Passage of 10% bill for reservation of economically weaker general section shows NDA government's commitment towards 'Sabka Saath Sabka Vikas': Prime Minister Modi
Our government is concerned about welfare of the middle class: PM Modi
Middlemen of helicopter deal was also involved in fighter jet deal of previous government: PM

ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়, ভাৰত মাতাৰ জয়………..

মঞ্চত বিৰাজমান মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰীমান বিদ্যাসাগৰ ৰাও মহোদয়, ইয়াৰ সপ্ৰতিভ তথা লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেজ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ সহযোগী শ্ৰীমান নীতিন গাডকাৰী মহোদয়, সংসদৰ মোৰ সহযোগী, মহাৰাষ্ট্ৰৰ মন্ত্ৰী, বিধায়কগণ তথা ইয়াত বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাই আৰু ভনীসকল৷

ভাই আৰু ভনীসকল, ছোলাপুৰলৈ মোৰ এয়া তৃতীয় বাৰৰ বাবে আগমন হৈছে৷ যেতিয়াই মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰো তেতিয়াই আপোনালোকে মোক ভৰপূৰ স্নেহ প্ৰদান কৰে৷ আশীৰ্বাদৰ ডাঙৰ শক্তি আছে৷ মোৰ মনত আছে যে যোৱাবাৰ যেতিয়া মই ইয়ালৈ আহিছিলো তেতিয়া মই কৈছিলো যে ইয়াত বিএছপি অৰ্থাৎ বিদ্যুৎ, পানী আৰু পথৰ সমস্যা আছে সেয়া সমাধান কৰাৰ সম্পূৰ্ণ প্ৰয়াস কৰা হ’ব৷ মই সুখী যে এই দিশত অনেক প্ৰয়াস কৰা হ’ল৷ প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাই হওক অথবা ৰাষ্ট্ৰীয় ঘাইপথেই হওক অথবা সৌভাগ্য যোজনাৰ অধীনত ঘৰে ঘৰে বিদ্যুৎ যোগানৰ কামেই হওক, ইয়াত সকলো কাম দ্ৰুত গতিত সম্পাদিত হৈছে৷ মই ফাৰ্ণাণ্ডেজ মহোদয়ৰ চৰকাৰক অভিনন্দন জনাইছোঁ কাৰণ তেওঁ প্ৰতিখন ঘৰলৈ বিদ্যুৎ যোগানৰ কাম গুৰুত্বসহকাৰে কৰি আছে৷

ভাই আৰু ভনীসকল, আজি এই কামক অধিক প্ৰসাৰণ কৰাৰ বাবে মই পুনৰ বাৰ আপোনালোকৰ মাজলৈ আহিছোঁ৷ কিছুসময় পূৰ্বে স্মাৰ্ট চিটী, দুখীয়া ঘৰ, পথ আৰু পানীৰ সৈতে জড়িত হাজাৰ কোটি টকাৰ প্ৰকল্পৰ লোকাৰ্পণ তথা আধাৰশিলা স্থাপন কৰা হৈছে৷ মই আপোনালোকক জনাব বিচাৰিছোঁ যে চৰকাৰে প্ৰায় ১ হাজাৰ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ছোলাপুৰ ওচমানাবাদ ভায়া তুলজাপুৰ ৰে’ল লাইনৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

মা তুলজাপুৰ ভৱানীৰ আশীৰ্বাদত অতি শীঘ্ৰেই এই লাইন নিৰ্মাণ হৈ উঠিব৷ ইয়াৰ দ্বাৰা স্থানীয় লোকৰ সৈতে সমগ্ৰ দেশৰ পৰা মাৰ দৰ্শন কৰিবলৈ অহা ভক্তসকল উপকৃত হ’ব৷ এই সমূহ প্ৰকল্পৰ বাবে মই আপোনালোকক অশেষ শুভকামনা প্ৰদান কৰিছোঁ, অনেক অভিনন্দন জনাইছোঁ৷ এই যোজনাসমূহৰ ওপৰত বিস্তাৰিত ভাবে ক’বলৈ যোৱাৰ পূৰ্বে মই আজি ছোলাপুৰৰ এই ভূমিৰ পৰা সমগ্ৰ দেশকে অভিনন্দন জনাবলৈ বিচাৰিছোঁ৷

কালি নিশা লোকসভাত এখন ঐতিহাসিক বিধেয়ক গৃহীত হৈছে৷ আপোনালোকৰ হাত-চাপৰিৰ পৰা মোৰ এনে লাগিছে যে আপোনালোকেও কালি নিশা দেৰিলৈ টিভিৰ সন্মুখত বহি আছিল৷ সাধাৰণ শ্ৰেণীৰ দুখীয়া লোকসকলক ১০ শতাংশ আৰক্ষণত মোহৰ লগাই সকলোৰে সৈতে, সকলোৰে বিকাশৰ মন্ত্ৰক অধিক শক্তিশালী কৰাৰ কাম কৰা হৈছে৷ সকলো বৰ্গই যাতে আগুৱাই যোৱাৰ অৱকাশ পাব পাৰে৷ অন্যায়ৰ ভাৱনা যাতে বিনাশ হয়৷ দুখীয়া যি ক্ষেত্ৰৰেই নহওক কিয়, তেওঁ যাতে বিকাশৰ সম্পূৰ্ণ সুবিধা পাব পাৰে, সুবিধাসমূহত প্ৰাথমিকতা পাব পাৰে, এই সংকল্পৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আপোনালোকৰ উজ্বল ভৱিষ্যতৰ বাবে সমৰ্পিত হৈছে৷

ভাই আৰু ভনীসকল, কিমান মিছা কথা প্ৰচাৰ কৰা হৈছে, জনতাক ভ্ৰমিত কৰা হৈছে৷ কালি সংসদৰ আমাৰ এই সিদ্ধান্তৰ পৰা আৰু মই আশা কৰিছোঁ যে যিদৰে কালি সুস্থ পৰিবেশত লোকসভাত চৰ্চা হ’ল, নিশা দেৰিলৈ আলোচনা হ’ল আৰু প্ৰায় সৰ্ব-সহমতিৰ দ্বাৰা.. আৰু কিছুমান লোক আছে যিয়ে বিৰোধিতাও কৰিলে, কিন্তু তাৰ পিছতো সংবিধানৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰ্ণয় কালি লোকসভাই গ্ৰহণ কৰিলে৷ মই আশা কৰিছোঁ আজি ৰাজ্যসভাত বিশেষ ৰূপত এদিনৰ বাবে ৰাজ্যসভাৰ দিন বৃদ্ধি কৰা হৈছে৷ ৰাজ্যসভাতো আমাৰ যিমান প্ৰতিনিধি বহি আছে তেওঁলোকেও এই ভাৱনাৰ আদৰ কৰি সমাজৰ একতা আৰু অখণ্ডতাক সুদৃঢ় কৰাৰ বাবে, সামাজিক ন্যায়ৰ প্ৰক্ৰিয়াক অগ্ৰগতি প্ৰদান কৰাৰ বাবে অৱশ্যেই সকাৰাত্মক চৰ্চাও কৰিব আৰু কালিৰ দৰেই সুখদ নিৰ্ণয়ও তুৰন্তে প্ৰদান কৰিব৷ মই এয়া আশা কৰিছোঁ৷

ভাই আৰু ভনীসকল, আমাৰ দেশত এনেকুৱা মিছা কথাৰ প্ৰচাৰ কৰা হৈছে আৰু কিছুমান লোকে আৰক্ষণৰ নামত দলিতসকলে যি পাইছে তাৰ পৰা হস্তগত কৰিব বিচাৰিছে, আদিবাসীসকলে যি পাইছে তাৰ পৰা হস্তগত কৰিব বিচাৰিছে, অবিচিসকলে যি পাইছে তাৰ পৰা হস্তগত কৰিব বিচাৰিছে আৰু ভোট বেংকৰ, সংখ্যালঘূৰ ৰাজনীতি কৰিবলৈ উঠিপৰি লাগিছে৷ আমি দেখুৱাই দিলো যে দলিতসকলে যি পাইছে তাৰ পৰা কোনেও একো ল’ব নোৱাৰে৷ আদিবাসীসকলে যি পাইছে তাৰ পৰা কোনেও একো ল’ব নোৱাৰে৷ অবিচিসকলে যি পাইছে তাৰ পৰা কোনেও একো ল’ব নোৱাৰে৷ এয়া অতিৰিক্ত দহ শতাংশ প্ৰদান কৰি আমি সকলোৰে ন্যায় প্ৰদান কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ৷ আৰু সেইবাবে আমি ইয়াৰ পৰা ল’ম, তাৰ পৰা ল’ম, এই মিছা কথা প্ৰচাৰ কৰা সকলক কালি দিল্লীত সংসদে এনেকুৱা উচিত প্ৰত্যুত্তৰ দিছে, তেওঁলোকৰ মুখৰ ওপৰত এনেকুৱা প্ৰহাৰ কৰিছে যে এতিয়া আৰু মিছা কথা প্ৰচাৰ কৰাৰ শক্তি তেওঁলোকৰ নাথাকিব৷

ভাই আৰু ভনীসকল, ইয়াৰ উপৰিও আন এক গুৰুত্বপূৰ্ণ বিধেয়কো কালি লোকসভাত গৃহীত হৈছে৷ এই বিধেয়কো ভাৰত মাতাৰ ওপৰত আস্থা ৰখা প্ৰতিজন ব্যক্তিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা মা ভাৰতীৰ সন্তান-সন্ততিসকলক ভাৰত মাতাৰ জয়ধ্বনি দিয়া, বন্দে মাতৰম ধ্বনি দিয়া, এই দেশৰ ভূমিক প্ৰেম কৰা সকলৰ বাবে ভাৰতৰ নাগৰিকত্বৰ পথ মুকলি হৈ পৰিল৷

ইতিহাসৰ উত্থান-পতন প্ৰত্যক্ষ কৰাৰ পিছত, নানা অত্যাচাৰ সহ্য কৰাৰ পিছত আমাৰ এই ভাই-ভনীসকলে ভাৰত মাতাৰ আচলত স্থান বিচাৰিছিল৷ তেওঁলোকক সংৰক্ষণ প্ৰদান কৰাটো ভাৰতীয়ৰ দায়িত্ব আৰু এই দায়িত্ব পূৰণ কৰাৰ কামো ভাৰতীয় জনতা পাৰ্টীৰ দিল্লীৰ চৰকাৰে কৰিছে৷ বন্ধুসকল, স্বাধীনতাৰ পিছত দশকজুৰি প্ৰত্যেক চৰকাৰে নিজৰ নিজৰ হিচাপত কাম কৰিছে৷ কিন্তু যেতিয়া ভাজপাৰ নেতৃত্বত এই কাৰ্য সম্পাদিত হ’লে ভূমি আৰু জনতা ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয়৷

ভাই আৰু ভনীসকল, কালি যেতিয়া এই আইন গৃহীত হ’ল, সংসদত লোকসভাই নিজৰ কাম কৰিলে৷ মই আশা প্ৰকাশ কৰিছোঁ যে আজি ৰাজ্যসভাতো আমাৰ দেশক ভাল পোৱা সকলৰ বাবে অৱশ্যেই ৰাজ্যসভাত ইয়াক প্ৰণয়ন কৰি লক্ষ লক্ষ পৰিয়ালৰ জীৱন ৰক্ষা কৰাৰ কাম কৰিব৷

ভাই আৰু ভনীসকল, মই বিশেষ ৰূপত অসমৰ ভাই-ভনীসকলক, উত্তৰ পূৰ্বাঞ্চলৰ ভাই-ভনীসকলক এয়া প্ৰত্যয় প্ৰদান কৰিব বিচাৰিছোঁ যে কালিৰ এই সিদ্ধান্তৰ দ্বাৰা অসমেই হওক অথবা উত্তৰ-পূৰ্বাঞ্চলেই হওক অথবা তাৰ যুৱ সম্প্ৰদায়েই হওক, তেওঁলোকৰ অধিকাৰ চুলিৰ সমানো খৰ্ব হ’বলৈ নিদিওঁ, তেওঁলোকৰ সুবিধাসমূহত কোনো বাধা জন্মিবলৈ নিদিওঁ৷ এয়া মই তেওঁলোকক বিশ্বাস প্ৰদান কৰিব বিচাৰিছোঁ৷

ভাই আৰু ভনীসকল, পূৰ্বৰ তুলনাত যি বৃহৎ পাৰ্থক্য পৰিলক্ষিত হৈছে, সেয়া চিন্তাধাৰাৰ হৈছে৷ সুস্থ চিন্তাৰ সৈতে আৱশ্যক নীতি নিৰ্মাণৰ৷ টুকুৰা চিন্তা কৰাতকৈ সামূহিক আৰু সম্পূৰ্ণতাৰ সৈতে সিদ্ধান্ত লোৱাৰ আৱশ্যক৷ ৰাষ্ট্ৰহিত আৰু জনহিতৰ বাবে কঠোৰ আৰু বৃহৎ সিদ্ধান্ত লোৱাৰ আৱশ্যক৷ ৰাজনীতিৰ ইচ্ছা শক্তিৰ আৱশ্যক৷ সকলোৰে সৈতে সকলোৰে বিকাশেই হ’ল আমাৰ সংস্কৃতি, আমাৰ সংস্কাৰ আৰু এয়াৰ আমাৰ পৰম্পৰাও৷ গাঁও, দুখীয়াৰ পৰা আৰম্ভ কৰি চহৰলৈ এই সংস্থাৰ সৈতে নতুন ভাৰত নতুন ব্যৱস্থা নিৰ্মাণ কৰাৰ যি দায়িত্ব ভাজপা চৰকাৰে গ্ৰহণ কৰিছে, যি পৰ্যায়ত যি গতিত কাম হ’বলৈ ধৰিছে তাৰ দ্বাৰা সাধাৰণ জীৱনক সহজ কৰাতো ক্ষীপ্ৰতা হৈছে৷

বন্ধুসকল, আন্তঃগাঁথনিৰ উদাহৰণেই লওক৷ ছোলাপুৰৰ পৰা ওচমানবাদলৈ এই ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত হ’ল আৰু আজি এয়া দেশৰ বাবে সমৰ্পিত কৰা হৈছে৷ প্ৰায় ১ হাজাৰ কোটি টকাৰ এই প্ৰকল্পৰ দ্বাৰা প্ৰতিটো বৰ্গ, প্ৰতিটো সম্প্ৰদায়, প্ৰতিটো ক্ষেত্ৰৰ লোক লাভান্বিত হ’ব৷

বন্ধুসকল, স্বাধীনতাৰ পিছৰে পৰা ২০১৪ চনলৈ দেশত প্ৰায় ৯০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিল আৰু আজি চাৰি বছৰৰ পিছত ১ লাখ ৩০ হাজাৰত কিলোমিটাৰতকৈও অধিক পথ হৈছে৷ বিগত চাৰে চাৰি বছৰত প্ৰায় ৪০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা হৈছে৷ এয়াই নহয়, প্ৰায় চাৰে পাঁচ লাখ কোটি টকাৰ ব্যয়েৰে প্ৰায় ৫২ হাজাৰ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে৷

ভাই আৰু ভনীসকল, ৰাষ্ট্ৰীয় ঘাইপথৰ এই প্ৰকল্প স্থানীয় লোকৰ নিয়োজনৰ বাবেও এক বৃহৎ সম্বলস্বৰূপ৷ দেশত ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক প্ৰস্তুত কৰাৰ বাবে যি ভাৰত মালাৰ যোজনা চলি আছে তাৰ অধীনত নিয়োজনৰ অনেক অৱকাশৰ সৃষ্টি হৈছে আৰু যেতিয়া মই ছোলাপুৰত আধাৰশিলা স্থাপনৰ বাবে আহিছিলো তেতিয়াও মই কৈছিলো যে যাৰ আধাৰশিলা মই স্থাপন কৰোঁ তাৰ উদঘাটনো ময়েই কৰোঁ৷ আমি দেখুওৱাৰ বাবে কাম নকৰোঁ৷ পাথৰ থৈ নিৰ্বাচনৰ পিছত তুমি তোমাৰ ঘৰলৈ, মই মোৰ ঘৰলৈ যোৱাৰ যি ৰাজনীতি আৰু সংস্কৃতি নেতাসকলে নিৰ্মাণ কৰিছিল সেয়া আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিছোঁ আৰু মই এয়া আজিও কৈছোঁ৷ ত্ৰিশ হাজাৰ পৰিয়ালৰ বাবে যি এই গৃহ নিৰ্মাণ হৈ আছে, যাৰ আধাৰশিলা আজি স্থাপন হৈছে, চাবি দিবলৈও ময়েই আহিম৷ সকলোতকৈ বৃহৎ দলঙেই হওক, সকলোতকৈ বৃহৎ সুৰংগই হওক, সকলোতকৈ বৃহৎ এক্সপ্ৰেছেই হওক- এই সকলোবোৰ এই চৰকাৰৰ কাৰ্যকালতেই হৈছে অথবা ইয়াৰ কাম ক্ষীপ্ৰ গতিত হ’বলৈ ধৰিছে৷

ভাই আৰু ভনীসকল, সকলোতকৈ বৃহৎ আৰু সকলোতকৈ দীঘল হোৱাৰ বাবেই ই গুৰুত্বপূৰ্ণ এনে নহয়, ই গুৰুত্বপূৰ্ণ এইবাবেই কাৰণ যি স্থানত নিৰ্মাণ হৈছে তাত স্থিতি অনুকূল নাছিল, কাম সহজ নাছিল৷

