প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুসৰি তেওঁৰ মুখ্য সচিবে চীনৰ কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কীয় এক উচ্চস্তৰীয় বৈঠকত সভাপতিত্ব কৰে৷

উক্ত বৈঠকত চৰকাৰী বিষয়াসকলে মুখ্য সচিবক কৰ’না ভাইৰাছৰ বিৰুদ্ধে মোকাবিলা কৰাৰ বাবে শেহতীয়া উত্তৰণ, প্ৰস্তুতি আৰু গ্ৰহণ কৰা পদক্ষেপসমূহ অৱগত কৰে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মুখ্য সচিবগৰাকীক চিকিৎসালয়সমূহৰ প্ৰস্তুতি, গৱেষণাগাৰৰ প্ৰস্তুতি, দ্ৰুত প্ৰতিক্ৰিয়াশীল দলৰ সামৰ্থ নিৰ্মাণ আৰু ব্যাপক নিৰীক্ষণমূলক পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে৷

মুখ্য সচিবগৰাকীয়ে অন্যান্য মন্ত্ৰালয় যেনে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে গ্ৰহণ কৰা বিভিন্ন প্ৰতিৰোধমূলক পদক্ষেপসমূহৰো খতিয়ান লয়৷

চৰকাৰী বিষয়াসকলে মুখ্য সচিবগৰাকীক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অন্যান্য মন্ত্ৰালয়, ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সহযোগত গুৰুত্ব সহকাৰে নিৰীক্ষণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি নিশ্চিতি প্ৰদান কৰে৷

এই পৰ্যন্ত ৭টা আন্তৰ্জাতিক বিমানবন্দৰত ১১৫খন বিমানত প্ৰায় ২০,০০০ লোকক পৰ্যৱেক্ষণ কৰা হৈছে৷ এই ক্ষেত্ৰত নেচনেল ইন্সটিটিউট অব্ ভাইৰ’ল’জী গৱেষণাগাৰে এই ভাইৰাছবিধৰ পৰীক্ষণৰ বাবে সাজু হৈছে৷ আনহাতে সকলো ৰাজ্যিক তথা জিলা স্বাস্থ্য কৰ্তৃপক্ষকো সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে৷

উল্লেখ্য, বৈঠকখনত কেবিনেট সচিব, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সচিবকে ধৰি অন্যান্য উচ্চস্তৰীয় চৰকাৰী বিষয়াসমূহো উপস্থিত আছিল৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength