My Government's "Neighbourhood First" and your Government's "India First" policies have strengthened our bilateral cooperation in all sectors: PM
In the coming years, the projects under Indian assistance will bring even more benefits to the people of the Maldives: PM

প্ৰিয় বন্ধু, মহামহিম ৰাষ্ট্ৰপতি ইব্ৰাহিম ছ’লিডাঙৰীয়া,

মালদ্বীপৰ বিশিষ্ট বন্ধুসকল আৰু সতীৰ্থসকল, সকলোকে নমস্কাৰ জনাইছো।

ৰাষ্ট্ৰপতি ছ’লি ডাঙৰীয়া, আপোনাৰ সৈতে সংযোজিত হোৱাটো সদায়ে আনন্দদায়ক অভিজ্ঞতা। আপোনাৰ লগতে মালদ্বীপবাসীয়ে সদায়ে আমাৰ মন আৰু মগজুত ঠাই পাই আহিছে। ৰাষ্টপতি হিচাপে প্ৰথমটো বছৰ সফলতাৰে অতিক্ৰম কৰাৰ বাবে মোৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। মালদ্বীপৰ গণতন্ত্ৰ আৰু উন্নয়নৰ বাবে এইটো বছৰ সঁচাকৈয়ে উল্লেখনীয় বুলি বিবেচিত হৈছে। এইটো বছৰ মালদ্বীপ আৰু ভাৰতৰ মাজৰ সম্বন্ধৰ বাবেও বৈশিষ্টপূৰ্ণ বুলি অভিহিত কৰিব লাগিব।

আমাৰ চৰকাৰে গ্ৰহণ কৰা ‘প্ৰথমে চুবুৰীয়া’ নীতি আৰু মালদ্বীপে ৰূপায়ন কৰা ‘প্ৰথমে ভাৰত’ নীতিয়ে পৰস্পৰৰ মাজৰ দ্বিপাক্ষিক সম্বন্ধ সকলো দিশতে শক্তিশালী কৰি তুলিছে। আমি গ্ৰহণ কৰা সিদ্ধান্ত বলবত্কৰণৰ সুবাদত মালদ্বীপৰ অৰ্থনীতি, আন্তঃগাঁথনি আৰু দক্ষতা বৰ্দ্ধনতোবাৰুকৈয়ে সহায়ক হৈছে।

দ্ৰুত ইণ্টাৰচেপ্টৰ ব্যৱস্থা সংযোজিত ‘কামিয়াব’ নামৰ জাহাজখনে মালদ্বীপৰ উপকূলীয় অঞ্চলৰ নিৰাপত্তা সুনিশ্চিত কৰাত প্ৰভূত সহায় কৰাৰ লগতে মালদ্বীপৰ নীল-অৰ্থনীতি আৰু পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ গতিও ত্বৰান্বিত কৰিব। এল এণ্ড টি-য়েমোৰ গৃহ ৰাজ্য গুজৰাটত নিৰ্মাণ কৰা পহৰাদাৰী-জাহাজখনৰ নাম ‘কামিয়াব’ ৰখা হৈছে। ইয়াৰ অৰ্থ হৈছে ‘সাফল্য’।
মহামহিম, আপোনাৰ চৰকাৰে এড্ডুৰ বিকাশৰ বাবে কাম কৰি আছে। আপোনালোকৰ এই বিকাশ অভিযানত ভাৰতো অংশীদাৰ হ’বলৈ পায় সঁচাকৈয়ে আনন্দিত হৈছো। দ্বীপবাসীৰ জীৱন-জীৱিকাৰে জড়িত প্ৰকল্পসমূহৰ ৰূপায়ণে আমাক আহ্লাদিত কৰিছে।

বন্ধুসকল, দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক গাঢ় কৰাৰ বাবে পৰস্পৰৰ নাগৰিকসকলৰ মাজত মিলামিচাৰ হাৰ বৃদ্ধি পাব লাগিব। মালদ্বীপলৈ ভাৰতীয় পৰ্যটকৰ সোঁত দুগুণে বাঢ়িছে। আজিৰ তাৰিখত ভাৰতে পঞ্চম স্থানৰ পৰা দ্বিতীয় স্থানত উপনীত হৈছে। এই সপ্তাহৰ পৰাই দিল্লী, মুম্বাই আৰু বাংগালুৰুৰ পৰা তিনিখন বিমানৰ নিয়মীয়া চলাচল আৰম্ভ হ’ব। ৰু-পে’ কাৰ্ডৰ প্ৰচলন আৰম্ভ হোৱাৰ ফলত মালদ্বীপলৈ যোৱা ভাৰতীয় পৰ্যটকসকলে ভ্ৰমণত বিশেষ স্বাচ্ছন্দ্য লাভ কৰিব। ‘বেংক অব মলডিভ’য়ে এই কাৰ্ডৰ প্ৰচালন কৰিব।

মহামহিম, মালেৰ ৰাজপথত আজিৰে পৰা এলইডি লাইট জ্বলিব। পৰিবেশ অনুকূল এইবিধ বাল্বৰ প্ৰচলন হোৱাত ভাৰতে নিতান্তই সুখ অনুভৱ কৰিছে। এইসমূহ বাল্বে বিজুলি ব্যয় ৮০শতাংশ পৰ্যন্ত কমাব।

মহাশয়, হুলহুলমালেত এখন কেন্সাৰ হাস্পটাল আৰু এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বাবে চৰকাৰে কাম কৰি আছে।আড্ডুৰ ৩৪টা দ্বীপত অচিৰেই এলানি খোৱাপানী আৰু অনাময় প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব বুলি ইতিমধ্যে মোক জানিবলৈ দিছে।

আগন্তুক বছৰবোৰত ভাৰতৰ সহযোগিতাৰে স্থাপন হ’ব লগা প্ৰকল্পসমূহে মালদ্বীপবাসীক বাৰুকৈয়ে উপকৃত কৰিব।
মালদ্বীপৰ সৈতে আমাৰ বন্ধুত্ব অটুত থাকিব।মালদ্বীপৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালীকৰণ আৰু সামগ্ৰীক উন্নয়নৰ বাবে ভাৰতে সহযোগিতা আগবঢ়াই যাব। আমি ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দুয়োখন দেশৰ সহযোগিতাৰ পৰিসৰ সম্প্ৰসাৰণতো গুৰুত্ব আৰোপ কৰিম।

মহামহিম, দিল্লীত আপোনাৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে মই আশাৰে বাট চাই আছো। মালদ্বীপবাসীৰ শান্তি আৰু সমৃদ্ধি কমনা কৰি সকলোলৈকে শুভ কামনা জ্ঞাপন কৰিলো।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reaffirms commitment to building next-generation infrastructure for Viksit Bharat
June 16, 2026

The Prime Minister, Shri Narendra Modi has said that the last decade has witnessed record infrastructure upgrading. He has reiterated the Government’s commitment to building next-generation infrastructure for the people of the nation to realise the vision of a Viksit Bharat.

In a post on X, the Prime Minister said:

“The last decade has witnessed record infrastructure upgrading. We are committed to building next-generation infrastructure for the people of our nation to realise our vision of a Viksit Bharat.

#12YearsOfNayaBharatNirman”