলৈ ধৰিছে৷ পুৰণি দিনৰ মাত্ৰ কেইটামান খণ্ডৰ ওপৰতে নিৰ্ভৰ হৈ নাথাকি আজিকালিৰ যুৱচামে আন আন নতুন ক্ষেত্ৰসমূহতো আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে৷ আৰু ইয়াতো গুৰুত্বপূৰ্ণ কথা এয়েই যে তেওঁলোকে সৰু সৰু চহৰৰ পৰা ওলাই বৃহৎ লক্ষ্য প্ৰাপ্তিৰ দিশত ধাৱমান হৈছে৷

বন্ধুসকল, এটা সময় এনে আছিল যে ‘বম্বে ক্লাবে’ দেশৰ উদ্যমীসকলক, তেওঁলোকৰ ব্যৱসায়ক প্ৰতিনিধিত্ব কৰিছিল৷ এতিয়া যদি এনে কোনো ক্লাব আছে তেন্তে সেই ক্লাবক ‘ভাৰত ক্লাব’ বুলি কোৱা হ’ব য’ত বিভিন্ন ক্ষেত্ৰৰ ন–পুৰণি উদ্যমীসকলে প্ৰতিনিধিত্ব কৰিব৷ মই ভাবো যে ভাৰতৰ পৰিৱৰ্তিত ব্যৱসায়িক সংস্কৃতি, তাৰ বিস্তাৰ, তাৰ সামৰ্থ এক অত্যুত্তম উদাহৰণ৷ আৰু সেইবাবে ভাৰতৰ সামৰ্থক, ভাৰতীয় উদ্যমীসকলৰ সামৰ্থক যদি কোনোবাই কম বুলি ভাবিছে তেন্তে তেওঁ সেয়া ভুল কৰি আছে৷ নৱবৰ্ষৰ আৰম্ভণিতে, আজি এই মঞ্চৰ পৰা মই ভাৰতীয় উদ্যোগ জগতক পুনৰবাৰ ক’ব বিচাৰিম যে আপোনালোকে মনলৈ নিৰাশাৰ ডাৱৰ আহিবলৈ নিদিব৷ নতুন শক্তিৰ সৈতে আগবাঢ়ক, নিজৰ বিস্তাৰৰ বাবে আপুনি দেশৰ যি প্ৰান্তৰ পৰাই নাহক কিয়, ভাৰত চৰকাৰে আপোনাৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়িব৷ হয়, আপোনালোকৰ পথ কি হ’ব, কি হ’ব লাগে– এই সন্দৰ্ভত মই লক্ষ্মণ ৰাও মহোদয়ৰ জীৱনৰ পৰাই অনুপ্ৰেৰণা লৈ ইয়াক বিস্তাৰিত ৰূপত ক’ব বিচাৰিছো৷

বন্ধুসকল, লক্ষ্ণণ ৰাও মহোদয় দেশৰ সেই অনুপ্ৰেৰণাদায়ী ব্যক্তিসকলৰ মাজৰ এজন আছিল যিয়ে ভাৰতৰ প্ৰয়োজনীয়তা অনুসাৰে প্ৰযুক্তি ব্যৱহাৰ কৰি যন্ত্ৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ দেশৰ আৱশ্যকতাসমূহ আৰু সেইসমূহৰ জড়িত নিৰ্মাণৰ এই চিন্তাধাৰাই ভাৰতৰ বিকাশৰ গতি আৰু ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ গতি দ্ৰুত কৰিব৷ আমি zero defect, zero effect ৰ মূলমন্ত্ৰৰে আগবাঢ়ি বিশ্বমানৰ সামগ্ৰী প্ৰস্তুত কৰিব লাগিব, তেতিয়াহে আমি ৰপ্তানি বৃদ্ধি কৰিব পাৰি আৰু বিশ্ব বজাৰত আধিপত্য বিস্তাৰ কৰিব পাৰিম৷ আমি ভাৰতীয় সমাধান, বিশ্বজনীন এপ্লিকেচনসমূহৰ বিষয়েও চিন্তা কৰিব লাগিব, সেই অনুসাৰে নিজৰ যোজনাসমূহ প্ৰণয়ন কৰিব লাগিব৷ মই ইয়াত দুটা যোজনাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছো৷ প্ৰথমটো হ’ল বিত্তীয় লেনদেনৰ সৈতে জড়িত ইউপিআই যোজনা আৰু দ্বিতীয়টো হ’ল সমগ্ৰ দেশতে এলইডি বাল্ব যোগান ধৰা উজ্বলা যোজনা৷

বন্ধুসকল, আজি ভাৰতে দ্ৰুত গতিৰ বেংকিং লেনদেন বিচাৰে, প্ৰযুক্তিৰ উন্নত ব্যৱহাৰ হোৱাটো বিচাৰে৷ কেৱল তিনিটা বছৰতে ইউপিআই প্ৰসাৰিত হৈ তেওঁলোকৰ এই ইচ্ছা পূৰণ কৰিছে৷ আজি ২৪ ঘণ্টাই দিনে–ৰাতিয়ে সহজে অনলাইন লেনদেন সম্ভৱ হৈ উঠিছে৷ আজি ভীম এপ এক ব্ৰেণ্ড হিচাপে বিবেচিত হৈছে৷

