‘প্ৰতিস্থা দিৱস’ উপলক্ষে চিআৰপিএফ কৰ্মীবৃন্দলৈ শুভ কামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “@চিআৰপিএফ ইণ্ডিয়া’ৰ সকলো সাহসী কৰ্মী তথা তেওঁলোকৰ পৰিয়ালবৰ্গলৈ বাহিনীটোৰ প্ৰতিস্থা দিৱস উপলক্ষে শুভকামনা জ্ঞাপন কৰিছো। বীৰত্ব আৰু পেচাদাৰিত্বৰ ক্ষেত্ৰত চিআৰপিএফ সৰ্বজনবিদিত। ভাৰতৰ নিৰাপত্তা ব্যৱস্থাত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তদুপৰি ৰাষ্ট্ৰীয় সংহতিৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা নিতান্তই প্ৰশংসনীয়”।
Greetings to all courageous @crpfindia personnel and their families on the force’s Raising Day. The CRPF is known for its valour and professionalism. It has a key role in India’s security apparatus. Their contributions to further national unity are appreciable.
— Narendra Modi (@narendramodi) July 27, 2021


