প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ ৰজা জিগমে খেছাৰ নামজিল ৱাংছুকৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ তম জন্মদিন উপলক্ষে ভূটানৰ ৰজা ৱাংচুকে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়েও কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰিও বৰ্তমানৰ ৰজা, প্ৰাক্তন ৰজা আৰু ভূটানৰ ৰাজপৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈও কৃতজ্ঞতা জ্ঞাপন কৰে।

দুয়োগৰাকী ৰাষ্ট্ৰনেতাই এই টেলিফোনিক বাৰ্তালাপত ভাৰত আৰু ভূটানৰ মাজত থকা চুবুৰীয়া আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ধৰি ৰখা অনন্য আস্থা আৰু বিশ্বাস সন্দৰ্ভত কথা পাতে। ভূটান সম্ৰাটে দুয়োখন দেশৰ এই বিশেষ বন্ধুত্বক শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত পালন কৰা অনবদ্য ভুমিকাক প্ৰসংশা কৰি ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে ভূটানত ক’ভিড-১৯ মহামাৰীক কাৰ্যকৰীভাৱে ৰোধ কৰাত সফল হোৱাৰ বাবেও ভূটান সম্ৰাটক অভিনন্দন জনায় আৰু এই সন্দৰ্ভত কোনো সহায়ৰ প্ৰয়োজন হ’লে ভাৰতে সহায় আগবঢ়াবৰ বাবে প্ৰতিমূহুৰ্ত্ততে সাজু হৈ থাকিব বুলিও জনায়।

প্ৰধানমন্ত্ৰীয়ে দুয়োপক্ষৰ এক সুবিধাজনক দিনত সম্ৰাট আৰু তেওঁৰ পৰিয়ালক ভাৰতলৈ নিমন্ত্ৰণো জনায় এই বাৰ্তালাপতে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুলাই 2026
July 04, 2026

PM Modi’s Viksit Bharat Vision in Action: Modern Infrastructure, Strategic Strength & Economic Progress