It has been 12 years since he passed away but the thoughts of Chandra Shekhar Ji continue to guide us: PM Modi
These days, even if a small leader does a 10-12 km Padyatra, it is covered on TV. But, why did we not honour the historic Padyatra of Chandra Shekhar Ji: PM
There will be a museum for all former Prime Ministers who have served our nation. I invite their families to share aspects of the lives of former PMs be it Charan Singh Ji, Deve Gowda Ji, IK Gujral Ji and Dr. Manmohan Singh Ji: PM

আদৰণীয় উপ–ৰাষ্ট্ৰপতি ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ শ্ৰী ওম প্ৰকাশ বিৰলা ডাঙৰীয়া, শ্ৰী গুলাম নবী ডাঙৰীয়া আৰুআজিৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু শ্ৰীমান হৰিবংশ ডাঙৰীয়া, চন্দ্ৰশেখৰ ডাঙৰীয়াৰ পৰিয়ালবৰ্গ আৰু তেওঁৰ যাত্ৰা সহযোগীবন্ধুসকল৷

বৰ্তমানৰ ৰাজনৈতিক জীৱনৰ প্ৰেক্ষাপটত জীৱন অতিবাহিত কৰি মৃত্যুৰ দুবছৰৰ পাছতো সকলোৰে অন্তৰত জীয়াই থকাটো বহু জটিল হৈ পৰিছে৷ মানুহে পাহৰি যায়, বন্ধুবৰ্গইও পাহৰি যায় সম্ভৱতঃ ইতিহাসৰ যিকোনো পৰিৱেশত এনে ব্যক্তিত্ব নাইকিয়া হৈ যায়৷

মই এইখিনিতে এটা কথা জনাব বিচাৰিছো যে তেওঁৰ মৃত্যুৰ প্ৰায় ১২ বছৰৰ পাছত আজিও চন্দ্ৰশেখৰ ডাঙৰীয়াই আমাৰ মাজত সেই ৰূপতে জীয়াই আছে৷ মই হৰিবংশ ডাঙৰীয়াক বহুত বহুত অভিনন্দৰ জ্ঞাপন কৰিছো–এফালে, তেওঁ এটা এইটো কাম কৰিলে, আনটো হৈছে এই কাম কৰাৰ বাবে সাহস কৰিলে৷ সাহস এইবাবেই যে আমাৰ দেশত এনে পৰিৱেশৰ সৃষ্টি হৈছে এটা সময়ৰ পৰা য’ত ৰাজনৈতিক অস্পৃশ্যতা ইমান তীব্ৰ যে কালিলৈকে হৰিবংশ ডাঙৰীয়া এক সাংবাদিক জগতৰ পৰা অহা নিৰপেক্ষ আৰু আনফালে ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে কাম কৰা ব্যক্তি, কিন্তু সম্ভৱতঃ এই গ্ৰন্থখনৰ পাছত ক’ব নোৱাৰিম যে হৰিবংশ ডাঙৰীয়াৰ কি কি লেবেল লাগে?

চন্দ্ৰশেখৰ ডাঙৰীয়া–তেওঁৰ সৈতে কাম কৰাৰ আমাৰ সৌভাগ্য নহ’ল, যেতিয়া প্ৰথমে তেওঁক ১৯৭৭ চনত লগ পাইছিলো, তাৰে কেইটামান গঠনা ইয়াৰ শ্বেয়াৰ কৰিব বিচাৰিছো৷ এদিন মই আৰু ভৈৰোসিং শেখাৱত, দুয়ো আমাৰ দলৰ কামত ভ্ৰমণত গৈছিলো আৰু দিল্লী বিমানন্দৰত আমি দুয়ো আছিলো৷ চন্দ্ৰশেখৰ ডাঙৰীয়াইও কিবা কামত ক’ৰবালৈ যাৱলৈ আহিছিল আৰু দূৰৈৰ পৰা দেখিলো যে চন্দ্ৰশেখৰ ডাঙৰীয়া আহি আছিল আৰু ভৈৰোসিং ডাঙৰীয়াই মোৰ ধৰি এফালে লৈ গ’ল আৰু নিজৰ পকেটত যি আছিল সেই সকলোবোৰ মোক পকেটত ভৰাই দিলে৷ ইমান সোনকালে কৰিছিল..এয়া মোক পকেটত কিয় ভৰাইছে? তাৰপাছতে চন্দ্ৰশেখৰ ডাঙৰীয়া আহিয়েই তেওঁ প্ৰথম কামটো কৰিছিল যে ভৈৰোসিং ডাঙৰীয়াৰ পকেটত হাত ভৰালে; ইমানবোৰ মানূহ আছিল, মই তেতিয়া বুজি পালো যে কিয় দিলে, কাৰণ ভৈৰোসিং ডাঙৰীয়াৰ পান পৰাগ আৰু চাঁধা খোৱাৰ অভ্যাস আছিল আৰু চন্দ্ৰশেখৰ ডাঙৰীয়াই ইয়াৰ ঘোৰ বিৰোধীতা কৰিছিল৷ যেতিয়া মই ভৈৰোসিং ডাঙৰীয়াক লগ পাইছিল, তেওঁ কাঢ়ি লৈ ডাষ্টবিনত পেলাই দিছিল৷ তাৰ পৰা বাছিবলৈ তেওঁ মোৰ পকেটত নিজৰ বস্তুবোৰ ভৰাই দিছিল৷

