India has a long tradition of handicrafts and Varanasi has played a key role in this regard: PM Modi
We want our weavers and artisans belonging to the carpet industry to prosper and get global recognition: PM Modi
For the carpet sector, our mantra is Farm to Fibre, Fibre to Fabric, Fabric to Fashion and Fashion to Foreign: PM Modi

বাৰাণসীত উপস্থিত মন্ত্ৰীপৰিষদৰ মোৰ সহযোগী স্মৃতি ইৰাণী মহোদয়া, কাৰ্পেট খণ্ডৰ সৈতে জড়িত উদ্যমীসকল, মোৰ শিপিনী ভাই-ভনীসকল আৰু তাত উপস্থিত অন্য সকলো মহানুভৱ৷ কাশীৰ পবিত্ৰ ভূমিলৈ সমগ্ৰ দেশৰ, বিদেশৰ পৰা অহা সকলোলৈ মই অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ৷ মোক কোৱা হৈছে যে বিশ্বৰ প্ৰায় ৩৮খন দেশৰ আঢ়ৈশতকৈও অধিক অতিথিয়ে এই এক্সপ’ত অংশগ্ৰহণ কৰিছে৷ ইয়াৰোপৰি জম্মু-কাশ্মীৰ, পশ্চিম বংগ আৰু দেশৰ অন্য ৰাজ্যৰ পৰাও কাৰ্পেট খণ্ডৰ সৈতে জড়িত অধিক লোকে ইয়াত অংশগ্ৰহণ কৰিছে৷ আপোনালোক সকলোকে বাৰাণসীত বাৰাণসীৰ সাংসদ হোৱা হেতুকে স্বাগতম জনাইছোঁ৷

বন্ধুসকল, দেশত এতিয়া উৎসৱৰ বতৰ৷ দশেৰা, দূৰ্গাপুজাৰ পিছত মই প্ৰথমবাৰলৈ প্ৰযুক্তিৰ মাধ্যমেৰে বাৰাণসীৰ সৈতে জড়িত হোৱাৰ সুবিধা পাইছোঁ৷ আপোনালোক সকলোৱে ধনতেৰাছ আৰু দীপাৱলীৰ প্ৰস্তুতিৰ সৈতে ব্যস্ত৷ এয়া বছৰটোৰ সেইখিনি সময় যিসময়ত আপোনালোক সকলোৱে অধিক ব্যস্ত হৈ থাকে৷ এইখিনি সময়ত আন সময়তকৈ কাম অধিক হয় কাৰণ চাহিদা বৃদ্ধি হয়৷ আপোনালোকৰ শ্ৰমৰ, কলাৰ পুৰস্কাৰ আপোনালোকে পাওক, ইয়াৰ বাবেও এয়া অতিশয় উত্তম সময়৷

বন্ধুসকল, বাৰাণসী আৰু উত্তৰ প্ৰদেশৰ পৰা শিপিনী তথা ব্যৱসায়ী ভাই-ভনীসকলৰ বাবে এইবাৰৰ উৎসৱৰ আনন্দ দুগুণ হৈছে৷ দীনদয়াল হস্তকলাৰ অধীনত প্ৰথমবাৰলৈ ইণ্ডিয়া কাৰ্পেট এক্সপ’ অনুষ্ঠিত হৈছে৷ ইয়াৰ বাবে আপোনালোক সকলোকে অশেষ অভিনন্দন জনাইছোঁ৷ এতিয়া দিল্লীৰ সৈতে বাৰাণসীত ভাৰতৰ কাৰ্পেট উদ্যোগক, আমাৰ শিপিনীসকলক, ডিজাইনাৰসকলক, ব্যৱসায়ীসকলক, নিজৰ কৌশল, নিজৰ উৎপাদন বিশ্বৰ সন্মুখত প্ৰদৰ্শিত কৰাৰ অৱকাশ পাইছে৷

বন্ধুসকল, মই সুখী যে যিসমূহ লক্ষ্যক লৈ দীনদয়াল হস্তকলাৰ নিৰ্মাণ কৰা হৈছে, সেই লক্ষ্যসমূহৰ প্ৰতি আমি দ্ৰুত গতিত আগবাঢ়িছোঁ৷ এয়া এইকাৰণেও গুৰুত্বপূৰ্ণ যে এই স্থানটো ক্ষেত্ৰীয় শিপিনী, কাৰ্পেট উদ্যোগৰ কেন্দ্ৰ হৈ উঠিছে৷ ইয়াত দেশৰ হস্তশিল্পৰ সৈতে জড়িত প্ৰায় এক চতুৰ্থাংশ শিপিনী, শ্ৰমিক আৰু কাৰিকৰী ভাই-ভনী আছে৷ বাৰাণসীয়েই হওক, ভদোই হওক, মিৰ্জাপুৰেই হওক, এয়া কাৰ্পেট উদ্যোগৰ কেন্দ্ৰ, আৰু এতিয়া পূব ভাৰত, এয়া সমগ্ৰ ক্ষেত্ৰ দেশৰ বয়ন ৰপ্তানিৰো বিশ্বজনীন কেন্দ্ৰ হৈ উঠিছে৷ এয়াই নহয়, দীনদয়াল হস্তকলাইও হস্ততাঁতৰ ক্ষেত্ৰত এই আন্তঃৰাষ্ট্ৰীয় পৰিচয়ক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷

বন্ধুসকল, চৰকাৰে এয়া নিৰন্তৰভাৱে প্ৰয়াস কৰি আছে যে হস্তশিল্প লঘূ আৰু মজলীয়া উদ্যোগক প্ৰোৎসাহিত কৰাৰ বাবে প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি প্ৰচাৰ আৰু প্ৰসাৰক গুৰুত্ব প্ৰদান কৰি আছে, সুবিধাসমূহক সামগ্ৰী নিৰ্মাণ হোৱা স্থানলৈ যোগান ধৰা হৈছে৷ এইবাৰ বাৰাণসীত হৈ থকা এই ইণ্ডিয়া কাৰ্পেট এক্সপ’ এই ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ হিচাপে গঢ় লৈ উঠিছে, লগতে বয়ন ক্ষেত্ৰৰ বাবে আমাৰ ফাইভ এপৰ দৃষ্টিভংগীও এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে হোৱা পৰিলক্ষিত হৈছে৷ আৰু যেতিয়াই মই ফাইভ এপৰ কথা কওঁ তেতিয়া এই ফাইভ এপৰ অৰ্থ হ’ল Farm to Fiber, Fiber to Factory, Factory to Fashion, Fashion to Foreign ৷ এই কৃষক আৰু শিপিনীক প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে জড়িত এয়া এক বৃহৎ পদক্ষেপ৷

অনাগত চাৰিটা দিনৰ সময়চোৱাত এই এক্সপ’ত একতকৈও অধিক উৎকৃষ্ট ডিজাইনৰ প্ৰদৰ্শন হ’ব, কোটি কোটি টকাৰ ব্যৱসায় হ’ব, বুজা-পৰা হ’ব, ব্যৱসায়ৰ নতুন অৱকাশ মুকলি হ’ব, শিপিনীসকলে নতুন অৰ্ডাৰ লাভ কৰিব৷ মোৰ বিশ্বাস যে বিদেশৰ পৰা যি ব্যৱসায়ী বন্ধু আহিছে, সেয়াও আমাৰ সংস্কৃতি, কাশী আৰু পৰিৱৰ্তিত ভাৰতৰ ব্যৱসায়িক পৰিবেশৰ অভিজ্ঞতা লাভ কৰিব৷

বন্ধুসকল, হস্তশিল্পক লৈ ভাৰতৰ এক বৃহৎ পৰম্পৰা আছে৷ ভাৰতৰ গ্ৰামীণ এলেকাসমূহত আজিও সূতা কটাৰ বাবে যঁতৰ ব্যৱহৃত হয়৷ বাৰাণসীৰ ভূমিয়েতো এই সংক্ৰান্তত আৰু অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ সন্ত কবীৰে সূতাও কাটিছিল আৰু তাৰ জৰিয়তে জীৱনৰ বাৰ্তা প্ৰদান কৰিছিল৷ কবীৰদাসে কৈছে-

কহি কবীৰ সুনো হো সন্তো, চৰখা লখে জো কোই৷

জো য়হ চৰখা লখি ভয়ে, তাকো অৱাগমন ন হোয়ে৷৷

অৰ্থাৎ যঁতৰেই জীৱনৰ সাৰ আৰু যিয়ে ইয়াক বুজি পাইছে, তেওঁলোকে জীৱনৰ মৰ্মও বুজি পাইছে৷ য’ত হস্তশিল্পক জীৱনৰ ইমান বৃহৎ দৰ্শনৰ সৈতে জড়িত কৰা হৈছে তাত শিপিনীসকলৰ জীৱন সৰল কৰাৰ বাবে এই প্ৰকাৰৰ ব্যৱস্থা যেতিয়া নিৰ্মিত হয় তেতিয়া সন্তোষৰ ভাৱ উদয় হয়৷

বন্ধুসকল, আমাৰ দেশত হস্তশিল্প-ব্যৱসায়, ব্যৱসায়ৰ উপৰিও প্ৰেৰণা, স্বতন্ত্ৰতাৰ বাবে সংঘৰ্ষ, স্বাৱলম্বনৰ মাধ্যম হিচাপে পৰিচিত হৈছে৷ গান্ধীজী, সত্যাগ্ৰহ আৰু যঁতৰ আমাৰ স্বাধীনতাৰ আন্দোলনত কি মহত্ব আছে এয়া আমি ভালকৈ জানো৷
হস্তশিল্পৰ জৰিয়তে স্বাৱলম্বনৰ এই বাৰ্তাক সৱলীকৰণ কৰাৰ বাবে আপোনালোক সকলোৰে সহযোগত চৰকাৰে নিৰন্তৰ প্ৰয়াস কৰি আছে৷ এই কাৰণতেই ভাৰত আজি বিশ্বৰ সকলোতকৈ বৃহৎ কাৰ্পেট উৎপাদক দেশ হিচাপে পৰিচিত হৈছে৷ বিগত চাৰি-চাৰে চাৰি বৰ্ষত হাতেৰে নিৰ্মিত কাৰ্পেটৰ ক্ষেত্ৰত আমি বিশ্বৰ শীৰ্ষ স্থানত আছোঁ৷ এই লক্ষাধিক শিপিনী, ডিজাইনাৰ, ব্যৱসায়ীৰ শ্ৰম আৰু চৰকাৰৰ নীতিসমূহৰ বাবে এয়া সম্ভৱ হৈছে৷

বন্ধুসকল, আজি সমগ্ৰ বিশ্বৰ কাৰ্পেট বজাৰৰ এক তৃতীয়াংশতকৈও অধিক অৰ্থাৎ ৩৫ শতাংশ ভাৰতৰ ওচৰত আছে আৰু অনাগত দুই তিনিটা বৰ্ষত এয়া বৃদ্ধি হৈ ৫০ শতাংশ হোৱাৰ অনুমান কৰা হৈছে৷ অৰ্থাৎ অনাগত বৰ্ষসমূহত বিশ্বত কাৰ্পেটৰ যিমান ব্যৱসায় হ’ব তাৰ আধা অংশ ভাৰতৰ ওচৰত থাকিব, আপোনালোক সকলোৰে ওচৰত থাকিব৷

যোৱা বৰ্ষত আমি ৯ হাজাৰ কোটি টকাৰ কাৰ্পেট ৰপ্তানি কৰিছিলো৷ এইবাৰ প্ৰায় ১০০ দেশক আমি কাৰ্পেট ৰপ্তানি কৰিছোঁ৷ এয়া প্ৰশংসনীয় কাৰ্য কিন্তু আমি ইয়াক আগুৱাই লৈ যাব লাগিব৷ আমি চেষ্টা চলাব লাগিব যে ২০২২ চনত যেতিয়া আমাৰ স্বতন্ত্ৰতাৰ ৭৫ বৰ্ষ সম্পন্ন হ’ব তেতিয়া আমি ৰপ্তানিৰ এই সংখ্যা বৃদ্ধি কৰি আঢ়ৈ গুণতকৈও অধিক, ২৫ বাজাৰ কোটি টকালৈ লৈ যাম৷

কেৱল ৰপ্তানিয়েই নহয়, দেশতো কাৰ্পেটৰ ব্যৱসায় বিগত চাৰিটা বৰ্ষৰ সময়চোৱাত তিনি গুণতকৈও অধিক বৃদ্ধি হৈছে৷ চাৰি বছৰ পূৰ্বে যি বজাৰ ৫০০ কোটিৰ আছিল আজি সেয়া ১৬০০ কোটিৰ হৈ পৰিছে৷

দেশত কাৰ্পেট বজাৰৰ পৰিসৰ বৃদ্ধি হোৱাৰ দুটা স্পষ্ট কাৰণ আছে৷ প্ৰথম, দেশত মধ্যম বৰ্গৰ লোকৰ অহৰহ বৃদ্ধি হৈছে আৰু দ্বিতীয়তে কাৰ্পেট উদ্যোগৰ বাবে, তেওঁলোকৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে অভুতপূৰ্ব সুবিধা প্ৰদান কৰা হৈছে৷

বন্ধুসকল, এই ট্ৰেণ্ডক লৈ আমি আগবাঢ়িলে কাৰ্পেট উদ্যোগৰ, সমগ্ৰ বয়ন ক্ষেত্ৰৰ ভৱিষ্যত দেশৰ ভিতৰতে উজ্বল৷ আজি ভাৰত বিশ্বৰ একমাত্ৰ দেশ যি ক্ষুদ্ৰতকৈও ক্ষুদ্ৰতম আৰু বৃহৎতকৈও বৃহত্তম কাৰ্পেট নিৰ্মাণ কৰে৷ এয়াই নহয়, ভাৰতৰ কাৰ্পেট কলা আৰু শিল্পৰ ক্ষেত্ৰত উৎকৃষ্ট হোৱাৰ লগতে পৰিবেশ অনুকূলো হয়৷ এয়া আপোনালোক সকলোৰে মেধা, আপোনালোকৰ দক্ষতাৰে প্ৰভাৱ যে সমগ্ৰ বিশ্বত মেড ইন ইণ্ডিয়া কাৰ্পেট, এই মেড ইন ইণ্ডিয়া কাৰ্পেট এক বৃহৎ ব্ৰেণ্ড হিচাপে উদ্ভাসিত হৈছে৷

বন্ধুসকল, এই ব্ৰেণ্ডক অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰ সকলো ধৰণে প্ৰতিশ্ৰুতিবদ্ধ৷ কাৰ্পেট ৰপ্তানিকাৰীৰ অসুবিধা নহওক তাৰবাবে লজিষ্টিক সমৰ্থনক আৰু অধিক শক্তিশালী কৰা হৈছে৷ সমগ্ৰ দেশত গুদাম আৰু শ্ব’ৰূমৰ সুবিধা প্ৰদান কৰা যোজনা সম্পৰ্কতো ক্ষীপ্ৰতাৰে কাম চলি আছে৷ ইয়াৰ দ্বাৰা আপোনালোক এক বৃহৎ বজাৰলৈ নিজৰ সামগ্ৰী সহজে যোগান ধৰিব পাৰিব৷

কেৱল এয়াই নহয়, প্ৰযুক্তি আৰু গুণগততা সম্পৰ্কতো সুবিধাসমূহৰ নিৰ্মাণ কৰা হৈছে৷ ভদোই আৰু শ্ৰীনগৰত কাৰ্পেটৰ পৰীক্ষণৰ সুবিধাৰ বাবে ইণ্ডিয়ান ইন্সটিটিউট অব্ কাৰ্পেট টেকন’ল’জী অৰ্থাৎ আইআইচিটি; ইয়াত বিশ্বমানৰ গৱেষণাগাৰ স্থাপন কৰা হৈছে৷ আমাৰ প্ৰয়াস এয়াই যে আমাৰ সামগ্ৰী, শূন্য সমস্যাযুক্ত হওক য’ত কোনো ধৰণৰ ক্ৰুটি নাথাকক আৰু পৰিবেশৰ চিন্তাও যাতে তাতে পৰিলক্ষিত হয়৷

ইয়াৰোপৰি, কাৰ্পেটৰ সৈতে হস্তশিল্পৰ আনবোৰ সামগ্ৰীৰ বিপণন আৰু শিপিনীসকলৰ অন্য সহায়ৰ বাবেও অনেক ব্যৱস্থা প্ৰস্তুত কৰা হৈছে৷ তাত বাৰাণসীতেই ৯ টা সাধাৰণ সুবিধা কেন্দ্ৰ, সাধাৰণ সেৱা কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে৷ এই কেন্দ্ৰসমূহৰ লাভ অনেক শিপিনীয়ে লাভ কৰিছে৷

বন্ধুসকল, গুণগততাৰ উপৰিও শিপিনীসকল, ক্ষুদ্ৰ ব্যৱসায়ীসকলক টকাৰ যাতে সমস্যা নহয়, ইয়াৰ বাবেও অনেক প্ৰয়াস কৰা হৈছে৷ মুদ্ৰা যোজনাৰ অধীনত ৫০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ১০ লাখ টকাৰ গেৰাণ্টীৰ ঋণৰ দ্বাৰা বহুত সহায় কৰা হৈছে৷ শিপিনীসকলৰ বাবে মুদ্ৰা যোজনাত ১০ হাজাৰ টকাৰ মাৰ্জিন মনীৰ ব্যৱস্থা কৰা হৈছে৷

কেৱল এয়াই নহয়, এতিয়া যিবোৰ সহায় অথবা ঋণ শিপিনীসকলৰ প্ৰদান কৰা হৈছে সেয়া বহু কম সময়ৰ ভিতৰতেই প্ৰত্যক্ষভাৱে তেওঁলোকৰ একাউণ্টত প্ৰদান কৰা হৈছে৷ ‘পহচান’ নামৰ যি পৰিচয় পত্ৰ শিপিনীসকলক দিয়া হৈছে, তাৰ জৰিয়তে দালাল শ্ৰেণীক নিৰ্মূল কৰাত বহুত সহায় পোৱা গৈছে৷

ইয়াৰোপৰি ভদোই, মিৰ্জাপুৰ মেগা কাৰ্পেট ক্লাষ্টাৰ আৰু শ্ৰীনগৰ কাৰ্পেট ক্লাষ্টাৰৰ জৰিয়তে শিপিনীসকলক আধুনিক শালো প্ৰদান কৰা হৈছে৷ শাল চলোৱাৰ কৌশল সৃষ্টিৰ বাবে প্ৰশিক্ষণো প্ৰদান কৰা হৈছে৷ শিপিনীসকলৰ কৌশলৰ অগ্ৰগতি হওক ইয়াৰ বাবে দক্ষতা বিকাশৰ অনেক কাৰ্যসূচী প্ৰণয়ন হৈছে৷

বন্ধুসকল, পূৰ্বে যেতিয়াই শিপিনী ভাই-ভনীসকলৰ সৈতে কথা হৈছিলো তেতিয়া এটা কথা নিশ্চয়কৈ শুনিবলৈ পাইছিলো, তেওঁলোকে কৈছিল যি আমাৰ সন্তানে এই কামৰ সৈতে জড়িত হ’ব নিবিচাৰে৷ ইয়াতকৈ গম্ভীৰ স্থিতি কি হ’ব পাৰে? আজি যেতিয়া আমি কাৰ্পেটৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষত আৰোহণ কৰিছোঁ, সেই ক্ষেত্ৰত অনাগত প্ৰজন্মক উৎসাহিত কৰাটোও সিমানেই আৱশ্যক৷

এই লক্ষ্যৰে সৈতে আইআইচিটী ভদোইত কাৰ্পেট প্ৰদ্যোগিকীত বি.টেকৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে৷ দেশৰ বিভিন্ন স্থানতো প্ৰশিক্ষন সংস্থাত এই ধৰণৰ কাৰ্যক্ৰম চলোৱাৰ যোজনা কৰা হৈছে৷ শিপিনীসকলৰ কৌশলৰ সৈতে তেওঁলোকৰ আৰু তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ওপৰতো ধ্যান প্ৰদান কৰা হৈছে৷ দুখীয়া শিপিনীসকলৰ পৰিয়ালৰ সন্তানৰ মাচুলৰ ৭৫ শতাংশ চৰকাৰে বহন কৰিছে৷

বন্ধুসকল, আপোনালোকৰ কলা আৰু শ্ৰমক ৰাষ্ট্ৰৰ শক্তি হিচাপে নিৰ্মাণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ অনাগত সময়ত দেশৰ বাবে, বাৰাণসীৰ বাবে এই কলাৰ প্ৰদৰ্শন কৰাৰ বহুত ডাঙৰ অৱকাশৰ সৃষ্টি হ’ব৷

অনাগত বৰ্ষৰ জানুৱাৰীত যি প্ৰবাসী ভাৰতীয় সন্মিলন কাশীত অনুষ্ঠিত হ’ব সেয়াও প্ৰচাৰৰ এক বৃহৎ মাধ্যম হিচাপে পৰিচিত হ’ব৷ মোৰ বিশ্বাস যে সমগ্ৰ বিশ্বৰ পৰা অহা ব্যৱসায়ী বন্ধুসকল আমাৰ হস্তশিল্পৰ সৈতে আমাৰ সাংস্কৃতিক স্মৃতি আৰু পৰিৱৰ্তিত কাশীৰ আনন্দও লাভ কৰিব৷

পুনৰবাৰ আপোনালোক সকলোকে ধনতেৰাছ, দীপাৱলী আৰু ষঠ পুজাৰ আগতীয়া শুভেচ্ছা জনাইছোঁ আৰু এই সফল আয়োজনৰ বাবে, কাশীক আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠা প্ৰদান কৰাৰ বাবে মই মন্ত্ৰালয়ক, মোৰ শিপিনী ভাই-ভনীসকলক, আমদানি-ৰপ্তানিৰ সৈতে জড়িত সকলো মহানুভৱক কাশীলৈ অহাৰ বাবে, কাশীৰ প্ৰতিষ্ঠাক কেন্দ্ৰলৈ অনাৰ বাবে মই পুনৰবাৰ অশেষ শুভকামনা জনাইছো৷

অশেষ অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।