PM Modi lays foundation for development projects in Janjgir, Chhattisgarh
PM Modi lays foundation stone for Bilaspur-Anuppur third rail track project
We are ensuring welfare of farmers through measures like Soil health Cards and Fasal Bima Yojana: PM Modi
We are committed to development for all, we want to ensure a roof over every head by 2022: PM
We are devoted to development and want to fulfill the aspirations of people, says PM Modi in Chhattishgarh

মঞ্চত উপৱিষ্ট ৰাজ্যপাল অধ্যাপক গণেশীলাল জী, ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা মোৰ বন্ধুবৰ শ্ৰীমান নবীন পাটনায়ক জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ শ্ৰীমান জুৱেল ওৰাম জী, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, সংসদৰ মোৰ সতীৰ্থ শ্ৰী সৎপতি জী, ইয়াৰ স্থানীয় বিধায়ক ব্ৰজকিশোৰ প্ৰদান জী আৰু মোৰ আদৰৰ ভাই-ভনীসকল।

ইয়াৰ পিছতেই মই আন এক বিশাল জনসভাত অংশগ্ৰহণ কৰিবলৈ যাব লাগিব, সেয়েহে ইয়াতেই সবিস্তাৰে সকলো কথা ব্যক্ত নকৰি চমু ভাষণেৰে এই শুভ মুহুৰ্তৰ প্ৰতি মোৰ আনন্দ ও প্ৰসন্নতা ব্যক্ত কৰিবলৈ লৈছো আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ সংকল্প গ্ৰহণেৰে উপস্থিত সকলোকে মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো।

এক প্ৰকাৰে মই এই কাৰ্যৰ পুনৰুদ্ধাৰ কৰাৰ সৌভাগ্য লাভ কৰিছো। কেবা দশক পূৰ্বে যি সপোন ৰচা হৈছিল, কিছু অভাৱ-অভিযোগ তথা বাধাৰ বাবে সেই সপোনক বাস্তৱত ৰূপায়িত কৰিব পৰা নগ’ল। আৰু ইয়াৰ লোকসকলেও এই প্ৰকল্পৰ পুনৰ্জীৱন সম্বন্ধে সকলো আশা এৰি দিছিল।

কিন্তু আমি সংকল্পবদ্ধ হলো যে নৱশক্তিৰে, ক্ষীপ্ৰময় নৱগতিৰে দেশক এক নতুন উচ্চতালৈ লৈ যাব লাগিব, আৰু সেই সংকল্পক সাকাৰ কৰিবৰ বাবে এনে অনেক বৃহৎ বৃহৎ প্ৰকল্প, যোজনা, পদক্ষেপ আদি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে, আৰিু সেইবোৰৰ বাবে লাগে সংকল্প শক্তি, ইচ্ছা শক্তি। আৰু এনেবোৰ কাৰকৰেই ফলশ্ৰুতিত প্ৰায় ১৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে আজি এই প্ৰকল্পৰ পুনৰুদ্ধাৰ কাৰ্য আৰম্ভ হৈছে।

এক সৰ্বাঙ্গসুন্দৰ ভাৰত গঢ়িবৰ বাবে এয়া হৈছে এক নৱতম প্ৰযুক্তি। Coal gasification ৰ দ্বাৰা ইয়াৰ ক’লা হীৰাক এক নতুন প্ৰযুক্তিৰ দ্বাৰা কেৱল এই অঞ্চলকেই নহয়, বৰঞ্চ সমগ্ৰ দেশকেই এক নতুন দিশৰ সন্ধান দিবলৈ সক্ষম হ’ব। আমাৰ দেশে বাহিৰৰ পৰা যি গেছ আমদানি কৰিবলগীয়া হৈছে, ইউৰিয়া আমদানি কৰিবলগীয়া হৈছে, এই আটাইবোৰ দিশৰ পৰাই মুক্তি লাভ কৰিব দেশে আৰু তাৰ যোগেদি দেশৰ ধন ৰাহি হ’ব।

এই ক্ষেত্ৰৰ যুৱক-যুৱতীসকলৰ বাবেও নিয়োগপ্ৰাপ্তিৰ সুবিধা হ’ব। প্ৰায় চাৰে চাৰি হাজাৰ লোক এই প্ৰকল্পৰ সৈতে জড়িত হ’ব আৰু ইয়াৰ চৌপাশেও ভালেমান ব্যৱস্থই বিকাশ লাভ কৰিব, যিবোৰ লাভ ইয়াত পোৱা যাব।

বিকাশৰ দিশবোৰ কেনেদৰে সলনি কৰিব পাৰি – নিয়ম-নীতি শুদ্ধ কৰিব লাগে, দেশৰ প্ৰতি নিজৰ মনোভাৱ সমৰ্পিত হ’ব লাগে, এনে কৰিলে ফলাফলো উত্তমেই হ’ব। আমাৰ দেশত নৱৰত্ন, মহাৰত্ন, ৰত্ন আদি নামেৰে ভালেমান চৰকাৰী ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ বিষয়ে হোৱা আলোচনাৰ বিষয়ে মই শুনি আহিছো। কেতিয়াবা ভাল খবৰ, কেতিয়াবা বেয়া খবৰ আহিয়েই থাকে। কিন্তু সেই আটাইবোৰক একেলগ কৰি, এক নৱশক্তিলৈ ৰূপান্তৰিত কৰি কেনেদৰে কোনো প্ৰকল্পক আগবঢ়াই নিব পৰা যায়, তেন্তে ই এনে এক অনন্য উদাহৰণ প্ৰতিষ্ঠা কৰিব যেতিয়া দেশৰ এই ৰত্নসমূহক একেলগ কৰি, মহাৰত্নসমূহক একেলগ কৰি এই প্ৰকল্পৰ দায়িত্বভাৰ গ্ৰহণ কৰিব, তেতিয়া সেই প্ৰতিষ্ঠানসমূহৰ বিশেষত্ব, বিশেষজ্ঞ, সেইবোৰৰ ধন আদি এই কামত প্ৰয়োগ কৰা হ’ব আৰু উৰিষ্যাৰ জীৱনগাথাক আৰু দেশর কৃষকসকলৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ কাৰণ হৈ উঠিব।

মোক কোৱা হৈছে, কাৰণ মই এনেধৰণৰ প্ৰকল্পসমূহলৈ যেতিয়াই যাওঁ, তেতিয়াই সুধো, উৎপাদনৰ তাৰিখ মোক জনাওঁকচোন! তেওঁলোকে মোক ৩৬ মাহৰ প্ৰয়োজন হোৱা কথাটো অৱগত কৰিছে। সেই অনুসৰি মই আপোনালোকক আশ্বাস দিছো যে আজিৰ পৰা ৩৬ মাহ পিছত এই ঠাইলৈ, আপোনালোকৰ মাজলৈ মই পুনৰ আহিম আৰু এই প্ৰকল্প মুকলিও আপোনালোকৰ মাজতেই কৰিম। এই বিশ্বাসেৰে মই পুনৰ এবাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো।

অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”