Once the people of India decide to do something, nothing is impossible: PM Modi
Banks were nationalised but that did not give the poor access to these banks. We changed that through Jan Dhan Yojana: PM
All round and inclusive development is essential. Even in the states with strong development indicators there would be areas which would need greater push for development: PM
Serving in less developed districts may not be glamorous but it will give an important platform to make a positive difference: PM Modi

বন্ধুসকল, এয়া ২০১৮ বৰ্ষৰ আৰম্ভণি। মই আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। এই ভৱনটো মই যোৱা ৭ ডিচেম্বৰ তাৰিখে মুকলি কৰিছিলো, এজন মহাপুৰুষৰ নামৰ সৈতে জড়িত এই ভৱনত আজি কাৰ্যসূচী আৰম্ভ হৈছে বাবে মোৰ ভাল লাগিছে।বাবা চাহবে সামাজিক ন্যায়ৰ বাবে জীৱন অৰ্পণ কৰিলে আৰু আজি সেয়ে এই সভাই এক মহত্ব বহন কৰিছে।

আমাৰ সংবিধানে সেই লক্ষ্য পূৰণৰ বাবে এক কৰ্ম আঁনিৰ যোগান ধৰে। এই বছৰ সামাজিক ন্যায় কেৱল এক সামাজিক ব্যৱস্থা হৈয়ে নাথাকে। তুলনামূলকভাৱে কিছমান অঞ্চল পিছপৰি থকাটোৱে সেই ঠাইৰ মানুহখিনিৰ ওপৰত অন্যায় হোৱাটো বুজায়।কোনো গাঁও আজি পিছপৰি আছে মানে সেই গাওঁ সদায়ে পিছ পৰি থাকিব লাগিব তেনে নহয়। আমাৰ সংবিধানেও সেই আশা পূৰণৰ সুবিধা কৰি দিছে। এতিয়া সামাজিক ন্যায় কেৱল সামাজিক ব্যৱস্থাতে সীমাৱদ্ধ নহয়। এক চিষ্টেমেটিক সমাধান সূত্ৰ আমি উলিয়াব লাগিব। আৰু সেয়ে ১১৫ খন জিলাৰ বিকাশৰ বাবে আমি কাৰ্যক্ৰম হাতত লৈছো। মই ভৱো ই এক অত্যন্ত শুভ সংকেত।

আপোনালোকে দুদিন ধৰি বিচাৰ কৰি আছে। অভিজ্ঞতাৰ আধাৰত মই ক’ব পাৰো যে আমাৰ দেশত কিবা এটা কাম যদি আমি কৰিম বুলি ভাৱি লওঁ তেন্তে সি একেবাৰে অসম্ভৱ নহয়। ৰাষ্ট্ৰীয় বেংক থকাৰ পিছতো ৩০ কোটি লোক এই ব্যৱস্থাৰ বিষয়ে অজ্ঞ আছিল। কিন্তু আমি জন ধন খাটাৰ ব্যৱস্থা আৰম্ভ কৰাৰ পিছত সকলো ভাৰতীয় নাগৰিক এই ব্যৱস্থাৰ মূলসূঁতিলৈ আহিল।

আমি শৌচালয় লাগে লাগে চিঞঁৰি থাকিলো, বহু প্ৰকল্প হ’ল, বাজেটট তৈয়াৰ হ’ল, আগতে যদি আমি পাঁচ খোজ দিছিলো আজি আমি দহ খোজেৰে আগুৱাই গৈছো। আমি অতি সাধাৰণ ভাৱেই সমস্যাৰ সমাধান সূত্ৰ বিচাৰি উলিয়াওঁ। সমস্যা আহিয়ে আছে।ছাত্ৰীসকলে শৌচালয়ৰ অভাৱত বিদ্যলয় এৰিছে। আমি বিদ্যলয়ত শৌচালয় নিৰ্মাণ কৰালো।লাখ লাখ বিদ্যলয়ত শৌচালয় নিৰ্মাণ হ’ল।  

১৮ হাজাৰ গাঁৱত এহেজাৰ দিনৰ ভিতৰত বৈদ্যুতিকৰণ সম্ভৱ হ’ল। বিষয়াসকলৰ লগত অলপ কথা পাতিলেই ধৰিব পাৰি যে এই কাম কৰিবলৈ সাধাৰণতে ৫-৬ বছৰ লাগি যায়।কিন্তু যেতিয়া আমি তাক প্ৰত্যাহ্বান হিচাপে ল’লো, অতি সোনকালেই কাম সমাধা হ’ল।

ভূমি পৰীক্ষণ এক নতুন বিষয় যাৰ লগক কৃষকসকলৰ কোনো পৰিচিতি নাছিল। আমি ভূমি পৰীক্ষণ, ভূমি স্বস্থ্য কাৰ্ড এই সকলো ব্যৱস্থা কৰিলো। 

মই এই কামসমূহৰ উদাহৰণ এইকাৰণেই দিছো যাতে আপোনালোকে অনুভৱ কৰিব পাৰে যে আমাৰ হাতত ক্ষমতা অপাৰ। এই অপাৰ সম্ভৱনীয়তাৰ আমি উপযুক্ত সুবিধা ল’ব জানিব লাগিব।মই ভাৱো যে আগতে ভাৰতত ব্যৱসায় কৰা কেতিয়াও ইমান সহজ নাছিল। ভাৰতে সমগ্ৰ বিশ্বক ইয়াত লুকাই থকা অৰ্থনৈতিক সম্ভাৱনীয়তাসমূহ আৱিষ্কাৰ কৰি তাৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তন’ৰ মন্ত্ৰৰে উদ্বুদ্ধ হৈ আমি অৰ্থনৈতিক প্ৰগতিৰ দিশত কাম কৰি যাম।ব্যৱসায়ৰ বাবে সহজ পৰিৱেশে উদ্যোগীসকলৰ সন্মূখত সোণালী সুযোগ আনি দিছে। বিশেষকৈ লঘূ, ক্ষূদ্ৰ আৰু মধ্যমীয়া উদ্যোগীসকলে সমৃ্দ্ধি লাভ কৰিছে।‘ব্যৱসায়ৰ বাবে সহজ পৰিৱেশৰ ৰচনা’ৰ প্ৰতিবেদনত ভাৰতে ৩০ নং স্থান দখল কৰিছে।যোৱা বছৰ ভাৰত ১৩০ নং স্থানত আছিল।

আজি আমাৰ আশা আকাংক্ষা সলনি হৈছে, চিন্তা – ব্যৱস্থা সলনি হৈছে। যিবোৰ সপোন লৈ আহিছো, অতি সোনকালে তাক সফল কৰিব বিচাৰিছো। আৰু ৫-৭ বছৰৰ পিছত হয়তো সেই কাম হৈ নুঠিবগৈও পাৰে, সেয়ে সকলোতে ক্ষীপ্ৰ গতি অতি প্ৰয়োজনীয়।   

আজি আমাৰ সন্মূখত সুবিধা আছে। আজি আপোনালোকৰ উপস্থাপনসমূহ চাই মোৰ অনুভৱ হৈছে এই সকলোবোৰ ঠিকে আছে, বাজেট আছে, সকলো আছে, তেন্তে অসুবিধা ক’ত? অসুবিধা বিচাৰি উলিয়াই সমাধান বিচাৰিলে বিকাশৰ সকলো দুৱাৰ খোল খাব।

আজি মই উপস্থাপিত হোৱা বিষয়সমূহৰ আলোচনাৰ স্পষ্টতা আৰু দৃঢ়তা দেখিবলৈ পাইছো। আপোনালোকৰ বিচাৰত মই নতুন ভাৰতৰ ভেটি দেখিবলৈ পাইছো।

সকলোৱে মিলি জুলি পৰিস্থিতি সাপেক্ষে আগবাঢ়ি যাব লাগিব। মই সদায় সামাজিক জীৱন এটা যাপন কৰি আহিছো, এই কাম কৰাটো মোৰ দায়িত্ব বুলি ভাৱি লৈ আগবাঢ়ি যাব লাগিব।

সৰুতে পৰীক্ষাত উজু প্ৰশ্নৰ উত্তৰ কেইটা আগতে কৰি লোৱা দৰে এতিয়াও আপোনালোকে সহজে সমাধান কৰিব পৰা সমস্যাসমূহ আগতে সমাধান কৰকচোন।তাৰ পিছত টান সমস্যাসমূহো উজু লগা হ’ব। প্ৰগতিয়ে নিজে নিজে সমস্যাসমূহ সমাধান কৰি পেলাব।

মই মূখ্যমন্ত্ৰী হৈ থকা কালত কোনোধৰণৰ লাভ পোৱা নাছিলো। প্লেনিং কমিশ্যনৰ দিনত আমি সদায়ে শেষৰফালেহে আছিলো। কিন্তু মই কৌশলেৰে উন্নয়নৰ কামসমূহ কৰি গৈছিলো। চিন্তাত নতুনত্ব থকাটো খুৱেই দৰকাৰী।

আৰু সেয়ে ১৫০ খন জিলাত মনোযোগ দিয়া হৈছে। মই বিচাৰিছো, যাতে প্ৰতিখন ৰাজ্যৰ অন্ততঃ এখনকৈ জিলা এই তালিকাত সোমাওক। যিমান আগবাঢ়ি থকা ৰাজ্য, প্ৰগতিশীল ৰাজ্য আছে, তাতো কোনো কোনো অঞ্চল পিছপৰি ৰৈ গৈছে। সেই ঠাইসমূহ জনমানসত ইমানেই পিছপৰি ৰয় যে কোনোবা অফিচাৰৰ তালৈ বদলি হ’লে তেওঁৰ মগজুৱে কাম নকৰা হয়। আমি সেই মানসিকতাক সলনি কৰিব লাগিব।

উন্নয়ন হ’লে ভাল লাগে কিন্তু কেতিয়াবা দেখা যায় যে এটা পৰ্যায়লৈকে উন্নয়ন হৈ তাৰ পিছত স্থবিৰ হৈ যায়। সেই অৱস্থা যাতে নহয় তাৰ প্ৰতিও আমি মনোযোগ দিব লাগিব।

আপোনালোকে সেই সমস্যা সমাধানৰ কিবা উপায় উলিয়াইছে নেকি? প্ৰতিখন জিলাৰ সমস্যা তথা সমাধানৰ উপায় ভিন্ন হোৱা স্বাভাৱিক। ভাৰত বৈচিত্ৰৰে ভৰা দেশ। কিন্তু আমি উন্নয়নৰ যি ছটা মানদণ্ডৰ কথা কৈ আহিছো, সেই কেইটা সম্পূৰ্ণ হ’বই লাগিব।

আপুনি যিমানেই নিষ্ঠাবান নহওক কিয়া আপোনাৰ কাৰ্যালয়ত পাঁচ-দহজন লোক এনে থাকিব যি আপোনাক কাম কৰিবলৈ বাধা প্ৰদান কৰিব, কিন্তু সেই সকলো বাধা অতিক্ৰম কৰি আপুনি নিজৰ লক্ষ্যত স্থিৰ থাকিব লাগিব। তেওঁলোকক সঠিক পথলৈ আনি কামত লগাব পৰাটোও আপোনাৰেই সফলতা।

আপোনালোকৰ প্ৰথম নীতি হ’ব লাগে যে নিৰাশাবাদী সকলৰ মানসিক অৱস্থা সলনি কৰা, নিষ্ঠাৰে কাম কৰি তেওঁলোকক দেখুওৱা যে সকলো কামেই কৰাটো সম্ভৱ। 

জন আন্দোলন এটা গঢ়ি তোলা ইমান সহজ নহয়। মূল কৰ্মীগোটটোক দক্ষ কৰি তুলিব লাগিব। তেওঁলোকৰ মনত আশাবাদৰ সঞ্চাৰ কৰিব পাৰিব লাগিব। মনৰ মিল থকা মানুহখিনিক একেলগ কৰাটোও কম গুৰুত্বপূৰ্ণ নহয়। এই সকলোবাৰ সম্ভৱ হ’লে আপোনালোকে দেখিব কাম কৰা কিমান সহজ হৈ পৰিছে।

এই দুদিন মই আপোনালোকক জ্ঞান দিবলৈ অহা নাই। আপোনালোক অভিজ্ঞ, আপোনালোক কাম কৰিব পৰা পদত আছে, সেয়ে আপোনালোকৰ অভিজ্ঞতা আৰু পদৱীৰ সুবিধাসমূহ গ্ৰহণ কৰি আগবাঢ়ি যাওক।

এই কৰ্মশালাৰ নিজৰ মহত্ব আছে।আপোনালোকে ইয়াত নিজৰ নিজৰ জিলাৰ সমস্যাসমূহৰ বিষয়ে, খণ্ড সমূহৰ বিষয়ে আলোচনা কৰিব পাৰে, উন্নয়নৰ নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাব পাৰে।

আমি এই জিলাসমূহক উদীয়মান জিলাৰ নাম দিছো, পিছপৰা জিলা বুলি কোৱা নাই। নামতো বহুত কথা থাকে। নামৰ লগত মানসিকতা জড়িত হৈ থাকে। 

আমাৰ শব্দসমূহ যোগাত্মক হোৱা অতিকে প্ৰয়োজন। শব্দসমূহ যোগাত্মক হ’লে আমাৰ চিন্তাধাৰাও যোগাত্মক হয়। আমাৰ এটা অভ্যাস আছে যে বয়সস্থ মানুহ দেখিলে আমি সোধো, স্বাস্থ্য কেনেকুৱা? গা ভালে আছে নে? কিন্তু তাৰ সলনি যদি আমি তেওঁলোকক কওঁ যে আপুনি দেখাত বৰ ধুনীয়া হৈ আছে, তেওঁৰ চেহেৰাত এক ধৰণৰ জ্যোতি দেখিবলৈ পোৱা যায়। মন আপোনা-আপুনি ভালে থাকে, আৰু স্বাস্থ্যও ভালে থাকে।

আমি যোগাত্মক চিন্তাধাৰাক আপোন কৰি ল’বই লাগিব। শব্দবোৰ আমাৰ শক্তি হ’ব লাগিব। কোনো এটা শব্ধ উচ্চাৰণ কৰিলেই তাৰ সঠিক অৰ্থ অনুভৱ হ’ব লাগিব। সুষম আহাৰ খোৱাৰ দৰেই আমি সুস্থ শব্দও ব্যৱহাৰ কৰিব জানিব লাগিব।

মোৰ বিশ্বাস দেশ আগবাঢ়িছে, প্ৰগতি কৰিছে। কিন্তু সকলো পৰিৱৰ্তনেই লগে ভাগেহে সম্ভৱ। আপোনালোক সকলোৱে এই পৰিৱৰ্তনৰ অনুঘটক হৈ দেখা দিব লাগিব। ২০২২ চনত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত দেশে এক নতুন শিখৰত আৰোহণ কৰিবই লাগিব, আৰু তাৰ দায়িত্ব আপোনালোকৰো নিশ্চয় আছে। মোৰ দৃঢ় বিশ্বাস যে আপোনালোকেও সেই সিদ্ধান্ত, সেই লক্ষ্যক আন্তৰিকতাৰে গ্ৰহণ কৰিছে।  জিলা পৰ্যায়ত বহুত কাম কৰা সম্ভৱ। এনেকৈয়ে আগবাঢ়ি গৈ থাকিলে আমি এদিন দেশৰ সকলো জিলাৰ উন্নয়ন দেখা পাম, তেন্তে দেশখনৰ উন্নয়ন নোহোৱাকৈ থকা জানো সম্ভৱ?

মই আৰম্ভণিতে ছ’চিয়েল মিডিয়াত সক্ৰিয় আছিলো, এতিয়া সময় অলপ কম পাইছো। মই এগৰাকী মহিলা বিষয়াৰ টুইট দেখিলো, তেওঁ লিখিছে যে ২৭ বছৰৰ আগতে তেওঁ এখন স্কুলৰ সন্মূখেৰে পাৰ হৈ যাওঁতে ছাগলী চৰাই থকা এটা ল’ৰা দেখা পাইছিল। গাড়ী ৰখাই তেওঁ তাক লৈ স্কুললৈ সোমাই গ’ল আৰু শিক্ষকক কৈ সেই ল’ৰাটোক নাম লিখাই দিলে। তাৰ ইমান বছৰৰ পিছত সেই ল’ৰাটোৱে পুলিচৰ হেড কনিষ্টবল হৈ তেওঁক লগ কৰিবলৈ আহিল। বিষয়া গৰাকীয়ে লিখিছে যে সেই মুহূৰ্ত্তটো আছিল তেওঁৰ জীৱনৰ আটাইতকৈ সন্তুষ্টিৰ সময়। গতিকে চাওক বন্ধুসকল, কিমান সৰু সৰু পদক্ষেপে কিমান ডাঙৰ ফল লৈ আহিব পাৰে। সন্তুষ্টি দিব পাৰে। এনে ধৰণৰ সুবিধাসমূহ আপোনালোকে গ্ৰহণ কৰক।

এই দেশে আমাৰ পৰা বহুত আশা কৰে, যদি কিবা বেয়াও হয় আমাৰ দেশত এতিায়াও কোৱা হয়, হয়তো ভগৱানৰ এয়ে ইচ্ছা আছিল। কোনো দেশৰ চৰকাৰৰ চাগে এনে সৌভাগ্য নাই হোৱা যে কিবা অসুবিধা হ’লে জনসাধাৰণে চৰকাৰক দোষ নিদিয়ে। এনে জনসমৰ্থন আন দেশৰ চৰকাৰে লাভ কৰিছে বুলি মই নাভাৱো। আমি এই সমৰ্থন, এই আস্থাক চিনি নাপালে, তাক আমি পূৰণ কৰিব নোৱাৰিলে আমি নিজৰ ওচৰতে লজ্জিত হ’ম। সেয়ে বন্ধুসকল, ১১৫ খন জিলাৰ ভাগ্য সলনি কৰি আমি শক্তিশালী দেশৰ ভেটি স্থাপন কৰিব খুজিছো। আপোনালোকলৈ মোৰ শুভেচ্ছা থাকিল। বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
CDS Gen Anil Chauhan releases doctrine on joint air defence

Media Coverage

CDS Gen Anil Chauhan releases doctrine on joint air defence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets people of Goa on Goa Statehood Day
May 30, 2026

The Prime Minister, Shri Narendra Modi, today extended his greetings to the people of Goa on the occasion of Goa Statehood Day.

The Prime Minister said that Goa is widely known for its vibrant culture, rich heritage, natural beauty and warm-hearted people.

The Prime Minister noted that the occasion is an opportunity to remember with gratitude all those who worked tirelessly for the progress and identity of Goa.

The Prime Minister expressed hope that Goa will continue to prosper and play an important role in building a Viksit Bharat.

Shri Modi also prayed for the good health and prosperity of every Goan.

The Prime Minister wrote on X;

“Greetings to the people of Goa on the special occasion of Goa Statehood Day. Goa’s vibrant culture, rich heritage, natural beauty and warm-hearted people are widely known. This day is also an opportunity to remember with gratitude all those who worked tirelessly for its progress and identity. May Goa continue to prosper and play an important role in building a Viksit Bharat. Praying for the good health and prosperity of every Goan.”