জম্মু, কাশ্মীৰ আৰু লাডাখৰ জনতাক সুস্থিৰ পৰিৱেশৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৩৭০নং অনুচ্ছেদ বাতিলৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান ঐতিহাসিক আৰু ই ২০১৯ চনৰ ৫ আগষ্টত ভাৰতৰ সংসদে গ্ৰহণ কৰা সিদ্ধান্তক সাংবিধানিকভাৱে সমৰ্থন কৰে।

শ্ৰী মোদীয়ে লগতে কয় যে আদালতে ইয়াৰ গভীৰ জ্ঞানেৰে ঐক্যৰ সেই মৰ্মকে শক্তিশালী কৰি তুলিছে যিটো আমি ভাৰতীয় হিচাপে আটাইতকৈ প্ৰিয় আৰু লালন-পালন কৰোঁ।

টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“৩৭০নং অনুচ্ছেদ বাতিলৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ ৰায়দান ঐতিহাসিক আৰু ভাৰতৰ সংসদে ২০১৯ চনৰ ৫ আগষ্টত লোৱা সিদ্ধান্তক সাংবিধানিকভাৱে সমৰ্থন কৰে; জম্মু, কাশ্মীৰ আৰু লাডাখৰ আমাৰ ভাই-ভনীসকলৰ বাবে ই এক গুঞ্জৰিত আশা, প্ৰগতি আৰু ঐক্যৰ ঘোষণা। আদালতে ইয়াৰ গভীৰ জ্ঞানেৰে ঐক্যৰ সেই মৰ্মকে শক্তিশালী কৰি তুলিছে যিটো আমি ভাৰতীয় হিচাপে আটাইতকৈ প্ৰিয় আৰু লালন-পালন কৰোঁ।

মই জম্মু, কাশ্মীৰ আৰু লাডাখৰ জনতাক সুস্থিৰ পৰিৱেশৰ আশ্বাস দিও যে আপোনালোকৰ সপোন পূৰণৰ বাবে আমাৰ দায়বদ্ধতা সদায়েই অদম্য হৈ থাকিব৷ আমি দৃঢ়তাৰে নিশ্চিত কৰিছো যে প্ৰগতিৰ ফল কেৱল আপোনালোকৰ ওচৰলৈ যোৱাই নহয়, ৩৭০নং অনুচ্ছেদৰ বাবে ক্ষতিগ্ৰস্ত হোৱা আমাৰ সমাজৰ অতি দুৰ্বল আৰু প্ৰান্তীয় শ্ৰেণীকো ইয়াৰ সুবিধা প্ৰদান কৰিছে৷

আজিৰ ৰায়দান কেৱল আইনী ৰায় নহয়; ই আশাৰ ৰেঙণি, উজ্জ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতি আৰু শক্তিশালী, অধিক সংযুক্ত ভাৰত গঢ়ি তোলাৰ আমাৰ সামূহিক সংকল্পৰ প্ৰমাণ৷ #NayaJammuKashmir”

"आर्टिकल 370 हटाने को लेकर सुप्रीम कोर्ट का आज का निर्णय ऐतिहासिक है, जो 5 अगस्त, 2019 को संसद में लिए गए फैसले पर संवैधानिक मुहर लगाता है। इसमें जम्मू, कश्मीर और लद्दाख के हमारे भाई-बहनों के लिए उम्मीद, उन्नति और एकता का एक सशक्त संदेश है। माननीय कोर्ट के इस फैसले ने हमारी राष्ट्रीय एकता के मूल भाव को और मजबूत किया है, जो हर भारतवासी के लिए सर्वोपरि है।

मैं जम्मू, कश्मीर और लद्दाख के अपने परिवारजनों को विश्वास दिलाना चाहता हूं कि आपके सपनों को पूरा करने के लिए हम हर तरह से प्रतिबद्ध हैं। हम यह सुनिश्चित करने के लिए संकल्पबद्ध हैं कि विकास का लाभ समाज के हर वर्ग तक पहुंचे। आर्टिकल 370 का दंश झेलने वाला कोई भी व्यक्ति इससे वंचित ना रहे।

आज का निर्णय सिर्फ एक कानूनी दस्तावेज ही नहीं है, बल्कि यह आशा की एक बड़ी किरण भी है। इसमें उज्ज्वल भविष्य का वादा है, साथ ही एक सशक्त और एकजुट भारत के निर्माण का हमारा सामूहिक संकल्प भी है।

#NayaJammuKashmir"

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles

Media Coverage

Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মাৰ্চ 2026
March 04, 2026

Citizens Celebrate Colours of Confidence: PM Modi's Vision Powers Holi Joy, Jobs, Security, and Global Trust