৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিতব্য জি-২০ সন্মিলনৰ প্ৰশাসনিক ব্যৱস্থাৰ পৰ্যালোচনা
জি-২০ শীৰ্ষ সন্মিলন সফল কৰিবলৈ সকলো সংস্থাই “Whole of Government” পদ্ধতিৰে কাম কৰিব: ড০ পি.কে. মিশ্ৰ
বিভিন্ন সংস্থাৰ অবিৰত কাম-কাজৰ সুবিধাৰ বাবে সন্মিলনস্থলীত ‘ড্ৰাই ৰাণ’ আৰু ‘মক এক্সাৰচাইজ’ অনুষ্ঠিত হ’ব

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সমন্বয় সমিতিৰ ষষ্ঠ বৈঠকখন আজি নতুন দিল্লীৰ প্ৰগতি ময়দানস্থিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী তথা অধিৱেশন কেন্দ্ৰ (আই ই চি চি)ত অনুষ্ঠিত হয়। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি. কে. মিশ্ৰৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৈঠকত চলিত বৰ্ষৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ সৈতে জড়িত প্ৰস্তুতিমূলক দিশসমূহ পৰ্যালোচনা কৰা হয়।

এই পৰিপ্ৰেক্ষিতত সমিতিয়ে জি২০ সন্মিলনস্থলীত কৰা বিভিন্ন ব্যৱস্থাৰ লগতে প্ৰট’কল, নিৰাপত্তা, বিমানবন্দৰৰ সমন্বয়, সংবাদ মাধ্যম ব্যৱস্থাপনা, দিল্লী আৰু চুবুৰীয়া ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু ব্যৱস্থা আদিৰ সৈতে জড়িত সকলো দিশৰ বুজ লয়। উল্লেখ্য যে সভাৰ অধ্যক্ষ ড০ মিশ্ৰই সকলো সংস্থাকে “Whole of Government” ধাৰণাৰে কাম কৰাৰ লগতে জি-২০ শীৰ্ষ সন্মিলন সফল কৰিবলৈ আহ্বান জনায়।

সমিতিৰ সদস্যসকলে বিভিন্ন বৈঠকৰ বাবে প্ৰস্তাৱিত স্থানসমূহো পৰিদৰ্শন কৰি সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰে। লগতে ড্ৰাই ৰাণ/মক এক্সাৰচাইজৰ সিদ্ধান্তও লোৱা হয়, যাতে বিভিন্ন এজেন্সীয়ে নিৰৱচ্ছিন্নভাৱে কাম কৰিব পাৰে। আগন্তুক জি-২০ শীৰ্ষ সন্মিলনৰ বাবে বিভিন্ন প্ৰস্তুতিমূলক দিশৰ ওপৰত কৰিবলগীয়া বিভিন্ন কামৰ বাবেও কমিটীয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে আৰু অহা দুসপ্তাহত অধিক পৰ্যালোচনাৰ বাবে পুনৰ বৈঠক আহ্বান কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে আজি অনুষ্ঠিত সমন্বয় সমিতিৰ বৈঠকে এতিয়ালৈকে অনুষ্ঠিত হোৱা জি-২০ বৈঠক আৰু ভাৰতৰ জি-২০ অধ্যক্ষতাত নিৰ্ধাৰিত বাকী বৈঠকসমূহৰ পৰ্যালোচনাও কৰে। কমিটীয়ে উল্লেখ কৰে যে জি-২০ৰ অধ্যক্ষতাত ভাৰতে এই পৰ্যন্ত দেশৰ ৫৫টা ভিন্ন স্থানত ১৭০খন বৈঠকৰ আয়োজন কৰিছে। ২০২৩ চনৰ জুলাই আৰু আগষ্ট মাহত মন্ত্ৰী পৰ্যায়ত কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ কথাও আছে।

ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ সৈতে জড়িত সকলো প্ৰস্তুতি আৰু ব্যৱস্থা তদাৰক কৰিবলৈ কেবিনেটে সমন্বয় সমিতিখনক কৰ্তৃত্ব প্ৰদান কৰে। উল্লেখ্য যে এই পৰ্যন্ত উক্ত সমন্বয় সমিতিৰ পাঁচখন বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ উপৰিও ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সৈতে জড়িত নিৰ্দিষ্ট বস্তুনিষ্ঠ আৰু লজিষ্টিক বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে কেইবাখনো বৈঠক অনুষ্ঠিত কৰা হৈছে।

আজিৰ বৈঠকত এন এছ এৰ শ্ৰী অজিত ডোভাল, দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী ভি কে ছাক্সেনা, কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nagaland gets its first natural gas supply via National Gas Grid

Media Coverage

Nagaland gets its first natural gas supply via National Gas Grid
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 আগষ্ট 2026
August 19, 2026

Defence to Diamonds: How PM Modi’s Vision Turned India into a Global Capability Hub