প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুৱাণ্ডা গণৰাজ্য(২৩-২৪জুলাই), উগাণ্ডা গণৰাজ্য(২৪-২৫ জুলাই) দক্ষিণ আফ্ৰিকা গণৰাজ্য(২৫-২৭ জুলাই) ভ্ৰমণ কৰিব৷ এয়া হ’ব ৰুৱাণ্ডালৈ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো ভ্ৰমণ৷ একেদৰে উগাণ্ডালৈ ২০ বছৰৰ মূৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া হ’ব প্ৰথমটো ভ্ৰমণ৷ ইফালে, দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ উদ্দেশ্য হ’ব ব্ৰিকছ সন্মিলনত অংশ লোৱা৷ 

প্ৰধানমন্ত্ৰীয়ে ৰুৱাণ্ডা আৰু উগাণ্ডাত দেশ দুখনৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল’ব তথা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব৷ তদুপৰি তেওঁ ব্যৱসায়ী আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত-বিনিময় কৰিব৷ ৰুৱাণ্ডাত প্ৰধানমন্ত্ৰীয়ে জেনোচাইড স্মাৰক পৰিদৰ্শন কৰিব আৰু ৰাষ্ট্ৰপতি প’ল কাগামিয়ে ব্যক্তিগতভাৱে আৰম্ভ কৰা ৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা আঁচনিৰ এক অনুষ্ঠানত ভাগ ল’ব৷ উগাণ্ডাত প্ৰধানমন্ত্ৰীয়ে দেশখনৰ সংসদত মূল বক্তব্য ৰাখিব৷ উগাণ্ডাৰ সংসদক সম্বোধন কৰা শ্ৰী নৰেন্দ্ৰ মোদী হ’ব ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী৷ 

দক্ষিণ আফ্ৰিকাত প্ৰধানমন্ত্ৰীয়ে দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত অংশ ল’ব আৰু ব্ৰিকছ সন্মিলন তথা ব্ৰিকছ সম্পৰ্কীয় আন বৈঠকত উপস্থিত থাকিব৷ ব্ৰিকছ সন্মিলনৰ সংগতি ৰাখি অংশগ্ৰহণকাৰী দেশসমূহৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠকৰো পৰিকল্পনা কৰা হৈছে৷ 

ভাৰতে আফ্ৰিকাৰ সৈতে এক ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বাহাল ৰাখিছে৷ দৃঢ় উন্নয়নমূলক অংশীদাৰ আৰু বৃহৎ সংখ্যক প্ৰবাসী ভাৰতীয়ৰ উপস্থিতিয়ে এই সম্পৰ্কক অধিক শক্তিশালী কৰিছে৷ এই ভ্ৰমণৰ সময়ছোৱাত প্ৰতিৰক্ষা, বাণিজ্য, সাংস্কৃতিক, কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ সহযোগিতা সন্দৰ্ভত কেইবাখনো বুজাবুজিৰ চুক্তি সম্পাদন হ’ব৷
উল্লেখ্য যে, আফ্ৰিকা হ’ল ভাৰতৰ বৈদেশিক নীতিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ স্থান৷ প্ৰধানমন্ত্ৰীৰ ৰুৱাণ্ডা, উগাণ্ডা আৰু দক্ষিণ আফ্ৰিকা ভ্ৰমণে আফ্ৰিকান মহাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India has emerged as global benchmark in financial inclusion over past decade

Media Coverage

India has emerged as global benchmark in financial inclusion over past decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength