Technology is the bridge to achieve ‘Sabka Saath Sabka Vikas’: PM
Challenge of technology, when converted into opportunity, transformed ‘Dakiya’ into ‘Bank Babu’: PM

দেশৰ সামাজিক আৰু বাণিজ্যিক নেতৃত্বক উজ্জীৱিত কৰি অহা ৰতন টাটাজী, তেখেতৰ বিচাৰধাৰাক আগবঢ়াই নিয়া চন্দ্ৰশেখৰণজী, ৰূপাজী, উপস্থিত আইসকল আৰু সজ্জনসকল।

ৰতনজী, চন্দ্ৰশেখৰণজীক লগ পায়, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি সদায়ে এক নতুন অনুভৱ লাভ কৰা যেন লাগে। এখেতসকলৰ ওপৰত দেশৰ আটাইতকৈ বৃহত্ সংস্থাসমূহৰ অন্যতম সংস্থা এটাৰ নেতৃত্ব প্ৰদানৰ গুৰু দায়িত্ব আছে। ইমান ডাঙৰ দায়িত্ব লোৱাৰ পিচতো এখেতসকলৰ মুখত হাঁহি আৰু ছাপহীনতাৰ পৰশ কেনেকৈনো সদায়ে লাগি থাকে ভাবিলেই আচৰিত লাগে। মোৰ বোধৰে চন্দ্ৰশেখৰণজীয়ে এই সম্পৰ্কেও এখন গ্ৰন্থ অদূৰ ভৱিষ্যতে লিখিব লাগিব। অৱশ্যে এই বিষয়ত মোৰ কোনে ‘পেটেণ্ট’ নাথাকিব বুলি মই আজিয়েই কৈ থলো দেই! আপুনি নিশ্চিন্ত হৈ এইক্ষেত্ৰত আগবাঢ়িব পাৰিব!!

বন্ধুসকল, তেখেতে কিতাপ লিখিব নে নাই এই মুহূৰ্তত মই সেই কথা কৈ দিব নোৱাৰো যদিও হাঁহি আৰু চিন্তামুক্ততাৰে কি কৰিব পাৰি সেই কথা নিশ্চয় ক’ব পাৰো আৰু তাৰ ফলশ্ৰুতিয়েই এতিয়া ‘ৱ্ৰিড্জটেল নেশ্যন’-ৰ ৰূপত আমাৰ সন্মুখত বিৰাজমান হৈছে।

ইতিবাচক চিন্তা, সৃষ্টিশীলতা আৰু গঠনমূলক মানসিকতাৰে যে দেশৰ সমস্যা সমাধানৰ বাবে নতুন পথৰ সন্ধান কৰিব পাৰি এয়া তাৰেই পৰিণাম।

এয়াই ইতিবাচক চিন্তা, এয়াই আশাবাদ, নিজৰ দক্ষতা আৰু সম্পদৰ ওপৰত এই বিশ্বাসেই আজিৰ নতুন ভাৰতৰ ভৰসা। মই ভাবো এইখন গ্ৰন্থই উজ্জীৱিত ভাৰতকতো অনুপ্ৰাণিত কৰিবই, তাৰ লগতে বহু পেচাদাৰী নিৰাশাবাদীকো এক নতুন প্ৰয়াস আৰু দৃষ্টিভংগীৰে কথাবোৰ চিন্তা কৰিবলৈ উত্সাহ প্ৰদান কৰিব। মই চন্দ্ৰশেখৰণজী আৰু ৰূপাজীক এই দূৰদৰ্শী তথ্যভাণ্ডাৰ প্ৰস্তুত কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল, এইখন গ্ৰন্থ এনে এটা সময়ত প্ৰকাশিত হৈছে, যিটো সময়ত প্ৰযুক্তিৰ অমানৱীয়কৰণৰ এক ধৰণৰ বৃহত চক্ৰান্ত অব্যাহত ৰখা হৈছে। শংকা আৰু আতংকৰ এক পৰিৱেশ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ চলাই থকা হৈছে। বিশেষকৈ ভাৰতৰ ক্ষেত্ৰত, আমাৰ বিপুল সংখ্যক জনশক্তিৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টিৰ লক্ষ্যৰে প্ৰযুক্তিক উপস্থাপন কৰাৰ অপচেষ্টা চলোৱা হৈছে।

পিছে, প্ৰযুক্তিক বিভাজনৰ নহয়, বৰং সংযোজনৰ বাবেহে ব্যৱহাৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা দৃষ্টিভংগীক শক্তি প্ৰদান কৰিব এইখন গ্ৰন্থই।

