কেৰালাৰ প্ৰিয় ভাই-ভনীসকল,

 

ঈশ্বৰৰ নিজৰ দেশলৈ আহিবলৈ পাই ধন্য হৈছো। আস্থামুদিলেকৰ তীৰত থকা এই কোল্লামলৈ আহি মই যোৱাবছৰ ইয়াত হোৱা সংহাৰী বানৰ পিছত ইয়াৰ জনজীৱনলৈ স্বাভাৱিক ছন্দ উভতি অহাটো অনুমান কৰিব পাৰিছো। কিন্তু কেৰালাৰ পুনৰ্নিমাণৰ বাবে আমি আৰু অধিক পৰিশ্ৰম কৰিব লাগিব।

 

৬৬ ৰাষ্ট্ৰীয় ঘাইপথত এই বাইপাছ নির্মাণৰ কাম শেষ হোৱাত আপোনালোক সকলোকে অভিনন্দন জনাইছো। এই বাইপাছটোৱে জনসাধাৰণৰ যাতায়াতক আৰু অধিক সুগম কৰি তুলিব। দেশৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱনধাৰণৰ মান উন্নত কৰিবৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ। আমি ‘চবকা সাথ, চবকা বিকাশ’ (সকলোৰে সৈতে, সকলোৰে বিকাশ) – এই মন্ত্রত বিশ্বাসী। প্ৰতিশ্ৰুতি পূৰণ কৰি আমাৰ চৰকাৰে এই বাইপাছটো নিৰ্মাণৰ এই বৃহৎ প্ৰকল্পটোলৈ বিগত ২০১৫ চনৰ জানুৱাৰী মাহতে যাৱতীয় অনুমোদন জনাইছিল। মই আজি অতিকৈ আনন্দিত যে, ৰাজ্য চৰকাৰৰ সুন্দৰ অৱদান আৰু সহযোগিতাৰে আমি এই প্রকল্পটো কার্যকৰীভাৱে সম্পাদন কৰি উলিয়াবলৈ সক্ষম হৈছো। ২০১৪ চনৰ মে’ মাহত আমাৰ চৰকাৰ ক্ষমতাৰৈ অহাৰ পিছৰে পৰা আমি কেৰালাৰ সামগ্ৰিক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰ দিছো। ভাৰতমালা আঁচনিৰ অধীনত মুম্বাই – কন্যাকুমাৰী কৰিডৰ নির্মাণৰ বাবে বিস্তৃত প্রকল্প প্ৰ্তিবেদন প্ৰস্তুতিৰ কামো ক্ষীপ্ৰতাৰে আগবাঢ়িছে। ইয়াৰ উপৰিও বিভিন্ন পৰ্যায়ত আছে অন্যান্য ভালেমান প্ৰকল্প ৰূপায়নৰ কাম।

 

আমাৰ দেশত, আমি সততে দেখো যে বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্প বিভিন্ন কাৰণত ঘোষণাৰ পিছতেই বন্ধ হৈ পৰি ৰয়। অধিক পলম হোৱা আৰু ব্যয়ৰ বাবেই যথেষ্ট ৰাজহুৱা ধনৰ অপচয় হয়। আমি সেয়েহে সিদ্ধান্ত লৈছো যে জনতাৰ ধন অপচয়ৰ এই ধৰণৰ সংস্কৃতি আৰু চলিবলৈ দিয়া নহ’ব। প্রগতিৰ মাধ্যমেৰে আমি এনেদৰে স্থগিত থকা বা বিভিন্ন কাৰণত বন্ধ হৈ থকা বিভিন্ন প্ৰকল্পসমূহৰ ৰূপানৰ কাম ত্বৰান্বিত কৰি এনেধৰণৰ একাধিক বাধা-বিপত্তি আঁতৰোৱাৰ চেষ্টা চলাইছো।

 

প্ৰতিমাহৰ অন্তিমটো বুধবাৰে ভাৰত চৰকাৰৰ সকলো বিভাগৰেই সচিব আৰু ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিবসকলৰ সৈতে মই বৈঠকত বহো আৰু তেনেধৰণৰ পলম হৈ থকা বিভিন্ন প্ৰকল্পৰ বুজ লওঁ।

|

এই বৈঠকতেই মই ভালেমান সময়ত আশ্চৰ্যচকিত হৈছো যে এনে বহুতো প্ৰকল্প সুদীৰ্ঘ ২০-৩০ বছৰ ধৰি পৰিত্যক্ত হৈ পৰি আছে। এনেদৰে দীৰ্ঘদিন ধৰি একোটা প্ৰকল্পৰ কাম অসম্পূৰ্ণকৈ পেলাই ৰাখি সৰ্ব্সাধাৰণ জনতাক ইয়াৰ সা-সুবিধাৰ পৰা বঞ্চিত কৰাটো এক অপৰাধতকৈ কোনো কম নহয়। এই পৰ্যন্ত প্ৰগতিৰ অধীনত মই ২৫০ তকৈও অধিক প্ৰকল্পৰ পুনৰীক্ষণ কৰিছো, বুজ লৈছো, যাৰ ব্যয়ৰ পৰিমাণ প্ৰায় ১২ কোটি টকা।

 

বন্ধুসকল, অটলজীয়ে সদায়েই যোগাযোগৰ শক্তিৰ ওপৰত বিশ্বাস কৰিছিল আৰু আমি তেওঁৰ সেই বিশ্বাসকেই, তেওঁৰ সেই দৰ্শনকেই আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছো। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গ্ৰাম্য পথসমূহলৈ নিৰ্মাণ কাৰ্যৰ ক্ষীপ্ৰতা পূৰ্বৰ চৰকাৰৰ তুলনাত প্ৰায় দুগুণ বৃদ্ধি কৰা হৈছে।

আমি যেতিয়া চৰকাৰ গঠন কৰিছিলো, তেতিয়া মাত্ৰ দেশৰ ৫৬ শতাংশ পৰিয়ালকহে পথৰ দ্বাৰা সংযোজিত হৈ আছিল। আৰু আজি দেশৰ ৯০ শতাংশ গ্ৰামীণ পৰিয়ালেই পথৰ সুন্দৰ সুবিধা লাভ কৰিছে, অৰ্থাৎ তেওঁলোকক এই যোগাযোগৰ অনবদ্য ধাৰাৰে সংযোজিত কৰা হৈছে। মই নিশ্চিত যে অতিশীঘ্ৰেই আমি এই পৰিমাণ ১০০ শতাংশ কৰিবলৈও সক্ষম হ’ম।

 

পথ নিৰ্মাণ খণ্ডত মোৰ চৰকাৰে ৰে’লপথ, জলপথ আৰু আকাশীপথ সকলোতেই অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ইতিমধ্যেই বাৰাণসীৰ পৰা হালদিয়ালৈ জলপথৰ কাম আৰম্ভ কৰা হৈছে। মই সুনিশ্চিত কৰিম যে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সুন্দৰ বাতাবৰণ, এক সুন্দৰ পৰিৱেশ সংৰক্ষণ কৰি যোৱাৰ লগতে যাতায়তৰ এক সুচল ব্যৱস্থাও কৰি যাব পাৰিম। বিগত চাৰিটা বৰ্ষত আঞ্চলিক আকাশী যোগাযোগ ব্যৱস্থাতো ব্যাপক উত্তৰণ দেখা গৈছে। ইফালে ৰে’ল লাইনৰ বিদ্যুৎ সংযোগ তথা নতুন ৰে’ল লাইন স্থাপনৰ গতিও দুগুণে বৃদ্ধি হৈছে। ইয়াৰ ফলত কৰ্মসংস্থাপন বা নিয়োগৰ সুবিধাও বৃদ্ধি হৈছে।

 

আমি যেতিয়া পথ আৰু দলং আমি নিৰ্মাণ কৰো তেতিয়া আমি কেৱল চহৰ আৰু গাওঁ সংযোগ নকৰো, তাৰ লগে লগে আমি মানুহৰ প্ৰত্যাশা আৰু আনন্দ-সুবিধাকো চামিল কৰো।

 

মোৰ প্ৰতিজ্ঞা হৈছে মোৰ দেশৰ প্ৰতিগৰাকী নাগৰিকৰে সামগ্ৰিক উন্নয়ন। শাৰীটোৰ অন্তিমগৰাকী লোক মোৰ বাবে সদায়েই অগ্ৰাধিকাৰযোগ্য। মোৰ চৰকাৰে মীণ খণ্ডৰ বাবে ৭৫০০ কোটি টকাৰ এক নতুন পুঁজিও আবণ্টন দিছে।

 

আয়ুষ্মান ভাৰতৰ অধীনত প্ৰতিটো পৰিয়াললৈ প্ৰতিবছৰে ৫ লাখকৈ টকাৰ এক নগদবিহীন চিকিৎসা বীমাৰ সুবিধা প্ৰদান কৰিছো, এই সুবিধা বিশেষকৈ দৰিদ্ৰলোকসকলৰ বাবে উপলব্ধ কৰোৱা হৈছে। এই পৰ্যন্ত এই আঁচনিৰ সুবিধা লাভ কৰিছে ৮ লাখৰো অধিক ৰোগীয়ে। ইফালে চৰকাৰে এই আঁচনিৰ বাবেই এই পৰ্যন্ত ১১০০ কোটিতকৈও অধিক ধন মোকলাই দিছে। মই কেৰালা চৰকাৰক অনুৰোধ জনাইছো যে তেওঁলোকেও যেন এই আঁচনিখন ৰাজ্যখনত কাৰ্যকৰী কৰে, যাতে কেৰালাৰ জনসাধাৰণেও এই আঁচনিৰ সুবিধাসমূহ আহৰণ কৰিব পাৰে।

পৰ্যটন হৈছে কেৰালাৰ অৰ্থনৈতিক উন্নয়নৰ এক হলমাৰ্কস্বৰূপ। কেৱল সেয়াই নহয়, ৰাজ্যখনৰ অৰ্থনীতিত এই শিল্পৰ আছে অনবদ্য অৱদান। আমাৰ চৰকাৰে পর্যটন ক্ষেত্রৰ বিকাশৰ বাবে বিভিন্ন ধৰণৰ কাম কৰিছে, উদ্যোগ হাতত লৈছে, যাৰ সুফল ইতিমধ্যেই দেশে পাবলৈ আৰম্ভ কৰিছে।বিশ্ব ভ্ৰমণ আৰু পৰ্যটন সংসদৰ ২০১৮ বৰ্ষৰ নতুন পাৱাৰ ৰেংকিংৰ প্ৰতিবেদনত ভাৰতে পর্যটন বিকাশৰ ক্ষেত্রত তৃতীয় স্থান লাভ কৰিছে। পর্যটন ক্ষেত্রত এনে এক বৃহৎ সাফল্যই দেশৰ সমগ্র পর্যটন ক্ষেত্রক আৰু অধিক উৎসাহিত কৰিব।

 

উল্লেখ্য যে বিশ্ব অৰ্থনীতি ফ’ৰামৰ ভ্ৰমণ আৰু পৰ্যটন প্ৰতিযোগিতা সূচাংকত ভাৰতৰ ৰেংকিং ৬৫ ৰ পৰা ৪০ লৈ উত্তৰণ ঘটিছে।

|

ইয়াৰ উপৰিও ২০১৩ চনত ভাৰতলৈ অহা পৰ্যটকৰ সংখ্যা ৭০ লাখ থকাৰ বিপৰীতে ২০১৭ চনত এই সংখ্যা বৃদ্ধি হৈ প্ৰায় ১ কোটিৰ সীমা চুইছে। অৰ্থাৎ পৰ্যটকৰ সংখ্যা ৪২ শতাংশ বৃদ্ধি পাইছে!  ভাৰতে এইক্ষেত্ৰত বৈদেশিক মূদ্ৰা বিনিময়ৰ দিশেৰেও যথেষ্ট উত্তৰণ লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৩ বৰ্ষত এই বৈদেশিক মূদ্ৰা বিনিময় ১৮ বিলিয়ন ডলাৰ থকাৰ বিপৰীতে ২০১৭ বৰ্ষত ইয়াৰ পৰিমাণ ২৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়। অৰ্থাৎ এইক্ষেত্ৰত ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছে বৈদেশিক মূদ্ৰা বিনিময়। আনকি ২০১৭ বৰ্ষত সমগ্ৰ বিশ্বৰ ভিতৰতে অন্যতম সৰ্বাধিক বিকশিত পৰ্যটনস্থলী হিচাপে বিবেচিত হৈছিল ভাৰত। উল্লেখযোগ্য যে ২০১৬ বৰ্ষত ইয়াৰ বিকাশৰ হাৰ আছিল ১৪ শতাংশ, ইফালে উক্ত বৰ্ষটোতেই সমগ্ৰ বিশ্বতে পৰ্যটনক্ষেত্ৰই বিকাশ লাভ কৰিছিল ৭ শতাংশ।

 

ই-ভিছাৰ প্ৰৱৰ্ত্তন ভাৰতীয় পৰ্যটন ক্ষেত্ৰৰ বাবে এক অনবদ্য দিশ হিচাপে পৰিগণিত হৈছে। এই সুবিধা বৰ্তমান সমগ্ৰ বিশ্বৰ ১৬৬ খন দেশতেই উপলব্ধ।

 

পৰ্যটনক্ষেত্ৰ, ঐতিহ্যক্ষেত্ৰ আৰু ধৰ্মীয় স্থানৰ চৌকাষে মৌলিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে মোৰ চৰকাৰে দুটা ফ্লেগশ্বিপ প্ৰ’গ্ৰাম আৰম্ভ কৰিছে, সেয়া ক্ৰমে স্বদেশ দৰ্শন আৰু প্ৰসাদ, ইয়াৰে স্বদেশ দৰ্শন হৈছে পূৰ্ণাঙ্গ উন্নয়নভিত্তিক পৰ্যটক আৱৰ্তগৃহ। কেৰালাত থকা পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ অধীনত ইতিমধ্যেই ৰাজ্যখনত ৭ টাকৈ প্ৰকল্পৰ আবণ্টন দিছো, ইয়াৰ বাবে ব্যয় হ’ব প্ৰায় ৫৫০ কোটি টকা।

 

আজিয়েই এই অনুষ্ঠানৰ পিছতেই মই শ্ৰী পদ্মনাভাস্বামীত তেনেধৰণৰেই এক প্ৰকল্প মুকলি কৰিম।

 

থিৰুৱনন্তপুৰমৰ মন্দিৰলৈকো যাম আজি। ভগৱান পদ্মনাভাস্বামীৰ পৰা কেৰেলাবাসীৰ লগতে দেশবাসীৰ বাবেও শুভাশীষ কামানা কৰিম।

মই এষাৰ কথা শুনিছিলো – “কোল্লাম কান্দালিল্লামৱেণ্ডা”, অৰ্থাৎ আপুনি যদি এবাৰ কোল্লামলৈ আহিছে তেন্তে ঘৰৰ কথা কেতিয়াও মনতেই নপৰিব। একেই অনুভৱ হৈছে মোৰ।

 

কোল্লাম আৰু কেৰেলাৰ জনসাধাৰণক তেওঁলোকৰ মৰম আৰু আতিথ্যৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।এখন শক্তিশালী আৰু উন্নয়নশীল কেৰেলাৰ বাবে মই প্ৰাৰ্থনা কৰিম।

 

নান্নী নমস্কৰম।

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s smartphones become country’s top exported good, surpassing traditional sectors in FY25

Media Coverage

India’s smartphones become country’s top exported good, surpassing traditional sectors in FY25
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives due to fire tragedy in Solapur, Maharashtra
May 18, 2025
QuoteAnnounces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to fire tragedy in Solapur, Maharashtra. Shri Modi also wished speedy recovery for those injured in the accident.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister’s Office posted on X;

"Pained by the loss of lives due to a fire tragedy in Solapur, Maharashtra. Condolences to those who have lost their loved ones. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM" @narendramodi

"महाराष्ट्रात सोलापूर इथे आग लागून झालेल्या दुर्घटनेतील जीवितहानीमुळे तीव्र दु:ख झाले. आपले प्रियजन गमावलेल्या कुटुंबांप्रति माझ्या सहवेदना. जखमी झालेले लवकर बरे होवोत ही प्रार्थना. पंतप्रधान राष्ट्रीय मदत निधीमधून (PMNRF) प्रत्येक मृतांच्या वारसाला 2 लाख रुपयांची मदत दिली जाईल. जखमींना 50,000 रुपये दिले जातील : पंतप्रधान" @narendramodi