ইউপিআই পেনাও লিংকেজে ক্ৰছ বৰ্ডাৰ ৰেমিটেন্স সহজ, ব্যয়-কাৰ্যকৰী আৰু বাস্তৱিক সময়ত প্ৰস্তুত কৰি তুলিব
গভৰ্ণৰ, আৰবিআই আৰু এমডি, এমএএছে ভাৰত আৰু ছিংগাপুৰৰ মাজত প্ৰথম ক্ৰছ বৰ্ডাৰ লেনদেন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰী লী ছিয়েন লুঙে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) আৰু ছিংগাপুৰৰ পেনাওৰ মাজত ৰিয়েল টাইম পেমেণ্ট লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস আৰু ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষৰ পৰিচালনা সঞ্চালক শ্ৰীযুত ৰবি মেননে তেওঁলোকৰ নিজ নিজ মোবাইল ফোন ব্যৱহাৰ কৰি ইজনে সিজনক লাইভ ক্ৰছ বৰ্ডাৰ লেনদেন কৰে।

ছিংগাপুৰ হৈছে প্ৰথমখন দেশ যাৰ সৈতে ক্ৰছ বৰ্ডাৰ ব্যক্তিৰ পৰা ব্যক্তিলৈ (পি২পি) পৰিশোধ সুবিধা আৰম্ভ কৰা হৈছে। ই ছিংগাপুৰৰ প্ৰবাসী ভাৰতীয়সকলক, বিশেষকৈ প্ৰব্ৰজনকাৰী শ্ৰমিক/শিক্ষাৰ্থীসকলক সহায় কৰিব আৰু ছিংগাপুৰৰ পৰা ভাৰতলৈ তাৎক্ষণিক আৰু কম ব্যয়ৰ ধন স্থানান্তৰৰ জৰিয়তে ডিজিটেলকৰণ আৰু ফিনটেকৰ সুবিধা সাধাৰণ মানুহৰ ওচৰলৈ আনিব ৷ কিউআৰ কোডৰ জৰিয়তে ইউপিআই পৰিশোধৰ গ্ৰহণযোগ্যতা ইতিমধ্যে ছিংগাপুৰৰ নিৰ্বাচিত ব্যৱসায়িক বিপণীত উপলব্ধ হৈছে।

ভাৰ্চুৱেল মুকলিৰ পূৰ্বে দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত ফোন কল কৰা হৈছিল, য'ত পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে ভাৰত-ছিংগাপুৰ সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত অংশীদাৰীত্বৰ বাবে প্ৰধানমন্ত্ৰী লীক ধন্যবাদ জ্ঞাপন কৰে আৰু ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত তেওঁৰ সৈতে কাম কৰাৰ বাবে আশাবাদী বুলি প্ৰকাশ কৰে।

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership