“গুৰবাণীৰ পৰা আমি যি দিশ পাইছো সেয়া হৈছে পৰম্পৰা, বিশ্বাসৰ লগতে উন্নত ভাৰতৰ দৃষ্টিভংগী”
“প্ৰতিটো প্ৰকাশ পৰ্বৰ পোহৰে দেশক পথ প্ৰদৰ্শন কৰি আছে”
“গুৰু নানক দেৱজীৰ চিন্তাধাৰাৰ পৰা অনুপ্ৰাণিত হৈ ১৩০ কোটি ভাৰতীয়ৰ কল্যাণৰ মনোভাৱেৰে দেশ আগবাঢ়িছে”
“আজাদী কা অমৃত কালত দেশে দেশবাসীৰ গৌৰৱ আৰু আধ্যাত্মিক পৰিচয়ৰ প্ৰতি গৌৰৱৰ ভাৱ পুনৰ জগাই তুলিছে”
“পৰম কৰ্তব্যবোধক উৎসাহিত কৰাৰ উদ্দেশ্যে দেশে এই পৰ্যায়টো কৰ্তব্য কাল হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে”

‘ৱাহেগুৰু জী কা খালছা, ৱাহেগুৰু জী কা ফটহ, জো বোলে সো নিহাল! সত্ শ্ৰী আকাল!’ ‘গুৰু পুৰব’ৰ পবিত্ৰ পৰ্বৰ এই আয়োজনত আমাৰ সৈতে উপস্থিত থকা চৰকাৰত মোৰ সহযোগী শ্ৰী হৰদীপ সিং পুৰী জী, শ্ৰী জন বাৰলা জী, ‘ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ’ৰ অধ্যক্ষ শ্ৰী লালপুৰা জী চাহিব ভাই ৰঞ্জিত সিং জী, শ্ৰী হৰমিত্ সিং কালকা জী আৰু ভাই-ভনীসকল!

মই আপোনালোকৰ লগতে সমগ্ৰ দেশবাসীক ‘গুৰু পূৰব’ৰ, ‘প্ৰকাশ পৰ্ব’ৰ বহুত বহুত শুভকামনা জনালো। আজিয়েই দেশত ‘দেৱ দীপাৱলী’ও উদযাপিত হৈছে। বিশেষকৈ কাশীত ইয়াৰ বিশাল আয়োজন কৰা হৈছে, লাখ লাখ বন্তি প্ৰজ্বলনৰে দেৱী-দেৱতাক স্বাগত জনোৱা হৈছে। মই ‘দেৱ-দীপাৱলী’ৰো শুভ কামনা জ্ঞাপন কৰিছো।

বন্ধুসকল,

আপোনালোক সকলোৱেই চাগৈ জানেই যে কাৰ্যকৰ্তাৰ ৰূপত মই বহু দিন ধৰি পঞ্জাৱৰ পবিত্ৰ ভূমিত কটাইছিলো আৰু সেই সময়ত মই বহু কেইবাৰ ‘গুৰু পৰব’ত অমৃতসৰৰ ‘হৰমন্দিৰ চাহিব’ৰ সন্মুখত মূৰ দোওৱাৰ সৌভাগ্য লাভ কৰিছিলো। এতিয়া মই যিহেতু চৰকাৰত আছো সেয়ে ইয়াকো মই মোৰ লগতে মোৰ চৰকাৰৰ বাবে বহুত ডাঙৰ সৌভাগ্য বুলি গ্ৰহণ কৰিছো যে গুৰুসকলৰ ইমান গুৰুত্বপূৰ্ণ ‘প্ৰকাশ পৰ্ব’সমূহ আমাৰ চৰকাৰৰ কাৰ্যকালতে সমাগত হৈছেহি। আমি গুৰু গোবিন্দ সিং জীৰ ‘৩৫০ সংখ্যক প্ৰকাশ পৰ্ব’ উদযাপন কৰাৰ সৌভাগ্য লাভ কৰিছিলো। আমি গুৰু তেগবাহাদুৰ জীৰ ‘৪০০ সংখ্যক প্ৰকাশ পৰ্ব’ উদযাপনৰ সৌভাগ্য লাভ কৰিছিলো আৰু যেনেকৈ এতিয়া কোৱা হৈছে যে লাল কিল্লাত সেয়া বহুতেই ঐতিহাসিক আৰু সমগ্ৰ বিশ্বকে এক বাৰ্তা প্ৰদান কৰিব কাৰ্যক্ৰম অনুষ্ঠিত কৰা হৈছিল। তিনি বছৰৰ আগতে আমি গুৰু নানকদেৱ জীৰ ‘৫৫০ সংখ্যক প্ৰকাশোত্সৱো’ সম্পূৰ্ণ উত্সাহ-উদ্দীপণাৰে দেশৰ লগতে বিদেশতো উদযাপনৰ ব্যৱস্থা কৰিছিলো।

বন্ধুসকল,

এই বিশেষ মুহূৰ্তত দেশৰ আপোন গুৰুসকলৰ যি আশীৰ্বাদ লাভ কৰিছো, তেওঁলোকৰ পৰা যি প্ৰেৰণা লাভ কৰিছো, সেয়াই নতুন ভাৰত নিৰ্মাণৰ বাবে শক্তিবৰ্দ্ধন কৰি আহিছে। আজি আমি যেতিয়া গুৰু নানকদেৱ জীৰ ‘পাঁচশ তেপোন্ন সংখ্যক প্ৰকাশ পৰ্ব’ উদযাপন কৰিছো, সেই সময়তে কিন্তু এয়াও দেখিছো যে এই বছৰসমূহত গুৰুসকলৰ আশীৰ্বাদৰে দেশে কিমান যে ঐতিহাসিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।

বন্ধুসকল,

‘প্ৰকাশ পৰ্ব’ৰ যি বোধ শিখ পৰম্পৰাত চলি আহিছে, যি গুৰত্ব চলি আহিছে, আজি দেশেও সেই তন্ময়তাৰেই কৰ্তব্য আৰু সেৱা পৰম্পৰাক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। প্ৰতিটো ‘প্ৰকাশ পৰ্ব’ৰ প্ৰকাশ দেশৰ বাবে প্ৰেৰণাপূঞ্জৰ দৰে কাম কৰি আহিছে। এয়া মোৰ সৌভাগ্য যে মই ধাৰাবাহিক ভাবে এই অলৌকিক আয়োজনৰ অংশীদাৰ হোৱাৰ, সেৱাত সমভাগী হোৱাৰ সুযোগ লাভ কৰি আহিছো। ‘গুৰুগ্ৰন্থ চাহিব’ক মূৰ দোওৱাৰ সুখ লাভ কৰি আহিছো, ‘গুৰুবাণী’ৰ আমৃত কৰ্ণগোচৰ কৰি আহিছো, আৰু লংগৰৰ প্ৰসাদৰ আনন্দ পায়েই আহিছো, ইয়াৰ পৰা জীৱনৰ সন্তোষৰ অনুভূতিও লাভ কৰি আহিছো, আৰু দেশৰ বাবে, সমাজৰ বাবে সমৰ্পিত ভাৱেৰে নিৰন্তৰ কাম কৰি যোৱাৰ শক্তিও অক্ষয় ৰূপত লাভ কৰি আহিছো। এই কৃপাৰ বাবে গুৰু নানক দেৱ জী আৰু আমাৰ গুৰুসকলৰ চৰণত যিমান বাৰেই প্ৰণিপাত কৰো কিয়, সেয়া কমেই হ’ব।

বন্ধুসকল,

গুৰু নানকদেৱ জীয়ে আমাক জীৱন অতিবাহিত কৰাৰ পথ-নিৰ্দেশনা দিছিল। তেওঁ কৈছিল- “নাম জপো, কিৰত কৰো, বণ্ড চকো”। অৰ্থাত্, ‘ইশ্বৰৰ নাম জপ কৰা, নিজৰ কৰ্তব্যপথত আগবাঢ়ি গৈ পৰিশ্ৰম কৰা আৰু পৰস্পৰৰ মাজত ভাগ-বাটোৱাৰা কৰি খোৱা’। এইষাৰ বাক্যত আধ্যাত্মিক চিন্তনতো আছেই লগতে ভৌতিক সমৃদ্ধিৰ সূত্ৰও আছে, আৰু সামাজিক সহযোগিতাৰ প্ৰেৰণাও আছে। আজি স্বাধীনতাৰ অমৃত কালত দেশে এই গুৰুমন্ত্ৰ সাৰোগত কৰি আগবাঢ়ি ১৩০ কোটি ভাৰতবাসীৰ জীৱন কল্যাণৰ ভাৱনাৰে আগুৱাই যোৱাৰ প্ৰয়াস কৰিছে। স্বাধীনতাৰ অমৃতকালত দেশে নিজৰ সংস্কৃতি, নিজৰ ঐতিহ্য আৰু আমাৰ আধ্যাত্মিক পৰিচিতিক লৈ গৌৰৱৰ ভাবো জাগৃত কৰিছে। স্বাধীনতাৰ অমৃতকালক দেশে কৰ্তব্যক পৰাকাষ্ঠা পৰ্যন্ত লৈ যোৱাৰ বাবে কৰ্তব্যকালৰ ৰূপত গ্ৰহণ কৰিছে। আৰু স্বাধীনতাৰ এই অমৃতকালত দেশে সমতা, সহযোগিতা, সামাজিক ন্যায় আৰু একতাৰ বাবে ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস, আৰু সকলোৰে প্ৰয়াস’-ৰ মন্ত্ৰকে আওৰাই আগবাঢ়ি আছে।  অৰ্থাত্, যি পথ নিৰ্দেশনা দেশে বহু শতিকাৰ আগতে ‘গুৰুবাণী’ৰ পৰা লাভ কৰিছিল, সেয়াই আজি আমাৰ বাবে পৰম্পৰাও হৈছে, আস্থা আৰু বিকশিত ভাৰতৰ ‘ভিজন’ও হৈছে।

বন্ধুসকল,

‘গুৰুগ্ৰন্থ চাহিব’ৰ ৰূপত আমাৰ হাতত যি অমৃতবাণী আছে, তাৰ মহিমা, তাৰ সাৰ্থকতা, হৈছে সময় আৰু ভূগোলৰ সীমাৰেখাতকৈ অধিক। আমি এয়াই দেখিবলৈ পাওঁ যে যেতিয়া সংকট বৃহত্ হয়, তেতিয়া সমাধানৰ প্ৰাসংগিকতা তাতোকৈয়ো বৃহত্ হয়। আজি বিশ্বত যি অশান্তিৰ পৰিৱেশে বিৰাজ কৰিছে, যি অস্থিৰতাই বিৰাজ কৰিছে, আজি পৃথিৱীয়ে যি সংকটৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে তাত গুৰুসকলৰ শিক্ষা আৰু নানকদেৱ জীৰ জীৱনে এক আলোকস্তম্ভৰ দৰেই বিশ্বক দিক-দৰ্শন কৰাই আহিছে। গুৰু নানকদেৱ জীৰ প্ৰেমৰ বাৰ্তাই ডাঙৰৰো ডাঙৰ সাগৰকো পাৰ কৰাই দিব পাৰে, আৰু ইয়াৰ প্ৰমাণ আমি ভাৰতৰ এইখন ভূমিৰ পৰাই প্ৰদান কৰি আহিছো। ইমানবোৰ ভাষা, ইমানবোৰ মাত-কথা, ইমানবোৰ খাদ্যাভাস, থকা-মেলাৰ বিচিত্ৰ্যতাৰ পিচতো আমি এক হিন্দুস্থানী হিচাপে বসবাস কৰি আহিছো, দেশৰ বিকাশৰ বাবে নিজকে অৰ্পিত কৰিছো। সেয়ে আমি যিমানেই আমাৰ গুৰুসকলৰ আদৰ্শ গ্ৰহণ কৰি জীৱন পাত কৰাৰ প্ৰয়াস কৰিম, আমি যিমানেই পৰস্পৰিক বিভেদসমূহ নিলগাই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ ভাৱনাক শক্তিশালী কৰিম, আমি যিমানেই মানৱতাৰ প্ৰমূল্যসমূহক প্ৰথমিকাত প্ৰদান কৰিম, আমাৰ গুৰুসকলৰ বাণী সিমানেই জীৱন্ত আৰু প্ৰখৰ স্বৰত বিশ্ব জনমানসলৈ সঞ্চাৰিত হ’ব।

