মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব শ্বেইখ ড° মহম্মদ বিন আব্দুলকাৰীম আল ইছাই আজি জেদ্দাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। জম্মু-কাশ্মীৰত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি এই ঘটনাত নিহত নিৰীহ লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৩ চনৰ জুলাই মাহত নতুন দিল্লীত মহাসচিবৰ সৈতে হোৱা বৈঠকৰ কথা স্মৰণ কৰে।সহিষ্ণু মূল্যবোধৰ প্ৰসাৰ, সংযমক সমৰ্থন কৰা আৰু সামাজিক সংহতি আৰু সমন্বয়ৰ প্ৰসাৰৰ ক্ষেত্ৰত মুছলিম ৱৰ্ল্ড লীগৰ ভূমিকাক প্ৰশংসা কৰে। ভাৰতৰ যুগ যুগ ধৰি চলি অহা বসুধৈৱ কুটুম্বকম [পৃথিৱীখন এক পৰিয়াল] দৰ্শনক সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বহু-সাংস্কৃতিক, বহুভাষিক, বহুজাতিক আৰু বহু-ধৰ্মীয় সমাজ হিচাপে বৈচিত্ৰ্যত ঐক্যক উদযাপন কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ অবিশ্বাস্য বৈচিত্ৰ্য এক মূল্যৱান শক্তি, যিয়ে ইয়াৰ সজীৱ সমাজ আৰু ৰাজনীতিক গঢ় দিয়ে। তেওঁ উগ্ৰবাদ, সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰুদ্ধে মুছলিম ৱৰ্ল্ড লীগৰ অটল সমৰ্থনৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰতে চৌদি আৰৱৰ সৈতে নিজৰ সম্পৰ্কক অতি গুৰুত্ব দিয়ে, যিটো আজি বহু ক্ষেত্ৰত এক চিৰস্থায়ী অংশীদাৰিত্বলৈ পৰিণত হৈছে। তেওঁ কয় যে দুয়োখন দেশৰ মাজত ঘনিষ্ঠ আৰ্থ-সাংস্কৃতিক সম্পৰ্ক এই অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ দিশ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুলাই 2026
July 04, 2026

PM Modi’s Viksit Bharat Vision in Action: Modern Infrastructure, Strategic Strength & Economic Progress