India will give a befitting reply to the perpetrators of the Pulwama terror attack: PM Modi
Defence corridor in Bundelkhand will be a boon for the region: PM Modi
Guided by the mantra of 'Sabka Saath, Sabka Vikas', we are moving ahead on the path of development: PM Modi in Jhansi

মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল,
আজি দেশ যথেষ্ট উদ্বিগ্ন আৰু দুখী৷ ইয়ালৈ অহা আপোনালোক সকলোৰে ভাৱনাক মই ভালদৰেই অনুধাৱন কৰিব পাৰিছো৷ পুলৱামাত সন্ত্ৰাসবাদীয়ে যে আক্ৰমণ কৰিলে তাৰ দ্বাৰা সমূহ ভাৰতীয় আক্ৰোশৰ অগ্নিত জ্বলি উঠিছে৷ আমাৰ বীৰ সৈনিকসকলে দেশৰ ৰক্ষাত নিজৰ জীৱন আহুতি দিছে, তেওঁলোকৰ এই বলিদান ব্যৰ্থ নহ’ব৷ এই নিশ্চিতি ঝাঁচীৰ ভূমিৰ পৰা, বীৰ আৰু বীৰাংগনাৰ ভূমিৰ পৰা ১৩০ কোটি ভাৰতীয়ক প্ৰদান কৰিব বিচাৰিছো৷
আমাৰ সুৰক্ষা বলৰ শৌৰ্য, তেওঁলোকৰ পৰাক্ৰম দেশে প্ৰত্যক্ষ কৰিছে আৰু আমাৰ দেশত এনেকুৱা কোনো নাই যাৰ আমাৰ সৈন্যসকলৰ শৌৰ্য আৰু সামৰ্থৰ ওপৰত ৰতিৰ মানো সন্দেহ আছে৷ দেশে তেওঁলোকৰ সামৰ্থ আৰু শৌৰ্যত সম্পূৰ্ণৰূপে আশ্বস্ত৷
আৰু মোৰ মৰমৰ দেশবাসীসকল, ইয়ালৈ আশীৰ্বাদ দিয়াৰ বাবে উপস্থিত হোৱা মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, সুৰক্ষাবলক আগন্তুক পদক্ষেপ নিৰ্ধাৰণ কৰাৰ বাবে সময়, স্থান, স্বৰূপ কি হ’ব, এই সকলোবোৰ সিদ্ধান্ত স্বয়ং লোৱাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে৷ পুলৱামা আক্ৰমণৰ দোষী, পুলৱামা আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলে এই ভুলৰ শাস্তি পাবই৷ আমাৰ চুবুৰীয়া দেশে এই কথা পাহৰি গৈছে যে এই নীতি নতুন ভাৰতৰ নীতি৷ সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ সদস্যসমূহে যি হিংস্ৰতা প্ৰদৰ্শিত কৰিছে, তাৰ সম্পূৰ্ণ হিচাপ লোৱা হ’ব৷