বন্ধুসকল, ২০১৮–১৯ বৰ্ষৰ বিত্তীয় বৰ্ষত ইউপিআইৰ জৰিয়তে প্ৰায় ৯ লাখ কোটি টকাৰ লেনদেন হৈছিল৷ এই বিত্তীয় বৰ্ষত ডিচেম্বৰ পৰ্যন্ত প্ৰায় ১৫ লাখ কোটি টকাৰ ইউপিআইৰ জৰিয়তে লেনদেন হৈছে৷ আপুনি ধাৰণা কৰিব পাৰে যে দেশে কিমান দ্ৰুত গতিৰে ডিজিটেল লেনদেন গ্ৰহণ কৰি লৈছে৷

বন্ধুসকল, দেশক এনে এক বিকল্পৰ প্ৰয়োজন আছিল যাৰ জৰিয়তে বিদ্যুৎ ৰাহি আৰু ইয়াৰ ওপৰত যাতে ব্যয় হ্ৰাস হয়৷ এই প্ৰয়োজনীয়তাই উজ্বলা যোজনাৰ জন্ম দিছিল৷ এলইডি নিৰ্মাণক উদগনি দিয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ল৷ নীতিসমূহৰ পৰিৱৰ্তন কৰা হ’ল৷ ইয়াৰ দ্বাৰা বাল্বৰ মূল্য হ্ৰাস হ’ল আৰু এবাৰ জনতাই ইয়াৰ লাভসমূহ অনুভূত কৰাৰ পিছত ইয়াৰ চাহিদাও বৃদ্ধি হ’ল৷ কালি উজ্বলা যোজনাৰ পাঁচ বৰ্ষ সম্পূৰ্ণ হৈছে৷ এয়া আমাৰ সকলোৰে বাবে সন্তোষৰ কথা যে এই সময়ছোৱাত সমগ্ৰ দেশতে ৩৬ কোটিতকৈও অধিক এলইডি ষ্ট্ৰীট বাল্ব স্থাপন কৰা হৈছে৷ এই দুয়োটা প্ৰয়াসৰ ফলত প্ৰতি বছৰে প্ৰায় ৫,৫০০ কোটি কিলোৱাট/ঘণ্টা বিদ্যুৎ ৰাহি হৈছে৷ ইয়াৰ জৰিয়তে প্ৰতিটো বৰ্ষত সহস্ৰ কোটি টকাৰ বিদ্যুতৰ ব্যয় হ্ৰাস হৈছে আৰু কাৰ্বন–ডাই–অক্সাইডৰ নিৰ্গমনো হ্ৰাস হৈছে৷ আৰু আমাৰ বাবে এয়াই আনন্দৰ কথা যে ভাৰতৰ পৰা ওলোৱা এনে উদ্ভাৱন, সেয়া লাগিলে ইউপিআইয়েই হওক অথবা উজ্বলাই হওক, বিশ্বৰ বিভিন্ন দেশৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে৷

বন্ধুসকল, এনেধৰণৰ সাফল্যৰ কাহিনীয়েই হ’ল আমাৰ মেক ইন ইণ্ডিয়া অভিযান, আমাৰ উদ্যোগ জগতৰ শক্তি৷ মই এনেধৰণৰ সাফল্যৰ কাহিনী ভাৰতীয় উদ্যোগ জগতৰ পৰা, প্ৰতিটো ক্ষেত্ৰৰ পৰা বিচাৰো৷ জল জীৱন অভিযানেই হওক, পুনৰ নৱীকৰণ শক্তিয়েই হওক, বৈদ্যুতিক পৰিবহণেই হওক, দুৰ্যোগ প্ৰশমনেই হওক, প্ৰতিৰক্ষাই হওক; প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ বাবে এনে অনেক সাফল্যৰ কাহিনীয়ে অপেক্ষা কৰি আছে৷ চৰকাৰে সকলো ধৰণে আপোনালোকৰ সৈতে আছে, আপোনালোকৰ প্ৰতিটো প্ৰয়োজনীয়তাৰ সমৰ্থনৰ বাবে কাষত আছে৷

আপোনালোকে এই সুযোগৰ সদ্ব্যৱহাৰ কৰক, নিৰন্তৰে উদ্ভাৱন কৰক, বিনিয়োগ কৰক, ৰাষ্ট্ৰৰ সেৱাত অংশগ্ৰহণ কৰক৷ এই কামনাৰ সৈতে মই মোৰ ভাষণ সামৰিছোঁ আৰু পুনৰবাৰ কিৰ্লোস্কাৰ গোটক, কিৰ্লোস্কাৰ পৰিয়াললৈ অনেক শুভকামনা জনাইছোঁ৷ অত্যুত্তম শতবৰ্ষৰ বাবে অভিনন্দন জনাইছো৷

ধন্যবাদ৷             

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"