শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠ প্ৰতিষ্ঠাৰ ৫৫০-বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। সঁচা অৰ্থত এয়া এক ঐতিহাসিক অনুষ্ঠান। বিগত ৫৫০ বছৰত এই প্ৰতিষ্ঠানে সময়ৰ অগণন ধুমুহা অতিক্ৰম কৰিছে। যুগ সলনি হ’ল, সময় সলনি হ’ল। ৰাষ্ট্ৰ আৰু সমাজখনৰ বহু পৰিৱৰ্তন হ’ল। তথাপিও পৰিৱৰ্তিত সময় আৰু প্ৰত্যাহ্বানৰ মাজতো এই মঠে কেতিয়াও নিজৰ দিশ নেহেৰুৱালে। ইয়াৰ বিপৰীতে ৰাইজক পথ দেখুৱাই এক পথ-প্ৰদৰ্শক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলেঃ প্ৰধানমন্ত্ৰী
এসময়ত গোৱাৰ মন্দিৰ আৰু স্থানীয় পৰম্পৰা গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ভাষিক আৰু সাংস্কৃতিক পৰিচয় বাধাগ্ৰস্ত হৈছিল। তথাপিও তেনে পৰিস্থিতিয়ে সমাজৰ আত্মাক দুৰ্বল কৰিব পৰা নাছিল; বৰঞ্চ অধিক শক্তিশালীহে কৰি তুলিছিলঃ প্ৰধানমন্ত্ৰী
গোৱাৰ অনন্য বৈশিষ্ট্য এয়ে যে ইয়াৰ সংস্কৃতিয়ে প্ৰতিটো পৰিৱৰ্তনৰ মাজেৰে স্বকীয় সত্তাক সংৰক্ষণ কৰি ৰাখিছে আৰু সময়ৰ লগে-লগে নিজকে সজীৱ কৰি তুলিছে। এই যাত্ৰাত পৰ্বগালি মঠৰ দৰে প্ৰতিষ্ঠানসমূহে মুখ্য ভূমিকা পালন কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে এক উল্লেখযোগ্য সাংস্কৃতিক নৱজাগৰণ, অযোধ্যাৰ ৰাম মন্দিৰৰ পুনৰুদ্ধাৰ, কাশী বিশ্বনাথ ধামৰ বিশাল সজীৱতা, উজ্জয়িনীৰ মহাকাল মহালোকৰ সম্প্ৰসাৰণ কাৰ্য্য প্ৰত্যক্ষ কৰিছে। এই সকলোবোৰে আমাৰ ৰাষ্ট্ৰৰ জাগৰণকে প্ৰতিফলিত কৰিছে, যিয়ে নিজৰ আধ্যাত্মিক ঐতিহ্যক নৱীকৃত শক্তিৰে মূৰ্ত কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
আজিৰ ভাৰতে নতুন সংকল্প আৰু নৱীকৃত আত্মবিশ্বাসেৰে নিজৰ সাংস্কৃতিক পৰিচয়ক আগবঢ়াই নিছেঃ প্ৰধানমন্ত্ৰী

পৰ্বগালি জীৱোত্তম মঠৰ সকলো ভক্ত আৰু অনুগামীকে শুভেচ্ছা জনাইছো!

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।

এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ মোৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে। আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছো। ইয়ালৈ অহাৰ আগতে মই ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিলো। তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।

বন্ধুসকল,

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠ প্ৰতিষ্ঠাৰ ৫৫০-বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে। সঁচা অৰ্থত এয়া এক ঐতিহাসিক অনুষ্ঠান। বিগত ৫৫০ বছৰত এই প্ৰতিষ্ঠানে সময়ৰ অগণন ধুমুহা অতিক্ৰম কৰিছে। যুগ সলনি হ’ল, সময় সলনি হ’ল। ৰাষ্ট্ৰ আৰু সমাজখনৰ বহু পৰিৱৰ্তন হ’ল। তথাপিও পৰিৱৰ্তিত সময় আৰু প্ৰত্যাহ্বানৰ মাজতো এই মঠে কেতিয়াও নিজৰ দিশ নেহেৰুৱালে। ইয়াৰ বিপৰীতে ৰাইজক পথ দেখুৱাই এক পথ-প্ৰদৰ্শক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে। যি মনোভাৱেৰে মঠটো প্ৰতিষ্ঠা কৰা হৈছিল, সেই মনোভাৱ আজিও সমানে সজীৱ হৈ আছে। সেয়া আছিল সাধনাক সেৱাৰ সৈতে আৰু পৰম্পৰাক জনকল্যাণৰ সৈতে সংযোগ কৰা মনোভাৱ। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই মঠে এই বুজাবুজি প্ৰকাশ কৰিছে যে আধ্যাত্মিকতাৰ প্ৰকৃত উদ্দেশ্য হৈছে জীৱনক স্থিৰতা প্ৰদান, ভাৰসাম্য ৰক্ষা আৰু মূল্যবোধ প্ৰদান কৰা। ইয়াৰ ৫৫০ বছৰীয়া যাত্ৰাই কঠিন সময়তো সমাজখনক বৰ্তাই ৰখাৰ শক্তিৰ সাক্ষ্য বহন কৰে। এই ঐতিহাসিক অনুষ্ঠানত মই মঠাধিপতি শ্ৰীমদ্ বিদ্যাধীশ তীৰ্থ স্বামীজী, কমিটিৰ সকলো সদস্য, উদযাপনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক শুভেচ্ছা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

যেতিয়া কোনো প্ৰতিষ্ঠান সত্য আৰু সেৱাৰ ভেটিত থিয় হয়, তেতিয়া সময়ৰ পৰিৱৰ্তনৰ লগত ই দোদুল্যমান নহয়, বৰঞ্চ সমাজক সহ্য কৰিবলৈ শক্তি প্ৰদান কৰে। আজি এই পৰম্পৰাক অব্যাহত ৰাখি মঠে এটা নতুন অধ্যায় ৰচনা কৰিছে। ইয়াত ভগৱান শ্ৰীৰামৰ এটি বিশাল ৭৭ ফুট ওখ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হৈছে। মাত্ৰ তিনিদিন পূৰ্বে মই অযোধ্যাৰ বিশাল শ্ৰীৰাম জনমভূমি মন্দিৰৰ ওপৰত ধৰ্ম ধ্বজা উত্তোলন কৰাৰ সৌভাগ্য লাভ কৰিছিলো আৰু আজি মোৰ ইয়াত ভগৱান শ্ৰীৰামৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্য হৈছে। এই উপলক্ষে ৰামায়ণৰ আধাৰত এখন উদ্যানো উদ্বোধন কৰা হৈছে।

বন্ধুসকল,

এই মঠৰ সৈতে জড়িত নতুন মাত্ৰাসমূহ ভৱিষ্যৎ প্ৰজন্মৰ বাবে জ্ঞান, প্ৰেৰণা আৰু আধ্যাত্মিক অনুশীলনৰ স্থায়ী কেন্দ্ৰ হৈ উঠিব। ইয়াত বিকশিত সংগ্ৰহালয় আৰু আধুনিক প্ৰযুক্তিৰে সজ্জিত থ্ৰীডি থিয়েটাৰে নতুন প্ৰজন্মক ইয়াৰ ঐতিহ্যৰ সৈতে সংযোগ কৰাৰ সমান্তৰালভাৱে মঠৰ পৰম্পৰা ৰক্ষা কৰি আছে। একেদৰে সমগ্ৰ দেশৰ লক্ষ-লক্ষ ভক্তৰ অংশগ্ৰহণেৰে ৫৫০ দিনে অনুষ্ঠিত হোৱা শ্ৰীৰাম নাম জপ যজ্ঞ আৰু ৰাম ৰথ যাত্ৰা সমাজত ভক্তি আৰু অনুশাসনৰ সামূহিক শক্তিৰ প্ৰতীক হৈ পৰিছে। এই সামূহিক শক্তিয়ে আজি ৰাষ্ট্ৰৰ প্ৰতিটো কোণত এক নতুন চেতনা বিয়পাইছে।

বন্ধুসকল,

আধ্যাত্মিকতাক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰা ব্যৱস্থাই ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। এই নিৰ্মাণৰ বাবে মই সকলোকে অভিনন্দন জনাইছো। এই বিশাল উদযাপনত শতিকাজুৰি সমাজখনক একত্ৰিত কৰা আধ্যাত্মিক শক্তিৰ প্ৰতি উৎসৰ্গিত এই বিশেষ অনুষ্ঠানৰ প্ৰতীক হিচাপে স্মাৰক মুদ্ৰা আৰু ডাক টিকটো মুকলি কৰা হৈছে।

বন্ধুসকল,

দ্বৈত বেদান্তৰ ঐশ্বৰিক ভেটি প্ৰতিষ্ঠা কৰা মহান গুৰু পৰম্পৰাৰ পৰাই এই মঠৰ শক্তিৰ অবিৰত প্ৰবাহ সঞ্চাৰ হৈছে। ১৪৭৫-ত শ্ৰীমদ্ নাৰায়ণ তীৰ্থ স্বামীজীয়ে প্ৰতিষ্ঠা কৰা এই মঠ সেই জ্ঞান পৰম্পৰাৰ সম্প্ৰসাৰণ। যাৰ মূল উৎস হৈছে অনন্য আচাৰ্য্য, জগতগুৰু শ্ৰী মাধৱাচাৰ্য্য। মই সকলো আচাৰ্য্যক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। উড়ুপি আৰু পৰ্বগালি একেখন আধ্যাত্মিক নদীৰ জীৱন্ত ধাৰা হোৱাটোও অতিশয় তাৎপৰ্য্যপূৰ্ণ। ভাৰতৰ পশ্চিম উপকূলৰ সাংস্কৃতিক প্ৰবাহক পথ-প্ৰদৰ্শন কৰা গুৰু-শক্তি একে। মোৰ বাবে একেদিনাই এই পৰম্পৰাৰ সৈতে জড়িত দুটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ সুবিধা পোৱাটো এক বিশেষ কাকতলীয়া ঘটনা।

 

বন্ধুসকল,

এই পৰম্পৰাৰ সৈতে জড়িত পৰিয়ালসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অনুশাসন, জ্ঞান, কঠোৰ পৰিশ্ৰম আৰু উৎকৃষ্টতাক নিজৰ জীৱনৰ ভেটি হিচাপে গঢ়ি তোলাটো গৌৰৱৰ বিষয়। বাণিজ্যৰ পৰা বিত্তলৈকে আৰু শিক্ষাৰ পৰা প্ৰযুক্তিলৈকে তেওঁলোকৰ মাজত দেখা পোৱা প্ৰতিভা, নেতৃত্ব আৰু নিষ্ঠাই এই জীৱন দৃষ্টিভংগীৰ গভীৰ ছাপ বহন কৰে। এই পৰম্পৰাৰ সৈতে জড়িত পৰিয়াল আৰু ব্যক্তিৰ মাজত সফলতাৰ একাধিক প্ৰেৰণাদায়ক কাহিনী আছে আৰু এই সকলোবোৰ সফলতাৰ শিপা নম্ৰতা, মূল্যবোধ আৰু সেৱাত নিহিত হৈ আছে। এই প্ৰমূল্যবোধসমূহ সংৰক্ষণৰ ক্ষেত্ৰত এই মঠেই মূল স্তম্ভ হৈ আহিছে। মই এই মঠে ভৱিষ্যৎ প্ৰজন্মকো শক্তি প্ৰদান কৰি যাব বুলি বিশ্বাসী।

বন্ধুসকল,

ঐতিহাসিক মঠৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য – যুগ-যুগ ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীক সহায় কৰি অহা সেৱাৰ মনোভাৱ। শতিকা পূৰ্বে যেতিয়া এই অঞ্চলত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ৰাইজে ঘৰ এৰি নতুন ঠাইত আশ্ৰয় ল’বলগীয়া হৈছিল, তেতিয়া এই মঠেই সমাজখনক সমৰ্থন জনাইছিল, সংগঠিত কৰিছিল আৰু নতুন স্থানত মন্দিৰ, মঠ, আশ্ৰয় শিবিৰ স্থাপন কৰিছিল। মঠে কেৱল ধৰ্মই নহয়, মানৱতা আৰু সংস্কৃতিকো সুৰক্ষা প্ৰদান কৰিছে আৰু সময়ৰ লগে-লগে ইয়াৰ সেৱাৰ ধাৰা অধিক সম্প্ৰসাৰিত হৈছে। আজি শিক্ষাৰ পৰা আৰম্ভ কৰি হোষ্টেললৈকে, বৃদ্ধ লোকসকলৰ যত্নৰ পৰা আৰম্ভ কৰি আৰ্ত পৰিয়াললৈ সহায় কৰালৈকে এই মঠে সদায় নিজৰ সম্পদৰাজিক জনকল্যাণৰ বাবে উৎসৰ্গা কৰি আহিছে। সেয়া ভিন্ন ৰাজ্যত নিৰ্মিত হোষ্টেলেই হওক, আধুনিক বিদ্যালয়েই হওক অথবা কঠিন সময়ত সাহায্যৰ কামেই হওক, প্ৰতিটো পদক্ষেপেই প্ৰমাণ যে যেতিয়া আধ্যাত্মিকতা আৰু সেৱা একেলগে অব্যাহত থাকে তেতিয়া সমাজে সুস্থিৰতা আৰু আগবাঢ়ি যোৱাৰ প্ৰেৰণা উভয়ে লাভ কৰে।

বন্ধুসকল,

এসময়ত গোৱাৰ মন্দিৰ আৰু স্থানীয় পৰম্পৰা গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ভাষিক আৰু সাংস্কৃতিক পৰিচয় বাধাগ্ৰস্ত হৈছিল। তথাপিও তেনে পৰিস্থিতিয়ে সমাজৰ আত্মাক দুৰ্বল কৰিব পৰা নাছিল; বৰঞ্চ অধিক শক্তিশালীহে কৰি তুলিছিল। গোৱাৰ অনন্য বৈশিষ্ট্য এয়ে যে ইয়াৰ সংস্কৃতিয়ে প্ৰতিটো পৰিৱৰ্তনৰ মাজেৰে স্বকীয় সত্তাক সংৰক্ষণ কৰি ৰাখিছে আৰু সময়ৰ লগে-লগে নিজকে সজীৱ কৰি তুলিছে। এই যাত্ৰাত পৰ্বগালি মঠৰ দৰে প্ৰতিষ্ঠানসমূহে মুখ্য ভূমিকা পালন কৰিছে।

 

বন্ধুসকল,

আজি ভাৰতে এক উল্লেখযোগ্য সাংস্কৃতিক নৱজাগৰণ, অযোধ্যাৰ ৰাম মন্দিৰৰ পুনৰুদ্ধাৰ, কাশী বিশ্বনাথ ধামৰ বিশাল সজীৱতা, উজ্জয়িনীৰ মহাকাল মহালোকৰ সম্প্ৰসাৰণ কাৰ্য্য প্ৰত্যক্ষ কৰিছে। এই সকলোবোৰে আমাৰ ৰাষ্ট্ৰৰ জাগৰণকে প্ৰতিফলিত কৰিছে, যিয়ে নিজৰ আধ্যাত্মিক ঐতিহ্যক নৱীকৃত শক্তিৰে মূৰ্ত কৰি তুলিছে। ৰামায়ণ চাৰ্কিট, কৃষ্ণ চাৰ্কিট, গয়াজীত উন্নয়নমূলক কাম-কাজ, কুম্ভমেলাৰ অভূতপূৰ্ব পৰিচালনা আদি পদক্ষেপসমূহ এনে উদাহৰণ যিয়ে দেখুৱাইছে যে আজিৰ ভাৰতে কেনেকৈ নতুন সংকল্প আৰু আত্মবিশ্বাসেৰে নিজৰ সাংস্কৃতিক পৰিচয়ক আগুৱাই নিছে। এই জাগৰণে ভৱিষ্যৎ প্ৰজন্মক নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰিছে।

বন্ধুসকল,

গোৱাৰ পবিত্ৰ ভূমিৰ নিজস্ব সুকীয়া আধ্যাত্মিক পৰিচয় আছে, যুগ-যুগ ধৰি ভক্তি, সাধু পৰম্পৰা, সাংস্কৃতিক অনুশীলনৰ অবিৰত প্ৰবাহ বিদ্যমান। এই ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগতে ‘দক্ষিণ কাশী’ৰ পৰিচয়ো আছে। ইয়াক এই মঠে অধিক গভীৰ কৰি তুলিছে। মঠৰ সংযোগ কেৱল কংকন আৰু গোৱাত সীমাবদ্ধ নহয়। বৰঞ্চ ইয়াৰ পৰম্পৰা দেশৰ ভিন্ন প্ৰান্তৰ সৈতে আৰু লগতে পবিত্ৰ বাৰাণসীৰ সৈতেও জড়িত। বাৰাণসীৰ সাংসদ হিচাপে মই ক’ব খুজিছো যে প্ৰতিষ্ঠাপক আচাৰ্য্য শ্ৰী নাৰায়ণ তীৰ্থই উত্তৰ ভাৰত ভ্ৰমণৰ সময়ত বাৰাণসীত এটা কেন্দ্ৰ স্থাপন কৰিছিল, ইয়াৰ ফলশ্ৰুতিত মঠৰ আধ্যাত্মিক ধাৰা দক্ষিণৰ পৰা উত্তৰলৈ সম্প্ৰসাৰিত হৈছিল। আজিও বাৰাণসীত প্ৰতিষ্ঠা কৰা কেন্দ্ৰটোৱে সমাজ সেৱা অব্যাহত ৰাখিছে।

বন্ধুসকল,

এই পবিত্ৰ মঠে ৫৫০ বছৰ সম্পূৰ্ণ কৰাৰ লগে-লগে আমি কেৱল ইতিহাস উদযাপন কৰাই নহয়, ভৱিষ্যতৰ দিশো নিৰ্ধাৰণ কৰি আছো। উন্নত ভাৰতৰ পথ ঐক্যৰ ওপৰত নিৰ্ভৰশীল আৰু যেতিয়া সমাজখন একত্ৰিত হয়, যেতিয়া প্ৰতিটো অঞ্চল আৰু প্ৰতিটো শ্ৰেণী একত্ৰিত হৈ থিয় হয়, তেতিয়া ৰাষ্ট্ৰখনে বৃহৎ অগ্ৰগতি লাভ কৰে। এই মঠৰ প্ৰাথমিক লক্ষ্য হৈছে ৰাইজক সংযোগ কৰা, মনক সংযোগ কৰা, পৰম্পৰা আৰু আধুনিকতাৰ মাজত এখন সেতু নিৰ্মাণ কৰা। সেয়েহে উন্নত ভাৰতৰ যাত্ৰাত এই মঠে এক প্ৰধান প্ৰেৰণা কেন্দ্ৰৰ ভূমিকা পালন কৰিছে।

বন্ধুসকল,

মোৰ যি স্থানৰ প্ৰতি প্ৰীতি থাকে, সেই স্থানতেই মই সন্মানসহকাৰে কেতবোৰ বিশেষ অনুৰোধ কৰো। আজি যিদৰে মই ৰাইজৰ মাজলৈ আহিছো, তেনেকৈয়ে মোৰ মনত স্বাভাৱিকতে কেতবোৰ চিন্তা জাগি উঠিছে, যিসমূহ মই অৱগত কৰিব বিচাৰো। মই আপোনালোকৰ সন্মুখত ৯ টা আহ্বান জনাব বিচাৰো যিসমূহক আপোনালোকৰ প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰতিজন নাগৰিকলৈ প্ৰেৰণ কৰিব পৰা যাব। মোৰ এই আবেদনসমূহ ৯ টা সংকল্পৰ দৰে। উন্নত ভাৰতৰ সপোন তেতিয়াহে পূৰণ হ’ব যেতিয়া আমি পৰিবেশ সুৰক্ষাক আমাৰ কৰ্তব্য বুলি বিবেচনা কৰিম, কিয়নো পৃথিৱীখনেই আমাৰ মাতৃ আৰু মঠৰ শিক্ষাই আমাক প্ৰকৃতিক সন্মান কৰিবলৈ পথ-প্ৰদৰ্শন কৰে। আমাৰ সেয়েহে প্ৰথম সংকল্প হ’ব লাগে জল সংৰক্ষণ, পানী ৰাহি কৰা আৰু নদী সুৰক্ষিত কৰা। আমাৰ দ্বিতীয়টো সংকল্প হ’ব লাগে গছপুলি ৰোপণ। “এক পেড় মা কে নাম” শীৰ্ষক দেশজোৰা অভিযানে গতি লাভ কৰিছে আৰু যদি এই প্ৰতিষ্ঠানৰ শক্তি ইয়াৰ লগত যোগ হয়, তেন্তে ইয়াৰ প্ৰভাৱ আৰু গভীৰ হ’ব। আমাৰ তৃতীয় সংকল্পটো পৰিষ্কাৰ-পৰিচ্ছন্নতা হ’ব লাগে, প্ৰতিটো ৰাস্তা, চুবুৰী, প্ৰতিখন চহৰ যাতে পৰিষ্কাৰ হৈ থাকে, সেয়া নিশ্চিত কৰিব লাগে। চতুৰ্থ সংকল্প স্বদেশী গ্ৰহণ কৰা হ’ব। আজি ভাৰতে আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশীৰ মন্ত্ৰেৰে আগবাঢ়িছে। দেশে “ভকেল ফৰ লোকেল” বুলি কৈছে। এই সংকল্পক আমিও আগবঢ়াই নিব লাগিব।

 

বন্ধুসকল,

আমাৰ পঞ্চমটো সংকল্প হৈছে ‘স্বদেশ দৰ্শন’। দেশৰ ভিন্ন প্ৰান্তক জনা আৰু বুজিবলৈ সকলোকে প্ৰয়াস কৰিবলৈ উৎসাহিত কৰিব লাগে। আমাৰ ষষ্ঠ সংকল্প হ’ব লাগে প্ৰাকৃতিক কৃষি কাৰ্য্যক জীৱনৰ অংশ হিচাপে গঢ়ি তোলা। আমাৰ সপ্তমটো সংকল্প হ’ব লাগে সুস্থ জীৱনশৈলী গ্ৰহণ কৰা, ‘শ্ৰী অন্ন’–বাজৰাক আকোৱালি লোৱা আৰু খাদ্যত তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰা। আমাৰ অষ্টম সংকল্প হ’ব লাগে যোগ আৰু ক্ৰীড়াৰ অনুশীলন কৰা আৰু নৱম সংকল্প হ’ব লাগে দৰিদ্ৰ নাৰায়ণক কোনোবা নহয় কোনোবা ৰূপত সহায় কৰা।

বন্ধুসকল,

আমাৰ এই মঠে উক্ত সংকল্পসমূহক সামূহিক ৰাজহুৱা অংগীকাৰলৈ ৰূপান্তৰিত কৰিব পাৰে। এই মঠৰ ৫৫০-বছৰীয়া অভিজ্ঞতাই আমাক শিকাইছে যে পৰম্পৰাই সমাজখনক আগুৱাই লৈ যায় তেতিয়াহে যেতিয়া ই সময়ৰ লগে-লগে নিজৰ দায়িত্বক সম্প্ৰসাৰিত কৰে। এই মঠে যুগ-যুগ ধৰি সমাজখনক যি শক্তি প্ৰদান কৰি আহিছে, সেই শক্তি এতিয়া ভৱিষ্যতৰ ভাৰত গঢ়াৰ দিশত সঞ্চাৰিত হ’ব লাগে।

বন্ধুসকল,

গোৱাৰ আধ্যাত্মিক গৌৰৱ ইয়াৰ আধুনিক উন্নয়নৰ দৰেই স্বকীয়। গোৱা জনমূৰি আয় সৰ্বাধিক হোৱা ৰাজ্যসমূহৰ অন্যতম আৰু পৰ্যটন, ফাৰ্মা তথা সেৱা খণ্ডত যথেষ্ট অৰিহণা যোগায়। শেহতীয়া বছৰ কেইটাত গোৱাই শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ কৰিছে। ঘাইপথ, বিমানবন্দৰ আৰু ৰেল সংযোগৰ সম্প্ৰসাৰণে ভক্ত আৰু পৰ্যটক উভয়ৰে যাত্ৰাক সহজ কৰি তুলিছে। ২০৪৭-ৰ ভিতৰত এখন উন্নত ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীত পৰ্যটন এটা প্ৰধান উপাদান আৰু গোৱা ইয়াৰ উত্তম উদাহৰণ হিচাপে পৰিগণিত হৈছে।

বন্ধুসকল,

ভাৰত এক নিৰ্ণায়ক পৰ্য্যায়ৰ মাজেৰে অগ্ৰসৰ হৈছে। যুৱক-যুৱতীসকলৰ শক্তি, ৰাষ্ট্ৰৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস আৰু সাংস্কৃতিক শিপাৰ প্ৰতি ইয়াৰ ব্যাকুলতাই একেলগে নতুন ভাৰত গঢ়ি তুলিছে। আমাৰ এখন উন্নত ভাৰতৰ সংকল্প পূৰণ হ’ব তেতিয়াহে যেতিয়া আধ্যাত্মিকতা, ৰাষ্ট্ৰীয় সেৱা আৰু উন্নয়ন একেলগে আগবাঢ়িব। গোৱাৰ এই ভূমি আৰু এই মঠে সেই দিশত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। আজি পূজ্য স্বামীজীয়ে মোৰ বিষয়ে বহু কথা ক’লে। তেওঁ মোক বহু কৃতিত্বৰ গৰাকী বুলি কৈছে। তেওঁ প্ৰকাশ কৰা অনুভৱৰ বাবে মই তেওঁৰ ওচৰত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। কিন্তু সত্যটো হ’ল আপুনি যিয়েই ভাল বুলি বিবেচনা কৰক, সেয়া কেৱল মোদীৰ বাবে নহয়। ১৪০ কোটি ভাৰতীয়ৰ সংকল্প আৰু কঠোৰ পৰিশ্ৰমৰ ফল। সেইবাবেই আমি ইতিবাচক ফলাফল লাভ কৰিছো আৰু বহুখিনি বাকী আছে। কাৰণ আমাৰ দেশৰ ১৪০ কোটি জনসাধাৰণৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু আপুনি কোৱাৰ দৰে মোৰ জীৱনৰ এনে বহু পৰ্য্যায় আহিছে য’ত গোৱাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেনেকৈ হ’ল, মই ক’ব নোৱাৰো, কিন্তু এইটো সঁচা যে প্ৰতিটো কেঁকুৰিতে এই গোৱা ভূমিয়েই মোক আগুৱাই লৈ গৈছে। শ্ৰদ্ধাৰ সন্তজনৰ আশীৰ্বাদৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ। আকৌ এবাৰ এই পবিত্ৰ অনুষ্ঠান উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো। আপোনাসৱক অশেষ ধন্যবাদ জনালো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's electronics exports cross $47 billion in 2025 on iPhone push

Media Coverage

India's electronics exports cross $47 billion in 2025 on iPhone push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Visit of His Highness Sheikh Mohamed bin Zayed Al Nahyan, President of UAE to India
January 19, 2026
S.NoAgreements / MoUs / LoIsObjectives

1

Letter of Intent on Investment Cooperation between the Government of Gujarat, Republic of India and the Ministry of Investment of the United Arab Emirates for Development of Dholera Special Investment region

To pursue investment cooperation for UAE partnership in development of the Special Investment Region in Dholera, Gujarat. The envisioned partnership would include the development of key strategic infrastructure, including an international airport, a pilot training school, a maintenance, repair and overhaul (MRO) facility, a greenfield port, a smart urban township, railway connectivity, and energy infrastructure.

2

Letter of Intent between the Indian National Space Promotion and Authorisation Centre (IN-SPACe) of India and the Space Agency of the United Arab Emirates for a Joint Initiative to Enable Space Industry Development and Commercial Collaboration

To pursue India-UAE partnership in developing joint infrastructure for space and commercialization, including launch complexes, manufacturing and technology zones, incubation centre and accelerator for space start-ups, training institute and exchange programmes.

3

Letter of Intent between the Republic of India and the United Arab Emirates on the Strategic Defence Partnership

Work together to establish Strategic Defence Partnership Framework Agreement and expand defence cooperation across a number of areas, including defence industrial collaboration, defence innovation and advanced technology, training, education and doctrine, special operations and interoperability, cyber space, counter terrorism.

4

Sales & Purchase Agreement (SPA) between Hindustan Petroleum Corporation Limited, (HPCL) and the Abu Dhabi National Oil Company Gas (ADNOC Gas)

The long-term Agreement provides for purchase of 0.5 MMPTA LNG by HPCL from ADNOC Gas over a period of 10 years starting from 2028.

5

MoU on Food Safety and Technical requirements between Agricultural and Processed Food Products Export Development Authority (APEDA), Ministry of Commerce and Industry of India, and the Ministry of Climate Change and Environment of the United Arab Emirates.

The MoU provides for sanitary and quality parameters to facilitate the trade, exchange, promotion of cooperation in the food sector, and to encourage rice, food products and other agricultural products exports from India to UAE. It will benefit the farmers from India and contribute to food security of the UAE.

S.NoAnnouncementsObjective

6

Establishment of a supercomputing cluster in India.

It has been agreed in principle that C-DAC India and G-42 company of the UAE will collaborate to set up a supercomputing cluster in India. The initiative will be part of the AI India Mission and once established the facility be available to private and public sector for research, application development and commercial use.

7

Double bilateral Trade to US$ 200 billion by 2032

The two sides agreed to double bilateral trade to over US$ 200 billion by 2032. The focus will also be on linking MSME industries on both sides and promote new markets through initiatives like Bharat Mart, Virtual Trade Corridor and Bharat-Africa Setu.

8

Promote bilateral Civil Nuclear Cooperation

To capitalise on the new opportunities created by the Sustainable Harnessing and Advancement of Nuclear Energy for Transforming India (SHANTI) Act 2025, it was agreed to develop a partnership in advance nuclear technologies, including development and deployment of large nuclear reactors and Small Modular Reactors (SMRs) and cooperation in advance reactor systems, nuclear power plant operations and maintenance, and Nuclear Safety.

9

Setting up of offices and operations of UAE companies –First Abu Dhabi Bank (FAB) and DP World in the GIFT City in Gujarat

The First Abu Dhabi Bank will have a branch in GIFT that will promote trade and investment ties. DP World will have operations from the GIFT City, including for leasing of ships for its global operations.

10

Explore Establishment of ‘Digital/ Data Embassies’

It has been agreed that both sides would explore the possibility of setting up Digital Embassies under mutually recognised sovereignty arrangements.

11

Establishment of a ‘House of India’ in Abu Dhabi

It has been agreed in Principle that India and UAE will cooperate on a flagship project to establish a cultural space consisting of, among others, a museum of Indian art, heritage and archaeology in Abu Dhabi.

12

Promotion of Youth Exchanges

It has been agreed in principle to work towards arranging visits of a group of youth delegates from either country to foster deeper understanding, academic and research collaboration, and cultural bonds between the future generations.