প্ৰযুক্তি এক সেঁতুহে, বিভাজক নহয়।

প্ৰযুক্তি আৰু মেধা শক্তিৰ বিস্তাৰকহে, ভাবুকি নহয়।

প্ৰযুক্তি, আকাংক্ষা আৰু সাফল্যৰ মাজৰ সেঁতু।

প্ৰযুক্তি চাহিদা আৰু প্ৰদানৰ মাজৰ সেঁতু।

প্ৰযুক্তি চৰকাৰ আৰু শাসনৰ মাজৰ সেঁতু।

প্ৰযুক্তি সকলোৰে সৈতে সকলোৰে বিকাশক সংযোজিত কৰা সেঁতু।

বন্ধুসকল, আমাৰ কাৰ্যকালৰ বিগত পাঁচোটা বছৰত এই ভাৱনাকে লৈ আমি আগবাঢ়িছিলো আৰু অনাগত ভৱিষ্যততো এই দৃষ্টভংগীৰেই আমি আগবাঢ়িব খুজিছো।

‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’, ‘মেশ্বিন লাৰ্ণিং’, ‘ৰ’বটিক্স’-ৰ দৰে আধুনিক প্ৰযুক্তি কেনেকৈ উন্নয়নৰ বাবে সহায়ক সৰঞ্জাম অথবা উপকৰণ হৈ উঠিব পাৰে তাৰ বাখ্যা খুউব সুন্দৰকৈ এইখন গ্ৰন্থত দাঙি ধৰা হৈছে।

এই কথা মই নিজৰ অভিজ্ঞতাৰ পৰাও ক’ব পাৰো। যোৱা পাঁচোটা বছৰত প্ৰযুক্তিৰ সদ্ব্যৱহাৰেৰে ভাৰতে কেনেকৈ সংস্কাৰ আৰু ৰূপান্তৰৰ পথেৰে আগবাঢ়িবলৈ সমৰ্থ হৈছিল আপোনালোকে চাগৈ সেই কথা বাৰুকৈয়ে অনুভৱ কৰিব পাৰিছে। এইবোৰ কেনেকৈ সম্ভৱ হৈছে মই তাৰ এটা উদাহৰণ আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছো।

বন্ধুসকল, আমাৰ দেশত ‘এলপিজি গেছ’ৰ সংযোগ দিয়া কিম্বা ইয়াৰ বাবে ৰাজসাহাৰ্য প্ৰদানৰ কাম যুগ ধৰি চলি আহিছিল। আমি যেতিয়া ‘উজ্জ্বলা যোজনা’ৰ কাম আৰম্ভ কৰিছিলো তেতিয়া বহুতেই এইবাৰো আমি আগৰ প্ৰক্ৰিয়াৰেই কামবোৰ চলাই নিম বুলি ভাবি লৈছিল। পিছে, ইয়াৰ বাবে আমি আমাৰ চিন্তাৰ পৰিৱৰ্তন কৰিছিলো, আমি আমাৰ কামৰ পদ্ধতি সলনি কৰি এইবাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিলো।

বন্ধুসকল, আমি যদি আগৰ দৰে আগবাঢ়িলোহেতেন তেন্তে কমিটি গঠন কৰিব লাগিলহেতেন, তাৰ পিচত এই কমিটিৰ বৈঠক বহিলহেতেন, পৃথকে পৃথকে এই প্ৰক্ৰিয়াৰে জড়িত অংশীদাৰ গোটসমূহক লগ পোৱাৰ কচৰত্ চলিলহেতেন আৰু অৱশেষত নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ মুদা মৰিলহেতেন। তাকে নকৰি আমি কমিটিৰ সলনি প্ৰযুক্তিৰ ওপৰত অধিক ভৰষা কৰিলো। ‘ডাটা ইণ্টেলিজেন্স’ৰ সহায়ত প্ৰথমে আমি বৰ্তমানে থকা ১৭ হাজাৰ এলপিজি বিতৰকক বিচাৰি ল’লো আৰু খুউব কম সময়ৰ ভিতৰতে আৰু ১০ হাজাৰ নতুন ভাণ্ডাৰৰো ব্যৱস্থা কৰি ল’লো। ইয়াৰ বাবে আমি দেশৰ প্ৰতিখন গাঁৱৰ তথ্য ‘ডিজিটেলী’ বিশ্লেষণ কৰিছিলো। এইসমূহ তথ্য আন্য তথ্যৱলী যেনে বিক্ৰী প্ৰতিবেদন, এলপিজি উপলব্ধ হোৱা এলেকা, অঞ্চলসমূহৰ আৰ্থ-সামাজিক অৱস্থা, এই সকলোবোৰৰ বিশ্লষণ কৰা হৈছিল।

এনেদৰে লক্ষাধিক গাঁৱৰ প্ৰায় ৬৪ লাখ তথ্য বিশ্লেষণৰ আধাৰত কোন কোন স্থানত বিতৰণ কেন্দ্ৰ স্থাপন কৰা উচিত সেই কথা নিশ্চিত কৰা হৈছিল। পিছে, আমাৰ কাম ইয়াতে শেষ হোৱা নাছিল। আৰু এটা ডাঙৰ সমস্যাৰ সমাধান কৰি দিছিল এই প্ৰযুক্তিয়ে। ডেছবৰ্ডত আবেদন আৰু বিতৰণৰ তথ্য মুহূৰ্তে মুহূৰ্তে লোৱাৰ ব্যৱস্থা কৰাৰ ফলত গম পোৱা গ’ল যে বহুত মহিলাই জনোৱা আবেদনবোৰ প্ৰত্যাখান কৰা হৈছে। কিয়নো তেওঁলোৰ হাতত বেংক একাউণ্ট নাছিল। এই সমস্যাৰ অন্ত পেলোৱাৰ লক্ষ্যৰে ‘জন ধন শিবিৰ’ অনুষ্ঠিত কৰি এইসকল মহিলাৰ একাউণ্ট খোলাৰ ব্যৱস্থা কৰা হ’ল। ইয়াৰ ফলত আমি তিনি বছৰৰ ভিতৰত ৮ লাখ গেছ সংযোগ দিয়াৰ বাবে নিৰ্দ্ধাৰণ কৰা লক্ষ্যত নিৰ্দ্ধাৰিত সময়ৰ বহু আগতেই উপনীত  হ’ব পাৰিলো।

বন্ধুসকল, এয়া হ’ল প্ৰযুক্তিৰ উপস্থিতি বঢ়োৱাৰ কথা। মই এতিয়া আপোনালোকক উপস্থিতিৰ পৰা আচৰণগত পৰিৱৰ্তন সাধনত প্ৰযুক্তিৰ ভূমিকা কেনে হ’ব পাৰে তাৰ এক উদাহৰণ দাঙি ধৰিব খুজিছো। দেশত স্বাস্থ্য-সুৰক্ষাৰ স্থিতি কেনে আপোনালোকৰ গ্ৰন্থত উল্লেখ কৰিছে। বিশেষকৈ, ৰোগৰ চিকিত্সা নকৰোৱাৰ প্ৰৱণতাৰ কথা কোৱা হৈছে, এনে ধৰণৰ মানসিক জড়তা আমাৰ দেশত দাৰিদ্ৰৰ বাবে, পইচা নথকাৰ বাবে হোৱা দেখা যায়।

‘আয়ুষ্মান ভাৰত’ যোজনাই এই স্থিতি সলনি কৰাৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা গ্ৰহণ কৰি আহিছে। ইমান দিনে যিসকল লোকে চিকিত্সা কৰাবলৈ গ’লে তেওঁলোক সৰ্বস্বান্ত হৈ যাব বুলি চিন্তাত বিহ্বল হৈ পৰিছিল, সেইসকল লোকেই এতিয়া হাস্পটাললৈ যাবলৈ ধৰিছে। যিসকল দুখীয়া লোকে ব্যক্তিগতখণ্ডৰ চিকিত্সালয়লৈ যাবলৈ দহবাৰ ভাবিবলগীয়া হৈছিল, সেইসকল লোকেই এতিয়া তেনে হাস্পটালত ভৰি থৈছেগৈ। আজি তাৰিখত পৰিস্থিতি এনে হৈছে যে এতিয়া দুখীয়াসকলৰ আচৰণগত পৰিৱৰ্তন হোৱাৰ লগতে চিকিত্সাসেৱাৰ চাহিদাও বাঢ়িবলৈ ধৰিছে আৰু হাস্পটালসমূহেও চৰকাৰৰ পৰা পইচা পোৱাৰ সুযোগ পাইছে। আৰু এয়া সম্ভৱ হৈছে প্ৰযুক্তিৰ মাধ্যমেৰে।

বন্ধুসকল, এই প্ৰযুক্তিৰ জৰিয়তেই আমি ‘আয়ুষ্মান ভাৰত’ক স্বস্থ্যসেৱাৰ সম্পূৰ্ণ ‘পেকেজ’ হিচাপে বিকশিত কৰাৰ প্ৰয়াস কৰি আছো।

