The Awas Yojana is not merely about brick and mortar. It is about a better quality of life and dreams coming true: PM Modi
We are working towards ensuring that every Indian has a home by 2022, when India marks 75 years since Independence: PM Modi
We have been working to free the housing sector from middlemen, corruption and ensuring that the beneficiaries get their own home without hassles: PM
The housing sector is being invigorated with latest technology. This is enabling faster construction of affordable houses for the poor in towns and villages, says PM
PMAY is linked to dignity of our citizens, says PM Modi

মৰমৰ ভাতৃ আৰু ভগ্নীসকল, নমস্কাৰ,

বিভিন্ন যোজনাৰ দ্বাৰা জন সাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন অনাটোৰ বাবে মি সদায়েই প্ৰয়াস কৰি আহিছোঁ৷ সেই অভিজ্ঞতাৰ বিষয়ে মই প্ৰত্যক্ষভাৱে তেওঁলোকৰ সৈতে কথা পাতি গম পাওঁ আৰু সেইবাবে এনে হিতাধিকাৰীসকলৰ সৈতে মই পোনপটীয়াকৈ সাক্ষাৎ কৰাৰ বাবে প্ৰয়াস কৰোঁ৷ ভুলেই হওক বা শুদ্ধই হওক, ভালেই হওক বা বেয়াই হওক, সমস্যাই হওক বা সমাধানেই হওক, এই সকলোবোৰৰ বিষয়ে মই আপোনালোকৰ পৰা প্ৰত্যক্ষভাৱে জনাটো অতিশয় গুৰুত্বপূৰ্ণ৷
চৰকাৰত বিষয়াৰ দ্বাৰা যি প্ৰতিবেদন প্ৰস্তুত হয় সেই সমূহৰ নিজা এক বৈশিষ্ট থাকে৷ কিন্তু যাৰ দ্বাৰা লাভ হ’ল আৰু যিয়ে লাভ পালে তেওঁলোকৰ সৈতে কথা পাতি নতুন কথা জানিব পাৰি৷ যেনে উজ্বলা যোজনা, গেছ সংযোগ৷ মই সেই উজ্বলাৰ বিষয়ে বহু কথা কৈছিলো৷ কিন্তু যেতিয়া উজ্বলাৰ হিতাধিকাৰীসকলৰ সৈতে সাক্ষাৎ কৰিলো তেতিয়া তেওঁলোকে বৰ আমোদজনক কথা মোক ক’লে৷ তেওঁলোকে ক’লে যে আমাৰ পানী ৰাহি হ’ল৷ মই সুধিলো, পানী কিদৰে ৰাহি হ’ল? তেতিয়া তেওঁলোকে ক’লে যে পূৰ্বতে তেওঁলোকে চৌকাত ৰন্ধা-বঢ়া কৰিছিল, সেইবাবে বাচন-বৰ্তন ক’লা হৈ পৰিছিল আৰু দিনত চাৰি-চাৰিবাৰ বাচন চফা কৰিবলৈ বহু পানীৰ প্ৰয়োজন হৈছিল৷ এতিয়া গেছৰ ষ্টোভ অহাৰ পিছত পানীৰ প্ৰয়োজনীয়তা কমি গ’ল৷ এতিয়া এই কথাটো নামানো যে মই তেওঁলোকৰ সৈতে কথা পাতিলে এইবোৰ গম পালোহেঁতেন, এনেকুৱা বহু কথা আছে৷ যেতিয়া মই নিজে কথা কওঁ আৰু সেই সন্দৰ্ভত আজি মোৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি হিতাধিকাৰী আছে অথবা যাৰ ঘৰ তৈয়াৰ হৈ আছে, ঘৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে অথবা যিয়ে আৰু কেইদিনমান পিছতে ঘৰ পাব, এনে লোকৰ সৈতে শাৰীৰিকভাৱে, প্ৰত্যক্ষভাৱে লগ হৈ কথা-বতৰা পতাৰ অৱকাশ পাইছোঁ৷
আপোনালোকে জানে যে প্ৰত্যেক ব্যক্তিৰ মনত এটা ইচ্ছা সদায়েই থাকে যে তেওঁৰ নিজাকৈ এটা ঘৰ থাকক৷ সৰুৱেই হওক কিন্তু নিজৰ ঘৰ থকাৰ এটা সুখদ অনুভূতি থাকে৷ যাৰ নিজৰ ঘৰ থাকে তেওঁহে জানে, সেয়া আন কোনেও নাজানে৷ আৰু মই যি আপোনালোকক টিভিৰ মাধ্যমেৰে প্ৰত্যক্ষ কৰি আছোঁ, প্ৰযুক্তিৰ মাধ্যমেৰে দেখি আছোঁ, আপোনালোকৰ মুখমণ্ডলত যি সুখানুভূতি দেখা গৈছে সেয়া সন্তোষৰ সুখানুভূতি৷ জীয়াই থকাৰ এটা নতুন উৎসাহ সৃষ্টি হৈছে৷ এই মই দেখিব পাৰিছোঁ৷ আৰু যেতিয়া মই আপোনালোকৰ উৎসাহ নিজৰ চকুৰে প্ৰত্যক্ষ কৰোঁ তেতিয়া মোৰো উৎসাহ দহ গুণ বাঢ়ি যায়৷ তেতিয়া মোৰো মন যায় যে মই আৰু কাম কৰোঁ৷ আপোনালোকৰ বাবে পৰিশ্ৰম কৰোঁ৷ কাৰণ আপোনালোকৰ চেহেৰাত দেখা পোৱা সন্তোষেই মোৰ সন্তোষৰ কাৰণ৷