ক’ত জনসংঘ আৰু ভাৰতীয় জনতা পাৰ্টীৰ লোক, তেওঁলোকৰ চিন্তাধাৰা আৰু ক’ত চন্দ্ৰশেখৰ ডাঙৰীয়া আৰু তেওঁৰ চিন্তাধাৰা, কিন্তু বাস্তৱটো হৈছে এই আত্মীয়তা আৰু ভৈৰোসিং ডাঙৰীয়াৰ ভৱিষ্যতত যাতে একো নহয়, তাৰ চিন্তা চন্দ্ৰশেখৰ ডাঙৰীয়াৰ আছিল, এয়া সঁচাকৈ ডাঙ কথা৷ চন্দ্ৰশেখৰ ডাঙৰীয়াই অটল জীক সদায় ব্যক্তিগত অথবা ৰাজহুৱা কাম–কাজতো গুৰুজী বুলি সম্বোধন কৰিছিল৷ আৰু কিবা এটা কোৱাৰ পূৰ্বে সদনতো কৈছিল যে গুৰুজী আপুনি মোক ক্ষমা কৰিব, মই অলপ আপোনাৰ আলোচনা কৰিম, এনেকৈ কৈছিল৷ যদি আপোনালোকে পুৰণি ৰেকৰ্ডিং চায় তেতিয়া তেওঁৰ সংস্কাৰ আৰু গৰিমা প্ৰতি মুহূৰ্তত দেখিবলৈ পাব৷

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে যিসময়ত কংগ্ৰেছ দলৰ তাৰকাসকলক উজ্বলি উঠিছিল, চাৰিওফালে জয় জয়কাৰ

তেতিয়া কি কাৰণত তেওঁ বিদ্রোহৰ পথ বাছি লৈছিল, হয়তো এই প্ৰতিবাদী সত্ত্বা বলিয়াৰ মাটিৰ সংস্কাৰ, এই বিপ্লৱী সত্ত্বাআজিও হয়তো বলিয়াৰ ভূমিক সুৰভিত কৰে। ইয়াৰ পৰিণামস্বৰূপে, ইতিহাসৰ দুটা গুৰুত্বপূর্ণ ঘটনাক মই পৰিলক্ষিত হৈছো–দেশ স্বাধীন হোৱাৰ পাছত দেশৰ প্ৰধানমন্ত্রী নিৰ্বাচিত কৰাৰ দায়িত্ব যেতিয়া এজন গুজৰাটী নেতাৰ ওপৰত ন্যস্ত হয়, তেওঁ এজন অগুজৰাটীক বাছনি কৰে, তেতিয়াই ১৯৭৭ চনত গণতন্ত্রৰ বিজয়ৰ পাছত এজন বিহাৰী নেতা প্ৰধানমন্ত্রী বাছনি কৰাৰ দায়িত্ব পাই তেওঁ এজন গুজৰাটীক বাছনি কৰিলে৷ প্ৰথমবাৰ মহাত্মা গান্ধীক বাছনি কৰিছিল পণ্ডিত নেহৰুৱে আৰুদ্বিতীয়বাৰ জয়প্ৰকাশজীয়ে বাছনি কৰিছিল মোৰাৰজীভাইক। তেওঁ বিচাৰিলে আনৰ দাবী মানি চন্দ্ৰশেখৰজীকো বাছনি কৰিব পাৰিলেহেতেন৷

চন্দ্ৰশেখৰজীৰ দুই ঘনিষ্ঠ সহযোগী মোহনলাল ধাৰিয়া আৰু জর্জ ফাৰ্ণাণ্ডেজৰ সৈতে মোৰ বেছি যোগাযোগ আছিল। তেওঁলোকৰ কথাবার্তাত আচাৰ–ব্যৱহাৰত চন্দ্ৰশেখৰজীৰ ব্যক্তিত্বৰ প্ৰভাৱ আছিল সুগভীৰ৷

চন্দ্ৰশেখৰজীৰ মৃত্যুৰ কিছুদিন পূৰ্বে, অসুস্থ অৱস্থাত তেওঁ মোক ফোন কৰিছিল; তেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্রী৷

তেওঁ কৈছিল–দিল্লী কেতিয়া আহিব?

মই ক’লো–কি কথা চাহাব?

তেওঁ ক’লে–না এনেই, যদি আহে, তেতিয়াহ’লে মোৰ ঘৰলৈ আহিব৷

মই সুস্থ থাকিলে নিজেই আপোনাৰ বাবে যাম!

মই ক’লো–আপুনি ফোন কৰি স্মৰণ কৰিছে, এয়াই মোৰ বাবে ডাঙৰ ব্যাপাৰ৷

তাৰপাছত মই দিল্লী গৈ তেওঁৰ সৈতে দেখা কৰিবলৈ গ’লো আৰু মোক অবাক কৰি তেওঁ অসুস্থ শৰীৰতো গুজৰাটৰ হিতাৰ্থে বিভিন্ন বিষয়ত কথা পাতিলো, প্ৰশ্ন সুধিলো, ৰাজ্য চৰকাৰৰ কাম–কাজ সম্পর্কে জানিব বিচাৰিলো, লোকহিতকৰ বিভিন্ন পৰামর্শ আগবঢ়ালো। তাৰপাছত দেশ সম্পর্কে তেওঁৰ বিভিন্ন পৰিকল্পনা আৰু স্বপ্নৰ কথা ক’লো৷

তেওঁ ক’লে, কি কৰিব, কিদৰে কৰিব, আপোনালোকেই নতুন প্ৰজন্ম আপোনালোকেই কৰিব লাগিব!

কৈ কৈ তেওঁ মাত থোকাথুকি হৈ আহিল৷ অশ্রু নিগৰি গ’ল। সেয়া মোৰ সৈতে তেওঁৰ অন্তিম সাক্ষাৎ আছিল। কিন্তু আজিও মোৰ মনত সেই সাক্ষাতৰ প্ৰভাৱ অক্ষত আছে। তেওঁৰ ভাৱনাৰ স্পষ্টতা, সাধাৰণ লোকৰ হিতৰ প্ৰতি দায়বদ্ধতা, গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি উচৰ্গা মনোভাৱ– তেওঁৰ প্ৰতিটো শব্দত অনুভৱ কৰা যায়৷

চন্দ্ৰশেখৰজীক লৈ হৰিবংশ ডাঙৰীয়াৰ লেখা এই গ্ৰন্থত পঢ়ি চন্দ্ৰশেখৰজীক ভালদৰে বুজাৰ সুযোগ পোৱা যাব। সেই সময়ৰ বিভিন্ন ঘটনাৱলী সম্পর্কে মোক যিদৰে কোৱা হৈছে, সেই গ্ৰন্থত তেওঁৰ সম্পূর্ণ বিপৰীত কিছু কথা জানিব পাৰিব৷ আৰু সেইবাবে এক শ্রেণীৰ লোকসভাত এই গ্ৰন্থখনক বিপ্ৰতীপ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিব। কাৰণ, আমাৰ দেশতএইক্ষেত্রত একাংশ লোকৰ যেন অধিকাৰ আছে, সংৰক্ষণ আছে!

আজি সৰু–সুৰা নেতাইও ১০ – ১২ কিলোমিটাৰ পদযাত্রা কৰিলে ২৪ ঘন্টা ধৰি টেলিভিচনত ধাৰাবিৱৰণীৰ ব্যৱস্থা কৰে।সংবাদ মাধ্যমত তেওঁলোকৰ খবৰ প্ৰথম পৃষ্ঠাত চপায়৷ চন্দ্ৰশেখৰজী নির্বাচনৰ পূৰ্বে নহয়, কেৱল গাওঁ আৰু দুখীয়া কৃষকসকলৰ স্বার্থত কিমান কিলোমিটাৰ পদযাত্রা কৰিছে তাৰ হিচাপ নাই। সেইবাবে দেশৰ ক্ষেত্ৰত তেওঁৰ যি গৌৰৱ পাব লাগিছিল, তেওঁ সেয়া পোৱা নাই, আমি দিব পৰা নাই৷ মই অতি দুখেৰে কওঁ — এয়া দুর্ভাগ্যৰ কথা!

