ক'ৰোণাৰে মোকাবিলা কৰাত গৃহস্থীৰ বিবেক আৰু যোগ-আয়ুৰ্বেদে ডাঙৰ ভূমিকা পালন কৰিলেঃ প্ৰধানমন্ত্ৰী
সুস্বাস্থ্যৰ বিষয়ে ভাৰতীয় ধাৰণা কেৱল এজন ৰোগীৰ চিকিৎসা কৰাতকৈও ঊৰ্ধতঃ প্ৰধানমন্ত্ৰী
যোগ আৰু আয়ুৰ্বেদ পৃথিৱীৰ সন্মুখত এনেকুৱা ভাষাত প্ৰস্তুত কৰা হওক যাক তেওঁলোকে বুজি পায়ঃ প্ৰধানমন্ত্ৰী
ভাৰতক আধ্যাত্মিক আৰু সুস্বাস্থ্য পৰ্যটনৰ কেন্দ্ৰ কৰি তোলাৰ আহ্বান

নমস্কাৰ,

‘শ্ৰী ৰামচন্দ্ৰ মিছন’ৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিত আপোনালোক আটাইলৈকে অভিনন্দন জ্ঞাপন কৰিছো। বহুত বহুত শুভকামনা জনাইছো। ৰাষ্ট্ৰ নিৰ্মাণ আৰু সমাজৰ অগ্ৰগতিৰ বাবে সেৱাত ব্ৰতী হোৱা এই ৭৫টা বছৰ আক্ষৰিক অৰ্থতে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। লক্ষ্যত উপনীত হোৱাৰ বাবে উত্সৰ্গিত মনোভাৱেৰে আপোনালোকে কৰা মহাকাব্যিক যাত্ৰাৰ সুবাদতে আজি এই মিছনৰ কাম-কাজ পৃথিৱীৰ ১৫০খন দেশলৈ প্ৰসাৰিত হ’ব পাৰিছে। আজি পবিত্ৰ ‘বসন্ত পঞ্চমী’ৰ দিনা আমি শ্ৰী ৰাম চন্দ্ৰ জীৰ জন্ম বাৰ্ষিকী উদযাপন কৰিছো। আপোনালোক আটাইলৈকে অভিনন্দন জনাই মই ‘বাবুজী’লৈ বিনম্ৰ ভাবে শ্ৰৰ্দ্ধাৰ্ঘ্য নিৱেদন কৰিছো। আপোনালোকে সম্পন্ন কৰা আশ্চৰ্যকৰ যাত্ৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা আপোনালোকৰ মুখ্য কাৰ্যালয় ‘কান্হা শান্তি বনম’ৰ বাবে মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছো। মোক কোৱা মতে, ‘কান্হা শান্তি বনম’ নিৰ্মাণৰ পূৰ্বে এইডোখৰ এডোখৰ ছন পৰা মাটি আছিল। আপোনালোকৰ উদ্যোগ আৰু উত্সৰ্গিত শ্ৰমৰ সুবাদতে আজি এডোখৰ ছন পৰি থকা মাটিত ‘কান্হা শান্তি বনমে’ থন্ ধৰি উঠিবলৈ সক্ষম হ’ল।

বন্ধুসকল,

আপোনালোক আটায়ে ‘বাবুজী’ৰ পৰা অতি ঘনিষ্টতাৰে অনুপ্ৰাণিত হৈছে। জীৱনৰ প্ৰসংগিকতা আহৰণৰ ক্ষেত্ৰত তেওঁ কৰা সম্পৰীক্ষা আৰু মানসিক শান্তিৰ বাবে তেওঁ কৰা প্ৰয়াস আমাৰ সকলোৰে বাবে সঁচায়ে অনুপ্ৰেৰণাদায়ক অভিজ্ঞতা। ২০-২০ৰ এইখন পৃথিৱীত, দ্ৰুত গতিশীলতাত গুৰুত্ব আৰোপ কৰা হৈছে। মানুহৰ বাবে এতিয়া সময়ৰ খুবেই নাটনি। সহজ-সৰল ভাবে আপোনালোকে গতিশীল আধ্যাত্মিকতাৰ জৰিয়তে মানুহক সুস্থ সবল কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই আহিছে। আপোনালোকৰ সহ্স্ৰ স্বেচ্ছাসেৱী আৰু প্ৰশিক্ষকে সমগ্ৰ পৃথিৱীকে যোগ আৰু ধ্যানৰে ঘনিষ্ঠ কৰি তুলিছে। এয়া মানৱতাৰ বাবে আগবঢ়োৱা নিতান্তই মহান সেৱা। আপোনালোকৰ স্বেচ্ছাসেৱী আৰু প্ৰশিক্ষকসকলে জ্ঞানৰ প্ৰকৃত অৰ্থক বস্তুতঃ ব্যক্তিত্ব প্ৰদান কৰিছে। ধ্যান আৰু আধ্যাত্মিকতাৰ জগতখনত আমাৰ কমলেশ জী ‘দা জী’ বুলি জনাজাত। ভাতৃ কমলেশ জীৰ বিষয়ে মই ক’ম ‘তেওঁ দৰাচলতেই পাশ্চাত্য আৰু ভাৰতীয় গুণাৱলীৰ এক সংগম’। আপোনাৰ আধ্যাত্মিক নেতৃত্বত, ‘শ্ৰী ৰাম চন্দ্ৰ মিছনে’ সমগ্ৰ পৃথিৱীকে, বিশেষকৈ যুৱ-প্ৰজন্মক শাৰিৰীক আৰু মানসিক ভাবে সুস্থ-সবল কৰি গঢ়ি তোলাৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।

বন্ধুসকল,

আজি, সমগ্ৰ পৃথিৱীয়েই জীৱন শৈলীজনিত ব্যাধিৰ পৰা মহামাৰীলৈ, হতাশাগ্ৰস্থতাৰ পৰা সন্ত্ৰাসবাদলৈ এশ এবুৰি সমস্যাৰ চাকনৈয়াত অস্থিৰ হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত, ‘সহজ মাৰ্গ’, ‘হাৰ্টফুলনেছ কাৰ্যক্ৰম’ আৰু ‘যোগ’ আদি যেন পৃথিৱীৰ বাবে আশাৰ কিৰণ হৈ উজলি উঠিছে। কেনেকৈ তেনেই সামান্য একোটা সতৰ্ক পদক্ষেপৰেই গুৰুতৰ সংকটকো হেলাৰঙে অতিক্ৰম কৰিব পাৰি তাৰ নিদৰ্শন শেহতীয়া ভাবে পৃথিৱীয়ে প্ৰত্যক্ষ কৰিব পাৰিছে। সেইদৰে ক’ৰোনা বিৰোধী যুঁজত ১৩০ কোটি ভাৰতীয় কেনেকৈ সমগ্ৰ পৃথিৱীৰ বাবেই উদাহৰণ হ’বলৈ সক্ষম হ’ল সেই কথাও আমি প্ৰত্যক্ষ কৰিব পাৰিলো। এই যুঁজত, পৰিয়ালসমূহৰ ইচ্ছা, দৈনন্দিনৰ অভ্যাস আৰু যোগ-আয়ুৰ্বেদ আদিয়ে বহুত ডাঙৰ ভূমিকা পালন কৰিলে। যেতিয়া মহামাৰীৰ প্ৰদুৰ্ভাৱ ঘটিছিল তেতিয়া সমগ্ৰ পৃথিৱীয়েই ভাৰতক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল। কিন্তু আজি, ক’ৰোনাৰ বিৰুদ্ধে ভাৰতে কৰা যুদ্ধই সমগ্ৰ পৃথিৱীকে অনুপ্ৰাণিত কৰিছে।

 

বন্ধুসকল,

পৃথিৱীৰ মংগলৰ বাবে ভাৰতে মানৱতাবাদী প্ৰয়াস গ্ৰহণ কৰিছে। এই মানৱতাবাদী প্ৰয়াস ‘ৱেলফেয়াৰ’, ‘ৱেল বিয়িং’ আৰু ‘ৱেল্থ’-ৰ সুস্থ সমতুলতাৰ ভিত্তিত ৰচনা কৰা হৈছে। শেহতীয়া ছটা বছৰত, ভাৰতে পৃথিৱীৰ ভিতৰতে সৰ্ব বৃহত্ ৰাজহুৱা কল্যাণকামী কাৰ্যক্ৰম ৰূপায়ণত মনোনিৱেশ কৰিছে। এই প্ৰয়াসৰ জৰিয়তে দুখীয়া-দৰিদ্ৰক এক মৰ্যাদা আৰু সম্ভাৱনাপূৰ্ণ জীৱন দান কৰা লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। সাৰ্বজনীন অনাময় আঁচনিৰ পৰা সমাজ কল্যাণ আঁচনিলৈ, ধোঁৱামুক্ত ৰান্ধনীশালৰ পৰা বেংকৰে জড়িত নোহোৱাসকলৰ বাবে বেংকিং সেৱা সম্ভৱ কৰালৈ, প্ৰযুক্তিত প্ৰৱেশৰ পৰা সকলোৰে বাবে গৃহ নিৰ্মাণলৈ, ভাৰতৰ ৰাজহুৱা কল্যাণ আঁচনিসমূহে বহু জীৱনক স্পৰ্শ কৰিব পাৰিছে। আনকি পৃথিৱী কঁপোৱা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ আগতেই আমাৰ দেশে ‘কল্যাণ’ৰ প্ৰসংগত লক্ষ্য নিবদ্ধ কৰিছিল।

বন্ধুসকল,

কেৱল ৰোগ নিৰাময়তে আমাৰ কল্যাণৰ সংজ্ঞা সীমাবদ্ধ নহয়। নিবাৰণমূলক স্বাস্থ্যসেৱাৰ দিশত বিস্তৃত কাৰ্যক্ৰম অব্যাহত ৰখা হৈছে। ‘আয়ুষ্মান ভাৰত’-ৰ দৰে ভাৰতৰ ধ্বজাবাহী স্বাস্থ্যসেৱা আঁচনিসমূহৰ হিতাধিকাৰীৰ সংখ্যা আমেৰিকা আৰু ইউৰোপৰ বহুদেশৰ মুঠ জনসংখ্যাতকৈ অধিক। আজিৰ তাৰিখত এইখন পৃথিৱীৰ ভিতৰতে সৰ্ববৃহত্ স্বাস্থ্যসেৱা আঁচনি। ঔষধ আৰু চিকিত্সা উপকৰণসমূহৰ দাম বহু পৰিমানে হ্ৰাস কৰা হৈছে। ‘যোগ’-য়ে লাভ কৰা জনপ্ৰিয়তাৰ কথা সকলোৰে অৱগত। কল্যাণ সাধনত গুৰুত্ব প্ৰদানৰ জৰিয়তে আমাৰ যুৱ-প্ৰজন্মক সুস্থ-সবল কৰি ৰখাটো নিশ্চিত কৰিব বিচৰা হৈছে। তেওঁলোকে যাতে জীৱন-শৈলীজনিত ব্যাধিৰ দ্বাৰা আক্ৰান্ত হ’বলগীয়া নহয় সেই কথা নিশ্চিত কৰিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। যেতিয়া পৃথিৱীক ক’ভিড-১৯ৰ ঔষধ প্ৰয়োজন হৈছিল, ভাৰতে তেতিয়া গৌৰৱ সহকাৰে সকলোলৈকে সেয়া প্ৰেৰণ কৰিছিল। এতিয়া ভাৰতে গোলকীয় টীকীকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰিছে। আমাৰ কল্যাণ সম্পৰ্কে থকা দৃষ্টিভংগী আভ্যন্তৰীণৰ দৰেই গোলকীয়ও।

বন্ধুসকল,

ক’ভিড-১৯ৰ পৰৱৰ্তি প্ৰেক্ষাপটতত পৃথিৱীয়ে স্বাস্থ্য আৰু কল্যাণৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ভাৰতে বহুখিনি আগবঢ়াব পৰাৰ সামৰ্থ্য বহণ কৰিছে। ভাৰতক আমি এক ‘আধ্যাত্মিক আৰু কল্যণ-পৰ্যটন’ৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলো আহক। এটা স্বাস্থ্যবান গ্ৰহৰ বাবে আমাৰ যোগ আৰু আয়ুৰ্বেদে বিশেষ অৰিহণা আগবঢ়াব পাৰে। এইসমূহ অৱদান পৃথিৱীক তেওঁলোকে বুজা ভাষাৰে আগবঢ়োৱাটোক আমি লক্ষ্য হিচাপে গ্ৰহণ কৰিছো। তেওঁলোকৰ বাবে উপকাৰত আহিবলগীয়া বিশেষত্বসমূহ বিজ্ঞানসন্মত ভাবে আমি বিশ্লেষণ কৰিব লাগিব আৰু ভাৰতলৈ আহি পুনৰুজ্জীৱিত হোৱাৰ বাবে আমি পৃথিৱীবাসীক আমন্ত্ৰিত কৰিব লাগিব। এই দিশত আপোনালোকৰ ‘হাৰ্টফুলনেছ কাৰ্যক্ৰম’ৰ ধ্যানৰ অনুশীলনক এক পদক্ষেপ হিচপে গ্ৰহণ কৰিব পাৰে।

বন্ধুসকল,

ক’ৰোনা-উত্তৰ প্ৰেক্ষাপটত আজিৰ পৃথিৱীখনত যোগ আৰু ধ্যান-ৰ গুৰুত্ব বাঢ়িবলৈ ধৰিছে। ‘ভগৱদ্ গীতা’ত লিখিছিল: ‘সিদ্ধ্য সিদ্ধ্যোঃ সমো ভূত্বা সমত্বঁ যোগ উচ্যতে’-অৰ্থা্ত্, ‘সম্পূৰ্ণতা আৰু অসফলতা এই উভয় ক্ষেত্ৰতে সমভাৱ আৰু বিসৰ্জনৰ মনোভাৱৰে কেৱল যোগৰ সাধনা কৰা’। এই সমভাৱেই হৈছে যোগ। আজিৰ পৃথিৱীৰ বাবে যোগৰ লগতে ধ্যানৰো প্ৰয়োজন আছে। পৃথিৱীৰ বহু গুৰুত্বপূৰ্ণ সংস্থাই দাবী কৰিছে যে হতাশগ্ৰস্থতাই মানৱ জীৱনৰ বাবে গুৰুতৰ প্ৰত্যাহ্বানৰ ৰূপ পৰিগ্ৰহ কৰিছে।এই সমস্যাৰে যুঁজাৰ ক্ষেত্ৰত আপোনালোকৰ ‘হাৰ্টফুলনেছ কাৰ্যক্ৰম’ৰ পৰা যোগ আৰু ধ্যানৰে মানৱ সমাজক সহায়ৰ হাত আগবঢ়াব পাৰে।

বন্ধুসকল,

আমাৰ বেদত কোৱা হৈছে যে, ‘যথা দয়োশ চ, পৃথিৱী চ, ন বিভীতো, ন ৰিষ্টতঃ। এৱা মে প্ৰাণ মা বিভেঃ’, অৰ্থাত্, ‘ঠিক যেনেকৈ স্বৰ্গ অথবা পৃথিৱীখন শংকাৰ অথবা ধ্বংসাত্মক নহয়, অ’ মোৰ আত্মা! তুমিও শংকাহীন হৈ থাকা। মুক্ত হৈ থকাজনহে শংকা বিহীন হৈ থাকিব পাৰে’। মই বিশ্বাস কৰো যে ‘সহজ মাৰ্গ’ অনুসৰণ কৰি আপোনালোকে মানুহক শাৰিৰীক আৰু মানসিক ভাবে শংকামুক্ত কৰি ৰাখিব পাৰিব। ৰোগৰ পৰা মুক্ত আৰু মানসিকভাবে সবল নাগৰিকসকলে ভাৰতক এক নতুন শিখৰলৈ লৈ যাব পাৰিব। এইটো বছৰতে আপোনালোকেও আমাৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিব। আপোনালোকৰ প্ৰয়াসেও দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আবঢ়াওক! এই আশাৰেই আপোনালোকক আকৌ এবাৰ শুভকামনা যঁচিলো।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nagaland gets its first natural gas supply via National Gas Grid

Media Coverage

Nagaland gets its first natural gas supply via National Gas Grid
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 আগষ্ট 2026
August 19, 2026

Defence to Diamonds: How PM Modi’s Vision Turned India into a Global Capability Hub