PM Modi hands over keys to mark the Grihapravesh of Prime Minister Awas Yojana- Grameen (PMAY-G) beneficiaries in Maharashtra
Being amongst people during the auspicious occasion of Dussehra gives me energy and renewed vigour to work for the betterment of the country: PM Modi
Shri Saibaba's teachings gives usthe mantra to build a strong unified society and toserve humanity with love: PM Modi
People getting their own homes is a big step towards the fight against poverty: PM Modi
In the last four years, our Government has built over 1.25 crore houses: PM Modi
PM Modi appreciates people of Maharashtra for making the state Open Defecation Free
Under Ayushman Bharat (PMJAY), modern medical infrastructure is getting readied: PM Modi
PM Modi underlines the efforts taken by the Government to deal with drought faced by Maharashtra

মঞ্চত উপৱিষ্ট মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰীমান বিদ্যাসাগৰ ৰাও ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ডাঙৰীয়া, বিধানসভাৰ অধ্যক্ষ হৰিবাবু ডাঙৰীয়া, মোৰ মন্ত্ৰী পৰিষদৰ সতীৰ্থ শ্ৰী সুভাষ ভামৰে ডাঙৰীয়া, ছাইবাবা সংস্থান ট্ৰাষ্টৰ অধ্যক্ষ শ্ৰীমান সুৰেশ হাৱৰে ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ মন্ত্ৰীবৰ্গ, মোৰ সতীৰ্থ সাংসদ, মহাৰাষ্ট্ৰৰ বিধায়কসকলৰ লগতে ইয়াত সমবেত বিশাল সংখ্যাৰ মোৰ মৰমৰ ভা-ভনীসকল, আপোনালোকৰ লগতে সমগ্ৰ মহাৰাষ্ট্ৰবাসী, ভাৰতবাসীক বিজয়া দশমীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো।

প্ৰতিবছৰে আত্মীয়সকলৰ সৈতে উৎসৱ পালন কৰাৰ বাবে প্ৰত্যেকে প্ৰয়াস কৰে। মইও দেশবাসীৰ মাজত গৈ যিকোনো উৎসাৱ পালন কৰাৰ চেষ্টা কৰোঁ। সেয়েহে আজি আপোনালোকৰ মাজত থকাৰ মোৰ সৌভাগ্য হৈছে। আপোনালোক ইমান সংখ্যক লোকে আজি দশেৰাত মোক আশীৰ্বাদ দিবলৈ আহিছে। মই লক্ষ্য কৰিছো অলপো ঠাই বাদ পৰি থকা নাই, অধিকাংশ লোকে ৰ’দতে থিয় হৈ আছে। আপোনালোকৰ আত্মীয়তাই মোৰ সামৰ্থ্য, যিটো আপোনালোকৰ মৰমৰ বাবে এক নতুন শক্তিৰ সঞ্চাৰ কৰে। মোক শক্তি প্ৰদান কৰে।

বন্ধুসকল, দশেৰাৰ সমান্তৰালভাৱে আমি আজি ছিৰ্দিৰ এই পবিত্ৰ ভূমিত এক আৰু পবিত্ৰ কামৰ সাক্ষী হৈছো। ছাইবাবাৰ সমাধিৰ আজি শতবৰ্ষ সমাৰোহ সামৰণী অনুষ্ঠান। কিছুসময়ৰ পূৰ্বে মই ছাইবাবাক দৰ্শন কৰি তেওঁৰ আশীৰ্বাদ গ্ৰহণৰ সূযোগ পালো। মই যেতিয়া পূজ্য ছাইবাবাক দৰ্শন কৰো, তেওঁক স্মৰণ কৰো, তেতিয়া কোটি কোটি ভক্তিৰ দৰে আপোনালোকৰ হৃদয়ত যি ভাৱনা জাগ্ৰত হয় আৰু জনসেৱাৰ বাবে নিজকে সমৰ্পন কৰাৰ এক নতুন উদ্যম এই ভূমিৰ পৰা পাও।

ভাই-ভনীসকল, ছিৰ্দিৰ প্ৰতিটো অনু-পৰমাণুত ছাইৰ মন্ত্ৰৰ প্ৰভাৱ আছে। জনসেৱা, ত্যাগ আৰু তপস্যাৰ কথা যেতিয়া কোৱা হয়, তেতিয়া ছিৰ্দিৰ উদাহৰণ প্ৰত্যেকেই উল্লেখ কৰে। এয়া আমাৰ ছিৰ্দি তাত্যা পাটিল ডাঙৰীয়া, দাদা কোতে পাটিল ডাঙৰীয়াৰ নগৰ। এয়া মাধৱৰাও দেশপাণ্ডে, মাল্সাপটিৰ দৰে মহাপুৰুষৰ জন্মভূমি। কাশীৰাম ছিপি আৰু অপ্পা জাগলে ছাইবাবাক অন্তিম ক্ষণলৈকে সেৱা আগবঢ়ালে। কৌড়া ডাঙৰীয়া, গৱা ডাঙৰীয়া আৰু তুকা ৰামক কোনে পাহৰিব পাৰে। এই পবিত্ৰ ভূমিৰ মহান সন্তানসকলক মই প্ৰণাম জনাইছো।

ভাই-ভনীসকল, ছাইৰ মুলমন্ত্ৰ হৈছে ‘সবকা মালিক এক হে’। ছাইৰ চাৰিটা শব্দ সমাজক এক কৰাৰ সুত্ৰত পৰিণত হ’ল। ছাই সমাজৰ আছিল আৰু সমাজ ছাই আছিল। ছাইবাবাই সমাজক সেৱাৰ কিছু পথ দেখুৱাইছিল, আমি মোৰ ভাল লাগিছে যে ছাইবাবাই দেখুৱাই যোৱা পথেৰে শ্ৰী ছাইবাবা সংস্থান ট্ৰাষ্টেও নিৰৱচ্চিন্নভাৱে সমাজৰ সেৱা কৰি আহিছে।

শিক্ষাৰ জৰিয়তে সমাজৰ সবলীকৰণ কৰাই হওঁক, আধ্যত্মিকতাৰ জৰয়িতে চিন্তাধাৰাৰ সলনি কৰাই হওঁক, সমাজত সংহতি আৰু সদভাৱ স্থাপন কৰাই হওঁক ইত্যাদি ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়।

আজি এই ভূমিত আস্থা, আধ্যাত্মিকাত আৰু বিকাশৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ হৈছ। ইয়াৰ বাবে মই মহাৰাষ্ট্ৰ চৰকাৰক অভিনন্দন জনাও যে দুখীয়া লোকসকলৰ কল্যানৰ বাবে ইমান বিশাল আঁচনি লোৱাটো ইয়াত ডাঙৰ কাম আৰু একো হ’ব নোৱাৰে। ছাইবাবাৰ চৰণত বহি দুখীয়া লোকসকলৰ বাবে কাম কৰাতকৈ ডাঙৰ কি হ’ব পাৰে। সেইবাবে মহাৰাষ্ট্ৰ চৰকাৰ ধন্যবাদৰ পাত্ৰ। দৰ্শনাৰ্থীৰ বাবে নিৰ্মাম হ’বলগীয়া চৌহদৰ ভূমিপূজন অনুষ্ঠানত অংশ ল’বলৈ পাই মই সন্তুষ্টি অনুভৱ কৰিছো। আজিৰ দিনটোতে ছাইবাবাই ইংৰাজী মাধ্যমৰ বালিকা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। মোৰ বিশ্বাস যে ছাইবাবাৰ জীৱন-দৰ্শনকৈ লৈ আৰম্ভ হ’বলীয়া ছাই ন’লেজ পাৰ্কৰ পৰা লোকসকলে ছাইবাবাক জানি অথবা বুজি পোৱাটো সহজ হ’ব।