তেওঁৰ চিন্তাধাৰা আৰু দর্শনক লৈ বিতর্ক হ’ব পাৰে, আজি কাৰোবাৰ আপত্তি থাকিব পাৰে – এয়াই তো গণতন্ত্রৰ বৈশিষ্ট্য।কিন্তু মোৰ দুঃখ হয়, যেতিয়া আজিও সচেতনভাবে তেওঁৰ সেই দীর্ঘ পদযাত্রাক কেৱল দান সংগ্ৰহ, দুর্নীতি আৰুপুঁজিপতিসকলৰ পৰা অর্থ সংগ্ৰৰ মাজতে সীমাবদ্ধ ৰাখি আলোচনা কৰা হয়। মই নাজানো হৰিবংশ ডাঙৰীয়াই এইসীমাবদ্ধতাকে অতিক্ৰম কৰিছেনে নাই! কিন্তু মই অতি নিবিড়ভাবে এই সীমাৰ বাহিৰত চন্দ্ৰশেখৰজীৰ অনেক অৱদানলক্ষ্য কৰিছো৷

আমাৰ দেশেৰ আন এটি বৈশিষ্ট্য হ’ল – নবীন প্ৰজন্মৰ ল’ৰা–ছোৱালীক যদি সোধা হয় যে দেশত কিমানজন প্ৰধানমন্ত্রীহৈছে, হয়তো বহুতেই সঠিক উত্তৰ দিব নোৱাৰিব। দীর্ঘদিল ধৰি সযত্নে বহুতৰ নাম বাদ দিয়া হয়। এই পৰিস্থিতিতহৰিবংশজীৰ এই সাহসৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ। দেশৰ উন্নয়নত সকলোৰে অৱদান আছে। কিন্তু এক শ্রেণীৰ মানুহেদেশ স্বাধীন হোৱাৰ পাছত আনকি বাবাচাহেব আম্বেদকাৰ, চর্দাৰ বল্লভভাই পেটেলৰ দৰে মহাপুৰুষৰ অৱদানকো উলাই কৰিবলৈ কুণ্ঠাবোধন নকৰে। লাল বাহাদুৰ শাস্ত্রীও যদি জীৱিত অবস্থাত দেশলৈ ঘূৰি আহিলহেতেন, তেতিয়া হ’লে তেওঁৰভাগ্যত কি আছিল কোনে জানে! তেওঁ শ্বহীদ হোৱাৰ ফলতেই হয়তো তেওঁক আৰু শেষ কৰাৰ প্ৰচেষ্টা নচলিল৷

তাৰপাছত অমুক প্ৰধানমন্ত্রীয়ে কি পান কৰে – আপোনালোকে জানে যে মোৰাৰজী ভাইক কৈ এই ধৰণৰ আলোচনা, অমুক প্ৰধানমন্ত্রীয়ে মিটিঙৰ সময়ত শুই থাকে, তমুক প্ৰধানমন্ত্রীয়ে পিছফালৰ পৰা ছুৰি মাৰে – এনেধৰণৰ অপবাদেৰে প্ৰত্যেকৰ কৃতিত্বক, তেওঁলোকৰ অৱদানক মচি পেলোৱাৰ চেষ্টা কৰা হৈছে৷

কিন্তু আপোনালোক সকলোৰে আশীর্বাদত মই ঠিক কৰিছো যে দিল্লীত সকলো প্রাক্তন প্ৰধানমন্ত্রীৰ ব্যক্তিত্ব আৰু কৃতিত্বকগুৰুত্ব দি এটি অত্যাধুনিক সংগ্ৰহালয় নিৰ্মাণ কৰা হ’ব। সকলো প্রাক্তন প্ৰধানমন্ত্রীৰ পৰিয়ালৰ সদস্য আৰু বন্ধু–বান্ধৱীৰপ্ৰতি মোৰ অনুৰোধ, তেওঁলোকে ব্যৱহাৰ কৰা আৰু সংশ্লিষ্ট সকলো সামগ্রী একত্রিত কৰিবলৈ আমাক সহায় কৰক, যাতেভৱিষ্যত প্ৰজন্মই সঠিকভাবে তেওঁলোকৰ সম্পর্কে জানিব পাৰে। চন্দ্ৰশেখৰজীৰ কি বৈশিষ্ট্য আছিল, তেওঁৰ কি কি অৱদানআছে, চৰণ সিংজী, দেৱেগৌড়াজী, বিশ্বনাথ প্ৰতাপ সিংজী, গুজৰালজী আৰু ডঃ মনমোহন সিংজীৰ কি কি অৱদান আছে, সকলো ৰাজনৈতিক ভেদা–ভেদৰ ঊর্ধ্বত থাকি আমি এইটো কৰিব বিচাৰিছো৷

