প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কালি মার্কিন যুক্তৰাষ্ট্রৰ নৱনির্বাচিত ৰাষ্ট্রপতি শ্ৰীযুত যোছেফ আৰ বাইদেনৰ সৈতে টেলিফোনযোগে কথা পাতে৷
ৰাষ্ট্রপতি নির্বাচনত বাইদেনৰ বিজয়ৰ বাবে প্রধানমন্ত্রীয়ে তেওঁক অভিনন্দন জনাই কয় যে মার্কিন যুক্তৰাষ্ট্রৰ গণতান্ত্রিক পৰম্পৰাৰ শক্তি আৰু সুস্থিৰ দিশটো ইয়াৰ জৰিয়তে প্রতিফলিত হৈছে।
প্রধানমন্ত্রীয়ে চিনেটৰ কমলা হেৰিছক উপ-ৰাষ্ট্রপতি পদত নির্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জনায়৷
শ্রী মোদীয়ে এই প্রসংগত ২০১৪ আৰু ২০১৬ চনত তেওঁৰ মার্কিন যুক্তৰাষ্ট্রত চৰকাৰী ভ্ৰমণৰ সময়ত শ্ৰীযুত বাইদেনৰ সৈতে হোৱা বৈঠকৰ বিষয়টো স্মৰণ কৰে৷ প্রধানমন্ত্রীৰ ২০১৬ চনত মার্কিন ভ্ৰমণৰ সময়ত মার্কিন কংগ্রেছৰ যুটীয়া অধিৱেশনত বাইদেনে অধ্যক্ষতা কৰিছিল৷
দুয়োগৰাকী নেতা সমমূল্যবোধ আৰু অভিন্ন পাৰস্পৰিক স্বাৰ্থৰ ওপৰত ভিত্তি কৰি ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰ সৰ্বাংগীন আন্তঃৰাষ্ট্ৰীয় কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহমত পোষণ কৰে৷ ক’ভিড-১৯ মহামাৰী, কম মূল্যৰ টিকা, জলবায়ু পৰিৱৰ্তন ৰোধত বিভিন্ন পদক্ষেপ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতাকে ধৰি বিভিন্ন বিষয়ক লৈ তেওঁলোকে আলোচনা কৰে৷
Spoke to US President-elect @JoeBiden on phone to congratulate him. We reiterated our firm commitment to the Indo-US strategic partnership and discussed our shared priorities and concerns - Covid-19 pandemic, climate change, and cooperation in the Indo-Pacific Region.
— Narendra Modi (@narendramodi) November 17, 2020
I also conveyed warm congratulations for VP-elect @KamalaHarris. Her success is a matter of great pride and inspiration for members of the vibrant Indian-American community, who are a tremendous source of strength for Indo-US relations.
— Narendra Modi (@narendramodi) November 17, 2020