বন্ধুসকল,

বিগত ৮টা বছৰত আমি গুৰু নানকদেৱ জীৰ আশীৰ্বাদৰে শিখ পৰম্পৰাৰ গৌৰৱৰ বাবে নিৰবিচ্ছিন্ন ভাবে কাম কৰাৰ সুযোগ লাভ কৰিছো। আৰু, এয়া এতিয়াও অব্যাহত আছে। আপোনালোকে চাগৈ জানেই যে কেইদিনমান আগতে মই উত্তৰাখণ্ডৰ মনা গাঁৱলৈ গৈছিলো। এই যাত্ৰাত মই গোবিন্দঘাটৰ পৰা হেমকুণ্ড চাহিবলৈ অহা-যোৱা কৰাৰ বাবে ‘ৰোপৱে’ প্ৰকল্প’ৰ শিলান্যাস কৰাৰ সৌভাগ্য লাভ কৰিছিলো। সেইদৰে, অলপতে দিল্লী-উনা বন্দেভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভও কৰা হৈছে। ইয়াৰ জৰিয়তে ‘আনন্দপুৰ চাহিব’লৈ যাব খোজা শ্ৰদ্ধালুসকলৰ বাবে এক নতুন আধুনিক সুবিধাও আৰম্ভ কৰা হৈছে। ইয়াৰ আগতে গোবিন্দ সিং জীৰ সৈতে জড়িত স্থানসমূহত ৰে’লৰ সা-সুবিধাসমূহৰ আধুনিকীকৰণো কৰা হৈছে। আমাৰ চৰকাৰ ‘দিল্লী-কাতৰা-অমতসৰ এক্সপ্ৰেছৱে’ নিৰ্মাণৰ কামতো জড়িত হৈ আহিছে। ইয়াৰ সুবাদত দিল্লী আৰু অমৃতসৰৰ মাজত প্ৰয়োজন হোৱা যাত্ৰাকাল ৩-৪ঘণ্টা হ্ৰাস পাব। এই প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে ৩৫ হাজাৰ কোটি টকাৰো অধিক ধন ব্যয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ‘হৰমন্দিৰ চাহিব’ৰ দৰ্শন সহজ-সাধ্য কৰি তোলাৰ বাবেও আমাৰ চৰকাৰে এক পূণ্য প্ৰয়াস অব্যাহত ৰাখিছে।

আৰু বন্ধুসকল,

এই কাৰ্য কেৱল সুবিধা আৰু পৰ্যটনৰ সম্ভাৱনাৰে প্ৰসংগ নহয়। ইয়াত আমাৰ তীৰ্থৰ শক্তি, শিখ পৰম্পৰাৰ ঐতিহ্য আৰু এক ব্যাপক বোধো বিজড়িত হৈ আছে। এই বোধ হৈছে সেৱাৰ, এই বোধ হৈছে স্নেহৰ, এই বোধ হৈছে আপোনত্বৰ, এই বোধ হৈছে শ্ৰদ্ধাৰ। মোৰ বাবে শব্দৰে প্ৰকাশ কৰাটো কঠিন হ’ব যেতিয়া বহু দশকৰ অপেক্ষাৰ পিচত ‘কৰতাৰপুৰ চাহিব ক’ৰিডৰ’ মুকলি কৰা হৈছিল। আমি প্ৰয়াস কৰিছিলো যে শিখ পৰম্পৰাসমূহক সৱল কৰি তোলাৰ, শিখ ঐতিহ্যসমূহক সৱল কৰি ৰখাৰ। আপোনালোকে ভালকৈয়ে জানে যে কিছু দিনৰ আগতে আফগানিস্তানত কেনেকৈ পৰিস্থিতি সলনি হৈছিল। তাৰ হিন্দু-শিখ পৰিয়ালসমূহক ওভতাই অনাৰ বাবে আমি অভিযান চলাইছিলো। ‘গুৰুগ্ৰন্থ চাহিবৰ স্বৰূপ’কো আমি সুৰক্ষিত ভাবে অনাৰ দিহা কৰিছিলো। ২৬ ডিচেম্বৰত  গুৰু গোবিন্দ সিং জীৰ ‘চাহিবজাদাসকল’ৰ মহান বলিদানৰ স্মৃতিত ‘বীৰ বাল দিৱস’ উদযাপনৰ পৰম্পৰাৰ আৰম্ভণিও দেশে কৰিছিল। দেশৰ কোণে কোণে থকা ভাৰতৰ আজিৰ প্ৰজন্মই, ভাৰতৰ আগন্তুক প্ৰজন্মসমূহে এই কথাতো জানক যে এইখন মহান ভূমিত কেনে পৰম্পৰাই বিৰাজ কৰি আহিছে। যিখন ভূমিত আমি জন্মগ্ৰহণ কৰিছো, যি আমাৰ মাতৃভূমি, সেই মাতৃভূমিৰ বাবে টচাহিবজাদাসকলেট যেনেদৰে বদান দিছিল, কৰ্তব্যৰ সেই পৰাকাষ্ঠা, যি সমগ্ৰ বিশ্ব ইতিহাসতেই বিৰল ঘটনা হিচাপে পৰিগণিত হৈছে।

বন্ধুসকল,

বিভাজনত আমাৰ পাঞ্জাৱৰ ৰাইজে, দেশৰ ৰাইজে যি বলিদান দিলে, তাৰ স্মৃতি স্বৰূপে দেশে ‘বিভীজন বিভীষিকা স্মৃতি দিৱস’ৰ পৰম্পৰা আৰম্ভও কৰিছে। বিভাজনৰ চিকাৰ হোৱা হিন্দু, শিখ পৰিয়ালসমূহৰ বাবে আমি ‘চিএএ আইন’ প্ৰস্তুত কৰি নাগৰিকত্ব প্ৰদানৰ পথ প্ৰশস্ত কৰাৰ প্ৰয়াস কৰিছো। অলপতে আপোনালোকে দেখিবলৈ পাইছে চাগৈ, গুজৰাটে বিদেশত পীড়িত আৰু প্ৰতাৰিত শিখ পৰিয়ালক নাগৰিকত্ব প্ৰদান কৰি তেওঁলোকক এই বুলি অশ্বস্ত কৰিছে যে শিখসকল পৃথিৱীৰ যতেই নাথাকক কিয় ভাৰত হৈছে তেওঁলোকৰ নিজৰ ঘৰ। গুজৰাটৰ মুখ্যমন্ত্ৰী থকা সময়ত মই গুৰুদ্বাৰা ‘কোট লখপত চাহিব’ৰ পুনৰুদ্ধাৰ আৰু পুনৰ্নিৰ্মাণ কৰাৰ সৌভাগ্য লাভ কৰিছিলো।

বন্ধুসকল,

এই সকলো কাৰ্যৰ নিৰবিচ্ছিন্নতাৰ মূলতে আছে গুৰু নানকদেৱ জীয়ে দেখুৱাই যোৱা মাৰ্গৰ কৃতজ্ঞতা। এই নিৰবিচ্চিন্নতাৰ মূলত আছে গুৰু অৰ্জনদেৱ আৰু গুৰু গোবিন্দ সিংৰ অসীম বলিদানৰ ঋণ, যাক পাই পাইকৈ আমি পৰিশোধ কৰাতো হৈছে দেশৰ কৰ্তব্য। মোৰ বিশ্বাস, গুৰুসকলৰ কৃপাৰে ভাৰতে আমাৰ শিখ পৰম্পৰাৰ গৌৰৱ বৃদ্ধি কৰি থাকিব। এই ভাৱনাৰেই মই পুনৰবাৰ গুৰুৰ চৰণত প্ৰণিপাত জনাইছো। আকৌ এবাৰ আপোনালোক সকলোকে, সকলো দেশবাসীকে টগুৰু পূৰবটৰ শুভকামনা জনাইছো! বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order

Media Coverage

Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates India’s U-19 Cricket Team on World Cup Victory
February 06, 2026

The Prime Minister, Shri Narendra Modi, has lauded the outstanding performance of India’s Under-19 cricket team for clinching the World Cup title.

Prime Minister commended the team for playing very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too, he added.

In a message on X, Shri Modi said:

“India’s cricketing talent shines!

Proud of our U-19 team for bringing home the World Cup. The team has played very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too. Best wishes to the players for their upcoming endeavours.”