Guru Gobind Singh Ji was a great warrior, philosopher poet and guru: PM Modi
Guru Gobind Singh Ji fought against oppression and injustice. His teachings to people focused on breaking the barriers of religion and caste: PM
Guru Gobind Singh Ji’s values and teachings will continue to be the source of inspiration and the guiding spirit for the mankind in years to come: PM

ৱাহে গুৰুজী কা খালসা..ৱাহে গুৰু জী কী ফতেহ!!

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা আপোনালোক সকলো মহানুভৱক মই স্বাগতম জনাইছোঁ৷ আপোনালোক সকলোকেসমগ্ৰ দেশকে লোহৰীৰ লক্ষ লক্ষ অভিনন্দন৷ বিশেষকৈ আমাৰ দেশৰ অন্নদাতা বন্ধুসকলৰ বাবে শস্য চপোৱাৰ এই বতৰে যাতে অনন্ত সুখ লৈ আহকতাৰেই মংগল কামনা কৰিছো৷

বন্ধুসকলআজি গুৰু গোৱিন্দ সিং মহাৰাজৰ প্ৰকাশ পৰ্ব সমগ্ৰ দেশে উদযাপন কৰিছে৷ খালসা পথৰ সৃজনকৰ্তা,মানৱতাৰ পালনকৰ্তাভাৰতীয় মূল্যৰ বাবে সমৰ্পিত গুৰু গোৱিন্দ সিঙক মই শ্ৰদ্ধাৰে সেৱা জনাইছো৷ গুৰু গোৱিন্দ সিঙৰ প্ৰকাশোৎসৱ উপলক্ষে আপোনালোক বন্ধুসকলৰ সৈতে দেশ আৰু বিশ্বৰ শিখপন্থী তথা ভাৰতীয় সংস্কৃতিৰ বাবে সমৰ্পিত জনতাক মই অলেখ অভিনন্দন জনাইছো৷

বন্ধুসকলযোৱা বছৰত আমি গুৰু গোৱিন্দ সিং মহাৰাজৰ ৩৫০তম জন্মজয়ন্তী পালন কৰিছিলো৷ শিখপন্থীৰ এই গুৰুত্বপূৰ্ণ অৱকাশক স্মৰণীয় কৰি তোলাৰ বাবে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা দেশবাসীলৈ উৎসৰ্গিত কৰাৰ মই সৌভাগ্য লাভ কৰিছো৷

অৱশ্যে গুৰু গোৱিন্দ সিংজীৰ মুদ্ৰা আমাৰ হৃদয়ত শ শ বছৰ ধৰি চলি আহিছে আৰু অনাগত শ শ বছৰলৈ এয়া চলি থাকিব৷ সেইবাবে যাৰ কৃতিত্ব এক মূল্যৰ ৰূপত আমাৰ জীৱনক চলমান কৰি ৰাখিছেআমাক প্ৰেৰণা প্ৰদান কৰিছেতাক স্মৰণীয় কৰি ৰখাৰ বাবে আমাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস৷ তেওঁৰ প্ৰতি আদৰ তথা শ্ৰদ্ধা ব্যক্ত কৰাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস আৰু সেইবাবে আমি সকলোৱে সন্তোষ অনুভূত কৰিছো৷

বন্ধুসকলশ্ৰী গুৰু গোৱিন্দ সিঙৰ ব্যক্তিত্বত অনেক প্ৰতিভাৰ সংগম হৈছিল৷ তেওঁ গুৰুতো আছিলেইলগতে শ্ৰেষ্ঠ ভক্তও আছিল৷

তেওঁ যিমান কুশলী যোদ্ধা আছিল সিমানেই কুশলী কবি আৰু সাহিত্যিকো আছিল৷ অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে তেওঁ যিমান আগ্ৰহী আছিল সিমানেই শান্তি স্থাপনৰ বাবেও আগ্ৰহী আছিল৷

মানৱতাৰ ৰক্ষাৰ বাবেৰাষ্ট্ৰৰ ৰক্ষাৰ বাবেধৰ্মৰ ৰক্ষাৰ বাবে তেওঁৰ সৰ্বোচ্চ বলিদানৰ বিষয়ে দেশ আৰু বিশ্ব ইতিমধ্যেই পৰিচিত৷

ইন পুত্ৰন কে কাৰণৱাৰ দিয়ে সুত চাৰ৷

চাৰ মুয়ে তো ক্যা হুৱাজীৱিত কই হাজাৰ৷৷

হাজাৰ সন্তানৰ ৰক্ষাৰ বাবে নিজৰ সন্তানকনিজৰ বংশক যিয়ে বলিদান দিছিলৰাষ্ট্ৰৰ ৰক্ষাৰ বাবেধৰ্মৰ ৰক্ষাৰ বাবে ত্যাগ আৰু বলিদানৰ ইয়াতকৈ উৎকৃষ্ট উদাহৰণ আৰু কি হব পাৰে৷

বন্ধুসকলবীৰত্বৰ সৈতে তেওঁৰ যি ধীৰতা আছিলধৈৰ্য আছিল সেয়া আছিল অনুপম৷ তেওঁ সংঘৰ্ষ কৰিছিল কিন্তু ত্যাগৰ অভুতপূৰ্ব নিদৰ্শন দাঙি ধৰিছিল৷ তেওঁৰ সমাজৰ বেয়া শক্তিৰ বিৰুদ্ধে যুঁজিছিল৷ উচ্চনীচজাতিভেদৰ বিৰুদ্ধে গুৰু গোৱিন্দ সিংজীয়ে সংঘৰ্ষত লিপ্ত হৈছিল৷ এই সকলো মুল্যবোধেই হল নতুন ভাৰতৰ নিৰ্মাণৰ মূলভেঁটি৷

বন্ধুসকলগুৰু চাহেবে জ্ঞানক গুৰুত্ব প্ৰদান কৰি গুৰু গ্ৰন্থ চাহিবৰ প্ৰতিটো শব্দক জীৱনৰ মন্ত্ৰ হিচাপে স্বীকাৰ কৰিছিল৷ তেওঁ কৈছিল যে এতিয়া গুৰু গ্ৰন্থ চাহিবেই হল তেওঁৰ প্ৰতিটো শব্দইয়াৰে প্ৰতিটো পৃষ্ঠাই ভৱিষ্যতৰ যুগক প্ৰেৰণা প্ৰদান কৰিব৷ আগলৈ যেতিয়া পঞ্চ প্যাৰে আৰু খালসা পন্থৰ সূচনা হতাতো সমগ্ৰ ভাৰতক একত্ৰিত কৰাৰ প্ৰয়াস কৰা হল৷

লসা পন্থৰ বিকাশ গুৰু চাহেবৰ দীৰ্ঘসময়ৰ গহীন চিন্তনমনন আৰু অধ্যয়নৰ পৰিণাম আছিল৷ তেওঁৰ বেদপুৰাণ তথা অন্য প্ৰাচীন গ্ৰন্থসমূহৰ জ্ঞান আছিল৷ গুৰু চাহেবে গুৰু নানকৰ পৰা আৰম্ভ কৰি গুৰু টেগ বাহাদুৰ পৰ্যন্ত শিখপন্থীৰ পৰম্পৰামোগল শাসনৰ সময়চোৱাত শিখপন্থীৰ সৈতে জড়িত ঘটনাসমূহৰ ব্যাপক জ্ঞান আছিল৷ দেশসমাজত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত তেওঁ নিজৰ মতামত প্ৰকাশ কৰিছিল৷

বন্ধুসকলআপোনালোকৰ অনেকে হয়তো শ্ৰী দশমগ্ৰন্থ চাহেব’ অধ্যয়ন কৰিছে৷ ভাষা আৰু সাহিত্যৰ ওপৰত তেওঁৰ যি দখল আছিল সেয়া আছিল অতুলনীয়৷ জীৱনৰ প্ৰতিটো ৰসৰ ব্যাখ্যা এনেদৰে কৰা হৈছে যি সাধাৰণতম ব্যক্তিৰো হৃদয় স্পৰ্শ কৰি যায়৷ অলংকাৰেই হওকপদশৈলীয়েই হওকচন্দই হওকপ্ৰবাহেই হওকসকলোৱে মন্ত্ৰমুগ্ধ কৰে৷ ভাৰতীয় ভাষাসমূহক লৈ তেওঁৰ জ্ঞান আৰু মোহ অতুলনীয় আছিল৷

বন্ধুসকলগুৰু গোৱিন্দ সিংজীৰ কাব্য ভাৰতীয় সংস্কৃতিআমাৰ জীৱনদৰ্শনৰ সৰল অভিব্যক্তিস্বৰূপ৷ যিদৰে তেওঁৰ ব্যক্তিত্ব বহুমুখী আছিল তেনেদৰেই তেওঁ কাব্যও অনেক আৰু বিবিধ বিষয়ৰ দ্বাৰা সমাহিত আছিল৷ বহু সাহিত্যিকে তেওঁৰ সাহিত্যকাৰ্যৰ পৰা প্ৰেৰণা লাভ কৰে৷

বন্ধুসকলযিকোনো দেশৰ সংস্কৃতিয়ে সেই দেশৰ মহিমাক উজ্বল কৰেসুৱগা চৰায়৷ সেয়ে সংস্কৃতিক সমৃদ্ধ কৰা আৰু তাৰ প্ৰচাৰপ্ৰসাৰ কৰা সদায়েই বিশ্বৰ শক্তিশালী সভ্যতাসমূহৰ প্ৰাথমিক কাৰ্য হয়৷ এই প্ৰচেষ্টা বিগত চাৰে চাৰি বছৰ ধৰি আমাৰ চৰকাৰে কৰি আছে৷

ভাৰতৰ ওচৰত যি সাংস্কৃতিক জ্ঞানৰ ঐতিহ্য আছে সেয়া বিশ্বৰ প্ৰতিটো কোণত প্ৰচাৰ কৰাৰ ব্যাপক প্ৰয়াস কৰা হৈছে৷ যোগৰ পৰা আৰম্ভ কৰি আয়ুৰ্বেদলৈ আমাৰ প্ৰতিষ্ঠাক পুনঃস্থাপিত কৰাত দেশ সফল হৈছে৷ এই কাম নিৰন্তৰভাৱে হবলৈ ধৰিছে৷

বন্ধুসকলবিশ্বজনীন আৰোগ্যসমৃদ্ধি আৰু শান্তিক লৈ আমাৰ ঋষিমুনি আৰু গুৰুসকলে যি বাৰ্তা প্ৰদান কৰিছিল তাৰ দ্বাৰা বিশ্বই যাতে লাভান্বিত হয়সেয়া প্ৰয়াস কৰা হৈছে৷ গুৰু গোৱিন্দ সিংজীৰ ৩৫০তম প্ৰকাশ পৰ্ব আমি পালন কৰাৰ লগতে গুৰু নানক দেৱৰো ৫৫০তম জন্মজয়ন্তী সমাৰোহৰো প্ৰস্তুতি চলিব ধৰিছে৷ এয়া আমাৰ চৰকাৰৰ সৌভাগ্য যে এই পবিত্ৰ উৎসৱসমূহৰ সৈতে জড়িত হোৱাৰ অৱকাশ আমি লাভ কৰিছো৷

চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই প্ৰকাশোৎসৱ দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পালন কৰা হসমগ্ৰ বিশ্বতে আমাৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়তো এই সমাৰোহৰ আয়োজন কৰা হব৷