যিকোনো আৱাস যোজনাৰ অৰ্থ কেৱল এইটোৱেই নহয় যে কেৱল মূৰটো ঢাকিবলৈ ঠাই দিব লাগে৷ আৱাসৰ অৰ্থ হ’ল কেৱল চাৰিখন দেৱাল আৰু চাঁদ নহয়৷ ঘৰ অৰ্থাৎ য’ত জীৱন-যাপন সম্ভৱ হয়, য’ত সকলো সুবিধা উপলব্ধ হয়৷ য’ত পৰিয়াল সুখী হয়, য’ত পৰিয়ালৰ সকলো ব্যক্তিৰ সপোন সংবদ্ধ হয়৷
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মূল উদ্দেশ্য সেয়াই৷ নিজৰ ঘৰ সকলোৰে বাবে এটা সপোন৷ দাৰিদ্ৰতম ব্যক্তিজনৰো এটা সপোন থাকে যে তেওঁৰো এটা নিজা পকা ঘৰ হওক৷ কিন্তু স্বাধীনতাৰ ইমান বছৰৰ পিছতো দুখীয়াৰ সপোন আধৰুৱাই হৈ আছে৷ এই চৰকাৰে সংকল্প লৈছে আৰু নিশ্চয় কৰিছে যে ২০২২ চনত..যেতিয়া আমাৰ স্বাধীনতাৰ ৭৫ বৰ্ষ পূৰ্ণ হ’ব…এনেকুৱা অৱস্থাত সকলোৰে দৌৰিবলৈ মন যায়৷ আহক, স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে কিবা কাম কৰোঁ, বেছিকৈ কৰোঁ, ভাল কৰোঁ, সকলো লোকৰে ভাল কৰোঁ৷

আমি চেষ্টা কৰিছিলো যে ২০২২ত স্বাধীনতাৰ ৭৫ বছৰ বৰ্ষপূৰ্তিত পাঁচ বছৰ, চাৰি বছৰ যি সময় পাওঁ, দৌৰাৰ সাহস আহক, কাম কৰাৰ সাহস আহক৷ আৰু ২০২২ চনত স্বাধীনতাৰ ৭৫ বছৰত হিন্দুস্তানৰ প্ৰতিঘৰ পৰিয়ালৰ দাৰিদ্ৰতম ব্যক্তি, গাঁও অথবা চহৰ, জুপৰিতেই থাকক, ফুটপাথত থাকক, য’তেই থাকক, সেই পৰিয়ালৰ এটা নিজাকৈ পকী ঘৰ হওক৷ আৰু কেৱল ঘৰেই নহয়, তাত বিদ্যুৎ থাকক, নল থাকক, নলত পানী থাকক, সৌভাগ্যৰ বিজুলী থাকক, শৌচালয় থাকক, অৰ্থাৎ তেওঁলোকৰ এইটো অনুভৱ হ’ব লাগে যে, এতিয়াহে জীৱন জীয়াই থকাৰ যোগ্য হৈছে৷ এতিয়া আগবঢ়াৰ পথ মুকলি হওক, দাৰিদ্ৰতম ব্যক্তিজনেও কেৱল বিশ্ৰামৰ বাবে নহয়, নিজৰ মান-সন্মান আৰু পৰিয়ালৰ গৰিমা বৃদ্ধিৰ বাবেও অৱকাশ পাওক৷ ‘হাউচিং ফ’ৰ অল’-সকলোৰে বাবে ঘৰ, এয়াই আমাৰ সপোন আৰু সংকল্পও৷ অৰ্থাৎ আপোনাৰ সপোন, মোৰ সপোন, আপোনাৰ সপোনৰ দেশেই চৰকাৰৰ সপোন৷

কোটি কোটি লোকৰ বিশান দেশত এই সপোন পূৰ্ণ কৰাটো সহজ কথা নহয়৷ প্ৰত্যাহ্বান বহু ডাঙৰ আৰু কঠিন৷ আৰু স্বাধীনতাৰ ইমান বৰ্ষৰ পিছত অভিজ্ঞতাই ইয়াকে কয় যে এই সকলোবোৰ সম্ভৱ নহয়৷ কিন্তু তাৰ পিছতো দুখীয়াৰ জীৱন, বিনা ঘৰৰ জীৱন, যিয়ে মোক এয়া নিৰ্ণয় কৰিবলৈ সাহস দিয়ে৷

আপোনালোকৰ প্ৰতি প্ৰেমে, আপোনালোকৰ প্ৰতি অন্তৰত মোৰ যি প্ৰেম আছে সেইবাবে এই ডাঙৰ নিৰ্ণয়টো লৈছোঁ৷ এতিয়া এই নিৰ্ণয় পূৰণ কৰিবলৈ চৰকাৰী যন্ত্ৰাদি, অন্য লোকো সহায়ত নামি পৰিছে৷ কাম হৈ আছে৷ কিন্তু ইচ্ছাশক্তিৰ দ্বাৰা কেৱল অলপ হে কাম হয়৷ ইয়াৰ বাবে যোজনা লাগে, গতি লাগে, জনতাৰ বিশ্বাস আৰু সমৰ্থন লাগে, জনতাৰ বাবে সমপৰ্ণৰ ভাৱ লাগে৷ এই প্ৰত্যাহ্বানক মোকাবিলা কৰিবলৈ পূৰ্বৰ চৰকাৰৰ যি কাম-কাজ আছিল, সেয়া কিদৰে হৈছিল, কেনেকৈ আৰম্ভ হৈছিল, ক’ত গৈ শেষ হৈছিল, এয়া আপোনালোকে জানে৷

মই বুজোঁ যে আজি ইয়ালৈ বহু পৰিৱৰ্তন আহিছে৷ আজি আমি বহু মন্দিৰৰ নামত, সম্প্ৰদায়ৰ নামত ঘৰ নিৰ্মাণ কৰিছোঁ, কাম আৰম্ব কৰিছোঁ কিন্তু বৰ্ধিত আবাদীৰ নামত এয়া নিষ্ফল বিবেচিত হৈছে৷ পৰৱৰ্তী পৰ্যায়ত এই যোজনা ব্যক্তিৰ নামত হ’বলৈ ধৰিলে, পৰিয়ালৰ নামত হ’বলৈ ধৰিলে৷ স্বাভাৱিকতে ইয়াৰ উদ্দেশ্য সাধাৰণ জনতাক ঘৰ দিয়াৰ পৰিৱৰ্তে ৰাজনৈতিক হিত সাধন অধিক হৈছিল৷ আমি এক নতুন ধৰণে এই প্ৰত্যাহ্বানৰ ওপৰত কাম কৰিলো৷ ক্ষুদ্ৰ ভিত্তিত কাম কৰাৰ পৰিৱৰ্তে অভিযান মোডত কাম কৰাৰ সংকল্প গ্ৰহণ কৰিলো৷ আমি সিদ্ধান্ত গ্ৰহণ কৰিলো যে ২০২২ পৰ্যন্ত গ্ৰামাঞ্চলত তিনি কোটি আৰু চহৰ ক্ষেত্ৰত এক কোটি ঘৰৰ নিৰ্মাণ কৰিম৷ যেতিয়া লক্ষ্য ইমান বৃহৎ, তেন্তে স্বাভাৱিকতে সেই লক্ষ্য পূৰণৰ বাবে বাজেটো বৃহৎ হ’ব লাগিব৷ এটা সময় আছিল যেতিয়া বাজেট আৱণ্টনৰ অনুৰূপত লক্ষ্য নিৰ্ধাৰিত কৰা হৈছিল৷ কিন্তু এতিয়া আমি লক্ষ্য পোনতে নিৰ্ধাৰণ কৰোঁ৷ দেশক প্ৰথমে কিহৰ প্ৰয়োজন, কিমান প্ৰয়োজন, ইয়াৰ আধাৰত লক্ষ্য নিৰ্ধাৰণ কৰা হয়৷ তাৰ পিছত এই অনুসৰি বাজেট নিৰ্ধাৰণ কৰা হয়৷ চহৰৰ কথা যদি মই কওঁ তেন্তে পূৰ্বতে যি চৰকাৰ আছিল তেওঁলোকে কেৱল দৰিদ্ৰতাৰ নামতেই খেল খেলিছিল৷

ইউপিএ চৰকাৰৰ দহ বৰ্ষত যিমান ঘৰ, নিৰ্মাণক মঞ্জুৰী দিয়া নাছিল, বিগত চাৰি বছৰত আমি তাৰে প্ৰায় চাৰিগুণ অধিক অনুমোদন জনাইছোঁ৷ ইউপিএ চৰকাৰৰ দহ বৰ্ষত মুঠ চাৰে তেৰ লাখ ঘৰৰ অনুমোদন জনোৱা হৈছিল, কিন্চু আমাৰ চৰকাৰে বিগত চাৰিটা বৰ্ষত প্ৰায় ৪৭ লাখ অৰ্থাৎ ৫০ লাখ অতিক্ৰম কৰাকৈ অনুমোদন জনোৱা হৈছে৷ ইয়াৰে ৭ লাখ ঘৰ নতুন প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে৷

এতিয়া হাউচিঙত নতুন প্ৰযুক্তিক উৎসাহ দিয়াৰ অৰ্থে ‘গ্ল’বেল হাউচিং টেকন’ল’জী চেলেঞ্জ’ আৰম্ভ কৰা হৈছে৷ যাতে নিম্ন ব্যয়ৰ হাউচিঙত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব পাৰে৷ ঠিক সেইদৰে যদি গাঁৱৰ কথা কওঁ, পূৰ্বৰ চৰকাৰে শেষৰ চাৰিটা বৰ্ষত সম্পূৰ্ণ ভাৰতত প্ৰায় ২৫ লাখ ঘৰৰ নিৰ্মাণ কৰিছিল৷ আমাৰ চৰকাৰে বিগত চাৰিটা বৰ্ষত এক কোটিতকৈও অধিক ঘৰৰ নিৰ্মাণ কৰিছে৷ অৰ্থাৎ তিনিশ পঁচিশ শতাংশতকৈও অধিক বৃদ্ধি হৈছে৷ প্ৰথমে ঘৰ নিৰ্মাণ কৰিবলৈ ১৮ মাহৰ সময়ৰ প্ৰয়োজন হৈছিল৷ কিন্তু আমি এয়া হ্ৰাস কৰি, ইয়াৰ গুৰুত্ব বুজি, গতি বৃদ্ধি কৰি ১৮ মাহৰ কাম ১২ মাহত সম্পূৰ্ণ কৰাৰ সংকল্প লৈ আগবাঢ়িছোঁ৷

এতিয়া পৰিস্থিতি এনে হৈছে যে এক বছৰতকৈও কম সময়ত ঘৰ নিৰ্মাণ হৈছে, আজি ঘৰৰ নিৰ্মাণ তীব্ৰ গতিত হ’বলৈ ধৰিছে৷ আৰু চাওক এয়া কিদৰে হৈছে৷ কেৱল ইটা আৰু পাথৰ ক্ষীপ্ৰ গতিত দিলেই ঘৰ নিৰ্মাণ হৈ যাব এনে নহয়৷ ইয়াৰ বাবে প্ৰতিটো পৰ্যায়ত যোজনাবদ্ধ উপায়ত পদক্ষেপ গ্ৰহণ কৰা হয়৷ স্কেলেই নহয়, আকাৰো পৰিৱৰ্তন কৰা হৈছে৷ গাঁৱত প্ৰথমে ঘৰ বনাবলৈ ন্যূনতম ক্ষেত্ৰফল ২০ বৰ্গমিটাৰ আছিল৷ কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমি এই ২০ বৰ্গমিটাৰৰ স্থানত ২৫ বৰ্গ মিটাৰ কৰিছোঁ৷ আপোনালোকে ভাবিছে যে এই ৫ বৰ্গমিটাৰ বৃদ্ধি কৰি কি হ’ব? ইয়াৰ জৰিয়তে এইটোৱেই সুবিধা হৈছে যে আচুতীয়াকৈ পৰিষ্কাৰ পাকঘৰ এটাৰ স্থান পোৱা গৈছে৷ গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত পূৰ্বতে ৭০-৭৫ হাজাৰ টকাৰ সাহায্য প্ৰদা নকৰা হৈছিল৷ যাক আমি ডেৰ লাখলৈ বৃদ্ধি কৰিছোঁ৷ আজিকালি মনৰেগা হিতাধিকাৰীসকলৰ ৯০-৯৫ দিনৰ শ্ৰমৰ বাবেও তেওঁলোকৰ একাউণ্টত টকা জমা হয়৷ ইয়াৰোপৰি শৌচালয় নিৰ্মাণৰ বাবে ১২হাজাৰ টকা অতিৰিক্তভাৱে দিয়া হৈছে৷ দুখীয়াৰ টকা যাতে কোনেও চান কাঢ়িব নোৱাৰে তাৰ বাবে আমি সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছোঁ৷

আজি ডিবিটি (ডাইৰেক্টচ বেনিফিট ট্ৰেন্সফাৰ)ৰ মাধ্যমৰ জৰিয়তে মধ্যভোগী নাশ হৈছে৷ আৰু হিতাধিকাৰীসকলৰ একাউণ্টত পোনে পোনে গৈ টকা জমা হৈছে৷ পূৰ্বতে জনধন একাউণ্ট খুলিলে আৰু টকা প্ৰেৰণ আৰম্ভ কৰিলে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা কাৰ্যক্ৰমৰ প্ৰগতিৰ নিৰীক্ষণৰ বাবে যি ঘৰ নিৰ্মাণ কৰা হৈছে, সেইসমূহৰ জিঅ’ ট্ৰেকিঙৰ ব্যৱস্থা কৰা হৈছে৷ যাতে পাৰদৰ্শিতা বাহাল থাকে৷ এই কামসমূহক দিশা প’ৰ্টেলৰ সৈতেও জড়িত কৰা হৈছে৷ য’ত এয়া দেখা গৈছে যে আপুনি নিৰীক্ষণ কৰিব পাৰে৷ মই মোৰ কাৰ্যালয়ৰ পৰা নিৰীক্ষণ কৰি থাকো কিমান কাম হৈছে, ক’ত ক’ত হৈছে৷ তাৰ সম্পূৰ্ণ বিৱৰণ মই মোৰ কাৰ্যালয়ত বহিয়েই দেখা পাই থাকো৷

ইউপিএৰ কাৰ্যকালত হিতাধিকাৰীসকলৰ বাচনি পুৰণি ৰাজনেতাৰ দ্বাৰা তৈয়াৰী বিপিএল তালিকাৰ পৰা কৰা হৈছিল কিন্তু আজিকালি আমি আৰ্থ-সামাজিক জাতি পিয়লৰ মাধ্যমত কৰা আৰম্ভ কৰিছোঁ আৰু তাৰ ফলত পূৰ্বতে যিসকল বঞ্চিত হৈছিল সেইসকলো ইয়াত অন্তৰ্ভুক্ত হৈছে৷ ইয়াৰ জৰিয়তে অধিক লোক লাভান্বিত হৈছে৷ প্ৰতিটো ক্ষেত্ৰ, প্ৰতিটো বৰ্গৰ লোকে ইয়াৰ পৰা লাভান্বিত হৈছে৷

ঘৰ কেৱল প্ৰয়োজনীয়তাৰ সৈতে নহয়, সন্মানৰ সৈতেও জড়িত, স্বাভিমানৰ সৈতেও জড়িত৷ এবাৰ ঘৰ নিৰ্মাণ হোৱাৰ পিছত ঘৰৰ সকলো সদস্যৰ চিন্তাধাৰা পৰিৱৰ্তন হয়৷ আগবঢ়াৰ নতুন উৎসাহৰ সৃষ্টি হয়৷
আমাৰ প্ৰয়াস এয়াই যে পৰিয়ালৰ এই প্ৰয়োজনীয়তা পূৰণ কৰা আৰু তেওঁলোকৰ সন্মান বড়োৱা আৰু সেইবাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লক্ষ্য বিশেষ ৰূপত সমাজৰ দুৰ্বল শ্ৰেণী আৰু মহিলাসকলৰ ওপৰত কেন্দ্ৰীভূত কৰা হৈছে৷ আদিবাসীয়েই হওক, দলিতই হওক, বঞ্চিতই হওক, এছচি, এছটি, অ’বিচি, মাইন’ৰিটী আৰু আমাৰ দিব্যাংগ ভাই-ভনীসকলক আমি প্ৰাথমিকতা প্ৰদান কৰিছোঁ৷

সেইদৰে যোজনাবদ্ধ প্ৰক্ৰিয়াৰে ব্যাপক স্তৰত কৰা প্ৰয়াসৰ পৰিণাম এয়াই যে আজি ক্ষীপ্ৰ গতিত ঘৰ নিৰ্মাণ হ’বলৈ ধৰিছে৷ আমি মাটিৰ সৈতে জড়িত লোক৷ জনসাধাৰণৰ সমস্যাসমূহ, তেওঁলোকৰ দুখ-দুৰ্দশাৰ কথা আমি ভালদৰে জানো, বুজি পাওঁ আৰু এই কাৰণতেই আমি জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান ৰাখি কাম কৰি আছোঁ৷ চৰকাৰত এনেকুৱা কাম হয় যে প্ৰতিটো যোজনাত বেলেগ বেলেগ কাম হয়৷ প্ৰথমে মন্ত্ৰালয়ৰ মাজত, দুটা বিভাগৰ মাজত, দুটা যোজনাৰ মাজত সমন্বয়েই নাথাকে৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সৈতে বিভিন্ন চৰকাৰী যোজনা সমন্বয় কৰা হৈছে৷ নিৰ্মাণ আৰু নিয়োজনৰ বাবে ইয়াৰ সৈতে মনৰেগা সংবদ্ধ কৰা হৈছে৷ ঘৰত শৌচালয়, বিজুলী, পানী আৰু এলপিজি গেছ সুবিধাৰ প্ৰতি ধ্যান বেলেগে ৰখা হৈছে৷ ঘৰত শৌচালয়ৰ বাবে স্বচ্ছ ভাৰত মিছনক সংবদ্ধ কৰা হৈছে৷ ঘৰত বিদ্যুতৰ বাবে পণ্ডিত দীন দয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা আৰু সৌভাগ্য যোজনা ইয়াৰ সৈতে জড়িত কৰা হৈছে৷ পানীৰ সুবিধাৰ বাবে ইয়াত গ্ৰামীণ পেয়জল কাৰ্যক্ৰমৰ সৈতে জড়িত কৰা হৈছে৷ এলপিজিৰ ব্যৱস্থাৰ বাবে উজ্বলা যোজনাৰ সৈতে জড়িত কৰা হৈছে৷ এই আৱাস যোজনা কেৱল এটা ঘৰতেই সীমাৱদ্ধ নহয়৷ ই সশক্তিকৰণৰ এক মাধ্যমো৷ চহৰত যিসকল লোকে এই ঘৰ পাইছে তাৰে ৭০ শতাংশতেই মহিলাৰ নাম আছে৷ আজি পূৰ্বৰ তুলনাত অধিক ঘৰ নিৰ্মাণ হোৱাৰ বাবে নিয়োজনৰ সুবিধাও বৃদ্ধি হৈছে৷
স্থানীয় পৰ্যায়ত ইটা, বালি, চিমেণ্টক লৈ প্ৰতিটো প্ৰকাৰ নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায় বৃদ্ধি হৈছে৷ স্থানীয় শ্ৰমিক, কাৰিকৰেও কাম পাইছে৷ ইয়াৰ লগতে গাঁৱত গুণগতমানৰ কাৰ্যৰ বাবে চৰকাৰে এক লাখ ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ কৰিছে, ৰাজমিস্ত্ৰী আৰু আপুনি এইটো জানি সুখী হ’ব যে বহুতো ৰাজ্যত ৰাজমিস্ত্ৰীৰ দৰে ৰাণীমিস্ত্ৰীকো প্ৰশিক্ষিত কৰা হৈছে৷ এয়া মহিলা সশক্তিকৰণৰ এক ডাঙৰ পদক্ষেপ৷

চহৰত অধিকসংখ্যক লোকক এই যোজনাৰ সৈতে সন্মিলিত কৰোৱাৰ বাবে চৰকাৰে চাৰিটা মডেলত কাম কৰিছে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চহৰাঞ্চলত ঘৰ নিৰ্মাণ বা তাৰ বিস্তাৰ কৰাৰ বাবে প্ৰতিঘৰকে ডেৰ লাখ টকাৰ সাহায্য প্ৰদান কৰা হৈছে৷

লিংক ৰাজসাহায্য আঁচনিৰ অধীনত ঘৰ বনোৱাৰ বাবে প্ৰদান কৰা ঋণত ৩ৰ পৰা ৬ শতাংশৰ ৰাজসাহায্য প্ৰদান কৰা হৈছে৷ অঞ্চলত পুনৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰতিঘৰতে ১ লাখ টকাৰ সাহায্য প্ৰদান কৰিছে৷ অথবা ৰাজহুৱা ক্ষেত্ৰৰ সৈতে অংশীদাৰীত্বত লাভজনক আৱাস, ব্যয়সাধ্য গৃহৰ বাবে আৰ্থিক ৰূপত বঞ্চিত লোকক প্ৰতিঘৰতে ডেৰ লাখ টকাৰ সাহায্য প্ৰদান কৰা হৈছে৷ প্ৰথমে দেখা গৈছিল যে বিল্ডাৰ্ছে টকা লৈ বছৰজুৰি এটা ইটাও পেলোৱা নাছিল৷ দুখীয়া আৰু মধ্যবিত্তৰ লাভ হওক৷ ঘৰ ক্ৰয় কৰোতাৰ হিতসাধন হওক৷ মধ্যবৰ্গৰ পৰিয়ালে জীৱনৰ সকলো উপাৰ্জন ঘৰ বনোৱাত শেষ কৰে৷ সেইসমূহ যাতে কোনেও শোষণ নকৰে৷ ইয়াৰ বাবে আমি RERA- Real Estate Regulation Act প্ৰণয়ন কৰিছোঁ৷ এই আইনৰ জৰিয়তে পাৰদৰ্শিতাৰ সৈতে ক্ৰেতাই নিজৰ অধিকাৰ প্ৰাপ্ত কৰিছে৷ আৰু বিল্ডাৰেও ক্ৰেতাক প্ৰৱঞ্চনা কৰিবলৈ ভয় কৰিছে৷

আজি দেশত এনেকুৱা বহু উদাহৰণ আছে য’ত আশা আৰু আকাংক্ষাত এই যোজনাই পাখি লগাইছে৷ ঘৰ থাকিলে সমৃদ্ধি আৰু সুৰক্ষাতো হয়েই আৰু স্বাস্থ্যও ভালে থাকে৷ নিজৰ ঘৰ থকাটো সকলোৰে প্ৰাথমিকতা, পূৰ্বতেও হৈছিল৷ কিন্তু দুৰ্ভাগ্যৰ কথা যে পূৰ্বতে সকলোতকৈ শেষত এই সপোন পূৰ্ণ হৈছিল৷ আৰু কেতিয়াবা আধৰুৱাও হৈ ৰৈছিল৷ কিন্তু এতিয়া এনে নহয়৷

আমি সকলোৱে সদায় শুনি আহিছোঁ৷ ঘৰ নিৰ্মাণ কৰোঁতে এটা জীৱন পাৰ হৈ যায়৷ কিন্তু এতিয়া এয়া অন্য এখন চৰকাৰ৷ আৰু এই ফকৰা এতিয়া পৰিৱৰ্তন হৈছে, দেশ পৰিৱৰ্তন হৈছে৷ এতিয়া সময় হৈছে যে আমাৰ অন্তৰ্ভাগৰ পৰা ধ্বনিত হ’ব যে আমাৰ জীৱন নিজৰ ঘৰত পাৰ হ’ব৷

মই মানো যে ইমান ডাঙৰ ব্যৱস্থা যিহেতু এতিআও কিছুমান লোকৰ পুৰণি অভ্যাস পৰিৱৰ্তন নহ’ব৷ আৰু সেইবাবে মই আপোনালোকক আহ্বান কৰিছোঁ যে এই যোজনাৰ অধীনত যিকোনো লাভ প্ৰাপ্তিৰ বাবে যদি কোনোবাই আপোনাৰ পৰা ধন বা অনাৱশ্যক প্ৰতিদান বিচাৰিছে, তেন্তে আপোনালোকে বিনাদ্বিধাই ইয়াৰ অভিযোগ দাখিল কৰক৷ ইয়াৰ বাবে আপুনি কালেক্টৰ অথবা মন্ত্ৰীৰ ওচৰত অতি সহজে নিজৰ অভিযোগ দাখিল কৰিব পাৰে৷

মই পূৰ্বতেও কৈছিলো যে ভাৰতৰ সপোন আৰু আকাংক্ষা ইমান সোনকালে পূৰণ কৰিব নোৱাৰি৷ আমি এক মজবুত ভেঁটি তৈয়াৰ কৰিছোঁ৷ আৰু আমাৰ সন্মুখত এক অসীম আকাশ আছে৷ সকলোৰে বাবে ঘৰ, সকলোৰে বাবে বিদ্যুৎ, সকলোৰে বাবে বেংক, সকলোৰে বাবে বীমা, সকলোৰে বাবে গেছ সংযোগ, এয়া নিউ ইণ্ডিয়াৰ সম্পূৰ্ণতাৰ দৃশ্য হ’ব৷
আধুনিক সুবিধাৰ সৈতে জড়িত গাঁও আৰু সমাজৰ দিশত আমি ক্ষীপ্ৰতাৰে আগবাঢ়ি আছো৷ আৰু সেইবাবে ইমান সংখ্যক ভাই-ভনীৰ সৈতে কথা পতাৰ সৌভাগ্য পাইছোঁ…..এটা সৰু ভিডিঅ’ আপোনালোকক দেখুৱাব খোজোঁ৷ ইয়াৰ পিছত মই আপোনালোকৰ পৰা শুনিব বিচাৰোঁ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre's ₹9,585-cr green scheme for NCR may boost CV replacement demand

Media Coverage

Centre's ₹9,585-cr green scheme for NCR may boost CV replacement demand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Surat and Daman on 5th June
June 04, 2026
PM to inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 Crore in Surat
PM to dedicate key packages of the 8-Lane Access-Controlled Vadodara-Mumbai Expressway to the nation
PM to lay foundation stone for four-laning of critical sections on NH-56; project to enhance connectivity across tribal regions and boost access to the Statue of Unity
PM to inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 Crore in Daman
PM to dedicate New Terminal Building of NAMO Airport in Daman
PM to lay foundation stones of port projects worth ₹885 Crore for the UT of Lakshadweep

Prime Minister Shri Narendra Modi will visit Gujarat and Daman on 5th June, 2026. At around 2:30 PM, Prime Minister will visit Hazira in Surat district and review ongoing industrial operations and infrastructure projects. At around 4:15 PM, Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 crore in Surat. He will also address the gathering on the occasion.

Prime Minister will then travel to Daman, where at around 6:15 PM, he will inaugurate the New Terminal Building of NAMO Airport in Daman. This will be followed by the dedication of NAMO Hospital in Daman to the nation. Thereafter, at around 7:15 PM, Prime Minister will inaugurate, dedicate and lay the foundation stone of various development projects worth around ₹2,970 crores in Daman. He will also lay the foundation stone of four important projects for the Union Territory of Lakshadweep worth around ₹885 crore. He will also address the gathering on the occasion.

PM in Surat

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of multiple development projects worth over ₹18,800 crore in Surat across the road, power and industrial sectors.

Prime Minister will dedicate Packages VI and VII of the Vadodara-Mumbai Expressway to the nation, enhancing high-speed transportation, logistics efficiency and economic connectivity between Gujarat and Maharashtra. Prime Minister will lay the foundation stone for key infrastructure projects which includes the four-laning of critical sections on NH-56 to enhance connectivity across tribal regions and boost access to the Statue of Unity.

Prime Minister will also inaugurate a 200 bedded ESIC Hospital in Surat, providing modern secondary healthcare across key specialties, backed by a central laboratory and essential ancillary services. It also features 24/7 emergency and trauma care to ensure the timely management of occupational injuries and medical emergencies. Prime Minister will inaugurate critical utility and industrial infrastructure projects, including the Transmission Network Expansion in Gujarat to enhance power evacuation capacity under the Inter-State Transmission System. Prime Minister will also inaugurate several important initiatives of Government of Gujarat, including modern power distribution upgrades under the Revamped Reforms-Based Distribution Sector Scheme in Valsad, advanced effluent disposal and treatment infrastructure at Dahej Petroleum, Chemicals and Petrochemical Investment Region (PCPIR) and Sarigam Gujarat Industrial Development Corporation (GIDC), and essential layout utilities at the Jambusar Bulk Drug Park.

PM in Daman

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 crore in Daman. These projects span various sectors including healthcare, civil aviation, tourism, infrastructure, connectivity and public welfare and are expected to provide a major boost to the overall development of the Union Territory of Dadra and Nagar Haveli and Daman and Diu.

Prime Minister will inaugurate and dedicate projects worth around ₹1,340 crore, including the New Terminal Building of NAMO Airport and NAMO Hospital, among others in Daman. The new airport terminal will significantly enhance regional air connectivity and facilitate economic growth in the region. NAMO Hospital, the district hospital in Daman district, has been developed to cater to nearly 1,500 OPD patients per day and will strengthen access to quality healthcare services for the people.

Prime Minister will also lay the foundation stone of projects worth around ₹1,630 crore. Major projects include the Iconic Bridge, the Daman Convention Centre and the NIFT Campus at Daman, among others. These projects are expected to strengthen modern infrastructure, boost tourism, promote investment, generate employment opportunities and improve the quality of life of the people.

Prime Minister will also lay the foundation stone of important projects for the Union Territory of Lakshadweep worth around ₹885 crore. These projects include Development of Port Facilities on the Eastern and Western Sides of both Kalpeni Island and Kadmat Island. The development of these multipurpose jetties will facilitate year-round berthing of large passenger vessels, including cruise vessels of up to 300 metres in length. The projects will enable safe and efficient passenger and cargo handling and provide integrated facilities for fish handling, fuel distribution, ice supply and boat repair. These initiatives will strengthen maritime connectivity, support the livelihoods of local fishermen, promote tourism and contribute to the socio-economic development of the islands.