প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লী এনচিআৰ অঞ্চলত দুটাকৈ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ দেশৱাসীৰ বাবে মুকলি কৰে৷ ইয়াৰে প্ৰথমটো হ’ল নিজামুদ্দিন দলঙৰ পৰা দিল্লী ইউপি ব’ৰ্ডাৰলৈ বিস্তৃত ১৪ লেনযুক্ত দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ৰ প্ৰথম পৰ্যায়৷ দ্বিতীয়টো প্ৰকল্প হ’ল ৰাষ্ট্ৰীয় ঘাইপথ-১ৰ কুন্দলীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ-২ৰ পালৱাললৈ বিস্তৃত ১৩৫ কিলোমিটাৰ দৈৰ্ঘৰ ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’(ইপিই)৷

দিল্লী মীৰাট এক্সপ্ৰেছৱে’ সম্পূৰ্ণ হৈ উঠিলে ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা মীৰাট আৰু পশ্চিম উত্তৰ প্ৰদেশ তথা উত্তৰাখণ্ডৰ বহুতো স্থানলৈ ভ্ৰমণ সময় উল্লেখনীয়ভাৱে হ্ৰাস হ’ব৷

দিল্লী মীৰাট এক্সপ্ৰেছৱে’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এখন মুকলি জীপত কিছু দূৰ পৰিভ্ৰমণ কৰি ঘাইপথতো পৰ্যবেক্ষণ কৰে৷ এই সময়ছোৱাত পথৰ দুয়োকাষে থকা অজস্ৰ লোকে তেওঁক সম্ভাষণ জনায়৷

ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’(ইপিই)ৰ মুকলিয়ে ৰাষ্ট্ৰীয় ৰাজধানীক যান-যঁট আৰু প্ৰদূষণৰ পৰা কিছু সকাহ দিব৷

এই উপলক্ষে বাঘপটত আয়োজিত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে দিল্লী মীৰাট এক্সপ্ৰেছৱে’ শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব৷ তেওঁ কয় যে ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’ই যান-যঁটৰ পৰা দিল্লীক সকাহ দিব৷ মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰাত আধুনিক আন্তঃগাথনিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ স্থলপথ, ৰে’লপথ, জলপথ আদি ক্ষেত্ৰকে ধৰি আন্তঃগাথনি নিৰ্মাণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ উল্লেখ কৰে৷

মহিলা সৱলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা আগবঢ়াই কিদৰে স্বচ্ছ ভাৰত অভিযানৰ অধীনত শৌচালয় নিৰ্মাণ কৰা হৈছে, উজ্জলা যোজনাৰ অধীনত আগবঢ়োৱা ৰন্ধন গেছৰ সংযোগে কিদৰে মহিলাসকলৰ জীৱন সৰল কৰি তুলিছে৷ তেওঁ কয় যে মুদ্ৰা যোজনা অধীনত প্ৰদান কৰা ১৩ কোটি ঋণৰ ৭৫ শতাংশতকৈ অধিক মহিলা উদ্যোগীলৈ আগবঢ়োৱা হৈছে৷

অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

তেওঁ কয় যে চলিত বৰ্ষৰ কেন্দ্ৰীয় বাজেটত গ্ৰাম্য আৰু কৃষি আন্তঃগাথনি উন্নত কৰিবলৈ ১৪ লাখ কোটি টকাৰ এক বিকল্প ৰখা হৈছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 40 Tonnes Varanasi Biscuits to Oman

Media Coverage

India Exports 40 Tonnes Varanasi Biscuits to Oman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Rajarshi Chhatrapati Shahu Ji Maharaj
June 26, 2026

The Prime Minister, Shri Narendra Modi paid homage to Rajarshi Chhatrapati Shahu Ji Maharaj, on his birth anniversary, today. "He dedicated his life to the upliftment of the deprived, exploited, and backward classes. His great deeds and ideals will continue to guide the nation for ages to come", Shri Modi noted.

The Prime Minister posted on X:

"राजर्षि छत्रपति शाहू जी महाराज की जयंती पर उन्हें आदरपूर्ण श्रद्धांजलि! वे सामाजिक न्याय और समानता के प्रबल समर्थक थे। उन्होंने वंचित, शोषित एवं पिछड़े वर्गों के उत्थान के लिए अपना जीवन समर्पित कर दिया। उनके महान कार्य और आदर्श युगों-युगों तक राष्ट्र का मार्गदर्शन करते रहेंगे।"

राजर्षी छत्रपती शाहू महाराज यांच्या जयंतीनिमित्त त्यांना विनम्र अभिवादन! सामाजिक न्याय आणि समतेचे ते खंदे पुरस्कर्ते होते. वंचित, शोषित आणि मागासवर्गीयांच्या उन्नतीसाठी त्यांनी आपले संपूर्ण जीवन समर्पित केले. त्यांचे महान कार्य आणि आदर्श युगानुयुगे राष्ट्राला प्रेरणा देत आणि मार्गदर्शन करत राहील.