কেৱল এয়াই নহয়আপোনালোকে এয়াও ভালদৰে জানে এতিয়া কেন্দ্ৰ চৰকাৰৰ অৰ্থক আৰু অভুতপূৰ্ব প্ৰয়াসৰ ফলত  কৰতাৰপুৰ কৰিডৰৰ নিৰ্মাণ হবলৈ ধৰিছে৷ এতিয়া গুৰু নানকে প্ৰচাৰ কৰা পথত চলা প্ৰতিজন ভাৰতীয়ই,প্ৰতিজন শিখে দূৰবীণৰ পৰিৱৰ্তে নিজৰ চকুৰে দৰ্শন কৰিব পাৰিব আৰু ভিজা নোহোৱাকৈ গুৰুদ্বাৰা দৰবাৰ সাহিবৰ দৰ্শন কৰিব পাৰিব৷

১৯৪৭ চনত যি ভুল কৰা হৈছিল এয়া তাৰেই প্ৰায়শ্চিত্ত৷ আমাৰ গুৰুৰ সবাতোকৈ গুৰুত্বপূৰ্ণ স্থল কেৱল কিছু কিলোমিটাৰৰ দূৰত্বত আছিল কিন্তু সেয়াও নিজৰ সৈতে ৰাখিব পৰা নগল৷ এই কৰিডৰক দ্বাৰা সেই লোকচান হ্ৰাস কৰাৰ এক প্ৰয়াস কৰা হৈছে৷

বন্ধুসকলগুৰু গোৱিন্দ সিংজীয়ে হওক অথবা গুৰু নানক দেৱজীআমাৰ প্ৰতিজন গুৰুৱে ন্যায়ৰ সৈতে অংশীদাৰ হোৱাৰ ডাঙৰ শিকনি প্ৰদান কৰিছে৷ তেওঁলোকৰ পথত অগ্ৰসৰ হৈ আজি কেন্দ্ৰ চৰকাৰে ১৯৮৪ চনত আৰম্ভ হোৱা প্ৰতিটো অন্যায়ক ন্যায় প্ৰদান কৰাৰ প্ৰয়াসত লিপ্ত হৈছে৷ দশকজুৰি মাতৃভগ্নীপুত্ৰকন্যাসকলে যিমান চকুপানী টুকিলে সেয়া মোচাৰ কামতেওঁলোকক ন্যায় প্ৰদান কৰাৰ কাম এতিয়া আইনে কৰিব৷

বন্ধুসকলআজিৰ এই পবিত্ৰ দিনটোত গুৰু গোৱিন্দ সিং মহাৰাজে দেখুৱাই যোৱা ১১ সূত্ৰীয় পথত আগবঢ়াৰ বাবে পুনৰ সংকল্প লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ আজি যেতিয়া ভাৰত সশক্ত ৰাষ্ট্ৰৰ ৰূপত স্থাপিত হোৱাৰ পথত অগ্ৰসৰ হৈছে সেইসময়তে ভাৰতৰ ভাৱনাক আৰু অধিক শক্তিশালী কৰাৰ আৱশ্যকতা আহি পৰিছে৷

মোৰ বিশ্বাস যে আমি সকলোৱে গুৰুজীয়ে প্ৰচাৰ কৰা পথত আগবাঢ়ি নিজৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিম৷

পুনৰ বাৰ আপোনালোক সকলোকে প্ৰকাশ পৰ্বৰ অভিনন্দন৷ আপোনালোকৰ বাবে নতুন বৰ্ষই যাতে অলেখ সুখ কঢ়িয়াই আনেএই কামনাৰ সৈতে

জো বোলেসো নিহাল!…সত্ শ্ৰী অকাল!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cheer for exports: Textiles, carpets, leather set to gain after India-US deal

Media Coverage

Cheer for exports: Textiles, carpets, leather set to gain after India-US deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam emphasising the Power of Self-Confidence in Building a Developed India
February 03, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam emphasizing the transformative role of self-confidence in realizing the vision of a developed India.

In a post on X, he wrote:

"आत्मविश्वास वह शक्ति है, जिसके बल पर सब कुछ संभव है। विकसित भारत के सपने को साकार करने में देशवासियों की यही शक्ति बहुत काम आने वाली है।

श्रीर्मङ्गलात् प्रभवति प्रागल्भ्यात् सम्प्रवर्धते।

दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति॥ "