Union Government aims to develop eastern India as the gateway to South-East Asia: PM Modi
IIT Bhubaneswar would spur the industrial development of Odisha and work towards improving the lives of the people: PM
Central Government is devoted towards ensuring all-round development of Odisha: PM Modi

ইয়াত উপস্থিত ভাতৃ–ভগ্নীসকল আৰু যুৱ মিত্ৰসকল,

উৰিষ্যাৰ বিকাশৰ বাবে সমৰ্পিত ভাৱেৰে কাম কৰাৰ আমাৰ সংকল্পই আজি আন এক মাত্ৰা স্পৰ্শ কৰিলে৷ কিছু সময় পূৰ্বে ১৪ হাজাৰ কোটিতকৈও অধিক টকাৰ ব্যয়েৰে অনেকে প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা জনতালৈ উচৰ্গা কৰা হৈছে৷ এই প্ৰকল্পসমূহত উচ্চ শিক্ষা, স্বাস্থ্য, গেছ, পথ আৰু সাংস্কৃতিক গুৰুত্বৰ অনেক পৰিযোজনা অন্তৰ্ভুক্ত কৰা হৈছে৷ এই সকলো প্ৰকল্পই উৰিষ্যাৰ বিকাশ তথা ইয়াৰ জনতাৰ জীৱনক সৰল আৰু সুগম কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ বিকাশৰ এই সকলো প্ৰকল্পৰ বাবে আপোনালোক সকলোকে, উৰিষ্যাৰ প্ৰত্যেকজন ব্যক্তিকে অভিনন্দন জনাইছোঁ৷

বন্ধুসকল, দেশৰ ইতিহাসত এয়া প্ৰথম বাৰলৈ উৰিষ্যাসহিতে সমগ্ৰ পূব ভাৰতৰ বিকাশৰ বাবে কেন্দ্ৰই সম্পূৰ্ণ ধ্যানকেন্দ্ৰিত কৰিছে৷ দেশৰ ভাৰসাম্য বিকাশক প্ৰাথমিকতা প্ৰদান কৰি বিগত চাৰিটা বৰ্ষ ধৰি ইয়াত আন্তঃগাঁথনিৰ সৈতে জড়িত বিভিন্ন প্ৰকল্পৰ বিস্তাৰ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে পূব ভাৰতক পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ দুৱাৰমুখ হিচাপে বিকশিত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ সকলোৰে সৈতে, সকলোৰে বিকাশৰ মন্ত্ৰত আগবাঢ়ি উৰিষ্যাৰ জনতা, উৰিষ্যাৰ প্ৰান্তে প্ৰান্তে বিকাশৰ এই সংকল্প গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে৷

বন্ধুসকল, আজি আইআইটি ভূৱনেশ্বৰ উৰিষ্যাৰ প্ৰতিভাসমূহৰ বাবে, যুৱপ্ৰজন্মৰ বাবে সমৰ্পণ কৰাৰ মই সৌভাগ্য লাভ কৰিছোঁ৷ ইয়াৰ নিৰ্মাণত ১২৬০ কোটি টকাৰ ব্যয় কৰা হৈছে৷ এই ভব্য কেম্পাছ অনাগত সময়ৰ উৰিষ্যাৰ যুৱপ্ৰজন্মৰ সপোনক…সেই সপোনসমূহৰ কেন্দ্ৰ হিচাপে বিবেচিত হ’ব৷ ইয়াৰ যুৱপ্ৰজন্মৰ নিয়োজনৰ নতুন মাধ্যম হিচাপে বিবেচিত হ’ব৷ আইআইটিৰ এই কেম্পাছত উৰিষ্যাৰ স্থানীয় উদ্যোগসমূহে ইয়াৰ বনাঞ্চলত উপলব্ধ সম্পদসমূহৰ সৈতে জড়িত গৱেষণা কৰিব পাৰিব৷ ইয়াৰ আদিবাসী ভাই–ভনীসকলৰ জীৱন সুগম কৰি তোলাৰ বাবে নতুন প্ৰযুক্তি বিকশিত কৰা হ’ব৷ এই সংস্থাই দেশ আৰু বিশ্বৰ বাবে উচ্চ স্তৰৰ অভিযন্তা আৰু উদ্যমীৰ সৃষ্টি কৰাৰ লগতে হাই–টেক ঔদ্যোগিক বিকাশৰ পথত অগ্ৰসৰ হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ ইয়াৰোপৰি অনাগত দিনসমূহত বৰহামপুৰত প্ৰায় ১৬০০ কোটি টকাৰ ব্যয়েৰে ইণ্ডিয়ান ইন্সটিটিউট অব্ ছায়েন্স এডুকেছন এণ্ড ৰিচাৰ্ছৰ কামো আৰম্ভ হ’ব৷

বন্ধুসকল! শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে জড়িত এনে অনেক সংস্থাসমূহৰ বিগত চাৰিটা বৰ্ষত কেন্দ্ৰীয় চৰকাৰে দেশত স্বীকৃতি প্ৰদান কৰিছে৷ এই চৰকাৰে সেই দৃষ্টিভংগীক আগুৱাই লৈ গৈছে যাৰ অধীনত নতুন ভাৰতক বিশ্বৰ বাবে আধুনিক প্ৰযুক্তি আৰু ষ্টাৰ্ট আপৰ কেন্দ্ৰ হিচাপে প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে৷ মই আশা কৰিছোঁ যে উৰিষ্যাৰ এই নতুন সংস্থাই জ্ঞান আৰু উদ্ভাৱনক তথা উৰিষ্যাৰ নিজৰ পুৰাতন চিনাকীক অধিক শক্তিশালী কৰিব৷ বন্ধুসকল, শিক্ষাৰ সৈতে জনতাৰ স্বাস্থ্যৰ ওপৰতো কেন্দ্ৰ চৰকাৰে সম্পূৰ্ণ গম্ভীৰভাৱে মনোনিৱেশ কৰিছে৷ এই ভাৱনাৰ সৈতে খোৰদা ভূৱনেশ্বৰত নিৰ্মিত ইএছআইচি চিকিৎসালয়ৰ বিস্তাৰণৰ কামো সম্পূৰ্ণ কৰা হৈছে৷

আজি আধুনিক সুবিধাযুক্ত এই চিকিৎসালয়কো জনতাৰ বাবে উচৰ্গা কৰা হৈছে যি পুৰণি চিকিৎসালয়খনৰ ক্ষমতা দুগুণ বৃদ্ধি কৰিছে৷ ইয়াক এতিয়া এশখন বিচনাযুক্ত চিকিৎসালয় হিচাপে প্ৰস্তুত কৰা হৈছে৷ কেন্দ্ৰ চৰকাৰৰ এয়াই লক্ষ্য যে দূৰ–দুৰণিৰ গাঁওসমূহত থকা, বনাঞ্চলত থকা মোৰ আদিবাসী পৰিয়ালসকলে যাতে চিকিৎসাৰ বাবে ঘুৰ্মুটিয়াই ফুৰিবলগীয়া নহয়৷ এই চিন্তাকে সৰোগত কৰি আয়ুষ্মান ভাৰত যোজনাৰ অধীনত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ নিৰ্মাণ কৰাৰ কাম দ্ৰুত গতিত চলিব ধৰিছে৷ উৰিষ্যাত প্ৰায় চাৰে এঘাৰশ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ স্বীকৃতিকৰণ কৰা হৈছে৷ অনাগত এক–দুই বছৰৰ ভিতৰত যেতিয়া ইয়াত সকলো কেন্দ্ৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব তেতিয়া উৰিষ্যা আৰু দেশত স্বাস্থ্য সুবিধাত এক নতুন দিগন্ত উন্মোচিত হ’ব৷

বন্ধুসকল, উৰিষ্যাত স্বাস্থ্য সুবিধা বিকশিত কৰাৰ বাবে পথ সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ কামো কেন্দ্ৰ চৰকাৰে দ্ৰুতভাৱে সম্পন্ন কৰিবলৈ ধৰিছে৷ ৰাজ্যৰ দুৰ্গম ক্ষেত্ৰসমূহক পথৰ সৈতে সংযোজিত কৰাৰ বাবে যোজনাসমূহ প্ৰণয়ন কৰা হৈছে৷ গাঁও আৰু চহৰত পথৰ জাল সম্প্ৰসাৰণ কৰা হৈছে৷ উৰিষ্যাত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ ১০ হাজাৰ কিলোমিটাৰ পৰ্যন্ত কৰাৰ দিশত কেন্দ্ৰীয় চৰকাৰ দ্ৰুতভাৱে অগ্ৰসৰ হৈছে৷ এই লক্ষ্যৰ সৈতে আজি পথ, ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ চাণ্ডীখোলে–ভদ্ৰক ছেকচন আৰু টাংগী–পোইটোলা ছেকচনৰ ছয়লেনযুক্ত পথেই হওক, খাণ্ডাগিৰি উৰণীয়া সেতুৰ নিৰ্মাণেই হওক, প্ৰায় চাৰি চাৰি হাজাৰ কোটি টকাৰ এই প্ৰকল্পসমূহে উৰিষ্যাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ এই সুবিধাৰ দ্বাৰা জনসাধাৰণৰ অহা–যোৱা সুচল হ’ব৷ ব্যৱসায়ো সহজ হৈ উঠিব৷

বন্ধুসকল, উৰিষ্যাৰ আন্তঃগাঁথনিৰ যিধৰণে বিকাশ হ’বলৈ ধৰিছে সেইদৰে ইয়াৰ উদ্যমীসকলৰ বাবে নতুন নতুন পথ, নতুন নতুন অৱকাশৰ সুবিধা মুকলি হৈছে৷ বিশেষকৈ তেল আৰু গেছৰ ক্ষেত্ৰত উৰিষ্যাৰ ভৱিষ্যত অতিশয় উজ্বল হৈ দেখা দিছে৷ পাৰাদ্বীৰ হায়দৰাবাদ পাইপলাইনে এতিয়া উৰিষ্যাক নতুন পৰিচয় প্ৰদান কৰিব৷ ইয়াৰ যুৱ প্ৰজন্মৰ বাবে নিয়োজনৰো নতুন অৱকাশৰ সৃষ্টি হ’ব৷ প্ৰায় ১২০০ কিলোমিটাৰৰ এই পাইপলাইনে উৰিষ্যাৰ সৈতে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ পেট্ৰ’লিয়াম পদাৰ্থৰ প্ৰয়োজনীয়া পূৰণ কৰিব৷ পাৰাদ্বীপ শোধনাগাৰৰ পৰা উলিওৱা পেট্ৰ’ল, ডিজেল, কেৰাচিন আৰু বিমানৰ ইন্ধনে অনেক চহৰ আৰু গাঁৱৰ প্ৰয়োজনীয়তা পূৰণ কৰিব৷ প্ৰায় চাৰি হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ অধীনত বহৰামপুৰ, বিশাখাপট্টনম, ৰাজমুন্দ্ৰী আৰু বিজয়ৱাড়াত ডেলিভাৰী কাম পাম্পিং ষ্টেচন নিৰ্মাণৰ জৰিয়তে উৰিষ্যা এক প্ৰকাৰে পূব ভাৰতৰ পেট্ৰ’লিয়াম কেন্দ্ৰ হিচাপে প্ৰসিদ্ধ হ’ব৷

বন্ধুসকল, দেশৰ দৰিদ্ৰতকৈও দৰিদ্ৰতম পৰিয়ালক পৰিষ্কাৰ ধোঁৱাবিহীন ইন্ধন প্ৰদান কৰাৰ বাবে চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ৷ দেশৰ প্ৰতিখন ঘৰলৈ এলপিজি চিলিণ্ডাৰ যোগান ধৰাৰ সফলতা প্ৰাপ্তিৰ আমি নিচেই কাষত৷ এতিয়া পাইপেৰে ৰন্ধন গেছ প্ৰদানৰ ব্যাপক অভিযান চৰকাৰে আৰম্ভ কৰিছে৷ বিশেষকৈ পূব ভাৰতৰ পাইপেৰে গেছ যোগান ধৰাৰ দিশত প্ৰধানমন্ত্ৰী উৰ্জা গংগা যোজনা দ্ৰুত গতিত সম্পন্ন হ’বলৈ ধৰিছে৷ উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ কৰি উৰিষ্যালৈ পিএনজিৰ লাইন বহুওৱাৰ বাবে হাজাৰ কোটি টকা ব্যয় কৰিছে৷ ইয়াৰ অধীনত আজি জগদীশপুৰ, হালদিয়াস বোকাৰো, ধামৰা পাইপ লাইন প্ৰকল্পৰ বোকাৰো–আংগুল ছেকচনৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ প্ৰায় চাৰে তিনি হাজাৰ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্প যেতিয়া সম্পূৰ্ণ হ’ব তেতিয়া ইয়াৰ দ্বাৰা উৰিষ্যাৰ পাঁচখন জিলাৰ সৈতে ঝাৰখণ্ডৰ ছয়খন জিলাও পাইপযুক্ত গেছৰ সৈতে সংযোজিত হ’ব৷

বন্ধুসকল, সাধন, সংসাধনৰ বিকাশ তেতিয়ালৈ অপূৰ্ণ যেতিয়ালৈ তাত সাংস্কৃতিক বিকাশৰ ধাৰা জড়িত নহয়৷ দেশৰ প্ৰথম স্বতন্ত্ৰতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পায়কা ক্ৰান্তিৰ ২০০ বৰ্ষ সমাপ্ত হোৱা উপলক্ষে বিশেষ ডাক টিকট আৰু মুদ্ৰা মুকলি কৰা হৈছে৷ ইয়াৰোপৰি পায়কা ক্ৰান্তিৰ নায়ক বক্সী জগবন্ধুৰ নামত উৎকল বিশ্ববিদ্যালয়ত এখন আসনো স্থাপন কৰা হৈছে৷ এই আসন পায়কা আৰু আদিবাসী আন্দোলনসহিতে সমগ্ৰ ৰাষ্ট্ৰবাদী আন্দোলনৰ বিষয়ৰ সৈতে জড়িত গৱেষণাৰ কেন্দ্ৰ হিচাপে প্ৰসিদ্ধ হ’ব৷ লগতে উৰিষ্যাৰ আদিবাসী সমাজলৈ অহা সামাজিক তথা আৰ্থিক পৰিৱৰ্তনক বুজি পোৱাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

বন্ধুসকল, পায়কাৰ নায়কক সন্মান প্ৰদৰ্শন কৰাৰ লগতে উৰিষ্যাৰ সমৃদ্ধি আধ্যাত্মিক উত্তৰাধিকাৰক বিশ্বৰ সন্মুখলৈ অনাৰো মনোযোগ প্ৰদান কৰা হৈছে৷ কটক জিলাৰ ললিতগিৰিত কীৰ্তিচিহ্ন সংগ্ৰহালয়ৰ উদঘাটন কৰাৰো আজি মই সৌভাগ্য লাভ কৰিছোঁ৷ ইয়াত বৌদ্ধ কালৰ প্ৰাৰম্ভিক সময়ৰ পৰা জড়িত বিশেষ অৱশেষ ৰখা হৈছে৷ এই সংগ্ৰহালয়ে বিশ্বৰ বৌদ্ধ মতবাদৰ সৈতে জড়িত লোকসকলক, গৱেষণা পণ্ডিতসকলক আকৰ্ষিত কৰাৰ লগতে পৰ্যটনৰো আকৰ্ষণৰ কেন্দ্ৰ হ’ব৷ উৰিষ্যাৰ পৰ্যটন উদ্যোগ ইয়াৰ দ্বাৰা লাভান্বিত হ’ব৷ ইয়াৰ দ্বাৰা যুৱ প্ৰজন্মইও নিয়োজনৰ সুবিধা লাভ কৰিব৷

বন্ধুসকল, কেন্দ্ৰ চৰকাৰ উৰিষ্যাৰ সম্পূৰ্ণ বিকাশৰ বাবে সমৰ্পিত৷ উৰিষ্যাৰ আন্তঃগাঁথনিক পৰা আৰম্ভ কৰি জনতাৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ মই আপোনালোকক বিশ্বাস প্ৰদান কৰিব বিচাৰিছোঁ যে নিৰৱচ্ছিন্নভাৱে এই কাম চলি থাকিব৷ উৰিষ্যা নতুন ভাৰত বিকাশৰ এক গুৰুত্বপূৰ্ণ চালিকাশক্তি হিচাপে প্ৰসিদ্ধ হওক, সেইবাবে আমি সকলোৱে লগ হৈ আগবাঢ়িব লাগিব, সহযোগিতাৰে কাম কৰিব লাগিব৷ এই আশাৰ সৈতে পুনৰবাৰ এই সমগ্ৰ পৰিযোজনাৰ বাবে উৰিষ্যাৰ জনতাক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু জয় জগন্নাথক স্মৰণ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷          

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Internet subscribers in India up 6.24% in March-26 quarter

Media Coverage

Internet subscribers in India up 6.24% in March-26 quarter
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi receives a telephone call from the Amir of Qatar
June 23, 2026
Qatar Amir expresses condolences over the loss of lives of Indian nationals in an accident in Qatar.
PM thanks him and conveys appreciation for prompt medical help to the injured.
The two leaders reaffirm their commitment to ensure the wellbeing and safety of their citizens.
PM conveys appreciation for Qatar’s positive contribution in the peace efforts in West Asia.
The two leaders reaffirm their commitment to expand bilateral cooperation.

Prime Minister Shri Narendra Modi received a telephone call today from the Amir of the State of Qatar, H.H. Sheikh Tamim Bin Hamad Al-Thani.

Qatar Amir expressed condolences over the loss of lives of Indian nationals in an accident at Ras Laffan Industrial City in Qatar on June 21 and conveyed wishes for speedy recovery of those injured.

PM thanked him for his words of sympathy towards affected families and conveyed appreciation for providing prompt medical help to the injured.

The two leaders reaffirmed their commitment to ensure the wellbeing and safety of their citizens and reiterated their support and solidarity with each other.

While discussing the situation in West Asia, PM conveyed appreciation for Qatar’s positive contribution in the peace efforts and expressed hope that they would lead to lasting peace and stability in the region.

The two leaders also reaffirmed their commitment to expand bilateral cooperation in all areas.

They agreed to remain in close touch.