আগতে নিবাৰণমূলক স্বাস্থ্য সুৰক্ষাৰ প্ৰতি বিশেষ নজৰেই দিয়া হোৱা নাছিল। প্ৰাথমিক স্বাস্থ্যসেৱাতো মূৰৰ বিষ, পেটৰ বিষতে সীমাবদ্ধ আছিল। তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাৰ অৱস্থা অন্য দিশেৰে আগবাঢ়িছিল। কিন্তু এতিয়া ইয়াৰ বাবে সমগ্ৰ দেশতে ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ স্থাপন কৰি থকা হৈছে আৰু এইবোৰ কেন্দ্ৰক তৃতীয় পৰ্যায়ৰ স্বস্থ্যসেৱাৰ বুনিয়াদ হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। বহুত কম সময়ৰ ভিতৰতে এনে ২১ হাজাৰৰো অধিক কেন্দ্ৰ ইতিমধ্যেই স্থাপনো কৰা হৈছে।

আপোনালোকে শুনি আচৰিত হ’বযে, ইমান কম সময়ৰ ভিতৰতে এইসমূহ কেন্দ্ৰত ডেৰ কোটিৰো অধিক ‘হাইপাৰ টেন্চন’ত ভোগা ৰোগী, ১.২৫ কোটিৰো অধিক মধুমেহ আৰু ডেৰ কোটিৰো অধিক কেন্সাৰ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কাম সম্পন্ন হৈছে। ইমান দিনে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এয়া সম্ভৱ হোৱা নাছিল। এতিয়া কিন্তু এই ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ৰ পৰাই এনেধৰণৰ ৰোগী উন্নত চিকিত্সাৰ বাবে আগলৈ ‘ৰেফাৰ’ কৰিব পৰা হৈছে। আৰু এই তথ্যৰ আধাৰতে তৃতীয় পৰ্যায়ৰ চিকিত্সা সেৱা থকা প্ৰতিষ্ঠানত উন্নত চিকিত্সাসেৱা লাভ কৰাতো সম্ভৱ হৈছে।

বন্ধুসকল, প্ৰযুক্তি যেতিয়া সেঁতু হয় তেতিয়া আমি স্বচ্ছ আৰু লক্ষ্য-নিৰ্দ্ধাৰিত সেৱা প্ৰদানৰো সমাধান বিচাৰি পাও। ভাৰতত মধ্যভোগী আৰু দালালৰ কেনে ভূমিকা আছিল সেই কথা নিশ্চয় আপোনালোক সকলোৱে ভালকৈয়ে জানে।

চৰকাৰে দেশ চলাইছিল,

মধ্যভোগীয়ে চলাইছিল শাসন,

ইয়াকে এক নীতি বুলি গ্ৰহণ কৰা হৈছিল। এয়া এই কাৰণেই সম্ভৱ হৈছিল কাৰণ ৰাইজ আৰু প্ৰশাসনৰ মাজত ব্যৱধান আছিল। জন্মৰ পৰা মৃত্যুলৈকে প্ৰমাণ পত্ৰৰ এক দীঘলীয়া ব্যৱস্থা আছিল, যাৰ মাজত সাধাৰণ জনতাই উৱাদিহ হেৰুৱাবলগীয়া অৱস্থাত পৰিছিল। আজি কিন্তু জন্মৰ পৰা জীৱনৰ প্ৰমাণ পত্ৰ পৰ্যন্ত বহু সংখ্যক চৰকাৰী সেৱা অনলাইনত উপলব্ধ হৈছে। এতিয়া স্ব-প্ৰত্যায়িতকৰণ এক প্ৰথাত পৰিণত হৈছে। এতিয়া আমি স্ব-সমীক্ষা, স্ব-ঘোষণা আৰু ‘ফেচলেছ’ কৰ সমীক্ষাৰ দিশত কাম কৰাৰ বাবে আগবাঢ়িছো।

বন্ধুসকল, প্ৰযুক্তিৰ প্ৰভাবী ব্যৱহাৰে কেনেকৈ প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰে তাৰ এক উদাহৰণ হ’ল, ‘ইণ্ডিয়া পোষ্ট পেইমেণ্ট বেংক’। বিগত সময়চোৱাত মোবাইল আৰু ইণ্টাৰনেট সেৱাৰ বিশাল পয়োভৰত পৰি আমাৰ ডাকঘৰসমূহত তলা ওলমিবলগীয়া অৱস্থা হৈছিল। লাখ লাখ লোকৰ জীৱিকা সংকতাপন্ন হৈছিল। কিন্তু আজি প্ৰযুক্তিৰ সুবাদতে এইসমূহ ডাকঘৰেই বেংকিং সেৱা, ডিজিটেল লেনদেন আৰু ‘হোম ডেলিভাৰী’ৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিবলৈ সক্ষম হৈছে।

