PM Modi pays homage to Shri Guru Ravidas and laid the foundation stone of Guru Ravidas birthplace development project
The teachings of the Guru Ravidas inspire us every day: PM Modi
We brought quota for poor, so that those marginalised can lead a dignified life. This government is punishing the corrupt and rewarding the honest: PM

মঞ্চত উপৱিষ্ট সন্মানীয় অতিথিবৃন্দ আৰু আজিৰ এই পৱিত্র দিৱসত বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা আহি সমবেত হোৱা প্রিয় ভক্ত ভাই-ভনীসকল।

 

শ্রী গুৰু ৰবিদাসজীৰ জন্মজয়ন্তী উপলক্ষে আপোনালোক সকলোকে আৰু সমগ্ৰ পৃথিৱীতে থকা তেওঁৰ অনুগামীসকলক অশেষ ধন্যবাদ জনাইছো।

 

আমি অতিকৈ আনন্দিত যে গুৰু ৰবিদাসৰ আশীর্বাদত নিজৰ প্রতিশ্রুতি পালনৰ বাবে আপোনালোকৰ মাজলৈ বহুবাৰ অহাৰ সুযোগ লাভ কৰিছো। ২০১৬ চনত আজিৰ দিনটোতেই ইয়াতেই প্রণাম জনাই আপোনালোকৰ লগত ভোজনৰো সৌভাগ্য হৈছিল মোৰ। তেতিয়াই মই এই চৌহদটো আৰু জন্মস্থানৰ সৌন্দর্যা বৰ্ধনৰ প্রতিশ্রুতি দিছিলো। তাৰ পিছত যেতিয়া উত্তৰ প্রদেশত যোগীজীৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল, তেতিয়া তেওঁক এটি বৃহৎ প্রকল্প গঢ়ি তোলাৰ অনুৰোধ জনাইছিলো। মই অতি আনন্দিত যে কেবা দশক ধৰি আপোনালোকে যি দাবী উত্থাপন কৰি আহিছিল সেয়া কোনো এখন চৰকাৰেই পূৰণ কৰা নাছিল। আজি আমি সেই দাবী পূৰণৰ শুভাৰম্ভ কৰিলো।

 

সকলো ভক্তপ্ৰানকে জনাও, প্রথম পর্যায়ত প্রায় ৫০ কোটি টকা বিনিয়োগেৰে এই সম্প্রসাৰণ আৰু সৌন্দর্য বৰ্ধনৰ প্রকল্প গঢ়ি তোলা হৈছে। সেইবাবেই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ইয়ালৈ যিটো পথ আছে, সেইটোৰ আধুনিকীকৰণ কৰা হ’ব। তাৰ সমান্তৰালকৈ, ১২ কিলোমিটাৰ দৈর্ঘ্যৰ আন এটা পথো নিৰ্মাণ কৰা হ’ব। গুৰু ৰবিদাসজীৰ এটা ব্রঞ্জৰ মূর্তিও নির্মান কৰা হ’ব। কমিউনিটি হল আৰু অন্যান্য পর্যটক অনুকূল সেৱাও গঢ়ি উঠিব। অর্থাৎ, এই প্রকল্প সম্পূর্ণ হোৱাৰ পিছত ইয়ালৈ যিসকল ভক্ত আৰু পর্যটকৰ আগমণ ঘটিব, তেওঁলোকে সকলো সা-সুবিধা লাভ কৰিব।

 

বন্ধু সকল, এই ঠাইৰ সাংসদ হিচাপে সন্ত ৰবিদাসজীৰ এই জন্মস্থানক এইদৰে সজাই তোলাৰ সৌভাগ্য হৈছে মোৰ। ভাৰতৰ সামাজিক জীৱনক নতুন আলোকেৰে আলোকিত কৰা, পোহৰৰ পথ প্রদর্শন কৰা এই ভূমি দেশবাসীৰ বাবে প্রেৰণাৰ কাৰক হৈ পৰিছে। সন্ত ৰবিদাসজীৰ জীৱন দর্শনে অত্যন্ত সৰল জীৱনযাপনৰ পথ প্ৰদৰ্শন কৰে। তেওঁ কৈছিল,

 

“এইচা ছাহু ৰাজ মেঁ, জাহাঁ মিলে সব কো অন্ন,

ছোট-বড়ো সব সমান বসে, ৰবিদাস ৰহে প্রসন্ন।”

অর্থাৎ, গুৰুজীয়ে এনে এখন ভাৰতৰ কল্পনা কৰিছিল য’ত কোনোধৰণৰ ভেদভাব নাৰাখি সকলোৰে মৌলিক প্রয়োজনবোৰ পূৰণৰ প্ৰতি লক্ষ্য ৰখা হ’ব।

বন্ধু সকল, বর্তমান কেন্দ্রীয় চৰকাৰে বিগত চাৰে চাৰি বছৰত সততাৰে এই চিন্তা চৰ্চা কৰিয়েই আগুৱাইছে। ‘চবকা সাথ, চবকা বিকাশ’ আৰু উন্নয়নৰ পঞ্চধাৰা, অর্থাৎ, ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, যুৱ সম্প্রদায়ৰ কর্মসংস্থান, বয়োজ্যেষ্ঠসকলৰ ঔষধ, কৃষকসকলৰ বাবে জলসিঞ্চন ব্যৱস্থা আৰু প্রতিগৰাকী মানুহৰ দুঃখ-দুর্দশাৰ কথা শুনা সুনিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰে নিয়মিত কাম কৰি আছে। কিছুসময় পিছতেই মই বেনাৰসত দুখনকৈ কেন্সাৰ হাস্পতালৰ লগতে ভালেমান স্বাস্থ্য সেৱা প্ৰকল্প উদ্বোধন তথা আদাৰশিলা মুকলি কৰিবলৈ যাম। ইয়াৰ উপৰি, বাৰাণসী আৰু পূর্ব উত্তৰ প্রদেশৰ জনজীৱন সহজ কৰি তোলাৰ ভালেমান প্রকল্প আজি ইয়াৰ পৰাই আৰম্ভ হ’ব। এই প্রকল্পসমূহৰ দ্বাৰা সমাজৰ প্রত্যেক শ্ৰেণীৰ লোকেই উপকৃত হ’ব।

ভাই ভনীসকল, আমাৰ চৰকাৰৰ প্রতিটো পদক্ষেপতে শ্রী গুৰু ৰবিদাসজীৰ চিন্তাধাৰাৰ প্ৰতিফলন আছে। দৰিদ্ৰ পৰিয়ালসমূহক পকী ঘৰ প্ৰদান, প্ৰতিটো পৰিয়ালতে প্ৰতিটো ঘৰতে নিজা শৌচালয়, প্ৰতিটো পৰিয়ালকে উজ্জ্বলা যোজনাৰ মাধ্যমেৰে বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ, বিনামূলীয়া বিদ্যুৎ সংযোগ, প্ৰতিটো পৰিয়ালক ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা আৰু মুদ্ৰা যোজনাৰ অধীনত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ যুৱক যুৱতীক কোনোধৰণৰ গেৰান্টীবিহীন বেংক ঋণ প্ৰদানৰ সুবিধা, কৃষকসকলৰ প্রতিটো খেতিতে জলসিঞ্চনৰ বাবে পানীৰ যোগান আৰু দেশৰ প্রায় ১২ কোটি দৰিদ্ৰ কৃষক পৰিয়ালক প্রতি বছৰে প্ৰায় ৬ হাজাৰ টকাৰ অনুদান প্ৰদান। সমাজৰ পিছপৰা শ্ৰেণী, নিস্পেষিত, শোষিত শ্ৰেণীৰ লোকসকলৰ কাষত এই চৰকাৰ সদায়েই আছে।

 

গুৰুদেৱে কৈছে, জাত-পাত, সম্প্রদায়ৰ ঊর্ধ্বলৈ গৈ প্রত্যেক মানুহৰ সেৱা কৰা উচিত। তেওঁ কৈছিল –

 

“জাতি-জাতি মে জাতি হেই, জো কেতন কে পাত।

ৰৈদাস মনুষ না জুড় চকে, জব তক জাতি ন জাত। ”

 

অর্থাৎ, জাতি হৈছে কলপাতৰ দৰে, য’ত পাতৰ ভিতৰতো পাত থাকে। সেইবাবে যেতিয়া জাতিৰ নামত ভেদভাৱ সৃষ্টি হয়, তেতিয়া কোনো মানুহেই পৰস্পৰৰ সৈতে সম্পূর্ণভাৱে আন্তৰিকতা গঢ়িব নোৱাৰে, সামাজিক সদ্ভাৱনা, ঐক্য আৰু সমতা গঢ়ি তোলাতো সম্ভৱপৰ নহয়। বন্ধু সকল, গুৰুৰ প্রদর্শিত এই পথেৰে যদি সততাৰে আমি কাম কৰি গলোহেতেন, তেন্তে ইমান দিনে ভাৰত জাতপাতৰ নামত হৈ থকা সকলো অত্যাচাৰৰ পৰা মুক্ত হ’লহেতেন। কিন্তু দুর্ভাগ্যবশতঃ সেয়া এতিয়াও হৈ উঠা নাই।

 

ভাই-ভনীসকল, নতুন ভাৰতত এই পৰিস্থিতি পৰিৱর্তিত হ’ব। আমাৰ তৰুণ বন্ধুসকল, যিসকল ডিজিটেল ইণ্ডিয়াৰ এই প্রযুক্তিৰ যুগত সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ অংশ হৈ উঠিব, তেওঁলোক সকলোৱেই একগোট হৈ এই পৰিস্থিতি সলনি কৰি দিব। যিসকলে কেৱল ৰাজনৈতিক স্বার্থতে জাতপাত বচাই ৰাখিবলৈ বিচাৰে তেওঁলোকক চিনি উলিয়াব লাগিব।

 

বন্ধুসকল, গুৰু ৰবিদাসে আমাক আৰু এটা সামাজিক ত্রুটিৰ কথা কৈছে, সেয়া হ’ল অইনৰ অধিকাৰ খৰ্ব কৰি নিজৰ স্বার্থৰক্ষা। গুৰুজীয়ে কৈছিল –

 

“শ্রম কো ইছৰ জানি কেই, জো পুজে হী দিন-ৰেন।”

 

অর্থাৎ, সত্যবাদীৰ শ্রমেই ঈশ্বৰৰ প্ৰকৃত ৰূপ। সততাৰে যি কাম কৰা হয়, সেই ৰোজগাৰতেই জীৱনৰ সুখ লুকাই থাকে আৰু শান্তি পোৱা যায়। বিগত চাৰে চাৰি বছৰ ধৰি আমি এই ভাবনাকেই ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ মাধ্যমেৰে বাস্তৱায়িত কৰাৰ পথেৰে আগুৱাইছো। বিমুদ্রাকৰণ, বেনামী সম্পত্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ আৰু ক’লা ধন উপার্জনৰ পথ বন্ধ কৰাৰ প্রচেষ্টাক আমাৰ কাৰ্যব্যৱস্থাৰ অংশ কৰি তুলিছো। ভাৰতত এইবোৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰিব দিবলৈ বিচাৰিছো।

বন্ধু সকল, সন্ত ৰবিদাসৰ আশীর্বাদত নতুন ভাৰতত অসাধু কোনো স্থান নাই। যিয়েই সততাৰে, পৰিশ্রম কৰি আগুৱাই যাবলৈ বিচাৰে তেওঁলোকৰ বাবেই চৰকাৰে প্রত্যেক স্তৰতেই খোজত খোজ মিলাই আগবাঢ়ি যোৱাৰ বাবে সহায় কৰিবলৈ প্ৰস্তুত। সম্প্রতি আপোনালোকে দেখিবলৈ পাইছে, যিয়েই সততাৰে কৰ পৰিশোধ কৰিছে, তাৰ বাবেই  দেশৰ কোটি কোটি মধ্যবিত্ত লোকৰ ৫ লাখ টকা পর্যন্ত কৰযোগ্য আয়ৰ পৰা কৰ উঠাই দিয়া হৈছে। এফালে যিসকলে জনতাৰ ধন লুন্ঠন কৰিছে তেওঁলোকক শাস্তি প্ৰদান কৰা হৈছে, আনফালে সততাক সন্মান জনোৱা হৈছে।

 

ভাই-ভনীসকল, আমি ভাগ্যবান যে তেওঁৰ দৰে গুৰু, সাধু, ঋষি, মুনি আৰু মণীষী এজনক আমি পথপ্রদর্শক হিচাপে পাইছো। তেওঁৰ জ্ঞানৰ এই মহান পৰম্পৰাই প্রজন্মই প্রজন্মই যিদৰে পথ প্ৰদৰ্শন কৰি আহিছে, আমাৰ চৰকাৰেও প্রতিনিয়ত সেই পথেৰেই আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছে। যোৱাবছৰ মগহৰত মই নিজেই সন্ত কবীৰৰ পুণ্য স্মাৰকৰ আধাৰশিলা স্থাপন কৰিছো, সাৰনাথত ভগৱান বুদ্ধৰ স্মৃতি বিজড়িত পৱিত্র স্থান সংৰক্ষণ আৰু তাৰ সৌন্দৰ্যবৰ্ধনৰ কাম কৰা হৈছে ঠিক তেনেদৰে গুৰুনানক দেৱৰ ৫৫০তম জন্মজয়ন্তী সমাৰোহ সমগ্ৰ বিশ্বতে ব্যাপকভাৱে পালন কৰা হৈছে।

 

ভাই-ভনীসকল, আমাৰ দেশ আৰু সমাজৰ বাবে যিসকলে অৱদান ৰাখি গৈছে, তেওঁলোকক অতি শ্রদ্ধাৰে সন্মান জনোৱাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰ আৰু উত্তৰ প্রদেশ ৰাজ্য চৰকাৰে কাম কৰি আছে। এই সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যই আমাৰ শক্তি, আমাৰ প্রেৰণা। আপোনালোকৰ জীৱন সহজসাধ্য আৰু সৰল কৰি তোলাৰ ক্ষেত্ৰত গুৰু ৰবিদাসজীৰ প্রদর্শিত পথক আমি আৰু অধিক মসৃণ কৰি তুলিম। আৰু এবাৰ আপোনালোক আটাইকে শ্রদ্ধাৰ গুৰু ৰবিদাসজীৰ জন্মজয়ন্তী উপলক্ষে তেওঁৰ জন্মস্থান সম্প্রসাৰণ আৰু সৌন্দর্য বৰ্ধনৰ প্রকল্পৰ বাবে বহুতো শুভেচ্ছা জনাইছো। আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো। শ্রদ্ধেয় গুৰু মহাৰাজজীৰ চৰণত প্রণাম জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman
March 28, 2026

The Prime Minister, Shri Narendra Modi, today spoke with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman and discussed the ongoing conflict in West Asia. Shri Modi reiterated India’s condemnation of attacks on regional energy infrastructure, and the need to ensure freedom of navigation and keeping shipping lines open and secure. “Thanked him for his continued support for the welfare of the Indian community in Saudi Arabia”, Shri Modi stated.

Shri Modi posted on X:

“Spoke with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman and discussed the ongoing conflict in West Asia.

I reiterated India’s condemnation of attacks on regional energy infrastructure.

We agreed on the need to ensure freedom of navigation and keeping shipping lines open and secure.

Thanked him for his continued support for the welfare of the Indian community in Saudi Arabia”