Several projects in Delhi which were incomplete for many years were taken up by our government and finished before the scheduled time: PM
All MPs have taken care of both the products and the process in the productivity of Parliament and have attained a new height in this direction: PM
Parliament proceedings continued even during the pandemic: PM Modi

নমস্কাৰ,

লোকসভাৰ মাননীয় অধ্যক্ষ শ্রী ওম বিৰলাজী, আমাৰ মন্ত্রীসভাৰ সহযোগী শ্রী প্রহ্লাদ যোশীজী, শ্রী হৰদীপ সিং পুৰীজী, এই সমিতিৰ অধ্যক্ষ শ্রী চি আৰ পাটিলজী, আমাৰ প্রিয় সাংসদসকল, ভদ্রমহিলা তথা ভদ্রপুৰুষসকল!!! দিল্লীত জন প্রতিনিধিসকলৰ বাবে আৱাসৰ এই নতুন পৰিক্ষেত্ৰৰ বাবে আপোনালোক সকলোলৈ অনেক অনেক শুভেচ্ছা থাকিল। আৰু এটি সুন্দৰ সংযোগ হ’ল, আজি আমাৰ কর্তব্যবান, মিতভাষী আমাৰ লোকসভাৰ অধ্যক্ষ শ্রী ওম বিৰলাজীৰ জন্মদিনো। ওমজীক তাৰ বাবে অনেক অনেক শুভকামনা জনালো। আপুনি সুস্থ হৈ থাকক, দীর্ঘায়ু হওক আৰু এইভাৱেই দেশক সেৱা কৰি যাওক, ঈশ্বৰৰ ওচৰত আমাৰ এটাই প্রার্থনা।

বন্ধুসকল,

সাংসদসকলৰ বাবে বিগত বছৰত নর্থ এভিনিউতে ঘৰ তৈয়াৰ কৰা হৈছিল। আৰু আজি বি ডি ৰোডত এই তিনিটা টাৱাৰ আপোনালোকৰ বসবাসৰ বাবে প্রস্তুত কৰা হৈছে। মোৰ প্রার্থনা, গংগা-যমুনা-সৰস্বতী – এই তিনিটা টাৱাৰৰ সংগম এই ফ্লেটসমূহত যিসকল জন প্রতিনিধি থাকিব, তেওঁলোক সর্বদা সুস্থ হৈ থাকক, কর্মৰত হৈ থাকক আৰু আনন্দত থাকক। এই ফ্লেটসমূহত সেই সমস্ত সুবিধা প্ৰদান কৰা হৈছে যাতে সাংসদসকলে নিজৰ দায়িত্ব নির্বাহত সাহায্য লাভ কৰিব পাৰে। সংসদ ভৱনৰ অতিশয় নিকটৱৰ্তী হোৱাৰ ফলত এই ফ্লেটসমূহত যিসকল সাংসদ থাকিব তেওঁলোকৰ দৈনন্দিন যাতায়াত খুব সহজ হ’ব।

বন্ধুসকল,

অনেক বছৰ ধৰি দিল্লীত সাংসদসকলৰ বাবে আৱাসৰ সমস্যা আছিল। আৰু অলপ আগেয়েই বিৰলাজীয়ে যিদৰে ক’লে, দীর্ঘকাল ধৰি সাংসদসকলে হোটেলতে থাকিবলগীয়া হৈছিল। সেইবাবে চৰকাৰে অনেক আর্থিক দায়িত্বও বহন কৰিবলগীয়া হৈছিল। আৰু সাংসদসকলেও বাধ্য হৈ থাকিবলগীয়া হৈছিল। কিন্তু এই সমস্যাক দূৰ কৰাৰ বাবে যি প্রচেষ্টা, সেয়া ২০১৪ চনৰ পৰাই বিশেষভাৱে গ্ৰহণ কৰা হৈছে। অনেক দশক ধৰি যি সমস্যাসমূহ আছিল, সেইসমূহক বিলম্বিত কৰিলে নহ’ব। সেইবোৰৰ সমাধান বিচাৰিলেই সেই সমস্যাসমূহ দূৰ হ’ব পাৰে। কেৱল সাংসদৰ বাসস্থানেই নহয়, এই দিল্লীত এই ধৰণৰ অনেক প্রকল্প আছে যিসমূহ অনেক বছৰ ধৰি অসম্পূর্ণ হৈ আছিল৷ এই ধৰণৰ অনেক ভৱন বর্তমানৰ চৰকাৰৰ সময়তেই আৰম্ভ হৈছে আৰু নির্দিষ্ট সময়ৰ ভিতৰতেই অথবা নির্দিষ্ট সময়ৰ মাজতেই সম্পূর্ণ হৈছে। যেতিয়া অটল বিহাৰী বাজপেয়ীজীৰ নেতৃত্বাধীন চৰকাৰ আছিল, তেতিয়া অটলজীয়ে আম্বেদকাৰ নেচনেল মেমোৰিয়েল নির্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছিল, সেয়াও তৈয়াৰ হওতে ইমান বছৰ লাগিছে। বর্তমানৰ চৰকাৰৰ আমোলত এই কাম সম্পন্ন হৈছে। ২৩ বছৰৰ দীর্ঘ অপেক্ষাৰ অন্তত ডঃ আম্বেদকাৰ ইন্টাৰনেচনেল চেণ্টাৰ-ৰ নির্মাণ বর্তমানৰ চৰকাৰৰ শাসনকালতেই হৈছে। চেণ্ট্ৰেল ইনফৰমেচন কমিচনৰ নতুন ঘৰটোও বর্তমানৰ চৰকাৰৰ সময়তেই নির্মিত হৈছে। দেশত অনেক দশক ধৰি যুদ্ধ মেমোৰিয়েল নির্মাণৰ প্রস্তাৱ উত্থাপিত হৈছিল। আমাৰ দেশৰ বীৰ যোৱানসকলৰ বাবে দীর্ঘকাল ধৰি এই ধৰণৰ স্মৃতিসৌধৰ কল্পনা কৰা হৈছিল, আশা কৰা হৈছিল, দাবী জনোৱা হৈছিল। দেশৰ বীৰ শ্বহীদৰ স্মৃতিত ইণ্ডিয়া গেটৰ কাষতেই এই যুদ্ধ মেমোৰিয়েল নির্মাণ কৰাৰ সৌভাগ্য আমাৰ চৰকাৰৰ হৈছে। আমাৰ দেশত হাজাৰ হাজাৰ পুলিচকর্মীয়ে আইন আৰু শৃংখলা বজাই ৰাখোতে আত্মবলিদান দিবলগীয়া হৈছে। পুলিচৰ হাজাৰ হাজাৰ যোৱান শ্বহীদ হৈছে। তেওঁলোকৰ স্মৃতিতো নেচনেল পুলিচ মেমোৰিয়েল নির্মাণ বর্তমানৰ চৰকাৰৰ সময়তেই হৈছে। আজি সাংসদসকলৰ বাবে নতুন আৱাসৰ উদ্বোধনো এই প্রক্রিয়াৰেই এটি জৰুৰী তথা গুৰুত্বপূর্ণ পদক্ষেপ। মই অত্যন্ত আনন্দিত কিয়নো আমাৰ সাংসদসকলৰ এটা দীর্ঘ প্রতীক্ষাৰ কাল এতিয়া সমাপ্ত হৈছে। এই ফ্লেটসমূহৰ নির্মাণৰ সময়ত পৰিবেশৰ দিশত লক্ষ্য ৰখা হৈছে। শক্তি সংৰক্ষণৰ বিভিন্ন উপায়ৰ কথা ভবা হৈছে। সৌৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি নৰ্দমা ব্যৱস্থাপনা প্ৰকল্প আৰু গ্রীণ বিল্ডিং কনচেপ্ট অনুসৰণ কৰি এই আৱাসসমূহ আৰু আধুনিক কৰি তোলা হৈছে।