বন্ধুসকল, আজি ইয়াত ১০ মেগাৱাট ক্ষমতাসম্পন্ন এক সৌৰ শক্তি প্ৰকল্পৰ কামো শুভাৰম্ভ হৈছে। ইয়াৰ দ্বাৰা সংস্থাৰ সম্পদ বৃদ্ধি পাব আৰু স্বচ্ছ শক্তিৰ অংশীদাৰ হ’ব। এয়া ছাইবাবা ট্ৰাষ্টৰ ফালৰ পৰা কোটি কোটি ভক্তৰ বাবে এই দশেৰাৰ বিজয়াদশমীৰ এক ডাঙৰ উপহাৰ।

বন্ধুসকল, নৱৰাত্ৰিৰ পৰা দীপাৱলীলৈকে বছৰৰ এই সময়ছোৱাতে বহুলোকে ঘৰ, গাড়ী, অলংকাৰৰ দৰে সামগ্ৰী ক্ৰয় কৰে। যাৰ যিমান সামৰ্থ্য, সেই হিচাপে ধন জমা কৰি নিজৰ পৰিয়ালক উপহাৰ দিয়ে। মোৰ বাবে সুখৰ কথা যে এই পবিত্ৰ ক্ষণত মহাৰাষ্ট্ৰ আঢ়ৈ লাখ ভাই-ভনীক তেওঁলোকৰ বাবে এখন নতুন ঘৰ প্ৰদানৰ সূযোগ লাভ কৰিছো।

এই লোকসকলৰ বাবে নিজৰ এখন ঘৰ সদায়েই সপোন আছিল। আমাই বিশাল সংখ্যাৰ পৰিয়ালৰ সদস্যবৰ্গক একেলগে গৃহ প্ৰৱেশ কৰোৱাটো এই ভাই-ভনীসকলৰ প্ৰতি সেৱা বুলি গণ্য কৰিছো; দশেৰাৰ পূজা মোৰ বাবে এই সেৱাতকৈ অধিক কি হ’ব পাৰে। আপোনালোক সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ হোৱা এই নতুন ঘৰৰ লগতে আপোনালোকৰ জীৱনলৈ অহা এই নতুন সূযোগৰ বাবে সকলোকে বহুত বহুত শুভকামনা জনাইছো। এই নতুন ঘৰ আপোনালোকৰ সপোনৰ প্ৰতীকৰ লগতে ই আপোনালোকৰ আকাংক্ষাৰ নতুন গতি প্ৰদান কৰিব। এতিয়া আপোনালোকৰ জীৱন, আপোনালোকৰ সন্তানৰ জীৱন ইতিবাচক পৰিৱৰ্তনৰ পথত আগুৱাব পাৰিব। এয়া দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজাৰ এক ডাঙৰ পদক্ষেপ।

বন্ধুসকল, নিজৰ এখন ঘৰে জীৱনটোক সহজ কৰি তোলে আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজাৰ নতুন উৎসাহ যোগায়। এক সন্মানৰ ভাৱো জগাই তোলে। ইয়াৰ পৰিপ্ৰেক্ষিততে আমি ২০২২ চনত যেতিয়া ভাৰতে ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰিব, তেতিয়া প্ৰতিটো দৰিদ্ৰ পৰিয়ালক এটা নিজা ঘৰ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰি কাম কৰি আহিছো।

মই সুখী অনুভৱ কৰিছো যে ইতিমধ্যে এই যাত্ৰাৰ আধা ৰাস্তা আমি অতিক্ৰম কৰিছো। ভাই-ভনীসকল, দুখীয়া হওঁক অথবা মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ হওঁক, তেওঁলোকক চাৰি বছৰৰ ভিতৰত জুপুৰী অথবা ভাৰাঘৰৰ পৰা উলিয়াই আনি নিজা এখন ঘৰ দিয়াৰ দিশত চৰকাৰে গুৰুত্ব সহকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টা পূৰ্বতেও হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকৰ লক্ষ্য দুখীয়াসকলক ঘৰ প্ৰদান কৰি সবলীকৰণ কৰাৰ বিপৰীতে বিশেষ পৰিয়ালৰ নামত প্ৰচাৰ কৰাটোহে কাৰণ আছিল। ভোট বেংক সৃষ্টি কৰাটো তেওঁলোকৰ লক্ষ্য আছিল। ঘৰ যে ভাল হ’ব লাগিব, তাত শৌচালয়, বিদ্যুৎ আৰু ৰন্ধন গেছৰ সংযোগ থাকিব লাগে, সেই বিষয়ে পূৰ্বতে কেতিয়াও ভবা নাছিল। যেতিয়া কোনো আঁচনিত ৰাজনৈতিক স্বাৰ্থৰ বিপৰীতে কেৱল দুখীয়াৰ কল্যানক গুৰুত্ব দিয়া হয়, তেতিয়াই তেওঁলোকৰ জীৱন সহজ কৰিবলৈ প্ৰেৰণা পোৱা যায়। তেতিয়া কামৰ গতি কেনেদৰে বৃদ্ধি পাই, সেয়া দেশবাসীয়ে আজি প্ৰত্যক্ষ কৰিব পাৰিছে।

বন্ধুসকল, পূৰ্বৰ চৰকাৰে অন্তিম চাৰি বছৰত সমগ্ৰ দেশত কেৱল ২৫ লাখ গৃহ নিৰ্মাণ কৰিছিল। তাৰ বিপৰীতে আমাৰ চৰকাৰ গঠন হোৱাৰ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰত শাসন কৰিবলৈ লোৱাৰ চাৰি বছৰৰ ভিতৰতে ১.২৫ কোটি গৃহ নিৰ্মাণ কৰিছো।

যদি সেই চৰকাৰ থকা হ’লে ইমানবোৰ ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰায় ২০ বছৰ লাগিলহেতেন। অৰ্থাৎ এই ঘৰ পাবলৈ আপোনালোকে আৰু ২০ বছৰ ৰ’ব লাগিলহেতেন। ক্ষীপ্ৰ গতিৰে কাম কৰা চৰকাৰে দুখীয়াসকলক কেনেকৈ কাম প্ৰদান কৰে, এয়া তাৰে উদাহৰণ। আপোনালোক লক্ষ্য কৰকছোন,  একেখিনি সম্পদ আৰু একেখিনি মানুহেই পৰিষ্কাৰভাৱে দুখীয়াসকলৰ সেৱাৰ প্ৰতি যেতিয়া কাম কৰে তেতিয়া এনে ক্ষীপ্ৰ গতিৰে কামৰ ফলাফল পোৱা যায়।

ভাই-ভনীসকল, পূর্বৰ চৰকাৰক এটা আৱাস নিৰ্মাণ কৰিবলা প্রায় ১৮ মাহ সময় লাগিছিল। আমি সেই কাম ১২ মাহতকৈ কম সময়তে সম্পূৰ্ণ কৰিছো। সময় কমোৱাৰ উপৰি ঘৰৰ আকাৰ বৃদ্ধি কৰিছো। আনহাতে চৰকাৰী সাহায্য ৭০ হাজাৰ টকাৰ পৰা বৃদ্ধি কৰি ১,২০লাখ টকা কৰিছো। আটাইতকৈ গুৰুত্বপূর্ণ বিষয় হ’ল যে এই ধন এতিয়া পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ নিজৰ বেংক একাউণ্টত জমা হয়। হিতাধিকাৰীসকল নির্বাচনো বৈজ্ঞানিক আৰু স্বচ্ছ প্রক্রিয়াৰে কৰা হয়। সেই আৱাস যেন দীর্ঘস্থায়ী হয় আৰু শৌচালয়কে ধৰি সকলো মৌলিক সুবিধা থাকে–সেই দিশত বিশেষ গুৰু্তব দিয়া হৈছে।

মই পুনৰবাৰ প্রধানমন্ত্রী আবাস যোজনাৰ জৰিয়তে যিসকলে আজি নিজৰ ঘৰ পাইছে, তেওঁলোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো। আজি বিভিন্ন জিলাৰ বহু পৰিয়ালৰ গৃহিনীসকলৰ সৈতে কথা পতাৰ সৌভাগ্য হৈছে। সেই ভনীসকলৰ আত্মবিশ্বাসপূর্ণ মুখখনত আনন্দ দেখিবলৈ পাই মই আনন্দিত হৈছো। আমাৰ কামত সন্তুষ্ট হৈ দুখীয়া মানুহৰ মুখত হাঁহি ফুটি উঠিলে আমাৰ জীৱন ধন্য হয়। নতুন কাম কৰাৰ প্রাণশক্তি লাভ কৰো। আজি এই ভনীসকলৰ আশীর্বাদত পুনৰবাৰ সেই সংকল্পক উচ্চাৰণ কৰো যে তেওঁলোকৰ সেৱাৰ বাবে আমি প্রতি মুহূর্ততে আমাৰ জীৱন উৎসর্গ কৰি যাম।

ভাই-ভনীসকল, দেশৰ প্রত্যেক পৰিয়ালতে শৌচালয় গঢ়ি তোলাৰ অভিযান এতিয়া অন্তিম পর্যায়ত উপনীত হৈছে। মহাৰাষ্ট্রই এই ক্ষেত্রত প্রশংসনীয় কাম কৰিছে, নিজৰ ৰাজ্যখনক মুকলি স্থানত মলত্যাগমুক্ত ঘোষণা কৰিছে। সেইবাবে মই ৰাজ্যখনৰ ১১ কোটি নাগৰিকক বহুত বহুত অভিনন্দন জনাইছো। ফলত মহাৰাষ্ট্রৰ প্রতিখন গাওঁ আৰু চহৰৰ অলিগলি পৰিচ্ছন্ন থাকিব। ইয়াৰ সমান্তৰালভাৱে ডায়েৰীয়াৰ দৰে অসংখ্য ৰোগৰ পৰা দুখীয়া কৃষক পৰিয়ালৰ শিশুসকল সুৰক্ষিত হৈ থাকিব।

বন্ধুসকল, শেহতীয়া আৰম্ভ কৰা আয়ুষ্মান ভাৰত আঁচনি-প্রধানমন্ত্রী জন আৰোগ্য যোজনাক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি প্রশংসাৰ সোঁত বৈছে। ইয়াৰ জৰিয়তে বছৰি দেশৰ প্রায় ৫০ কোটি লোকে জটিল ৰোগৰ ক্ষেত্রত বিনামূলীয়া চিকিৎসাৰ নিশ্চিত সুযোগ পাব। মহাৰাষ্ট্রৰ লাখ লাক পৰিয়ালেও এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব। এমাহ নহওতেই ইতিমধ্যে সমগ্ৰ দেশৰ হস্পিটেসমূহত প্রায় ১ লাখ ৰোগী ইয়াৰ দ্বাৰা উপকৃত হৈছে। কাৰো বিনামূলীয়া শল্য চিকিৎসাৰ জৰিয়তে পাথৰ বাহিৰ কৰা হৈছে, আন কাৰোবাৰ টিউমাৰৰ চিকিৎসা কৰা হৈছে। ইয়াৰ বাবে কাৰোবাৰ চিকিৎসাৰ খৰচ হৈছিল ৫০হাজাৰৰ পৰা ৩ লাখ টকা। এতিয়ালৈকে যিমানজনে দাবী কৰিছে তাৰ গড় ব্যয় প্রায় ২০ হাজাৰকৈ টকা দিয়া হৈছে।

বন্ধুসকল, আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে দেশত আধুনিক স্বাস্থ্য পৰিকাঠামো গঢ় দিয়া হৈছে। বিশেষকৈ ২-টিয়াৰ, ৩-টিয়াৰ চহৰসমূহত হাজাৰ হাজাৰ নতুন হস্পিটেল খোলাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই হস্পিটেলসমূহে দেশত লাখ লাখ নৱ প্রজন্মক কর্মসংস্থাপন প্ৰদান কৰিব।

