আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ  সতীৰ্থ মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়৷

 

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"আজি সন্ধিয়া অনুষ্ঠিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলোঁ। ১৪০ কোটি ভাৰতীয়ক সেৱা আগবঢ়াবলৈ আৰু মন্ত্ৰী পৰিষদৰ সৈতে কাম কৰি ভাৰতক প্ৰগতিৰ নতুন উচ্চতালৈ লৈ যাবলৈ মই আগ্ৰহী।"

আজি শপত গ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছো। মন্ত্ৰীসকলৰ এই দলটো তৰুণ আৰু অভিজ্ঞতাৰ এক বৃহৎ মিশ্ৰণ আৰু আমি জনসাধাৰণৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত কোনো ত্ৰুটি নাৰাখো।

শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো বিদেশী গণ্যমান্য ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ভাৰতে মানৱ প্ৰগতিৰ সন্ধানত আমাৰ মূল্যৱান অংশীদাৰসকলৰ সৈতে সদায় ঘনিষ্ঠভাৱে কাম কৰিব।"

 

তেওঁ লগতে কয়, ‘আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগনত অনুষ্ঠিত এক অনুষ্ঠানত মই আৰু মন্ত্ৰী পৰিষদৰ সহযোগীসকলে আমাৰ ১৪০ কোটি দেশবাসীক সেৱা আগবঢ়াবলৈ আৰু দেশখনক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’লো।

এনডিএ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলো সহকৰ্মীলৈ অশেষ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই মন্ত্ৰী দলটোত তৰুণ উদ্যম আৰু অভিজ্ঞতাৰ এক আচৰিত সংমিশ্ৰণ ঘটিছে। আমাৰ সমগ্ৰ দেশবাসীৰ জীৱন উন্নত কৰাৰ বাবে আমি কোনো ত্ৰুটি নাৰাখো৷

শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱা সমগ্ৰ বিশ্বৰ বিশিষ্ট অতিথিসকলৰ প্ৰতিও মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। বিশ্ব বন্ধু হিচাপে ভাৰতে সদায় ইয়াৰ ঘনিষ্ঠ অংশীদাৰৰ সৈতে মানৱতাৰ স্বাৰ্থত কাম কৰিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Science and the power of jan bhagidari can lead to a TB-free India

Media Coverage

Science and the power of jan bhagidari can lead to a TB-free India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026