বন্ধুসকল,

মই লোকসভাৰ অধ্যক্ষজীক আৰু লোকসভা সচিবালয়ক এই ভৱন নির্মাণৰ সৈতে জড়িত আৰবান ডেভেলপমেন্ট মন্ত্ৰালয় তথা সংশ্লিষ্ট সমস্ত বিভাগক ধন্যবাদ জনাবলৈ বিচাৰিঠো কাৰণ তেওঁলোকে ইমান কম সময়ত এই উন্নত সুবিধাসম্পন্ন ফ্লেটসমূহত তৈয়াৰ কৰিছে। আৰু আমি সকলোৱে খুব ভালদৰেই জানো, আমাৰ লোকসভাৰ অধ্যক্ষজীয়ে উৎকর্ষ তথা সাশ্রয় – এই দুটা বিষয়ত খুউব আস্থা ৰাখে। সদনৰ ভিতৰত নির্ধাৰিত সময়ত যেন সাশ্রয় হয় আৰু বিতর্কৰ উৎকর্ষ যেন বৰ্তাই ৰাখে – তেওঁ এয়া সুনিশ্চিত কৰিছে ।

এই গৃহ নির্মাণৰ ক্ষেত্রতো তেওঁৰ এই নীতিসমূহ অত্যন্ত সাফল্যৰ সৈতে অনুসৰণ কৰা হৈছে। আমি সকলোৱে মনত ৰাখিব লাগিব যে, বিগত বৰ্ষাকালীন অধিবেশনতো অধ্যক্ষজীৰ এই কর্মক্ষমতা, এই কর্মকুশলতা আমি দেখিছো। ক’ৰোনাৰ সংকটকালত অনেক ধৰণৰ সাৱধানতাৰ মাজেৰে নতুন ব্যৱস্থাৰে সংসদৰ অধিৱেশন হৈছে। চৰকাৰী পক্ষ তথা বিপক্ষৰ সমস্ত বন্ধুৰ এটা এটা মুহূর্তেৰ সদ্ব্যৱহাৰ হৈছে। উভয় সদনতে অনুক্রমে কাম কৰাৰ পৰা আৰম্ভ কৰি শনি তথা দেওবাৰেও কাম চলাই যোৱাৰ ক্ষেত্রত চৰকাৰ পক্ষ তথা বিৰোধী পক্ষৰ প্রত্যেকেই সহযোগিতা কৰিছে। সমস্ত দলে সহযোগিতা কৰিছে।

বন্ধুসকল,

আমাৰ সংসদৰ এই প্রাণশক্তি বৃদ্ধিৰ পোৱাৰ বহুকেইটি ডাঙৰ কাৰণ আছে। ইয়াৰ সূত্রপাতো এক প্রকাৰে ২০১৪ চনৰ পৰাই আৰম্ভ হৈছে। তেতিয়া দেশে এটি নতুন লক্ষ্যৰ দিশত আগবাঢ়িবলৈ চাইছিল, পৰিৱর্তন বিচাৰিছিল। সেই সময়ত দেশৰ সংসদ ভৱনত ৩০০ জনৰো আধিক সাংসদ প্রথমবাৰলৈ নির্বাচিত হৈছিল। আৰু মইও সেই প্রথমবাৰ নির্বাচিত হৈ অহা সাংসদসকলৰ মাজৰে এজন আছিলো। বর্তমানৰ সপ্তদশ লোকসভাতো ২৬০ জন সাংসদ প্রথমবাৰলৈ নির্বাচিত হৈ আহিছে। অর্থাৎ, এইবাৰ ৪০০ জনৰো আধিক সাংসদ এনেকুৱা আছে যি প্রথমবাৰলৈ অথবা দ্বিতীয়বাৰলৈ নির্বাচিত হৈ আহিছে। কেৱল এয়াই নহয়, সপ্তদশ লোকসভাত স্বাধীনতাৰ পিছত সৰ্বাধিক মহিলা সাংসদ নির্বাচিত হৈ এক অভিলেখৰ সৃষ্টি কৰিছে। দেশেৰ এই নবীন ভাৱনা, এই নতুন মেজাজ সংসদ গঠনৰ ৰসায়নতো দেখা গৈছে। এই বাবেই আজি দেশৰ সমস্ত কাম-কাজত সুশাসনৰ এটি নতুন ভাৱনা তথা নতুন নতুন পদ্ধতি দেখা গৈছে। এই কাৰণতেই দেশৰ সংসদে আজি এক নতুন ভাৰতৰ বাবে দৃঢ় পদক্ষেপ লৈ আগবাঢ়ি গৈছে। অত্যন্ত দ্রুতগতিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে। বিগত ষোড়শ লোকসভাৰ তুলনাত ১৫ শতাংশ অধিক বিধেয়ক গৃহীত হৈছে, সপ্তদশ লোকসভাৰ প্রথম অধিৱেশনৰ নির্দিষ্ট সময়তকৈও ১৩৫ শতাংশ অধিক সময় কাম হৈছে। ৰাজ্যসভাতো নির্দিষ্ট সময়ৰ ১০০ শতাংশ কাম হৈছে। এই কর্মদক্ষতা বিগত দুই দশকৰ সর্বাধিক বুলি বিবেচিত হৈছে। বিগত শীতকালীন অধিবেশনতো লোকসভাৰ কাৰ্যকাল ১১০ শতাংশৰো আধিক আছিল।

 

বন্ধুসকল,

সংসদৰ এই উৎপাদনশীলতা আপোনালোকৰ দৰে প্রত্যেক সাংসদৰ কর্মক্ষমতা তথা কর্মদক্ষতাৰ দ্বাৰা সম্পন্ন হৈছে। আমাৰ লোকসভা তথা ৰাজ্যসভা উভয়ৰ সাংসদসকলে এই লক্ষ্যত এটি নতুন উচ্চতা অর্জন কৰিছে। আৰু নিশ্চিতভাৱেই এই ক্ষেত্রত সেই সাংসদসকলৰো অৱদান আছে যি এতিয়া এই সংসদৰ সদস্য নহয়। আপোলোকে চাব পাৰে, আমি কি অর্জন কৰিছো। একত্ৰিতভাৱে কিমান নতুন কাম কৰিছো। কেৱল বিগত ১-১.৫ বছৰৰ উদাহৰণ যদি লক্ষ্য কৰে, দেশৰ কৃষকসকলক আমি দালালৰ হাতৰ পৰা মুক্ত কৰাৰ কাম সফলভাৱে সম্পন্ন কৰিব পাৰিছো। দেশত ঐতিহাসিক শ্রম আইনৰ সংস্কাৰ হৈছে। শ্রমিকসকলৰ হিত সুৰক্ষিত কৰা হৈছে। দেশৰ মূলসুঁতিৰ সৈতে জম্মু-কাশ্মীৰৰ লোকসকলক লৈ অহাৰ ক্ষেত্রত আমি সফল হৈছো, আৰু তাৰবাবে অনেক আইন গৃহীত কৰা হৈছে। এই ধৰণৰ আইন প্রণয়নৰ ফলত প্রথমবাৰলৈ এতিয়া জম্মু-কাশ্মীৰত দুর্নীতিৰ বিৰুদ্ধে নানা পদক্ষেপ গ্ৰহণ কৰি কাণ কৰা সম্ভৱ হৈছে।

দেশৰ মহিলাসকলক তিনি তালাকৰ দৰে সামাজিক কু-ৰীতিৰ পৰা মুক্ত কৰা হৈছে।

ইয়াৰ আগৰ কথা যদি কও, নির্দোষ শিশু কন্যাৰ ধর্ষণকাৰীৰ মৃত্যুদণ্ডৰ ব্যৱস্থাও আমাৰ কার্যকালতেই কৰা হৈছে। আধুনিক অর্থনীতিৰ বাবে জিএছটি, ইনচলভেন্সি এণ্ড বেংকৰাপ্টচি কোড-ৰ দৰে অনেক ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইদৰেই ভাৰতৰ সংবেদনশীলতাৰ পৰিচয় অব্যাহত ৰখাৰ বাবে সেই দায়ৱদ্ধতাৰে আমি সকলোৱে নাগৰিকত্ব সংশোধন আইন গৃহীত কৰিছো। আমাৰ এই কাম, এই সাফল্য যদি আমাৰ উৎপাদিত পণ্য হয়, তেন্তে এইসমূহ সম্পাদন কৰাৰ প্রক্রিয়াও সিমানেই উন্নত মানৰ আছিল। সম্ভৱতঃ অনেকেই হয়তো লক্ষ্য কৰিছে, ষোড়শ লোকসভাতো ৬০ শতাংশ বিধেয়ক এনেকুৱা আছিল যিমসূহ গৃহীত কৰাৰ বাবে গড়ে ২ ৰ পৰা ৩ ঘন্টা ধৰি বিতর্ক হৈছে। আমি বিগত লোকসভাত অধিক বিধেয়ক গৃহীত কৰিছো, কিন্তু আমি আগতকৈও অধিক বিতর্কও কৰিছো।

এতিয়া দেখা যায় যে আমি উৎপাদনক অধিক বল দিছো, আমাৰ প্রক্রিয়াও সঠিকভাৱে পালন কৰা হৈছে। আৰু এই সমস্ত সম্ভৱ হৈছে আপোনালোকৰ দৰে মাননীয় সাংসদসকলৰ উদ্যোগত। আপোনালোকেই কৰিছে। আপোনালোকৰ বাবেই হৈছে। মই সেইবাবে আপোনালোক সকলোকে সার্বজনিকভাৱে সমস্ত সাংসদকে ধন্যবাদ জনাইছো, শুভেচ্ছা জনাইছো।

বন্ধুসকল,

সাধাৰণতে কোৱা হয় যে নতুনসকলৰ বাবে ১৬, ১৭, ১৮ বছৰ বয়সত যেতিয়া তেওঁলোকে দশমৰ পৰা দ্বাদশ শ্রেণীতে পঢ়ে, সেই সময়টো অত্যন্ত গুৰুত্বপূর্ণ। সেই সময়ৰ যুৱক-যুৱতীসকলো গণতন্ত্রৰ বাবেও সিমানেই গুৰুত্বপূর্ণ। আপোনালোকে দেখিব, এইবাৰৰ ২০১৯-ৰ নির্বাচনত আমি যি ষোড়শ লোকসভাৰ কর্মকাল সম্পন্ন কৰিছো, এই সময়খিনি দেশৰ উন্নতিৰ বাবে, দেশৰ উন্নয়নৰ বাবে অত্যন্ত ঐতিহাসিক আছিল। ২০১৯-ৰ পিছত সপ্তদশ লোকসভাৰ কাম আৰম্ভ হৈছে। তাৰ পিছতো দেশে যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ জৰিয়তেও লোকসভাত এতিয়াও নতুন নতুন ইতিহাসৰ সৃষ্টি হৈছে। তাৰ পিছত আহিব অষ্টদশ লোকসভা। মোৰ দৃঢ় বিশ্বাস, আগন্তুক লোকসভাই দেশক নতুন দশকলৈ আগুৱাই নিয়াৰ বাবে অনেক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। আৰু সেই বাবে আমি আপোনালোকৰ সন্মুখত বিশেষকৈ এই ১৬, ১৭, ১৮ সংখ্যাৰ গুৰুত্ব তুলি ধৰিলো। দেশৰ সন্মুখত কি কি আছে সেয়া আমি সেই সময়তেই অর্জন কৰিব লাগিব। আত্মনির্ভৰ ভাৰত অভিযানৰ পৰা আৰম্ভ কৰি অর্থনীতিৰ অগ্রগতিৰ যি লক্ষ্য, এইসমূহৰ উপৰিও আৰু বহুতো সংকল্প আমি এই সময়ত বাস্তৱায়িত কৰিব লাগিব। আৰু তাৰ বাবেই ষোড়শ, সপ্তদশ আৰু অষ্টাদশ লোকসভাৰ এই কার্যকাল আমাৰ যুৱ দেশৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। দেশৰ বাবে এই গুৰুত্বপূর্ণ সময়ৰ অংশ হৈ উঠাৰ সৌভাগ্য আমাৰ হৈছে। আৰু তাৰবাবে আমাৰ সকলোৰে দায়িত্ব হ’ল, লোকসভাৰ ভিন্ন ভিন্ন কর্মকালৰ ইতিহাসকে সুন্দৰভাৱে অধ্যয়ন কৰা। আৰু এইদৰে অধ্যয়ন কৰিলে আমি দেখিম, ষোড়শ লোকসভাৰ কর্মকাল দেশৰ প্রগতিৰ বাবে এক সোণালী অধ্যায় হিচাবে স্মৰণ কৰা হ’ব।

বন্ধুসকল,

আমাৰ দেশত কথিত আছে – “ত্রিয়াসিদ্ধিঃ সত্বেভবতি মহতাম নোপকৰণে”

অর্থাৎ, কর্মৰ সিদ্ধি আমাৰ সত্য সংকল্পৰ জৰিয়তে, আমাৰ ইচ্ছাশক্তিৰ জৰিয়তে সম্পন্ন হয়।

আজি আমাৰ সম্পদ আছে, দৃঢ়সংকল্পও আছে। আজি আমি সংকল্প সাধনৰ বাবে যিমানেই বেছি পৰিশ্রম কৰিম, সিদ্ধি সিমানেই দ্রুত তথা বৃহৎ হৈ আহিব। আমাৰ দৃঢ় বিশ্বাস যে আমি সকলোৱে মিলি ১৩০ কোটি দেশবাসীৰ স্বপ্নক অৱশ্যেই বাস্তৱায়িত কৰিম। আত্মনির্ভৰ ভাৰতৰ লক্ষ্যক অর্জন কৰিম। এই শুভেচ্ছা জনাই পুনৰবাৰ আপোনালোক সকলোলৈ অশেষ শুভেচ্ছা থাকিল।

অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India solar capacity to quadruple, wind to triple over decade: Power ministry adviser

Media Coverage

India solar capacity to quadruple, wind to triple over decade: Power ministry adviser
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Anutin Charnvirakul on his election as Prime Minister of the Kingdom of Thailand
March 20, 2026

Prime Minister Shri Narendra Modi today extended his heartiest congratulations to Mr. Anutin Charnvirakul on his election as the Prime Minister of the Kingdom of Thailand.

The Prime Minister expressed his keen interest in working closely with the new Thai leadership to further strengthen the multifaceted India-Thailand Strategic Partnership. Shri Modi noted that the ties between the two nations are deeply rooted in a shared civilizational heritage, close cultural connections, and vibrant people-to-people ties. He further affirmed that India and Thailand remain united in their shared aspirations for peace, progress, and prosperity for their respective peoples.

The Prime Minister wrote on X:

"Heartiest congratulations to Mr. Anutin Charnvirakul on his election as Prime Minister of the Kingdom of Thailand. I look forward to working closely with him. Together, we will further deepen the multifaceted India-Thailand Strategic Partnership. Our ties are rooted in shared civilisational heritage, close cultural connect and vibrant people-to-people ties. India and Thailand remain united in our shared aspirations for peace, progress and prosperity for our peoples."