দেশত এটি নতুন ৰাজনৈতিক সংস্কৃতি গঢ়ি উঠাৰ প্ৰয়োজন আছে। আমি এইদৰেই সেয়া গঢ়ি তোলাৰ চেষ্টা কৰিছো।চন্দ্ৰশেখৰজীক আজিও সঠিকভাবে তুলি ধৰিব পাৰিলে তেওঁ নতুন প্ৰজন্মক প্রেৰণা যোগোৱাৰ ক্ষমতা আছে। আজিওতেওঁৰ ভাৱনাত সংপৃক্ত হৈ নতুন প্ৰজন্মই গণতান্ত্রিক মূল্যবোধত উজ্জীৱিত হ’ব পাৰে। তেওঁলোকৰ কোনো অ–গণতান্ত্রিক পথ বাছিবলগীয়া নহয়৷

মোৰ আজিও মনত পৰে তেওঁ যেতিয়া প্ৰধানমন্ত্রী পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লৈছিল, দিল্লীত ৰাজনৈতিক জ্বৰ উঠিছিল, তাকো আইবি পুলিচসকলৰ তৎপৰতাৰ বাবে, বিশ্বৰ ইতিহাসত লিখা থাকিব যে এখন চৰকাৰ পতনত আইনী পুলিচসকলৰ ভূমিকা কিমান তাৎপর্যপূর্ণ হৈ উঠিছিল!

সেইদিনা মই নাগপুৰত আছিলো, তাত অটলজী আৰু আদৱাণীজীৰ ভাষণ আছিল। কিন্তু তেওঁলোকৰ বিমান আহি পোৱাৰ পূৰ্বেই মই পাইছিলোগৈ৷ মই য’ত উঠিছিলো, তাতেই হঠাৎ চন্দ্ৰশেখৰজীৰ ফোন আহিছিল। মই ফোন উঠাওতেইচন্দ্ৰশেখৰজীৰ প্ৰথম প্ৰশ্ন – ভাই, গুৰুজী ক’ত?

মই ক’লো, চাহেব, এতিয়াও তেওঁলোকৰ বিমান আহি পোৱা নাই৷ হয়তো আৰু এঘন্টা লাগিব৷

তেওঁ ক’লে যে মই অপেক্ষা কৰিছো, তেওঁ আহোতেই মোক ফোন কৰিবলৈ ক’বা! ক’ম, মই মনস্থ কৰিছো যে তেওঁ পদত্যাগকৰিব। কিন্তু তাৰ পূৰ্বে গুৰুজীৰ সৈতে কথা পাতিব বিচাৰিছে৷

আপোনালোকে ভাবক, দিল্লীত ৰাজনৈতিক জড়, অটলজী নাগপুৰত, মই তেওঁৰ অনুষ্ঠানৰ ব্যৱস্থাপনাত; কিন্তু সেইসময়তে অন্তিম সিদ্ধান্ত লোৱাৰ পূৰ্বে তেওঁ গুৰুজীৰ সৈতে কথা পতাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে!

তেওঁ সমগ্ৰ জীৱন দেশৰ দলিত, পীড়িত, শোষিত, বঞ্চিত দুখীয়া লোকসকলৰ দুঃখ–দুর্দশাৰ যন্ত্ৰণাক নিজৰ মাজত ধাৰণকৰি এই দিল্লীৰ ৰাজনীতিতত সুদীর্ঘ ৪০ বছৰ ধৰি সাংসদ হিচাপে নিষ্ঠাৰে বিভিন্ন দায়িত্ব পালন কৰি গৈছে। সেই বাবেইআজি আমি তেওঁক পুনৰ স্মৰণৰ জৰিয়তে ভাষাৰ জৰিতয়তে পুনৰ জীৱিত কৰাৰ চেষ্টা কৰিছে। তেওঁৰ পৰা প্রেৰণা লৈআমিও যেন দেশৰ সাধাৰণ জনতাৰ বাবে কিবা এটা কৰো – এয়াই হ’ব তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি৷

মই পুনৰবাৰ হৰিবংশজীক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো, তেওঁৰ পৰিয়ালৰ সদস্যসকলক ধন্যবাদ জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিলো৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”