সেইদৰে গাঁৱে গাঁৱে অনলাইন সেৱা আগবঢ়োৱা ‘সমূহীয়া সেৱা কেন্দ্ৰ’ৰ বিশাল শৃংখলে দেশৰ ১২লাখতকৈয়ো অধিক যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰ সুযোগ দান কৰিছে।

বন্ধুসকল, উদ্যমশীলতা, ক্ষুদ্ৰ লঘূ আৰু মধ্যমীয়া উদ্যোগক শক্তিশালী কৰি গঢ়ি তোলাৰ লগতে কৰ্মসংস্থান সৃষ্টি সম্পৰ্কে গ্ৰন্থখনত দিয়া পৰামৰ্শসমূহৰ সৈতে মই সামগ্ৰিকভাবে একমত। ইয়াত আগন্তুক সময়ত আহিবলগীয়া সমস্যা আঁতৰোৱাৰ বাবেও প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

ৰাজহুৱা সংগ্ৰহৰ বাবে চৰকাৰী ‘ই-মাৰ্কেট প্লেচ’ চমুকৈ ‘জেম’-ৰ বিষয়ে আপোনালোকে চাগৈ জানে। ই চৰকাৰৰ চাহিদা আৰু ক্ষুদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগৰ যোগান ব্যৱস্থাটোৰ মাজত সেঁতুবন্ধনৰ কাম কৰে। এইবাৰ এই পদ্ধতিৰ মাধ্যমৰে ৫০হাজাৰ কোটি টকা পৰিমানৰ সামগ্ৰী কিনাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰাৰ কথাই এই পদ্ধতিৰ সফলতাৰ কথাকে প্ৰতীয়মান কৰিছে।

বন্ধুসকল, ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’ই যদি স্থানীয় চাহিদা আৰু যোগান ব্যৱস্থা, তেন্তে ‘মেক ইন ইণ্ডিয়া’ই স্থানীয় যোগান আৰু গোলকীয় চাহিদাৰ মাজত সেঁতু নিৰ্মাণ কৰিছে। আপোনালোকে এইখন গ্ৰন্থত চাহিদা আৰু যোগান সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰিছে। ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’ইও এই সমস্যাৰে মোকাবিলা কৰি আছে।

ভাৰতে সন্মুখীন হৈ অহা সমস্যসমূহক সন্মুখত ৰাখি, নতুন চিন্তাৰ প্ৰসাৰ কৰি উদ্যোগৰ ৰূপদান কৰাৰ ই এক সুন্দৰ প্ৰয়াস। এই কাৰণেই আজিকালি অধিক সংখ্যক ‘ষ্টাৰ্ট আপ’ দ্বিতীয় কিম্বা তৃতীয় শ্ৰেণীভূক্ত চহৰত ঠন্ ধৰি উঠিছে।

এইবোৰ কথাৰ মাজত এই কথাও সত্য যে কেৱল প্ৰযুক্তিয়েই সমাধান হ’ব নোৱাৰে, বৰং মানৱীয় আগ্ৰহ আৰু শুদ্ধ অভিপ্ৰায়ো খুবেই জৰুৰী। এই কথাই ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ ক্ষেত্ৰটো প্ৰযোজ্য হয়। ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ পৰা বিপদ হ’ব পাৰেনেকি কিম্বা ৰ’ব’ট মানুহতকৈ বুদ্ধিমান কেতিয়াকৈ হ’ব বুলি বিতৰ্কৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ আৰু মানৱীয় অভিপ্ৰায়ৰ মাজত কেনেকৈ সেঁতু বন্ধন কৰিব পাৰি আমি তাৰ বাবেহে বিতৰ্ক কৰা উচিত।

যি কি নহওক বহুত কথা ক’বলগীয়া আছিল যদিও আৰু দীঘলীয়া নকৰো। এনে এখন সুন্দৰ গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ বাবে আকৌ এবাৰ অভিনন্দন আৰু শুভকামনা জনাই আজিলৈ সামৰিলো।

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches UPI at department store in France

Media Coverage

India launches UPI at department store in France
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”