ভাই-ভনীসকল, সমাজৰ প্রত্যেকজন লোকৰ জীৱন সৰল আৰু সুখময় কৰি তুলিবলৈ চৰকাৰে কাম কৰি আহিছে। মই জানো যে এই বছৰ মহাৰাষ্ট্রত বৰুণ দেৱতাৰ কোপদৃষ্টিত বৰষুণ কমিছে। মই আপোনালোকক আশ্বাস দিও যে প্রধানমন্ত্রী ফচল বীমাৰ জৰিয়তে আপোনালোকে শীঘ্ৰে ৰাজসাহায্য লাভ কৰিব। তদুপৰি, মহাৰাষ্ট্র চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিব, সকলো ক্ষেত্রত কেন্দ্রই কান্ধে কান্ধ মিলাই পূর্ণ সহযোগিতা আগবঢ়াব।

ভাই-ভনীসকল, পানীৰ সংকটৰ পৰা কৃষকসকলক মুক্তি দিবলৈ চৰকাৰে প্রধানমন্ত্রী কৃষি সিঞ্চাই যোজনাৰ জৰিয়তে বছৰৰ পাছত বছৰ ধৰি পৰি থকা বহু প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ চেষ্টা কৰিছে। মহাৰাষ্ট্রতো বিভিন্ন প্রকল্পৰ কাম চলিছে। মহাৰাষ্ট্র চৰকাৰেও নিজৰ ‘জলযুক্ত শিৱিৰ অভিযান’ৰ জৰিয়ে পানীৰ সংকট নিবাৰণৰ এক অভূতপূর্ব প্রকল্প আৰম্ভ কৰিছে। এয়া অতি আনন্দৰ বিষয় যে এই অভিযানৰ জৰিয়তে ৰাজ্যখনৰ ১৬ হাজাৰ গাওঁ খৰাংমুক্ত হৈছে আৰু প্রায় ৯ হাজাৰ গাঁৱক খৰাংমুক্ত কৰাৰ কাম দ্রুতগতিত কৰি আছে।

মই মহাৰাষ্ট্রৰ জনসাধাৰণক ইয়াৰ বাবে প্রশংসা কৰো যে তেওঁলোকে অতি সফলতাৰে পানীৰ টেংকসমূহ পৰিষ্কাৰ কৰাৰ লক্ষ্যৰে ‘ডিছিল্টেচন’ অভিযানক আগুৱাই নিছে। ইমান কম সময়ৰ ভিতৰতে ৯ কোটি কিউবিক মিটাৰ বোকা মাটি পৰিষ্কাৰ কৰাটো সহজ কাম নহয়। কিন্তু আপোনালোকে জনঅংশীদাৰিত্বৰ জৰিয়তে এই অভূতপূর্ব কাম দ্রুতগতিত সম্পন্ন কৰি দেশবাসীক পথ দেখুৱাইছে। মোক জনোৱা মতে কোনো ঠিকাদাৰক দিলে এই কাম কৰিবলৈ ৬০০ কোটিতকৈও অধিক টকা খৰচ হ’লহেতেন, কিন্তু আপোনালোকে নিজাৰ পৰিশ্রমেৰে এয়া সম্পূৰ্ণ কৰিলে।

বন্ধুসকল, অধিক ফচল উৎপাদনৰ পাছতো বহু সময়ত সঠিক দাম নাপালে কৃষকসকলৰ ক্ষতি হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে ন্যূনতম সমৰ্থন মূল্য নির্ণয় কৰি কৃষকসকলৰ বহু বছৰৰ পুৰণি দাবী পূৰণ কৰিছে। কুঁহিয়াৰকৈ ধৰি খাৰিফ আৰু ৰবিৰ ২১বিধ শস্যৰ সমৰ্থন মূল্য বিনিয়োগৰ ওপৰ ৫০ শতাংশ লাভ সুনিশ্চিত কৰিছে। এই ঐতিহাসিক সিদ্ধান্তৰ ফলত এই বছৰ দেশৰ কৃষকসকলৰ হাজাৰ হাজাৰ কোটি টকা অতিৰিক্ত আয় সুনিশ্চিত হ’ব।

