শ্ৰী ধৰ্ম ৰাজন নামৰ এজন কল খেতিয়কে কিষাণ ক্ৰেডিট কাৰ্ড ঋণ, প্ৰধানমন্ত্ৰী কিষাণ সন্মাননিধি, পিএমজেবিৱাই, পিএমএছবিৱাইৰ সহায়ত ধন ৰাহি কৰে
শ্ৰী ৰাজনৰ জীৱন সঁচাকৈয়ে অনুপ্ৰেৰণাদায়কঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰে।

কেৰালাৰ কোজিকোডৰ এজন কল খেতিয়ক আৰু ভিবিএছৱাই হিতাধিকাৰী শ্ৰী ধৰ্ম ৰাজনে প্ৰধানমন্ত্ৰীক কিষাণ ক্ৰেডিট কাৰ্ড ঋণ, প্ৰধানমন্ত্ৰী কিষাণ সন্মাননিধি, পিএমজেবিৱাই, পিএমএছবিৱাইৰ সুবিধা লাভ কৰাৰ বিষয়ে অৱগত কৰে। আগৰ তুলনাত এনে সুবিধাৰ উপলব্ধতাৰ প্ৰভাৱ সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰী ধৰ্ম ৰাজনে সাৰ আৰু অন্যান্য সঁজুলিৰ উপলব্ধতা সহ কৃষিক্ষেত্ৰত অৰ্থনৈতিক সহায়ৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মাননিধিৰ অধীনত লাভ কৰা ধন কৃষিৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে চৰকাৰী আঁচনি আৰু ঋণে শ্ৰী ধৰ্ম ৰাজনক পৰিয়ালটোৰ বাবে অধিক ধন ৰাহি কৰাত সহায় কৰিছে, যিখিনি অন্যথা ঋণদাতাৰ উচ্চ সূতৰ হাৰৰ নামত ব্যয় কৰা হ'লহেঁতেন। তেওঁৰ দুই কন্যাক শিক্ষিত কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰি শ্ৰী ৰাজনে চৰকাৰী আঁচনিসমূহৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে, যাৰ বাবে তেওঁ অহা বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ডাঙৰ জীয়েকৰ বিবাহৰ বাবে ধন ৰাহি কৰিব পাৰিছে।

শ্ৰী ৰাজনে উন্নত জীৱনধাৰণৰ সুবিধা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী ৰাজন এগৰাকী প্ৰগতিশীল কৃষক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ নিজৰ ছোৱালীক শিক্ষিত কৰিছে আৰু ধনৰ সদ ব্যৱহাৰ কৰিছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi