PM Modi, Crown Prince of UAE hold Virtual Summit
India-UAE sign Comprehensive Economic Partnership Agreement
PM Modi welcomes UAE's investment in diverse sectors in Jammu and Kashmir

 

মান্যবৰ, মোৰ ভাতৃ

আজিৰ এই ভাৰ্চুৱেল ছামিটলৈ আপোনাক আন্তৰিক আদৰণি জনাইছো৷ সৰ্বপ্ৰথমে আপোনাক আৰ ইউএইবাসীক শুভেচ্ছা জনাইছো৷ ক’ভিডৰ প্ৰত্যাহ্বানৰ পাছতো এক্সপ’ ২০২০ৰ সুন্দৰভাৱে আয়োজন কৰিলে৷ দুৰ্ভাগ্যজনকভাৱে এক্সপ’ত অংশগ্ৰহণ কৰিবলৈ ইউএইলৈ যাব নোৱাৰিলো আৰু আমাৰ পোনপটীয়া সাক্ষাতো বহুদিন হোৱা নাই৷ কিন্তু আজিৰ আমাৰ ভাৰ্চুৱেল ছামিটে এইটো দেখুৱাইছে যে অতি প্ৰত্যাহ্বান সত্ত্বেও, আমাৰ মিত্ৰতাপুৰ্ণ সম্বন্ধ নিৰন্তৰ নতুন উচ্চতাত উপনীত হৈছে৷

মান্যবৰ,

আমাৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ ক’ভিড মহামাৰীৰ সময়তো আপুনি যিদৰে ইউএইৰ ভাৰতীয় সমূদায়ৰ প্ৰতি ধ্যান দিলে তাৰ বাবে আপোনাৰ প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ’ম৷

আমি ইউএইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কঠোৰ ভাষাৰে গৰিহণা দিছো৷ ভাৰত আৰু ইউএই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কান্ধত কান্ধ মিলাই ঠিয় দি থাকিব৷

মান্যবৰ,
আমাৰ দুয়োখন দেশৰ বাবে এই বছৰটোৰ বিশেষ গুৰুত্ব আছে৷ আপোনালোকে ইউএই প্ৰতিষ্ঠাৰ ৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অনাগত ৫০ বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে৷ আমি এই বছৰ স্বাধীনতা ৭৫সংখ্যক বৰ্ষপূৰ্তি উৎসৱ পালন কৰিছো৷ আমি অহা ২৫ বছৰৰ বাবে অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছো৷ দুয়োখন দেশৰ ভৱিষ্যতৰ দৃষ্টিভংগীৰ মাজত যথেষ্ট সামঞ্জস্য আছে৷

মান্যবৰ,

মই অতি সন্তুষ্ট হৈছো, কিয়নো আমাৰ দুয়োখন দেশে আজি ব্যাপক অৰ্থনৈতিক সহযোগিতামূলক চুক্তিত হস্তাক্ষৰ কৰিছে৷ এইটো উল্লেখ্য যে ইমান গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি তিনিমাহতকৈ কম সময়ত আলোচনাতে সম্পন্ন কৰিবলৈ সক্ষম হৈছো৷ সাধাৰণতে এই ধৰণৰ বুজাবুজি চুক্তিৰ বাবে বছৰ পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়৷ এই চুক্তিয়ে দুয়োখন দেশৰ ঘনিষ্ঠ সম্পৰ্ক, মিলিত দৃষ্টিভংগী আৰু বিশ্বাসকে প্ৰতিফলিত কৰিছে৷ মোৰ বিশ্বাস এই যে ইয়াৰ দ্বাৰা আমাৰ আৰ্থিক সম্বন্ধত এক নতুন যুগৰ আৰম্ভ হ’ব৷ আমাৰ ব্যৱসায় অহা পাঁচ বছৰত ৬০ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা বৃদ্ধি পাই ১০০ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব৷

মান্যবৰ,
ব্যৱসায় বিনিয়োগ, শক্তি আৰু মানুহৰ মাজৰ সম্পৰ্ক আমাৰ সহযোগিতাৰ স্তম্ভ৷ ইয়াৰ সমান্তৰালাভাৱে কেতবোৰ নতুন ক্ষেত্ৰতো আমাৰ সহযোগিতা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আমাৰ মাজত ফুড কৰিড’ৰৰ ক্ষেত্ৰত নতুন বুজাবুজি চুক্তি যথেষ্ট ভাল পদক্ষেপ৷ মই খাদ্য সংসাধন তথা লজিষ্টিক খণ্ডত ইউএইৰ বিনিয়োগক আদৰণি জনাইছো৷ ইয়াৰ দ্বাৰা ইউএই খাদ্য সুৰক্ষাৰ বাবে এক বিশ্বস্ত সহযোগীত পৰিণত হ’ব৷


ভাৰতে ষ্টাৰ্টআপ খণ্ডত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে৷ বিগত বৰ্ষত ভাৰতে ৪৪টা ইউনিকৰ্ণ প্ৰতিষ্ঠা কৰিছে৷ আমি জইণ্ট ইনকিউবেচন আৰু যুটীয়া বিত্তায়নৰ জৰিয়তে দুয়োখন দেশত ষ্টাৰ্টআপত উদ্গনি যোগাব পাৰো৷ সেইদৰে আমাৰ জনসাধাৰণক কৌশল বিকাশৰ বাবে আমি আধুনিত উৎকৰ্ষমূলক প্ৰতিষ্ঠানৰ দিশতো সহযোগিতা আগবঢ়াব পাৰো৷

যোৱা মাহত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰ ইউএইৰ সফল যাত্ৰা সম্পূৰ্ণ কৰাৰ পাছত বহু আমীৰশ্বাহী কোম্পানীয়ে জম্মু-কাশ্মীৰত বিনিয়োগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ আমি ইউএইৰ দ্বাৰা জম্মু-কাশ্মীৰত লজিষ্টিক, স্বাস্থ্য সেৱা, হস্পিটেলিটীকে ধৰি সকলো খণ্ডত বিনিয়োগত আদৰণি জনাইছো৷ আৰু আপোনালোকৰ কোম্পানীসমূহক সকলো ধৰণৰ সুবিধা প্ৰদান কৰা হ’ব৷

মান্যবৰ,

অহা বছৰ ভাৰতে জি-২০ সন্মিলন আৰু ইউএইয়ে ক’প-২৮ৰ আয়োজন কৰিব৷ জলবায়ুৰ বিষয়ত বিশ্ব পৰ্যায়ত নিৰন্তৰ গুৰুত্ব লাভ কৰি আহিছে৷ এই বিষয়ৰ এক আকাৰ দিয়াৰ পাৰস্পৰিক সহযোগিতা আগবঢ়াব পৰা যায়৷ আমাৰ দুয়োখন দেশে সমান চিন্তাধাৰাৰে কাম কৰাৰ বাবে ইতিবাচক মনোভাৱ পোষণ কৰি আহিছো৷ মোৰ বিশ্বাস এই যে ‘ভাৰত-ইউএই-ইজৰাইল-ইউএছএ’, এই গোটে আমাৰ সামূহিক লক্ষ্যসমূহ আগুৱাই নিব, বিশেষকৈ প্ৰযুক্তি, উদ্ভাৱন আৰু আৰ্থিক দিশত৷

মান্যবৰ,

এই ভাৰ্চুৱেল ছামিট সফল কৰি তোলাৰ বাবে পুনৰবাৰ আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ছেপ্টেম্বৰ 2026
September 05, 2026

The New Indian Equation: Policy + People = Tangible Progress Under PM Modi