প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় শ্বেৰ বাহাদুৰ দেউবাৰ সৈতে নেপালৰ লুম্বিনীস্থিত লুম্বিনী মঠ অঞ্চলত ভাৰত আন্তৰ্জাতিক বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰ নিৰ্মাণৰ শিলন্যাস কৰে।

2. ২০২২ ৰ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ কনফেডাৰেশ্যন (IBC), নতুন দিল্লী আৰু লুম্বিনী উন্নয়ন ন্যাস (LDT) ৰ মাজত স্বাক্ষৰিত চুক্তিৰ অধীনত এলডিটিয়ে আইবিচিক আবন্টন জনোৱা প্লটত এই কেন্দ্ৰটো নিৰ্মাণ কৰা হ’ব।

3. বৌদ্ধ ধৰ্মৰ তিনিটা প্ৰধান পৰম্পৰা থেৰাৱাদ, মহাযান আৰু বজ্ৰায়ণৰ ভিক্ষুসকলে সম্পন্ন কৰা শিলন্যাস অনুষ্ঠানৰ পিছতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰটোৰ আৰ্হিও মুকলি কৰে।

4. সম্পূৰ্ণ হোৱাৰ লগে-লগে এই কেন্দ্ৰটো বিশ্বৰ ভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলক বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক দিকসমূহৰ সাৰমৰ্ম উপভোগ কৰিবলৈ আদৰণি জনোৱা এক বিশ্ব-মানৰ সুবিধা হৈ উঠিব। ই এটা আধুনিক ভৱন হ’ব, শক্তি, পানী আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত নেটজিৰ’ অনুবৰ্তী হ’ব আৰু ইয়াত প্ৰাৰ্থনা হল, ধ্যান কেন্দ্ৰ, পুথিভঁৰাল, প্ৰদৰ্শনী হল, কেফেটেৰিয়া, কাৰ্য্যালয় আৰু অন্যান্য সুবিধাসমূহ থাকিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India