বন্ধুসকল, আমাৰ চুবুৰীয় দেশে এই সময়ত আৰ্থিক অনাটনৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে৷ তেওঁলোকৰ অৱস্থা ইমানেই বেয়া যে ডাঙৰ ডাঙৰ দেশসমূহে তেওঁলোকৰ পৰা আঁতৰিবলৈ ধৰিছে৷ তেওঁলোকৰ বাবে দৈনিক খৰচ উলিওৱাটো সমস্যা হৈ পৰিছে৷ তেওঁলোকে ভিক্ষাপাত্ৰ লৈ ঘূৰিছে কিন্তু বিশ্বৰ পৰা তেওঁলোকে সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অনাটনৰ এই সময়ত তেওঁলোকে ভাৰতত আক্ৰমণ কৰি, পুলৱামাৰ দৰে হিংস্ৰতাৰ সৃষ্টি কৰি ভাবিছে যে ভাৰতো অনাটনৰ সন্মুখীন হ’ব৷ পাকিস্তানত বহি থকা আমাৰ শত্ৰুসকল, এয়া আপোনালোকে ভালদৰেই জানি লওক- আপোনালোকে যি পথ গ্ৰহণ কৰিছে তাতে লোকচান আপোনালোকৰেই৷ আমি যি পথ গ্ৰহণ কৰিছো তাৰ দ্বাৰা দিনত দুগুণ আৰু ৰাতি চাৰিগুণ উন্নতি হোৱা বিশ্বই প্ৰত্যক্ষ কৰিছে৷
ভাতৃ আৰু ভগ্নীসকল, আমাৰ চুবুৰীয়াক দেশৰ ১৩০ কোটি জনতাই একত্ৰিতভাৱে উত্তৰ দিব, প্ৰত্যুত্তৰ দিব৷
বন্ধুসকল, আজি বিশ্বৰ বৃহৎ বৃহৎ দেশসমূহ ভাৰতৰ সৈতে থিয় হৈছে, ভাৰতৰ ভাৱনাক সমৰ্থন কৰিছে৷ মোৰ ওচৰলৈ যি বাৰ্তা আহিছে, তাৰ দ্বাৰা গম পোৱা হৈছে যে তেওঁলোক কিমান দুখী, কিমান ক্ৰোধান্বিত হৈছে৷ সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদৰ এই পৰম্পৰাক ধ্বংস কৰাৰ পক্ষত আছে৷
বন্ধুসকল, বীৰ সন্তান আৰু বীৰ সন্ততিসকলৰ এই ভূমিয়ে শত্ৰুৱে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় তাৰ উচিত প্ৰত্যুত্তৰ কিদৰে দিব লাগে সেয়া জানে৷ এই ভূমি সাক্ষী আছে, মা ভাৰতীৰ ৰক্ষা, তেওঁৰ সন্তানসকলৰ ৰক্ষা আমাৰ বাবে সদায়েই সৰ্বোপৰি প্ৰতিপন্ন হৈছে৷
বন্ধুসকল, এই ভূমি মণিকৰ্ণিকাৰ শৌৰ্যৰ ভূমি যিয়ে ঝাঁচীৰ ৰাণীৰ ৰূপত দেশক স্বাধীনতাৰ আন্দোলনৰ নতুন উৎসাহ, নতুন প্ৰেৰণা প্ৰদান কৰিছিল৷ মণিকৰ্ণিকা আছিল কাশীৰ সন্তান আৰু মোৰ সৌভাগ্য যে তাৰে জনতাই, কাশীয়ে মোক নিজৰ সাংসদ হিচাপে নিৰ্বাচিত কৰিছে; আৰু সেইবাবে তেওঁৰ জন্মভূমি, মোৰ কৰ্মভূমি বুণ্ডেলখণ্ডৰ সৈতে এক বিশেষ স্নেহৰ সূতাৰে মই জড়িত৷ বুণ্ডেলখণ্ডই ৰাষ্ট্ৰৰ ভক্তিৰ পৰা আৰম্ভ কৰি, দেশৰ আস্থালৈ এক নতুন উচ্চতা প্ৰদান কৰিছে৷ মোৰ মনত আছে, যেতিয়া মই আপোনালোকৰ ওচৰলৈ প্ৰথমবাৰলৈ আহিছিলো তেতিয়া আপোনালোকক প্ৰতিজ্ঞা কৰিছিলো যে আপোনালোকে মোক যি স্নেহ প্ৰদান কৰিছে তাক সূতে-মূলে মই ঘূৰাম৷ আপোনালোকৰ মনত আছেনে? মই এনেদৰে কৈছিলো, আপোনালোকৰ মনত আছেনে? সূতে-মূলে ঘূৰাম বুলি প্ৰতিজ্ঞা কৰিছিলো, এনেকৈ মই কৈছিলো, মনত আছে নে? মই হ’লো প্ৰতিজ্ঞা পূৰণ কৰা ব্যক্তি৷ যি উদ্দেশ্যত আগবাঢ়ো, সেই উদ্দেশ্য পূৰণো কৰো৷
বিগত চাৰে চাৰি বৰ্ষৰ পৰা কেন্দ্ৰ চৰকাৰে এই কামত অহৰহ জড়িত হৈ পৰিছে আৰু ইয়াত ভাজপাৰ চৰকাৰ হোৱাৰ পিছত বিকাশৰ গতি যোগীজীৰ নেতৃত্বত, ৰাজ্যৰ তেওঁৰ দলে বিকাশৰ গতি আৰু দ্ৰুততৰ কৰি তুলিছে৷
বন্ধুসকল, বিকাশৰ এই পঞ্চধাৰা অৰ্থাৎ শিশুসকলৰ শিক্ষা, যুৱ প্ৰজন্মৰ উপাৰ্জন, কৃষকৰ সিঞ্চন আৰু জনতাৰ আবেদনৰ বাবে ভাজপাৰ চৰকাৰে কাম কৰি আছে৷ এই লক্ষ্যত অগ্ৰসৰ হৈ অলপতে বুণ্ডেলখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিকাশৰ সৈতে জড়িত প্ৰায় ২০ হাজাৰ কোটি টকাৰ বিকাশৰ আধাৰশিলা স্থাপন আৰু লোকাৰ্পণ কৰা হৈছে৷ ইয়াত সুৰক্ষা, নিয়োজন, ৰে’ল, বিদ্যুৎ, পানীৰ দৰে এনেকুৱা অনেক প্ৰকল্প আছে৷
ভাতৃ আৰু ভগ্নীসকল, এতিয়া বুণ্ডেলখণ্ডক দেশৰ সুৰক্ষা আৰু বিকাশৰ কৰিডৰ হিচাপে নিৰ্মাণ কৰাৰ অভিযান আৰম্ভ হৈছে৷ ঝাঁচীৰ পৰা আগ্ৰালৈ নিৰ্মাণ হোৱা এই প্ৰতিৰক্ষা কৰিডৰে দেশক শক্তিশালী কৰি তোলাৰ সৈতে বুণ্ডেলখণ্ড আৰু উত্তৰ প্ৰদেশৰ যুৱ প্ৰজন্মসকলৰ নিয়োজনৰ নতুন অৱকাশৰো সৃষ্টি কৰিব৷ দেশ আৰু বিশ্বৰ বৃহৎ বৃহৎ বিনিয়োগকাৰীক ইয়াত উদ্যোগ স্থাপন কৰাৰ বাবে আকৰ্ষিত কৰিছে৷
মোক কোৱা হৈছে যে প্ৰায় চাৰি হাজাৰ কোটি টকাৰ চুক্তি সম্পাদন কৰা হৈছে৷ এই প্ৰতিৰক্ষা কৰিডৰত ৰক্ষা আৰু সুৰক্ষাৰ সামগ্ৰী, সেয়া নিৰ্মাণ কৰা দেশৰ বৃহৎ বৃহৎ চৰকাৰী উদ্যোগৰ সৈতে বিদেশী উদ্যোগো ইয়াত স্থাপন হ’ব৷

ভাতৃ আৰু ভগ্নীসকল, যেতিয়া বৃহৎ উদ্যোগ স্থাপিত হয় তেতিয়া তাৰ নিকটৱৰ্তী ক্ষুদ্ৰ উদ্যোগসমূহো লাভান্বিত হয়৷ এক সম্পূৰ্ণ পৰিবেশতন্ত্ৰৰ, এক সম্পূৰ্ণ বাতাৱৰণৰ সৃষ্টি হয়৷ ঝাঁচী আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলত যি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে, তেওঁলোকে এই কৰিডৰৰ দ্বাৰা লাভান্বিত হ’ব৷ এই কৰিডৰৰ দ্বাৰা ইয়াৰে লক্ষাধিক যুৱকে কৰ্ম সংস্থাপন লাভ কৰিব৷ এয়াই নহয়, ইয়াৰ যুৱপ্ৰজন্মৰ কৌশল কিদৰে বৃদ্ধি হ’ব, দক্ষতা বৃদ্ধি কিদৰে হ’ব; কৌশল বিকাশো ইয়ালৈ অহা উদ্যোগসমূহে কৰিব যাতে এই কামৰ বাবে কৌশলো সিদ্ধ হওক আৰু কৰ্ম সংস্থাপনৰ বাবে নিজৰ স্থানো এৰিবলগীয়া নহওক৷
মইতো গুজৰাটত আছিলো, বোধহয় বুণ্ডেলখণ্ডৰ এনেকুৱা ব্লক নাই য’ৰ জনতাই গুজৰাটত বাস কৰা নাই৷ মই ভালদৰেই আপোনালোকৰ সৈতে পৰিচিত৷ আৰু যিসকলে কেতিয়াও ভবা নাছিল যে বুণ্ডেলখণ্ডৰ দৰে অঞ্চলো ঔদ্যোগিক বিকাশৰ কেন্দ্ৰ হৈ উঠিব পাৰে- মই আপোনালোকক নিজৰ অভিজ্ঞতাৰ বিষয়ে ক’ব বিচাৰিছো৷ গুজৰাটৰ ভিতৰত পাকিস্তানৰ সীমাত মৰুভূমিৰ দৰে আমাৰ কচ্চ জিলা আছে- ডাঙৰ জিলা৷ কোনো বিষয়াই তালৈ চাকৰি কৰিবলৈ যোৱাৰ বাবে প্ৰস্তুত নহয় আৰু আনকি তাৰে লোকো তাতে থাকিবলৈ প্ৰস্তুত নহয়৷ জনসংখ্যাও কমি আহিছিল কাৰণ তাতে পানী নাছিল, অন্নৰ ব্যৱস্থা নাছিল৷
কিন্তু ২০০১ চনৰ ভূমিকম্পৰ পিছত মই তাতে মুখ্যমন্ত্ৰীৰ ৰূপত দায়িত্ব গ্ৰহণ কৰিলো৷ যি কচ্চ জিলালৈ মৰুভূমি হিচাপে যোৱা হৈছিল, পানীৰ ব্যৱস্থা নাছিল, কোনেও নিজৰ কন্যা তালৈ বিয়া দিব নিবিচাৰিছিল; আজি সেই কচ্চ জিলা ভাৰতৰ সবাতোকৈ দ্ৰুত গতিত উত্থান হোৱা জিলা হিচাপে পৰিচিত হৈছে৷ যি মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছো, কচ্চ বিকশিত হোৱা নিজ চকুৰে দেখিছো৷ মই আজি কল্পনা কৰিব পাৰো, এই বুণ্ডেলখণ্ডও তেনেকুৱা হ’ব, এয়া মই প্ৰত্যক্ষ কৰিব পাৰিছো৷
যদি কচ্চ হ’ব পাৰে তেন্তে বুণ্ডেলখণ্ডও হ’ব পাৰে, এয়া মোৰ বিশ্বাস৷ আৰু সেইবাবে আমি এই পৰ্যন্ত যি নিৰাশাত ডুবি আছিলো, চিন্তা কৰাৰ বাবেও অক্ষমতা প্ৰকাশ কৰিছিলো, তাৰে পৰা এই ভূমিক বাহিৰলৈ উলিয়াই লৈ অনাৰ সংকল্প কৰি, এক বৃহৎ পৰিৱৰ্তনৰ উদ্দেশ্যৰ সৈতে এই প্ৰতিৰক্ষা কৰিডৰৰ কাম হাতত লৈছো৷
বন্ধুসকল, মই ইয়াত আন এটা প্ৰত্যাহ্বানৰ বিষয়েও কথা পাতিব বিচাৰিছো৷ এই প্ৰত্যাহ্বান হৈছে- পানী৷ পানীৰ ইয়াৰ আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান৷ বুণ্ডেলখণ্ডৰ জনতাই পানীৰ বাবে কিমান সংঘৰ্ষ কৰিব লাগে সেয়া মই ভালদৰেই জানো৷ যোগী আদিত্যনাথৰ চৰকাৰেও এই কথা ভালকৈ জানে৷ আৰু আপোনালোকক পানীৰ এই সমস্যাৰ পৰা মুক্ত কৰিবলৈ আজি ৯ হাজাৰ কোটি টকাৰ পাইপলাইনৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ 
বুণ্ডেলখণ্ডৰ সকলো মাতৃ-ভগ্নীয়ে মোক প্ৰচুৰ আশীৰ্বাদ দিয়ক যাতে এই কাম শীঘ্ৰে সম্পন্ন কৰি আপোনালোকক পানীৰ ব্যৱস্থা প্ৰদান কৰিব পাৰো৷ আজি পানীৰ বাবে ঘৰত মাতৃ-ভগ্নীসকলে আটাইতকৈ সমস্যাত ভুগিব লাগে৷ তেওঁলোকৰ সম্পূৰ্ণ শক্তি পানীত প্ৰয়োগ কৰিব লাগে৷ আপোনালোকৰ আজি ঋণ পৰিশোধ কৰিবলৈ আহিছো, আপোনালোকক এই সংকটৰ পৰা মুক্তি দিবলৈ আহিছো৷ আপোনালোকে আমাক আশীৰ্বাদন দিয়ক যাতে এই পাইপলাইনৰ দ্বাৰা পানী যোগান ধৰিব পাৰো৷ মইতো ক’ম ড়ে এই পানীৰ পাইপ লাইল কেৱল এক প্ৰকল্প নহয়, এয়া হ’ল জীৱন ৰেখা, জীৱন ৰেখা৷
ভাতৃ আৰু ভগ্নীসকল, এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত বুণ্ডেলখণ্ডৰ প্ৰতিখন জিলাত অৰ্থাৎ ঝাঁচী, জালৌন, হমীৰপুৰ, মহোবা, বান্দা আৰু চিত্ৰকূটৰ প্ৰায় প্ৰতিখন গাঁৱে খোৱা পানীৰ সুবিধা লাভ কৰিব৷ এইদৰেই ঝাঁচী চহৰ আৰু ইয়াৰ নিকটৱৰ্তী গাঁৱৰ বাবেও অমৃত যোজনাৰ অধীনত কেন্দ্ৰ চৰকাৰে ৬০০ কোটি টকা ব্যয়েৰে যোজনা প্ৰস্তুত কৰিছে৷ বেতৱা নদীৰ পানীৰ দ্বাৰা ঝাঁচী চহৰৰ জনতাৰ পানীৰ অভাৱ পূৰণ হোৱাৰ লগতে নিকটৱৰ্তী অনেক গাঁৱেও খোৱা পানীৰ সুবিধা লাভ কৰিব৷
ভাতৃ আৰু ভগ্নীসকল, এইসমূহ প্ৰকল্পই বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহো পূৰণ কৰিব৷
ভাতৃ আৰু ভগ্নীসকল, পাহাৰী বান্ধ প্ৰকল্পৰ আধুনিকীকৰণৰ দ্বাৰাও কৃষকসকল উপকৃত হ’ব৷ পূৰ্বতে এই বান্ধৰ দ্বাৰা কৃষকসকলক খেতিলৈ উপযুক্ত মাত্ৰাত পানী যোগান ধৰিব পৰা নহৈছিল আৰু গে’ট ভঙাৰ পৰা লীকেজো হৈ আছিল৷ এতিয়া পানীৰ লীকেজ বন্ধ কৰা হৈছে আৰু লগতে এইবাৰৰ বাজেটত ভাজপা চৰকাৰে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ শীৰ্ষক এক ঐতিহাসিক যোজনাও প্ৰণয়ন কৰিছে৷ ইয়াৰ অধীনত যিসকল কৃষকৰ পাঁচ কঠাতকৈ কম ভূমি আছে তেওঁলোকৰ বেংকৰ একাউণ্টত প্ৰতি বছৰে ৬০০০ টকা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জমা কৰা হ’ব৷ এই ৰাশি দুই দুই হাজাৰৰ তিনিটা কিস্তিত প্ৰদান কৰা হ’ব৷ চৰকাৰে অনুমান কৰিছে যে উত্তৰ প্ৰদেশতো দুই কোটি পঁচিশ লাখ কৃষক, উত্তৰ প্ৰদেশৰ ২ কোটি ২৫ লাখ কৃষকৰ ২ কোটি ১৪ লাখ কৃষক এই যোজনাৰ দ্বাৰা উপকৃত হ’ব৷ অৰ্থাৎ প্ৰায় সকলোৱে, অৰ্থাৎ উত্তৰ প্ৰদেশৰ প্ৰতিখন জিলাত ৯৫ শতাংশতকৈ অধিক কৃষক এই যোজনাৰ দ্বাৰা উপকৃত হ’ব৷
বন্ধুসকল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ অধীনত অনাগত দুটা বৰ্ষত চাৰে সাত লাখ কোটি, এই সংখ্যা কম নহয়, চাৰে সাত লাখ কোটি টকা কৃষকৰ বেংকৰ একাউণ্টত প্ৰত্যক্ষভাৱে জমা হ’ব৷ আৰু এয়া সদায়েই মনত ৰাখিব, এই টকা পোনে পোনে কৃষকসকলৰ বেংক একাউণ্টত জমা হ’ব, কোনো মধ্যভোগী নাথাকিব, কোনো দালাল নাথাকিব, কোনেও আপোনালোকৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে৷
বন্ধুসকল, যোৱা চাৰে চাৰি বছৰত ইমান দ্ৰুত গতিত দুখীয়াৰ, কৃষকসকলৰ বেংক একাউণ্ট মুকলি কৰা হৈছে, কিন্তু ইয়াৰ অন্তৰালতো আমাৰ দীৰ্ঘসময়লৈ কাম কৰাৰ এক অভীপ্সা আছিল; এনেই একাউণ্ট খোলাৰ বাবে পৰিশ্ৰম কৰা নাছিলো৷ আপোনালোকৰ বেংক একাউণ্ট মুকলি কৰি আমাৰ চৰকাৰে গেছৰ সাহায্য, মনৰেগাৰ ধন, পেঞ্চন, শিক্ষাৰ্থীৰ জলপানি এই সকলোবোৰ টকা যাতে ইফালে-সিফালে নাযায়, প্ৰত্যক্ষভাৱে আপোনালোকৰ একাউণ্টত জমা হয়, তাৰে ব্যৱস্থা কৰিছে আৰু ইয়াৰ ফলত লীকেজ বন্ধ হৈ পৰিল৷ আপোনালোকে জানে যে প্ৰত্যক্ষভাৱে আপোনালোকৰ একাউণ্টত টকা জমা হোৱাৰ ফলত প্ৰায় এক লাখ কোটি টকাৰ ৰাহি হৈছে, এক লাখ কোটি টকা পূৰ্বে কাৰোবাৰ জেবলৈ গৈছিল৷ আপোনালোকক লুট কৰা মধ্যভোগীসকলৰ সন্মুখত মোদী আজি দেৱালৰ দৰে থিয় হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, কৃষকৰ সৈতে আমাৰ চৰকাৰে পশুপালকসকলক— আৰু বুণ্ডেলখণ্ডত এই কথা অতিশয় গুৰুত্বপূৰ্ণ- পশুপালক আৰু মীনপালকসকলৰ বাবেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এতিয়া পশুপালকেও কিষাণ ক্ৰেডিট কাৰ্ডৰ দ্বাৰা ঋণৰ সুবিধা লাভ কৰিছে যাতে তেওঁলোকে নিজৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি কৰিব পাৰে৷ আজি পশুপালকসকলে মহাজনৰ পৰা ধন ধাৰে ল’ব লাগে আৰু সুত দি দি তেওঁলোকৰ জীৱন শেষ হৈ যায়৷ সেই চক্ৰৰ পৰা পশুপালক আৰু মীনপালকসকলক মুক্তি দিয়াৰ বাবে আমি দায়িত্ব গ্ৰহণ কৰিছো৷
ইয়াৰোপৰি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি কৃষকসকলৰ হিতৰ বাবে গ্ৰহণ কৰিছো৷ পূৰ্বতে বেংকৰ পৰা কৃষকসকলে এক লাখ টকালৈ কৃষি ঋণ বিনা গেৰাণ্টীৰে লাভ কৰিছিল৷ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে সময়ৰ আৱশ্যকতা অনুসৰি কৃষকেও যাতে আধুনিক খেতি কৰক, বৈজ্ঞানিক খেতি কৰক আৰু তেওঁলোকে অলপ আহৰি পাওক, আৰু সেইবাবে আমি এক লাখ টকাৰ পৰা বৃদ্ধি কৰি এক লাখ ষাঠি হাজাৰ টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷ অৰ্থাও এতিয়া কৃষকে এক লাখ ষাঠি হাজাৰ টকালৈ ঋণ বিনা গেৰাণ্টীৰে লাভ কৰিব পাৰিব৷ তেওঁলোকে মহাজনৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই৷
ঠিক সেইদৰে পশুধনক গুৰুত্ব প্ৰদান কৰি চৰকাৰৰ দ্বাৰা কামধেনু আয়োগ গঠন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে৷ এই আয়োগৰ অধীনত ৫০০ কোটি টকাৰ ব্যৱস্থাপনা গোমাতা আৰু গোবংশৰ প্ৰতিপালন তথা ইয়াৰ সৈতে জড়িত নিয়ম-নীতিক কাৰ্যকৰী ধৰণে প্ৰণয়ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ বুণ্ডেলখণ্ডত যিদৰে জন্তুৰ বাবে দানাৰ সমস্যা তথা গোধনৰ ডকাইতি এক গম্ভীৰ বিষয় হৈ পৰিছে, সেই পৰিপ্ৰেক্ষিতত কামধেনু আয়োগ অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷
বন্ধুসকল, এই প্ৰত্যাহ্বানৰ সৈতে আপোনালোকৰ বিদ্যুতৰ সমস্যা দূৰ কৰা কৰাৰ বাবে ইয়াৰ পৰিবহণ ব্যৱস্থাৰ সংশোধন কৰা হৈছে৷ এতিয়া বুণ্ডেলখণ্ডসহিচে পশ্চিম উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত বিদ্যুতৰ সুব্যৱস্থা কৰা হৈছে৷ এতিয়া পশ্চিম আৰু উত্তৰ গ্ৰীডত উৎপন্ন হোৱা বিদ্যুতৰ দ্বাৰা সহজে বিভিন্ন ক্ষেত্ৰলৈ পৰিবহণ সম্ভৱ হৈ উঠিব৷
বন্ধুসকল, বুণ্ডেলখণ্ড এক্সপ্ৰেছেই হওক অথবা ইয়াৰ ৰে’ল সংযোগ; আমাৰ চৰকাৰে অহৰহ ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ ঝাঁচীৰ পৰা মানিকপুৰ আৰু খেৰাৰ-ভীমসেন অংশৰ দ্বৈতকৰণেই হওক অথবা ঝাঁচীৰ পৰা খেৰাৰৰ পৰা ভীমসেনলৈ ৰে’লপথৰ বৈদ্যুতিকীকৰণেই হওক, এইসমূহ প্ৰকল্পৰ দ্বাৰা এই সমগ্ৰ ক্ষেত্ৰ সম্পূৰ্ণ লাভান্বিত হ’ব৷
ভাতৃ আৰু ভগ্নীসকল, কৃষকেই হওক, সৈন্যই হওক অথবা মোৰ যুৱপ্ৰজন্মৰ সন্তান-সন্ততিয়েই হওক, সকলোৰে বাবে এক সম্পূৰ্ণ চিন্তাৰ সৈতে বিকাশৰ মন্ত্ৰক লৈ আগবাঢ়ি, ‘সকলোৰে সৈতে-সকলোৰে বিকাশ’, কোনো ভেদ-ভাৱ নাই, কোনো তোৰ-মোৰ নাই, কোনো আপোন-পৰ নাই, ‘সকলোৰে সৈতে-সকলোৰে বিকাশ’ক লৈয়েই আমি আগবাঢ়িছো৷ আৰু সেইবাবে এয়া সম্ভৱ হৈছে কাৰণ আপোনালোকে চাৰে চাৰি বছৰ পূৰ্বে এক শক্তিশালী কেন্দ্ৰ চৰকাৰ গঠন কৰিছিল৷ আৰু মই এয়া মানি লৈছো যে সমগ্ৰ দেশেই উত্তৰ প্ৰদেশৰ প্ৰতি কৃতজ্ঞ কাৰণ হিন্দুস্তানক ৩০ বছৰৰ পিছত পূৰ্ণ বহুমতেৰে চৰকাৰ প্ৰদান কৰা, ৩০ বছৰৰ পিছত প্ৰমবাৰলৈ হিন্দুস্তানক সুস্থিৰ চৰকাৰ প্ৰদান কৰাত যদি কোনোবাই বৃহৎ ভূমিকা পালন কৰিছে তেনেহ’লে সেয়া হ’ল উত্তৰ প্ৰদেশৰ ভোটদাতাসকলে কৰিছে৷ উত্তৰ প্ৰদেশৰ ভোটদাতাসকলৰ নিৰ্ণয় শক্তিয়েই ভাৰতৰ ভাগ্য পৰিৱৰ্তিত কৰিছে৷ ৩০ বছৰ ধৰি নিৰাশাৰ কূপত ডুবি থকা দেশক নতুন আশা প্ৰদান কৰাৰ কাম ২০১৪ চনত এই উত্তৰ প্ৰদেশৰ জনতাই কৰিছে৷ আৰু শক্তিশালী চৰকাৰৰ অৰ্থ কি, শক্তিশালী চৰকাৰৰ দ্বাৰা জনতাৰ কি লাভ হয়, শক্তিশালী চৰকাৰৰ দ্বাৰা বিশ্বত কিদৰে গৌৰৱ অনুভৱ কৰিব পাৰি এয়া উত্তৰ প্ৰদেশে কৰি দেখুৱাইছে, যাৰ লাভ সমগ্ৰ দেশে লাভ কৰিছে৷
মোৰ বিশ্বাস যে বিকাশৰ বাবে, নতুন ভাৰতৰ বাবে অনাগত দিনতো আপোনালোকে মোক আশীৰ্বাদ প্ৰদান কৰিব৷ 
ভাতৃ আৰু ভগ্নীসকল, পুনৰবাৰ বিকাশৰ, কৰ্ম সংস্থাপনৰ সৈতে জড়িত এই সকলোবোৰ প্ৰকল্পৰ বাবে আপোনালোকক শুভেচ্ছা প্ৰদান কৰিছো৷ মই উমাজীকো বিশেষ ৰূপত অভিনন্দন প্ৰদান কৰিছো কিয়নো তেওঁ প্ৰতিটো সৰু সৰু কথাৰ পৰা আৰম্ভ কৰি এই ক্ষেত্ৰৰ বিকাশৰ বাবে যি মনোযোগেৰে চৰকাৰৰ প্ৰতিটো বিভাগত কম্পনৰ সৃষ্টি কৰে, মই ভাবো যে এজন সাংসদৰ ৰূপত সমগ্ৰ দেশৰ দায়িত্বৰ সৈতে যিদৰে তেওঁ নিজৰ দায়িত্ব পালন কৰি আছে, তাৰ বাবে তেওঁক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছো, তেওঁক অশেষ ধন্যবাদ প্ৰদান কৰিছো৷
মোৰ সৈতে সমগ্ৰ শক্তিৰে কওক-
ভাৰত মাতাৰ-জয় 
ভাৰত মাতাৰ-জয় 
ভাৰত মাতাৰ-জয় 
অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.