ভাই আৰু ভনীসকল, এই কাম কিয় হোৱা নাছিল, এনেকুৱা কথা হৈছিল যে ৪০-৫০ বৰ্ষ পূৰ্বে কথা হৈছিল৷ কিন্তু তাত কিছুমান সংসৰ আসন আছিল, ভোট পোৱা নাছিল আৰু তেওঁলোকে ভাবিছিল যে তালৈ গৈ কি হ’ব আৰু সেইবাবেই দেশৰ পূব অংশৰ যেনেধৰণে বিকাশ হ’ব লাগিছিল সেয়া নহ’ল৷ যদি পশ্চিম ভাৰতৰ দৰেই পূব ভাৰতকো বিকাশ হ’লহেঁতেন তেন্তে আজি দেশ ক’ৰ পৰা ক’লৈ গ’লহেঁতেন কিন্তু ভাই-ভনীসকল, তাত ভোট যথেষ্ট নাছিল৷ এখন দুখন আসনৰ বাবে ভোট বেংকৰ ৰাজনীতিয়ে বিকাশত হেঙাৰ সৃষ্টি কৰাৰ পাপ কৰিছিল৷ আমি তাৰ পৰা বাহিৰলৈ ওলাই তাতে ভাজপাৰ বাবে ভোট থাকক বা নাথাকক, জনসংখ্যা কম হওক বা অধিক হওক, দেশৰ ভালৰ বাবে যি কৰিব লাগে সেয়া কৰিছিলো৷

বন্ধুসকল, এই স্থিতিয়েই ৰে’লৱে আৰু বায়ুপথক লৈ হৈছে৷ আজি সমগ্ৰ দেশত ৰে’লৱেৰ ওপৰত অভূতপুৰ্ব কাম হৈছে৷ পূৰ্বৰ তুলনাত দুগুণ গতিত ৰে’ল লাইনৰ নিৰ্মাণ হ’বলৈ ধৰিছে৷ দ্ৰুত গতিত বৈদ্যুতিকীকৰণ কৰা হৈছে৷ আজি বিমানযাত্ৰা কেৱল ধনী মানুহৰ মাজতেই সীমিত হৈ থকা নাই, ইয়াক সাধাৰণ নাগৰিকৰ ওচৰলৈও লৈ যোৱা হৈছে৷ হাৱাই চেণ্ডেল পিন্ধাসকলেও বিমান যাত্ৰাৰ আনন্দ লাভ কৰাৰ বাবে উড়ানৰ দৰে মহত্বকাংক্ষী যোজনা প্ৰণয়ন কৰা হৈছে৷ দেশৰ টায়াৰ-২, টায়াৰ-৩ চহৰত বিমানবন্দৰ আৰু হেলিপেড নিৰ্মাণ কৰা হৈছে৷ ইয়াত মহাৰাষ্ট্ৰৰো চাৰিটা বিমানবন্দৰ আছে৷ অনাগত সময়ত ছোলাপুৰৰ পৰাও উড়ান যোজনাৰ অধীনত বিমান উৰোৱাৰ বাবে প্ৰয়াস কৰা হৈছে৷

বন্ধুসকল, যেতিয়া সংযোগ উন্নত হয় তেতিয়া গাঁও আৰু চহৰ দুয়োৰে সামাজিক স্থিতি উন্নত হয়৷ আমাৰ চহৰসমূহৰ আৰ্থিক গতিবিধিৰ নিয়োজনৰ বৃহৎ কেন্দ্ৰ ছোলাপুৰ সহিতে দেশৰ অন্য চহৰৰ বিকাশ দশকজুৰি হোৱা নিৰন্তৰ প্ৰক্ৰিয়াৰ দ্বাৰা হৈছে৷ কিন্তু এয়াও সত্য যে যদি সেয়া যোজনাবদ্ধ প্ৰক্ৰিয়াৰে হ’লহেঁতেন তেন্তে আজি আমি ক’ৰ পৰা কি স্থান পালোহেঁতেন৷ কিন্তু এনে নহ’ল৷ দেশৰ বহুত কম এনে চহৰ আছে য’ত পৰিকল্পনাৰ সৈতে এক সম্পূৰ্ণ ব্যৱস্থা নিৰ্মাণ কৰা হৈছে আৰু পৰিণাম এয়া হৈছে যে বৰ্ধিত আবাদীৰ সৈতে চহৰৰ আন্তঃগাঁথনি বিকশিত হোৱা নাই৷ পথ আৰু গলিসমূহ নষ্ট হৈছে, নৰ্দমাৰ পাইপত ছিদ্ৰ হৈছে, কোনোবাই এই বিষয়ে মাত মাতিলে আধাসেৰীয়া কাম কৰি এৰি দিয়া হৈছে৷

ভাই আৰু ভনীসকল, আমাৰ চৰকাৰে স্থায়ী ব্যৱস্থাৰ পৰিৱৰ্তে স্থায়ী সমাধানৰ পথ সন্ধান কৰিছে৷ এই চিন্তাৰ আধাৰতেই দেশৰ সৌৰ চহৰসমূহক স্মাৰ্ট হিচাপে প্ৰস্তুত কৰাৰ এক অভিযান আৰম্ভ হৈছে য’ত আমাৰ এই ছোলাপুৰো আছে৷ এই চহৰসমূহত বাস কৰা বাসিন্দাসকলৰ মতামতৰ দ্বাৰা ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে জন অংশীদাৰীৰ এক ব্যাপক প্ৰক্ৰিয়াৰ পিছত আমাৰ চহৰসমূহক আধুনিক সুবিধাৰ দ্বাৰা সজ্বিত কৰাৰ দায়িত্ব আমি লৈছোঁ৷ আমাৰ এই প্ৰয়াসৰ চৰ্চা সমগ্ৰ বিশ্বতে হৈছে৷ অলপতে এক আন্তঃৰাষ্ট্ৰীয় এজেন্সীৰ প্ৰতিবেদনত কোৱা হৈছে যে অনাগত দশকসমূহত বিশ্বৰ ভিতৰতে দ্ৰুত গতিত বিকশিত হোৱা দহখন চহৰৰ ভিতৰত আটাইকেইখন ভাৰতৰে হ’ব৷ যিকোনো ভাৰতীয়ৰ বাবে এয়া গৰ্বৰ কথা৷ বিশ্বৰ দহখন চহৰ আৰু দহোখনেই ভাৰতৰেই…. ভাৰত কিমান আগুৱাব ইয়াৰ ইংগিত আমি পাইছোঁ৷

ভাই আৰু ভনীসকল, এয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে কিন্তু দেশৰ কিছুমান এনে লোক আছে যিয়ে ৰাজনীতিৰ বাদে আন একো বুজি নাপায়৷ এওঁলোকৰ শাসনৰ সময়চোৱাত আমাৰ চহৰসমূহৰ অৱস্থা বেয়া হৈ গৈছিল৷ আজি তেওঁলোকেই স্মাৰ্ট চিটী অভিযানক ঠাট্টা কৰিছে, ক্ৰুটি উলিয়াইছে৷

বন্ধুসকল, এই অভিযানে দেশৰ ইতিহাসত চহৰীকৰণ বিকাশক এক নতুন গতি প্ৰদান কৰিব৷ চহৰৰ প্ৰতিটো সুবিধা দেশৰ সৈতে সংবদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছে৷ চহৰৰ জন সাধাৰণৰ জীৱনৰ সমস্যা দূৰ কৰাৰ এক ন্যায়সংগত প্ৰয়াস কৰা হৈছে৷ বিগত তিনিটা বৰ্ষত এই অভিযানৰ অধীনত দেশত প্ৰায় দুই লাখ কোটি টকাৰ প্ৰকল্পৰ পৰিকাঠামো সৃষ্টি হৈছে৷ ইয়াৰে প্ৰায় ১ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম দ্ৰুত গতিত সম্পন্ন কৰা হৈছে৷ তাৰে ফলশ্ৰুতিতেই আজি ছোলাপুৰ স্মাৰ্ট চিটীৰ সৈতে জড়িত অনেক প্ৰকল্পৰ লোকাৰ্পণ তথা আধাৰশিলাৰ স্থাপন কৰা হৈছে৷ ইয়াত পানী আৰু নৰ্দমাৰ সৈতে জড়িত অনেক প্ৰকল্প আছে৷

বন্ধুসকল, স্মাৰ্ট চিটীৰ উপৰিও দেশৰ অন্য চহৰতো অমৃত অভিযানৰ অধীনত মূলভূত সুবিধাসমূহৰ নিৰ্মাণ হ’বলৈ ধৰিছে৷ ইয়াৰে প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম সমাপ্তিৰ পথত৷ ইয়াত ছোলাপুৰতো অমৃত যোজনাৰ অধীনৰ পানী যোগান আৰু নৰ্দমাৰ সৈতে জড়িত অনেক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ যেতিয়া এই কাৰ্য সমাপ্ত হ’ব তেতিয়া চহৰৰ অনেক স্থানত পানী লিকেজৰ সমস্যাৰ পৰা আমি মুক্তি পাম৷ উজনী বান্ধৰ খোৱা পানীৰ প্ৰকল্পৰ নিৰ্মাণ সমাপ্ত হোৱাৰ লগে লগে চহৰ খোৱা পানীৰ সমস্যাৰ পৰা বহুলাংশে মুক্তি পাব৷

বন্ধুসকল, আন্তঃগাঁথনিৰ সৈতে চহৰৰ দুখীয়া আৰু গৃহহীন ব্যক্তিসকলৰ বাবেও এক নতুন চিন্তাৰ সৈতে আমাৰ চৰকাৰে কাম কৰি আছে৷ দেশৰ জনতা সাক্ষী আছে যে কিদৰে এফালে চকমকীয়া ছ’চাইটি নিৰ্মাণ হৈছে আৰু আনফালে জুপুৰি ঘৰ বৃদ্ধি হৈ গৈছে৷ আমাৰ ইয়াৰ ব্যৱস্থা এনেকুৱা ভাৱে নিৰ্মাণ কৰা হৈছে যি গৃহ নিৰ্মাণ কৰে, কাৰখানা চলায়, উদ্যোগক প্ৰাণ দিয়ে, তেওঁলোক জুপুৰীত থকাৰ বাবে বাধ্য৷ এই স্থিতিৰ পৰিৱৰ্তন কৰাৰ প্ৰয়াস অটলজীয়ে আৰম্ভ কৰিছিল৷

চহৰৰ দৰিদ্ৰসকলৰ বাবে গৃহ নিৰ্মাণ কৰাৰ এক অভিযান চলোৱা হ’ল আৰু তাৰে অধীনত ২০০০ চনত ইয়াত ছোলাপুৰত বাস কৰা কৰ্মচাৰীসকলক জুপুৰী আৰু লেতেৰা পৰিবেশৰ পৰা মুক্তি দিয়াৰ প্ৰয়াস কৰা হ’ল৷ প্ৰায় দহ হাজাৰ কৰ্মচাৰীৰ পৰিয়ালে এক সমবায় ছ’চাইটি নিৰ্মাণ কৰি অটলজীৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু পাঁচ-ছয় বছৰৰ ভিতৰৰ তেওঁলোকে সুন্দৰ আৰু পকী ঘৰৰ চাবি লাভ কৰিবলৈ সমৰ্থ হ’ল৷

মই সুখী যে ১৮ বছৰ পূৰ্বে অটলজীয়ে যি কাম কৰিছিল তাকেই বিস্তাৰ কৰাৰ অৱকাশ পুনৰ আমাৰ চৰকাৰে লাভ কৰিছে৷ আজি দুখীয়া কৰ্মচাৰী পৰিয়ালসকলৰ বাবে ৩০ হাজাৰ গৃহৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াৰ হিতাধিকাৰী হ’ল কাৰখানাত কাম কৰা লোকসকল, ৰিক্সা চলোৱা লোকসকল, অটো চলোৱা লোকসকল, ঠেলা চলোৱা লোকসকল৷ মই আপোনালোক সকলো বিশ্বাস প্ৰদান কৰিব বিচাৰিছোঁ যে অতি শীঘ্ৰেই আপোনালোকৰ হাতলৈ আপোনালোকৰ ঘৰৰ চাবি আহিব, এই আশ্বাস মই দিছোঁ৷

ভাই আৰু ভনীসকল, মই এই আশ্বাস আপোনালোকক এইবাবেই দিব পাৰিছোঁ কিয়নো বিগত চাৰে চাৰি বৰ্ষত প্ৰধানমন্ত্ৰী আবাস যোজনাই লক্ষাধিক দৰিদ্ৰ পৰিয়ালৰ জীৱনৰ স্তৰ ঊৰ্ধগামী কৰিছে৷ চহৰত পূৰ্বে কিদৰে গৃহ নিৰ্মাণ হৈছিল আৰু আজি কেনেদৰে হৈছে৷ পূৰ্বৰ চৰকাৰে কি গতিত কাম কৰিছিল আৰু আমি কি গতিত কাম কৰিছোঁ৷ আজি ইয়াৰে কিছু উদাহৰণ মই আপোনালোকক দিবলৈ বিচাৰিছোঁ৷

বন্ধুসকল, ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দিল্লীত ৰিম’ট কণ্ট্ৰ’লৰ চৰকাৰ চলিছিল৷ ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দহ বছৰ চহৰত বাস কৰা দৰিদ্ৰ ভাই-ভনীসকলৰ বাবে কেৱল ১৩ লাখ গৃহ নিৰ্মাণৰ কাগজৰ ওপৰত সিদ্ধান্ত লোৱা হ’ল আৰু ইয়াৰে ১৩ লাখ অৰ্থাৎ একো নাই৷ ইমান ডাঙৰ দেশত এই নিৰ্ণয় কাগজত কৰা হ’ল৷ কাম কিমানৰ হ’ল? ইমান ডাঙৰ দেশত কেৱল ৮ লাখ গৃহৰ কাম হ’ল৷ দহ বছৰত ৮ লাখ৷ অৰ্থাৎ এবছৰচ ৮০ হাজাৰ৷ ইমান ডাঙৰ দেশত এবছৰত ৮০ হাজাৰ আৰু এই মোদী চৰকাৰলৈ চাওক, অকলে ছোলাপুৰত ৩০ হাজাৰ৷ ভাজপা চৰকাৰৰ সময়চোৱাত বিগত চাৰে চাৰি বৰ্ষত চহৰৰ দৰিদ্ৰৰ বাবে ৭০ লাখ গৃহৰ অনুমোদন প্ৰদান কৰিছোঁ৷ যি তেওঁলোকে ১০ বছৰত কৰিব নোৱাৰিলে সেয়া আমি চাৰি বছৰত ১৪ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰিছোঁ৷

এয়াই নহয়, যি দ্ৰুত গতিত কাম হ’বলৈ ধৰিছে, অতি শীঘ্ৰেই নিকট ভৱিষ্যতত ৩৮ লাখ গৃহৰো কাম সম্পূৰ্ণ হ’ব৷ চিন্তা কৰক, তেওঁলোকৰ দহ বছৰৰ ৰেক’ৰ্ড আৰু আমাৰ চাৰে চাৰি বছৰৰ ৰেক’ৰ্ড৷ আকাশ-পাতালৰ পাৰ্থক্য৷ যদি তেওঁলোকৰ গতিত আমি আগবাঢ়িলোহেঁতেন তেন্তে আপোনালোকৰ সন্তান, সন্তানৰ সন্তানৰো গৃহ নিৰ্মাণ কৰিবলৈ আমি সমৰ্থ নহ’লোহেঁতেন৷ ইয়াতেই পাৰ্থক্য পৰিলিক্ষত হয় যে তেওঁলোকে দুখীয়াৰ বাবে কিমান চিন্তা কৰে৷ ইয়াতেই অনুধাৱন কৰিব পাৰি৷

বন্ধুসকল, আমাৰ চৰকাৰে কেৱল চহৰৰ দুখীয়া সকলৰ বাবেই নহয়, মধ্যবিত্তসকলৰ বাবেও চিন্তা কৰিছে৷ ইয়াৰ বাবে পুৰণি পদ্ধতি পৰিৱৰ্তন কৰা হৈছে৷

ভাই আৰু ভনীসকল, নিম্ন আয়ৰ পৰা আৰম্ভ কৰি ১৮ লাখ টকা উপাৰ্জন কৰা মধ্যবিত্তসকলৰ পৰিয়ালৰ বাবে আমি যোজনা প্ৰস্তুত কৰিছোঁ৷ ইয়াৰ অধীনত হিতাধিকাৰীসকলক ২০ বছৰলৈ গৃহ ঋণত প্ৰায় ছয় লাখ টকাৰ ৰেহাই সুনিশ্চিত কৰা হৈছে৷ ছয় লাখৰ এই ৰেহাই মধ্যবিত্ত পৰিয়ালে নিজৰ সন্তানৰ লালন-পালন তথা অধ্যয়নত ব্যৱহাৰ কৰিব পাৰিব৷ এয়াই ইজ অব্ লিভিং, এয়াই সকলোৰে সৈতে সকলোৰে বিকাশ৷

