‘অসম গৌৰৱ’ বঁটা বিজয়ীগৰাকীয়ে সমাজসেৱাৰ প্ৰতি থকা উদ্যমেৰে প্ৰধানমন্ত্ৰীক যথেষ্ট প্ৰভাৱিত কৰে
‘আপুনি ইয়াৰ জীৱন্ত উদাহৰণ যে যেতিয়া এগৰাকী নাৰী আত্মনিৰ্ভৰশীল হয়, তেতিয়া সমাজখনে বহুত লাভৱান হয়’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক সম্বোধন কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ ফ্লেগ অফ কৰে।

 

গুৱাহাটীৰ এগৰাকী গৃহিণী শ্ৰীমতী কল্যানী ৰাজবংশী, যি এটা আত্মসহায়ক গোট পৰিচালনা কৰে আৰু যি এটা আঞ্চলিক পৰ্যায়ৰ ফেডাৰেচন গঠন কৰিছে আৰু এটা খাদ্য সংসাধন ইউনিট গঠন কৰিছে, তেওঁক ‘অসম গৌৰৱ’ বঁটাৰে সন্মানিত কৰা হয়। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সফলতাৰ কাহিনী শুনে আৰু কল্যাণী জীক কয় যে তেওঁৰ নামটোৱেই জনসাধাৰণৰ কল্যাণৰ ইংগিত দিয়ে।

 

নিজৰ উদ্যোগৰ আৰ্থিক বিকাশৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁ প্ৰথমে ২০০০ টকাৰে এটা মাছৰুম ইউনিটেৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু তাৰ পিছত অসম চৰকাৰে দিয়া ১৫ হাজাৰ টকাৰে তেওঁ এটা ফুড প্ৰচেছিং ইউনিট খুলিছিল। ইয়াৰ পিছত তেওঁ ২০০গৰাকী মহিলাৰ সৈতে ‘আঞ্চলিক স্তৰৰ ফেডাৰেচন’ স্থাপন কৰে। তেওঁ ‘পিএমএফএমই (প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আঁচনি আনুষ্ঠানিককৰণ)’ৰ অধীনতো সাহায্য লাভ কৰে। প্ৰধানমন্ত্ৰী স্বনিধিৰ বিষয়ে এক হাজাৰ বিক্ৰেতাক সজাগ কৰি তোলাৰ বাবে তেওঁক ‘অসম গৌৰৱ’ৰে সন্মানিত কৰা হয়।

 

ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ অঞ্চলৰ মহিলাসকলক নেতৃত্ব দি ‘ভিবিএছৱাই’ বাহন ‘মোদী কি গেৰাণ্টী কি গাড়ী’ক আদৰণি জনায় আৰু তেওঁলোকে যি আঁচনিৰ সুবিধা লাভৰ অধিকাৰী সেই আঁচনিৰ সুবিধা লাভ কৰিবলৈ তেওঁলোকক অৱগত কৰে আৰু উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক উদ্যোগীকৰণ আৰু সমাজসেৱাৰ মনোভাৱ বজাই ৰাখিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে কয়, ‘আপুনি ইয়াৰ জীৱন্ত উদাহৰণ যে যেতিয়া এগৰাকী নাৰী আত্মনিৰ্ভৰশীল হয়, তেতিয়া সমাজখনে বহুত লাভৱান হয়’।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour