Farmers associated with the animal husbandry sector to gain from this move

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ২০১৯ লোকসভা নিৰ্বাচন প্ৰক্ৰিয়াৰ ফলশ্ৰুতিত গঠিত কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠকত এক অতি মহান পদক্ষেপ গ্ৰহণ কৰা হৈছে। দেশৰ কোটি কোটি কৃষকৰ হিতাৰ্থে জন্তুৰ স্বাস্থ্যৰ উন্নয়নৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই পদক্ষেপ অনুসৰি পশুধন কৃষকসকলক সহায় কৰিবৰ বাবে পশুধনৰ ভৰি আৰু মুখৰ ৰোগ আৰু  ব্ৰুছেলোছিছ নিয়ন্ত্ৰণৰ দিহা কৰা হ’ব। অনাগত পাচ বছৰৰ ভিতৰত সমগ্ৰ দেশতে পশুধনৰ মাজত এই ৰোগ নিয়ন্ত্ৰণৰ সমান্তৰালকৈ সম্পূৰ্ণৰূপে নিৰ্মূলকৰণৰ বাবে সৰ্বমুঠ ১৩,৩৪৩ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্তলৈ যাৱতীয় অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।

এই সিদ্ধান্তই পৃথিৱীৰ এক অতি গুৰুত্বপূৰ্ণ অংশ এই অমাতা জন্তুবোৰৰ সৰ্বাঙ্গীন উন্নতিৰ প্ৰতি থকা চিন্তাৰ কথাই প্ৰকট কৰে।

ভৰি আৰু মুখৰ ৰোগ আৰু ব্ৰুছেলোছিছৰ ভয়াবহতা –

এই বোগবোৰ পশুধন যেনে গৰু, ছাগলী, ম’হ, ভেড়া, গাহৰি আদিৰ মাজত সততে হোৱা দেখা যায়।

যদিহে গৰু-ম’হ এই ৰোগত আক্ৰান্ত হয় তেন্তে ১০০ শতাংশ পৰ্যন্ত দুগ্ধ উৎপাদন নাইকিয়া হ’ব পাৰে, আৰু এনে পৰিস্থিতি চাৰিৰ পৰা ছমাহ পৰ্যন্ত থাকিব পাৰে। তাৰ উপৰিও ব্ৰুছেলোছিছত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত পশুধনৰ সমগ্ৰ জীৱন প্ৰক্ৰিয়াতেই গাখীৰ উৎপাদনৰ পৰিমাণ ৩০ শতাংশলৈ হ্ৰাস পায় আনকি ব্ৰুছেলোছিছৰ বাবেই পশুধনৰ মাজত প্ৰজনন ক্ষমতাও নাইকিয়া হয়। এই ৰোগ আনকি পাম কৰ্মী আৰু পশুধনৰ গৰাকীলৈও বিয়পাৰ সম্ভাৱনীয়তা থাকে। দুগ্ধ উৎপাদন তথা অন্যান্য পশুধন সংক্ৰান্তীয় সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত দুয়োবিধ ৰোগৰেই আছে এক প্ৰত্যক্ষ ঋণাত্মক প্ৰভাৱ।

আজি কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তই চৰকাৰখন শাসনলৈ অহাৰ পূৰ্বে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা এক বৃহৎ প্ৰতিশ্ৰুতি পূৰণ কৰিলে আৰু ইয়াৰ জৰিয়তে দেশৰ পশুধন নিৰ্ভৰশীল কোটি কোটি কৃষকে যথেষ্ট সকাহ লাভ কৰিব।

পশুধনৰ যতন আৰু সহানুভূতি –

পশুধনৰ ভৰি আৰু মুখৰ ৰোগৰ ক্ষেত্ৰত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ যোগেদি আৰম্ভ হ’বলগীয়া আঁচনিখনে দেশৰ ৩০ কোটি গাইগৰু-বলদ আৰু ম’হৰ লগতে ২০ কোটি ছাগলী/ভেড়া তথা ১ কোটি গাহৰিক টীকাকৰণ প্ৰক্ৰিয়া সামৰি ল’ব, এই সমগ্ৰ প্ৰক্ৰিয়া ছমাহৰ মূৰে মূৰে কৰি থকা হ’ব, অৱশ্যে তাৰ মাজতে প্ৰাথমিক টীকাকৰণো কৰি থকা হ’ব, আনফালে ব্ৰুচেলোছিছ নিয়ন্ত্ৰণ আঁচনিয়ে দেশৰ ৩.৬ কোটি মাইকী পশুধনক ১০০ শতাংশ টীকাকৰণ প্ৰক্ৰিয়াক সামৰি ল’ব।

এই আঁচনি এই পৰ্যন্ত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ব্যয় বিনিময় ভিত্তিত সম্পাদিত হৈ আহিছে। কেবিনেটৰ আজিৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে এতিয়াৰে পৰা এই আঁচনিৰ সমগ্ৰ ব্যয় এককভাৱেই বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে এই ৰোগবিধ দেশৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰি সেয়া সুনিশ্চিত কৰিব পৰা যায় আৰু দেশত পশুধন নিৰ্ভৰশীল কৃষকসকলে জীৱিকাৰ এক সুচল আৰু সৰল মাধ্যম লাভ কৰিব পাৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."