Youngsters are filled with energy and enthusiasm... What they need is encouragement, mentorship and institutional support: PM Modi 
Intent leads to ideas, ideas have the power to drive innovation and innovation ultimately will lead to the creation of a New India: PM Modi 
Never stop dreaming and never let the dreams die. It is good for children to have high curiosity quotient: PM 
Need of the hour for is to innovate and come up with solutions to the problems the world faces. Innovate to transform lives of the commons: PM Modi to youngsters 
Thank PM of Israel for the desalinisation motorable machine, it will benefit people in border areas: PM Modi

মাননীয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী বেঞ্জামিন নেতান্যাহু, শ্ৰীমতী চাৰা নেতান্যাহু, গুজৰাটৰ মূখ্যমন্ত্ৰী শ্ৰীমান বিজয় ৰূপানী জী, উপ-মূখ্যমন্ত্ৰী শ্ৰী নীতিন পেটেল জী, আই ক্ৰিয়েট কেন্দ্ৰৰ লগত জড়িত সকলো বুদ্ধিজীৱি, উদ্ভাৱক, গৱেষক তথা ইয়াত উপস্থিত ভাতৃ-ভগ্নীসকল আৰু মোৰ নৱপ্ৰজন্মৰ বন্ধুসকল,

আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আমাৰ নৱপ্ৰজন্মৰ উদ্ভাৱকসকলৰ বাবে এক প্ৰতিষ্ঠান আগবঢ়াবলৈ পাই মই অতি সুখী হৈছো।তেওঁ গুজৰাটলৈ মোৰ আমন্ত্ৰণ ৰক্ষা কৰি পৰিয়ালৰ সৈতে আহিছে, ইয়াৰ আগতে তেখেতে সবৰমতী আশ্ৰমো দৰ্শন কৰিলে, পূজ্য বাপুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে, চিলাও উৰুৱালে।

মই যোৱাবছৰ ইজৰাইললৈ যাওঁতেই মন বান্ধি লৈছিলো যে এই প্ৰতিষ্ঠানৰ লগত ইজৰাইলৰ এক ঘনিষ্ঠ সম্পৰ্ক থাকিবই লাগিব আৰু তেতিয়াৰে পৰাই বন্ধু প্ৰধানমন্ত্ৰী শ্ৰী নেতান্যাহু ভাৰতলৈ আহিবলৈ বাট চাই আছিলো। মই অতি সুখী যে তেওঁ কেৱল গুজৰাটলৈ অহাই নহয়, তেখেতৰ উপস্থিতিত এই প্ৰতিষ্ঠানৰ লোকাৰ্পণ কৰিব পাৰিছো। মই প্ৰধানমন্ত্ৰী শ্ৰী নেতান্যাহু আৰু প্ৰতিনিধিবৰ্গক পুনৰ আদৰণি জনাইছো। 

আজি আমি আই ক্ৰিয়েট কেন্দ্ৰ মুকলি কৰাৰ সময়ত প্ৰফেছাৰ এন বি বসানীক স্মৰণ কৰিব খুজিছো, এই প্ৰতিষ্ঠানক আজিৰ ৰূপ দিয়াৰ আৰম্ভণিৰ কামখিনিৰ দায়িত্ব তেওঁ পালন কৰিছিল। কিন্তু তেঁও অকালতে আমাক এৰি গ’ল।

কৃষক এজনে সৰু পুলি এটা ৰুৱে আৰু অনাগত কেইবাটাও প্ৰজন্মই তাৰ ফল খায়। আৰু সেই কৃষকজনৰ আত্মা যতেই নাথাকক কিয়, তাক দেখি তেওঁ নিশ্চয় সন্তুষ্টি লাভ কৰে। আজি আই ক্ৰিয়েট কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানে আমাকো তেনে এক অনুভৱেই দিছে। সৰু এক পুলিয়ে আজি বটবৃক্ষৰ ৰূপ পাইছে।

আমি সকলোৱে জানো যে কেৱল ভাৰততে নহয়, ফাৰ্মাচিটিকেল ক্ষেত্ৰত গুজৰাটৰ নাম সমগ্ৰ বিশ্বতে সকলোৱে জানে। কিন্তু বহুত কম মানুহেহে তাৰ পটভূমিৰ কথা গম পায়। আজিৰ পৰা ৫০-৬০ বছৰৰ পূৰ্বে কেইজনমান দূৰদৃষ্টিসম্পন্ন উদ্যোগপতিৰ প্ৰয়াসত ফাৰ্মাচি কলেজ প্ৰতিষ্ঠা হৈছিল, যি দেশৰ ভিৰতে প্ৰথম আছিল আৰু সেই কলেজে আহমেদাবাদত ফাৰ্মাচিটিকেল ক্ষেত্ৰৰ এক নতুত ইক’ চিষ্টেম প্ৰতিষ্ঠা কৰিলে। 

মোৰ মনত আছে প্ৰথম যেতিয়া আই ক্ৰিয়েট কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিলো তেতিয়াই কৈছিলো যে ইয়াৰ লগত ইজৰাইলৰ সম্পৰ্ক মই কৰিব খুজিছো। মোৰ লক্ষ্য আছিল যে ইজৰাইলৰ অভিজ্ঞতাৰদ্বাৰা আমাৰ নৱপ্ৰজন্ম যাতে লাভান্বিত হ’ব পাৰে।  ইজৰাইলৰ প্ৰযুক্তি তথা সৃষ্টিশীলতাই সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰি আহিছে।  

পানী সংৰক্ষণ, কৃষি, কৃষিজাত সামগ্ৰী অধিক সময়লৈকে সংৰক্ষণ, খাদ্য প্ৰক্ৰিয়াকৰণ, মৰু তথা খৰাংপীড়িত অঞ্চলত কৃষি, চাইবাৰ সুৰক্ষা – এনে বহু বিষয় আছে, য’ত ভাৰত আৰু ইজৰাইলৰ সহযোগিতা সম্ভৱ।

পৰম্পৰা আৰু উদ্ভাৱনাৰ মাজত সদায়ে একধৰণৰ ব্যৱধান দখিবলৈ পোৱা যায়। কোনোবাই নতুন কিবা কৰিবলৈ গ’লে মানুহো প্ৰথমে তেওঁক ধেমালি কৰি উৰুৱাই দিব খোজে। বহুলোকেই কালিদাসৰ ‘মেঘদূত’ আৰু ‘শকুন্তলা’ৰ কথা জানে, কিন্তু অতি কম লোকেহে কালিদাসে পৰম্পৰা আৰু উদ্ভাৱনাৰ মাজৰ ব্যৱধানৰ বিষয়ে কৈ যোৱা কথাষাৰ জানে। তেওঁ কৈছিল যে কেনো বস্তু পুৰণা মানেই যে ভাল হ’ব সেই কথা নহয়, নতুন বস্তুও তাতকৈ ভাল হ’ব পাৰে। বুদ্ধিমান ব্যক্তিয়ে সকলো বস্তু চালি জাৰি চাইহে লয় আৰু মূৰ্খই আনৰ কথা শুনি সিদ্ধান্ত লয়।  

বন্ধুসকল, আমাৰ বিজ্ঞানীসকলৰ ইমান দক্ষতা যে যিমান ধনেৰে হলিউডৰ চিনেমা নিৰ্মাণ কৰে তাতকৈ কম ধনেৰে মঙ্গলযান নিৰ্মাণ কৰি মঙ্গল গ্ৰহ পোৱালেগৈ। আজি চাৰিদিনৰ আগতে শতাধিক কৃত্ৰিম উপগ্ৰহ নিৰ্মাণৰ অভিলেখ কৰিলে। এনে সফলতা এনেয়ে নাহে। তাৰ অন্তৰালত বহুত নিষ্ঠা, একাগ্ৰতা, পৰিশ্ৰম আৰু সপোন নিহিত হৈ থাকে। সেই সকলোবোৰ গুণ ভাৰতীয় যুৱপ্ৰজন্মৰ মাজত উভৈনদী হৈ আছে বুলি মই অনুভৱ কৰো।

ভাতৃ-ভগ্নীসকল, আপোনালোকে মন কৰিছেনে যে আই ক্ৰিয়েট কেন্দ্ৰ লিখোতে ‘আই’টো সৰুকৈ লিখা হৈছে, ‘আই’ বা ‘মই’ টোত ইয়াত গুৰুত্ব দিয়া হোৱা নাই। অতি সচেতনভাৱে এই সিদ্ধান্ত লোৱা হৈছে যাতে অহংকাৰৰ ভাৱটো ইয়াত নাহে। আজি আমাৰ যুৱশক্তিয় দেশৰ সমস্যাসমূহৰ সমাধান কৰিবলৈ উদ্ভাৱন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কম খৰচত সাধাৰণ মানুহৰ জীৱনধাৰণৰ মান উন্নত কৰি তুলিব পৰাকৈ উদ্ভাৱন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। মেলেৰিয়া ৰোগক যদি আমি সমস্যা বুলি কওঁ, তাৰ পৰা দৰিদ্ৰসকলে কেনেকৈ পৰিত্ৰাণ পাব পাৰে সেই কথা চিন্তা কৰি উদ্ভাৱন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। সমস্যাৰ সমাধানৰ বাবে উদ্ভাৱন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।  

আজি দেশত স্বচ্ছ ভাৰতৰ বিশাল অভিযান চলি আছে। তাৰ বাবে আমি উদ্ভাৱনীমূলক কাম কিছুমান হাতত ল’ব পাৰো। পেলনীয়া সামগ্ৰীক সম্পদলৈ ৰূপান্তৰৰ দিশতো উদ্ভাৱনাৰ অপাৰ সম্ভাৱনীয়তা আছে। তাৰবাবে কিছু পৰিমাণৰ দূৰদৃষ্টিৰো প্ৰয়োজন। আৰু আই ক্ৰিয়েট কেন্দ্ৰৰ দৰে প্ৰতিষ্ঠানে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব পাৰে। 

এই কথাবোৰে মনত ৰাখি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰপৰা ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’, ‘ষ্টেণ্ড আপ ইণ্ডিয়া’, ‘মূদ্ৰা’ আদি অনেক যোজনা চলাই থকা হৈছে। চৰাকাৰে ‘অটল উদ্ভাৱনী অভিযান’ৰ যোগেদি দেশত ২৪০০ কৈও অধিক ‘অটল টিংকাৰিং লেৱ’ৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰদ্বাৰা আমি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনী শক্তিক আধুনিক পৰিৱেশত পৰীক্ষা কৰাৰ এক উমৈহতীয়া মঞ্চ তৈয়াৰ কৰাৰ প্ৰয়াস কৰিছো। 

যোৱাবছৰ মোৰ ইজৰাইল ভ্ৰমণৰ সময়ত ৪০ নিযুত মাৰ্কিন ডলাৰৰ এক পূঁজি স্থাপন কৰা হৈছিল, যি ভাৰত আৰু ইজৰাইলৰ যুটীয়া প্ৰয়াস আছিল। ইয়াৰ পৰা দুয়োখন দেশৰে প্ৰতিভাৱানসকলে প্ৰযুক্তি ক্ষেত্ৰত উদ্ভাৱনীমূলক কাম হাতত লোৱাত সহায় হ’ব। ইয়াৰদ্বাৰা খাদ্য, পানী, স্বাস্থ্যসেৱা তথা শক্তিৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়া হ’ব।  

মই ইজৰাইলৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাব খুজিছো তেখেতে যোৱা বছৰ মোৰ ভ্ৰমণৰ সময়ত সমূদ্ৰৰ পানী পৰিষ্কাৰ কৰা যন্ত্ৰ দেখুৱাইছিল। মই সেই ব্যৱস্থা এতিয়া বনাসকাঠা গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলত কৰিছো। তাৰদ্বাৰা সীমা সুৰক্ষা বলত কৰ্মৰত জোৱান তথা ওচৰ-পাজৰৰ গাওঁসমূহৰ লোকে বিশুদ্ধ খোৱাপানীৰ যোগান পাইছে।

ভাতৃ-ভগ্নীসকল, মই জনাবলৈ পাই সুখী হৈছো যে ইজৰাইলৰ লগত কৃষি ক্ষেত্ৰত আমাৰ সম্পৰ্ক অতি মজবুত। তেওঁলোকৰপৰা আমি সামৰ্থ বৃদ্ধি, তথ্য আৰু জেনেটিক সম্পদৰ আদান প্ৰদানাৰ ক্ষেত্ৰত সহায় লাভ কৰিছো। তেওঁলোকৰ সহায়তে কৃষিক্ষেত্ৰৰ ২৮ টাৰ ভিতৰত ২৫ টা ‘চেন্টাৰ ফৰ এক্সেলেন্স’ ইতিমধ্যে স্থাপিত হৈছে আৰু তাৰে তিনিটা গুজৰাটত স্থাপিত হৈছে। 

একবিংশ শতিকাত দুয়োখন দেশৰ এই মানৱীয় সংযোগে এক নতুন ইতিহাস ৰচনা কৰিব। আমাৰ পাৰস্পৰিক সংস্কৃতিৰ প্ৰতি সন্মানে আমাৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব। সংখ্যাত কম হ’লেও ইজৰাইলৰ ঈহুদী সম্প্ৰদায়ৰ মানুহ আহমেদাবাদৰ আশে পাশে সমিলমিলেৰে বাস কৰি আছে। গুজৰাটৰ ইতিহাস, সংস্কৃতিৰপৰা তেওঁলোকক নিলগাই থ’ব নোৱাৰি। ভাৰতত ইজৰাইলৰ সম্বন্ধৰ বিস্তাৰ অধিক হওক, তাকে কামনা কৰি মোৰ ভাষণ সামৰিব খুজিছো।  

শ্ৰী নাৰায়ণ মূৰ্ত্তি জী, শ্ৰী দিলীপ সাংভি জীকে ধৰি আই ক্ৰিয়েট কেন্দ্ৰ স্থাপনৰ লগত জড়িত প্ৰতিজনে বহুত সময় ইয়াত দিছে। মই আশা কৰিছো যে ইয়াৰ ফলত এক সৃষ্টিশীল পৰিৱেশৰ সূচনা হ’ব আৰু সি নৱপ্ৰজন্মক উদ্ভাৱনৰ প্ৰতি আকৰ্ষিত কৰিব। মই প্ৰধানমন্ত্ৰী শ্ৰী নেতান্যাহু, শ্ৰীমতী চাৰা জীক ধন্যবাদ জনাইছো। আমাৰ বন্ধুত্ব আমাৰ বাবে শক্তি হওক।

মই পুনৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আই ক্ৰিয়েট কেন্দ্ৰক শুভকামনা জ্ঞাপন কৰিছো। ধন্যবাদ।   

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to brave soldiers on Kargil Vijay Diwas
July 26, 2026

Prime Minister Shri Narendra Modi today stated that on Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India.

The Prime Minister noted that their valour in the face of the most formidable conditions will forever remain a source of national pride. He observed that their unwavering patriotism and devotion to duty will continue to inspire generations.

In a post on X, the Prime Minister shared:

"On Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India. Their valour in the face of the most formidable conditions will forever remain a source of national pride. Their unwavering patriotism and devotion to duty will continue to inspire generations."