ভাই আৰু ভনীসকল, ইয়ালৈ অহা কৰ্মচাৰী বন্ধুসকলক মই এয়াও ক’ব বিচাৰিছোঁ যে আপোনালোকৰ গৃহ নিৰ্মাণ হোৱাৰ লগতে আপোনালোক সকলোৰে বাবে বীমা আৰু পেন্সনৰ সুন্দৰ যোজনা চৰকাৰে প্ৰৱৰ্তন কৰিছে৷ অটল পেন্সন যোজনাৰ অধীনত আপোনালোক সকলোকে ১ হাজাৰৰ পৰা ৫ হাজাৰলৈ পেন্সনৰ সুবিধা ন্যূনতম বিনিয়োগত প্ৰদান কৰা হৈছে৷

এই যোজনাত দেশৰ পঁচিশ কোটিতকৈও অধিক কৰ্মচাৰী জড়িত হৈ আছে য’ত ১১ লাখ কৰ্মচাৰী আমাৰ মহাৰাষ্ট্ৰৰ পৰাই আছে৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা ৯০ পইচা প্ৰতিদিনে, ৯০ পইচা, এক টকাও নহয়, আজি চাহো এক টকাত নাপায়, এই চাহ দোকানীয়ে জানে৷ ৯০ পইচা প্ৰতিদিন আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা প্ৰতি মাহে ১ টকা অৰ্থাৎ প্ৰতি দিনে ৩-৪ পইচা৷ এক টকা প্ৰতি মাহৰ প্ৰিমিয়ামত এয়া এক বৃহৎ যোজনা চলিব ধৰিছে৷ এই দুয়োটা যোজনাৰ দ্বাৰা ২-২ লাখ টকাৰ বীমা দৰিদ্ৰৰ বাবে সুনিশ্চিত কৰা হৈছে৷ এই যোজনাত দেশৰ ২১ কোটি লোক জড়িত হৈছে৷ ইয়াৰ পঁচিশ কোটিতকৈও অধিক লোক আমাৰ মহাৰাষ্ট্ৰৰ পৰাই আছে৷ এই যোজনাসমূহৰ দ্বাৰা বিপদৰ সময়ৰ ৩ হাজাৰ কোটি টকাতকৈও অধিক লাভ জনতাই পাইছে৷ ২-২ লাখৰ হিচাপত যিসকল পৰিয়াল বিপদৰ সন্মুখীন হৈছে তেওঁলোকে ধন লাভ কৰিছে আৰু ইমান কম সময়ত ৩ হাজাৰ কোটি টকা এই পৰিয়ালসকলে লাভ কৰিছে, বিপদৰ সময়ত লাভ কৰিছে৷ যদি মোদীয়ে ৩ হাজাৰ কোটি টকাৰ ডাঙৰ ঘোষণা কৰিলেহৈ তেন্তে হিন্দুস্তানৰ সকলো বাতৰি কাকতত মুখ্য বাতৰি এনে হ’লহেঁতেন যে মোদীয়ে দৰিদ্ৰৰ বাবে ৩ হাজাৰ কোটি টকা দিছে৷ একো নোকোৱাকৈ, মুখ্য বাতৰি ছপা নকৰাকৈ, ঢোল নিপিটাকৈ দৰিদ্ৰই ৩ হাজাৰ কোটি টকা পালে, তেওঁলোকৰ একাউণ্টত টকা সোমাল৷ আজি সমস্যা সমাধান হয়৷ সমস্যাত চৰকাৰে সহায় কৰে৷ তেতিয়াহে প্ৰকৃত বিকাশ হয়, আৰু স্বভাৱ ভাল হোৱাৰ এয়াইতো জীৱন্ত প্ৰমাণ৷

বন্ধুসকল, আপোনালোকৰ চৰকাৰে এই কাম কৰিব পাৰিছে, ইয়াৰ অন্তৰালত এক বৃহৎ কাৰণ আছে….আপোনালোকে জানে এয়া কিদৰে হৈছে, আপোনালোকে ক’ব, এই সমগ্ৰ ব্যয় যি আমি কৰি আছোঁ, এই যোজনাসমূহ যে প্ৰণয়ন কৰিছোঁ৷ এয়া কিদৰে হৈছে, কি কাৰণ আছে৷ আপোনালোকে ক’ব পাৰিবনে….মোদী নহয়, এয়া এই কাৰণেই হৈছে যে পূৰ্বতে মাখন লগাই খোৱা হৈছিল, আজি সেয়া সকলো বন্ধ হৈছে৷ চুৰি, লুট কৰি খোৱা সকলৰ দোকান বন্ধ হৈছে৷ দৰিদ্ৰই নিজৰ অধিকাৰ লাভ কৰিছে৷ আৰু সেইবাবে প্ৰতিটো পইচাৰ সদ্ব্যৱহাৰ হৈছে৷ এইটো আটাইতকৈ ডাঙৰ কাৰম যে মধ্যভোগী আঁতৰি গৈছে, কমিছনভোগীসকলৰ বিৰুদ্ধে এক ব্যাপক চাফাই অভিযান প্ৰণয়ন হৈছে৷ যেতিয়াই মই চহৰত চাফাই অভিযানৰ কথা কওঁ, গাঁৱত চাফাই অভিযানৰ কথা কওঁ, মই নিজৰ চৰকাৰতো চাফাই অভিযান চলাইছোঁ৷

দিল্লীত শাসনৰ অৰিয়াঅৰিৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ দোকান, ৰেচনৰ দোকানৰ পৰা মধ্যভোগীক আঁতৰোৱাৰ কাম এই চকীদাৰে কৰিছে৷ আৰু ইয়াৰ পৰিণামস্বৰূপে যি শাসনক জন্মস্বত্ব বুলি ভাবিছিল, পুৰুষানুক্ৰমে ৰাজ পৰিয়ালৰ দপে এই আসন তেওঁলোকৰ খাতাত সন্নিৱিষ্ট কৰা হৈছিল৷ এয়াই তেওঁলোকে ভাবিছিল আৰু এনেকুৱা ডাঙৰ ডাঙৰ দিগ্বজ ব্যক্তিও আজি আইনৰ কাঠঘৰাত থিয় হ’বলগীয়া হৈছে, প্ৰতিৰক্ষা চুক্তিত ঘোচ খোৱাৰ উত্তৰ আজি তেওঁলোকে দিবলগীয়া হৈছে৷ ঘাম বাহিৰ হৈছে তেওঁলোকৰ, আপোনালোকে দেখিছে কিদৰে তেওঁলোকৰ চকু ডাঙৰ হ’বলৈ ধৰিছে৷

ভাই আৰু ভনীসকল, পূৰ্বৰ চৰকাৰে মধ্যভোগীৰ যি পৰম্পৰা ব্যৱস্থাৰ অংশ কৰি লৈছিল, তেওঁলোকে দৰিদ্ৰৰ অধিকাৰ হৰণ কৰাৰ লগতে দেশৰ সুৰক্ষাৰ সৈতেও খেল খেলিছিল৷ মই কালি বাতৰি কাকতত দেখিলো যে হেলিকপ্টাৰ দুৰ্নীতিত যি মধ্যভোগীক চৰকাৰে সন্ধান কৰি আছিল, তাৰে এজনক বিদেশৰ পৰা আটক কৰি অনা হৈছে৷ এতিয়া কাৰাবাসত তেওঁ আচৰিত তথ্য কিছুমান প্ৰদান কৰিছে৷ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি তেওঁ কেৱল হেলিকপ্টাৰ দুৰ্নীতিতেই জড়িত নাছিল, পূৰ্বৰ চৰকাৰৰ সময়ত যুঁজাৰু বিমানৰ যি চুক্তি হৈছিল তাতেও তেওঁৰ ভূমিকা আছিল৷ সংবাদ মাধ্যমে কৈছে যে এই মিশ্বেল মামা কোনো অন্য কোম্পানীৰ বিমানৰ বাবে পৰিকল্পনা কৰি আছিল৷ এতিয়া এই প্ৰশ্নৰ উত্তৰ লাভ কৰাটো অতিশয় প্ৰয়োজনীয় যে কংগ্ৰেছৰ নেতা যিজনে ইমান চিঞৰি আছে তেওঁৰ মিশ্বেল মামাৰ সৈতে কি সংযোগ আছে৷ এয়া কংগ্ৰেছে উত্তৰ দিব লাগে নে নালাগে, এই মিশ্বেল মামাৰ সৈতে কাৰ সম্পৰ্ক আছে সেয়া ক’ব লাগে নে নালাগে৷ কওক, দেশক হৰণ কৰিবলৈ দিব লাগে নেকি….প্ৰতিটো পইচাৰ হিচাপ বিচাৰিব লাগে নে নালাগে….চকীদাৰে নিজৰ কাম কৰিব লাগে নে নালাগে…চকীদাৰে সাৰে থাকিব লাগে নে শুই থাকিব লাগে…..জাগি থাকিব লাগে নে শুই থাকিব লাগে….চকীদাৰে সাহসৰ সৈতে আগবাঢ়িব লাগে নে নালাগে….চকীদাৰক আপোনালোকে আশীৰ্বাদ কৰিছে নে নাই কৰা, আপোনালোকৰ আশীৰ্বাদ আছে বাবেই এই চকীদাৰে যুঁজিব পাৰিছে৷ ডাঙৰ ডাঙৰ দিগ্বজৰ সৈতে যুদ্ধ কৰিছে৷ কিজানি মিশ্বেল মামাৰ চুক্তিৰ ফলতেই সেই সময়ত চুক্তি বন্ধ হৈ পৰিছিল৷

বন্ধুসকল, এই সকলো প্ৰশ্নৰ উত্তৰ এজেন্সীয়ে সন্ধান কৰাৰ লগতে জনতাইও বিচাৰি আছে৷ মধ্যভোগীসকলৰ যি সমভাগী আছে তেওঁলোকে দেশৰ সুৰক্ষাৰ সৈতে খেলাৰ বাবে উত্তৰ দিব লাগিব৷ কমিছনভোগীসকলৰ সকলো মিত্ৰ একত্ৰিত হৈ চকীদাৰক ভয় খুওৱাৰ সপোন দেখিছে কিন্তু মোদী অন্য মাটিৰে নিৰ্মিত…না তেওঁক ক্ৰয় কৰিব পাৰিব, না তেওঁক ভয় খুৱাব পাৰিব৷ এই দেশৰ বাবে তেওঁ প্ৰতিটো পইচাৰ হিচাপ লৈহে এৰিব৷ কিন্তু মই জানো যে তেওঁলোক নিৰাশ হ’ব কাৰণ চকীদাৰে নুশোৱে আৰু যিমানেই অন্ধকাৰ নহওক কিয়, সেই অন্ধকাৰ অতিক্ৰম কৰি চোৰক ধৰাৰ শক্তি থাকে৷

ভাই আৰু ভনীসকল, চকীদাৰৰ এই শক্তি, চকীদাৰৰ এই শক্তিৰ কাৰণ কি….মই আপোনালোকক সুধিছোঁ যে চকীদাৰৰ এই শক্তিৰ কাৰণ কি…..সেয়া কি ধৰণৰ শক্তি৷ ভাই-ভনীসকল, আপোনালোকৰ আশীৰ্বাদেই এই চকীদাৰৰ শক্তি৷ মই আপোনালোকক আশ্বাস প্ৰদান কৰিব বিচাৰিছোঁ যে জনতাই মোক লাখ গালি দিয়ক, যিমানেই মিছা কওক, য’তে ত’তে কওক, কিন্তু এই চকীদাৰে চাফাই অভিযান বন্ধ নকৰে৷ নতুন ভাৰতৰ বাবে মধ্যভোগীবিহীন ব্যৱস্থা নিৰ্মাণ হ’ব লাগিব৷
সেই বিশ্বাসৰ সৈতে পুনৰ বাবে এই সমগ্ৰ বিকাশৰ প্ৰকল্পৰ বাবে মই আপোনালোকক অশেষ অভিনন্দন, অশেষ শুভকামনা জনাইছোঁ৷ অশেষ ধন্যবাদ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”