পাৰাদীপ শোধনাগাৰত ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ মনো ইথিলিন গ্লাইকল প্ৰকল্প উদ্বোধন
পাৰাদীপত ০.৬ এমএমটিপিএ এলপিজি আমদানিৰ সুবিধা আৰু পাৰাদীপৰপৰা হালদিয়ালৈ ৩৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰডাক্ট পাইপলাইন উদ্বোধন
আইআৰইএল(আই) লিমিটেডৰ ওড়িশা ছেণ্ডছ কমপ্লেক্সত ৫ এমএলডি ক্ষমতাসম্পন্ন সাগৰীয় পানী ডিচেলাইনেচন প্লান্ট উদ্বোধন
একাধিক ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
একাধিক পথ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা
“আজিৰ প্ৰকল্পসমূহে দেশৰ পৰিৱৰ্তিত কৰ্ম সংস্কৃতিকে প্ৰদৰ্শন কৰিছে”
“আজি দেশত এখন চৰকাৰে বৰ্তমানৰ প্ৰয়োজনীয়তাৰ প্ৰতি সচেতন হৈ এখনি উন্নত ভাৰতৰ অংগীকাৰ গ্ৰহণেৰে ভৱিষ্যতৰ বাবে কাম কৰি আছে”
এই প্ৰকল্পসমূহ তেল আৰু গেছ, ৰেলৱে, পথ, পৰিবহণ আৰু ঘাইপথ তথা পাৰমাণৱিক শক্তিকে প্ৰমুখ্য কৰি একাধিক খণ্ডৰ সৈতে জড়িত।

ওড়িশাৰ ৰাজ্যপাল শ্ৰীমান ৰঘুবৰ দাস জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান নবীন পাটনায়ক জী, মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, বিশ্বেশ্বৰ টুডু জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল৷

জয় জগন্নাথ৷

 

আজি ভগৱান জগন্নাথ আৰু মাতৃ বিৰজাৰ আশীৰ্বাদত জজপুৰ আৰু ওড়িশাত উন্নয়নৰ এক নতুন ধাৰা ব’বলৈ আৰম্ভ কৰিছে। আজি বিজু বাবু জীৰো জন্ম বাৰ্ষিকী। ওড়িশাৰ উন্নয়ন আৰু দেশৰ উন্নয়নত বিজু বাবুৰ অৱদান অতুলনীয়। সকলো দেশবাসীৰ হৈ শ্ৰদ্ধাৰ বিজু বাবুক শ্ৰদ্ধাঞ্জলি আৰু প্ৰণিপাত জনাইছো।

বন্ধুসকল,

আজি ইয়াত ২০ হাজাৰ কোটি টকাৰ বৃহৎ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আৰু পাৰমাণৱিক শক্তিৰ সৈতে জড়িত আঁচনিয়েই হওক, পথ, ৰে’ল আৰু পৰিবহণৰ সৈতে জড়িত আঁচনিয়েই হওক, এই উন্নয়নমূলক কামবোৰে ইয়াত ঔদ্যোগিক কাম-কাজ বৃদ্ধি কৰিব আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই প্ৰকল্পসমূহৰ বাবে ওড়িশাৰ সকলো জনসাধাৰণক অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি দেশত এখন চৰকাৰ আছে, যি বৰ্তমান আৰু উন্নত ভাৰতৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি ভৱিষ্যতৰ বাবেও কাম কৰি আছে। শক্তিৰ ক্ষেত্ৰত আমি ৰাজ্যসমূহৰ, বিশেষকৈ পূব ভাৰতৰ সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰিছো। উৰ্জা গংগা প্ৰকল্পৰ অধীনত ৫খন বৃহৎ ৰাজ্য – উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু ওড়িশাত প্ৰাকৃতিক গেছৰ যোগানৰ বাবে বৃহৎ প্ৰকল্প চলি আছে। আজি এই পাৰাদ্বীপ-সোমনাথপুৰ-হালদিয়া পাইপলাইনটোও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হৈছে। আজি পাৰাদ্বীপ শোধনাগাৰত প্ৰাকৃতিক গেছ প্ৰক্ৰিয়াকৰণৰ এটা ইউনিট উদ্বোধন কৰা হৈছে। পাৰাদ্বীপ শোধনাগাৰতো মনো ইথিলিন গ্লাইকলৰ নতুন উদ্যোগ উদ্বোধন কৰা হৈছে। ইয়াৰ দ্বাৰা পূব ভাৰতৰ পলিয়েষ্টাৰ উদ্যোগত এক নতুন বিপ্লৱৰ সুচনা কৰিব৷ এই প্ৰকল্পৰ জৰিয়তে ভদ্ৰক আৰু পাৰাদ্বীপত নিৰ্মাণ হৈ থকা বস্ত্ৰ উদ্যানসমূহলৈও কেঁচামাল সহজে উপলব্ধ হ’ব।

বন্ধুসকল,

আজিৰ এই অনুষ্ঠানটো আমাৰ দেশত বিগত বছৰবোৰত কৰ্ম সংস্কৃতিৰ কিমান দ্ৰুত পৰিৱৰ্তন ঘটিছে তাৰ স্বীকৃতি। পূৰ্বৰ চৰকাৰসমূহে সময়মতে প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ আগ্ৰহী নাছিল। আনহাতে আমাৰ চৰকাৰেও যিটো প্ৰকল্পৰ বাবে ভেটি স্থাপন কৰিছে, সেই প্ৰকল্পটো দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে। ২০১৪ চনৰ পিছত দেশত এনে বহু প্ৰকল্প সম্পূৰ্ণ হৈছে, যিবোৰ আবদ্ধ হৈ আছিল,  সম্পূৰ্ণ নোহোৱাকৈ আছিল আৰু বিপথেও পৰিচালিত হৈছিল। ২০০২ চনত পাৰাদ্বীপ শোধনাগাৰৰ আলোচনাও আৰম্ভ হৈছিল। কিন্তু ২০১৩-১৪ চনলৈকে একো হোৱা নাছিল। আমাৰ চৰকাৰেই পাৰাদ্বীপ শোধনাগাৰৰ কাম সম্পূৰ্ণ কৰিলে। আজি নিজেই তেলেংগানাৰ সংগাৰেডীত পৰাদ্বীপ-হায়দৰাবাদ পাইপলাইন প্ৰকল্প উদ্বোধন কৰিলোঁ। ৩ দিন পূৰ্বে পশ্চিমবংগৰ আৰামবাগত হালদিয়াৰ পৰা বাৰাউনীলৈ ৫০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ খাৰুৱা তেলৰ পাইপলাইন আৰম্ভ হৈছে।

 

বন্ধুসকল,

পূব ভাৰতত অপৰিসীম প্ৰাকৃতিক সম্পদেৰে ধন্য হৈছে। আমাৰ চৰকাৰে এই সম্পদসমূহ, ওড়িশাৰ দৰে ৰাজ্যৰ বিৰল খনিজ সম্পদ, নিজৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিছে। আজি গঞ্জাম জিলাত এটা ডিচেলাইনেচন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা ওড়িশাৰ হাজাৰ হাজাৰ লোক উপকৃত হ’ব। এই প্ৰকল্পৰ জৰিয়তে প্ৰতিদিনে ৫০ লাখ লিটাৰ নিমখীয়া পানী খোৱাৰ যোগ্য কৰি তুলিব৷

বন্ধুসকল,

ওড়িশাৰ সম্পদ আৰু ৰাজ্যখনৰ ঔদ্যোগিক শক্তি আৰু অধিক বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰেও ইয়াত আধুনিক সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যোৱা ১০ বছৰত এই দিশত অভূতপূৰ্ব কাম কৰা হৈছে। যোৱা ১০ বছৰত আমি ওড়িশাত প্ৰায় ৩ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছো আৰু ৰে’লৱেৰ বাজেট প্ৰায় ১২গুণ বৃদ্ধি কৰিছো। ৰেল, ঘাইপথ আৰু বন্দৰ সংযোগৰ উন্নতিৰ বাবে জাজপুৰ, ভদ্ৰক, জগতসিংপুৰ, ময়ুৰভঞ্জ, খোৰ্ধা, গঞ্জাম, পুৰী আৰু কেন্দুঝাৰ জিলাত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰা হৈছে। এতিয়া আংগুল-সুকিন্দা নতুন ৰে’লপথৰ সুবিধাও ইয়াৰ ৰাইজৰ বাবে উপলব্ধ হৈ পৰিছে। ইয়াৰ ফলত কলিংগনগৰ ঔদ্যোগিক এলেকাৰ সম্প্ৰসাৰণৰ পথ মুকলি হৈছে। কেন্দ্ৰীয় চৰকাৰে ওড়িশাৰ উন্নয়নৰ বাবে ইমান দ্ৰুত গতিত কাম কৰি যাব। বিজু বাবুক জন্ম বাৰ্ষিকীত পুনৰ এবাৰ শ্ৰদ্ধাৰে সোঁৱৰাই আপোনালোক সকলোকে উন্নয়নমূলক কামৰ বাবে অভিনন্দন জনাইছো।

জয় জগন্নাথ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India