"৭টা কোম্পানীৰ সৃষ্টিয়ে ডঃ কালামৰ শক্তিশালী ভাৰতৰ সপোনক সমৃদ্ধ কৰিব"
"এই ৭টা নতুন কোম্পানীয়ে আগন্তুক সময়ত দেশখনৰ সামৰিক শক্তিৰ বাবে এক শক্তিশালী আধাৰ প্ৰশস্ত কৰিব"
"৬৫,০০০ কোটি টকাৰোধিক অৰ্ডাৰ বুকে এই কোম্পানীসমূহৰ ওপৰত দেশখনৰ বৰ্ধিত আস্থাক প্ৰতিফলিত কৰিছে"
"আজি প্ৰতিৰক্ষা খণ্ডত অভূতপূৰ্ব স্বচ্ছতা, বিশ্বাস আৰু প্ৰযুক্তি-চালিত দৃষ্টিভংগী দেখা পোৱা গৈছে"
"যোৱা পাঁচ বছৰত আমাৰ প্ৰতিৰক্ষা ৰপ্তানি ৩২৫ শতাংশ বৃদ্ধি পায়"
"যদিও প্ৰতিযোগিতামূলক ব্যয় আমাৰ শক্তি, মানদণ্ড আৰু নিৰ্ভৰযোগ্যতা আমাৰ পৰিচয় হোৱা উচিত"

নমস্কাৰ!

ৰাষ্ট্ৰৰ সুৰক্ষাৰে জড়িত এই গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমত আমাৰ সৈতে সংযোজিত হোৱা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমান ৰাজনাথ সিং জী, প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমান অজয় ভট্ট জী, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াবৰ্গ, আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা বন্ধুসকল!

দুদিন আগতে মাত্ৰ নৱৰাত্ৰীৰ এই পবিত্ৰ পৰ্বত অষ্টমীৰ দিনা দেশৰ এক বহুত ‘কম্প্ৰিহেনছিভ প্লেনিং’-ক লৈ গতি শক্তিৰ এক কাৰ্যক্ৰম মুকলি কৰাৰ পিচত আজি ‘বিজয়াদশমী’ৰ দিনা ৰাষ্ট্ৰক অধিক সবল কৰি তোলাৰ বাবে, ৰাষ্ট্ৰক অজেয় কৰাৰ বাবে যিসকলে দিন-ৰাতি একাকাৰ কৰি আছে তেওঁলোকৰ সামৰ্থ্যৰ ক্ষেত্ৰত আৰু অধিক আধুনিকতা অনাৰ বাবে এক নতুন দিশৰ ফালে ধাৱমান হোৱাৰ অৱসৰ, আৰু সেয়াও আক’ ‘বিজয়াদশমী’ৰ পবিত্ৰ পৰ্বত, এয়াই নিশ্চয় স্বতঃস্ফূৰ্ত ভাবেই এক শুভ সংকেত লৈয়ে আহিছে! এই কাৰ্যক্ৰমৰ শুভাৰম্ভণি ভাৰতৰ মহান পৰম্পৰাক সাৰোগত কৰি অস্ত্ৰ-পূজনৰে কৰা হৈছে। আমি শক্তিক সৃজনৰ মাধ্যম বুলিয়ে মানি আহিছো। এই ভাৱনাৰেই, দেশে নিজৰ সামৰ্থ্যক বঢ়াই আছে, আৰু আপোনালোক সকলোৱে দেশৰ এই সংকল্পৰ সাৰথীও হৈছে। মই আপোনালোক আটাইকে, আৰু সমগ্ৰ দেশকো এই সুযোগতে আকৌ এবাৰ ‘বিজয়াদশমী’ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।

বন্ধুসকল,

আজিৰ দিনটোতে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ‘ভাৰতৰত্ন’ ডক্টৰ এ পি জে আব্দুল কালাম জীৰো জন্ম জয়ন্তী। কালাম চাহাবে যিদৰে নিজৰ জীৱনক শক্তিশালী ভাৰতৰ নিৰ্মাণ কৰাৰ বাবে উত্সৰ্গিত কৰিছিল, এয়া আমি সকলোৰে বাবে অনুপ্ৰেৰণাৰে নিদৰ্শন। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আজি যি ৭টা প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছো, সেয়াই ৰাষ্ট্ৰৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰৰ সংকল্পকো আৰু অধিক দৃঢ়তা প্ৰদান কৰিব।

বন্ধুসকল,

এইটো বৰ্ষত ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত প্ৰৱেশ কৰিছে। স্বাধীনতাৰ এই অমৃতকালত দেশে এক নতুন ভৱিষ্যত নিৰ্মাণৰ বাবে নতুন সংকল্প গ্ৰহণ কৰিছে। আৰু যিবোৰ কাম দশকৰ পিচত দশক ধৰি নোহোৱাকৈ আছিল, সেইবোৰ কাম সম্পূৰ্ণ কৰিও আছে। ৪১টা ‘অৰ্ডিনেন্স ফেক্টৰী’ক নতুন ৰূপত গঢ়ি তোলাৰ সিদ্ধান্ত, ৭টা নতুন প্ৰতিষ্ঠানৰ শুভাৰম্ভ, দেশৰ এই সংকল্প যাত্ৰাৰে অংশ হয়। এই সিদ্ধান্ত যোৱা ১৫-২০বছৰ ধৰি ওলমি ৰৈছিল। এই সাতোটা প্ৰতিষ্ঠানেই আগন্তুক সময়ত ভাৰতৰ সৈনিক শক্তিৰ এক বহুত ডাঙৰ বুনিয়াদ হৈ উঠিব।

বন্ধুসকল,

আমাৰ ‘অৰ্ডিনেন্স ফেক্টৰী’সমূহক পৃথিৱীৰ শক্তিশালী সংস্থাসমূহৰ অন্যতম বুলিয়েই গণ্য কৰি অহা হৈছিল। এই কাৰখানাসমূহৰ এশ-ডেৰশ বছৰৰ অভিজ্ঞতা আছে। বিশ্বযুদ্ধৰ সময়ত ভাৰতৰ ‘অৰ্ডিনেন্স ফেক্টৰী’সমূহৰ দক্ষতা পৃথিৱীয়ে প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিল। আমাৰ হাতত উন্নত সংসাধন মজুত আছিল, বিশ্বমানৰ কৌশল আছিল। স্বাধীনতাৰ পিচত আমি এই কাৰখানাসমূহক ‘আপগ্ৰেড’ কৰাৰ প্ৰয়োজন আছিল; নতুন যুগৰ প্ৰযুক্তিৰে সমৃদ্ধ কৰাৰ প্ৰয়োজন আছিল। কিন্তু এই ক্ষেত্ৰত বিশেষ ধ্যান দিয়া নহ’ল। সময়ান্তৰত ভাৰতে নিজৰ সামৰিক প্ৰয়োজনীয়তা পূৰণৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়াত পৰে। এই পৰিস্থিতিকে সলনি কৰাৰ বাবেই এই সাতটা নতুন প্ৰতিৰক্ষা প্ৰতিষ্ঠানে বৃহত্ ভূমিকা পালন কৰিব।

বন্ধুসকল,

‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ অধীনত ভাৰতক নিজৰ সামৰ্থ্যৰ ভেটিত পৃথিৱীৰ বৃহত্ সামৰিক শক্তি হিচাপে গঢ়ি তোলা, ভাৰতত আধুনিক সামৰিক উদ্যোগৰ বিকাশ কৰাৰ বাবে দেশে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। বিগত সাতটা বছৰত দেশত ‘মে’ক ইন ইণ্ডিয়া’-ৰ মন্ত্ৰ সাৰোগত কৰি নিজৰ এই সংকল্প আগুৱাই নিয়াৰ কাম কৰিছে। আজিৰ তাৰিখত দেশৰ প্ৰতিৰক্ষা খণ্ডত যিমান ‘ট্ৰেন্সফাৰেন্সী’ আছে, যিমান ‘ট্ৰাষ্ট’ আছে, আৰু ‘টেকন’লজী ড্ৰিভেন এপ্ৰ’ছ’ আছে, সিমানখিনি আগতে কেতিয়াও নাছিল। স্বাধীনতাৰ পিচত এই প্ৰথমবাৰ আমাৰ প্ৰতিৰক্ষা খণ্ডত ইমান বৃহত্ সংস্কাৰ সাধন কৰা হৈছে; বাধাৰ সৃষ্টি কৰিব পৰা নীতিসমূহৰ পৰিৱৰ্তে ‘ছিংগল উইণ্ড’ পদ্ধতিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত আমাৰ উদ্যোগৰ ‘কনফিডেন্স’ বাঢ়িব। আমাৰ ভাৰতৰ প্ৰতিষ্ঠানে প্ৰতিৰক্ষা উদ্যোগৰ ক্ষেত্ৰতো নিজৰ বাবে সম্ভৱনাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছে, আৰু এতিয়া ব্যক্তিগত খণ্ড আৰু চৰকাৰে একেলগে মিলি ৰাষ্ট্ৰৰ ‘প্ৰতিৰক্ষা মিছন’ক আগুৱাই নিব।

উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ ‘ডিফেন্স ক’ৰিডৰ’ৰ উদাহৰণ আমাৰ সন্মুখত আছেই। ইমান কম সময়ত বৃহত্ বৃহত্ প্ৰতিষ্ঠানসমূহে ‘মে’ক ইন ইণ্ডিয়া’-ৰ প্ৰতি নিজৰ আগ্ৰহ প্ৰদৰ্শন কৰিবলৈ লৈছে। ইয়াৰ পৰা দেশৰ যুৱ-প্ৰজন্মৰ বাবে নতুন নতুন কৰ্ম-সংস্থানৰ সুযোগ সৃষ্টি হোৱাৰ লগতে যোগান-শৃংখলৰ ৰূপত বহু ‘এমএছএমই’-ৰ বাবে নতুন সম্ভৱনাৰ সৃষ্টি কৰিছে। দেশত যি নীতিগত পৰিৱৰ্তন কৰা হৈছে, তাৰ পৰিণামতে বিগত ৫টা বছৰত আমাৰ প্ৰতিৰক্ষা ৰপ্টানীৰ পৰিমাণ ৩২৫শতাংশৰো অধিক পৰিমাণে বৃদ্ধি পাইছে।

বন্ধুসকল,

অলপ সময় আগতে মাত্ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এনে ১০০ৰো অধিক সামৰিক উপকৰণৰ এখন তালিকা প্ৰকাশ কৰিছে, যিবোৰ উপকৰণ এতিয়াৰে পৰা আৰু বাহিৰৰ পৰা আমদানী কৰা নহব। এই নতুন প্ৰতিষ্ঠানসমূহৰ বাবেও দেশে এতিয়াৰে পৰাই ৬৫ হাজাৰ কোটি টকাৰ ফৰমাইছ দিয়েই থৈছে। এই কথাই আমাৰ প্ৰতিৰক্ষা উদ্যোগৰ প্ৰতি দেশে দেখুওৱা আস্থাকে প্ৰতিপন্ন কৰে। বৃদ্ধি পাই অহা আস্থা পৰিলক্ষিত হ’বলৈ ধৰিছে। এটা প্ৰতিষ্ঠানে ‘এমুনিশ্যন’ আৰু ‘এক্সপ্ল’চিভ’ৰ প্ৰয়োজনীয়তা পূৰণ কৰিব যদি আন এটা প্ৰতিষ্ঠানে সেনাৰ যান-বাহন নিৰ্মাণ কৰিব।  সেইদৰে, ‘এডভান্সড ৱে’পনছ’ আৰু ‘ইকুইপমেণ্ট’-য়েই হওক, ‘ট্ৰুপছ কমফৰ্ট আইটেম’য়েই হওক, ‘অপ্টিকেল ইলেক্ট্ৰনিক্স’য়েই হওক অথবা ‘পেৰাচ্যুট্ছ’, আমাৰ লক্ষ্য হ’ব কেৱল ভাৰতৰ একোটা প্ৰতিষ্ঠানে যাতে এই ক্ষেত্ৰত ‘এক্সপাৰ্টাইজ’ আহৰণ কৰাই নহয়, বৰং বিশ্ব প্ৰেক্ষাপটত এক ‘ব্ৰেণ্ড’ হিচাপেও পৰিগণিত হয়। ‘কম্পিটিটিভ কষ্ট’ আমাৰ শক্তি, ‘কোৱালিটী’ আৰু ‘ৰিলায়েবিলিটী’ আমাৰ পৰিচয় হোৱা উচিত।

বন্ধুসকল,

এই নতুন ব্যৱস্থাৰ দ্বাৰা আমাৰ ‘অৰ্ডিনেন্স’ কাৰখানাত যিসমূহ প্ৰতিভা আছে, যিয়ে কিবা নহয় কিবা নতুন কৰিব খোজে, তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব। যেতিয়া এনেধৰণৰ পাৰদৰ্শিতাই উদ্ভাৱনৰ সুযোগ লাভ কৰে, কিবা কৰি দেখুওৱাৰ সুযোগ পায়, তেওঁলোকে আশ্চৰ্যকৰ দৃষ্টান্তই সম্ভৱ কৰি তোলে। আপোনালোকে নিজৰ পাৰদৰ্শিতাৰে, যি সামগ্ৰী নিৰ্মাণ কৰি দেখুৱাব সেয়াই ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ ক্ষমতাতো বৃদ্ধি কৰিবই, স্বাধীনতাৰ পিচত যি ব্যৱধানৰ সৃষ্টি হৈছিল, তাকো আঁতৰ কৰিব বুলি মোৰ বিশ্বাস হৈছে।

বন্ধুসকল,

একৈশ শতিকাত কোনো দেশেই হওক অথবা কোনো প্ৰতিষ্ঠানেই হওক, ইয়াৰ ‘গ্ৰ’থ’ আৰু ‘ব্ৰেণ্ড ভেল্যু’ ইয়াৰ গৱেষণা আৰু উদ্ভাৱন পাৰদৰ্শিতাৰ আধাৰতে নিৰ্ণিত হয়। ‘ছফ্টৱে’ৰ’ৰ পৰা ‘স্পেচ ছেক্টৰ’লৈ, ভাৰতৰ ‘গ্ৰ’থ’, ভাৰতৰ নতুন পৰিচয় ইয়াৰ সকলোতকৈ ডাঙৰ উদাহৰণ। সেয়ে, মই সাতোটা প্ৰতিষ্ঠানেই বিশেষ ভাবে ‘গৱেষণা আৰু উদ্ভাৱন’ক নিজৰ কৰ্ম-সংস্কৃতিৰ অংগ কৰি ল’ব বুলি আশা কৰিছো। এই দুই বিষয়ে প্ৰাথমিকতা পোৱা উচিত হ’ব। আপোনালোকে কেৱল পৃথিৱীৰ বৃহত্ প্ৰতিষ্ঠানসমূহৰ সমকক্ষ হ’বলৈ চেষ্টা কৰিলেই নহ’ব, বৰং ‘ফিউচাৰ টেকন’লজী’ত নেতৃত্বও প্ৰদান কৰিব লাগিব। সেয়ে, আপোনালোকে নতুন চিন্তা, গৱেষণা পীপাসু যুৱ-যুৱতীক অধিক সুযোগ দিয়ক, তেওঁলোকক চিন্তা কৰাৰ বাবে অধিক স্বাধীনতা প্ৰদান কৰক। মই দেশৰ ‘ষ্টাৰ্টআপ’সমূহকো এই ৭টা প্ৰতিষ্ঠানৰ জৰিয়তে আজি দেশে যি নতুনৰ শুভাৰম্ভ কৰিছে, তাৰ অংগ হ’বলৈ আহ্বান জনাব খুজিছো। আপোনালোকৰ গৱেষণা, আপোনালোকৰ উত্পাদিত সামগ্ৰীসমূহ কেনেকৈ এই প্ৰতিষ্ঠানসমূহৰে আদান-প্ৰাদন কৰি পৰস্পৰৰ ক্ষমতা বৃদ্ধিৰে লাভান্বিত হ’ব পাৰে এই দিশত আপোনালোকেও চিন্তা কৰা উচিত বুলি ভাবিছো।

বন্ধুসকল,

চৰকাৰে কেউটা প্ৰতিষ্ঠানকে একোটা উন্নত ‘প্ৰডাকশ্যন এনভাৰ্নমেণ্ট’ দিয়াৰ লগতে সম্পূৰ্ণ ‘ফাংশ্যনেল অটনমী’ও দিছে। ইয়াৰ লগতে এই কাৰখানাসমূহৰ কৰ্মচাৰীসকলৰ কল্যাণ সুৰক্ষিত কৰাৰ কথাও সুনিশ্চিত কৰিছে। মই ভাবো আপোনালোকৰ ‘এক্সপাৰ্টাইজ’-ৰ দ্বাৰা দেশৰ বহুত লাভ হ’ব আৰু আমি সকলোৱে মিলি ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোনটোকো  বাস্তৱায়িত কৰিবগৈ পাৰিম।

এই আশাৰেই আকৌ এবাৰ আপোনালোক আটাইকে ‘বিজয়াদশমী’ৰ বহুত বহুত শুভকামনা জনালো। সকলোকে বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore

Media Coverage

Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
MASSIVE CROWDS, UNMATCHED ENERGY! Puducherry sends a clear message during PM Modi’s roadshow
April 03, 2026

Prime Minister Narendra Modi today held a mega roadshow in Puducherry. It drew an overwhelming and energetic response from people across all walks of life. The streets buzzed with excitement as women and youth turned out in large numbers.

The scale of the turnout reflected strong public support and enthusiasm on the ground. The mood in Puducherry clearly points to a decisive mandate in favour of the BJP-NDA Government.