বন্ধসকল, কৃষিৰ সমান্তৰালভাৱে পর্যটন খণ্ডকো চৰকাৰে উৎসাহ যোগাইছে। মহাৰাষ্ট্রত ছিৰ্দিৰ দৰে বহু ডাঙৰ ডাঙৰ তীর্থ স্থানৰ লগতে অজন্তা-ইলোৰাৰ দৰে ঐতিহাসিক গুৰুত্বপূৰ্ণ পর্যটন কেন্দ্র আছে, য’ত সমগ্ৰ পৃথিৱীৰ পৰা পর্যটক আহে। আমি ধর্ম আৰু ইতিহাসৰ সৈতে স্থানীয় যুৱক-যুৱতীসকলৰ কর্মসংস্থাপনক যুক্ত কৰাৰ এক বৃহৎ অভিযান আৰম্ভ কৰিছো।

দেশৰ পর্যটন কেন্দ্ৰসমূহক পৰস্পৰৰ সৈতে যুক্ত কৰাৰ লগতে সেইবোৰত সকলো আধুনিক সেৱা আৰম্ভ কৰা হৈছে। এই ছিৰ্দিতে য়োৱা বছৰ যেতিয়া শতবৰ্ষ সমাৰোহ আৰম্ভ কৰাৰ বাবে মাননীয় ৰাষ্ট্রপতি আহিছিল, তেতিয়া তেওঁ ছিৰ্দিবাসীক এক বিমানবন্দৰ উপহাৰ দিছিল। মোক জনোৱা মতে এতিয়া এই বিমানবন্দৰত যিমান বিমান অহা-যোৱা কৰে সেইবোৰৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব।

ভাই-ভনীসকল, মহাৰাষ্ট্রৰ ভূ-খণ্ডই সদায় দেশক সামাজিক সমতাৰ শিক্ষা দি আহিছে। বীৰ শিৱাজীৰ পৰা আৰম্ভ কৰি বাবাচাহাব ভীমৰাও আম্বেদকাৰ অথবা পূজ্য মহাত্মা জ্যোতিবা ফুলে, প্রত্যেকেই সাম্য আৰু একতাক সমাজৰ শক্তি বুলি বিশ্বাস কৰিছিল। তেওঁলোকৰ শিক্ষা গ্রহণ কৰি আগুৱাই গ’লে সমাজত বিভাজন সৃষ্টিকাৰী প্রতিটো অপশক্তি আৰু অন্যায়ক পৰাজিত কৰিব পাৰিব। আহক, এই বিজয়া দশমীতে আমি ‘সবকা সাথ, সবকা বিকাশ’ আৰু ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ সংকল্পক আৰু সুদৃঢ় কৰো। ছাইবাবাই আমাক যি পথ দেখুৱাই গৈছে, সেই পথেৰেই আমি আগুৱাই যাব লাগিব।

বন্ধুসকল, আজি এই পবিত্র স্থানত ছাইবাবাৰ সমাধিৰ শতবর্ষ উদযাপন সমাৰোহৰ সামৰণী পৰিছে। অহা ৩১ অক্টোবৰত মহাৰাষ্ট্রত আপোনালোকৰ প্রিয় চৰকাৰৰ চতুৰ্থ বৰ্ষপূর্তি আছে, সেইবাবে মই মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাবিছৰ লগতে তেওঁৰ গোটেই টীমটোক আগতীয়াকৈ শুভেচ্ছা জনাইছো। আপোনালোকে এনেদৰেই পূর্ণ শক্তিৰে মহাৰাষ্ট্রবাসীৰ সেৱা কৰে যাওক আৰু প্রত্যেক লোকৰ পৰা আশীর্বাদ পাই থাকক, তাকে মই কামনা কৰিছো।

