মোৰ বন্ধু তথা নেপালৰ মাননীয় প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী মহোদয়,

দুয়োখন দেশৰ জ্যেষ্ঠ মন্ত্ৰী তথা বিষয়াসকল,

নমস্কাৰ!

পোন প্ৰথমে মোৰ তৰফৰ পৰা তথা সমূহ ভাৰতীয়ৰ তৰফৰ পৰা অলী মহোদয় আৰু নেপালৰ আমাৰ সকলো মিত্ৰকে নৱবৰ্ষৰ শুভকামনা জনাইছো৷

এয়া কেৱল নতুন বৰ্ষই নহয়, নতুন দশকৰো আৰম্ভণি৷

মই আশা প্ৰকাশ কৰিছো যে এই নতুন দশকে যাতে আপোনালোক সকলোলৈ সুন্দৰ স্বাস্থ্য, দীৰ্ঘায়ু, প্ৰগতি, প্ৰসন্নতা আৰু শান্তি লৈ আহে৷

দুয়োখন দেশৰ বিভিন্ন স্থানত সংক্ৰান্তিৰ উৎসৱ ভিন্ন-ভিন্ন ৰঙেৰে কিন্তু সমান উল্লাসেৰে পালন কৰা হ’ল৷ এই পৰ্ব উপলক্ষেও মই আপোনালোক সকলোকে শুভকামনা জনাইছো৷

মহোদয়,

এই নতুন বৰ্ষ আৰু নতুন দশকৰ আৰম্ভণিতেই আমি আজি এই শুভ কাৰ্যত চামিল হৈছো৷ এয়া অত্যন্ত আনন্দৰ কথা৷ যোৱা পাঁচ মাহৰ পৰা আমি দ্বিতীয় বাৰলৈ এই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক প্ৰকল্পৰ উদঘাটন ভিডিঅ’ লিংকৰ জৰিয়তে কৰিছো৷ এয়া ভাৰত-নেপাল সম্পৰ্কৰ প্ৰসাৰণ আৰু দ্ৰুত বিকাশৰ প্ৰতীক হিচাপে বিবেচিত হৈছে৷

বন্ধুসকল,

নেপালৰ চতুৰ্দিশে বিকাশত, নেপালৰ প্ৰাথমিকতা অনুসৰি ভাৰতে এক বিশ্বাসযোগ্য সহযোগীৰ ভূমিকাত অৱতীৰ্ণ হৈছে৷ ‘চুবুৰীয়াই সৰ্বপ্ৰথম’, এয়াই হ’ল মোৰ চৰকাৰৰ প্ৰাথমিকতা৷ আৰু সীমান্তৱৰ্তী যোগাযোগ বৃদ্ধি কৰাও আমাৰ এই নীতিৰ এক মুখ্য কাৰণ৷

ভাৰত আৰু নেপালৰ কথা ওলালেই উন্নত যোগাযোগৰ গুৰুত্বও অধিক বৃদ্ধি হৈ পৰে৷ কাৰণ আমাৰ সম্পৰ্ক কেৱল ওচৰ চুবুৰীয়াৰেই সম্পৰ্ক এনে নহয়৷ ইতিহাস আৰু ভুগোলে আমাক প্ৰকৃতি, পৰিয়াল, ভাষা, সংস্কৃতি, প্ৰগতি আদিৰে একেডাল সুতাতে বান্ধি ৰাখিছে৷

সেইবাবে আমাৰ দুয়োখন দেশৰ মাজৰ উন্নত যোগাযোগে আমাৰ জীৱনক অধিক ওচৰৰ পৰাই জড়িত কৰে আৰু আমাৰ হৃদয়ৰ নতুন দুৱাৰ মুকলি কৰে৷ যোগাযোগে কেৱল দেশৰেই নহয়, সমগ্ৰ ক্ষেত্ৰৰ বিকাশৰ বাবে এক অনুঘটকৰ দৰে কাম কৰে৷ ওচৰ চুবুৰীয়াৰ সৈতে যোগাযোগৰ সৰল আৰু সুচাৰুৰূপে গঢ়ি তোলাত আৰু আমাৰ মাজত ব্যৱসায়, সংস্কৃতি, শিক্ষা, ইত্যাদি ক্ষেত্ৰত সম্পৰ্কসমূহক সুগম কৰি তোলাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ৷

ভাৰত আৰু নেপালে বহু সীমান্ত বিনিময় যোগাযোগ প্ৰকল্প যেনে ৰে’ল আৰু পৰিবহণ লাইনৰ ওপৰত কাম কৰি আছে৷ আমাৰ দেশৰ মাজৰ সীমাৰ মুখ্য স্থানসমূহত সংবদ্ধ চেক পোষ্টে পাৰস্পৰিক ব্যৱসায় আৰু যোগাযোগ ব্যৱস্থাক সুবিধাজনক কৰি তুলিছে৷

মহোদয়,

আইচিপি নিৰ্মাণৰ প্ৰথম পৰ্যায়ত আমি বীৰগঞ্জ আৰু বিৰাট নগৰত আইচিপি বিকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো৷ বীৰগঞ্জৰ আইচিপি আমি ২০১৮ত মুকলি কৰিছিলো৷ এতিয়া বিৰাট নগৰতো আইচিপি আৰম্ভ হোৱাটো অতিশয় আনন্দৰ কথা৷ ভাৰতৰ ফালে ৰক্সোল আৰু যোগবাণীত পূৰ্বৰে পৰাই এই সুবিধা বিৰাজমান৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে আগন্তুক বৰ্ষসমূহত আমি এনে অনেক সুবিধা বিকশিত কৰিব পাৰিম৷

মহোদয়,

২০১৫ৰ ভূমিকম্পৰ ঘটনা অতিশয় উদ্বেগজনক আছিল৷ ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগসমূহে মনুষ্যৰ দৃঢ়তা আৰু ধৈৰ্য পৰীক্ষা কৰে৷ আমাৰ নেপালী ভাই-ভনীসকলে এই প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা সাহসেৰে সম্পাদন কৰাত আমি ভাৰতীয়সকলে গৌৰৱ অনুভৱ কৰিছো৷ সুৰক্ষা আৰু সাহায্য প্ৰদানত প্ৰথম প্ৰতিক্ৰিয়াশীলৰ ভূমিকা প্ৰদানৰ পিছত ভাৰতে পুনৰ নিৰ্মাণত নেপালী বন্ধুসকলৰ সৈতে কান্ধত কান্ধ মিলাই থিয় হৈছে৷ নিকটতম চুবুৰীয়া আৰু মিত্ৰ হোৱা হেতুকে এয়া আমাৰ কৰ্তব্য আছিল৷ সেইবাৰে গোৰ্খা আৰু নুৱাকোট জিলাৰ ঘৰসমূহৰ পুনৰ নিৰ্মাণৰ অগ্ৰগতিত মই সন্তোষ লাভ কৰিছো৷

আমি সদায়েই এয়েই প্ৰয়াস কৰি আহিছো যে এই ঘৰসমূহ যাতে ‘বিল্ড বেক বেটাৰ’ হিচাপে নিৰ্মাণ কৰা হওক আৰু ভূমিকম্প প্ৰতিৰোধী হিচাপে শক্তিশালীভাৱে নিৰ্মাণ কৰা হওক৷

ভাৰতৰ দুৰ্যোগৰ মিত্ৰজোঁট স্থাপন কৰাৰ উদ্দেশ্যই হ’ল আন্তঃগাঁথনিখণ্ডত প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ কম কৰা৷ এয়া অতিশয় সন্তোষৰ কথা যে ভাৰত-নেপালৰ সহযোগিতাৰ অধীনত পঞ্চাশ হাজাৰৰ পঞ্চলিশ হাজাৰৰ ঘৰৰ ইতিমধ্যে নিৰ্মাণ হৈছে৷ আমি আশা প্ৰকাশ কৰিছো যে বাকী ঘৰৰ নিৰ্মাণ কাৰ্যও অতি শীঘ্ৰেই পূৰণ হ’ব৷

মহোদয়,

আপোনালোকৰ সহযোগিতাৰ জৰিয়তে বিগত বৰ্ষসমূহত ভাৰত আৰু নেপালৰ সম্পৰ্কত অভুতপূৰ্ব প্ৰগতি দেখিবলৈ পাইছো৷ আমাৰ সহযোগিতা আৰু বিকাশৰ মিত্ৰতা দ্ৰুতি গতিত আগবাঢ়িবলৈ ধৰিছে৷ লগতে আমি বহু নতুন ক্ষেত্ৰত সহযোগিতা আৰম্ভ কৰিছো৷ মই এয়েই কামনা কৰিছো যে নতুন বৰ্ষত আপোনালোকৰ সহযোগিতা আৰু সমৰ্থনৰ জৰিয়তে আমাৰ সম্বন্ধক নতুন উচ্চতাত অধিষ্ঠিত কৰিব পাৰিম৷ আৰু এই নতুন দশক ভাৰত-নেপাল সম্বৰ্ধৰ স্বৰ্ণিম দশক হিচাপে বিবেচিত হ’ব৷

পুনৰবাৰ সুস্বাস্থ্য তথা সকলো ধৰণৰ সফলতাৰ বাবে আপোনাক শুভকামনা যাচিছোঁ৷ আৰু এই নতুন কাৰ্যসূচীৰ বাবে ভিডিঅ’ মাধ্যমৰ সৈতে জড়িত হোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছো৷

অন্ত মা, তপাই হৰু সবৈ লাই ধেৰৈ শুভকামনা দিনছু৷

নমস্কাৰ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 05 আগষ্ট 2026
August 05, 2026

Viksit Bharat in Action: Inclusive, Green, and Globally Competitive Under PM Modi