প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ০২ নৱেম্বৰ, ২০১৮ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত মজলীয়া, ক্ষুদ্ৰ আৰু সূক্ষ্ম উদ্যোগ খণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থিত আৰু বাহ্যিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।

উল্লেখ্য যে দিল্লীৰ উপৰিও একেধৰণৰেই অনুষ্ঠান সমগ্ৰ দেশৰ ১০০ টা স্থানত অনুষ্ঠিত হ’ব, য’ত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত থাকিব। মুখ্য অনুষ্ঠানটোৰ বাবে এই আটাইবোৰ স্থানৰে পৰা নতুন দিল্লীৰ সৈতে সংযোজিত হৈ থাকিব, য’ত সন্নিৱিষ্ট থাকিব প্ৰধানমন্ত্ৰীৰ এক বিশেষ ভাষণ। এই ভাষণতেই প্ৰধানমন্ত্ৰীয়ে মজলীয়া, ক্ষুদ্ৰ আৰু সূক্ষ্ম উদ্যোগ খণ্ডৰ বিভিন্ন দিশ সামৰি ল’ব।

দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়া বৰ্ষকেইটাত এই মজলীয়া, ক্ষুদ্ৰ আৰু সূক্ষ্ম উদ্যোগ খণ্ডৰ ওফৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই বাহ্যিক তথা সমৰ্থিত অনুষ্ঠানটোৱে অনাগত ১০০ টা দিনত সমগ্ৰ দশকে সামৰি ল’ব, আৰু আশা কৰা হৈছে যে এই খণ্ডটোক যথেষ্ট পৰিমাণে উদ্বুদ্ধ কৰিব সংশ্লিষ্ট অভিযানে। এই অনুষ্ঠানৰ অগ্ৰগতিক এক অভিযান হিচাপে গ্ৰহণ কৰা হ’ব, আৰু এই সমগ্ৰ কাৰ্যব্যৱস্থা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উচ্চপদসথ বিষয়াসকলে অবিৰতভাৱে নিৰীক্ষণ কৰি থাকিব।

উল্লেখ্য যে এই অনুষ্ঠানতেই কেন্দ্ৰীয় বিত্ত আৰু বাণিজ্য পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অৰুণ জেটলী আৰু সংশ্লিষ্ট বিভাগটোৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙো উপস্থিত থাকিব।

 

  • Reena chaurasia September 07, 2024

    बीजेपी
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How Apple’s move to India is redrawing the world tech map

Media Coverage

How Apple’s move to India is redrawing the world tech map
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুন 2025
June 14, 2025

Building a Stronger India: PM Modi’s Reforms Power Infrastructure, Jobs, and Rural Prosperity