এই বিশ্বাসেৰে পুনৰবাৰ যিসকলেৰা দশেৰাৰ ক্ষণত নিজৰ সপোনৰ ঘৰ লাভ কৰিলে, তেওঁলোকক বহুত বহুত শুভেচ্ছা জনাই তেওঁলোকৰ জীৱনৰ সাফল্য আৰু সমৃদ্ধি কামনা কৰি মোৰ বক্তব্য সাৰমণী মাৰিছো। এই পবিত্র অনুষ্ঠানলৈ মোক আমন্ত্রণ জনোৱাৰ বাবে আপোনালোক সকলোকে মই কৃতজ্ঞতা জনাইছো। ছাইবাবা ট্রাষ্টৰ প্রতিও অশেষ কৃতজ্ঞতা জনাইছো। অনাগত দিনত প্রতিটো উৎসৱে আপোনালোকৰ জীৱনলৈ সীমহীন আনন্দ কঢ়িয়াই আনক। পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘India Will Write Future For The Next 1000 Years’: PM Modi At Republic Summit 2026, Declares Nation Has ‘A Memory Chip Of Centuries’

Media Coverage

‘India Will Write Future For The Next 1000 Years’: PM Modi At Republic Summit 2026, Declares Nation Has ‘A Memory Chip Of Centuries’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi interacts with IAS Officer Trainees of 2024 Batch posted as Assistant Secretaries
June 23, 2026
PM stresses on ‘Nagrik Devo Bhava’ and urges Officers to Keep Citizens at the Centre of Governance
PM calls for Whole-of-Government Approach and eliminating silos to Address Developmental Challenges
PM calls upon Young Civil Servants to Lead India’s Journey Towards Viksit Bharat@2047
PM Highlights Technology, AI and Data-Driven Governance as Key Enablers of Future Administration

Prime Minister Shri Narendra Modi interacted with 183 Officer Trainees of IAS 2024 batch who have been attached as Assistant Secretaries in various Ministries and Departments in New Delhi earlier today at Seva Teerth.

The young Officer Trainees shared their experiences from their field training and their attachment in Ministries. Addressing the officers, the Prime Minister said that after two years of field exposure and administrative learning, they now stand at a crucial stage where their decisions will shape not just their own careers, but the future of crores of citizens. He emphasized that the real test of public service begins by handling real-life situations with integrity, sensitivity, and commitment.

The Prime Minister urged the young civil servants to dedicate themselves to nation-building with a strong sense of purpose, innovation, and citizen-centric governance. He urged the officers to always remember the human impact behind every administrative file. He said that every file represents the aspirations, concerns, and lives of countless citizens. Stressing the mantra of “Nagrik Devo Bhava”, he called upon officers to place citizens at the center of every decision and ensure governance remains empathetic, responsive, and inclusive.

Calling for a whole-of-government approach, the Prime Minister stressed that major developmental challenges cannot be solved in silos. He further noted that effective coordination across departments is essential for achieving meaningful and lasting outcomes.

Highlighting the vision of Viksit Bharat 2047, the Prime Minister noted that every policy and administrative decision over the coming decades must contribute towards building a developed India. He stressed that India’s priorities today include Aatmanirbhar Bharat, Make in India, manufacturing growth, energy security, and creating opportunities for youth.

The Prime Minister underlined the transformation in governance over the last decade, noting that administration has moved from a process-centric model to a result-oriented approach. He cited the growing role of digital governance, artificial intelligence and technology in improving service delivery, enabling citizens to access services with ease and transparency.

Emphasizing the importance of data-driven governance, the Prime Minister said data must not be viewed merely as numbers but as a reflection of the collective lives, challenges, and aspirations of millions of people. He asked officers to regularly verify whether policies are effectively translating into outcomes on the ground.

Prime Minister also highlighted the growing role of women in nation-building, noting that more than 40 percent of the current batch comprises women officers.

Prime Minister urged the young officers to constantly evaluate their contribution towards nation-building and derive satisfaction not from positions held, but from measurable outcomes achieved. He expressed confidence that their energy, talent, and dedication would play a pivotal role in taking India’s development journey to new heights.

Shri Jitendra Singh, Minister of State (Personnel), Shri P. K. Mishra, Principal Secretary to the Prime Minister, Shri Shaktikanta Das, Principal Secretary-2 to the Prime Minister, Shri T.V. Somanathan, Cabinet Secretary, Ms. Rachna Shah, Secretary (DoPT), Shri Sriram Taranikanti, Director LBSNAA and other senior officers were also present during the interaction.