ভাৰতত উৎসৱভিত্তিক পৰ্যটনৰ অপাৰ সম্ভাৱনা আছেঃ প্ৰধানমন্ত্ৰী মোদী
আহক, এই দিপাৱলীত ভাৰতৰ নাৰী শক্তিৰ সাফল্য উদযাপন কৰোঃ প্ৰধানমন্ত্ৰী মোদী
শ্ৰী গুৰু নানক দেৱজীয়ে আমাক ‘সদভাৱনা’ আৰু ‘সমতা’ৰ বাৰ্তা প্ৰদান কৰিছিলঃ প্ৰধানমন্ত্ৰী
‘ভাৰতৰ লৌহ পুৰুষ’ চৰ্দাৰ বল্লভভাই পেটেলে দেশক ঐকৱদ্ধ কৰিছিলঃ প্ৰধানমন্ত্ৰী মোদী
মাত্ৰ এবছৰৰ ভিতৰতে ‘ষ্টেচু অব্ ইউনিটী’ গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী
‘একতাৰ বাবে দৌৰে’ দেশৰ ঐক্যতাক প্ৰতিনিধিত্ব কৰেঃ প্ৰধানমন্ত্ৰী মোদী

মোৰ মৰমৰ দেশবাসীসকল৷ নমস্কাৰ৷ আজি দিপাৱলী৷ আপোনালোক সকলোলৈ দিপাৱলীৰ অলেখ শুভকামনা যাচিলো৷ আমাৰ ইয়াত কোৱা হয়–

শুভম কৰোতি কল্যাণং আৰোগ্যং ধনসম্পদাম৷

শত্ৰুবুদ্ধিবিনাশায় দ্বীপজ্যোতিৰ্নমস্তোতে৷

কেনে সুন্দৰ এই বাৰ্তা৷ এই শ্লোকত কোৱা হৈছে– প্ৰকাশে জীৱনত সুখ, স্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনে, যিয়ে বিপৰীত বুদ্ধি নাশ কৰি সদবুদ্ধি দেখুৱায়৷ এই দিব্যজ্যোতিক মোৰ প্ৰণাম৷ এই দিপাৱলীক স্মৰণীয় কৰি ৰখাৰ বাবে ইয়াতকৈ উত্তম চিন্তা আৰু কি হ’ব পাৰে য’ত আমি প্ৰকাশক ত্বৰান্বিত কৰিব পাৰো, ধনাত্মক পৰিবেশৰ বিস্তাৰ কৰিব পাৰো আৰু শত্ৰুতাৰ ভাৱনাক নষ্ট কৰাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰো৷ আজিকালি বিশ্বৰ অনেক দেশত দিপাৱলী পালন কৰা হয়৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে ইয়াত কেৱল ভাৰতীয় সম্প্ৰদায়েই নহয় বৰঞ্চ বহুদেশৰ চৰকাৰ, তাৰে নাগৰিক, তাৰে সামাজিক সংস্থা, সকলোৱে হৰ্ষোল্লাসেৰে দিপাৱলী পালন কৰে৷ এইদৰে তাত এখন ‘ক্ষুদ্ৰ ভাৰত’ৰ সৃষ্টি হয়৷

বন্ধুসকল, বিশ্বত উৎসৱ পৰ্যটনৰ এক নিজা আকৰ্ষণ আছে৷ আমাৰ উৎসৱৰ দেশ ভাৰতত উৎসৱ পৰ্যটনৰ অনেক সম্ভাৱনা আছে৷ আমাৰ প্ৰয়াস এয়াই হোৱাই উচিত যে ফাকুৱাই হওক, ওনমেই হওক, পোংগলেই হওক অথবা বিহুৱেই হওক, এনে ধৰণৰ পৰ্বসমূহ প্ৰসাৰ কৰিব লাগে আৰু উৎসৱৰ আনন্দত অন্য ৰাজ্য, দেশৰ জনসাধাৰণকো চামিল কৰিব লাগে৷ আমাৰ ইয়াত প্ৰতিখন ৰাজ্য, প্ৰতিখন ক্ষেত্ৰত বিভিন্ন ধৰণৰ উৎসৱ পালিত হয়– আন দেশৰ লোকেও এই উৎসৱসমূহৰ প্ৰতি ৰুচি প্ৰদৰ্শন কৰে৷ সেইবাবে ভাৰতত উৎসৱ পৰ্যটন বৃদ্ধিৰ বাবে প্ৰবাসী ভাৰতীয়সকলৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ৷

মোৰ মৰমৰ দেশবাসীসকল, যোৱাবাৰৰ ‘মন কী বাত’ত আমি এইবাৰৰ দিপাৱলী ভিন্ন ধৰণে পালন কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিলো৷ মই কৈছিলো– আহক, আমি সকলোৱে এই দিপাৱলীত ভাৰতৰ নাৰী শক্তি আৰু তেওঁলোকৰ উপলব্ধিসমূহক উদযাপন কৰো অৰ্থাৎ ভাৰতৰ লক্ষ্মীৰ সন্মান কৰো৷ আৰু চাওতে চাওতে, অনতিপলমে ছ’চিয়েল মিডিয়াত অসংখ্য প্ৰেৰণাদায়ী কাহিনীৰ লানি লাগিবলৈ ধৰিলে৷ ৱাৰাংগলৰ কোড়িপাকা ৰমেশে নমো এপত মাকক নিজৰ শক্তি বুলি উল্লেখ কৰিলে৷ ১৯৯০ চনত যেতিয়া মোৰ পিতৃৰ মৃত্যু হৈছিল তেতিয়া মোৰ মায়েই পাঁচোজন ল’ৰা সন্তানৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ আজি আমি পাঁচোজন ভাতৃয়েই সুপ্ৰতিষ্ঠিত৷ মোৰ মায়েই মোৰ বাবে ভগবান৷ মোৰ বাবে সকলো আৰু তেওঁ প্ৰকৃতাৰ্থতেই ভাৰতৰ লক্ষ্মী৷

ৰমেশ জী, আপোনাৰ মাতৃক মোৰ প্ৰণাম জনাইছো৷ টুইটাৰত সক্ৰিয় হৈ থকা গীতিকা স্বামীৰ মতে মেজৰ খুশবু কম্বৰ হ’ল ‘ভাৰতৰ লক্ষ্মী’ যি বাছ কণ্ডাক্টৰৰ কন্যা আৰু তেওঁ অসম ৰাইফলছৰ সদৌ মহিলা গোটৰ নেতৃত্ব প্ৰদান কৰিছিল৷ কবিতা তিৱাৰীৰ বাবে তেওঁৰ কন্যাই হ’ল ভাৰতৰ লক্ষ্মী যি তেওঁৰো শক্তি৷ তেওঁৰ কন্যাই বেতনবিহীনভাৱে পেইণ্টিং কৰাত তেওঁ গৌৰৱবোধ কৰে৷ তেওঁ চিএলএটি পৰীক্ষাত ভাল স্থান লাভ কৰিছে৷ মেঘা জৈনে এইদৰে লিখিছে যে ৯২ বছৰীয়া এগৰাকী প্ৰৌঢ়া মহিলাই গোৱালিয়ৰ ৰে’ল ষ্টেচনত যাত্ৰীসকলক বিনামূলীয়াকৈ খোৱা পানী বিতৰণ কৰে৷ মেঘাজীয়ে ভাৰতৰ এই লক্ষ্মীৰ বিনম্ৰতা তথা কৰুণাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে৷ এনে অনেক কাহিনী জনসাধাৰণে বিনিময় কৰিছে৷ আপোনালোকে নিশ্চয়কৈ পঢ়ক আৰু প্ৰেৰিত হওক, নিজেও ওচৰ–পাজৰৰ কাহিনী বিনিময় কৰক আৰু মই ভাৰতৰ এই সকলো লক্ষ্মীক সাদৰেৰে প্ৰণাম জনাইছো৷

     মোৰ মৰমৰ দেশবাসীসকল, ১৭শ শতাব্দীৰ সুপ্ৰসিদ্ধ কবিয়ত্ৰী সাঞ্চী হোনম্মাই কন্নড় ভাষাত এটা কবিতা ৰচনা কৰিছিল৷ সেই ভাৱ, সেই শব্দ, ভাৰতৰ প্ৰতিগৰাকী লক্ষ্মী, আজি এয়া যি আমি কথা পাতি আছো, এনে বোধ হয় যে ইয়াৰ ভেঁটি ১৭শ শতাব্দীতেই স্থাপন হৈছিল৷ কেনে সুন্দৰ শব্দ, কেনে বঢ়িয়া ভাব, কেনে উত্তম বিচাৰ কন্নড় ভাষাৰ এই কবিতাটোত প্ৰতিফলিত হৈছে৷

পেন্নিনডা পাৰ্মেগণ্ডানু হিমাৱন্তনু

পেন্নিনডা ব্ৰুহু পৰ্চিদানু

পেন্নিনডা জনকৰয়ানু যশুভালেণ্ডানু

অৰ্থাৎ হিমৱন্ত বা পৰ্বতৰজাই নিজৰ কন্যা পাৰ্বতীৰ বাবে, ঋষি ভৃগুৱে নিজৰ কন্যা লক্ষ্মীৰ বাবে আৰু ৰজা জনকে নিজৰ কন্যা সীতাৰ বাবে প্ৰসিদ্ধি লাভ কৰিছিল৷ আমাৰ কন্যাসকল আমাৰ গৌৰৱ আৰু এই কন্যাসকলৰ মহত্বৰ বাবে আমাৰ সমাজে এক শক্তিশালী পৰিচয় লাভ কৰিছে আৰু উজ্বল ভৱিষ্যত লাভ কৰিছে৷

     মোৰ মৰমৰ দেশবাসীসকল, ১২ নৱেম্বৰ ২০১৯– এই দিনটোতেই সমগ্ৰ বিশ্বতে শ্ৰী গুৰুনানক দেৱজীৰ ৫৫০তম প্ৰকাশোৎৱ পালন কৰা হ’ব৷ গুৰুনানক দেৱজীৰ প্ৰভাৱ কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে বিৰাজমান৷ বিশ্বৰ বিভিন্ন দেশত বাস কৰা আমাৰ শিখ ভাই–ভনীসকল গুৰুনানক দেৱজীৰ আদৰ্শৰ প্ৰতি পূৰ্ণৰূপেৰে সমৰ্পিত৷ বেকুম্বৰ আৰু তেহৰাণৰ গুৰুদ্বাৰত মোৰ যাত্ৰাৰ কথা কেতিয়াও পাহৰিব নোৱাৰো৷ শ্ৰী গুৰুনানক দেৱজীৰ এনে বহু ঘটনা আছে যি আপোনালোকৰ সন্মুখত ক’ব পাৰো কিন্তু ইয়াৰ বাবে মন কী বাতৰ বহুকেইটা খণ্ডৰ প্ৰয়োজন হ’ব৷ তেওঁ সেৱাক সৰ্বতোপৰি স্থান দিছিল৷ গুৰুনানক দেৱজীয়ে এই কথা মানি চলিছিল যে নিস্বাৰ্থ ভাৱেৰে কৰা সেৱাৰ কোনেও মূল্যৰে পৰিশোধ কৰিব নোৱাৰে৷ তেওঁ অস্পৃশ্যতাৰ বিৰুদ্ধে মাত মাতিছিল৷ শ্ৰী গুৰুনানক দেৱজীয়ে নিজৰ বাৰ্তা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছিল৷ তেওঁ নিজৰ সময়ত সকলোতকৈ অধিক যাত্ৰা কৰা ভ্ৰমণাৰ্থী হিচাপে পৰিচিত হৈছিল৷ বহুতো স্থানলৈ তেওঁ গৈছিল আৰু যিবোৰ স্থানলৈ গৈছিল সকলোতে তেওঁ নিজৰ সৰলতা, বিনম্ৰতাৰে সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল৷ গুৰুনানক দেৱজীয়ে বহু গুৰুত্বপূৰ্ণ ধাৰ্মিক যাত্ৰা কৰিছিল যাক ‘উদাসী’ বুলি কোৱা হয়৷ সদ্ভাৱনা আৰু সমতাৰ বাৰ্তা লৈ তেওঁ উত্তৰ, দক্ষিণ, পূব অথবা পশ্চিম, সকলোতে সন্ত আৰু ঋষিসকলক সাক্ষাৎ কৰিছিল৷ কোৱা হয় যে অসমৰ সুবিখ্যাত সন্ত শংকৰদেৱো তেওঁৰ দ্বাৰা প্ৰেৰিত হৈছিল৷ তেওঁ হৰিদ্বাৰৰ পবিত্ৰ ভূমিলৈ যাত্ৰা কৰিছিল৷ কাশীৰ এক পবিত্ৰ স্থল ‘গুৰুবাগ গুৰুদ্বাৰা’- কোৱা হয় যে শ্ৰী গুৰুনানকে তাত বিশ্ৰাম কৰিছিল৷ তেওঁ বৌদ্ধ ধৰ্মৰ সৈতে জড়িত ‘ৰাজগীৰ’ আৰু ‘গয়া’ৰ দৰে ধাৰ্মিক স্থানলৈও গৈছিল৷ দক্ষিণত গুৰুনানক দেৱজীয়ে শ্ৰীলংকা পৰ্যন্ত যাত্ৰা কৰিছিল৷ কৰ্ণাটকত বিদৰ যাত্ৰাৰ সময়ত গুৰুনানক দেৱজীয়ে তাৰে পানীৰ সমস্যা সমাধান কৰিছিল৷ বিদৰত ‘গুৰুনানক জীৰা চাহেব’ নামৰ এক সুপ্ৰসিদ্ধ স্থান আছে যি গুৰুনানক দেৱজীৰ কথা সোঁৱৰণ কৰায়৷ এক ‘উদাসী’ সময়ত গুৰুনানকজীয়ে উত্তৰত, কাশ্মীৰ আৰু ইয়াৰ ওচৰ–পাজৰৰ স্থানসমূহ ভ্ৰমণ কৰিছিল৷ ইয়াৰ জৰিয়তে শিখ অনুগামী আৰু কাশ্মীৰৰ মাজত শক্তিশালী সম্পৰ্ক স্থাপিত হৈছিল৷ গুৰুনানক দেৱজীয়ে তিব্বতলৈও গৈছিল, তাৰে লোকসকলে তেওঁক ‘গুৰু’ বুলি জ্ঞান কৰে৷ তেওঁ উজবেকিস্তানতো পূজনীয়৷ তেওঁৰ এক ‘উদাসী’ত বহুকেইখন ইছলাম দেশো ভ্ৰমণ কৰা হৈছিল য’ত ছৌদি আৰৱ, ইৰাক আৰু আফগানিস্তানো অন্তৰ্ভুক্ত হৈছে৷ তেওঁ লক্ষাধিক লোকৰ হৃদয়ত জীয়াই আছে, যিসকলে সম্পূৰ্ণ শ্ৰদ্ধাৰে তেওঁৰ উপদেশৰ অনুসৰণ কৰিছে আৰু আজিও কৰি আছে, তেওঁলোকৰ হৃদয়ত জীয়াই আছে৷ কিছুদিন পূৰ্বে প্ৰায় ৮৫খন দেশৰ ৰাজদূতে দিল্লীৰ পৰা অমৃতসৰলৈ গৈছিল৷ তেওঁলোকে অমৃতসৰৰ মন্দিৰ দৰ্শন কৰিছিল আৰু এয়া গুৰুনানক দেৱজীৰ ৫৫০তম প্ৰকাশপৰ্ব উপলক্ষে সম্পন্ন কৰা হৈছিল৷ তাত এই সকলো ৰাজদূতে স্বৰ্ণ মন্দিৰ দৰ্শন কৰি শিখ পৰম্পৰা আৰু সংস্কৃতিৰ বিষয়েও জনাৰ সুযোগ লাভ কৰিছিল৷ মোৰ কামনা এয়াই যে গুৰুনানক দেৱজীৰ ৫৫০তম প্ৰকাশপৰ্বই আমাক তেওঁৰ চিন্তাধাৰা আৰু আদৰ্শৰে উৎসাহিত কৰক৷ পুনৰবাৰ মই শিৰ দোৱাই গুৰুনানক দেৱজীক প্ৰণাম জনাইছো৷

     মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল, মোৰ বিশ্বাস যে ৩১ অক্টোবৰ তাৰিখটো আপোনালোকৰ নিশ্চয় মনত আছে৷ এই দিনটোতে ভাৰতৰ ঐক্যতাৰ মহানায়ক লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী হিচাপে পালন কৰা হয়৷ চৰ্দাৰ পেটেলৰ সমগ্ৰ জনসাধাৰণকে একত্ৰিত কৰাৰ ক্ষমতা আছিল৷ তেওঁ সেইসকল লোকৰ সৈতেও সামঞ্জস্য ৰাখি চলিছিল যাৰ সৈতে তেওঁৰ চিন্তাধাৰাৰ পাৰ্থক্যতা আছিল৷ তেওঁ প্ৰতিটো কথাকে সুক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিছিল৷ প্ৰকৃততেই তেওঁ ‘Man of Detial’ আছিল৷ তাৰোপৰি তেওঁ সংগঠনৰ কৌশলতো নিপুণ আছিল৷ যোজনাসমূহৰ প্ৰস্তুত আৰু ইয়াৰ ৰণনীতি নিৰ্মাণ কৰাত তেওঁ বিচক্ষণ আছিল৷ চৰ্দাৰ চাহাবৰ কাৰ্যশৈলীৰ বিষয়ে যেতিয়াও পঢ়ো, শুনো, তেতিয়াই তেওঁৰ পৰিকল্পনা কিমান শক্তিশালী আছিল সেয়া অনুধাৱন কৰো৷ ১৯২১ চনত আহমেদাবাদত কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ বাবে সমগ্ৰ দেশৰ সহস্ৰাধিক প্ৰতিনিধি সমবেত হৈছিল৷ অধিৱেশনৰ সকলো ব্যৱস্থা চৰ্দাৰ পেটেলে কৰিছিল৷ এই উপলক্ষে তেওঁ চহৰৰ পানী যোগানৰ নেটৱৰ্কো সংশোধন কৰিছিল৷ পানীৰ যাতে কোনো সমস্যা নহয় সেয়া তেওঁ নিশ্চিত কৰিছিল৷ এয়াই নহয়, অধিৱেশনস্থলীৰ পৰা কোনো প্ৰতিনিধিৰে যাতে সামগ্ৰী অথবা জোতা চুৰি নহয় তাৰ প্ৰতিও তেওঁ লক্ষ্য ৰাখিছিল৷ ইয়াৰ বাবে তেওঁ যি পদক্ষেপ গ্ৰহণ কৰিছিল সেয়া শুনিলে আপোনালোক আচৰিত হ’ব৷ তেওঁ কৃষকসকলৰ সৈতে যোগাযোগ কৰি খাদী বেগ নিৰ্মাণ কৰোৱাইছিল৷ কৃষকসকলে বেগ নিৰ্মাণ কৰি প্ৰতিনিধিসকলক বিক্ৰী কৰিছিল৷ সেই বেগত জোতা, নিজৰ সামগ্ৰী ৰখাৰ ফলত প্ৰতিনিধিসকলৰ মনৰ পৰা সামগ্ৰী চুৰি হোৱাৰ দুশ্চিন্তা নোহোৱা হৈছিল৷ দ্বিতীয়তে খাদীৰো বিক্ৰী বৃদ্ধি হৈছিল৷ সংবিধান সভাত উল্লেখযোগ্য ভূমিকা পালন কৰাৰ বাবে আমাৰ দেশে চৰ্দাৰ পেটেলৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ’ব৷ তেওঁ মৌলিক অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ ইয়াৰ দ্বাৰা জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত হোৱা ভেদভাৱসমূহ নোহোৱা হৈ পৰিছিল৷

     বন্ধুসকল, আমি সকলোৱে জানো যে ভাৰতৰ প্ৰথম গৃহমন্ত্ৰীৰ ৰূপত চৰ্দাৰ বল্লভভাই পেটেলে ৰাজ্যসমূহক একত্ৰিত কৰাৰ ঐতিহাসিক ভূমিকা পালন কৰিছিল৷ চৰ্দাৰ বল্লভভাইৰ বিশেষত্ব এয়াই যে তেওঁ প্ৰতিটো ঘটনাতে দৃষ্টি নিক্ষেপ কৰিছিল৷ এফালে তেওঁৰ দৃষ্টি হায়দৰাবাদ, জুনাগড় আৰু অন্য ৰাজ্যসমূহৰ ওপৰত নিৱদ্ধ আছিল আৰু আনফালে তেওঁৰ ধ্যান দূৰ–সুদূৰৰ দক্ষিণৰ লাক্ষাদ্বীপৰ ওপৰতো আছিল৷ দৰাচলতে যেতিয়াই আমি চৰ্দাৰ পেটেলৰ প্ৰয়াসসমূহৰ বিষয়ে চৰ্চা কৰো তেতিয়া দেশৰ একত্ৰীকৰণত কিছুমান বিশেষ প্ৰান্তত তেওঁ গ্ৰহণ কৰা ভূমিকাৰ বিষয়েও চৰ্চা কৰা হয়৷ লাক্ষাদ্বীপৰ দৰে সৰু ঠাইৰ বাবেও তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এই কথাটো বোধহয় কিছুলোকেহে স্মৰণ কৰে৷ আপোনালোকে ভালদৰেই জানে যে লাক্ষাদ্বীপ কিছুমান দ্বীপৰ সমষ্টি৷ এয়া ভাৰতবৰ্ষৰ সুন্দৰ স্থানসমূহৰ ভিতৰত এক অন্যতম স্থান৷ ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত আমাৰ ওচৰ–চুবুৰীয়াৰ দৃষ্টি লাক্ষাদ্বীপৰ ওপৰত আছিল আৰু তেওঁলোকে নিজৰ পতাকা লৈ তালৈ জাহাজ প্ৰেৰণ কৰিছিল৷ চৰ্দাৰ পেটেলে এই কথা গম পায়েই অকণো সময় নষ্ট নকৰি তুৰন্তে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল৷ তেওঁ মুডালিয়াৰ ব্ৰাডাৰ্ছ, আৰ্কট ৰামাস্বামী মুডালিয়াৰ আৰু আৰ্কট লক্ষ্মণস্বামী মুডালিয়াৰক শ্ৰাৱণকোৰৰ কিছু লোকক লগত লৈ লাক্ষাদ্বীপত ত্ৰিৰংগা উৰুৱাবলৈ নিৰ্দেশনা জাৰি কৰিলে৷ তেওঁলোকে পেটেলৰ সেই আদেশ অনুসৰি তাত ত্ৰিৰংগা উৰুৱালে আৰু লাক্ষাদ্বীপ অধিগ্ৰহণ কৰিবলৈ অহা চুবুৰীয়াৰ প্ৰয়াস চূৰমাড় কৰিলে৷ এই ঘটনাৰ পিছত চৰ্দাৰ পেটেলে মুডালিয়াৰ ব্ৰাডাৰ্ছক ক’লে যে তেওঁলোকে ব্যক্তিগত ৰূপত এয়া সুনিশ্চিত কৰক যে লাক্ষাদ্বীপৰ বিকাশৰ বাবে যাতে প্ৰয়োজনীয় সাহাৰ্য লাভ কৰিব পাৰে৷ আজি লাক্ষাদ্বীপে ভাৰতৰ প্ৰগতিত নিজৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সমৰ্থ হৈছে৷ এয়া এক আকৰ্ষণীয় পৰ্যটন ভূমিও৷ মই আশা কৰিছো যে আপোনালোকেও এই সুন্দৰ দ্বীপমালা আৰু সমুদ্ৰ তটলৈ ভ্ৰমণ কৰিবলৈ আহিব৷

     মোৰ মৰমৰ দেশবাসীসকল, ৩১ অক্টোবৰ ২০১৮ তাৰিখে চৰ্দাৰ চাহাবৰ স্মৃতিত ‘ষ্টেচু অব্ ইউনিটী’ দেশ আৰু বিশ্বলৈ উচৰ্গা কৰা হৈছিল৷ এয়া হ’ল বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমা৷ এয়া আমেৰিকাৰ ‘ষ্টেচু অব্ লিৰ্বাটী’ প্ৰতিমাৰো দুগুণ উচ্চতাৰ৷ বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমাই প্ৰতিজন ভাৰতীয়ৰ বুকু গৌৰৱেৰে উপচাই পেলায়৷ সকলো ভাৰতীয় শিৰ গৌৰৱত ঊৰ্ধমুখী হৈ পৰে৷ আপোনালোকে জানি সুখী হ’ব যে এবছৰত ২৬ লাখতকৈও অধিক পৰ্যটকে ‘ষ্টেচু অব্ ইউনিটী’ দৰ্শন কৰিবলৈ আহিছে৷ ইয়াৰ অৰ্থ হ’ল প্ৰতিদিনে প্ৰায় চাৰে আঠহাজাৰ লোকে ‘ষ্টেচু অব্ ইউনিটী’ৰ ভব্যতা পৰিদৰ্শন কৰিছে৷ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি যি আস্থা, শ্ৰদ্ধা আছে সেয়া প্ৰকট হৈছে আৰু এতিয়া ইয়াত কেকটাছ উদ্যান, পখিলা উদ্যান, জাংগল ছাফাৰী, শিশু পুষ্টি উদ্যান, একতা নাৰ্ছাৰী আদি অনেক আকৰ্ষণীয় কেন্দ্ৰ ক্ৰমান্বয়ে বিকশিত হ’বলৈ ধৰিছে আৰু ইয়াৰ দ্বাৰা স্থানীয় অৰ্থব্যৱস্থাও সমৃদ্ধ হৈছে, জনসাধাৰণতে উপাৰ্জনৰ নতুন অৱকাশ লাভ কৰিছে৷ আৰু ভৱিষ্যতৰ পৰ্যটকসকলৰ সুবিধাৰ বাবে গাঁৱৰ বাসিন্দাসকলে নিজৰ নিজৰ ঘৰত হোম ষ্টে’ৰ সুবিধা প্ৰদান কৰিছে৷ হোম ষ্টে’ৰ সুবিধা প্ৰদান কৰা লোকসকলক পেছাগত প্ৰশিক্ষণো প্ৰদান কৰা হৈছে৷ তেওঁলোকে এতিয়া ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰি দিছে আৰু মোৰ বিশ্বাস যে অতি শীঘ্ৰেই ই সেই ঠাইৰ জনসাধাৰণৰ আজীৱিকাৰ মুখ্য স্ৰোত হিচাপে পৰিগণিত হ’ব৷

     বন্ধুসকল, দেশৰ বাবে, সকলো ৰাজ্যৰ বাবে, পৰ্যটন উদ্যোগৰ বাবে এই ‘ষ্টেচু অব্ ইউনিটী’ এক অধ্যয়নৰ বিষয় হৈ উঠিব পাৰে৷ আমি সকলোৱে ইয়াৰ সাক্ষী যে কিদৰে এবছৰৰ ভিতৰত এটা স্থান বিশ্ব প্ৰসিদ্ধ পৰ্যটন স্থান হিচাপত বিকশিত হৈ উঠিব পাৰে৷ তালৈ বিদেশৰ পৰা লোক আহে৷ পৰিবহণ, থকা–খোৱাৰ ব্যৱস্থা, গাইড, পৰিবেশ অনুকূল ব্যৱস্থা, এটাৰ পিছত এটাকৈ বিকশিত হ’ব ধৰিছে৷ এক বৃহৎ অৰ্থনীতি গঢ় লৈ উঠিছে আৰু যাত্ৰীসকলৰ সুবিধাৰ্থে তাৰে জনসাধাৰণে সুবিধাসমূহ বিকশিত কৰিবলৈ ধৰিছে৷ চৰকাৰেও নিজৰ ভূমিকা পালন কৰি আছে৷ বন্ধুসকল, এনে কোন ভাৰতীয় হ’ব যাৰ এই কথাক লৈ গৰ্ব নহ’ব যে কিছুদিন পূৰ্বে টাইম আলোচনীৰ পৃষ্ঠাত বিশ্বত ১০০খন গুৰুত্বপূৰ্ণ পৰ্যটন স্থানৰ ভিতৰত ষ্টেচু অব্ ইউনিটীয়েও স্থান পাইছে৷ মোৰ অনুৰোধ এয়াই যে আপোনালোকেও নিজৰ বহুমূলীয়া সময় খৰচ কৰি ষ্টেচু অব্ ইউনিটী দৰ্শন কৰিবলৈ আহক লগতে মোৰ এয়াও আগ্ৰহ যে আপোনালোকে ভাৰতৰ কমেও ১৫টা পৰ্যটনৰ স্থানলৈ পৰিয়ালৰ সৈতে নিশাটো কটাবলৈ সেই স্থানসমূহলৈ যাওক৷

     বন্ধুসকল, আপোনালোকে জানে যে ২০১৪ চনৰ পৰা প্ৰতি বছৰে ৩১ অক্টোবৰ তাৰিখটো ‘ৰাষ্ট্ৰীয় একতা দিৱস’ হিচাপে পালন কৰি অহা হৈছে৷ সেই দিনটোত আমি আমাৰ দেশৰ একতা, অখণ্ডতা আৰু সুৰক্ষা যিকোনো মূল্যত ৰক্ষা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হও৷ ৩১ অক্টোবৰ তাৰিখে প্ৰতিবাৰৰ দৰে ৰাণ ফৰ ইউনিটীৰো আয়োজন কৰা হৈছে৷ ইয়াত সমাজৰ সকলো শ্ৰেণীৰ লোক চামিল হ’ব৷ ৰাণ ফৰ ইউনিটী দেশৰ একতাৰ প্ৰতীক৷ এটা দিশ আগুৱাই আছে আৰু এটাই লক্ষ্য প্ৰাপ্ত কৰিব লাগে৷ এক লক্ষ্য– এক ভাৰত, শ্ৰেষ্ঠ ভাৰত৷

     যোৱা পাঁচ বছৰত দেখা গৈছে– কেৱল দিল্লীতেই নহয়, সমগ্ৰ ভাৰতৰেই শতাধিক চহৰত, কেন্দ্ৰশাসিত প্ৰদেশত, ৰাজধানীত, জিলাত, সৰু সৰু টায়াৰ –২, টায়াৰ–৩ চহৰতো বৃহৎ মাত্ৰাত পুৰুষ, মহিলা, চহৰৰ লোক, গাঁৱৰ লোক, আবাল–বৃদ্ধ–বনিতা, দিব্যাংগ সকলোৱেই এই কাৰ্যসূচীৰ অংশীদাৰ হৈছে৷ এনেও আজিকালি জনতাই মাৰাথনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো সৰ্বত্ৰ পৰিলক্ষিত হৈছে৷ ৰাণ ফৰ ইউনিটীও এনে ধৰণেই এক ব্যৱস্থা হিচাপে পৰিগণিত হৈছে৷ দৌৰাটো মন–মস্তিষ্ক আৰু শৰীৰৰ বাবে লাভদায়ী৷ দৌৰাৰ জৰিয়তে ফিট ইণ্ডিয়াৰ উদ্দেশ্য চৰিতাৰ্থ কৰাৰ লগতে এক ভাৰত–শ্ৰেষ্ঠ ভাৰতৰ উদ্দেশ্যও সাধিত হয়৷ আৰু সেইবাবে কেৱল শৰীৰেই নহয়, মন আৰু সংস্কাৰ ভাৰতৰ একতাৰ বাবে ভাৰতক এক নতুন উচ্চতাত আৰোহণ কৰাব লাগিব৷ সেইবাবে আপুনি যি চহৰতেই নাথাকক কিয়, নিকটৱৰ্তী ৰাণ ফৰ ইউনিটীৰ বিষয়ে সন্ধান কৰিব পাৰে৷ ইয়াৰ বাবে এটা runforunity.gov.in শীৰ্ষক পৰ্টেল মুকলি কৰা হৈছে৷ এই পৰ্টেলত দেশত ৰাণ ফৰ ইউনিটীৰ আয়োজন কৰা স্থানসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে৷ মই আশা কৰিছো যে আপোনালোক সকলোৱে ৩১ অক্টোবৰ তাৰিখে নিশ্চয়কৈ দৌৰক– ভাৰতৰ একতাৰ বাবে আৰু নিজৰ ফিটনেছৰ বাবেও৷

     মোৰ মৰমৰ দেশবাসীসকল, চৰ্দাৰ পেটেলে দেশক একতাৰ সুঁতাৰে বান্ধিবলৈ সক্ষম হৈছিল৷ একতাৰ এই মন্ত্ৰ আমাৰ জীৱনৰ সংস্কাৰৰ দৰে আৰু ভাৰতৰ দৰে বৈচিত্ৰময় দেশত আমি সকলো স্তৰত, সকলো পৰ্যায়ত একতাৰ এই মন্ত্ৰ অধিক শক্তিশালী কৰাটো প্ৰয়োজন৷ মোৰ মৰমৰ দেশবাসীসকল, দেশৰ একতা আৰু পৰস্পৰৰ প্ৰতি সদ্ভাৱনাক সশক্ত কৰাৰ বাবে আমাৰ সমাজে সদায়েই সক্ৰিয় আৰু সতৰ্ক হৈ আহিছে৷ আমি ওচৰে–পাজৰে লক্ষ্য কৰিলেই এনে বহু উদাহৰণ দেখিবলৈ পাম য’ত পৰস্পৰৰ প্ৰতি সদ্ভাৱনা বৃদ্ধি কৰাৰ বাবে নিৰন্তৰে কাম চলিবলৈ ধৰিছে৷ কিন্তু কেতিয়াবা এনেও হয় যে সমাজৰ প্ৰয়াস, তেওঁলোকৰ যোগদান স্মৃতিপটৰ পৰা অতি সোনকালে মচ খায়৷

     বন্ধুসকল, মোৰ মনত আছে যে ২০১০ চনত যেতিয়া ছেপ্টেম্বৰ মাহত ৰাম জন্মভূমি সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালনে ৰায়দান কৰিছিল, সেইদিনবোৰৰ কথা মনত পেলাওক, কেনে দিন আছিল সেয়া৷ কিমান লোক মুকলি স্থানলৈ ওলাই আহিছিল৷ কিদৰে বিভিন্ন গোটে নিজৰ সুবিধাৰ বাবে সেই পৰিবেশৰ লাভ গ্ৰহণ কৰিছিল৷ পৰিবেশ উত্তাল কৰিবলৈ কেনেধৰণৰ ভাষা প্ৰয়োগ কৰা হৈছিল৷ বিভিন্ন স্তৰত তিক্ততা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছিল৷ কিছুমান বক্তাই নিজৰ উপস্থিতি জাহিৰ কৰিবলৈ কি কি কথা কৈছিল, কেনেধৰণৰ দায়িত্বজ্ঞানহীন কথা কৈছিল সেয়া আমাৰ সকলোৰে মনত আছে৷ কিন্তু এই সকলোবোৰ পাঁচ দিন, সাত দিন, দহ দিন ধৰি চলিল আৰু যেতিয়াই ৰায়দান দিয়া হ’ল তেতিয়া এক আনন্দদায়ক, আশ্বৰ্যজনক পৰিৱৰ্তন দেশে অনুভূত কৰিলে৷ এফালে দুসপ্তাহ পৰ্যন্ত পৰিবেশ উত্তালৰ বাবে বিভিন্ন পৰিস্থিতিৰ সৃষ্টি কৰা হ’ল কিন্তু যেতিয়া ৰাম জন্মভূমি সন্দৰ্ভত ৰায়দান কৰা হ’ল তেতিয়া চৰকাৰে, ৰাজনৈতিক দলে, সামাজিক সংগঠনে, সমাজে, সকলো সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে, সাধু–সন্তই অতিশয় সন্তুলিত ৰূপত তথা সংযমেৰে নিজৰ বক্তব্য প্ৰদান কৰিলে৷ উত্তাল পৰিবেশ শান্ত কৰাৰ প্ৰয়াস৷ সেই দিনটো মোৰ ভালদৰেই মনত আছে৷ যেতিয়াই সেই দিনটোৰ কথা মনত পেলাও তেতিয়াই মনটো আনন্দেৰে ভৰি পৰে৷ ন্যায়পালিকাৰ গৰিমাক অতিশয় গৌৰৱেৰে সন্মান প্ৰদান কৰা হ’ল আৰু কোনো স্থানতে উত্তাল পৰিবেশৰ সৃষ্টি নহ’ল৷ এই কথা সদায়েই মনত ৰখা উচিত৷ এয়াই আমাক শক্তি প্ৰদান কৰে৷ সেই দিনটো, সেই সময়খিনি আমাৰ সকলোৰে বাবে এক কৰ্তব্যবোধৰ দৰে৷ একতাৰ সেই স্বৰে দেশক কেনেদৰে শক্তি প্ৰদান কৰে এয়া তাৰ জীৱন্ত উদাহৰণ৷

     মোৰ মৰমৰ দেশবাসীসকল, ৩১ অক্টোবৰ তাৰিখে আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰাজীক হত্যা কৰা হৈছিল৷ দেশে আকস্মিক পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ মই আজি তেওঁকো শ্ৰদ্ধাঞ্জলি জনাইছো৷

     মোৰ মৰমৰ দেশবাসীসকল, আজি ঘৰে ঘৰে এটা কাহিনী সকলোতে শুনিবলৈ পোৱা যায়, প্ৰতিখন গাঁৱৰ এটা কাহিনী শুনিবলৈ পোৱা যায়– উত্তৰৰ পৰা, দক্ষিণৰ পৰা, পূবৰ পৰা আৰু পশ্চিমৰ পৰা, ভাৰতৰ প্ৰতিটো প্ৰান্তৰ পৰা, আৰু সেয়া হ’ল স্বচ্ছতাৰ কাহিনী৷ প্ৰতিজন ব্যক্তিকেই, প্ৰতিটো পৰিয়ালকেই, প্ৰতিখন গাঁৱকেই, স্বচ্ছতা সন্দৰ্ভত নিজৰ সুখদ অভিজ্ঞতা বৰ্ণন কৰিবলৈ মন যায় কিয়নো স্বচ্ছতাৰ এই প্ৰয়াস এশ পঁচিছ কোটি ভাৰতীয় প্ৰয়াস৷ পৰিণামৰ মালিকো এই এশ পঁচিশ কোটি ভাৰতীয়ই হয়৷ কিন্তু এক সুখদ অনুভৱ আৰু আকৰ্ষক অনুভৱো আছে৷ মই শুনিছো, মই ভাবো আপোনালোককো শুনাও৷ আপোনালোকে কল্পনা কৰক, বিশ্বৰ সকলোতকৈ ওখ যুদ্ধক্ষেত্ৰ য’ত তাপমান শূন্যত কৈ ৫০–৬০ ডিগ্ৰী তলত থাকে৷ বতাহত নামমাত্ৰহে অক্সিজেন থাকে৷ এনে প্ৰতিকূল পৰিস্থিতিত, এনে প্ৰত্যাহ্বানমূলক পৰিবেশত থকাটোও কোনো পৰাক্ৰমতকৈ কম নহয়৷ এনে বিকট পৰিস্থিতিত আমাৰ সাহসী সেনাসকলে কেৱল বুকু ফিন্দাই দেশৰ সীমাৰ ৰক্ষা কৰাই নহয় বৰঞ্চ তাত স্বচ্ছ চিয়াছিন অভিযানো পালন কৰিছে৷ ভাৰতীয় সেনাৰ এই অতুলনীয় প্ৰতিৱদ্ধতাৰ বাবে দেশবাসীৰ তৰফৰ পৰা মই তেওঁলোকক অভিনন্দন জনাইছো৷ কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ তাত ইমান শীতত পচন ক্ৰিয়াও অসম্ভৱ৷ এনে অৱস্থাত জাবৰ–জোঁথৰসমূহ পৃথকীকৰণ কৰি ব্যৱস্থাপনা কৰাটো অতিশয় গুৰুত্বপূৰ্ণ কাম৷ এনে অৱস্থাত শৃংগ আৰু ইয়াৰ ওচৰ–পাজৰৰ অঞ্চলসমূহৰ পৰা ১৩০ টন আৰু ইয়াতকৈও অধিক আৱৰ্জনা পৰিষ্কাৰ কৰা, তাকো ভংগুৰ পৰিবেশতন্ত্ৰৰ মাজত….! ই কেনে মহান সেৱা! ইয়াত লতামাকৰি বাঘৰ দৰে দুৰ্লভ প্ৰজাতিৰ পৰিবেশতন্ত্ৰ আছে, ইয়াৰ আইবেক্স আৰু মুগা ভালুকৰ দৰে দুৰ্লভ প্ৰজাতিৰ জন্তু থাকে৷ আমি সকলোৱে জানো যে এই চিয়াছিন এনে এক শৃংগ য’ত নদী আৰু স্বচ্ছ পানীৰ উৎস আছে আৰু ইয়াত স্বচ্ছ অভিযান পালন কৰা মানে নামনিৰ অঞ্চলত থকা লোকসকলৰ বাবে স্বচ্ছ জলৰ উপলব্ধতা সুনিশ্চিত কৰা৷ লগতে তেওঁলোকে নুব্ৰা আৰু শ্ব’য়কৰ দৰে নদীৰ পানীও ব্যৱহাৰ কৰে৷

     মোৰ মৰমৰ দেশবাসীসকল, উৎসৱে আমাৰ জীৱনত এক নতুন উদ্দীপনাৰ সৃষ্টি কৰে৷ আৰু দিপাৱলীত বিশেষভাৱে নতুন কোনো বস্তু ক্ৰয় কৰা, বজাৰৰ পৰা কিবা কিনি অনা, সকলো পৰিয়ালতে অধিক–কম মাত্ৰাত কৰা হয়৷ মই এবাৰ কৈছিলো যে আমি স্থানীয় সামগ্ৰী ক্ৰয় কৰাৰ প্ৰয়াস কৰিব লাগে৷ আমাৰ প্ৰয়োজনৰ সামগ্ৰী যদি গাঁৱতেই পাও তেন্তে তহচীললৈ যোৱাৰ কোনো প্ৰয়োজন নাই৷ তহচীলত যদি সামগ্ৰীবিধ পাও তেন্তে জিলালৈ যোৱাৰ কোনো প্ৰয়োজন নাই৷ যিমানেই অধিক আমি স্থানীয় সামগ্ৰী ক্ৰয় কৰিম সিমানেই ‘গান্ধী ১৫০’ স্বয়ংভাৱে উদযাপিত হ’ব৷ আৰু মোৰ আগ্ৰহ এয়াই যে আমাৰ শিপিনীসকলে বোৱা, আমাৰ খাদী সামগ্ৰীসমূহৰ কিবা নহয় কিবা এটা আমি ক্ৰয় কৰিব লাগে৷ এই দিপাৱলীতো, দিপাৱলীৰ পূৰ্বে আপোনালোকে বহু বস্তু ক্ৰয় কৰিছে, কিন্তু এনে বহু লোক আছে যিয়ে ভাবে যে দিপাৱলীৰ পিছত ক্ৰয় কৰিলে সস্তাতে কিনিবলৈ পোৱা যাব৷ কিছুমান লোকৰ কিনিবলৈ এতিয়াও বাকী আছে৷ সেয়ে দিপাৱলীৰ শুভকামনাৰ সৈতে মই আপোনালোকক আহ্বান জনাইছো যে আহক আমি স্থানীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আগ্ৰহী হও আৰু স্থানীয় সামগ্ৰী ক্ৰয় কৰো৷ চাওক, মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰো৷ মই পুনৰবাৰ এই দিপাৱলীৰ পবিত্ৰক্ষণত আপোনালোকক অশেষ শুভকামনা যাচিছো৷ দিপাৱলীত আমি ফটকাৰ ব্যৱহাৰ কৰো৷ কিন্তু কেতিয়াবা অসাৱধানৱশতঃ অগ্নিকাণ্ড সংঘটিত হয়৷ কোনোবা আঘাতপ্ৰাপ্ত হয়৷ মই আপোনালোক সকলোকে আহ্বান জনাইছো যে নিজকে চম্ভালি উৎসাহেৰে উৎসৱ পালন কৰক৷

মোৰ অশেষ শুভকামনা থাকিল৷

অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The government places great emphasis on bringing a 'technology culture' to agriculture: PM Modi
March 06, 2026
This year’s Union Budget gives a strong push to agriculture and rural transformation : PM
Government has continuously strengthened the agriculture sector ,major efforts have reduced the risks for farmers and provided them with basic economic security: PM
If we scale high-value agriculture together, it will transform agriculture into a globally competitive sector: PM
As export-oriented production increases, employment will be created in rural areas through processing and value addition: PM
Fisheries can become a major platform for export growth, a high-value, high-impact sector of rural prosperity: PM
The government is developing digital public infrastructure for agriculture through AgriStack: PM
Technology delivers results when systems adopt it, institutions integrate it, and entrepreneurs build innovations on it: PM

नमस्कार !

बजट वेबिनार सीरीज के तीसरे वेबिनार में, मैं आप सभी का अभिनंदन करता हूं। इससे पहले, टेक्नोलॉजी, रिफॉर्म्स और इकोनॉमिक ग्रोथ जैसे अहम विषयों पर दो वेबिनार हो चुके हैं। आज, Rural Economy और Agriculture जैसे अहम सेक्टर पर चर्चा हो रही है। आप सभी ने बजट निर्माण में अपने मूल्यवान सुझावों से बहुत सहयोग दिया, और आपने देखा होगा बजट में आप सबके सुझाव रिफ्लेक्ट हो रहे हैं, बहुत काम आए हैं। लेकिन अब बजट आ चुका है, अब बजट के बाद उसके full potential का लाभ देश को मिले, इस दिशा में भी आपका अनुभव, आपके सुझाव और सरल तरीके से बजट का सर्वाधिक लोगों को लाभ हो। बजट का पाई-पाई पैसा जिस हेतु से दिया गया है, उसको परिपूर्ण कैसे करें? जल्द से जल्द कैसे करें? आपके सुझाव ये वेबिनार के लिए बहुत अहम है।

साथियों,

आप सभी जानते हैं, कृषि, एग्रीकल्चर, विश्वकर्मा, ये सब हमारी अर्थव्यवस्था का मुख्य आधार है। एग्रीकल्चर, भारत की लॉन्ग टर्म डेवलपमेंट जर्नी का Strategic Pillar भी है, और इसी सोच के साथ हमारी सरकार ने कृषि सेक्टर को लगातार मजबूत किया है। करीब 10 करोड़ किसानों को 4 लाख करोड़ रुपए से अधिक की पीएम किसान सम्मान निधि मिली है। MSP में हुए Reforms से अब किसानों को डेढ़ गुना तक रिटर्न मिल रहा है। इंस्टिट्यूशनल क्रेडिट कवरेज 75 प्रतिशत से अधिक हो चुका है। पीएम फसल बीमा योजना के तहत लगभग 2 लाख करोड़ रुपए के क्लेम सेटल किए गए हैं। ऐसे अनेक प्रयासों से किसानों का रिस्क बहुत कम हुआ है, और उन्हें एक बेसिक इकोनॉमिक सिक्योरिटी मिली है। इससे कृषि क्षेत्र का आत्मविश्वास भी बढ़ा है। आज खाद्यान्न और दालों से लेकर तिलहन तक देश रिकॉर्ड उत्पादन कर रहा है। लेकिन अब, जब 21वीं सदी का दूसरा क्वार्टर शुरू हो चुका है, 25 साल बीत चुके हैं, तब कृषि क्षेत्र को नई ऊर्जा से भरना भी उतना ही आवश्यक है। इस साल के बजट में इस दिशा में नए प्रयास हुए हैं। मुझे विश्वास है, इस वेबिनार में आप सभी के बीच हुई चर्चा, इससे निकले सुझाव, बजट प्रावधानों को जल्द से जल्द जमीन पर उतारने में मदद करेंगे।

साथियों,

आज दुनिया के बाजार खुल रहे हैं, ग्लोबल डिमांड बदल रही है। इस वेबिनार में अपनी खेती को एक्सपोर्ट ओरिएंटेड बनाने पर भी ज्यादा से ज्यादा चर्चा आवश्य़क है। हमारे पास Diverse Climate है, हमें इसका पूरा फायदा उठाना है। एग्रो क्लाइमेटिक जोन, उस विषय में हम बहुत समृद्ध है। इस साल का बजट इन सब बातों के लिए अनगिनत नए अवसर देने वाला बजट है। प्रोडक्टिविटी बढ़ाने की दिशा तय करता है, और एक्सपोर्ट स्ट्रेंथ को बढ़ावा देता है। बजट में हमने high value agriculture पर फोकस किया है। नारियल, काजू, कोको, चंदन, ऐसे उत्पादों के regional-specific promotion की बात कही है, और आपको मालूम है, दक्षिण के हमारे जो राज्य हैं खासकर केरल है, तमिलनाडु है, नारियल की पैदावार बहुत करते हैं। लेकिन अब वो क्रॉप, वो सारे पेड़ इतने पुराने हो चुके हैं कि उसकी वो क्षमता नहीं रही है। केरल के किसानों को अतिरिक्त लाभ हो, तमिलनाडु के किसानों को अतिरिक्त लाभ हो। इसलिए इस बार कोकोनट पर एक विशेष बल दिया गया है, जिसका फायदा आने वाले दिनों में हमारे इन किसानों को मिलेगा।

साथियों,

नॉर्थ ईस्ट की तरफ देखें, अगरवुड बहुत कम लोगों को मालूम है, जो ये अगरबत्ती शब्द है ना, वो अगरवुड से आया हुआ है। अब हिमालयन राज्यों में टेम्परेट नट क्रॉप्स, और इन्हें बढ़ावा देने का प्रस्ताव बजट में रखा गया है। जब एक्सपोर्ट ओरिएंटेड प्रोडक्शन बढ़ेगा, तो ग्रामीण क्षेत्रों में प्रोसेसिंग और वैल्यू एडिशन के जरिए रोजगार सृजन होगा। इस दिशा में एक coordinated action कैसे हो, आप सभी स्टेकहोल्डर्स मिलकर जरूर मंथन करें। अगर हम मिलकर High Value Agriculture को स्केल करते हैं, तो ये एग्रीकल्चर को ग्लोबली कंपेटिटिव सेक्टर में बदल सकता है। एग्री experts, इंडस्ट्री और किसान एक साथ कैसे आएं, किसानों को ग्लोबल मार्केट से जोड़ने के लिए किस तरह से गोल्स सेट किए जाएं, क्वालिटी, ब्रांडिंग और स्टैंडर्ड्स, ऐसे हर पहलू, इन सबको कैसे प्रमोट किया जाए, इन सारे विषयों पर चर्चा, इस वेबिनार को, इसके महत्व को बढ़ाएंगे। मैं एक और बात आपसे कहना चाहूंगा। आज दुनिया हेल्थ के संबंध में ज्यादा कॉनशियस है। होलिस्टिक हेल्थ केयर और उसमें ऑर्गेनिक डाइट, ऑर्गेनिक फूड, इस पर बहुत रुचि है। भारत में हमें केमिकल फ्री खेती पर बल देना ही होगा, हमें नेचुरल फार्मिंग पर बल देना होगा। नेचुरल फार्मिंग से, केमिकल फ्री प्रोडक्ट से दुनिया के बाजार तक पहुंचने में हमारे लिए एक राजमार्ग बन जाता है। उसके लिए सर्टिफिकेशन, लेबोरेटरी ये सारी व्यवस्थाएं सरकार सोच रही है। लेकिन आप लोग इसमें भी जरूर अपने विचार रखिए।

साथियों,

एक्सपोर्ट बढ़ाने में एक बहुत बड़ा फैक्टर फिशरीज सेक्टर का पोटेंशियल भी है। भारत दुनिया का दूसरा सबसे बड़ा मछली उत्पादक देश भी है। आज हमारे अलग-अलग तरह के जलाशय, तालाब, ये सब मिलाकर लगभग 4 लाख टन मछली उत्पादन होता है। जबकि इसमें 20 लाख टन अतिरिक्त उत्पादन की संभावना मौजूद है। अब विचार कीजिए आप, 4 लाख टन से हम अतिरिक्त 20 लाख टन जोड़ दें, तो हमारे गरीब मछुआरे भाई-बहन हैं, उनकी जिंदगी कैसी बदल जाएगी। हमारे पास Rural Income को डायवर्सिफाई करने का अवसर है। फिशरीज एक्सपोर्ट ग्रोथ का बड़ा प्लेटफॉर्म बन सकता है, दुनिया में इसकी मांग है। इस वेबिनार से अगर बहुत ही प्रैक्टिकल सुझाव निकलते हैं, तो कैसे रिज़रवॉयर, उसकी पोटेंशियल की सटीक मैपिंग की जाए, कैसे क्लस्टर प्लानिंग की जाए, कैसे फिशरीज डिपार्टमेंट और लोकल कम्युनिटी के बीच मजबूत कोऑर्डिनेशन हो, तो बहुत ही उत्तम होगा। हैचरी, फीड, प्रोसेसिंग, ब्रांडिंग, एक्सपोर्ट, उसके लिए आवश्यक लॉजिस्टिक्स, हर स्तर पर हमें नए बिजनेस मॉडल विकसित करने ही होंगे। ये Rural Prosperity, ग्रामीण समृद्धि के लिए, वहां की हाई वैल्यू, हाई इम्पैक्ट सेक्टर के रूप में परिवर्तित करने का एक अवसर है हमारे लिए, और इस दिशा में भी हम सबको मिलकर काम करना है, और आप आज जो मंथन करेंगे, उसके लिए, उस कार्य के लिए रास्ता बनेगा।

साथियों,

पशुपालन सेक्टर, ग्रामीण इकोनॉमी का हाई ग्रोथ पिलर है। भारत आज दुनिया का सबसे बड़ा मिल्क प्रोड्यूसर है, Egg प्रोडक्शन में हम दूसरे स्थान पर है। हमें इसे और आगे ले जाने के लिए ब्रीडिंग क्वालिटी, डिजीज प्रिवेंशन और साइंटिफिक मैनेजमेंट पर फोकस करना होगा। एक और अहम विषय पशुधन के स्वास्थ्य का भी है। मैं जब One Earth One Health की बात करता हूं, तो उसमें पौधा हो या पशु, सबके स्वास्थ्य की बात शामिल है। भारत अब वैक्सीन उत्पादन में आत्मनिर्भर है। फुट एंड माउथ डिजीज, उससे पशुओं को बचाने के लिए सवा सौ करोड़ से अधिक डोज पशुओं को लगाई जा चुकी है। राष्ट्रीय गोकुल मिशन के तहत टेक्नोलॉजी का विस्तार किया जा रहा है। हमारी सरकार में अब पशुपालन क्षेत्र के किसानों को किसान क्रेडिट कार्ड का भी लाभ मिल रहा है। निजी निवेश को प्रोत्साहित करने के लिए एनिमल हसबेंड्री इंफ्रास्ट्रक्चर डेवलपमेंट फंड की शुरुआत भी की गई है, और आपको ये पता है हम लोगों ने गोबरधन योजना लागू की है। गांव के पशुओं के निकलने वाला मलमूत्र है, गांव का जो वेस्ट है, कूड़ा-कचरा है। हम गोबरधन योजना में इसका उपयोग करके गांव भी स्वच्छ रख सकते हैं, दूध से आय होती है, तो गोबर से भी आय हो सकती है, और एनर्जी सिक्योरिटी की दिशा में गैस सप्लाई में भी ये गोबरधन बहुत बड़ा योगदान दे सकता है। ये मल्टीपर्पज बेनिफिट वाला काम है, और गांव के लिए बहुत उपयोगी है। मैं चाहूंगा कि सभी राज्य सरकारें इसको प्राथमिकता दें, इसको आगे बढ़ाएं।

साथियों,

हमने पिछले अनुभवों से समझा है कि केवल एक ही फसल पर टिके रहना किसान के लिए जोखिम भरा है। इससे आय के विकल्प भी सीमित हो जाते हैं। इसलिए, हम crop diversification पर फोकस कर रहे हैं। इसके अलावा, National Mission on Edible Oils And Pulses, National Mission on Natural Farming, ये सभी एग्रीकल्चर सेक्टर की ताकत बढ़ा रहे हैं।

साथियों,

आप भी जानते हैं एग्रीकल्चर स्टेट सब्जेक्ट है, राज्यों का भी एक बड़ा एग्रीकल्चर बजट होता है, हमें राज्यों को भी निरंतर प्रेरित करना है कि वो अपना दायित्व निभाने में, हम उनको कैसे मदद दें, हमारे सुझाव उनको कैसे काम आएं। राज्य का भी एक-एक पैसा जो गांव के लिए, किसान के लिए तय हुआ है, वो सही उपयोग हो। हमें बजट प्रावधानों को जिला स्तर तक मजबूत करना होगा। तभी नई पॉलिसीज का ज्यादा से ज्यादा फायदा उठाया जा सकता है।

साथियों,

ये टेक्नोलॉजी की सदी है और सरकार का बहुत जोर एग्रीकल्चर में टेक्नोलॉजी कल्चर लाने पर भी है। आज e-NAM के माध्यम से मार्केट एक्सेस का डेमोक्रेटाइजेशन हुआ है। सरकार एग्रीस्टैक के जरिए, एग्रीकल्चर के लिए डिजिटल पब्लिक इंफ्रास्ट्रक्चर विकसित कर रही है। इसके तहत डिजिटल पहचान, यानी किसान आईडी बनाई जा रही है। अब तक लगभग 9 करोड़ किसानों की किसान आईडी बन चुकी है, और लगभग 30 करोड़ भूमि पार्सलों का डिजिटल सर्वे किया गया है। भारत-विस्तार जैसे AI आधारित प्लेटफॉर्म, रिसर्च इंस्टीट्यूशंस और किसानों के बीच की दूरी कम कर रहे हैं।

लेकिन साथियों,

टेक्नोलॉजी तभी परिणाम देती है, जब सिस्टम उसे अपनाएं, संस्थाएं उसे इंटीग्रेट करें और एंटरप्रेन्योर्स उस पर इनोवेशन खड़ा करें। इस वेबिनार में आपको इससे जुड़े सुझावों को मजबूती से सामने लाना होगा। हम टेक्नोलॉजी को कैसे सही तरीके से इंटीग्रेट करें, इस दिशा में इस वेबिनार से निकले सुझावों की बहुत बड़ी भूमिका होगी।

साथियों,

हमारी सरकार ग्रामीण समृद्धि के निर्माण के लिए प्रतिबद्ध है। प्रधानमंत्री आवास योजना, स्वामित्व योजना, पीएम ग्रामीण सड़क योजना, स्वयं सहायता समूहों को आर्थिक मदद, इसने रूरल इकोनॉमी को निरंतर मजबूत किया है। लखपति दीदी अभियान की सफलता को भी हमें नई ऊंचाई देनी है। अभी तक गांव की 3 करोड़ महिलाओं को लखपति दीदी बनाने में हम सफल हो चुके हैं। अब 2029 तक, 2029 तक 3 करोड़ में और 3 करोड़ जोड़ना है, और 3 करोड़ और लखपति दीदियां बनाने का लक्ष्य तय किया गया है। ये लक्ष्य और तेजी से कैसे प्राप्त किया जाए, इसे लेकर भी आपके सुझाव महत्वपूर्ण होंगे।

साथियों,

देश में स्टोरेज का बहुत बड़ा अभियान चल रहा है। लाखों गोदाम बनाए जा रहे हैं। स्टोरेज के अलावा एग्री एंटरप्रेन्योर्स प्रोसेसिंग, सप्लाई चैन, एग्री-टेक, एग्री-फिनटेक, एक्सपोर्ट, इन सब में इनोवेशन और निवेश बढ़ाना आज समय की मांग है। मुझे विश्वास है आज जो आप मंथन करेंगे, उससे निकले अमृत से ग्रामीण अर्थव्यवस्था को नई ऊर्जा मिलेगी। आप सबको इस वेबिनार के लिए मेरी बहुत-बहुत शुभकामनाएं हैं, और मुझे पूरा विश्वास है कि जमीन से जुड़े हुए विचार, जड़ों से जुड़े हुए विचार, इस बजट को सफल बनाने के लिए, गांव-गांव तक पहुंचाने के लिए बहुत काम आएंगे। आपको बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद। नमस्कार।