মহামহিম,

৭ম ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনা উপলক্ষে আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছোঁ।

মহামহিম,

এয়া আপোনাৰ তৃতীয় ভাৰত ভ্ৰমণ। সৌভাগ্যক্ৰমে মোৰ তৃতীয় কাৰ্য্যকালৰ প্ৰথমখন আইজিচিও।

মহামহিম,

২০২২ত বাৰ্লিনত অনুষ্ঠিত অন্তিমখন আন্তঃচৰকাৰী আলোচনাত আমি দ্বিপাক্ষিক সহযোগিতাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ।

যোৱা দুবছৰত আমাৰ কৌশলগত অংশীদাৰিত্বৰ ভিন্ন ক্ষেত্ৰত উৎসাহজনক অগ্ৰগতি লাভ কৰা হৈছে। প্ৰতিৰক্ষা, প্ৰযুক্তি, শক্তি আৰু সেউজ তথা বহনক্ষম উন্নয়নৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধি পোৱা কাৰ্য্য পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক হৈ পৰিছে।

মহামহিম,

বিশ্বখন উত্তেজনা, সংঘাত, অনিশ্চয়তাৰ মাজেৰে অগ্ৰসৰ হৈছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আইনৰ শাসন আৰু যাতায়াতৰ স্বাধীনতাক লৈয়ো গুৰুতৰ উদ্বেগ প্ৰকাশ পাইছে। এনে সময়ত ভাৰত আৰু জাৰ্মানীৰ মাজত কৌশলগত অংশীদাৰিত্ব গুৰুত্বপূৰ্ণ হৈ উঠিছে।

এয়া কোনো লেনদেনৰ সম্পৰ্ক নহয়; বৰঞ্চ এয়া দুই সক্ষম আৰু শক্তিশালী গণতন্ত্ৰৰ মাজত এক ৰূপান্তৰশীল অংশীদাৰিত্ব—যিয়ে বিশ্ব সমাজ আৰু মানৱতাৰ বাবে এক সুস্থিৰ, সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তোলাত অৰিহণা যোগাইছে।

এই সন্দৰ্ভত যোৱা সপ্তাহত আপুনি প্ৰকাশ কৰা "ভাৰতত গুৰুত্ব আৰোপ" কৌশল অতিশয় আদৰণীয়।

মহামহিম,

মই আনন্দিত যে আমি আমাৰ অংশীদাৰিত্ব সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ বাবে একাধিক নতুন আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীৰপৰা সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীলৈ আগবাঢ়িছোঁ।

দুয়োখন দেশৰ উদ্যোগসমূহে উদ্ভাৱক আৰু যুৱ প্ৰতিভাক সংযোগ কৰি আছে। প্ৰযুক্তিক গণতান্ত্ৰিক কৰাটো আমাৰ সহভাজিত অংগীকাৰ। আজি উদ্ভাৱন আৰু প্ৰযুক্তিৰ ওপৰত ৰোডমেপ মুকলি কৰা হৈছে, যিয়ে কৃত্ৰিম বুদ্ধিমত্তা, অৰ্ধপৰিবাহী আৰু স্বচ্ছ শক্তিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আমাৰ সহযোগিতাক অধিক সুদৃঢ় কৰিব।

আমি অলপতে জাৰ্মান ব্যৱসায়ৰ এছিয়া-পেচিফিক সন্মিলনত অংশগ্ৰহণ কৰিছোঁ আৰু ক্ষন্তেক পিছতে চিইঅ’ ফ’ৰামতো অংশগ্ৰহণ কৰিম। ইয়াৰদ্বাৰা আমাৰ সহযোগিতা অধিক সুদৃঢ় হ’ব। আমাৰ অৰ্থনীতিৰ বৈচিত্ৰ্যতা আৰু ইয়াক বিপদমুক্তকৰণৰ আমাৰ প্ৰচেষ্টাই গতি লাভ কৰিব, যিয়ে সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য যোগান মূল্য শৃংখল সৃষ্টিত সহায় কৰিব।

জলবায়ু কাৰ্য্যৰ প্ৰতি আমাৰ দায়বদ্ধতাৰে সংগতি ৰাখি আমি নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত বৈশ্বিক বিনিয়োগৰ বাবে এক মঞ্চ গঠন কৰিছোঁ। আজি গ্ৰীন হাইড্ৰজেন ৰোডমেপো মুকলি কৰা হৈছে।

আমি আনন্দিত যে ভাৰত আৰু জাৰ্মানীৰ মাজত শিক্ষা, দক্ষতা বিকাশ আৰু গতিশীলতাৰ অগ্ৰগতি সাধন হৈছে। জাৰ্মানীয়ে প্ৰকাশ কৰা দক্ষ শ্ৰমিক গতিশীলতা কৌশলক আমি আদৰণি জনাইছোঁ। মোৰ বিশ্বাস আজিৰ বৈঠকে আমাৰ অংশীদাৰিত্বক নতুন শিখৰলৈ নিব।

এতিয়া আপোনাৰ কথা শুনিব খুজিম।

ইয়াৰ পিছত মোৰ সতীৰ্থসকলে ভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা গঢ়ি তুলিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আমাক চমুকৈ অৱগত কৰিব।

আকৌ এবাৰ ভাৰতত আপোনাৰ লগতে আপোনাৰ প্ৰতিনিধি দললৈ অতি উষ্ম আদৰণি জনাইছোঁ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump